• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ৰাৱণে সীতাক হৰণ কৰিছিল, ৰামে অনশন কৰা নাছিল

-অঞ্জন শৰ্মা

by Anjan Sarma
June 16, 2021
in History, National, World
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-অঞ্জন শৰ্মা |

উভতি চাওঁ: (১৯৮২ চনত জানুৱাৰী মাহৰ ‘মহাবাহু’ আলোচনীত প্ৰকাশিত)

   খৰিকাৰে দবা কোবোৱা আৰু গান্ধীবাদী মহাপুৰুষ হৈ অসমৰ সমস্যা সমাধান কৰা, দুয়োটা একেই কথা। অৰ্থাৎ, আজিৰ এই বিংশ শতাব্দীৰ শেষাৰ্দ্ধত গান্ধীবাদী হৈ যদি সমস্যা (প্ৰধানত: মৌলিক সমস্যা) সমাধান কৰিব পাৰি, জাখৈৰে সাগৰৰ দৈত‍্য তিমিমাছকো ধৰিব পাৰি। সেয়েই অতীৱ গুৰুত্বপূৰ্ণ এই সংগ্ৰামী শতিকাৰ অংগ সাম্প্ৰতিক কালছোৱাৰ পিৰালীত বহি পৰিস্থিতি অধ্যয়ন কৰি থকা সচেতন ব‍্যক্তিসমূহৰ মাজৰ এগৰাকী ব‍্যক্তি হিচাপে শ্ৰী সুৰেন্দ্ৰনাথ মেধি(প্ৰখ্যাত সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম/এতিয়া স্বৰ্গীয়)য়ে শাৰদীয় সংখ্যা মহাবাহু আলোচনীত প্ৰকাশিত তেখেতৰ এটি বিতৰ্কমূলক প্ৰৱন্ধ “সত‍্যাগ্ৰহ এপাত অস্ত্ৰ নহয়”ৰ শেহছোৱাত সচেতন পাঠকসকললৈ বুলি এই প্ৰশ্নসমূহ কৰিছে- “হাতত ৰাইফল লৈ বীৰদৰ্পে গাঁৱৰ তিৰোতা ধৰ্ষণ কৰি ফুৰা ভাৰতীয় সৈন‍্যবাহিনী অন‍্য কিবা নে? মিছা কথা প্ৰচাৰ কৰি ফুৰা বাতৰি প্ৰতিষ্ঠান, বাতৰি কাকত আৰু ৰাজনৈতিক নেতা (যাৰ ফলত আন্দোলন ব‍্যাহত হৈ আছে) প্ৰতিৰোধৰ ঊৰ্দ্ধত থকা কিবা ভয়লগা বস্তু নে, এইবোৰ আইন-আদালতৰ গন্ডীৰ বাহিৰত নে?”

