• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Drama

ৰূপালীম্‌

-জ্যোতিপ্ৰসাদ আগৰৱালা

by Anjan Sarma
June 25, 2021
in Drama, Entertainment
Reading Time: 25 mins read
0
ৰূপালীম্‌
Share on FacebookShare on TwitterShare on LinkedIn

-জ্যোতিপ্ৰসাদ আগৰৱালা |

(কাল্পনিক নাট)

RelatedPosts

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026
নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

February 5, 2026
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026

                   ( পাতনি )

  এইখন মোৰ তৃতীয় নাট। ‘শোণিত-কুঁৱৰী’ লিখিছিলো চৈধ্য বছৰ বয়সৰ পৰা সোতৰ বছৰ বয়সৰ ভিতৰত। ‘কাৰেঙৰ লিগিৰী’ একৈছ বছৰৰ পৰা তেইছ বছৰ বয়সত আৰু ‘ৰূপালীম্’ তেত্ৰিছৰ পৰা লিখি পয়ত্ৰিছ-ছয়ত্ৰিছ বছৰ বয়সত সম্পূৰ্ণ কৰা হৈছে। ‘ৰূপালীম্’ লিখাৰ তিনি বছৰ আগৰে পৰা আৰু কেবাখনিও নাট লিখিবলৈ হাতত লোৱা হৈছে। তাৰে কেখনমান লিখা সম্পূৰ্ণ হৈ আছে। ইংৰাজী ১৯৩৬ চনত এই নাটখনি লিখা। তাৰ পিছত এইখন কেবাবাৰ সালসলনিকৈ লিখা হৈছে। ১৯৩৭ চনত এই নাটখন তেজপুৰৰ ‘বাণ-ৰঙ্গমঞ্চ’ত তোলা হয়। ঘূৰাই-পকাই লিখাৰ পিছত আৰু সালসলনি কৰাৰ পিছত এই নাট ডিব্ৰুগড়ৰ ‘ড্ৰামাটিক আৰ্ট ছোছাইটী’য়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে। এই অভিনয়ত নাটখনে ৰঙ্গমঞ্চত সফলতা লাভ কৰে।

  এই ‘ৰূপালীম্’ নাটৰ ঘটনা, চৰিত্ৰ, মানুহ, সকলো মনেৰে গঢ়াহে অৰ্থাৎ কাল্পনিক। ইয়াত আদৰ্শ চৰিত্ৰ দাঙি ধৰাতকৈ চৰিত্ৰৰ বিচিত্ৰতাহে দেখুৱাবলৈ প্ৰয়াস পোৱা হৈছে। এই কথাষাৰ যেন এই নাট-পঢ়োঁতাই আৰু সমালোচকে মন কৰে। যদি কোনো বৈচিত্ৰ্যময় চৰিত্ৰ আদৰ্শ চৰিত্ৰ হৈছে তেন্তে সি আপোনা- আপুনিয়ে হৈছে বা হৈয়ে আছে। সেই গতানুগতিক সম্পূৰ্ণ চৰিত্ৰৰ সূত্ৰমতে হয়তো কোনো কোনো চৰিত্ৰ অসম্পূৰ্ণ যেন দেখা যাব পাৰে। যাতে এই চৰিত্ৰবোৰ বুজোঁতে বেমেজালি নকৰে সেই কাৰণেহে পাতনিৰ এইখিনি মোখনি মাৰিবলগীয়া হল কাৰণ মোৰ আগৰখন নাট ‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰৰ চৰিত্ৰটোৰ বিষয়ে বহুতকে ভ্ৰম ধাৰণা কৰা দেখা পাইছোঁ। সুন্দৰৰ চৰিত্ৰ আদৰ্শ হিচাপে তাত দাঙি ধৰাতকৈ চৰিত্ৰৰ বৈচিত্ৰ্য — এটা চিৰবিপ্লৱী মনৰ দুনিৰ্ব্বাৰ গতিৰ সৈতে সমাজৰ সংঘৰ্ষ আৰু সংঘাত আৰু তাৰ পৰিণতি দেখুৱাবলৈহে প্ৰয়াস পোৱা হৈছিল। মেটাৰলিঙ্ক আৰু মোনভেনাৰ (Monnavana) ছাঁ পৰোঁ কি নপৰোঁকৈ অলপ আহি ৰূপালীম্ নাটত দেখা দিছে যদিও সি অজ্ঞাতভাৱেহে — লিখকৰ মনৰ খোটালীত বহু দিনৰ আগতে সোমাই থকা মোনভেনাই এতিয়াও আছোঁ বুলি সঁহাৰি দিছে মাথোন। ৰূপালীমে অসমীয়া ৰাইজৰ পৰা পাবলগীয়া চেনেহফেৰিৰ পৰা নিশ্চয় বঞ্চিত নহব। ইতি—

ভোলাগুৰি চাহবাগিচা।

জুন, ১৯৩৮ চন

                      ইতি আশীৰ্ব্বাদ ভিখাৰী

                     শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা

                      ৰূপালীম্‌

                        চৰিত্ৰ

                      মণিমুগ্ধ

                      ৰেণথিয়াং

                      ৰূকমীৰাজ

                       মায়াব’

                       ৰিমু

                        জুনাফা

                        ইতিভেন

                        ৰূপালীম

প্ৰান্ত দেশৰ অধিপতি

মণিমুগ্ধৰ সেনাপতি

ৰূকমী ফৈদৰ ৰজা

এজন বলিষ্ঠ ৰূকমী ডেকা

আন এজন ৰূকমী ডেকা

এজন ৰূকমী বুঢ়া

ৰূকমীৰাজৰ ভনীয়েক

ৰূপহী ৰূকমী গাভৰু,জুনাফাৰ জীয়েক

 লিগিৰী, নাচনী, ৰূকমী গাভৰু, প্ৰজা, সৈন্য-সামন্ত, বিষয়া-ডাঙৰীয়া আদি ৷

                   ৰূপালীম্‌

                   প্ৰথম অঙ্ক

  দুই পৰ্ব্বতৰ মাজৰ এখন পৰ্ব্বতীয়া নৈ — সিপাৰৰ পৰ্ব্বতবোৰৰ গাত ৰূকমী গাঁওবোৰ। ৰূকমী অসমৰ পূব সীমান্তৰ পৰ্ব্বতীয়া সভ্য বৌদ্ধ জাতি, ইহঁতৰ সভ্যতা মণিপুৰৰ লগত ৰিজাব পাৰি। পৰ্ব্বতৰ গাৰ গাঁৱৰ সৰু সৰু টুপ লগোৱা চাংঘৰবোৰৰ দুৱাৰেদি জুইৰ পোহৰ বিৰিঙি ওলাইছে। জোন-তৰাই আকাশত ভূমুকি মাৰিছে। আকাশখনৰ পৰা বিয়পি পৰা জোনৰ পোহৰে নৈ, বিল, পৰ্ব্বত-বন সকলোকে ৰূপোৱালী কৰি বোলাইছে। নৈৰ কলকলনিয়ে আৰু বতাহৰ ফুৰফুৰণিয়ে ঠাইডোখৰত মিহলি শব্দৰ ঢৌৰ সৃষ্টি কৰিছে। ইপাৰে ওখ ওখ শিলনি। তাতে পানী-যুঁৱলিৰ শিল এটাত মায়াব’ এটা বলিষ্ঠ পীতবৰণীয়া, কুৰি বছৰীয়া, দেখিলে মোহলগা চিত্ৰ-বিচিত্ৰ কাপোৰ পিন্ধা গাঁৱলীয়া ৰূকমী ডেকা — অকলশৰে বহি আছে। তাৰ হাতত এটা পেঁপা, সি সেই পেঁপাত কিবা তিনিসুৰীয়া এসুৰীয়া সুৰ বজাই আছে। পেঁপাটো বজাবলৈ এৰি নৈৰ পিনে দূৰণিলৈ চাই উচ্‌পিচাই আকৌ পেঁপাত আঙুলি বুলাইছে। এনেতে বহু দূৰণিত নৈৰ বুকুত এটা বিনাই গোৱা গীত শুনা গ’ল ।

                      গীতঃ

জিৰ জিৰ জিৰ জিৰ

জিৰ জিৰ তাতে নিজৰি জিৰ জিৰ নিজৰি অ’!

