• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

Assamese Section

by Gautam Sarmah
December 2, 2025
in History, Remembrance
Reading Time: 2 mins read
0
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন
Share on FacebookShare on TwitterShare on LinkedIn

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

 গৌতম শৰ্মা

Gautam Sarma
 গৌতম শৰ্মা

(২ ডিচেম্বৰ ‘অসম দিৱস’ৰ চিন্তা)

 আজি ‘অসম দিৱস’।

পৃথিৱীৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰি বৰ অসমৰ ভেটি গঢ়োতা, অসম তথা উত্তৰ-পূব ভাৰতত শক্তিশালী আহোম ৰাজ্যৰ প্ৰাণ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ ৰাজ্যখনতে ১৯৮৭ চনৰ পৰা ‘অসম দিৱস’ বা ‘চুকাফা দিৱস’ হিচাপে পালন কৰি অহা হৈছে।

১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰখণ্ড তথা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে  এই দিৱসটি প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে।

      মধ্যযুগৰ অসমত প্ৰায় ছশ বছৰীয়া সুদীৰ্ঘ আহোম ৰাজত্বৰ পাতনি মেলোৱা চাওলুং চুকাফা আছিল এক অনন্য, অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী। অসীম সাহস, অদম্য আকাংক্ষা, অপৰাজেয় মনোবলেৰে অতব্য অৰণ্য, পৰ্বত-পাহাৰ অতিক্ৰম কৰি সম্পূৰ্ণ এখন অচিনাকি ঠাইত আহোম ৰাজ্যৰ দৰে এক শক্তিশালী ৰাজ্যৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাতেই মানুহজনৰ সফল জীৱনৰ সকলো কাহিনী উহ্য আছিল।

অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ চুকাফাই পোনপ্ৰথমে মৰাণ আৰু বৰাহীসকলৰ প্ৰতি লোৱা সম্প্ৰীতিৰ নীতিতেই তেওঁৰ ৰাজনৈতিক দূৰদৰ্শিতা আৰু কূটনৈতিক প্ৰতিভাৰ প্ৰথম পৰিচয় পৰিস্ফুট হৈছিল। দূৰদৰ্শী চুকাফাই এটা কথা ভালদৰে উপলব্ধি কৰিছিল যে এই দুইৰ স্থানীয় শক্তিৰ সহযোগিতাৰ অবিহনে এক স্থায়ী ৰাজ্য স্থাপন আৰু প্ৰতিপালন কেতিয়াও সম্ভৱপৰ নহ’ব।

সেয়েহে তেওঁ পোনতেই স্থানীয় লোকসকলৰ লগত যুজঁ-বাগৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সংস্কৃতি, ভাষা, ধৰ্ম, কৰ্ম আদি আয়ত্ব তথা আদৰ-সাদৰ কৰি তেওঁলোকৰ মাজৰে এজন হিচাপে নিজকে পৰিচয় দিবলৈ নিজকে সাজু কৰিছিল। 

     ইয়াকে কৰিবলৈ যাওঁতে তেওঁ জনজাতীয় লোকসকলৰ মাজত ঘূৰি ফুৰিছিল, তেওঁলোকৰ ভাষা শিকিছিল, তেওঁলোকৰ ধৰ্মবিশ্বাসক শ্ৰদ্ধা কৰিছিল, তেওঁলোকৰ কন্যাৰ পাণিগ্ৰহণ কৰিছিল (বিয়া কৰাইছিল), তেওঁলোকৰ দৰে সহজ-সৰল জীৱন-যাপন কৰিছিল আৰু নিজে নাঙল ধৰি খেতি কৰিছিল। স্থানীয় লোকসকলক তেওঁ নিজৰ সমাজৰ ভিতৰুৱা কৰি লৈ বিনাদ্বিধাই তেওঁলোকৰ আপোনত্ব আদায় কৰিবলৈ সক্ষম হৈছিল।

চুকাফা

চুকাফাৰ এনে সমিশ্ৰণ নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ স্বাভাৱিকতেই স্থানীয় লোকসকলে স্বতঃস্ফূৰ্তভাৱে আহোমসকলৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছিল।  আৰু এককথাত ক’বলৈ গ’লে তেতিয়াৰ পৰাই Ahomisation প্ৰক্ৰিয়াটোও ব্ৰহ্মপুত্ৰ উপত্যকাত আৰম্ভ হয়। যি প্ৰক্ৰিয়াইদি সমগ্ৰ উত্তৰ-পূবত অসম নামৰ এখন স্বতন্ত্ৰ শক্তিশালী ৰাজ্যৰ উত্থান ঘটি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

