• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

ASSAMESE SECTION /

by Monoswini Sarmah
January 17, 2026
in ASSAMESE SECTION, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems, Jyoti Sangeet, Literature
Reading Time: 4 mins read
0
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে
Share on FacebookShare on TwitterShare on LinkedIn

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে এক আলোকপাত 

মনস্বিনী শৰ্মা 

manaswini sarma
মনস্বিনী শৰ্মা 

 “ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে 

                   এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ”

    এক আদৰ্শ শিল্পীসত্তা,বিপ্লৱী প্ৰাণেৰে নিজস্ব অৱদান আগবঢ়াই নতুনত্ব আৰু বৈপ্লৱিক চেতনাৰে উদ্বুদ্ধ হৈ ৰূপান্তৰেৰে জগত সুন্দৰ কৰি থৈ গ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত পৰমানন্দ আগৰৱালাৰ ঔৰসত আৰু কিৰণময়ী দেৱীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা প্ৰসিদ্ধ নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা,দেশপ্ৰেমিক, গীতিকাৰ, সুৰকাৰ,লেখক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অনবদ্য অৱদান আজিও অসমীয়াৰ প্ৰাণত বৰ্তি আছে। সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি আদি সকলো ক্ষেত্ৰতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বৰঙণি আগবঢ়াইছিল।

সংস্কৃতিৰ ক্ষেত্ৰখনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ এটি উজ্বল নক্ষত্ৰ। চৈধ্য বছৰ বয়সতে ‘শোণিত কুঁৱৰী’ নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যলৈ অৱদান আগবঢ়োৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজিত ভিন্ন বৈশিষ্ট পৰিলক্ষিত হয়।তেখেতৰ ৰচিত অন্যান্য নাটকসমূহ হ’ল: খনিকৰ,কাৰেঙৰ লিগিৰী,ৰূপালীম, নিমাতী কইনা, সোণ পখিলী, লভিতা, কনকলতা আৰু সুন্দৰ কোঁৱৰ।সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ হৈছে নাটক।

আৰু এই নাটকৰ অন্তৰংগ উপাদান হিচাপে গীত অতি গুৰুত্বপূৰ্ণ। কেৱল “শোণিত কুঁৱৰী” নাটক বুলিয়েই নহয়,জ্যোতিপ্ৰসাদে তেখেতৰ নাটক সমূহত সংযোজন কৰা গীত সমূহ ব্যাপক অৰ্থত আধুনিক অসমীয়া সংগীতৰ এক অভিনৱ সংযোজন।সেই সময়ছোৱাত আধুনিক অসমীয়া সংগীতৰ অৱস্থা তথৈবচ।জ্যোতিপ্ৰসাদে অসমীয়া সংগীতৰ এই শোচনীয় অৱস্থাটোক প্ৰত্যক্ষ কৰিছিল আৰু সেয়েহে তেওঁ ৰচনা কৰা নাটক সমূহত অসমীয়া গীতৰ সংযোজন ঘটাইছিল।

অকল সেয়াই নহয় ইয়াৰ সুৰটো আছিল সম্পূর্ণ অসমীয়া। তেখেতে অসমৰ লোকগীতৰ সুৰক আধুনিক অসমীয়া গীতৰ সৈতে সংমিশ্ৰণ ঘটাই এহাতে অসমীয়া লোকগীতক আধুনিক মঞ্চত প্ৰতিষ্ঠা কৰিছিল আৰু আনহাতে আধুনিক অসমীয়া সংগীতক নৱৰূপ প্ৰদান কৰিছিল। এইকথাখিনি আমি আমাৰ আলোচ্য নাটক “শোণিত কুঁৱৰী”ৰ লগত মিলাই চাব পাৰোঁ।

সামগ্ৰিকভাৱে জ্যোতিপ্ৰসাদৰ “শোণিত কুঁৱৰী” নাটকখন হল অসমীয়া সাহিত্য -সংস্কৃতিৰ বাবে এক উল্লেখযোগ্য অৱদান। জ্যোতিপ্ৰসাদে পৌৰাণিক কাহিনীক নাটক খনত নৱৰূপত উপস্থাপন কৰিছে;বিষয়বস্তুক আধুনিকতা প্ৰদান কৰিছে। জ্যোতিপ্ৰসাদে নাটকখনৰ কাহিনীক মূলৰ অলৌকিকতাৰ পৰা বাস্তৱিকতালৈ ৰূপান্তৰ ঘটাইছে।

