ৰীতা আনৱাৰি
আফগানিস্তানৰ ৰীতা আনৱাৰীৰ জীৱন -যুদ্ধৰ সচাঁ কাহিনী
[ অষ্ট্ৰেলিয়ান আফগানিস্তান চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিস্থাপক অধ্যক্ষ তথা উইমেন এম্পাৱাৰমেন্ট এন্ড লীডাৰশ্বিপৰ প্ৰতিস্থাপক সঞ্চালক আৰু ইন্টাৰনেছনেল জাষ্টিচ এৱাৰ্ড প্ৰাপক, তথা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগতে এতিয়ালৈ ৫৪ টা পুৰস্কাৰ লাভ কৰা ৰীতা আনৱাৰি নাৰী কল্যাণ – নাৰী অধিকাৰ আদিৰ ক্ষেত্ৰত এক পৰিচিত নাম। …
…..মহাবাহুৰ সম্পাদকৰ সৈতে হোৱা আলাপৰ পিছত মহাবাহুক আফগানিস্তানৰ মহিলাৰ সমস্যাৰাজি ডাঙি ধৰা হেতুকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ মহাবাহুৰ তৰফৰ পৰা কৰা অনুৰোধ ৰক্ষা কৰি নিজৰ জীৱন যুদ্ধৰ বিষয়ে চমুকৈ যি বৰ্ণনা কৰিলে, সেয়া তলত ডাঙি ধৰা হ’ল। আমি ৰীতা আনৱাৰিক অলেখ শুভেচ্ছা জ্ঞাপন কৰিছো – তেওঁ তেওঁৰ যাত্ৰাপথত সফল হওক।]
ৰীতা আনৱাৰিৰ বৰ্ণনাঃ
মোৰ মা-দেউতা খুব শিক্ষিত আছিল বাবেই তেওঁলোকে বিচাৰিছিল যাতে মই স্কুললৈ যাওঁ।
কিন্তু মোৰ বয়স প্ৰায় ১০ বছৰ হোৱাৰ সময়তেই যুদ্ধৰ পটভূমিত আফগানিস্তানত স্কুলবোৰ বন্ধ হৈ গ’ল। মোৰ চুবুৰীটো যুদ্ধক্ষেত্ৰৰ মাজতেই আছিল, সেইবাবেই চুবুৰীটোত সদায় বন্দুক আৰু বোমাৰ শব্দ হৈছিল।
আমি বেছমেণ্টত লুকাই থাকিছিলো যাতে বিস্ফোৰণ বা খিৰিকীৰ কাঁচ ছিন্নভিন্ন হ’লে আঘাত নাপাওঁ৷
সেইসময়ত মোৰ মা-দেউতাই ঘৰলৈ কামৰ পৰা বা বাহিৰৰ পৰা উভতি আহি কৈছিল- অমুক চুবুৰীয়াজনৰ মৃত্যু হ’ল বা তমুক ওচৰ-চুবুৰীয়াৰ হাত ছিঙি গ’ল বা অমুক ওচৰ-চুবুৰীয়াৰ মূৰটো ছিঙি গৈছে। ভয়ংকৰ আছিল সেইবোৰ খবৰ।
মোক বেছিকৈ বাহিৰলৈ ওলাই যাবলৈ দিয়া নহৈছিল, কাৰণ মোৰ মা চিন্তিত আছিল যে মোক কোনো ওচৰ-চুবুৰীয়াই হয়তো তেওঁলোকৰ ল’ৰাৰ কইনা হিচাপে আজুৰি লৈ যাব পাৰে, যদিও মই ‘কইনা’ হ’বলৈ তেনেই সৰু আছিলো।
কিন্তু সেই সময়ত সেইটো অতি সাধাৰণ কথা আছিল, কিয়নো চৰকাৰ বুলিবলৈ একো নাছিল, মানুহে নিজৰ ইচ্ছামতে যিকোনো কাম কৰিব পাৰিছিল। গতিকে মোৰ মায়ে মোক বেছিভাগ সময় ঘৰতেই লুকুৱাই ৰাখিছিল।
সময়বোৰ কেনেকৈ পাৰ কৰিলো নাজানো৷ আমাৰ প্ৰায়ে টিভি চাবলৈ বা ৰেডিঅ’ শুনিবলৈ ঘৰত বিদ্যুৎ নাছিল। আৰু আমাৰ হাতত থকা বেছিভাগ কিতাপ আমাক পঢ়িবলৈ দিয়া হোৱা নাছিল, কিয়নো সেইবোৰ পূৰ্বৰ শাসন ব্যৱস্থাৰ আছিল। কোনোবাই ঘৰলৈ আহি আমাক সেই কিতাপবোৰ পঢ়ি থকা দেখিলে মোৰ মা-দেউতাক হত্যাও কৰিব পাৰে!
