• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

ড০ জয়ন্ত কুমাৰ শর্মা

by Anjan Sarma
May 31, 2022
in Science
Reading Time: 3 mins read
0
ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ
Share on FacebookShare on TwitterShare on LinkedIn

ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞান

ড০ জয়ন্ত কুমাৰ শর্মা

ৰিচার্ড ফিলিপছ ফাইনমেন (১৯১৮-১৯৮৮) আছিল বিশ্বখ্যাত আমেৰিকান তাত্ত্বিক পদার্থ বিজ্ঞানী আৰু পদার্থ বিজ্ঞানৰ মহান শিক্ষক। কোৱাণ্টাম বিদ্যুৎ গতি বিজ্ঞানৰ (quantum electrodynamics-QED) বিকাশৰ বাবে জুলিয়ান ছুইংগাৰ আৰু শ্বিনিচিৰো ট’ম’নাগাৰ সৈতে যুটীয়াভাৱে ১৯৬৫ চনত তেওঁ পদার্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

পদার্থ বিজ্ঞানত তেওঁৰ আন উল্লেখযোগ্য অৱদানসমূহৰ ভিতৰত হেড্ৰন কণিকাসমূহৰ পার্টন আর্হি (parton model) কোৱাণ্টাম বলবিদ্যাৰ পথ সমাকল নিৰূপণ, অতিশীতলীকৃত তৰল হিলিয়ামৰ অতি তৰলতা (Superfluidity), ফাইনমেন চিত্ৰ আদি বিশেষভাৱে উল্লেখযোগ্য। অৱশ্যে পদার্থ বিজ্ঞানৰ উচ্চস্তৰীয় শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতহে এই ধাৰণাসমূহৰ প্ৰয়োজন হয়। বর্তমান সময়ত বহুল প্ৰচলিত গৱেষণা আৰু প্ৰয়োগৰ ধাৰণা কোৱাণ্টাম গণনা আৰু নেন’ প্ৰযুক্তিৰো তেওঁক এজন জনক বুলি ক’ব পাৰি। ফাইনমেনে বিখ্যাত মাছাচুছেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (এম আই টি) আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰিছিল আৰু ১৯৪২ চনত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰপৰা তাত্ত্বিক পদার্থ বিজ্ঞানত পি এইচ ডি লাভ কৰে।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 23, 2026

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আমেৰিকাৰ পৰমাণু বোমা নির্মাণ কৰা বিখ্যাত গোপন প্ৰকল্প ‍‘মানহাটান প্ৰকল্প’ত কাম কৰিছিল। পৰৱৰ্তী কালত ফাইনমেনে কর্নিল বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে আৰু পিছত অতি বিখ্যাত কেলিফ’র্নিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (Caltech) তাত্ত্বিক পদার্থ বিজ্ঞানৰ ‍‘ৰিচার্ড ট’লমেন প্ৰফেছৰ’ হিচাপে যোগদান কৰে। ১৯৮৬ চনত সংঘটিত স্পেছ ছাটল চেলেঞ্জাৰৰ দুর্ঘটনাৰ বিষয়ে অনুসন্ধান কৰিবলৈ গঠন কৰা ৰ’জার্ছ কমিছনৰো সদস্য হিচাপে তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু সাধাৰণ জনতাৰ মাজতো জনাজাত হৈ পৰিছিল।

তাত্ত্বিক পদার্থ বিজ্ঞানৰ উচ্চস্তৰীয় গৱেষণাৰ উপৰি বিজ্ঞানৰ শিক্ষা আৰু বিজ্ঞান জনপ্ৰিয়কৰণতো ফাইনমেনৰ আগ্ৰহ আছিল। তাৰ পৰিপ্ৰেক্ষিততে তেওঁ তাত্ত্বিক পদার্থ বিজ্ঞানৰ বহুতো গৱেষণা-পত্ৰ আৰু পাঠ্যপুথি লিখাৰ উপৰি বক্তৃতাও প্ৰদান কৰিছিল আৰু একেদৰে সাধাৰণ জনতাৰ বাবেও বহুতো গ্ৰন্থ ৰচনা কৰাৰ উপৰি জনপ্ৰিয় বিজ্ঞানৰ বক্তৃতাও প্ৰদান কৰিছিল। ফাইনমেনৰ পাঠ্যপুথিসমূহৰ ভিতৰত ৰবার্ট লেইটন আৰু মেথিউ ছেণ্ডছৰ সৈতে প্ৰস্তুত কৰা তিনিটা খণ্ডৰ The Feynman Lectures on Physics অতি জনপ্ৰিয় আৰু বিখ্যাত। আন উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল—Theory of Fundamental Processes, Quantum Electrodynamics, Quantum Mechanics and Path Integrals, QED : The Strange Theory of Light and Matter, Feynman’s lost Lecture: The Motion on Planets Around th Sun ইত্যাদি।

ফাইনমেন
ৰিচার্ড ফিলিপছ ফাইনমেন

আনহাতে, তেওঁৰ উল্লেখযোগ্য জনপ্ৰিয় গ্ৰন্থসমূহ হ’ল—Surely You’re joking Mr. Feynman! : Adventures of a Curiaus Character, What do you care what other people Think? : Further Adventures of a curious Character. The pleasure of Finding Things out: The Best Short works of Richard P. Feynman, The Meaning of It All: Thoughts of a citizen Scientist ইত্যাদি। তেওঁৰ বহুখিনি বক্তৃতা অডিঅ’ ভিজুৱেল ৰেকর্ডিং হিচাপেও সংৰক্ষিত হৈ আছে।

বিশ্ব প্ৰকৃতিৰ ক্ষেত্ৰতো যেতিয়া কোনো প্ৰতিষ্ঠিত নিয়মে কাম নকৰে, তেতিয়াহে সি আমোদজনক হৈ পৰে আৰু তেতিয়া আমি বিজ্ঞানৰ নতুন নিয়ম আৱিষ্কাৰ কৰিব পাৰো। তৃতীয়তে, আমি অনুমান কৰা নিয়মসমূহৰ সত্যতা সূক্ষ্মভাৱে জানিব নোৱাৰিলেও মোটামুটিভাৱে জানিবলৈ চেষ্টা কৰিব পাৰো। দবাখেলখনৰ সংকট কালত এজন খেলুৱৈয়ে নিজৰ নিৰ্দিষ্ট গুটিসমূহ কিয় কেনেদৰে সঞ্চালন কৰিছে জানিব নোৱাৰিলেও আমি হয়তো বুজিব পাৰিম যে বোধহয় তেওঁ ৰজাক বচাবৰ বাবে ৰজাৰ চাৰিওফালে গুটিবোৰ স্থাপন কৰিছে। একেদৰে প্ৰকৃতিৰ ক্ষেত্ৰতো বিভিন্ন পৰিস্থিতিত প্ৰতিটো নিৰ্দিষ্ট অংশই বেলেগে বেলেগে কি কৰিছে আমি ক’ব নোৱাৰিলেও মোটামুটিভাৱে আমি সমগ্ৰ পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰিব পাৰো। আৰু ই এটা অতি শক্তিশালী পদ্ধতি।