     সন্দেহ নাই, এনেবোৰ প্ৰশ্ন সাম্প্ৰতিক কালছোৱাত গান্ধীৰ মৃতদেহটো কান্ধত লৈ অতি নিষ্ঠাৰে নিৰামিষ পথেৰে ঘূৰি ফুৰা অহিংসাপ্ৰেমী গান্ধীবাদী সাত্বিক সত‍্যাগ্ৰহীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত প্ৰশ্ন। কিন্তু এই প্ৰশ্নবোৰ গুৰুত্বপূৰ্ণ বুলি কোনোবাই প্ৰশ্নবোৰৰ প্ৰতি গুৰুত্ব দিয়ক বা নিদিয়ক, বিতৰ্কমূলক বুলি কওক বা নকওক, এই প্ৰশ্নবোৰে পিছে এইকথা ষ্পস্টভাৱে আঙুলিয়াই দিছে যে আমাৰ চকুৰ সন্মুখতে আমাৰ সহজ-সৰল মাতৃ-ভগ্নীসকলৰ সতীত্ব নষ্ট কৰা অসভ‍্য বৰ্বৰ ভাৰতীয় জোৱানৰ হাতত ৰাইফল-ষ্টেনগান থাকিল বুলিয়েই তেওঁলোক অজৰ-অমৰ অমৃতৰ পুত্ৰ হ’ব নোৱাৰে, প্ৰতিৰোধৰ উৰ্ধ্বত থকা কল্পনাৰ জগতৰ কোনো ঐশ্বৰিক বাহিনীও হ’ব নোৱাৰে। হাতত লাঠী লৈয়ে য’তে ত’তে যধে-মধে তিৰোতা-গাভৰুৰ ওপৰত, নিৰীহ অস্ত্ৰহীন ছাত্ৰৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা মাতাল-পাষন্ড চি-আৰ-পি বাহিনীও হ’ব নোৱাৰে প্ৰতিৰোধৰ ঊৰ্দ্ধত থকা ভয়ংকৰ  দৈত‍্য-দানৱ। এইবোৰ কথা পিছে গান্ধীবাদীয়ে ধকয়। কিন্তু এনেবোৰ কথা নকলেও অহিংসাৰ পূজাৰীসকলে যদি ফুচ্ফুচাই এনেকৈও কয় যে এই ভাৰতীয় সৈন্য আৰু চি-আৰ-পি দৰাচলতে ঘিণলগা পশু, তেতিয়াও কথাষাৰক পৰিস্থিতিলৈ চাই অলপ গুৰুত্ব দিব পাৰি। সচাঁ অৰ্থত, বৰ্তমানৰ ৰাজনৈতিক পথাৰত ‘আদৰ্শ’গত কাৰণতেই এনেদৰেও পিছে কোৱা হোৱা নাই। কাৰণ গান্ধীমাৰ্কা অহিংসাৰ মূল ব‍্যাখ‍্যাৰ সাৰ হ’ল এয়ে যে নৈতিক, উন্নত নৈতিক শক্তিৰেহে জিনিব লাগিব শত্ৰুৰ হৃদয়ক, প্ৰতিৰোধ কৰিব লাগিব শত্ৰুৰ মাজত লুকাই থকা দৈত‍্যটোক।

সেইবাবেই গান্ধীবাদী আদৰ্শকেই জীৱনৰ মহামন্ত্ৰ বুলি ধৰি লৈ খৰ্গেশ্বৰ-দিলীপহঁতৰ মৃত্যুত শোক প্ৰকাশ কৰি বুকুত ক’লা বেজ মাৰি অতি নিৰামিষ হৈ থমথম মদন গোপালৰ দৰে বহি থকা, অনশন কৰি থকা, ‘গৰিহণা’ দি থকা, গীতা-কোৰাণ-বাইবেল পাঠ কৰি ভকত হৈ থকা, শ্ৰাদ্ধ খাই থকা ‘লাচিত’ৰ ভনীয়েকক, মাকক, পেহীয়েকক, মাহীয়েকক, খুৰীয়েকক, বায়েকক, যেতিয়া বৰ্বৰ ভাৰতীয় সৈন্যই শৰীৰৰ সমস্ত শক্তিৰে বীভৎসভাৱে কচি কচি পশুৰ দৰে ধৰ্ষণ কৰি মজিয়াৰ মাটি তেজেৰে কৰি দিলে লেটি-পেটি, স্তনযুগল ক্ষত-বিক্ষত কৰি দিলে দাঁতেৰে কামুৰি- ‘লাচিত’ৰ কোনো পৰিৱৰ্তন দেখা নগ’ল ভাৱ-ভংগীত, লাচিতে মাথো চাই গ’ল নিৰুদ্বেগচিত্তে! আনকি ‘অজ্ঞতা’ৰ দোষত কোনোবা উগ্ৰপন্থী সৰু ভায়েকে যদি ধানকটা কাচিখনেৰে ভাৰতীয় সৈন‍্যৰ নেলু ৰেপি ৰেপি কাটিম বুলি ভাবিও আছিল, তাকো নিৰস্ত্ৰ কৰি লাচিতে মাথো ক’লে-‘আত্মসংযমী হোৱা। এই সকলোবোৰ মায়াহে মাথোন। ভাৰতীয় সৈন্যই এদিন নহয় এদিন তেওঁলোকৰ নৈতিক অধ:পতধৰ কথা গম পাবই পাব।’