টুলবুল টুলবুল

কৈ

হালধীয়া

সৰাপাতৰ

নাও…

খনি

গৈ

গৈ

গৈ

আমাৰ মৰম এ ভৰা

লৈ।

 মায়াব’ৰ বাঁহী বন্ধ হয়। গীত আকৌ নাইকিয়া হয়। মায়াব’ৰ বাঁহী বাজি উঠে। গীত আৰু স্পষ্ট হৈ আহি আকৌ ৰয়। মায়াব’ৰ বাঁহী আকৌ বাজে। গীত এইবাৰ আৰু স্পষ্ট হৈ আহে। গীত ৰয়। মায়াব’ৰ বাঁহী বাজে। গীত এইবাৰ ওচৰত শুনা যায় বেচ স্পষ্টকৈ। মায়াব’ই বৰ হেপাহেৰে ডিঙি মেলি মেলি চাই সেই গীতৰ স্পষ্টতাত আনন্দ পাবলৈ ধৰিলে।

                      গীতঃ

ভৈয়ামৰ ধাননি

বোলালে ঔ

সোণালী

কৈ

জিৰ জিৰ নিজৰি ঐ!

মৰমৰ বতৰা

লৈ

বৈ থাক

বৈ থাক

ৰৈ

ৰৈ

ৰৈ।

ৰূকমী ছোৱালীৰ কণ্ঠসুৱদিৰে সানমিহলি হৈ সাঙ্গীতিক স্বৰবোৰ শুৱলা শব্দৰ বোকাছত উঠি সেই ঠাইডোখৰৰ চাৰিওফালে উৰি ফুৰিবলৈ ধৰিলে। লাহে লাহে সৰু টুলুঙা নাও এখনত এজনী দীপলিপ বসন্তৰ কুঁহিপাতৰ দৰে কুমলীয়া ৰূকমী ছোৱালী— ওঁঠ দুটা মিচিকি হাঁহিৰে বোলাই, সেই শিলটোৰ ওচৰতে নাও চপালেহি। আঁঠুমূৰীয়া চিত্ৰবিচিত্ৰ মেখেলা। বুকত চিত্ৰবিচিত্ৰ মেৰণি। গাত এখন বগা পাতল সূতাৰ কাপোৰ। মায়াব’ই আথেবেথে আগবাঢ়ি গৈ সুধিলে—

মায়াব’। ( সুৰীয়া মাতেৰে ) ৰূপালীম্‌ ! আজি ইমান বেলি কিয় ? মোৰ পেঁপা বজাওঁতে ওঁঠ বিষালে।

ৰূপালীম্‌। ( নাৱৰপৰা নামি হাঁহি ) তোমাৰ পেঁপাৰ মাতবোৰে উৰি উৰি গৈ মোক আগভেটি ধৰি আহিবলৈ নিদিয়ে— সিহঁতৰ মাজে মাজে বাট ফালি আহোঁতে বেলি হ’ল আকৌ। ( হাঁহে। )

মায়াব’। তেন্তে মই আৰু পেঁপা নবজাওঁ।

( মনটো বৰ বেজাৰ কৰে। )

ৰূপালীম্‌। বজাবা মায়াব’— বাৰু মায়াব’। তুমি পেঁপাটোক কিমান মৰম কৰা ?

মায়াব’। খুব ভাল পাওঁ— পেঁপাটো নহ’লে মই এখন্তেকো থাকিব নোৱাৰোঁ।

ৰূপালীম্‌। তেনে পেঁপাটোৰ সতে তুমি থাকা। মই যাওঁগৈ।

( ওফোন্দ পাতি যাব ধৰে। )

মায়াব’। ( ৰূপালীম্‌ৰ বাউসীত ধৰি ) কেলেই যাবাগৈ ৰূপালীম্‌?

ৰূপালীম্‌। কেলৈ নেযাম ? মই নহ’লে তুমি গোটেই দিনটো অকলে থাকিব পাৰা, গোটেই নিশাটেও পাৰা, কিন্তু পেঁপাটো নহলে নোৱাৰা। তেন্তে তুমি মোক পেঁপাটোৰ সমানকে মৰম নকৰা ? মায়াব’। পেঁপাটোনো কি, তাতোকৈ তোমাক কতগুণে মৰম কৰোঁ!

ৰূপালীম্‌ । তেন্তে পেঁপাটো দিয়াচোন।

 পেঁপাটো মায়াব’ৰ হাতৰপৰা নি শিলৰ ওপৰত থৈ ভৰিৰে গছকি ভাঙি দিয়ে। মায়াব’ই থাপ মাৰি ৰূপালীম্‌ৰ ভৰিটো আঁতৰাই ভগা পেঁপাটো হাতৰ তলুৱাত আলফুলকৈ তুলি ব্যাধৰ শৰত মৰা ৰঙা ধুনীয়া চৰাইটোৰ দৰে লৈ তালৈ বৰ বেজাৰেৰে চায়। ৰূপালীমে খিলখিল্‌কৈ হাঁহি দিয়ে।

ৰূপালীম্‌ । এতিয়া কেনে ?

মায়াব’ । তুমি বৰ অকৰুণ ৰূপালীম্‌। তুমি নিৰ্দ্দয়া—

ৰূপালীম্‌ । পেঁপাবলিয়া— বাঁহৰ পেঁপাটো ভাঙিলত বোলে আকৌ মই অকৰুণ হলোঁ। ভাল হ’ল, এতিয়া সেই সময়ত মোলৈ মনত পৰি থাকিবহে তেও!

মায়াব’ । এতিয়া তুমি নহা সময়ত কোনে তোমাৰ মাত মাতিব ? কোনে তোমাৰ মিঠা মিঠা গীত মোক শুনাব ?

ৰূপালীম্‌ । (আচৰিত হৈ মায়াব’ৰ কথাবোৰৰ ভালকৈ মৰ্ম্ম বুজিব নোৱাৰি) কিয় ? কেনেকৈ বাৰু সি মোৰ মাত মাতিছিলে ?

মায়াব’। মোৰ হিয়াৰ মাজত সোমাই থকা ৰূপালীমৰ মাতটিয়ে এই পেঁপাৰ বিন্ধাই বিন্ধাই ওলাই আহি তোমাৰেই দৰে এই পেঁপাটিয়ে তোমাৰ গীতকে মোক গাই শুনাইছিলে। ৰূপালীম্‌ ! তুমি কিয় ইমান নিমৰমিয়াল বাৰু ? তুমি অকলৈ এৰি থৈ গ’লে তুমিয়ে হৈ পেঁপাটিয়ে মোক কতনো ইননি-বিননিৰে বিয়াকুল কৰি থৈছিলে।

ৰূপালীম্‌। তেন্তে তুমি মোক নকলা কিয় মায়াব’ ? নকলা কিয় ?

 (পেঁপাটো নিজৰ হাতলৈ আনি তাক চুমা খাই হুক্‌-হুক্‌কৈ কান্দি )

 তেন্তে মোক নকলা কিয় ? নকলা কিয় ?

মায়াব’। তুমিনো বাৰু ভাঙিলা কিয় ?

ৰূপালীম্‌। মোৰ খং উঠিলে আকৌ!