তাৰ পিছত পৰিস্থিতি বহুত বেয়া হৈ পৰিল। মোৰ চুবুৰীত ৰকেট নিক্ষেপ হৈ আছিল, আৰু মোৰ ডাঙৰ ভাতৃৰ মৃত্যু হৈছিল মাত্ৰ ২১ বছৰ বয়সতে। উপায়হীন হৈ অৱশেষত মোৰ মা-দেউতাই পাকিস্তানলৈ পলায়নৰ সিদ্ধান্ত লৈছিল।
দুৰ্ভাগ্যজনকভাৱে মোৰ আৰু মোৰ ভনীহতৰ বাবেও তাত স্কুললৈ যোৱাটো নিৰাপদ নাছিল আৰু শেষত মায়ে মোক অষ্ট্ৰেলিয়াত বাস কৰা এজন আফগান মানুহৰ সৈতে বিয়া হ’বলৈ ব্যৱস্থা কৰি দিলে।
এইক্ষেত্ৰত অৱশ্যে মোৰ ভাগ্য ভাল আছিল। মোৰ শাহুআই খুব ভাল ভদ্ৰমহিলা আছিল, আৰু তেওঁ বিচাৰিছিল যাতে মই স্কুললৈ যাওঁ। কিন্তু স্কুল মানেও এখন যুদ্ধই আছিল। স্কুলত প্ৰতিদিনে গুণ্ডাগিৰি কৰা হৈছিল আৰু ভাষা বুজিব নোৱাৰাৰ বাবে মই বন্ধুত্বও গঢ়িব পৰা নাছিলো।
মই নিজৰ ভাষাটোও বৰ ভালকৈ নাজানিছিলো! আৰু তাৰ পিছত, অৰ্থাৎ স্কুল ছুটীৰ পিছত ঘৰলৈ আহি নাৰীৰ ( বোৱাৰীৰ) সাজ-পোছাক পিন্ধি ঘৰত নাৰীৰ( বোৱাৰীৰ) কৰ্তব্য পালন কৰিব লাগিছিল।
এনে এক পৰিস্থিতিত মই বৰ হতাশ হৈ পৰিলো। মোৰ এনে লাগিল যেন মই এই সমাজৰ নহয়৷ সেই সময়ত মই বহিঃৰাষ্ট্ৰলৈও ফোন কৰিব নোৱাৰিছিলো, কাৰণ ফোন কৰিলে প্ৰতি মিনিটত প্ৰায় ৪ ডলাৰ খৰছ আছিল।
তাৰোপৰি মোৰ লেখা ইমানো ভাল নাছিল যে মই ক’ব বিচৰা কথাখিনি চিঠি এখনত প্ৰকাশ কৰিব পাৰিলোহেতেন৷
অৱশেষত ডেটলৰ বটল এটা খাই নিজকে হত্যা কৰিবলৈ চেষ্টা কৰিলো। মোৰ স্বামী আৰু শহুৰ দেউতাই মোক হস্পিতাললৈ লৈ গ’ল যদিও কোনেও মোক সোধা নাছিল যে মই কিয় তেনে কাম কৰিলোঁ। সেইটোৱেই আছিল আটাইতকৈ দুখৰ বিষয় – কাৰণ মোৰ দুখৰ খবৰ লবলৈও কোনো নাছিল।
তেওঁলোক মাথো চিন্তিত হৈছিল মই মৰিলে তেওঁলোকে পুলিচক কি ক’ব বা পুলিচে কি কৰিব!