    পিছে, অসমত লাচিতে যিমানেই সাত্বিক হৈ বহি নাথাকক কিয়, যিমানেই নৈতিকতাৰ কথা কৈ নাথাকক কিয়, অসমৰ বাহিৰত বহুতেই ভাবিছে, অসমীয়া এটা জাতি হয় নে? অসমীয়া মানুহৰ শৰীৰত তেজ বোলা বস্তুটো আছে নে? লাচিতৰ কথা কৈ গৰ্ব কৰা অসমীয়াসকল সঁচাই বীৰপুৰুষ হয় নে? অসমীয়াই প্ৰতিৰোধ শব্দটো কাহানিবা শুনিছে নে? সমগ্ৰ বিশ্বৰ সচেতন তথা দেশ-বিদেশৰ খবৰ লৈ থকা মানুহসকলে ভাবিছে-নিজৰ চকুৰ সন্মুখতেই নিজৰ মাকক, ভনীয়েকক ধৰ্ষণ কৰি তেজ বোৱাই দিয়াৰ পিছতো অসমীয়া মানুহ কিয় এতিয়াও হৈ আছে ইমান নিৰামিষ, ভীৰু-কাপুৰুষ? য’তে-ত’তে বিনাবিচাৰে নিৰ্দয়ভাৱে ছাত্ৰ-কৰ্মচাৰীক প্ৰহাৰ কৰা চি-আৰ-পি বাহিনীক ‘লাজ’ দিবলৈ অসমীয়া মানুহে এতিয়াও কিয়কৰি আছে অনশন? ভাবিছে, চি-আৰ-পিৰ চকুত মাৰিবলৈ অসমীয়া মানুহৰ হাতত কি জলকীয়া গুড়ি অলপো নাথাকেনে? পূৰ্বতে উল্লেখ কৰা প্ৰৱন্ধত শ্ৰী সুৰেন্দ্ৰনাথ মেধিয়েও প্ৰশ্ন কৰিছে- “তৰুণ ছাত্ৰ-ছাত্ৰী অহিংস গান্ধীবাদী মহাপুৰুষ হ’ব পাৰে নে? এইটো তেওঁলোকৰ তেজৰ ক্ৰিয়াৰ, যৌৱনৰ বিপৰীতে যোৱা অস্বাভাৱিক কথা নহয় নে? বিপ্লৱী বেপৰোৱা ভাবধাৰা যিটো বয়সত সহজাত, সেই বয়সত তাৰুণ‍্যৰ প্ৰচন্ড শক্তি বটলত ঠিলা দি থৈ ডেকা-গাভৰু একো-একোটা মিনি গান্ধী হৈ লাঠীৰ কোব খাবলৈ জুম বান্ধি সত‍্যাগ্ৰহ কৰি ৰৈ আছে, এইটো কি ধৰঢৰ দৃশ্য? আৰু আমি পাহৰি যাওঁ কিয় যে ডেকা বয়সত মোহনদাস গান্ধী ‘মহাত্মা গান্ধী’ নাছিল?” এই প্ৰশ্নসমূহ মাথো প্ৰশ্নই নহয়, এই প্ৰশ্নসমূহ আজিৰ এই বিৰাট ব‍্যাপক গণ আন্দোলনৰ নেতৃত্ব বহন কৰাসকলৰ বাবে এক প্ৰচন্ড প্ৰত‍্যাহ্বান আৰু অসমীয়া জাতিৰ বাবে অতি চিন্তনীয় বিষয়ৰ উৎস নিৰ্দেশক ইংগিত। শ্ৰীসুৰেন্দ্ৰনাথ মেধিয়ে আৰু লিখিছে- “অহিংস’, ‘অহিংস’ বুলি দোহাৰি থকাৰ ফলত মানুহৰ মন নিস্তেজ হৈ গৈছে, মানুহৰ বিবেচনা-বুদ্ধি বিভ্ৰান্ত হৈ গৈছে, ঘৰৰ মাইকী মানুহখিনি ধৰ্ষণ কৰি থৈ গ’লেও মানুহ অহিংস হৈ বহি আছে। ভোদা অসমীয়া মানুহে বুজি নাপায় যে মুখেৰে আমাক ‘সুশৃংখল, অহিংস, গান্ধীবাদী’ বুলি বাহ্ বাহ্ দিলেও আমি এটা নপুংসক জাতি। অন‍্য কোনো ঠাইৰ মানুহে এনেদৰে অহিংস গান্ধীবাদৰ নামত নিজৰ নাৰী সমাজক অত‍্যাচাৰৰ বলি হ’বলৈ নিৰ্বিকাৰভাৱে এৰি নিদিয়ে…..। নিজৰ তিৰোতা মানুহখিনিক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰো, তেন্তে আন্দোলন কৰাৰো অধিকাৰ আমাৰ নাই…।”