সমগ্ৰ বিজ্ঞানক প্ৰথমে বিভিন্ন বিভাগত বিভক্ত কৰি অধ্যয়ন কৰা হৈছিল বা প্ৰাথমিক স্তৰত তেনেকৈয়ে এতিয়াও আৰম্ভ কৰা হয়। বলবিদ্যা, চুম্বকত্ব, বিদ্যুৎ, আলোকবিদ্যা, নিউক্লীয় বিজ্ঞান, মাধ্যাকর্ষণ, কণিকা বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান ইত্যাদি হ’ল প্ৰাথমিক স্তৰত এনে কিছুমান বিভাগ। কিন্তু বিজ্ঞানৰ উদ্দেশ্য হ’ল এই বিভাগত ব্যাখ্যা কৰা সকলো ধৰণৰ পৰিঘটনা প্ৰকৃতিৰ মাত্ৰ কেইটামান পৰিঘটনাৰে বিভিন্ন প্ৰকাশ বুলি প্ৰমাণ কৰা; অর্থাৎ প্ৰকৃতিক এক সংহত ৰূপত লক্ষ্য কৰা। ঐতিহাসিকভাৱে এই বিভিন্ন বিভাগসমূহ সংযোগ কৰাৰ বা তাৰ প্ৰচেষ্টাৰ উদাহৰণ আমাৰ হাতত আছে। বলবিদ্যা আৰু তাপবিদ্যাৰ কথাকেই ল’ব পাৰি। অণু-পৰমাণুৰে গঠিত এটা নিকায়ত নিহিত হৈ থকা তাপ, সেই অণু-পৰমাণুসমূহত থকা গতিশক্তিৰদ্বাৰা ব্যাখ্যা কৰিব পাৰি।

এই তাপ তাপবিদ্যা আৰু গতিশক্তি বলবিদ্যাৰ অন্তর্গত। গতিকে, তাপ আৰু উষ্ণতাৰ প্ৰক্ৰিয়াসমূহ বলবিদ্যাৰ নিয়মেৰে ব্যাখ্যা কৰিব পাৰি। তেনেদৰে আন এটা সুন্দৰ সংযোজন হ’ল এই যে এই বিদ্যুৎ, চুম্বক আৰু পোহৰ একেটা বৈজ্ঞানিক প্ৰক্ৰিয়াৰে বিভিন্ন পৰিঘটনা। ই হ’ল বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ। ঐতিহাসিকভাৱে আমি পৰিঘটনাসমূহ সংযোজন কৰি গৈ থাকো, কিন্তু হঠাতে এনে এটা নতুন পৰিঘটনা আৱিষ্কৃত হয়, যিটো আগৰ সংযোজনৰ লগত খাপ নাখায়। ফলত আমি কথাবোৰ নতুনকৈ চিন্তা কৰি নতুন সংযোজন উদ্ভাৱন কৰিবলগীয়া হয়। এতিয়ালৈ বেছ কিছু সংযোজন কৰা হৈ গৈছে, কিন্তু সকলো সময়তে কিছুমান সমস্যা সদায় ওলমি ৰৈ গৈছে।

প্ৰশ্নটো হ’ল—সকলো পৰিঘটনা সংযোজন কৰা সম্ভৱ হয়নে নহয় আৰু সমগ্ৰ বিশ্বখনৰ পৰিঘটনাসমূহ একেটা বস্তুৰে বিভিন্ন দিশৰ প্ৰকাশ হয়নে নহয়? এইক্ষেত্ৰত ফাইনমেনে কৈছে—‍‘আমি জানিবলৈ ইচ্ছা কৰো যে ক্ষুদ্ৰতমসংখ্যক নীতিৰ জৰিয়তে বুনিয়াদী পৰিঘটনাসমূহ বুজাৰ ক্ষেত্ৰত এই সংযোজন কিমানখিনিলৈ আগবাঢ়িছে আৰু বর্তমান পৰিস্থিতিটো কি। চমুকৈ ক’বলৈ হ’লে বস্তুসমূহ কিহেৰে তৈয়াৰী আৰু কিমান কমসংখ্যক উপাদান তাত আছে?’

১৯৬৬ চনত ফাইনমেনে জাতীয় বিজ্ঞান সংস্থাৰ এখন অধিৱেশনত শিক্ষকসকলৰ সন্মুখত এটা বক্তৃতা প্ৰদান কৰিছিল, য’ত তেওঁ বিজ্ঞানৰ স্বৰূপ সম্পর্কে গভীৰভাৱে ব্যাখ্যা আগবঢ়োৱাৰ উপৰি ছাত্ৰসকলে বিজ্ঞানীৰ দৰে কেনেকৈ চিন্তা কৰিব লাগে, আৰু বিশ্বখন অনুসন্ধিৎসা, সংস্কাৰমুক্ততা আৰু সংশয়সহকাৰে কেনেকৈ নিৰীক্ষণ কৰিব লাগে আলোচনা কৰিছিল।

প্ৰথমতেই ফাইনমেনে কৈছিল যে সংজ্ঞা যদি দিবলৈ দিয়া হয়, সাধাৰণতে প্ৰতিখন বিদ্যালয়ৰ পাঠ্যপুথিৰ শিক্ষকসকলৰ হাতপুথিত থকা কেইবা শতিকাৰ আগৰ ইংৰাজ দাৰ্শনিক ফ্ৰান্সিছ বেকনৰ আলোচনা বিজ্ঞানৰ সংজ্ঞা হিচাপে আগবঢ়োৱা হয়। কিন্তু তেওঁৰ মতে, বেকনৰ বিশৃংখল দাৰ্শনিক শব্দাৱলী কেতিয়াও বিজ্ঞানৰ সংজ্ঞা হ’ব নোৱাৰে। বেকনে পর্যৱেক্ষণ কৰাৰ কথা কৈছিল, কিন্তু কি বস্ত কেনেকৈ পর্যৱেক্ষণ কৰিব লাগে আৰু ক’ত মনোযোগ দিব লাগে ইত্যাদি কথাত গুৰুত্ব দিয়া নাছিল।

fyenman3
Image: www.quora.com

বিজ্ঞানৰ দার্শনিক ব্যাখ্যাকৰণতকৈ দৰাচলতে বর্তমান কালৰ বিজ্ঞান চর্চাকাৰী বিজ্ঞানী এগৰাকীয়ে বিজ্ঞান সম্পর্কে কৰা আলোচনা বেছি গুৰুত্বপূর্ণ। বিজ্ঞান কেনেদৰে শিকা যায়—সেই সম্পর্কীয় আলোচনাৰদ্বাৰা বিজ্ঞানৰ স্বৰূপ বুজিব পাৰি। আনহাতে, সমগ্ৰ জীৱনজুৰি বিজ্ঞান চর্চা কৰা বিজ্ঞানী এজনেও কিন্তু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত কোনটো পদক্ষেপৰ পিছত কোনটো পদক্ষেপ আহে স্পষ্টভাৱে ক’ব নোৱাৰে। প্ৰাথমিক স্তৰত বিজ্ঞান শিক্ষাৰ এটা পদ্ধতি হ’ল—প্ৰথমেই ছাত্ৰসকলক বিভিন্ন খেলৰ প্ৰতি আকর্ষিত কৰিব লাগে আৰু লাহে লাহে তাত শৈক্ষিক মূল্য থকা উপাদান প্ৰৱিষ্ট কৰিব লাগে। অতি সৰু কালতে দেউতাকে ফাইনমেনক বগা আৰু নীলা খাপৰি সজোৱা এটা খেল শিকাইছিল আৰু ফলত পৰৱর্তী কালত শিশু বিদ্যালয়ত তেওঁ অতি সহজে ৰঙীন কাগজৰ বিন্যাসৰ পাঠত অসাধাৰণ পার্গতালি দেখুৱাবলৈ সক্ষম হৈছিল।

