ৰূপকোঁৱৰৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ অনন্য মূল্যায়ন

যুগান্ত বায়ন
(১৭ জানুৱাৰী “শিল্পী দিৱস” উপলক্ষ্যে)
“তেওঁ সুকুমাৰ কলাৰ আটাইকেউবিধ কবিতা,সংগীত, স্থাপত্য, ভাস্কৰ্য, আলেখ্যত বিশাৰদ আছিল।তেওঁ কবিতা লিখিছিল, তেওঁ গীত লিখিছিল, তেওঁ সুৰ সংযোগ কৰিছিল, তেওঁ ছন্দ যোজনা কৰিছিল, তেওঁ নৃত্য পৰিকল্পনা কৰিছিল, তেওঁ গাইছিল, বজাইছিল, নাচিছিল।৹৹৹আজি বিশ্ব স্থাপত্যৰ ৰৌপিক সৰলতা আৰু স্তূপ সমাৱেশেৰে ৰচনা কৰিব খোজা স্থাপত্যৰ সৌন্দৰ্যৰ আদিম প্ৰকাশ শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰতেই দেখিছিলোঁ।হিন্দু, বৌদ্ধ আৰু মোগল স্থাপত্যৰ প্ৰভাৱৰ মাজত এনে স্থাপত্যৰ বৈপ্লৱিক ভঙ্গীয়ে মোৰ মনত বিস্ময় ওপজায়।১৯৩০ চনত বাৰ্লিনত ভাৱিষ্যতিক আধুনিক স্থাপত্যৰ কেইটামান নতুনকৈ সজা ৰাজহুৱা ঘৰ দেখি চক খাই উঠি সেই বিদেশৰ চহৰৰ পৰাই এই অসমৰ মহাপ্ৰতিভালৈ মূৰ দোঁৱাইছিলোঁ।ইয়াৰ পিছত য়ুৰোপৰ পৰা মই উভতি আহি ১৯৩১ চনত বৰদোৱা সত্ৰলৈ গৈ তাত নামঘৰৰ খুঁটাত কাটি থোৱা ভাস্কৰ্যৰ নিদৰ্শন দেখি আকৌ এবাৰ বিস্ময়ত অভিভূত হ’লোঁ।
আগে নিচিনিলো আৱেসে জানিলো
তেন্তে তুমি শ্ৰীৰাম।
অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক
চৰণে কৰো প্ৰণাম।।
পশ্চিমীয়া শিক্ষা পাই অহংকাৰত অন্ধলা হৈ ঘৰৰে মহাপ্ৰতিভাক চিনি নাপাই ফুৰা মোৰ মনটোৰ সকলো অহংকাৰ সেইদিনা একেবাৰেই ধূলিসাৎ হৈ গ’ল।সেইদিনাৰ পৰাহে মই অসমীয়া হ’বলৈ আৰম্ভ কৰিলোঁ।মোৰ ভিতৰৰ চাহাবটো ওলাই লৰ মাৰিলে। তাৰ পিছত নামঘৰৰ ভিতৰলৈ সোমাই গৈ দেখিলোঁ থাপনাত দেখোন cubist design ৰ।তাত অঁকা থকাবোৰ কোনোটো impressionist, কোনোটো symbolist শিল্পীৰ আলেখ্যৰ দৰে। বাৰে বাৰে এটা প্ৰশ্নই জাগিবলৈ ধৰিলে—-বিলাতলৈ কেলেই পঢ়িবলৈ গৈছিলোঁ? যি বিচাৰি গৈছিলোঁ ঘূৰি আহি দেখোন ঘৰতে পালোঁ।তেতিয়াৰে পৰা শ্ৰীমন্ত শঙ্কৰৰ সৰ্বতোমুখী প্ৰতিভা বুজিবলৈ চেষ্টা কৰি আহিছোঁ।আজিওতো সকলো বুজি শেষ কৰিব পৰা নাই।”
আজিৰ তথাকথিত বিশ্বায়নক দোহাই দি আমাৰ সমাজৰেই একাংশই শংকৰদেৱৰ গুণ গৰিমাক প্ৰাধান্য দিয়াতকৈ বাহিৰৰ ধ্যান ধাৰণাক বুকুত আকোঁৱালি লৈ বৃহত্তৰ অসমীয়া সমাজখনলৈ এক অপ সংস্কৃতিৰ পোহাৰ মেলাৰ সময়তেই তাহানিতে ৰূপকোঁৱৰে শংকৰদেৱক গুৰুৰ মৰ্য্যাদা প্ৰদান কৰি প্ৰকাশ কৰা জনতাৰ শিল্পী গৰাকীৰ চিন্তা-চেতনাই আজিৰ সমাজখনক শৃংখলিত ৰূপত আগবঢ়াই নিয়াৰ বাবে এই মহান শিল্পী গৰাকীৰ আজি ১৭ জুনৰ জন্ম দিৱসৰ পৱিত্ৰ মূহুৰ্তবোৰ সংকল্পৰ মূহুৰ্ত হওঁক।
ৰূপান্তৰৰ শিল্পীগৰাকীৰ জন্ম দিৱসত শত কৌটি প্ৰণাম জনাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কথা আৰু সুধাকণ্ঠৰ গীতৰ সুৰতেই কওঁ –
প্ৰেম প্ৰেম বুলি জগতেই ঘূৰিলো
ঘৰতেই আছিলে প্ৰেম
জগতৰে গুৰু ঘৰতে আছিলে
অন্ধলাই নেদেখিলোহে
গুৰু শংকৰ।

যুগান্ত বায়ন- ৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