     সচাঁ কথা, গান্ধীবাদ আজি হৈ পৰিছে শাসকৰ বিশ্বস্ত সহচৰ। ‘অহিংসা’ নীতিও হৈ পৰিছে দিল্লীপতিসকলৰ বাবে মিঠাপট্টি মিঠা পাণ। তথাপি এই সত‍্যক আমি এতিয়াও উপলব্ধি কৰিব পৰা নাই। আমি গমকেই পোৱা নাই যে আমি অহিংসা, অহিংসা বুলি যিমানেই চিঞৰি নভৰো কিয়, পশ্চিমৰ প্ৰচন্ড পচোৱাই এইবোৰ একোকে নাচায়। তদুপৰি সেইজন মহাত্মা গান্ধী, যিজন মহাত্মা গান্ধী*অৱশ্যে তেতিয়া তেখেতৰ নাম মোহনদাস কৰমচাঁদ গান্ধীহে আছিল)য়ে বিলাতত ‘চাহাব’ হ’বলৈ ব‍্যৰ্থ চেষ্টা কৰি ‘চাহাব’ৰ দ্বাৰা অপমানিত হৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক ৰঙ্গমঞ্চত আৱিৰ্ভূত হৈছিল আঠুৰ মূৰত চুৰিয়া পিন্ধি নঙঠা ফকীৰ হৈ, দেহত ‘অহিংসা’ নামৰ এখন ধোঁৱাময় বস্ত্ৰ লৈ- তেখেতৰ ‘আদৰ্শ’ৰ গুটিটোৰ পৰা আজিৰ এই শতিকাত কোনো সমস্যাজৰ্জৰিত দেশত লহপহীয়া গছ এদাল সৃষ্টি হ’ব, সেই গছজোপাৰ তলত বহি দেশখনৰ সকলো মানুহে বিশুদ্ধ অন্তৰেৰে ৰামধুন গাব, শোষণ-বঞ্চনা-অত‍্যাচাৰ সমূলি নাইকিয়া হ’ব- এনে এটা ধাৰণা সম্পূৰ্ণ অবান্তৰেই মাত্ৰ নহয়, বৰঞ্চ ক্ষতিকাৰকো। বিলাতৰ পৰা, আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ ঘূৰি আহি, ভাৰতবৰ্ষৰ অজ্ঞ নিৰক্ষৰ লক্ষ লক্ষ জনসাধাৰণৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত হৈ থকা হিন্দু ধৰ্মৰ ভিত্তিৰ ওপৰত, কাঠামোৰ ওপৰত মহাত্মা গান্ধীয়ে আঠুৰ মূৰত চুৰিয়া পিন্ধি আৰু হাতত লাখুটিদাল লৈ যি সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক দৰ্শনৰ পোহৰ সিচি দিছিল, সেই পোহৰৰ মূল অন্তৰ্নিহিত ব‍্যাখ‍্যা হ’ল- বলপ্ৰয়োগ কাৰো বিৰুদ্ধেই কৰিব নাপায়, কৰিলে নৰকগামী হয়। ‘টলষ্টয়বাদৰ কিছু অংশৰ লগত এই শাস্ত্ৰবাক‍্য মিলাই দিয়াৰ ফলত গান্ধীবাদৰ মাজত একধৰণৰ অদ্ভুত সত‍্যানুসন্ধানে দেখা দিয়ে; ইয়াত দেখুওৱা হয় যে সত্য আৰু ন‍্যায় উপলব্ধি কৰাৰ পথ হ’ল প্ৰেম, আত্মত‍্যাগ আৰু নিৰ্যাতন ভোগ।’ কিন্তু হিন্দু ধৰ্ম, যি হিন্দু ধৰ্মৰ কাঠামোৰ ওপৰত থিয় দি মহাত্মা গান্ধীয়ে সত্য আৰু ন‍্যায় উপলব্ধি কৰিবলৈ প্ৰেম, আত্মত‍্যাগ আৰু নিৰ্যাতন ভোগৰ কথা কৈছিল, অৰ্থাৎ ‘অহিংসাই পৰম ধৰ্ম’ বুলি কৈছিল, সেই হিন্দু ধৰ্মও ‘কাম-ক্ৰোধ-লোভ-মোহ-মদ-মাৎসৰ্য’- ছয়টা ৰিপুৰ পৰা মুক্ত নহয়। তাৰেই প্ৰমাণ হিচাপে ৰামায়ণ আৰু মহাভাৰতলৈ আঙুলিয়াব পাৰি। ক’ব পাৰি, ৰাৱণে সীতাক হৰণ কৰিছিল, ৰামে অনশন কৰা কৰা নাছিল। কৌৰৱে পঞ্চপান্ডৱক অজ্ঞাতবাসলৈ পঠিয়াইছিল, পান্ডৱে উভতি আহি যুদ্ধ কৰিছিল, ভীমে দু:শাসনৰ ৰক্তপান কৰিছিল। ‘ভগৱান’ হৈও শ্ৰীকৃষ্ণই যুদ্ধক্ষেত্ৰত নামিছিল, মন্ত্ৰণা দিছিল, অস্ত্ৰ লব নোখোজা অৰ্জুনকো হাতত অস্ত্ৰ তুলি দিছিল। এনেধৰণৰ অজস্ৰ ঘটনা লিপিৱদ্ধ হৈ থকা হিন্দু ধৰ্মৰ এই মহান গ্ৰন্থ দুখন যিয়ে পঢ়িছে, সি নিশ্চয় জানে যে গান্ধীৰ ‘নিষ্ক্ৰিয় প্ৰতিৰোধ’ মাথো দুটা শব্দৰ বাহিৰে অন‍্য একো নহয়। শ্ৰী মেধি ডাঙৰীয়াই লিখিছে- “মূলত:, নিষ্ক্ৰিয় প্ৰতিৰোধৰ ধাৰণাটোৱেই অ-ভাৰতীয়। এইটো ৰাস্কিন, টলষ্টয় আদিৰ লিখনীৰ পৰা লোৱা, বিজতৰীয়া গুটি এটা ভাৰতৰ মাটিত ৰোৱাৰ অপচেষ্টা।”