দ্বিতীয়তে, বিজ্ঞানৰ শিক্ষা লাভ কৰিব খোজাসকলে বিষয়টো অন্তঃকৰণেৰে ভাল পাব লাগিব। তেওঁলোকে ইয়াৰ বিষয়ে গভীৰভাৱে ভাবিব লাগিব আৰু ইয়াক অন্বেষণ কৰিব লাগিব। বিজ্ঞান এটা নিৰ্দিষ্ট বিষয়ৰ চাৰিওফালে এক ৰহস্য সৃষ্টি কৰা বা বিষয়টোক এটা আশ্চর্য প্ৰদান কৰা বিজ্ঞান শিক্ষাৰ এক অন্যতম গুৰুত্বপূর্ণ দিশ। সৰুকালিতে ফাইনমেনক তেওঁৰ দেউতাকে যিকোনো বৃত্তৰে পৰিধি আৰু ব্যাসৰ অনুপাত পাই সংখ্যাটো সম্পর্কে ব্যাখ্যা কৰিছিল। এই সংখ্যাটো তেওঁক এনে এটা ৰহস্যময় ভাল লগা অনুভূতি প্ৰদান কৰিছিল যে তেওঁ সকলোতে ‍‘পাই’ সংখ্যাটো বিচাৰি ফুৰিছিল।

তৃতীয়তে, বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ সঁজুলিসমূহৰ বিষয়ে শিকাটো অতি দৰকাৰী। বিজ্ঞানৰ বিষয়ে জানিবলৈ হ’লে ইয়াৰ লগত জড়িত বিভিন্ন শব্দসমূহৰ তাৎপর্য আমি বুজি পাব লাগিব, কিন্তু এই শব্দবোৰেই বিজ্ঞান নহয়। চেলচিয়াছ স্কেলৰপৰা ফাৰেনহাইট স্কেললৈ উষ্ণতাৰ হিচাপ পৰিৱর্তন কৰিবলৈ জনাটো বিজ্ঞান শিক্ষাৰ বাবে আৱশ্যকীয়, কিন্তু ই বিজ্ঞান নহয়। এডাল 2H পেঞ্চিলতকৈও 3B পেঞ্চিল বেছি কোমল— এই তথ্যটোৰ জ্ঞানেই সুকুমাৰ কলা নহয়। কিন্তু ইয়াৰ অর্থ এইটো নহয় যে এজন সুকুমাৰ কলাৰ শিল্পীয়ে ইয়াক শিকিব নালাগে বা শিক্ষকে ইয়াক শিকাব নালাগে। দৰাচলতে যেতিয়া আমি বিজ্ঞানৰ সঁজুলিসমূহৰ বিষয়ে শিকি থাকো, প্ৰকাৰান্তৰে বিজ্ঞানকেই শিকি থাকো।

চতুর্থতে বিজ্ঞান শিকিবলৈ বা শিকাবলৈ যথাযথ পৰিকল্পনাৰে আগবঢ়া উচিত। সময়ত সঠিক পদ্ধতিৰে আগবাঢ়িলেহে সঠিকভাৱে বিজ্ঞান শিকাটো সম্ভৱ হয়। এখন প্ৰথম শ্ৰেণীৰ বাবে বিজ্ঞানৰ পাঠ্যপুথিৰ বিষয়ে সমালোচনা কৰি ফাইনমেনে কৈছে যে—ইয়াত প্ৰথম পাঠ আৰম্ভ কৰিছে বিজ্ঞানৰ ভুল সংজ্ঞাৰে। দ্বিতীয়তে, শক্তিৰ দৰে সূক্ষ্ম ধাৰণা এটি ইয়াত শিকাবলৈ চেষ্টা কৰা হৈছে ইয়াৰ সংজ্ঞাৰ ধাৰণাৰে ইত্যাদি। ফাইনমেনৰ নিজৰ ভাষাতে—‍‘শক্তি এটা অতি সূক্ষ্ম ধাৰণা। শুদ্ধকৈ বুজাটো অতি কঠিন। তাৰদ্বাৰা মই যি অর্থ কৰিছো সেইটো হ’ল—ইয়াক শুদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ সহজ নহয়, যাতে শক্তিৰ ধাৰণা ব্যৱহাৰ কৰি আপোনালোকে কিবা এটা শুদ্ধভাৱে নিৰ্গমন কৰিব পাৰে।’ চাবি দিয়া স্প্ৰিঙেৰে চালিত এটা পুতলা কুকুৰ ‍‘কিহে চলায়’ বুলি প্ৰশ্ন কৰি ইয়াত আৰম্ভণিতেই ‍‘শক্তিয়ে চলায়’ বুলি কৈ শক্তিৰ সংজ্ঞাৰে সেই পাঠটো আৰম্ভ কৰা হৈছে—যিটো অনুচিত আৰু শিশুসকলৰ ক্ষেত্ৰত ই ধ্বংসাত্মক। সংজ্ঞাসমূহেই বিজ্ঞান নহয়, বিজ্ঞানৰ ধাৰণাসমূহ প্ৰকাশ কৰাৰ এটা ভাষাহে। পৰৱর্তী কালত নিশ্চিতভাৱে ‍‘শক্তি কি’ আমি ক’ব লাগিব, কিন্তু প্ৰথমতেই নহয়। শিশুক শিশুৰ ধৰণে প্ৰশ্ন কৰা আৰু উত্তৰ দিয়া উচিত। পুতলা কুকুৰটো ‍‘কিহে চলায়’ বুলি প্ৰশ্ন কৰি ‍‘শক্তিয়ে চলায়’ বুলি উত্তৰ দিয়াতকৈ ‍‘পুতলা কুকুৰটো খুলি আমি ইয়াৰ যন্ত্ৰ–পাতিবোৰ চাওঁ আহা— কোনেনো ইয়াক চলায়’ বুলি আহ্বান জনোৱাটো বিজ্ঞান শিক্ষাৰ কাৰণে শিশুসকলৰ বাবে অধিক ফলপ্ৰসূ।

পঞ্চমতে, ফাইনমেনৰ মতে বিজ্ঞানক ধৈৰ্যৰে সৈতে পর্যৱেক্ষণ বুলিও ক’ব পাৰি। বিজ্ঞান শিকাৰ বাবে পর্যৱেক্ষণৰ প্ৰয়োজন আৰু তাৰ বাবে ধৈর্যৰ আৱশ্যক। বিজ্ঞান শিকিব খোজাসকলে এইটো শিকা উচিত যে পর্যবেক্ষণৰ ফলাফলসমূহৰ তুলনামূলকভাৱে নিৰস কাৰণ, সাধাৰণতে ইয়াৰপৰা খুব বেছি একো পোৱা নাযায়। কিন্তু প্ৰথম অৱস্থাত শিকাৰুসকল এনেদৰে আগবাঢ়িব লাগে যে পর্যৱেক্ষণৰপৰা হয়তো অত্যন্ত বিস্ময়কৰ কিবা পোৱা যাব পাৰে। প্ৰকৃতিৰ পৰিঘটনাসমূহ সামগ্ৰিকভাৱে লক্ষ্য কৰা, পর্যৱেক্ষণ কৰা আৰু এইবোৰত মনোযোগ দিয়াৰদ্বাৰা শিকাৰুসকল লাহে লাহে পৰিপক্ব হৈ উঠিব পাৰে। ফাইনমেনৰ নিজৰ ভাষাতে—‍‘ফলস্বৰূপে, যেতিয়া মই বেছি পৰিপক্ব মানুহ হৈ উঠিছিলো, মই যত্নশীলভাৱে, ঘণ্টাৰ পিছত ঘণ্টা, বহু বছৰ সমস্যাসমূহৰ ওপৰত কাম কৰিছিলো—কেতিয়াবা বহু বছৰ, কেতিয়াবা হ্ৰস্বতৰ সময়—সিহঁতৰ বহু অকৃতকাৰ্য হৈ, অসংখ্য বস্তু পেলনীয়া পাচিলৈ গৈ, কিন্তু প্ৰতিবাৰতে এক নতুন অন্তৰ্দৃষ্টিৰ ঐশ্বর্য আছিল, যিটোৰে মই পর্যৱেক্ষণৰ ফলাফলসমূহ আশা কৰিবলৈ শিকিছিলো। কাৰণ, মই শিকা নাছিলো যে কিছুমান পর্যৱেক্ষণ প্ৰচেষ্টাযোগ্য নাছিল।’