মায়াব’। তোমাৰ খং ক’ত উঠে ?

ৰূপালীম্‌ । ( উত্তৰ দিব নোৱাৰি ৰৈ থাকি ) জানো ক’ত উঠে? ভৰিতো উঠে, মূৰতো উঠে।

মায়াব’। বুকুত উঠে নে নুঠে ?

ৰূপালীম্‌ । নুঠে।

মায়াব’। কিয় ?

ৰূপালীম্‌ । বুকুত মৰমহে থাকে। তালৈ খং গ’লে মৰমবোৰ পমি যাব নহয়।

মায়াব’। তেন্তে মোলৈ মৰম লগা মনটো মূৰত থাকে নহয়নে ? সেইটো খঙত পুৰি গ’ল।

ৰূপালীম্‌। ইহ্‌ —নাই যোৱা আকৌ। মই ভৰিৰেহে খং কৰি পেঁপাটোৰ পেটু উলিয়ালোঁ। হিঃ হিঃ হিঃ।

 মায়াব’ই ভগা পেঁপাটো নিজৰ হাতলৈ আনি বেজাৰ মনেৰে চাই থাকে। ৰূপালীমে মায়াব’ক ভাল লগাবলৈ চাই মূৰে গায়ে হাত ফুৰায়।

ৰূপালীম্‌। বাৰু মায়াব’! মই তোমাক এটা পেঁপা সাজি দিম দেই!

মায়াব’। বাৰু দিবা!

ৰূপালীম্‌ । বাৰু মায়াব’! জোনটোৱে ইমানবোৰ পোহৰ দি থাকে, তাৰ পোহৰবোৰ বাৰু ঢুকাই নেযায় কিয়?

মায়াব’। সি পৃথিৱীখন খুব ভাল পায় সেই গুণে। সেই পোহৰবোৰ জোনৰ মৰম। পৃথিৱীখনলৈ জোনৰ ইমান মৰম আছে— সি কেতিয়াও নুঢুকায়। বাৰু ৰূপালীম্‌! তোমাৰো মোলৈ তিমান মৰম আছে নে?

ৰূপালীম্‌। আছে মায়াব’। আছে। তোমালৈ মোৰ খুব মৰম আছে মায়াব’!

(মায়াব’ কিছুপৰ নিস্তব্ধ হৈ থাকে।)

মায়াব’৷ (লাহে লাহে অমনোযোগী হৈ) ৰূপালীম্‌!

ৰূপালীম্‌ ৷ কি হ’ল মায়াব’?

মায়াব’৷ আমিতো আৰু ইয়াত সৰহ পৰ বহি থাকিব নোৱাৰিম।

ৰূপালীম্‌ ৷ নোৱাৰিলে কি হ’ব ?

মায়াব’৷ মোৰ তেতিয়া তোমাক পঠিয়াই দিবলৈ বেয়া লাগিব নহয়?

ৰূপালীম্‌ ৷ ন’গলে মোক মোৰ বুঢ়া বোপায়ে খং কৰিব নহয়— মোৰ বুঢ়া বোপাইক কোনে খুৱাব? কোনে ৰান্ধি-বাঢ়ি দিব?

মায়াব’৷ (অলপ পৰ গুণি-গাঁথি থাকি) তেন্তে ৰূপালীম্‌। তুমি আৰু মোৰ নোহোৱা নেকি?

ৰূপালীম্‌ ৷ কেলৈ, সদায় দেখোন মই তোমাৰ হৈয়ে আছোঁ— আৰুনো কেনেকৈ হ’ব লাগে?

মায়াব’৷ তুমি মোক বিয়া কৰাই মোৰ ঘৰত পুৱতিৰ পৰা গধূলিলৈ, গধূলিৰ পৰা পুৱালৈ থাকিব লাগিব।

ৰূপালীম্‌ ৷ সেইদৰে থাকিলে মোৰ বুঢ়া বোপায়ে কেনেকৈ খাব? কেনেকৈ জীৱ? মায়াব’! তুমি জানো মোক সদায় দেখি দেখি আমনি নেপাবা?

(ৰূপালীমে কেৰাহিকৈ চাই মায়াব’ৰ ভাব লক্ষ্য কৰে।)

মায়াব’৷ কেলৈ আমনি পাম? তোমাক দেখোঁতে দেখোঁতে সদায় নতুন নতুন দেখিহে থাকিম।

ৰূপালীম্‌ ৷ তুমি মোক সদায় বোপাইৰ ঘৰত চাই আহিবা। ময়ো তোমাক চাই থাকিবলৈ পাম।

মায়াব’৷ এইদৰে কিমান দিন থাকিবা।

ৰূপালীম্‌ ৷ সদায় থাকিম। সদায় তুমি মোক চাই থাকিবা। ময়ো তোমাক চাই থাকিম।

 (ৰূপালীমে মায়াব’ৰ মুখলৈ চাই থাকে। মায়াব’ই দূৰণিৰ পৰ্ব্বতলৈ চায়। ৰূপালীমে মায়াব’ৰ কথাত তেওঁৰ আন্তৰিকতা উপলব্ধি কৰি মায়াব’ক আৰু উদ্বিগ্ন কৰিবলৈ বুলি কয়।)

ৰূপালীম্‌ ৷ মায়াব’ ! আজি মই ঘৰলৈ সোনকালে যাম দেই।

মায়াব’৷ কিয় ?

ৰূপালীম্‌ ৷ আমাৰ বাই আহিছে আজি। বাইৰ লগত এটা অকণমান ল’ৰা আনিছে। সি বৰ অকণমান, সি কথা ক’বকে নোৱাৰে৷ সি মই কোলাত ল’লে কান্দে। সি কান্দিলে মই তাৰ মুখত আঙুলিটো সুমাই দিওঁ। হিঃ হিঃ -মায়াব’! তাক মোৰ বৰ লবৰ মন গৈছে। মই এইবাৰ আহোঁতে তাক হোৰাত ভৰাই লৈ আহিম দেই!

মায়াব’৷ উহুঁ, লোকৰ ল’ৰা কি লৈ থাকিবা ? নিজৰ এটা হ’লহে সদায় লৈ থাকিব পাৰিবা।

ৰূপালীম্‌ ৷ নিজৰনো ক’ত পাবা আকৌ?

মায়াব’৷ (দুষ্টালিৰে) ক’ত পাবা? মোক বিয়া কৰিলেই পাবা।

ৰূপালীম্‌ ৷ (খং ভাও জুৰি মায়াব’ক ভুকু মাৰি) নকৰাওঁ।

মায়াব’৷ কৰাবা, কৰাবা- মোক বিয়া কৰালে যিহে এটা নোদোকা শকত ল’ৰা পাবা! নোদোকা নোদোকা তাৰ হাত-ভৰি, জিলিকা জিলিকা তাৰ চকু, তেতিয়া কিমান লবৰ মন যায় লৈ থাকিবা। (হাঁহে)

ৰূপালীম্‌ ৷ (খং দেখুৱাই) মায়াব’! তুমি মোক তেনেকৈ জোকাই থাকিলে মই হ’লে এতিয়াই গুচি যাম।

মায়াব’৷ (হাঁহি) বাৰু , বাৰু, নেলাগে যাব। বাৰু, মোক বিয়া কৰাব নেলাগে। মই এনেয়ে এটা ল’ৰা আনি দিম।তুমি ধেমালি কৰি থাকিবা।

ৰূপালীম্‌ ৷ ক’ত পাবা?

মায়াব’৷ আমাৰ গাঁৱত এটা আছে। যিহে সুন্দৰ, তুমি দেখিলে তাক এখন্তেলৈকো এৰি নিদিবা।

ৰূপালীম্‌ ৷ (উৎসুক হৈ) সঁচানে? সঁচানে? পিছে তাৰ মাক-বাপেকে কেলৈ এৰি দিব?