       টলষ্টয়বাদৰ বিষয়ে লেনিনে স্পষ্টভাৱে এইকথা কৈছিল যে- “প্ৰকৃত ঐতিহাসিক বিষয়ৰ বস্তুৰ পৰা চাবলৈ গ’লে টলষ্টয়বাদ হ’ল প্ৰাচ‍্য সমাজৰ, এচিয়াটিক সমাজৰ মতবাদ। ইয়াৰ পৰাই দেখা দিছে অন‍্যায়ৰ বিৰুদ্ধে ‘প্ৰতিৰোধ নকৰা’ৰ যুক্তি, প্ৰগাঢ় নৈৰাশ‍্যবাদ, ‘সকলোৱেই মায়া’, ‘বাস্তৱ বস্তু একো নাই’, ইত্যাদি চিন্তা।” কিন্তু টলষ্টয়বাদৰ মাজতো ৰাচিয়াৰ কৃষকসমাজৰ যি ক্ৰোধ আৰু স্পত:স্ফুৰ্ত প্ৰতিবাদ দেখা যায়, সেয়া গান্ধীবাদত সম্পূৰ্ণভাৱে অনুপস্থিত। গান্ধীবাদৰ বক্তব্য হ’ল-নিৰ্দোষ জনসাধাৰণে চৌদিশে হেজাৰ-বিজাৰ হত‍্যাকাৰীক দেখিও মানসিক ধৈৰ্য বজাই ৰাখিব লাগিব, নিৰ্যাতন ভোগ কৰিব লাগিব, ‘প্ৰতিৰোধ’ শব্দটো সংগ্ৰামৰ অভিধানৰ পৰা মচি দিব লাগিব, ফাচিকাঠক জীৱনৰ মহান মহত্ব বুলি ধৰি লৈ ইয়াক সাধাৰণ বস্তু হিচাপে গ্ৰহণ কৰিব লাগিব, শত্ৰুৰ বিৰুদ্ধে বল প্ৰয়োগ কৰিব নালাগিব, ইত্যাদি ইত্যাদি অজস্ৰ বাৰে ভচহু কথা। গান্ধীবাদৰ কথা কৈ, গান্ধীৰ কথা কৈ, নিষ্ক্ৰিয় প্ৰতিৰোধৰ কথা কৈ এই আলোচনা বহলোৱাৰ উদ্দেশ্য আমাৰ নাই। কিন্তু এইকথা পুনৰ আমি উল্লেখ কৰিবই লাগিব যে যি হিন্দু ধৰ্মৰ বুনিয়াদৰ ওপৰত গান্ধীবাদে শিপা মেলিছিল, সেই হিন্দুধৰ্মই অহিংসাৰ কথা গান্ধীৰ দৰে নকয় আৰু এই সময়ত, এই শতিকাত গান্ধীৰ মতবাদ এক ভ্ৰান্ত ধাৰণাৰ বাহিৰে আন একো নহয়।