ফাইনমেনে তেওঁৰ লেখা আৰু বক্তৃতাসমূহত এনেদৰে বিজ্ঞান আৰু বিজ্ঞান শিক্ষাৰ বিভিন্ন আৱশ্যকীয় দিশ অগতানুগতিকভাৱে বর্ণনা কৰিছে। কিন্তু ইয়াৰ উপৰি তেওঁ তেওঁৰ বিস্ময়কৰ মেধাৰে চিন্তাৰ গভীৰতম পৰ্যায়লৈ গৈ অভিনৱ ৰূপত বিজ্ঞানৰ স্বৰূপ প্ৰকাশ কৰিছে, য’ত তেওঁ বৰ্ণনা কৰিছে—জন্তুৰপৰা মানুহলৈ ক্ৰমবিকাশৰ কালছোৱাত মানুহৰ জ্ঞানৰ সঞ্চয় কেনেদৰে সম্ভৱ হৈছিল, আৰু তাত বিজ্ঞানৰ তাৎপর্য কি।

জন্তুসমূহৰ বিভিন্ন প্ৰজাতিৰ মাজেৰে মানুহলৈ ক্ৰমবিকাশৰ কালছোৱাত জীৱ-জন্তুসমূহে নিজৰ অভিজ্ঞতাৰ ভিত্তিত জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰতিটো জন্তুৱে নিজৰ জীৱদ্দশাত নিজে ব্যৱহাৰ কৰিব পাৰিছিল, কিন্তু তাৰ পৰৱর্তী প্ৰজন্মলৈ হস্তান্তৰ কৰিব পৰা নাছিল। জীৱ-জন্তুসমূহৰ বিকাশৰ লগে লগে সিহঁতৰ মগজুৰ বিকাশৰ লগে লগে শিক্ষণৰ হাৰো দ্ৰুত হৈ আহিছিল যদিও প্ৰতিটোৱে লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ সঞ্চৰণ বেগ প্ৰজাতিটোৰ মাজত যথেষ্ট দ্ৰুত নোহোৱা বাবে জ্ঞানৰ সঞ্চয়ন সম্ভৱ হোৱা নাছিল। কিন্তু সম্ভৱতঃ এটা সময় আহিছিল যেতিয়া প্ৰজাতিটোৰ প্ৰতিটোৰে শিক্ষণৰ বেগ আৰু অভিজ্ঞতাসমূহৰ সঞ্চৰণৰ বেগ ইমান দ্ৰুত হৈ পৰিছিল যে প্ৰতিটো জন্তুৱে শিকা কথাবোৰ আন এটালৈ আৰু তাৰপৰা বেলেগ এটালৈ দ্ৰুতভাৱে সঞ্চৰিত হৈছিল আৰু ই প্ৰজাতিটোৰ মাজত হেৰাই যোৱা নাছিল। এইদৰে প্ৰজাতিটোৰ জ্ঞানৰ সঞ্চায়ন সম্ভৱ হৈছিল। দৰাচলতে এই প্ৰজাতিটোৱেই আছিল একমাত্ৰ মানুহ।

fyenman2 1

এটা প্ৰজাতিৰ মাজত হস্তান্তৰযোগ্য সঞ্চিত জ্ঞান থকা এই পৰিঘটনাটো পৃথিৱীত নতুন আছিল। কিন্তু ইয়াৰ এটা অসুবিধাও আছিল। যদিও এই জ্ঞান বা ধাৰণাসমূহৰ অতি লাহে লাহে সঞ্চয় হৈছিল, এই সকলোবোৰেই কিন্তু ব্যৱহাৰিক বা প্ৰয়োজনীয় নাছিল। দৰাচলতে ইয়াৰ লগতে সকলো ধৰণৰ কু-সংস্কাৰ আৰু অদ্ভুত আচহুৱা বিশ্বাসসমূহৰ এক বৃহৎ সঞ্চয়নো আছিল। অৱশ্যে এই অসুবিধাটো আঁতৰ কৰাৰো এটা পদ্ধতি আৱিষ্কৃত হৈছিল যে অতীতৰপৰা যি জ্ঞান হস্তান্তৰিত হৈ আছে, সেই সকলোবোৰ শুদ্ধ নহ’বও পাৰে বুলি আমি সন্দেহ কৰা উচিত। এনেক্ষেত্ৰত পূর্বৰ পৰা হস্তান্তৰিত ধাৰণাসমূহ বিশ্বাস কৰাতকৈ আকৌ অভিজ্ঞতাৰপৰা পৰিস্থিতিটো নিৰ্ণয় কৰিবলৈ যত্ন কৰা উচিত। এই পুনঃপৰীক্ষণেই হ’ল বিজ্ঞান। ফাইনমেনৰ নিজৰ ভাষাতে—‍‘বিজ্ঞান কিঃ আৱিষ্কাৰটোৰ ফলাফল যে—নতুন প্ৰত্যক্ষ অভিজ্ঞতাৰদ্বাৰা পুনঃপৰীক্ষণ কৰাটো, আৰু অতীতৰপৰা অহা প্ৰজাতিৰ অভিজ্ঞতাক অপৰিহার্যভাৱে বিশ্বাস নকৰাটো মই ইয়াক সেই ধৰণে বিবেচনা কৰো। সেইটোৱেই মোৰ সর্বশ্ৰেষ্ঠ বিজ্ঞানৰ সংজ্ঞা।’

সকলো ধর্মতে মানুহক নৈতিক পাঠসমূহৰ শিক্ষা প্ৰদান কৰা হয়। কিন্তু সেইবোৰ মাত্ৰ এবাৰেই শিকোৱা নহয়, মানুহক উদ্বুদ্ধ কৰিবলৈ সেইবোৰ বাৰে বাৰে বিজ্ঞানৰ প্ৰমূল্য মনত পেলাই দিয়াটো আৱশ্যক। ইয়ে যে কেৱল আমাক এজন ভাল নাগৰিক কৰিয়েই গঢ়ি তোলে এনে নহয়, ইয়ে প্ৰকৃতিক অধিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈকো আমাক সক্ষম কৰি তোলে। পুনঃপৰীক্ষণৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত সৃষ্টি হোৱা বিজ্ঞানে নিৰ্মাণ কৰা বিশ্ববীক্ষাৰ প্ৰমূল্য আছে, ই নতুনকৈ আৱিষ্কাৰ কৰা বিশ্বখনৰ সৌন্দৰ্য আৰু বিস্ময় আছে। বিজ্ঞান শিকাৰ পিছত আমাৰ চিনাকি পৃথিৱীখন বহু বেলেগ দেখা গৈছিল। উদাহৰণস্বৰূপে—আমি জানিছিলো, বস্তুসমূহে গতি কৰে, কাৰণ সূৰ্যই পোহৰ দি আছে, গছসমূহ মুখ্যতঃ বায়ুৰে তৈয়াৰী ইত্যাদি। বিজ্ঞানৰ অন্তঃসত্ত্বা আশ্চর্যজনকভাৱে এনে বহু সুন্দৰ প্ৰেৰণাদায়ক কথাৰে পৰিপূৰ্ণ আৰু বেলেগক প্ৰেৰণা দিয়াৰ বাবেও সিহঁত ব্যৱহাৰযোগ্য।