      আগৰৱালাদেৱৰ আন এখন নাটক হৈছে ‘খনিকৰ।’ খনিকৰ নাটত ৰোমাণ্টিক কল্পনাৰ প্ৰাধান্য নাই। চৰিত্ৰৰ আৱেগ- অনুভূতিবোৰক ইয়াত কাব্যিক ৰূপ দিয়া হোৱা নাই। এই নাটখনৰ ৰচনা ১৯২৮ চনত আৰম্ভ কৰি বহুবাৰ সংশোধনৰ পিছত ১৯৪০ চনত সম্পূৰ্ণ কৰা হয়।অসমীয়া শিক্ষিত সমাজক সুকুমাৰ কলাৰ চৰ্চা সম্পৰ্কে সজাগ কৰিবলৈ জ্যোতিপ্ৰসাদে খনিকৰ নাটখন ৰচনা কৰিছিল বুলি ভবা হয়।

খনিকৰ নাটকখন ৰচনাৰ আঁৰত এক পাৰিবাৰিক ঘটনাও লুকাই আছিল।খনিকৰ এখন সামাজিক নাট আৰু নাটৰ গতি বিষয়বস্তুৰ পৰা মুঠেই আঁতৰি যোৱা নাই। উপবস্তু বা ছাব-প্লট থাকিলেও দৰ্শকৰ দৃষ্টি মূলবস্তুৰ পৰা বিক্ষিপ্ত নহয়। কোনো অবান্তৰ দৃশ্য বা চৰিত্ৰ নাটখনত নাই। যি উপবস্তুই মূলবস্তুৰ বাতাবৰণ, চৰিত্ৰ-চিত্ৰায়ণ আৰু ৰূপায়ণত প্ৰয়োজনীয় তেনে সংযোগ হে নাট্যকাৰে ঘটাইছে।

খনিকৰ নাটখনি জ্যোতিপ্ৰসাদৰ আন আন নাটসমূহৰ তুলনাত জটিলতা বিহীন। নাটকৰ চৰিত্ৰসমূহৰ অন্তৰ্দ্বন্দ্ব্ব নাই। নাটখনিৰ ঘটনাবিন্যাসত উৎকণ্ঠা নাই। বাস্তৱতা আৰু ৰংগমঞ্চত সফলতা লাভৰ লক্ষণ থাকিলেও খনিকৰ নাটখনে জ্যোতিপ্ৰসাদৰ নাট্যপ্ৰতিভাৰ স্বাক্ষৰ বহন নকৰে।

      ‘কাৰেঙৰ লিগিৰী’ এখন বুৰঞ্জীমূলক নাটকৰ ঠাঁচত ৰচিত কাল্পনিক নাটক। অসম বুৰঞ্জীৰ আহোম যুগৰ পটভূমিত ৰচিত নাটকখনৰ মূল কাহিনীভাগ পাঁচটা অঙ্কত বিভক্ত।‘কাৰেঙৰ লিগিৰী’ এখন সমস্যামূলক নাট, য’ত আঁকি উলিওৱা হৈছে ব্যক্তি-চেতনাৰ লগত সামাজিক পৰম্পৰাৰ সংঘাত আৰু ব্যক্তিমানসৰ অন্তৰালত লুকাই থকা মগ্ন চৈতন্যৰ স্বৰূপ উদঙাই ধৰা হৈছে। নাটখনিৰ অন্যতম বৈশিষ্ট্য হৈছে চৰিত্ৰসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ বিপৰীতধৰ্মী মনোভাৱ।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

চৰিত্ৰসমূহৰ এই বিপৰীতধৰ্মীতা দুটা শিবিৰৰ মাজৰ সংঘাত নহয়, বৰং কেইবাটাও স্বতন্ত্ৰৰীয়া দৃষ্টিকোণেৰেহে বিপৰীতমুখী অভিব্যক্তি।নাটখনত গতানুগতিকভাৱে কাহিনী, চৰিত্ৰ, সংলাপ, সংঘাত বা জীৱন- দৰ্শনৰ ৰূপায়ণ কৰা নাই। বিষয়বস্তুৰ উপস্থাপনৰ ক্ষেত্ৰত যিদৰে নাট্যকাৰ জ্যোতিপ্ৰসাদে কেবাটাও নাট্যধাৰাৰ ধ্যান-ধাৰণাৰ সংমিশ্ৰণ ঘটাইছে, সেঈদৰে আংগিকৰ ক্ষেত্ৰতো অন্য সমকালীন নাট্যগুৰুৰ দ্বাৰা প্ৰদৰ্শিত অভিনয় শৈলী, কলা-কৌশলৰ সফল প্ৰয়োগ কৰিছে। 

     ‘ৰূপালীম’ হ’ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। এই ৰোমাণ্টিক বিয়োগান্তক নাটখন জ্যোতিপ্ৰসাদৰ অন্যতম শ্ৰেষ্ঠ শিল্প বুলি অভিহিত কৰা হয়। সৌন্দৰ্য আৰু প্ৰেমৰ এই উদাৰতাৰ বিপৰীতে বলী আৰু অত্যাচাৰীৰ আগ্ৰাসী অভিযানৰ কথাও ৰূপালীমত আছে।

