বিবাহৰ পিছত ৩ দিনলৈ শৌচাগাৰ নিষিদ্ধ
অৰবিন্দ ৰাভা
দেশে- বিদেশে জাতি, ধৰ্ম অনুসৰি বিবাহৰ ৰীতি-নীতি সলনি হয়। এয়া এক স্বাভাৱিক বিষয়।
কিন্তু কিছুমান বিয়াৰ ৰীতি-নীতি এনে ধৰণৰ যে হতবাক নহৈ উপায় নাই।
বহুত ৰীতি-নীতি শুনা যায় যদিও কাহানিবা বাৰু শুনিছে নে যে বিয়া হোৱাৰ পিছত ৩ দিন পৰ্যন্ত নতুন দৰা- কইনাই শৌচাগাৰলৈ যাব নোৱাৰে! শুনিবলৈ আচৰিত হ’লেও, এনে ৰীতি-নীতি প্ৰচলিত হৈ আছে ইন্ডোনেছিয়াৰ এক জনজাতিৰ মাজত।
জাকাৰ্টাৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি সেই বিশেষ জনজাতিৰ নাম হ’ল টাইডং।
তেওঁলোক মূলতঃ কৃষিজীৱি। ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ সীমান্ত অঞ্চলত ( The Tidong people are a native group that originated from the northeastern region of Borneo and reside on both sides of the borders of Indonesia and Malasia.) তেওঁলোকে বাস কৰে তথা তেওঁলোকে ব’ৰ্ণিঅ’ৰ উত্তৰ পূবৰ পৰা সেই অঞ্চললৈ আহিছিল।
এই জনজাতিৰ বিবাহৰ ৰীতি হ’ল, বিয়াৰ পিছত নতুন দৰা- কইনাক এটা ঘৰলৈ লৈ যোৱা হয় আৰু তাতেই ৩ দিন সম্পূৰ্ণ অকলশৰীয়াকৈ ৰখা হয়। সেই ৩ দিনত তেওঁলোক দুজনৰ কোনেও শৌচাগাৰলৈ যাব নোৱাৰে। সম্পূৰ্ণ নিষিদ্ধ।
টাইডং জনজাতিৰ মাজত বিশ্বাস, বিয়াৰ পিছত নতুন জীৱন যাতে সুখ-শান্তিৰে অতিবাহিত হয়, তাৰ বাবেই এই ৰীতি পালন কৰিবই লাগিব।
যদি নৱদম্পতীয়ে শৌচকৰ্ম নকৰাকৈ তিনিদিন অতিবাহিত কৰিব পাৰে, তেনেহলে পৰৱৰ্তী জীৱন সুখময় হ’ব, অন্যথা দুজনৰ মাজত বিচ্ছেদ অৱশ্যাম্ভাৱী।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.