ফাইনমেনৰ গ্ৰন্থ আৰু বক্তৃতাসমূহৰ বিভিন্ন ঠাইত সামগ্ৰিকভাৱে বিজ্ঞান সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা পোৱা যায়। যিকোনো ধাৰণা সম্পৰ্কত সকলো ধৰণৰ আলোচনাতে অতি সোনকালে একেবাৰে অভ্যন্তৰলৈ যাব পৰা বিৰল মেধাই ফাইনমেনৰ লেখাসমূহ অনন্য কৰি তুলিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত বিজ্ঞানৰ গভীৰ অর্থ অনুধাৱনৰ বাবে ফাইনমেনৰ ধাৰণাত বিজ্ঞান কি—তাক জনাটো অতি প্ৰয়োজনীয়। ‍‘বিজ্ঞান’ শব্দৰ ইংৰাজী Science শব্দটো আহিছে লেটিন Scientia শব্দৰপৰা, যাৰ অর্থ হ’ল ‍‘জ্ঞান’ (Knowledge)। অর্থাৎ পৰীক্ষামূলক ব্যাখ্যা আৰু ভৱিষ্যদ্বাণীৰ ৰূপ এই মহাবিশ্বৰ ওপৰত শৃংখলাবদ্ধ জ্ঞানেই হ’ল বিজ্ঞান। কিছুমানে আকৌ বহল অর্থত যিকোনো বিষয়ৰ শৃংখলাবদ্ধ অধ্যয়নকে বিজ্ঞান বুলি ক’ব খোজে।

আধুনিক বিজ্ঞানক মুখ্যতঃ দুভাগত ভগাব পাৰি—প্ৰাকৃতিক বিজ্ঞান আৰু সামাজিক বিজ্ঞান। প্ৰথমবিধে আমাৰ বস্তুগত বিশ্বখনৰ বিষয়ে আৰু দ্বিতীয়বিধে আমাৰ মানৱ সমাজখনৰ বিষয়ে অধ্যয়ন আগবঢ়ায়। ইয়াৰ উপৰি সামগ্ৰিকভাৱে আন দুবিধ বিষয়কো কেতিয়াবা বিজ্ঞানৰ সংজ্ঞাৰ ভিতৰত ৰখা হয়। যেনে—বিধিগত বিজ্ঞান আৰু প্ৰায়োগিক বিজ্ঞান। তর্কবিদ্যা আৰু বিশুদ্ধ গণিতক প্ৰথমবিধৰ অধীনত, প্ৰযুক্তিবিদ্যা আৰু চিকিৎসা শাস্ত্ৰক দ্বিতীয়বিধৰ অধীনত ৰাখিব পাৰি। অৱশ্যে কঠোৰভাৱে চাবলৈ গ’লে সংকীর্ণ অর্থত অত্যাধুনিক কালত বিজ্ঞান বুলিলে কেৱল প্ৰাকৃতিক বিজ্ঞানকহে বুজায়।

মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুৰ জ্ঞানৰ পৰিসৰো বৃদ্ধি পাব ধৰিছিল আৰু এই জ্ঞানসমূহ শৃংখলাবদ্ধ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল। প্ৰায় সপ্তদশ শতিকামানৰপৰা বিজ্ঞানীসকলে এই মহাবিশ্বৰ জ্ঞানসমূহ কিছুমান ভৌতিক নীতি-নিয়মৰ (physical laws) অধীনত সূত্ৰবদ্ধ কৰাৰ কাম আৰম্ভ কৰিছিল। ‍‘বিজ্ঞান’ শব্দৰ লগতে বিজ্ঞানী, বৈজ্ঞানিক পদ্ধতি, বৈজ্ঞানিক সমাজ, বৈজ্ঞানিক মানসিকতা, বৈজ্ঞানিক গৱেষণা আদি শব্দও জনপ্ৰিয় হৈ পৰিছিল। ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক ৱিলিয়াম হোৱেৱেলে Scientist (বিজ্ঞানী) শব্দটো প্ৰথমে উদ্ভাৱন কৰিছিল। ষোড়শৰপৰা অষ্টাদশ শতিকাৰ প্ৰখ্যাত বিজ্ঞানী গেলিলিঅ’ গেলিলি, জোহান্স কেপলাৰ আৰু আইজাক নিউটনে আকৌ বিজ্ঞানৰ আগতে উল্লেখ কৰা কঠিন সংকীৰ্ণ সংজ্ঞাৰহে পোষকতা কৰিছিল।

এনে সংকীৰ্ণ সংজ্ঞাৰ ভিতৰত বহল অর্থত ধৰা হৈছিল মুখ্যতঃ জ্যোতিৰ্বিজ্ঞান, পদার্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু জীৱবিজ্ঞান আৰু সিহঁতৰ বিভিন্ন সংযোজনসমূহ। সমসাময়িকভাৱে ষোড়শ শতিকাত অতি বিখ্যাত ইটালীয় বিজ্ঞানী গেলিলিঅ’ই পৰীক্ষা-নিৰীক্ষাক বৈজ্ঞানিক অধ্যয়নৰ এক পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু ফলত ই বৈজ্ঞানিক পদ্ধতিৰ এক অংগ হৈ পৰিছিল। কুৰি শতিকাৰ একেবাৰে প্ৰথমৰ ফালৰ জার্মান পদার্থবিজ্ঞানী কোৱাণ্টাম বলবিদ্যাৰ জনক মেক্স প্লাংকে সেইবাবেই কৈছিল—‍‘পৰীক্ষাই জ্ঞান লাভ কৰাৰ বাবে আমাৰ হাতত থকা একমাত্ৰ উপায়। আন সকলো হ’ল কবিতা, কল্পনা।’

চতুর্দশ শতিকাৰপৰা সপ্তদশ শতিকাৰ ভিতৰত সংঘটিত ইউৰোপৰ নৱজাগৰণৰ পৰৱৰ্তী কালত প্ৰথমতে ইউৰোপত আৰু পিছত প্ৰায় সমগ্ৰ পৃথিৱীতে শিল্প, বিজ্ঞান, কৃষি আদিত অভূতপূর্ব উন্নতি সাধিত হয় আৰু লাহে লাহে আধুনিক বিজ্ঞান সমগ্ৰ বিশ্বতে বিয়পি পৰে। সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন দার্শনিক, বিজ্ঞানী, সমালোচক আদিয়ে বিভিন্ন দৃষ্টিকোণেৰে বিজ্ঞানৰ স্বৰূপ ব্যাখ্যা কৰে। কিন্তু এই সকলো ব্যাখ্যাৰ ভিতৰত অসাধাৰণ, মেধা আৰু গভীৰ অন্তৰ্দৃষ্টিৰে ফাইনমেনে আলোচনা কৰা বিজ্ঞানৰ স্বৰূপ যথার্থতে আমোদজনক আৰু চমকপ্ৰদ।

