• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল

ASSAMESE SECTION / Opinion

by Sanjeev Kumar Nath
February 20, 2024
in ASSAMESE SECTION, Opinion
Reading Time: 4 mins read
0
ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল
Share on FacebookShare on TwitterShare on LinkedIn

ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

বাতৰি কাকতত ওলোৱা এটা খবৰ অনুযায়ী যোৱা ৬ ফেব্রুৱাৰী মঙ্গলবাৰে ইণ্ডিগো এয়াৰলাইনছৰ এখন বিমান আকাশমার্গত থকাৰ সময়তে এজন মানুহে এটা ঢোলক বজাই “ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” গাবলৈ ধৰিলে আৰু কিছুমান অন্য  যাত্রীয়েও তেওঁৰ সৈতে ৰাম ভজন গাবলৈ আৰম্ভ কৰি এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিলে।

বিমানখনৰ পাইলট আৰু অন্য কর্মীসকলৰ বাবে এই হুলস্থূল নিয়ন্ত্রণ কৰা সহজ নাছিল কাৰণ  সেই ভজন বন্ধ কৰিবলৈ ক’লে ধর্মীয় চেতনাত আঘাত হনাৰ অভিযোগ উঠিব পাৰে, কিন্তু নিয়ন্ত্রণ নকৰিলেও বেছি হুলস্থূলৰ ফলত বিমানৰ প্রয়োজনীয় ঘোষণা আদি কৰাত ভীষণ অসুবিধা হ’ব।

ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল
ঢোলক বজাই “ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” গাবলৈ ধৰিলে ….

ইফালে বিমানত বহি থকা কোনো অ-হিন্দু যাত্রীয়ে এনে ধর্ম বা ভক্তি প্রদর্শনৰ বিৰুদ্ধে মাত মাতিলে আকৌ কাজিয়া পেচাল, মাৰ-পিট পর্যন্ত হ’ব পাৰে। আৰু এজন দুজন অসুখীয়া, দুর্বল যাত্রীয়োতো থাকিব পাৰে—যি কোনো মতে কষ্টেৰে যাত্রা কৰিছে, যাৰ স্বাস্থ্যৰ বাবে হুলস্থূল ক্ষতিকাৰক।

কিন্তু এনেবোৰ কথাৰ প্রতি সম্পূর্ণ আওকাণ কৰি সেই ৰামভক্ত ঢোলক বাদকে ঢোলক বজাই থাকিল আৰু “ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” গাই থাকিল, মুক্ত কণ্ঠে, যথেষ্ট ডাঙৰ শব্দ কৰি। অন্য কেবা গৰাকী যাত্রীয়েও তেওঁৰ দৰেই নীয়ম-নীতি উল্লংঘা কৰি বিমানৰ ভিতৰত চিঞৰি চিঞৰি ভজন কৰি থাকিল।

এয়া কি বাৰু?

এয়া নাৰদ, প্রহ্লাদৰ দৰে পৰাভক্তৰ ভক্তি নে শুকদেৱৰ দৰে জ্ঞান, নে কি?

নিজৰ ঘৰত বা মন্দিৰ আদিত তেওঁলোকে চিঞৰি চিঞৰি ভজন গাই থাকিব পাৰে; তাত কোনো বাধা নাই। কিন্তু আকাশত উৰি থকা এখন বিমানত?

বাতৰি কাকতত ওলোৱা খবৰটোৰ উপৰি এই ঘটনাটোৰ এটা সৰু ভিডিঅ’ ক্লিপিংও আছে। তাত বেচ ডাঙৰ ঢোলক এটা বজাই থকা দেখা গৈছে মানুহজনক। প্রশ্ন হয় সেইহেন আকৃতিৰ ঢোলকটো লগত লৈ তেওঁ কেনেকৈ সোমাল বিমানত?

নে ৰামৰ নামত সকলো সম্ভৱ নেকি ভাৰতবর্ষত? এক প্রকাৰৰ ৰাম-লাইচেঞ্চ?

বহুতৰ মতে বাল্মীকিৰ ৰাময়ণৰ ৰাম সেই মহাকাব্যৰ মূল নায়ক মাথোন, ৰজা দশৰথৰ সত্য-প্রতিজ্ঞ পুত্র, ব্রাহ্মণ্যবাদৰ ৰক্ষক, ক্ষত্রিয় বীৰ ৰাম। সর্বজন পূজিত ভগৱান নহয়। ক্ষত্রিয় বীৰ ৰামক অতি সজোৰে পৰমেশ্বৰ হিচাপে উপস্থাপন কৰা হ’ল ভাৰতৰ হিন্দী-বলয়ৰ অতি প্রিয় ধর্ম গ্রন্থ তুলসীদাসৰ ৰামচৰিতমানসত।

এই গ্রন্থৰ সুন্দৰ কাণ্ডত ৰাৱণৰ ৰাজসভাত যেতিয়া ৰাৱণে হনুমানক প্রশ্ন কৰে যে তুমি কাৰ বলত বলীয়ান হৈ ইমান উৎপাত কৰিলা, অশোক বন ধ্বংস কৰিলা, তেতিয়া উত্তৰত হনুমানে কয় যে তেওঁৰ প্রভূ ৰামচন্দ্রৰ বলতেই সমস্ত ব্রহ্মাণ্ডই গতি লাভ কৰিছে—যে ৰামচন্দ্র স্বয়ং পৰমব্রহ্ম পৰমেশ্বৰ।

ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল
তুলসীদাসৰ ৰামচৰিতমানস

বোধকৰো ৰামক সকলোৰে প্রিয় কৰাৰ প্রয়াসেৰেই তুলসীদাসে ৰামৰ সীতা-ত্যাগৰ কাহিনী আৰু শূদ্র নিগ্রহৰ কাহিনীক (উত্তৰ কাণ্ডত শূদ্র তপস্বী শম্বূকক ৰামে হত্যা কৰা) ৰামচৰিতমানসত স্থান নিদিলে। (অৱশ্যে তথাপিও কিছুমান পিছপৰা জাতিৰ সংগঠনে সময়ে সময়ে ৰামচৰিতমানসৰ শূদ্র-বিদ্বেষৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে।)

অৱশ্যে তুলসীদাসৰ ৰামচৰিতমানসত ৰামৰ কঠোৰ, বীৰোচিত স্বভাৱতকৈ মৰমীয়াল, কোমল স্বভাৱহে বেছি দেখা পোৱা যায়। তুলসীদাসে ৰচনা কৰা এটা বিখ্যাত ৰাম ভজন হৈছে “ঠুমক চলত ৰামচন্দ্র”। শিশু ৰামচন্দ্রৰ থুপুক-থাপাক খোজ-কাটল আৰু অকণমানি শৰীৰৰ শোভাৰ বর্ণনা কৰি তুলসীদাসে কৈছে যে ৰামৰ অপূর্ব সৌন্দর্যৰ তুলনা দিবলৈ সংসাৰত একোয়েই নাই, গতিকে ৰামৰ তুলনা কেৱল ৰামৰ সৈতেহে হ’ব পাৰে।

RAM 2 1

এই ভজনত তুলসীদাসে শিশু ৰামৰ যি ধৰণৰ লালিত্য, মাধুর্য, কোমলতা দেখুৱাইছে, ৰামচৰিতমানসৰ প্রাপ্তবয়স্ক ৰামৰ চৰিত্রতো সেই একে ধৰণৰ সুষমা, সৌম্যতা, কোমলতা, অনুগ্রতা দেখুউৱা হৈছে। হনুমানৰ প্রতি ৰামৰ কৃতজ্ঞতা, সুগ্রীৱ, বিভীষণৰ প্রতি তেওঁৰ স্নেহ আদি তুলসীদাসে অতি সুন্দৰকৈ দেখুৱাইছে।

তুলসীদাসৰ ৰামচৰিতমানস ভাৰতৰ হিন্দী বলয়ত অতি জনপ্রিয়, কিন্তু তুলসীদাসৰ শান্ত, সমাহিত, মৰমীয়াল, কৃতজ্ঞ ৰামৰ স্থান যেন আজি এক খঙাল, উগ্র ৰামে লৈছে। ঠিক সেইদৰে ৰামৰ পৰম ভক্ত হনুমানৰ ৰাম-প্রেমত গদগদ চৰিত্রতকৈ যেন আজিৰ এচাম ৰাম ভক্তই গুৰুত্ব দিয়ে বিধ্বংসকাৰী, মহা তাণ্ডৱহেন এক হনুমানক।

ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল
“এইট-পেকছ্” আদিৰে গঢ়া হনুমানৰ ছবি

চিত্রকাৰে অঁকা ৰাম আৰু হনুমানৰ চিত্রবোৰো সলনি হৈছে। ৰাম-ভক্তিত লীন পৰাভক্ত হনুমানৰ ছবিৰ স্থান লৈছে শৰীৰচর্চাবিদে প্রদর্শন কৰা শৰীৰৰ দৰে শক্তিশালী মাংস পেশী, “এইট-পেকছ্” আদিৰে গঢ়া হনুমানৰ ছবিয়ে। ৰামৰ মধুৰ, কোমল চেহেৰা সলনি হৈ মল্লযোদ্ধা বা শৰীৰচর্চাবিদৰ চেহেৰা হৈছেগৈ। ৰামৰ এই আধুনিক উগ্র ৰূপৰ গুৰিতে আছে এক অসহনশীল মনোভাৱ। অসহনশীল আৰু বেপৰোৱা।

“ৰঘুপতি ৰাঘৱ ৰাজা ৰাম” মহাত্মা গান্ধীৰো এটা অতি প্রিয় ভজন আছিল, কিন্তু মহাত্মা গান্ধীৰ ৰাম আৰু উৰন্ত বিমানত “ৰঘুপতি ৰাঘৱ” গাই হুলস্থূল কৰা আধুনিক ৰামভক্তৰ ৰাম জানো একেজন? মহাত্মা গান্ধীৰ ৰাম-ভক্তি আৰু আধুনিক বেপৰোৱা ভক্তৰ ৰাম-ভক্তি জানো একে?

ৰাম আৰু ৰামৰ আধুনিক ভক্তসকল

Images from different sources

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power
Climate Change

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

by Kakali Das
June 16, 2026
0

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power KAKALI DAS A young student in Guwahati...

Read moreDetails
Assam’s Leap Towards Equality: UCC Reforms Reshaping the State

Assam’s Leap Towards Equality: UCC Reforms Reshaping the State

June 16, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

June 9, 2026
The Illusion of Freedom: How Modern Society Controls Your Mind, Attention, and Choices

The Illusion of Freedom: How Modern Society Controls Your Mind, Attention, and Choices

June 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d