   কিন্তু এই শতিকাত গান্ধীৰ মতবাদ যে এক ধোঁৱাময় ধাৰণাৰ বাহিৰে আন একো নহয়, সেয়া মানিবলৈ বহুতেই টান পায়। আজিও বহুতৰে ধমনীয়ে ধমনীয়ে প্ৰৱাহিত হৈ আছে গান্ধীবাদী কণিকা‌ অহিংসাৰ পূজাৰী এইসকল মানুহে এতিয়াও উপলব্ধি কৰাই নাই বা উপলব্ধি কৰাৰ চেষ্টাই কৰা নাই যে মৃতদেহৰ ওপৰত ‘অহিংসা’ৰ মঞ্চ সাজি গণতন্ত্ৰৰ বিষয়ে বৰ বৰ বক্তৃতা দিয়াসকলে গান্ধীবাদ কেতিয়াবাই জলাঞ্জলি দিছে, মাত্ৰ নিজৰ তথা দলীয় স্বাৰ্থ সিদ্ধিৰ বাবেহে গান্ধীবাদক নিজৰ কামত খটুৱাই আছে, ‘অহিংসাই পৰম ধৰম’ বুলি কৈ আছে। কিন্তু প্ৰকৃততে ঘটি আছে কি? এপিনে লাঠি, গুলি, চি-আৰ-পি, মিলিটাৰী, কাৰ্ফু, হত্যা, ১৪৪ ধাৰা, নিবাৰক নিৰোধ আইন, অশান্ত অঞ্চল আইন, কাৰাগাৰ, য’তে ত’তে অত‍্যাচাৰ, আৰু আনপিনে সেই একেখিনি মানুহেই কয়, ‘গান্ধীয়ে কৈছিল- প্ৰতিৰোধ নকৰিবা, কাৰো বিৰুদ্ধেই বল প্ৰয়োগ নকৰিবা।’ এই যি চল-চক্ৰান্ত, গান্ধী টুপী পিন্ধি গান্ধী হৈ দুটা খেল খেলি মানুহক কৰি থকা প্ৰৱঞ্চনা, মানুহে এতিয়াও গমেই পোৱা নাই। ভাবি আছে মানুহে, দিল্লীত শ ৱ গান্ধী আজিও আছে। সেইবাবেই দেখা যায়, গান্ধীবাদী অস্ত্ৰ প্ৰয়োগৰ জৰিয়তে দিল্লীৰ শ শ গান্ধীৰ চকুলো নিগৰোৱাৰ অহৰহ চেষ্টা অনশন, সত‍্যাগ্ৰহ, গৰিহণা, বিবৃতি, শোক দিৱস, শ্বহীদ দিৱস, মৌন শোভাযাত্ৰা, শেষ সকীয়নি ইত‍্যাদিৰ জৰিয়তে। এইবোৰক যে আজি কোনেও গুৰুত্ব নিদিয়ে, সেয়া বুজিবলৈ কাৰোবাৰ বাকী আছেনে?