কেৱল ভোগৰ বাবে সৌন্দৰ্যৰ অন্বেষনত থকা নিৰ্মম হৃদয়ৰ কথাও ৰূপালীমত নাট্যকাৰে কৈছে। কিন্তু ৰূপালীম অকল প্ৰেম-বিৰহ-হিংসাৰ নাটক নহয়। সেই সময়ৰ সাম্ৰাজ্যবাদী উপদ্ৰৱ,অন্যায়-অবিচাৰ সম্পৰ্কে জ্যোতিপ্ৰসাদে যি চেতনা অৰ্জন কৰিছিল সিয়ে নাটকৰ কাহিনীৰ ওপৰত ৰেখাপাত কৰিছে। ৰূপালীমৰ আত্মত্যাগে মণিমুগ্ধৰ লালসাক জয় কৰি তেওঁক মহত্ত্বৰ স্তৰলৈ উন্নীত কৰিছে।

গান্ধীজীয়ে নাট্যকাৰৰ মনোজগত দখল কৰি থকাৰ ইয়ে প্ৰমাণ কঢ়িয়াইছে। মণিমুগ্ধৰ ৰূপান্তৰে নাটখনিৰ বাবে সঁচাৰকাঠি স্বৰূপ। ৰূপালীম নাটত বেলজিয়ামৰ নাট্যকাৰ মৌৰিচ মেটাৰ্লিংকৰ নাট ‘মন্নভেন্না’ প্ৰভাৱ পৰা বুলি নাট্যকাৰে পাতনিত উল্লেখ কৰিছে।ৰূপালীম অতি নাটকীয় ক্ৰিয়াৰে পূৰ্ণ আৰু খৰ গতিৰ। নাট্যকাৰে এই ৰোমাণ্টিক ট্ৰেজেডিখন স্বকীয় বৈশিষ্ট্যৰে এক মৌলিক সৃষ্টি কৰি তুলিব পাৰিছে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

     নিমাতী কইনা হ’ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখনি লিৰিকধৰ্মী কাব্য-নাট। ১৯৩৬ চনত তেঁও এই নাটখনি ৰচনা কৰিছিল। নিমাতী কইনা নামৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি বেলাড জাতীয় কবিতাৰ ওপৰত এই নাটখনি প্ৰতিষ্ঠিত। বিষয়বস্তুৰ পৰিকল্পনা, ৰূপায়ন, সৌন্দৰ্য্য আৰু কাব্যিক আবেদনৰ ক্ষেত্ৰত এই নাটখনিক যথেষ্ট উৎকৰ্ষ বুলিব পাৰি।

সমালোচকৰ মতে- সমসাময়িক মধ্যবিত্ত সমাজৰ অনাদৰ-অৱহেলাৰ প্ৰতি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক্ষোভ আৰু অভিমানে এই নাটত তীব্ৰ উষ্মাৰ ৰূপ লৈছে। ব্যক্তিগত সংকটৰ স্তৰৰ পৰা শিল্পকলাৰ নৈৰ্ব্যক্তিকতালৈ সম্পূৰ্ণ ঊধাব নোৱাৰা বাবে ই সৰ্বাংগসুন্দৰ নহয়। সেয়ে বোধহয় জ্যোতিপ্ৰসাদে ইয়াক শিশু নাটিকা বুলিছে।

       আগৰৱালাদেৱৰ ‘সোণ পখিলী’ নাটক খনো এখন কাব্য আৰু ৰূপকৰ আবেদন থকা নাটক। শিশু উপযোগী এই নাটক খনো তেখেতৰ অসম্পূর্ণ নাটক।

      ‘লভিতা’ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত চতুৰ্থখন সম্পূৰ্ণ নাট। ই এখন সামাজিক নাটক।

১৯৪৭ চনত ৰচিত এই নাটকখনত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি বৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাৰ এক চিত্ৰ ৰূপায়ণ কৰা হৈছে। ১৯৪৮ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই নাটকখন পাঁচটা অংকত বিভক্ত।

লভিতা পোন প্ৰথমবাৰৰ বাবে ১৯৪৭ চনৰ শাৰদীয় দুৰ্গা পূজাত ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্যমন্দিৰ ৰংগমঞ্চত ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্ছৰ দ্বাৰা মঞ্চস্থ কৰা হয়। দ্বিতীয় বাৰৰ বাবে লভিতা মঞ্চস্থ হয় ১৯৭৮ চনত ডিব্ৰুগড়তেই। বিজয় সংঘৰ দ্বাৰা ইণ্ডিয়া ক্লাব ৰংগমঞ্চত এই মঞ্চায়ন অনুষ্ঠিত হয়। ‘লভিতা’ মাটিৰ গোন্ধ সমৃদ্ধ, স্বাধীনতাৰ প্ৰতি থকা মানুহৰ স্বাভাৱিক দূৰ্বাৰ আকৰ্ষণেৰে উদ্বুদ্ধ তথা মহাকাব্যিক নাটৰ বিশালতাৰে মহীয়ান।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