আৰু তাৰ পিছত মই তিনিটা সন্তানেৰে গৰ্ভৱতী হ’লোঁ। স্কুলৰ সকলোৱে মোক সুধি থাকিল যে মই মোৰ প্ৰেমিকৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছো নেকি? মই সিহঁতক মোৰ স্বামী আছে বুলি ক’লেও সিহঁতে জোকাই থাকিছিল।
সিহঁত সৰু আছিল আৰু কম বয়সত অষ্ট্ৰেলিয়াত বিয়া নহৈছিল বাবে কথাবোৰ বুজি পোৱা নাছিল। মানুহবোৰে মোৰ লগত কেনেধৰণৰ কথা পাতিছে তথা মোক মানুহবোৰে কি বুলি ভাবিছে আৰুকি বুলি অভিহিত কৰিছে তাকে ভাবি বহি বহি কান্দিছিলোঁ।
ইয়াৰ পিছত মোৰ তিনিটা সন্তানৰ জন্ম সময়তকৈ এমাহ আগতেই হ’ল আৰু ২১ দিনৰ ভিতৰত এটা এটাকৈ তিনিওটাই মৃত্যুবৰণ কৰিলে। মোৰ মাতৃকে ধৰি নিজৰ পৰিয়ালটোৰ পৰা দূৰত থকা হেতুকে সেই অভিজ্ঞতা মোৰ বাবে অকল্পনীয়ভাবে কঠিন আছিল।
সেই কৰুণ ঘটনাৰ দুমাহৰ পিছত মই আকৌ গৰ্ভৱতী হ’লো। এইবাৰ সকলো ঠিকেই হৈ গ’ল, মোৰ প্ৰথম ল’ৰাটোৰ জন্ম হ’ল। তেওঁৰ জন্মৰ সময়ত মই বৰ বৰ সুখী হৈছিলো আৰু নাৰ্ছক সুধি আছিলো যে তেওঁ জীয়াই আছে নে নাই আৰু উশাহ লৈছে নে নাই আৰু ঠিকেই আছে নে নাই!
তাৰ পিছত মই তেওঁক ইউৰোপত থকা মোৰ পৰিয়ালৰ ওচৰলৈ লৈ গ’লোঁ, য’ত তেওঁলোকৰ বেছিভাগেই পুনৰ সংস্থাপিত হৈছিল। মই ৬ বছৰৰ পিছত প্ৰথমবাৰৰ পৰিয়ালৰ মানুহবোৰক দেখা পাইছিলোঁ।
ইয়াৰ পিছত আমি কুইন্সলেণ্ডলৈ গুচি আহিলোঁ যাতে মই মোৰ ভাইটিৰ ওচৰত থাকিব পাৰো, যিজনে তালৈ প্ৰব্ৰজন কৰিছিল।
ইতিমধ্যে মই জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলোঁ যাতে মই মোৰ জীৱনত যি কৰিব লাগে সেয়া কৰিব পাৰো আৰু মোৰ শিক্ষা সম্পূৰ্ণ কৰিব পাৰো। মোৰ স্বামীৰ বাবে সেয়া আছিল বৰ ডাঙৰ সমস্যা, কাৰণ তেওঁ আন এটা সন্তান বিচাৰিছিল। কিন্তু মই সাজু নাছিলোঁ৷
মই মোৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ আৰম্ভ কৰিলোঁ, গ্ৰাহক সেৱাৰ পৰা আৰম্ভ কৰি মেনেজমেণ্টলৈকে আৰু তাৰ পিছত কাউণ্টাৰ মেনেজাৰলৈকে। তাৰ পিছত যেতিয়া মই সাজু হ’লোঁ, তেতিয়া মোৰ দ্বিতীয় সন্তানেৰে গৰ্ভৱতী হ’লোঁ।
গৰ্ভাৱস্থাৰ আধাতে তেওঁলোকে আৱিষ্কাৰ কৰিলে যে মোৰ হৃদযন্ত্ৰৰ এক বৃহৎ সমস্যা আছে। কিন্তু দুটা ‘ব্লক’ মুকলি কৰা হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰাৰ আগতে মই এজনী ধুনীয়া ছোৱালী সন্তান জন্ম দিলোঁ।
ইয়াৰ পিছত মই ‘ফেমিলি ডে কেয়াৰ এডুকেটৰ’ হিচাপে চাকৰি পালোঁ, আৰু চাইল্ড কেয়াৰত ডিপ্লমা কৰিলোঁ। সেই কামৰ শাখাটোত মই অতি সফল হৈছিলো, আৰু ডেৰ বছৰৰ ভিতৰতে মোৰ নিজা ব্যৱসায় আৰম্ভ হ’ল। মোৰ লগত প্ৰায় ৬০০ শিক্ষাবিদে কাম কৰিছিল।
ইয়াৰ পিছত মই সমগ্ৰ দক্ষিণ-পূব এছিয়াত ব্যৱসায়িক বিকাশৰ ক্ষেত্ৰত ‘হেৰী’ছ এডুকেচন টেকন’লজি কলেজ’ত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিছুদিন পিছত ‘বছ’ক সুধিলোঁ যে মই ব্যৱসায়টো আফগানিস্তানলৈ লৈ যাব পাৰো নেকি আৰু তেওঁ ক’লে যে ‘লৈ যাব পাৰা’ !