         ফিজোই ঠিকেই কৈছিল যে-‘যেতিয়া বিদেশী লোক কিছুমান আহি আমাৰ মানুহবোৰক অত‍্যাচাৰ কৰিব,, আমাৰ মাতৃ-ভগ্নীসকলক ধৰ্ষণ কৰিব, তেনে ক্ষেত্ৰত আমি কিদৰে মনে মনে থকা সম্ভৱ? এইবোৰ কথা কৈছিল বাবেই, নাগাজাতিক যুঁজাৰু জাতি কৰি তুলিছিল বাবেই ফিজো ‘দেশদ্ৰোহী’; কিন্তু গান্ধীটুপী পিন্ধি অহিংসাৰ কথা কৈ ফুৰা দিল্লীপতি সকলে আৰু তেওঁলোকৰ লিটিকাইসকলে লগ হৈ দুলীয়াজানত, গুৱাহাটীত, উ: লক্ষীমপুৰত আৰু বহুতত গুলীচালনা কৰি এজনৰ পিছত এজনকৈ হত্যা কৰি থাকিলেও তেওঁলোক ‘দেশপ্ৰেমী’। এই ‘দেশপ্ৰেমী’সকলে তেওঁলোকে ভুল কৰিলেও আমি অনশন কৰি এওলোকক শুধৰাই দিব লাগিব, কিন্তু ফিজোক ধৰিব পাৰিলে ফাচি দিব লাগিব- এয়া গান্ধীৰ মতবাদৰ ভিতৰুৱা নে? এয়া নিস্ক্ৰিয় প্ৰতিৰোধ হয় নে?