ফাইনমেনৰ মতে, বিজ্ঞান বিভিন্ন ৰূপত বেলেগ বেলেগ গুণযুক্ত হৈ আমাৰ মনত ধৰা দিয়ে। এখন বহল নীলা সাগৰৰ পাৰত থিয় হৈ যদি আমি চৌপাশে আমাৰ দৃষ্টি নিক্ষেপ কৰো, আমি কি দেখিম বাৰু? আমি দেখিম, শুনিম আৰু অনুভৱ কৰিম। সাগৰখন, সাগৰৰ নীলা পানী, গতি কৰি থকা সাগৰৰ ঢৌবোৰ, ঢৌবোৰৰ বতাহৰ শব্দ, উৰি থকা চৰাইবোৰ আৰু সিহঁতৰ কলকলনি, উৰি ফুৰা বিভিন্ন ৰঙৰ পখিলাবোৰ, সাগৰীয় মাছ আৰু জন্তুবোৰ, সাগৰৰ পাৰত পৰি থকা বিভিন্ন ৰং, আকাৰ আৰু গঠনৰ শিলবোৰ, বালিবোৰ, পাৰৰ গছ-গছনিসমূহ, দূৰৰ পাহাৰবোৰ, মূৰৰ ওপৰৰ নীলা আকাশখন, মেঘবোৰ, সূৰ্য, সূর্যৰ পোহৰ, আন পর্যৱেক্ষকসমূহ, তেওঁলোকৰ অনুভৱ, চিন্তা, ভোক, ৰোগ-ব্যাধি, সুখ-দুখ ইত্যাদি। পৃথিৱীৰ ওপৰৰ আন যিকোনো স্থানতেই একেই বৈচিত্ৰ্য আৰু জটিলতা আমি দেখা পাম।

এই বৈচিত্ৰ্য আৰু জটিলতাই বিভিন্ন সময়ত আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ জন্ম দিয়ে। কিন্তু ফাইনমেনে বিশ্লেষণ কৰি দেখুৱাইছে যে দৰাচলতে প্ৰকৃতি সম্পৰ্কীয় এই সকলো বিচিত্ৰতাপূৰ্ণ প্ৰশ্নৰ মূল কথা হ’ল—আমি কথাবোৰ একেলগ কৰিবলৈ চেষ্টা কৰো, আমি জানিবলৈ ইচ্ছা কৰো, এই বিচিত্ৰতা আচলতে ক্ষুদ্ৰতম সংখ্যক বল বা আন্তঃক্ৰিয়াই ক্ষুদ্ৰতমসংখ্যক একেবাৰে মৌলিক বস্তুৰ ওপৰত অসংখ্য ধৰণে কৰা ক্ৰিয়াৰ ফলাফল হয় নে নহয়। এইখিনিতে মই পাঠকসকলক সতর্ক কৰি দিব খোজো যে ফাইনমেনৰ বিশ্লেষণ কিছু অগতানুগতিক আৰু কিছু জটিল হোৱা বাবে এই লেখাটোতো মাজে মাজে জটিল ভাবযুক্ত ভাষা প্ৰয়োগ কৰিবলগীয়া হৈছে। এইক্ষেত্ৰত তেনেবোৰ অংশ পাঠকসকলে দুই-তিনিবাৰ পঢ়ি চালে ফাইনমেনৰ বিশ্লেষণ সহজে অনুসৰণ কৰিব পাৰিব।

এতিয়া সাগৰৰ পাৰৰ পৰ্যৱেক্ষকজনৰ মনত হয়তো এনেবোৰ প্ৰশ্নই ক্ৰিয়া কৰিব পাৰেঃ সাগৰৰ পাৰত পৰি থকা এই বালিবোৰ, পাহাৰৰ ডাঙৰ শিলাখণ্ডবোৰ বা নদীৰ শিলগুটিৰ দৰে একেইনে? বালিবোৰক কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ শিলগুটি বুলি ক’ব পাৰিনে? চন্দ্ৰটো এটা প্ৰকাণ্ড শিলাখণ্ড হ’ব পাৰেনে? যদি আমি এটা শিলগুটিৰ বিষয়ে জানো, বালিবোৰৰ বিষয়ে বা চন্দ্ৰটোৰ বিষয়ে জানিমনে? পানীৰ ঢৌবোৰৰ শব্দ আৰু বতাহৰ শব্দ একে হ’ব পাৰেনে? বিভিন্ন ৰংবোৰনো কি? কিমানবিধ ৰং আছে। এনেদৰে আমি বস্তুবোৰ লগ লগাবলৈ চেষ্টা কৰিব পাৰো, যাতে বিভিন্ন বস্তুৰ সংখ্যা কম কৰিব পাৰো। এনেদৰে লাহে লাহে আমি বস্তুসমূহৰ বিষয়ে বুজিবলৈ প্ৰচেষ্টা চলাব পাৰো।

পূর্বতে উল্লেখ কৰা অধ্যয়নৰ বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগেৰে আমি এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিব পাৰো। এই সম্পৰ্কে ফাইনমেনে কৈছে—‍‘কেইশমান বছৰ আগতে এনে প্ৰশ্নসমূহৰ আংশিক উত্তৰসমূহ নিৰ্ণয় কৰিবলৈ এটা পদ্ধতি উদ্ভাৱন কৰা হৈছিল। পৰ্যৱেক্ষণ যুক্তি আৰু পৰীক্ষাই সেইটো গঠন কৰিছিল, যাক আমি কওঁ বৈজ্ঞানিক পদ্ধতি।’ দৰাচলতে আমাৰ পূৰ্বৰ প্ৰশ্নসমূহৰ ওপৰত এই বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগে বিশ্বজগতৰ ওপৰত আমাৰ এক প্ৰাথমিক দৃষ্টিভংগীৰ জন্ম দিয়ে, যাক আমি ক’ব পাৰো বুনিয়াদী ধাৰণা বা বুনিয়াদী বিজ্ঞান বা বুনিয়াদী পদার্থবিজ্ঞান। এই বুনিয়াদী বিজ্ঞানেই হ’ল পূৰ্বতে উল্লেখ কৰা ভৌতিক নীতি-নিয়মসমূহ।

ফাইনমেনে এই জটিল বিশ্ব প্ৰকৃতিখন ভগৱানে খেলি থকা এখন বৃহৎ দবাখেলৰ লগত তুলনা কৰিছে। দবাখেলৰ সৰল আৰু জটিল নিয়মসমূহ ভৌতিক নীতি-নিয়মসমূহৰ লগত তুলনা কৰিব পাৰি। আমি যদি দবাখেলখন বহু সময় ধৰি একেৰাহে পৰ্যৱেক্ষণ কৰো, আমি ইয়াৰ কিছু নিয়ম আৱিষ্কাৰ কৰিবলৈ বা অন্ততঃ অনুমান কৰিবলৈ সক্ষম হ’ব পাৰো। যিমানেই বেছি পৰ্যৱেক্ষণ কৰিম, সিমানেই বেছিসংখ্যক নিয়ম আমি আৱিষ্কাৰ কৰিম। তথাপি কিছুমান জটিল নিয়ম আমি উলিয়াব নোৱাৰিব পাৰো বা বুজি নাপাব পাৰো।

উদাহৰণস্বৰূপে—দবাখেলৰ কেছলিং কিয় কৰে আৰু কেনেকৈ কৰে আমি বহু সময় ধৰি বুজি নাপাব পাৰো। আনকি যদি আমি সকলোবোৰ নীতি-নিয়ম বুজিও পাওঁ এজন খেলুৱৈয়ে এটা নিৰ্দিষ্ট ‍‘চাল’ (move) কিয় দিলে বা তেওঁ কি কৰিব খুজিছে বুজি নাপাব পাৰো, কাৰণ পৰিস্থিতিটো যথাৰ্থতে বেছ জটিল আৰু আমাৰ মনৰ ক্ষমতা সীমাবদ্ধ। গতিকে, বৰ্তমান আমি আমাক নিজকে নীতি-নিয়মসমূহতে সীমিত কৰি ৰখা উচিত হ’ব। আমি যদি প্ৰকৃতিৰ নীতি-নিয়মসমূহ জানিব পাৰো, আমি অন্ততঃ বিশ্ব প্ৰকৃতিখন বুজি পোৱা বুলি বিবেচনা কৰিব পাৰো।