মায়াব’। মই আনিহে দিব লাগে।

ৰূপালীম্‌ । তেন্তে মায়াব’, আনিবাচোন দেই। মই তাক খুব মৰম কৰিম। তাক মই সদায় লগত লৈ ফুৰাম। মোৰ লগতে খুৱাম। মোৰ লগতে শুৱাম। তাক মই কেতিয়াও লগৰপৰা এৰি নিদিওঁ।

মায়াব’। ৰূপালীম্‌। ল’ৰাটো আনিলে তুমি আৰু মোক ক’ত বিচাৰিবা? ক’ত মৰম কৰিবা? তুমি ল’ৰাটোৰ সৈতে উমলি থাকিবা।

ৰূপালীম্‌। কেলৈ? ল’ৰাটো মই বুকুত সুমাই থ’ম আৰু তাক মৰম কৰি কৰি তোমাৰে সৈতে কথা পাতি থাকিম।

মায়াব’। ৰূপালীম্‌… ( গভীৰ প্ৰণয়ৰ ভাবেৰে চাই থাকে। )

ৰূপালীম্‌ ( বৰ মৰমেৰে মায়াব’লৈ চায় ) মায়াব’ ! এতিয়া ৰাতি হ’ল। জোন বহুতো উঠিলে। মই আৰু যাওঁগৈ দেই ! নহলে বুঢ়া আপুৱে বিচাৰি আহিব। মোক তোমাৰ সৈতে ইয়াত দেখিলে বৰ খং কৰিব।

মায়াব’। ( অলপ আচৰিত হৈ ) কিয় ?

ৰূপালীম্‌। বুঢ়া বোপায়ে মোক তোমাৰ ওচৰলৈ আহিবলৈ হাক দিছিল।

মায়াব’। কিয়?

ৰূপালীম্‌। বোপায়ে কৈছিল বোলে সি পেঁপা বজাই থকা ল’ৰাই কি ছোৱালী পোহপাল দিব?

মায়াব’। ( অভিমান কৰি ঘপহকৈ উঠি ) অ’ বাৰু তেন্তে… যোৱা। মই আৰু ইয়ালৈ নাহোঁ। মই ক’ৰবালৈ গুচি যাম।

ৰূপালীম্‌। ( বেজাৰকৈ ) কেলৈ গুচি যাবা ? তুমি গুচি গ’লে মই কাৰে সতে থাকিম ?

 ( হঠাৎ জুনাফা হাবিৰ মাজৰপৰা ওলাই আহে। ) জুনাফা। মোৰ লগত থাকিবি।

(জুনাফাক দেখি মায়াব’ আচৰিত হয় কিন্তু ৰূপালীম্‌ জাপ মাৰি জুনাফাৰ ওচৰলৈ যায়। )

ৰূপালীম্‌। তুমি ইয়ালৈ কিয় আহিলা?

জুনাফা। তোক বিচাৰি। মই তোক ইয়ালৈ আহিবলৈ হাক দিছিলোঁ নহয়?

ৰূপালীম্‌। আপু ! মায়াব’ই বৰ বেজাৰ পাইছে। তুমি মোক তাৰ ওচৰলৈ আহিবলৈ নিদিয়া দেখি।

জুনাফা। এৰা, নিদিওঁ। ( মায়াব’ক ) মায়াব’! ৰূপালীমক বিয়া কৰাবলৈ এনেয়ে নাপাৱ। নিজে এটা বাঘ মাৰি তাৰ মূৰটো মোৰ আগত দিবি, তেতিয়াহে তাইক তোলৈ দিম।

মায়াব’। ( এবাৰ ৰূপালীমলৈ চাই, এবাৰ হুনাফালৈ চাই ) তেন্তে সেয়ে হব জুনাফা ! মই আহিলোঁ।

ৰূপালীম্‌। ময়ো যাম। মায়াব’ৰ সতে ময়ো যাম। বাঘ চিকাৰ কৰিম।

জুনাফা। ( কঠোৰভাৱে ) ওহোঁ, নোৱাৰ।

 (ৰূপালীমক হাতত ধৰি লৈ আহে। ৰূপলীমে বিয়াকুল হৈ মায়াব’লৈ চাই থাকে।জুনাফাই থিৰ চকুৰে মায়াব’লৈ চায়। মায়াব’ই জুনাফালৈ টানকৈ চায়। তাৰ তূণৰপৰা এডাল কাঁৰ উলিয়ায়। )

মায়াব’। জুনাফা! এই কাঁৰে তুমি বিচৰা বাঘৰ মূৰ নিবিন্ধে মানে আৰু কাঁৰ চুঙাত নোসোমায়হি।

 ( মায়াব’ গহীন আৰু দৃঢ়প্ৰতিজ্ঞ হৈ তাৰপৰা এখোজ দুখোজকৈ ওলাই যাব ধৰে। ৰূপালীমে কন্দনামুৱা হৈ এবাৰ জুনাফাৰ মুখলৈ, এবাৰ মায়াব’ৰ পিনে চাই যাওঁ নাযাওঁকৈ থাকে। মায়াব’ৰ পিনে চাই যাবও খোজে আৰু জুনাফাৰ কঠোৰ চকুৰ শাসনত যাবলৈ সাহ নকৰি কান্দো কান্দো হৈ ঠুনঠুনাই উচপিচায়। )

ৰূপালীম্‌। ( বলেৰে মায়াব’ৰ ফালে আগবাঢ়ি ) ময়ো যাম। ময়ো চিকাৰলৈ যাম।

জুনাফা। ( কাপোৰ আজুৰি টানি আনি ) নোৱাৰ। নোৱাৰ।

ৰূপালীম্‌। আপু—

জুনাফা। নো—ৱা—ৰ।

                 ঐক্যতান

                    # ‌  #

                 দ্বিতীয় অঙ্ক

 গাঁৱত জুনাফাৰ চাংঘৰৰ আগচোতাল। সোঁফালে চোতাললৈ মুখকৈ আৰু পাছৰ সোঁফালে চোতাললৈ মুখকৈ দুটা চাংঘৰ। বাওঁফালে মুকলি আকাশ আৰু অলপ দূৰৈত পৰ্ব্বতবোৰ। আবেলি তিনি চাৰিজনীমান ৰূকমী ছোৱালী। কোনোজনীয়ে উৰালত ধান খুন্দিছে। কোনোজনীয়ে কুলাত জাৰিছে আৰু কোনোজনীয়ে চালিছে আৰু মুখেৰে গীত গাব লাগিছে। ৰূপালীমে এঠাইত বহি কঁকালত লোৱা তাঁত বৈছে আৰু মাজে মাজে আন ছোৱালীবোৰৰ সৈতে কথা পাতি হাঁহি-ধেমালিকৈ আছে।

                       গীতঃ

ৰূকমী ছোৱালী:-      জিলিকা পাখিৰে

                               অ’ সোণ ম’ৰা চৰাই!

                               ৰঙা সেউজীয়া তৰাফুটুকীয়া

                                      তোৰ গোট গাৱতে

                              অ’ সোণ ম’ৰা চৰাই!

                             জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি

                             তোৰ মৰমতে মৰো

                                                অ’ সোণ ম’ৰা চৰাই!