অৱশেষত কাম কৰিবলৈ ভাল কলেজ এখন পোৱাৰ আগতে বহু সময় বিচাৰিলোঁ, আৰু তাৰ পিছত আফগান চৰকাৰকো অংশীদাৰিত্বক সমৰ্থন কৰিবলৈ পতিয়ন নিয়ালোঁ।
২৫ বছৰৰ পাছত যেতিয়া মই প্ৰথমবাৰৰ বাবে কাবুলত অৱতৰণ কৰিলোঁ, তেতিয়া মোৰ বাবে সেয়া আছিল এক তীব্ৰ ‘শ্বক’! মোক, মন্ত্ৰী আৰু সংসদ সদস্যকে ধৰি প্ৰায় ৫০০ জন লোকৰ সন্মুখত এটা কনফাৰেন্স ৰুমলৈ লৈ যোৱা হ’ল, তেওঁলোকে মোক মঞ্চলৈ উঠি আহি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ক’লে।
মোৰ হৃদয়খন খুব বেগেৰে ধপধপাই আছিল। কিন্তু মই ভাল ভাষণ এটাই দিলোঁ। ইয়াৰ পিছতেই ‘ছ’চিয়েল মিডিয়া’ৰ জৰিয়তে মোৰ লগত সংযুক্ত হৈ থকা কিছুমান মহিলাক লগ পালোঁ৷
উভতি আহোঁতে আফগানিস্তানৰ মহিলাসকলক সহায় কৰিবলৈ নিজাকৈ এটা সংস্থা – মহিলা সৱলীকৰণ নেতৃত্ব আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত অনুভৱ কৰিলোঁ৷ ইয়াৰ আৰম্ভণি হৈছিল কেৱল তাত লগ পোৱা মহিলাসকলৰ পৰাই, কিন্তু ২ বছৰৰ পাছত আমাৰ অনলাইন গ্ৰুপসমূহৰ মহিলাৰ সংখ্যা ৩০০০০০ লৈ বৃদ্ধি পাইছিল।
বহু আফগান মহিলা পেছাদাৰীয়ে স্বেচ্ছাই তেওঁলোকৰ সেৱা আগবঢ়াইছে, আৰু মই মহিলাসকলক তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰিবলৈ গ্ৰুপটো ব্যৱহাৰ কৰো এই পেছাদাৰীসকলৰ সহায়ত।
২০১৮ চনত মই টংগা বিশ্ববিদ্যালয়ৰ পৰা ন্যায় সমতা আৰু মহিলাৰ অধিকাৰ আৰু সৱলীকৰণৰ বাবে সন্মানীয় পি এইচ ডি লাভ কৰিলোঁ।
পৰিয়ালৰ ‘ডে কেয়াৰ’ত মোৰ কামৰ জৰিয়তে ব্রিজবেনৰ বিভিন্ন পটভূমিৰ মহিলাসকলৰ সৈতেও মই অতিশয় সংযুক্ত ৷ ঘৰুৱা হিংসাৰ সমস্যা হ’লে তেওঁলোকে মোক ফোন কৰে, আৰু মই আৰক্ষীৰ যোগাযোগ বিষয়াৰ সৈতে গৈ তেওঁলোকৰ স্বামীক কি হৈছে বুজিবলৈ সহায় কৰো।
শেহতীয়াকৈ মোক ক’ভিড-১৯ৰ সময়ত এই ক্ষেত্ৰত কৰা কামক স্বীকৃতি দি কুইন্সলেণ্ড চৰকাৰৰ পৰা এটা বঁটা প্ৰদান কৰা হৈছিল।
মই এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনত ডিগ্ৰী লৈছো, কাৰণ মই এদিন ৰাষ্ট্ৰসংঘৰ বাবে বা অষ্ট্ৰেলিয়াৰ ৰাজনীতিবিদ হিচাপে কাম কৰিবলৈ বিচাৰো!
মই অষ্ট্ৰেলিয়াত থাকিব পৰা হেতুকে নিজকে ভাগ্যৱান বুলি অনুভৱ কৰোঁ, কাৰণ মোৰ বাবে ইয়াত গণতন্ত্ৰ আছে। মই যদি আফগানিস্তানত থাকিলোহেঁতেন, তেন্তে মোক হয়তো ধৰ্ষণ বা হত্যা কৰা হ’লহেঁতেন।
অষ্ট্ৰেলিয়াত মোৰ স্বাধীনতা আছে আৰু কোনো ভয় নোহোৱাকৈ মাত মাতিব পাৰো।
আশাকৰোঁ মই কেৱল আফগান মহিলাৰ বাবেই নহয়, সকলো মহিলাৰ বাবেও মহিলাৰ বাবে কণ্ঠস্বৰ হৈ থাকিব পাৰিম।
[মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা ]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)