এয়া যেন পুনৰ্জন্ম!
পুনৰ কবৰৰ পৰা জীৱন্তে উভতি আহিল ইউক্ৰেনৰ যুৱক মাইকোলা!
দিলীপ দৈমাৰী
হয়, এয়া যেন পুনৰ্জন্ম!
চকুৰ সন্মুখত দুজন ভাতৃক তিলতিলকৈ যন্ত্ৰণা ভুগি মৃত্যুবৰণ কৰা দেখিছিল তেওঁ। তেওঁৰ কাণ, গাল স্পৰ্শ কৰি পাৰ হৈ গৈছিল উত্তপ্ত ৰাছিয়ান বুলেট। হাত – ভৰি বান্ধি থোৱা অৱস্থাত মৃত বুলি ধৰি লৈ গুৰিয়াই কবৰত সুমুৱাই দিছিল ৰাছিয়াৰ সৈন্যই। কিন্তু পুনৰ কবৰৰ পৰা জীৱন্তে উভতি আহিল ইউক্ৰেনৰ যুৱক মাইকোলা!
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰে আৰু সেই তেতিয়াৰ পৰাই অবিৰাম সংঘৰ্ষ চলি আছে। তথাপিও কিন্তু উত্তৰ ইউক্ৰেনৰ চেৰনিহিভ অঞ্চলৰ বাসিন্দা মাইকোলা আৰু তেওঁৰ পৰিয়ালে যুদ্ধৰ জটিলতাৰ মাজত নোসোমোৱাকৈ তিষ্ঠি আছিল। পিছে ১৮ মাৰ্চত সকলো হিচাব নিকাচ সলনি হৈ পৰিল।
আন্তৰ্জাতিক সংবাদ মাধ্যম চি.এন.এন.অৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাইকোলাই তেনেদৰেই জনাই কৈছে, সেই সময়ত সেই অঞ্চলত ইউক্ৰেনৰ সৈন্যবাহিনীৰ সৈতে সংঘৰ্ষত বৰ বেয়া অৱস্থাত পৰিছিল ৰুছ সৈন্য। গতিকে ৰুছ সৈন্যই বোমাবৰ্ষণ কৰি আক্ৰমণ আৰম্ভ কৰিছিল। তাৰপিছত সমগ্ৰ অঞ্চলত তালাচী আৰম্ভ কৰিছিল ৰাছিয়াৰ সৈন্যই।
তেতিয়াই মাইকোলাৰ বাসগৃহত প্ৰৱেশ কৰিছিল ৰাছিয়াৰ সৈন্য। তেওঁৰ ভনীয়েক ইৰিনা সেইসময়ত ঘৰত নাছিল যদিও ভায়েক দুজন ইয়েভেন আৰু দিমিত্ৰ ঘৰত আছিল। তেওঁলোকৰ ককাদেউতাক এসময়ত আছিল ইউক্ৰেনৰ সৈতে যুক্ত আৰু সেই সূত্ৰে সেনাৰ পদক পাইছিল। গতিকে তেনে পদকৰ সন্ধান পাই অকথ্য নিৰ্যাতন আৰম্ভ কৰে।
মাইকোলাই কৈছে, জ্ঞান লুপ্ত নোহোৱা পৰ্যন্ত অত্যাচাৰ চলাইছিল ৰুছ সৈন্যই। জ্ঞান উভতি অহাৰ পাছত নিজকে ৰুছ সৈন্যৰ এক বেচমেন্টত আৱিষ্কাৰ কৰে মাইকোলাই। তাতে পুনৰ তিনিদিন জেৰা চলে আৰু লগতে বীভৎস অত্যাচাৰ। চতুৰ্থ দিনা তিনিওকে হাত – ভৰিত বান্ধি এক নিৰ্জন ঠাইলৈ লৈ যোৱা হয় আৰু গুলি চলোৱা হয়। কাষতেই আছিল ইতিমধ্যে খান্দি থোৱা কবৰ।
ইয়েভেন আৰু দিমিত্ৰৰ নিথৰ দেহ দুটা সেই কবৰত পৰি যায় গুলিবিদ্ধ হোৱাৰ পিছত। মাইকোলাৰ কাণ আৰু গাল স্পৰ্শ কৰে উত্তপ্ত বুলেটে, আৰু মাইকোলাই মৃত্যু হোৱাৰ দৰে অভিনয় কৰি মাটিত পৰি যায়। তাৰপিছত মাইকোলাৰ দেহটোত লঠিয়াই লঠিয়াই কবৰত পেলাই দিয়া হয় আৰু মাটি জাপি দিয়া হয়।
জীৱন্ত অৱস্থাত কবৰত পৰি আছিল মাইকোলা। কোনো শব্দ কৰা নাছিল। হাত- ভৰি বান্ধি থোৱা আছিল। চকুৰ সন্মুখত মৃত্যু দেখিও কিন্তু তেওঁ আশা এৰি দিয়া নাছিল। কোনোমতে পিছত তেওঁ সেই কবৰৰ পৰা চুচৰি বাগৰি বাহিৰ হৈ পথাৰৰ কাষত থকা ঘৰ এটাত আশ্ৰয় লয়। পিছত সুস্থ হৈ নিজৰ ঘৰলৈ যায়।
নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি মাইকোলাই কৈছে, ‘এই কাহিনী সকলোৱে শুনা উচিত। কেৱল ইউক্ৰেনতেই এনে ঘটনা হোৱা নাই, সমগ্ৰ বিশ্বতে এনেধৰণৰ ঘটনা ঘটে!’
29-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.