• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 16, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ৰাষ্ট্ৰীয় সন্মানৰ অপব্যৱহাৰ

পৰেশ বৈশ্য

by Anjan Sarma
August 8, 2023
in Opinion
Reading Time: 3 mins read
0
ৰাষ্ট্ৰীয় সন্মানৰ অপব্যৱহাৰ
Share on FacebookShare on TwitterShare on LinkedIn

ৰাষ্ট্ৰীয় সন্মানৰ অপব্যৱহাৰ

 পৰেশ বৈশ্য

Paresh Baishya
 পৰেশ বৈশ্য

ভাৰত চৰকাৰে ১৯৫৪ চনৰ পৰাই ৰাষ্ট্ৰৰ প্ৰতি অনবদ্য সেৱা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক ভাৰত ৰত্ন, পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰি আহিছে।

এতিয়ালৈকে ৪৮ গৰাকীয়ে ভাৰত ৰত্ন, ৩৩১ গৰাকীয়ে পদ্ম বিভূষণ, ১২৮৭ গৰাকীয়ে পদ্ম ভূষণ আৰু ৩২২৫ গৰাকীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে। এয়া নিশ্চয় যোগ্যজনৰ প্ৰতি এক উচিত সন্মান।

RelatedPosts

World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Flight Crash: Preliminary Report Reveals Fuel Shutdown in Both Engines

July 15, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025

সমাজ সেৱা, সাহিত্য- সংস্কৃতি, শিক্ষা, অসামৰিক সেৱা, চিকিৎসা,খেল, কলা, বিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰত  স্মৰণীয় অৱদান আগবঢ়োৱা সকলক এই সন্মান যচা হয়।

কেতিয়াবা এই সন্মানৰ বাবে বাছনি কৰা দুই এজনৰ ক্ষেত্ৰত ভিতৰি ভিতৰি নাগৰিকে বু-বা কৰে যদিও এই সন্মানৰ বাবে নিৰ্বাচিত সকলক মূকলিভাৱে সমালোচনা কৰা অৱশ্যে শুনা নাই। অৱশ্যে কেবাজনো ব্যক্তিয়ে সন্মান দিয়াৰ পাছতো প্ৰত্যাখ্যান কৰাৰ নজিৰ আছে। ইমানলৈ ঠিকেই আছে। 

        কিন্তু এতিয়া দেখা যায় যে পদ্মশ্ৰী বা তেনে সন্মানৰ অধিকাৰী হোৱা কিছুমান লোকৰ নামৰ আগত বা পিছত সেই সন্মানটোৰ উল্লেখ থাকে। সাধাৰণতে সভা-সমিতিৰ চিঠি আদিত প্ৰায়েই এই কথাটো প্ৰত্যক্ষ কৰা হয়। যেনে বিশিষ্ট অতিথি পদ্মশ্ৰী অমুক। তেনে সন্মান লাভৰ পাছত সেইটো বহুতৰ বাবে এটা উপাধি হৈ পৰে।

আচলতে তেনে সন্মানৰ অধিকাৰী হোৱা কোনেও নামৰ আগত বা পিছত সেই সন্মানটো উল্লেখ কৰিব নোৱাৰে। কিন্তু কেতিয়াবা ব্যক্তিজনে নিজে নকৰিলে আনে তেওঁৰ নামৰ আগত উল্লেখ কৰি দিয়ে।

“এতিয়া দেখা যায় যে পদ্মশ্ৰী বা তেনে সন্মানৰ অধিকাৰী হোৱা কিছুমান লোকৰ নামৰ আগত বা পিছত সেই সন্মানটোৰ উল্লেখ থাকে। সাধাৰণতে সভা-সমিতিৰ চিঠি আদিত প্ৰায়েই এই কথাটো প্ৰত্যক্ষ কৰা হয়। যেনে বিশিষ্ট অতিথি পদ্মশ্ৰী অমুক। তেনে সন্মান লাভৰ পাছত সেইটো বহুতৰ বাবে এটা উপাধি হৈ পৰে। আচলতে তেনে সন্মানৰ অধিকাৰী হোৱা কোনেও নামৰ আগত বা পিছত সেই সন্মানটো উল্লেখ কৰিব নোৱাৰে। কিন্তু কেতিয়াবা ব্যক্তিজনে নিজে নকৰিলে আনে তেওঁৰ নামৰ আগত উল্লেখ কৰি দিয়ে।  সভা- সমিতিত তেনে ব্যক্তিক পৰিচয় কৰি দিওঁতে পদ্মশ্ৰী অমুক বা পদ্ম বিভূষণ অমুক বুলি কোৱা শুনি আহিছোঁ। তেনে সন্মান অধিকাৰী দুই এজনৰ ঘৰৰ দেৱালত পদ্মশ্ৰী অমুক বুলি নাম ফলক আঁৰি থোৱা কথাও শুনা যায়।”

 সভা- সমিতিত তেনে ব্যক্তিক পৰিচয় কৰি দিওঁতে পদ্মশ্ৰী অমুক বা পদ্ম বিভূষণ অমুক বুলি কোৱা শুনি আহিছোঁ। তেনে সন্মান অধিকাৰী দুই এজনৰ ঘৰৰ দেৱালত পদ্মশ্ৰী অমুক বুলি নাম ফলক আঁৰি থোৱা কথাও শুনা যায়।। 