               লাচিতে একো গমকেইপোৱা নাই।লাচিতৰ চিন্তাশক্তি, বুদ্ধি ভোটা হৈ গৈছে। দক্ষিণ কোৰিয়াত অপপ্ৰচাৰ চলোৱাৰ অভিযোগত অনাতাঁৰ কেন্দ্ৰ জ্বলাই দিয়া হৈছে, বন্দুকৰ আগত বেয়নেট লগাই লৈ বিদ্ৰোহ দমাবলৈ অহা সৈন‍্যসকলৰ লগত যে হাতত বাঁহৰ জোং লৈ ওলাই অহা দক্ষিণ কোৰিয়াৰ ছাত্ৰৰ সংঘৰ্ষ হৈছে, এইবোৰ লাচিতে গমেই পোৱা নাই। লাচিতৰ আজিকালি যি সাত্বিক লক্ষণ, ভকতীয়া ভাব-ভংগী, তালৈ চাই লাচিতে যে এদিন ফিজোৰ অন্তৰত লুকাই থকা :দৈত‍্য’টোক মষিমূৰ কৰিবলৈ অনশনত নবহিব, তাৰ কোনো মানে নাই। লাচিত আজি নিৰ্বিকাৰ সংগ্ৰামী, অহিংসাৰ ধ্বজাবাহী হৈ পৰিছে, ভকত হৈ পৰিছে। নিজৰ মাকক, মহাবিদ্যালয়ত পঢ়ি ধকা ভায়েকক লাচিতে ৰক্ষণাবেক্ষণ দিব পৰা নাই, বাপেকক খুৱাব পৰা নাই। একোৱেই কৰিব নোৱাৰি লাচিতে ভাত নাখাই অনশন কৰিছে, ক’লা বেজ মাৰিছে,….আৰু দু:খে বেজাৰে লিখিছে–‘নাথুৰামে গান্ধীক হত্যা কৰিছিল আৰু আজি ইন্দিৰাই গান্ধীবাদক হত্যা কৰিছে!’ ইও এটা শ্লোগান হ’ল নে? যুজিবলৈ, প্ৰতিৰোধ কৰিবলৈ লাচিতৰ যে মুঠেই সাহস-শক্তি নাই আৰু গান্ধীবাদ যে লাচিতৰ বাবে আজিও এটা ‘বাদ'(ism)….এই শ্লোগানে তাকেই প্ৰমাণ কৰা নাই নে? ইন্দিৰাৰ অনুগ্ৰহ নহ’লে যে অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে, চি-আৰ-পিৰ লগত লাচিতে যে যুজিব নোৱাৰে, নিজৰ মাকক ধৰ্ষণ কৰিলেও লাচিতে যে একো কৰিব নোৱাৰে, আজিৰ এই সংগ্ৰামী শতিকাত লাচিতৰ হাতত যে একৈ বস্তু নাই যুঁজিবলৈ….এনেধৰণৰ মনোভাৱ লাচিতে প্ৰকাশ কৰা নাই নে? গান্ধীবাদেৰে যে ধৰ্ষণকাৰীৰ অন্তৰ জিনিব পাৰি, এনে ধাৰণা লাচিতে আকোঁৱালি লোৱা নাই নে? লাচিতৰ এনেবোৰ লক্ষণে কবি বিৰিঞ্চি ভট্টাচাৰ্যক মহাবাহুত প্ৰকাশিত ‘সাতভনী’ কবিতাৰ দ্বাৰা এই প্ৰশ্ন কৰিবলৈ বাধ্য কৰোৱা নাই নে?

    “কিমান দিন আৰু গান্ধীৰ মৃতদেহটো

    কান্ধত লৈ ইদৰে ইমূৰ-সিমূৰ ঘূৰিবা?

    আৰু কিমান দিনেই বা যুধিষ্ঠিৰৰ

    সৈতে এইদৰে পদযাত্ৰা কৰিবা,

   মানুহ খোৱা এটা বাঘ- কি লাভ হ’ব বাৰু

    পঢ়ি শুনালে তাক

    উত্তৰাকান্ড ৰামায়ণখন?”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: সীতাহৰণ
Anjan Sarma

Anjan Sarma

Related Posts

Is this the value of the human being? Passing breaking news?
World

Is this the value of the human being? Passing breaking news?

by Ruba Ayyash
May 30, 2026
0

Is this the value of the human being? Passing breaking news? RUBA AYYASH And the world forgot Gaza... And he...

Read moreDetails
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 25, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
How to avoid a multidimensional crisis: Europe rethinks security in Yerevan

How to avoid a multidimensional crisis: Europe rethinks security in Yerevan

May 6, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

May 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d