       পাটকাই পাৰ হৈ অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশৰ আগমুহূৰ্তত খামজাং অঞ্চলত চুকাফাই দুৰ্দান্ত নগাসকলৰ প্ৰতি লোৱা পাশৱিক নীতিয়ে তেওঁৰ নাম-কামত কলংক সানিছিল বুলি বহু ঐতিহাসিকে ক’ব খোজে। কিন্তু তেওঁৰ সেই কৰ্ম তথা আদর্শক মধ্যযুগৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ গ’লে তেনেই সাধাৰণ যেনেই অনুমান হয়; যিটো সেইসময়ৰ ৰাজতান্ত্ৰিকতাৰ অন্যতম এক প্ৰধান বৈশিষ্ট্য আছিল।

চুকাফা

চুকাফাই সেই পাশৱিকতাৰ আশ্ৰয় নোলোৱা হ’লে হয়তো তেওঁ অসমত প্ৰৱেশ কৰি আহোম ৰাজ্যৰ ভেটি বান্ধিব নোৱাৰিলেহেঁতেন। তদুপৰি সীমান্ত অঞ্চলৰ সেই দুৰ্ধৰ্ষ নগাসকলক স্থায়ীভাৱে নিজৰ বশলৈ আনি এক কঠোৰ নীতি প্ৰৱৰ্তন কৰাটো চুকাফাৰ বাবে সেইসময়ত এক বাস্তৱ প্ৰয়োজন আছিল। যি প্ৰয়োজনীয়তা বুকুত উহ্য আছিল ভৱিষ্যত এখন স্থায়ী শক্তিশালী আহোম ৰাজ্য প্ৰতিষ্ঠাৰ পথ প্ৰশস্ত কৰা।

      চুকাফা কেৱল এজন অসাধাৰণ বীৰ, সাহসী তথা দূৰদৰ্শী ৰাজনীতিজ্ঞই নাছিল, তেওঁ এজন দক্ষ প্ৰশাসকো আছিল। কোনো এক নতুন অঞ্চল জয় কৰাৰ পাছতেই তেওঁ সেই অঞ্চলটোত নিখুঁত শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ প্ৰতিও সচেষ্ট হৈছিল।

১২৫৩ চনত চৰাইদেউ পাহাৰত আহোম ৰাজ্যৰ স্থায়ী ৰাজধানীখন প্ৰতিষ্ঠাৰ পিছতেই তেওঁ পশ্চিমে নামদাং নদী পৰ্যন্ত বিস্তৃত হোৱা নকৈ স্থাপিত সমগ্ৰ আহোম ৰাজ্যখনৰ এক স্থায়ী প্ৰকৃতিৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ প্ৰয়াস কৰিছিল।

চুকাফা

নিজৰ আদি বাসস্থান মাওলুঙৰ আৰ্হিত চুকাফাই তেওঁৰ লগত অহা সম্ভ্ৰান্ত বংশীয় ব্যক্তি বুঢ়াগোহাঁই আৰু বৰগোহাঁইক পাত্ৰমন্ত্ৰী হিচাপে নিয়োগ কৰি ৰাজ্য পৰিচালনাৰ বহুখিনি ভাৰ অৰ্পণ কৰি ৰাজ্য বিস্তাৰৰ নীতিক আৰু অধিক ফলপ্ৰসূৰূপ দিছিল।

       এনেদৰেই অসীম ধৈৰ্য, দূৰ্জয় সাহস, প্ৰখৰ ৰাজনৈতিক দূৰদৰ্শিতা আৰু সুদক্ষ এক প্ৰশাসনিক ব্যৱস্থাই চুকাফাই এক মজবুত আহোম ৰাজ্যৰ ভেটি বান্ধিছিল। যিখন ৰাজ্যক তেওঁৰ পৰৱৰ্তী চুহুংমুং, প্ৰতাপসিংহ, চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ আদি প্ৰবল পৰাক্ৰমী আহোম ৰজাসকলে বিস্তাৰ আৰু উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছিল।

প্ৰতিজন অসমীয়াৰ পৰিচয় স্বদেশ আৰু স্বজাতিৰ একনিষ্ঠ সাধক, দুৰ্দান্ত বীৰ, নিৰ্ভীক দেশপ্ৰেমিক চাওলুং চুকাফাক এই বিশেষ দিনটোত আমি আজি তেওঁক অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০ ০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d