 গীত চলি থকাৰ মাজতে জুনাফাই পিঠিত খৰি এবোজা লৈ তালৈ সোমাই আহি খৰিবোজা মাজতে থয়। ছোৱালীবোৰলৈ চাই সন্তোষেৰে হাঁহি চাংঘৰৰ ভিতৰলৈ সোমাই যায়। এনেতে ছোৱালীবোৰৰ মাজতে বাঘৰ মূৰ এটা ধুম্‌কৈ পৰে। ছোৱালীবোৰে ভয় খাই চিঞৰি তাৰপৰা ফাঁহি চিটিকা দিয়ে। মাথোন ৰূপালীমে বহাৰপৰা উঠি বিস্ময়েৰে বাঘটোৰ মূৰটোলৈ চাই “আপু” “আপু”কৈ চিঞৰে। তাতে জুনাফা চাংঘৰৰপৰা ওলাই আহে। [ ২৪ ] মায়াব’ হাতত ধনু-কাঁৰ লৈ তালৈ উধাতু খাই সোমাই আহে। সোঁহাতত তাৰ মিত্‌, তেজেৰে ৰাঙলী। সোমাই আহি জুনাফা আৰু ৰূপালীমৰ ফালে চাই নমত-নোবোলাকৈ থাকে।

 জুনাফাই মায়াব’লৈ চাই ভৰিৰপৰা মূৰলৈকে পৰ্য্যবেক্ষণ কৰি হাতেৰে বাঘৰ মূৰটো কাণত ধৰি দাঙে আৰু তাক ভালকৈ চায়। এবাৰ বাঘৰ ফালে এবাৰ মায়াব’লৈ চাই সন্তোষেৰে মূৰ জোকাৰে।

 ৰেণথিয়াঙে লৰালৰিকৈ তালৈ সোমাই আহি থাপ মাৰি জুনাফাৰ হাতৰপৰা বাঘৰ মূৰটো আনি মায়াব’ক কয়। ৰূপালীম্‌ ভয় খাই কেখোজমান পাছলৈ গৈ ঘৰৰ দুৱাৰ মুখত ৰয়গৈ।

ৰেণথিয়াং। ( মায়াব’ক ) কাপুৰুষ! লোকৰ চিকাৰ আনি বীৰ বোলাইছ?

( তাচ্ছিল্যৰ হাঁহি মাৰি তাৰপৰা যাবলৈ ধৰোঁতেই মায়াব’ই হাতত থাপ মাৰি ধৰে। )

মায়াব’। তাৰ মানে?

ৰেণথিয়াং। তাৰ মানে আৰুনো কি? লোকৰ শৰত পৰা বাঘৰ মূৰটো নিজৰ বুলিবলৈ অলপো সঙ্কোচ লগা নাইনে?

মায়াব’। তুমি মিছা কৈছা।

ৰেণথিয়াং। সাৱধানে কথা কবি। মই কোন নেজান হবলা?

মায়াব’। :- তুমি যিয়েই হোৱা নেলাগে, মূৰটো কেতিয়াও তোমাৰ হ’ব নোৱাৰে।

 (মায়াব’ই তাৰ হাতৰপৰা মূৰটো কাঢ়ি আনে। ৰেণথিয়াঙেও তাৰপৰা কাঢ়ি আনিবলৈ যায়। ইয়াৰপৰাই দুয়োৰে মাজত মৰামৰি লাগে। ৰেণথিয়াং আহত হৈ মাটিত পৰি যায়। সেহাই সেহাই উঠি মায়াব’ৰ ফালে খাওঁ খাওঁ মূৰ্তিৰে চাই তাৰপৰা ওলাই যায়। )

জুনাফা। ( আচৰিত হৈ মায়াব’ৰ ওচৰলৈ আহি ) মায়াব’! এইবোৰৰ মানে কি?

মায়াব’। ( সেহাই সেহাই ) আজি তিনিদিন এই বাঘটোৰ পাছে পাছে ফুৰিছোঁ। আজি কিন্তু সি মোৰ শৰৰ পৰা সাৰিব নোৱাৰিলে। ঘাইল হৈ বাঘটোৱে হাবি-বন মহটিয়াবলৈ ধৰিলে। আৰু এডাল কৰবাৰ কাঁৰ সোঁ-সোঁকৈ আহিল। বাঘৰ গাৰপৰা দূৰেদি গৈ গছ এজোপাত বিন্ধ খাই ৰ’লগৈ। মই ছল চাই গৈ বাঘৰ মূৰত ঘাপ শোধালোঁগৈ। মূৰটো হাতত লৈয়ে দেখিলোঁ এই মানুহটোৱে হাতত ধনু-কাঁৰেৰে অলপ দূৰতে ৰৈ আছে। মূৰ হাতত লৈ গুচি আহিলোঁ। তাৰ পিছত এই ঘটনা।

(এনেতে ৰূপালীম্‌ লৰ মাৰি মায়াব’ৰ ওচৰলৈ আহে।)

ৰূপালীম্‌। মায়াব’! মায়াব’! তুমি বাঘটোৰ মূৰটো কেলৈ কাটিলা?

মায়াব’। এনেয়ে।

ৰূপালীম্‌। পিছে, তাৰ পোৱালিবোৰক কোনে খুৱাব? সিহঁত মৰি যাব নহয়?

মায়াব’। যোৱাচোন ৰূপালীম্‌, পানী অলপমান আনাগৈ। মোৰ বৰ পিয়াহ লাগিছে।

ৰূপালীম্‌। বাৰু মায়াব’। পিছে বাঘৰ পোৱালিকিটাও তুমি আনিবা দেই। মই সিহঁতক খাবলৈ দিম, নহ’লে সিহঁতে অকলে অকলে হাবিত কান্দি কান্দি ঘূৰি ফুৰিব। আনিবা দেই।

( ভিতৰলৈ পানী আনিবলৈ যায়। )

জুনাফা। মায়াব’! সঁচাকৈয়ে তই চিকাৰ কৰিব পাৰ! ৰূপালীমক তই পোহপাল দিব পাৰিবি।

মায়াব’। তেন্তে তুমি মোৰ লগত ৰূপালীমক বিয়া দিবা?

জুনাফা। ওঁ। ( এই বুলি জুনাফাই মনতে অলপ চিন্তা কৰে। )

মায়াব’। ( বুঢ়াৰ মুখলৈ অলপ পৰ চাই ) জুনাফা! ক’তা? তুমি দেখোন মুকলি মনেৰে কব পৰা নাই।

জুনাফা। মায়াব’! তই যে পুহিব পাৰিবি সেই বিষয়ে মোৰ অলপো সন্দেহ নাই। পিছে— মই কেনেকৈ থাকিম মায়াব’? মই আজি এই পোন্ধৰ বছৰ তাইক বুকুত বান্ধি লৈ ফুৰাইছোঁ। মোৰ এজনী জী। তাই মৰিবৰ সময়ত তাইৰো একেজনী জীয়েক ৰূপালীমক মোক গতাই দি গৈছে। তাইক মই মোৰ জীৱটোৰ দৰে ৰাখি আছোঁ।

  এনেতে ৰূপালীমে বাটি এটাত পানী আনি মায়াব’ক দিয়ে আৰু মায়াব’ই লৈ খাবলৈ ধৰে। ৰূপালীমে পৰি থকা বাঘৰ মূৰটোৰ ওচৰলৈ গৈ তালৈ এবাৰ আচৰিত হৈ আৰু এবাৰ বেজাৰকৈ চাই হাতেৰে চুব খোজে। হাত কোচাই আনে।

ৰূপালীম্‌। বাঘৰ মূৰটো তুমি কেলৈ কাটিলা মায়াব’?