কিন্তু ইয়াৰ পিছতো এই নাটখনিয়ে মঞ্চকলা তথা সাহিত্যকৃতি হিচাপে পলমকৈহে স্বীকৃতি পায়। ষাঠী সত্তৰ দশকলৈ অসমৰ নাট্যলোচনা কেৱল বিদ্যায়তনিক ক্ষেত্ৰতেই সীমাৱদ্ধ হৈ থকাকে ইয়াৰ কাৰণ বুলি কোৱা হৈছে।

তদুপৰি নাটকৰ লগত জড়িত ব্যক্তিসকলৰ আধুনিক ভাৱধাৰাৰ নাটকক লৈ পৰীক্ষা-নিৰীক্ষা চলোৱাৰ প্ৰৱণতা নাছিল। ধ্ৰুপদী নাট্যৰীতিৰ পৰা ৰোমাণ্টিক নাট্যৰ্ৰীতিত অভ্যস্ত হ’লেও লভিতাৰ দৰে বাস্তৱধৰ্মী নাটৰ ৰসস্বাদনৰ বাবে সাহিত্য পণ্ডিতসকল প্ৰস্তুত নাছিল।

নাটখনিত জ্যোতিপ্ৰসাদে সময়ে সময়ে মহাত্মা গান্ধীৰ অহিংস নীতিক কটাক্ষ কৰা বহুতে সহজভাৱে ল’ব পৰা নাছিল।

লভিতা নাটত সমসাময়িক ঘটনাৱলীৰ উমান পোৱা যায় যদিও ১৯৪১-৪২ চনৰ পটভূমিত নাটকখন ৰচিত হৈছে আৰু প্ৰধান চৰিত্ৰ লভিতাই তথা গাঁৱৰ ৰাইজে কমিউনিষ্ট কাৰ্যকলাপৰ বিষয়ে জনা বুলি কোৱা হৈছে কিন্তু সেই সময়ত অসমৰ গাঁৱে-ভূঁয়ে কমিউনিষ্ট কাৰ্যকলাপ সিমান ব্যাপক নাছিল।

তদুপৰি লভিতাৰ সংলাপসমূহৰ কিছুমান আৱেগৰ আধিক্যত অযথা দীঘল আৰু জটিল হৈ পৰা দেখা যায়। আনহাতে সংলাপবিহীন কিছুমান দৃশ্যৰ কঠিন মঞ্চায়নে প্ৰযোজনাৰ ক্ষেত্ৰত আহুকাল সৃষ্টি কৰা দেখা যায়।

       জ্যোতিপ্ৰসাদ দেৱৰ জীৱনৰ শেষৰখন নাটক আছিল ‘কনকলতা’। ই তেখেতৰ মৃত্যুৰ বাবে সম্পূৰ্ণ ৰূপ ল’ব নোৱাৰিলে। ইয়াত স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতাক তুলি ধৰিছে যদিও,তেখেতে ইয়াৰ জৰিয়তে বিহুৰ মাজেদি অসমীয়াৰ কৃষ্টি সংস্কৃতি ও তুলি ধৰা দেখা যায়।

      জ্যোতিপ্ৰসাদ দেৱৰ আৰু এখন নাটকৰ নাম হ’ল সুন্দৰ কোঁৱৰ।ই এখন কাল্পনিক নাটক। ইয়াৰ কাহিনী ভাগ কাৰেঙৰ লিগিৰী নাটকৰ পাছৰ কাহিনী বুলি ক’ব পাৰি। কাৰেঙৰ লিগিৰী নাটকৰ সেই সুন্দৰ কোঁৱৰ চৰিত্ৰটোৱে ইয়াত উপস্থাপন কৰা হৈছে।

    ১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰিলেও খুব কম সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ দি গ’ল অফুৰন্ত সম্ভাৰ। বাস্তৱ আৰু কল্পনাৰ সমতাৰ দৰ্শনেৰে শোষিত জনতাক পোহৰৰ বাট দেখুৱাইছিল। তেখেতৰ কৰ্ম-চিন্তাৰে অসমীয়াৰ ঐতিহ্য আৰু অস্তিত্ব সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছিল। বৰ্তমান অসমীয়াৰ সংকট কালত জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনাৰ প্ৰাসংগিকতা আছে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

মনস্বিনী শৰ্মা ,যুৱ লেখিকা, শিৱসাগৰ

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d