       এতিয়া আচল কথালৈ আহোঁ। আচলতে ভাৰত চৰকাৰৰ  ভাৰত ৰত্ন বা পদ্মশ্ৰী আদিৰ ক্ষেত্ৰত সুস্পষ্ট নিয়ম আছে। সেই অনুসৰি তেনে সন্মান প্ৰাপকে কেতিয়াও নিজৰ নামৰ আগত তেনে সন্মান উপাধিৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে। তেনে সন্মান প্ৰাপকসকলক ভাৰত চৰকাৰে এই বিষয়ক নিৰ্দেশাৱলী লগে প্ৰেৰণ কৰে।

ৰাষ্ট্ৰীয় সন্মানৰ অপব্যৱহাৰ

আনকি এনে সন্মানৰ অপব্যৱহাৰৰ হেতুকে কথাটো উচ্চতম ন্যায়ালয় মজিয়া পাইছিল। উচ্চতম ন্যায়ালয়েও তেনে সন্মান প্ৰাপকসকলক নিজৰ নামৰ আগত বা পিছত তেনে সন্মানবোৰ উপাধি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কৈ হৈছে।

আনকি ভাৰত চৰকাৰে এই সন্মান কেইটা প্ৰতিষ্ঠা কৰোঁতেই প্ৰস্তুত কৰা নিৰ্দেশনাত এই কথাটো স্পষ্টকৈ উল্লেখ কৰি থৈছে। তেনে নিৰ্দেশনাৰ ধাৰা ১০ অনুসৰি এই সন্মানৰ অপব্যৱহাৰ কৰিলে তেনে সন্মান ৰাষ্ট্ৰপতিয়ে ঘূৰাই ল’ব পাৰে বা তেনে সন্মান বাতিল কৰিব পাৰে।  

ভাৰতীয় সংবিধানৰ Article 18(1) মতেও এয়া বেআইনী।  ২০১৬ চনত লোকসভাত এই বিষয়টোৰ ওপৰত এগৰাকী সাংসদে কৰা এটি প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ মন্ত্ৰীয়ে দিয়া উত্তৰত কথাটো পুনৰ স্পষ্ট হৈ পৰে।

ৰাষ্ট্ৰীয় সন্মানৰ অপব্যৱহাৰ

লোকসভাৰ তৰাবিহীন প্ৰশ্ন নম্বৰ ২৫৩৬ ৰ উত্তৰত ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সদনক এইদৰে জনাইছিল: ” The Hon’ble Supreme court of India, in its judgement dated December 15,1995 in Transferred case ( civil ) No. 9 of 1994 inter-alia directed that the national award such as Bharat Ratna, Padma Vibhushan, Padma Bhushan and Padma Shri should not be used as prefixes or suffixes and if this is done, the defaulter should forfeit the national award conferred on him or her by following the procedure laid down in regulation 10 of each of the four notifications creating these awards…….”  

          আমাৰ অসম চৰকাৰেও অসমত অসমৰত্ন,অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী আদি সন্মান‌ প্ৰদান কৰিবলৈ লৈছে। এইবোৰ সন্মান ভাৰত চৰকাৰৰ ভাৰত ৰত্ন, পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰীৰ আৰ্হিতেই কৰা যেন লাগে।

এই সন্মান প্ৰতিষ্ঠাৰ সময়ত তেনে সন্মানবোৰ নামৰ আগত পিছত উপাধি হিচাপে ব্যৱহাৰ কৰিব পাৰিব নে নোৱাৰিব সেই বিষয়ে কিবা বিধি অসম চৰকাৰৰ আছে যদি অৱশ্যে জানিব পৰা নাই। আমি ভাবোঁ যদি অসম চৰকাৰে এই ক্ষেত্ৰত বিশেষ নীতি কৰা নাই, তেন্তে ভাৰত চৰকাৰৰ আৰ্হিত একে নীতি লোৱা উচিত।

08-08-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

World War III: Could Water Be the Spark?
Climate Change

World War III: Could Water Be the Spark?

by Nilim Kashyap Barthakur
July 15, 2025
0

World War III: Could Water Be the Spark? NILIM KASHYAP BARTHAKUR Nilim Kashyap Barthakur Water, the essence of life, is...

Read moreDetails
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Flight Crash: Preliminary Report Reveals Fuel Shutdown in Both Engines

July 15, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

July 12, 2025
woman wearing gold colored bangle and mehndi

Why are Indians obsessed with spending so much on weddings?

July 12, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12804 shares
    Share 5121 Tweet 3201
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    597 shares
    Share 239 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1620 shares
    Share 648 Tweet 405
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1282 shares
    Share 513 Tweet 321
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3232 shares
    Share 1293 Tweet 808
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5670 shares
    Share 2268 Tweet 1418
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2262 shares
    Share 905 Tweet 566
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    994 shares
    Share 398 Tweet 249
  • মিচিং সমাজ আৰু সংস্কৃতি

    2997 shares
    Share 1199 Tweet 749
  • ছাৰ ধীৰেন্দ্ৰ তালুকদাৰক সদায় পাই থাকিম ‘বজালীৰ শব্দকোষ’ৰ পৃষ্ঠাসমূহত

    104 shares
    Share 42 Tweet 26
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d