এতিয়া আমি অনুমান কৰা নিয়মসমূহৰ সত্যতা পৰীক্ষা কৰাৰ উপায় কি? মোটামুটিভাৱে ইয়াৰ বাবে তিনিটা উপায় আছে। প্ৰথমতে, খেলখনৰ শেষৰফালে যেতিয়া দবাখেলখনত অতি কমসংখ্যক গুটি থাকে বা ঢালখনৰ এটা চুকত আমি গুটিবোৰৰ গতি-বিধিত চকু দিয়াটো সহজ হৈ পৰে। ফলত আমি অনুমান কৰা নিয়মসমূহৰ সত্যতা পৰীক্ষা কৰাও উজু হৈ পৰে। একেদৰে কিছুমান পৰিস্থিতি প্ৰকৃতিয়ে সৃষ্টি কৰে বা আমি নিজেই সৃষ্টি কৰি ল’ব পাৰো, য’ত মাত্ৰ কেইবিধমানহে সঁজুলি থাকে। এনেক্ষেত্ৰত আমি কি ঘটনা ঘটিব আগতীয়াকৈ অনুমান কৰিব পাৰো আৰু আমি ভবা নীতি-নিয়মসমূহৰ সত্যতা পৰীক্ষা কৰি চাব পাৰো। দ্বিতীয়তে, আমি কোনো নিয়ম আন সহজ নিয়মৰদ্বাৰা পৰীক্ষা কৰি চাব পাৰো।

ধৰা হ’ল—দবাখেলৰ হাতীবোৰে সদায় কোণীয়াকৈ গতি কৰে বুলি আমি অনুমান কৰিছো। সেইটো নিশ্চিত হ’বৰ বাবে সকলো সময়তে হাতীবোৰৰ গতি চাই নাথাকিলেও হয়। যদি আমাৰ অনুমান সঁচা, আৰম্ভণিতে ক’লা ঘৰত থকা হাতী এটা সকলো সময়তে ক’লা ঘৰত থকাই পাম। যদি সেইটো সঁচা হয়, আমি নিশ্চিত হ’ব পাৰিম যে হাতীবোৰে সদায় কোণীয়াকৈ গতি কৰে। একেদৰে প্ৰকৃতিৰ ক্ষেত্ৰতো কোনো জটিল নিয়ম সহজ-সৰল পৰ্যৱেক্ষণৰ জৰিয়তে পৰীক্ষা কৰি চাব পাৰো। কিন্তু কেতিয়াবা ব্যতিক্ৰমো দেখা যায়। ধৰা হ’ল—আগতে উল্লেখ কৰা হাতীটো বহু সময় ধৰি ক’লা ঘৰত থকাই দেখি আহিছো যদিও হঠাতে যদি কেতিয়াবা বগা ঘৰত থকা দেখা পাওঁ আমাৰ হয়তো ই কোণীয়াকৈ গতি কৰা নিয়মৰ ওপৰত সন্দেহ উপজিব। কিন্তু কথাটো হ’ল—কেতিয়াবা সৈন্য এটা আগবাঢ়ি গৈ শেষত ই বগা ঘৰত হাতী এটালৈ ৰূপান্তৰিত হ’ব পাৰে। তেনে সময়তে আগৰ ক’লা ঘৰত থকা হাতীটো যদি প্ৰতিদ্বন্দী খেলুৱৈৰ কোনোবা গুটিয়ে খাই পেলায়, তেন্তে হাতীটো আমি বগা ঘৰত থকা দেখা পাম। এনেদৰে আমি দবাখেলৰ সৈন্য পৰিৱৰ্তনৰ নতুন নিয়ম আৱিষ্কাৰ কৰিব পাৰো।

এইখিনিতে ফাইনমেনে ছদ্মবিজ্ঞান আৰু ছদ্মবৈজ্ঞানিক কার্য-কলাপৰপৰা আমাক সাৱধান কৰি দিছে। বিজ্ঞানে সদায় যুক্তিসিদ্ধ চিন্তাৰ প্ৰমূল্য আৰু চিন্তাৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়ে। সাধাৰণতে বিজ্ঞানৰ বিকাশ লাভ কৰা যায় এই সন্দেহৰপৰা যে আমি শিকা সকলোবোৰ কথা সত্য নহ’বও পাৰে। ইয়াতে আমি বিজ্ঞানক ইয়াৰ বিভিন্ন ৰূপ বা পদ্ধতিসমূহৰপৰা পৃথক কৰিব লাগিব, যিবোৰ হয়তো বিজ্ঞানৰ বিকাশৰ বিভিন্ন সময়ত ব্যৱহৃত হৈছিল। আমি পঢ়ো, লিখো, পৰ্যৱেক্ষণ কৰো, পৰীক্ষা কৰো বা এইটো কৰো, সেইটো কৰো বুলি কোৱাটো সহজ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি বিজ্ঞান চৰ্চা কৰো। শিক্ষাৰ বিভিন্ন স্তৰত মানুহে লিখা-পঢ়া কৰে, পৰীক্ষা কৰে, পাৰিসাংখ্যিক বিশ্লেষণ কৰে, কিন্তু তেওঁলোকে বিজ্ঞান বা জ্ঞান প্ৰতিষ্ঠা নকৰিবও পাৰে। এইবোৰ মাত্ৰ বিজ্ঞানৰ এক অনুকৃত ৰূপ।

XXX

কিন্তু ফাইনমেনৰ মতে ইয়াতে মন কৰিবলগীয়া কথা এই যে ‍‘মহান গুৰুসকলৰ শিকনিৰ প্ৰত্যক্ষ অন্তৰ্বস্তুটো মনত নেপেলোৱাকৈ কেৱল ৰূপ অনুসৰণ কৰিলে ধৰ্মসমূহ ক্ষয়প্ৰাপ্ত হয়।’ এই কথাটো বিজ্ঞানৰ ক্ষেত্ৰতো খাটে। কেৱল ৰূপ অনুসৰণ কৰিয়েই যাক বিজ্ঞান বুলি কোৱা হয়, সেয়া হ’ল ছদ্মবিজ্ঞান। ছদ্মবিজ্ঞানে প্ৰকৃত বিজ্ঞানৰ বিকাশত বাধাৰ সৃষ্টি কৰে। বিশ্বৰ বিভিন্ন বৈজ্ঞানিক অনুষ্ঠান-প্ৰতিষ্ঠান সম্প্ৰতি ছদ্মবৈজ্ঞানিক পৰামৰ্শদাতাসমূহৰ প্ৰভাৱত পৰিছে আৰু একপ্ৰকাৰৰ স্বৈৰতন্ত্ৰৰদ্বাৰা দুৰ্দশাগ্ৰস্ত হৈ পৰিছে।