মায়াব’। ( অলপ হাঁহি ) তোমাক বিয়া কৰাবলৈ।

(ৰূপালীমে লাজ কৰি জুনাফাৰ ফালে কেৰাহিকৈ চায়। )

জুনাফা। ( গহীনকৈ তাইলৈ মৰম বেজাৰেৰে চাই মূৰ জোকাৰি ) ওঁ ।

 (ৰূপালীমে অলপ লাজ কৰি আনফালে মূৰ কৰে। জুনাফাই তাইৰ মুখৰ ফালে ৰৈ চাই থাকে। এনেতে দূৰৈত চিকাৰ কুকুৰৰ ভুক্‌ভুকনি শুনা যায় আৰু আটাইবোৰ আচৰিত হয়। মায়াব’ই সেইফালে ডিঙি মেলি মেলি চাই কিছু উদ্বিগ্ন হয় আৰু ৰূপালীমক হাতত ধৰে।)

মায়ব’। ৰূপালীম্‌ ! তুমি ঘৰৰ ভিতৰলৈ যোৱাচোন। এইবোৰ কোনোবা শত্ৰু আহিছে। তুমি নোলাবা।

(তাইক ঘৰৰ ফালে হেঁচোকা মাৰি দিয়ে আৰু তায়ো কোনো প্ৰতিবাদ নকৰি সোমাই যায়। )

জুনাফা। এই পাষণ্ড কেইটা আকৌ কাজিয়া কৰিবৰ মনেৰে আহিছে।

  মায়াব’ আগন্তুক বিপদৰ কাৰণে সষ্টম হৈ থাকে। জুনাফাক কিছু সশঙ্কিত যেন দেখা যায়। ৰেণথিয়াং দম্ভেৰে তালৈ হাতত কাঁৰ এপাত লৈ সোমাই আহে। আহি মায়াব’ আৰু জুনাফাৰ আগতে সগৰ্ব্বে থিয় হৈ হাতৰ কাঁৰপাতেৰে মায়াব’ক দেখুৱাই সি অহা ফালে ভিতৰলৈ চাই কয়।

ৰেণথিয়াং। প্ৰভু! এই দুৰাচাৰ কাপুৰুষেই মোৰ চিকাৰৰ মূৰ কাটি ইয়াত তাৰ মইমতালি দেখুৱাইছেহি। আৰু তাকে মই দাবী কৰিলত সি মোক অপমান কৰি আপোনাৰো অপমান কৰিছে।

  মায়াব’ ৰেণথিয়াঙৰ ফালে জোখৰ খোজেৰে আগবাঢ়ি আহি তাৰ ওচৰ নৌ পাওঁতেই মণিমুগ্ধ আহি তালৈ কুকুৰলৈ চোৱাৰ দৰে চাই কয়।

মণিমুগ্ধ। মূৰ্খ! নিলাজ! খন্তেকতে বাঘৰ মূৰ উলিয়াই ওভোতাই দে, চোৰ!

মায়াব’। আপুনি মোক বৰ বিমোৰত পেলাইছে। বোধকৰোঁ আপুনি নাই দেখা দেখিহে এনে কথা কৈছে। দৰাচলতে এই বাঘ মোৰ শৰত পৰিছে। আপোনাৰ ভ্ৰম।

ৰেণথিয়াং। ভ্ৰম?

মায়াব’। অৱশ্যে।

মণিমুগ্ধ। ৰূকমী ডেকা! মোৰ মানুহে মিছা কথা নকয়।

(খঙেৰে আগবাঢ়ি যায়। হঠাৎ জুনাফা সোমাই আহে।)

জুনাফা। কোন তোমালোক? মোৰ চোতালত তোমালোকক এনে আচৰণ কৰিবলৈ কোনে অধিকাৰ দিছে।

মণিমুগ্ধ। মোৰ শক্তিয়ে দিছে৷

জুনাফা। তোমালোকক সম্ভ্ৰন্ত লোক যেন দেখিছোঁ। পিছে ই কেনে বৰ্ব্বৰ আচৰণ? অচিনাকি! মোৰ আদেশ— তোমালোক মোৰ ঘৰৰ চোতালৰপৰা আঁতৰ হোৱা।

ৰেণথিয়াং। ( জুনাফাৰ ওচৰলৈ চোঁচা মাৰি আহি বুঢ়াৰ ডিঙিত ধৰি ) বৰ্ব্বৰ! নিশকতীয়া বুঢ়া! তোৰ কিহৰ ইমান তেজ? কাক এনে বাক্য বুলিছ?

  জুনাফাৰ ডিঙিত চেপি জোকাৰিবলৈ ধৰে আৰু মায়াব’ই খন্তেকৰ ভিতৰতে কাঁৰপাত অহাদি আহি ৰেণথিয়াঙক ডিঙিত ধৰি মুখত ঘুচিয়াই মাটিত পেলাই দিয়ে। তাতে দুয়োটাৰ তুমুল সংগ্ৰাম আৰম্ভ হয়। জুনাফা কঁপি কঁপি মাটিত বহি যায়। মণিমুগ্ধই কঁকালৰপৰা উলিয়াই এটা পেঁপা বজায়। পাঁচোটামান বন্দী গৰখীয়া সেনা আহি তৎক্ষণাত ৰেণথিয়াঙক মায়াব’ৰ হাতৰপৰা মুক্ত কৰি আনে।মায়াব’ উঠিবলৈ ধৰোঁতে কেইবাটাও সেনাই ধৰি ধনঞ্জয় প্ৰহাৰ আৰম্ভ কৰিলত সি পৰি যায়। ৰেণথিয়াঙে তেতিয়া হাতৰ চাবুকেৰে তাক মূৰে-গায়ে একোনাই হৈ কোবাবলৈ ধৰে। মায়াব’ৰ মুখে-নাকে তেজ ববলৈ ধৰে। সি মাটিত পৰি মূৰ্চ্ছা যায়। মায়াব’ৰ অৱস্থা দেখি জুনাফাই থাকিব নোৱাৰি চিঞৰিবলৈ ধৰে।

জুনাফা। কোন আছ? কোন আছ? ৰাখহি। ৰাখহি। গাঁৱৰ ডেকা বুঢ়া, কোন আছ চাহি।

( চাৰিওফালে বলিয়াৰ দৰে লৰি-ঢাপৰি চিঞৰিবলৈ ধৰিলে। )

  আহ অ’! কোন আছ ….

( জুনাফাৰ চিঞৰোতে চিঞৰোতে মাত ক্ষীণ হৈ পৰে। ৰেণথিয়াঙে মায়াব’ক এৰি জুনাফাৰ ওচৰলৈ আহে। )

ৰেণথিয়াং। ( মণিমুগ্ধক ) প্ৰভু! এই বুঢ়াই সকলোৰে গুৰি। আপোনাক ই অপমান কৰে— ই— ই—( চাবুক দাঙি ) ইয়াক— ইয়াকহে ভালকৈ এসেকা দিব লাগে।

( জুনাফাক কোবাবলৈ ধৰে। ) জুনাফা। ( খঙত বলিয়া হৈ ককালৰ মিত উলিয়াই ) নহয়— নহয়— তহঁতকো শুদাই নেৰিছোঁ।

  (জুনাফাই মিত্‌ ঘূৰাবলৈ ধৰে। ৰেণথিয়াং আঁতৰ হয়। মণিমুগ্ধই ইঙ্গিত দিয়ে আৰু সেনাবোৰে মিত্‌ উলিয়াই জুনাফাক বেঢ়ি ধৰে। এনেতে ৰূপালীমে উধাতু খাই আহি কয়।)

ৰূপালীম্‌। নামাৰিবি। নামাৰিবি।

( চাংঘৰৰ ভিতৰৰপৰা ওলাই আহি সিহঁতৰ মাজত পৰেহি। আটাইবোৰ ক্ষান্ত হয়। )

ৰূপালীম্‌। ( হুক্‌-হুক্‌ কৰে কান্দি ) নামাৰিবা, নামাৰিবা। মোৰ আপুৱে তোমালোকৰ কি জগৰ কৰিলে বাৰু? ( জুনাফাৰ মুখলৈ চাই হুক্‌-হুক্‌কৈ কান্দি ) আপু! আপু! অ’ আপু! — ( মায়াব’লৈ চাই হুক্‌-হুক্‌কৈ কান্দি মায়াব’ৰ ওচৰলৈ গৈ তেজ দেখি ভয়ত চিঞৰি ) আপু!— আপু!— মায়াব’ৰ কি হ’ল?— মায়াব’— মায়াব’!