এই ছদ্মবৈজ্ঞানিক অনুকৰণৰ ফলত কিছুমান ছদ্মবৈজ্ঞানিক বিশেষজ্ঞৰ সৃষ্টি হৈছে, যিসকলৰ জ্ঞানৰ ওপৰত আমি সন্দেহ কৰা উচিত। ফাইনমেনৰ নিজৰ ভষাত—‍‘বিজ্ঞানৰপৰা শিকক যে আপোনালোকে নিশ্চিতভাৱে বিশেষজ্ঞসকলক সন্দেহ কৰিব লাগে। দৰাচলতে ময়ো আন এক ধৰণে বিজ্ঞানৰ সংজ্ঞা দিব পাৰোঃ বিজ্ঞান হ’ল বিশেষজ্ঞসকলৰ অজ্ঞানতাত বিশ্বাস।’

শেষত ফাইনমেনে বৰ্তমানৰ সামাজিক-বৈজ্ঞানিক পৰিৱেশ সম্পৰ্কে কিছু নিৰাশাবাদী মনোভাবো ব্যক্ত কৰিছে। কোনোবাই যদি দাবী কৰে যে বিজ্ঞানে এইটো কৰি দেখুৱাইছে, তেন্তে বিভিন্ন পৰীক্ষাৰদ্বাৰা বিজ্ঞানীসকলে এটা পুনৰ ব্যৱহাৰসাধ্য সিদ্ধান্তত উপনীত হৈছে নে নাই তাক বিচাৰ কৰিবলৈ সমাজৰ প্ৰতিজনৰে সমানে অধিকাৰ আছে। এইক্ষেত্ৰত বিশিষ্ট চিন্তাবিদ্ আৰু লেখক ড০ শিৱনাথ বৰ্মনৰ মতামত প্ৰণিধানযোগ্য—‍‘‍‘বিজ্ঞানৰ বা আন যিকোনো বিষয়ৰে বিশেষজ্ঞ গোষ্ঠীয়ে কি কৰি আছে তাৰ অকণো আওভাও যদি জনসাধাৰণে নাপায়, তেন্তে তাৰ পৰিণাম হ’ব এক নতুন ‍‘বিশ্বাসৰ যুগ’লৈ আমাৰ যুগটোৰ প্ৰত্যাৱৰ্তন। মধ্যযুগত জ্ঞান-বিজ্ঞানৰ মধুময় ভাণ্ডটো এচাম মুষ্টিমেয় পণ্ডিতে নিজৰ একচেটিয়া সম্পত্তি কৰি ৰাখিছিল, তাৰ সোৱাদ লাভৰপৰা জনসাধাৰণ বঞ্চিত হৈ আছিল। ফলত মধ্যযুগ হৈ পৰিছিল বিশ্বাসৰ যুগ, এন্ধাৰৰ যুগ।

আজিৰ গণতন্ত্ৰৰ যুগত জ্ঞান-বিজ্ঞানক যদি গণতন্ত্ৰীকৰণ কৰা নাযায়, ই যদি কেৱল বিদ্বৎমণ্ডলীৰ গজদন্ত মিনাৰতে বন্দী হৈ থাকে, তেন্তে জনসাধাৰণ ঐহিকভাৱে নহ’লেও অন্ততঃ বৌদ্ধিকভাৱে হৈ পৰিব নিঃস্ব, ৰিক্ত। এনে পৰিণাম ৰুধিব খুজিলে বিজ্ঞানৰ হিৰণ্ময় পাত্ৰৰ ঢাকনি জনসাধাৰণৰ বাবেও খুলি দিয়া প্ৰয়োজন।’’ এই জটিল সমাজখনত, য’ত প্ৰকৃত বিজ্ঞান এতিয়াও সুলভ নহয়—আমি পুৰণিকলীয়া প্ৰজ্ঞাৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰিব লাগিব। কিছু আশা, আত্মবিশ্বাস আৰু বুদ্ধিমত্তা লাভ কৰিবলৈ বিজ্ঞানৰ শিক্ষকসকলক উৎসাহিত কৰিব লাগিব। আমাৰ যুগটো আশা কৰাতকৈ অবৈজ্ঞানিক। আমাৰ ৰেডিঅ’ আৰু টেলিভিছনৰ কথা-বাৰ্তাসমূহ, কিতাপসমূহ, পৰিৱেশসমূহ অবৈজ্ঞানিক। সেইবোৰ বেয়া নহয়, কিন্তু অবৈজ্ঞানিক। ফলত বিজ্ঞানৰ নামত এক ধৰ্তব্য পৰিমাণৰ বৌদ্ধিক স্বৈৰাচাৰিতা দৃষ্টিগোচৰ হয়।

সৰ্বশেষত ফাইনমেনে মানুহৰ প্ৰতিপুৰুষতে জ্ঞানৰ সঞ্চয়ন আৰু উত্তৰপুৰুষলৈ ইয়াৰ সঞ্চাৰণত বিজ্ঞানৰ তাৎপৰ্য এনেদৰে ব্যাখ্যা কৰিছেঃ কোনো মানুহেই অনন্ত কাললৈ কবৰৰ বাহিৰত বাস কৰিব নোৱাৰে আৰু প্ৰতিপুৰুষে লাভ কৰা জ্ঞান উত্তৰপুৰুষলৈ হস্তান্তৰ কৰিবই লাগিব। কিন্তু এই হস্তান্তৰকৰণ এনে হ’ব লাগিব যাতে আগতে উল্লেখ কৰা ‍‘ভুল প্ৰজ্ঞা’ হস্তান্তৰিত নহয়। ফাইনমেনৰ নিজৰ ভাষাত—‍‘এক ধৰণৰ ভাৰসাম্যতাৰে, যিটোৰ বাবে যথেষ্ট দক্ষতা লাগে, অতীতক গ্ৰহণ আৰু প্ৰত্যাখ্যান দুয়োটা কৰিবলৈ শিকোৱাটো আৱশ্যকীয়। সকলো বিষয়ৰ ভিতৰত একমাত্ৰ বিজ্ঞানে পূৰ্বৱতী পুৰুষৰ সৰ্বশ্ৰেষ্ঠ শিক্ষকসকলৰ অভ্ৰান্তি ওপৰত বিশ্বাসৰ বিপদৰ পাঠ অন্তৰ্ৱিষ্ট কৰে।’ ফাইনমেনৰ চিন্তাৰ গভীৰতাৰ এই কথাখিনিয়ে মোৰ মনত ঋগ্বেদৰ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি সম্পৰ্কীয় বিখ্যাত ‍‘নাসদীয় সুক্ত’ৰ শেষৰ শ্লোকটো অনুৰণিত কৰি তোলে—

‘‍ইয়ং বিসৃষ্টির্য়ত আবভূব যদি বা

দধে যদি বা ন।

যো অস্যাধ্যক্ষঃ পৰমে ব্যোমন্তসো

অংগ বেদ যদি বা ন বেদ।।’

এই নানা সৃষ্টি যে ক’ৰপৰা হ’ল, কাৰপৰা হ’ল, কোনে সৃষ্টি কৰিলে, কোনে কৰা নাই, সেইটো তেৱেঁই জানে যিজন ইয়াৰ প্ৰভুস্বৰূপে পৰমধামত আছে বা তেৱোঁ নাজানিব পাৰে।) সৰ্বশক্তিমান সর্বজ্ঞ ভগৱানৰ জ্ঞানতো সন্দেহ প্ৰকাশ কৰিব পৰা প্ৰাচীন ভাৰতীয় ঋষিসকলৰ হয়তো এয়াই আছিল বৈজ্ঞানিক মানস !

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ৰিচার্ড ফিলিপছ ফাইনমেন
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 23, 2026
Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

January 23, 2026
Is Artificial Intelligence a Friend or Foe to the Environment?

Is Artificial Intelligence a Friend or Foe to the Environment?

January 1, 2026
Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

October 6, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d