( ৰূপালীমে মায়াব’ৰ মুখৰ তেজ মচি দিবলৈ ধৰে। মায়াব’ পৰি থাকে। জুনাফাই অপমানত জৰ্জ্জৰিত হৈ কয় )

জুনাফা। শক্তিৰ অধিকাৰ! শক্তিৰ অধিকাৰ!! এৰা, শক্তিৰেই অধিকাৰ— বলীৰেই অখণ্ড প্ৰতাপ।

  ইমান সময় মণিমুগ্ধ মন্ত্ৰমুগ্ধৰ দৰে ৰূপালীমৰ ফালে চাই আছিল। মণিমুগ্ধ তেনেকৈ তন্ময় হৈ চাই থাকোঁতে ৰেণথিয়াঙে কাণে কাণে কিবা কলেহি তাতে মণিমুগ্ধৰ টোপনি ভঙা যেন হ’ল।

মণিমুগ্ধ। অৱশ্যে, অৱশ্যে, এই মুকুতা যদিও শামুকৰ পেটত উপজিছে, ইয়াত ইয়াৰ ঠাই নহয়। ই ৰাজকাৰেঙৰহে উপযোগী। এই ৰূপহীজনী কোন?

জুনাফা। কোন? কেলৈ আমাক শাস্তি বিহি হেপাহ পলোৱা নাইনে? এতিয়া আজলী ছোৱালী— মণিমুগ্ধ। ( কোমলাই ) নহয় নহয় বুঢ়ামানুহ! সেইবোৰ কথা আৰু নুলিয়াবা। যি হ’ল হ’ল। পাহৰি যোৱা। এইজনী সম্ভৱ তোমাৰেই জী নাইবা নাতিনী। তাইৰ ৰূপলৈ চাই তাই তোমাৰ জুপুৰীৰ কাৰণে নহয়, তাইৰ ৰূপৰ জেউতি আঢ্যৱন্তসকলৰ জোনাকী কাৰেঙৰ ভিতৰতহে দুগুণে চৰিব।

জুনাফা। ( নিজৰ মনতে ৰোষত জ্বলি ) এনে কথাও মই শুনি থাকিবলগীয়া হ’ল! এনে কথাও— মই সহিব লাগিব। কিয় তোৰ শক্তি নাই? তই কিয় দুৰ্ব্বল হৈ সংসাৰলৈ আহিছিলি? দুৰ্ব্বলৰ কিহৰ মান— কিহৰ অপমান? অপমানেৰে— ক্ষোভেৰে— নিজৰ গাৰ প্ৰতি তেজ টোপালেৰে তই তোৰ দুৰ্ব্বলতাক পুহিব লাগিব। এই পৃথিৱীৰ—নৈ-সাগৰ—বন উপবন— ভালৰো ভাল, সুন্দৰৰো সুন্দৰখিনি—ৰূপৰো ৰূপ—কাৰ ভোগ্য? বলীৰ—শক্তিশালীৰ। আৰু তই—বলীৰ পাদুকাৰ মলি মাথোন। পেলাই দিয়া চুৱা-পাতেৰে তোৰ ক্ষীণ আৰু দুৰ্ব্বল অঙ্গ ৰক্ষা কৰিব লাগিব আৰু যদি ভুলত, অদৃষ্টৰ পৰিহাসত তোলৈ কিবা ভাল বস্তু আহে— তাক তই বলীৰ হাতত দিব লাগিব। তোৰ পুষ্ট শৰীৰটো বলীৰ পদ-সেৱাত… তোৰ নিপোটল ল’ৰাটো বলীৰ হুকুমৰ আঙুলি মূৰত— তোৰ সুন্দৰী ছোৱালীজনী— বলীৰ— সিহঁতৰ কাৰেঙৰ লিগিৰীকৈ দিবগৈ লাগিব।

মণিমুগ্ধ। বুঢ়া! অনৰ্থক অনুশোচনাৰপৰা একো ফল নাই।

ৰেণথিয়াং। প্ৰভু! সন্ধিয়া হৈ আহিছে। আমি আৰু সৰহ বেলি ইয়াত ইহঁতৰ সৈতে ৰেপাৰেপি কৰি থাকিব নোৱাৰোঁ। ইহঁতৰ যথোচিত শাস্তি হ’ল। এতিয়া নেদেখাজনৰ কৃপাত আমাৰ ভাগ্যত এই মুকুতাটি মিলিছে যেতিয়া—

মণিমুগ্ধ। বুঢ়া মানুহ! তুমি আপোন ইচ্ছাৰেই এই ৰূপহীৰ কপাল মুকলি কৰি দিয়া। তুমি ৰূপহীক মোক সমৰ্পন কৰা। তাৰ সলনি—তোমাৰ এই জুপুৰিৰ সলনি—কাৰেং যেন ঘৰবাৰী আৰু সুন্দৰীৰ সলনি তাইৰ শৰীৰৰ জোখৰ সোণ—

জুনাফা। সোণ! সোণ! সোণ নহয়—সোণ নেলাগে—ডকাইত—তোৰ প্ৰাণ—

  জুনাফাই বুঢ়া বাঘৰ দৰে মণিমুগ্ধৰ গাত জাপ মাৰি পৰেহি। মণিমুগ্ধই জুনাফাক হাতত ধৰি মাটিত বগৰাই পেলায়। আনফালে ৰেণথিয়াঙে ৰূপালীমক মায়াব’ৰ ওচৰৰপৰা কোলাত তুলি লৈ ওলাই যায়।

ৰূপালীম। ( কান্দি কান্দি চিঞৰি ) আপু! আপু! ৰাখ অ’ মোক—কোন আছ? কোন আছ?

  (ৰেণথিয়াঙে তাইক উলিয়াই লৈ যায়। ৰূপালীমে ৰেণথিয়াঙৰ কোলাত হাত ভৰি এচাৰি মূৰ আফালি কান্দি গছৰ পাত সৰুৱাই যায়। কিন্তু আন এটাই মুখত সোপা দিয়াত চিঞৰ নুশুনা হয়। ইফালে মণিমুগ্ধৰ ৰখীয়া সেনাৰ সৈতে জুনাফাৰ ভীষণ যুঁজ হয়। এইবোৰৰ মাজত ৰূপালীমৰ এবাৰ দুবাৰ “আপু—আপু” ক্ষীণ চিঞৰৰ শব্দ শুনা যায়। মায়াব’ই তাৰপৰা উঠোঁ উঠোঁ কৰে কিন্তু উঠিব নোৱাৰি লুটি খাই খাই পৰি যায়। গৰখীয়া সেনা কেইটাক ইঙ্গিত দিয়াত সিহঁতে আহি জুনাফাক ধৰি ৰাখি থয়। মণিমুগ্ধ তাৰপৰা খৰকৈ ওলাই যায়। মণিমুগ্ধ ওলাই যোৱাৰ পিছতে সেনা কেইটাই জুনাফাক অতিপাতকৈ মৰিয়াই মৰিয়াই পেলাই থৈ গুচি যায়। জুনাফা আধা-মৰাৰ দৰে তাতে পৰি থাকে। মায়াব’ই কোনোমতে চুচৰি বাগৰি ইফালে সিফালে চাবলৈ প্ৰয়াস পায় আৰু সেহাই সেহাই “ৰূপালীম্‌, ৰূপালীম্‌” বুলি মাতিবলৈ চেষ্টা কৰে। কঁপি কঁপি জুনাফা উঠে। জুনাফাৰ মুখৰ আকৃতি দেখিলে ভয় লগা। বুঢ়া চকুৱেদি জুইৰ আঙনি বৰষিছে— সৰসৰাই চকুৰ পানী বৈছে। )

জুনাফা। ( বলিয়াৰ দৰে ) ৰূকমী… ৰূকমী ডেকা-বুঢ়া— আটাইবোৰ জহি গলি নেকি? উস্‌—মোৰ কি হ’ল— কি হ’ল? ( হাওঁহাওঁকৈ কান্দি ) ৰূপালীম্‌—ৰূপালীম্‌! নাই, নাই — ধৰম নাই—বিচাৰ নাই—ৰজা নাই—ঈশ্বৰ নাই—অৰাজক—অৰাজক—( হাওঁহাওঁকৈ কান্দি ) ৰূপালীম্‌—কলৈ গলি? কোনে নিলে তোক? ৰূপালীম্‌! ৰূপালীম্‌—

  জুনাফা অলিয়া-বলিয়া হৈ “ৰূপালীম্‌, ৰূপালীম্‌” বুলি চিঞৰি ওলাই যায়—মায়াব’ই উঠিবলৈ চেষ্টা কৰি পৰি যায়। বাহিৰৰপৰা জুনাফাৰ “ৰূপালীম্‌” বোলা চিঞৰ কাণত পৰেহি। জুনাফাৰ চিঞৰৰ লগে লগে মায়াব’ই দুগুণে অস্থিৰ আৰু অধৈৰ্য হৈ ছাটিফুটি কৰিবলৈ ধৰে।

জুনাফা। (বাহিৰত) ৰূপালীম্‌! ৰূপালীম্‌—কোনে ফালে? কোনফালে? কলৈ গলি অ’ ৰূপালীম্‌? অ’ মোৰ ৰূপালীম্‌!

ৰূপালীম্‌!

                ৰূপালীম্‌!

                        ৰূপালীম্‌!

                                ৰূপালীম্‌!

                       # ঐক্যতান #

                        তৃতীয় অঙ্ক

                   ৰূকমী ৰজাৰ ৰাজধানী

                সময় :- পূৰ্ণিমাৰ নিশা

  ৰজাৰ কাৰেঙৰ মুকলি ফুলনিত ৰজাৰ পূৰ্ণিমা উৎসৱ। পূৰ্ণিমা নিশা। ফুলনিখন আহল-বহল। তাত নানা বিধৰ ফুল ফুলি আছে।ফুলনিৰ মাজে মাজে চীন দেশীয় ফানুছবোৰৰ ভিতৰত চাকি জ্বলাই ওলোমাই থৈছে। মাজে মাজে বহা আসন পতা আছে। ফুলনিৰ এমূৰত ৰজাৰ কাৰেং।দুমহলীয়া কাৰেং – চীন দেশীয় স্থাপত্য কাঠেৰে সজা। কাৰেঙৰ সৰু সৰু খিৰিকী আৰু দুৱাৰবোৰেদি পোহৰ বিৰিঙি বিৰিঙি ওলাইছে। এখন কেবাখলপীয়া নানা বৰণেৰে চিত্ৰ-বিচিত্ৰ কৰা খাটোলাত ৰূকমী ৰজাই সাজসজ্জাপূৰ্ণ পয়োভৰেৰে বহি ফটিকা খাব লাগিছে। ৰজাজন ডেকা, আমোদপ্ৰিয় আৰু সুৰাসেৱী। ৰজাৰ ওচৰত খলপে খলপে ৰজাৰ বিষয়া লগৰীয়াবিলাক আয়ামেৰে আৰু আয়াসেৰে বহি আছে। চাৰিওফালে জুমে জুমে ডেকা-গাভৰু বহি হাঁহি-খিকিন্দালি কৰি আছে আৰু ফটিকা যোগাব লাগিছে।চামে চামে ডেকা-ডেকেৰীবিলাক উঠি নাচিছে-বজোৱাই বজাইছে, গোৱাই গাইছে, মতলীয়া হৈ অনাইবনাই ফুৰিছে। এজুম ডেকেৰীয়ে নাচি নাচি ৰজাৰ ওচৰ পাইছেহি। এনে সময়তে এজনী লিগিৰীয়ে সোণৰ বান-বাটিৰে ফটিকা পিবলৈ দিয়ে। ৰজাই সেই ফটিকা বাটি পি তাৰ এৰাখিনি ডেকেৰীবোৰৰ গালৈ ছটিয়াই দিয়ে আৰু খল্খলাই হাঁহিবলৈ ধৰে।

ৰূকমী ৰজা। (ৰাগীত বিভোৰ হৈ) ফটিকা—তাৰ ৰাগী-জোনৰ পোহৰবোৰ যেনেকৈ নৈ গছ-গছনিত পৰি ৰূপহ কৰে, সেইদৰে ফটিকাৰ ৰাগী লগা চকুৰ চাৱনিয়ে এই সুন্দৰী[ ৩৪ ] বিলাকৰ ৰূপত জেউতি ঢালি দিয়ে। ফটিকাই স্ফূৰ্তিৰ ৰস। লিগিৰী! আৰু এবাটি— ডাঙৰ বাটি—ডাঙৰ বাটি—

  লিগিৰীয়ে ফটিকা যাচে আৰু ৰজাই পিবলৈ ধৰে। নাচনীয়াৰবিলাকে আনন্দত কিৰীলি পাৰি নানা বাংকৰা-বিংকৰা কথা চিঞৰে। গীতৰ ৰোলত আৰু মতলীয়াবোৰৰ কোঢ়ালৰ প্ৰতাপত কাৰো মাত কেৱে নুশুনা হয়। সিহঁতেনো কোঢ়ালত কি গীত গাইছে—তাক বুজিবৰ সাধ্য নাই। জুনাফা আৰু মায়াব’ দুয়ো ডিঙিত ধৰাধৰিকৈ হেলাই-হেপাই আহি তাত ওলায়। সেইখিনি পায়েই জুনাফাই হাওহাওকৈ কান্দি তাতে ধাচ্‌কৈ লুটি খাই পৰে। গীত নিমাত হয় আৰু মতলীয়াবোৰৰ কোঢ়াল মাৰ যায়।

ৰজা। ( অতিপাত বিৰক্তিৰে ) এইটো আকৌ কি? হেৰ’ এই গীত-মাতৰ মাজত হাউৰিয়াই মৰিছহি কিয়?

জুনাফা। প্ৰভু! প্ৰভু! মোৰ সৰ্ব্বনাশ হ’ল। ৰাখক মোক! মোক—ৰাখক!!

ৰজা। ( আগতকৈয়ো বিৰক্তিৰে ) ৰাখিব লাগে—এতিয়া এই সময়তহে তোক ৰাখিবলগীয়া হ’ল? ইহঁত ইয়ালৈ আহিবলৈ পালে কেনেকৈ? চন্তৰীবোৰেও ফটিকা খাইছে নেকি সৰহকৈ?

জুনাফা। আপুনি আমাৰ ৰজা—আমাৰ সকলো ভৰসা। আপোনাৰ ওচৰলৈ আহিছোঁ, ৰাখক।

ৰজা। হেৰ’! ৰজা হলোঁ বুলিয়েইনো ফটিকাটোপাও শাতিৰে খাব নিদিয়নে? ৰজা হলোঁ বুলিয়েইনো ৰং-তমচাও নকৰিমনে? মই ৰজা নহৈ যেনিবা প্ৰজাৰ কিনা গোলামহে! বাৰু—তোৰনো কি ৰাখিব লাগে? তোৰ হ’ল কি? ফটিকাৰ কলহৰ তলি ফুটিল নেকি?

জুনাফা। প্ৰভু! মোৰ একেজনী ছোৱালী— তাইক মোৰ হাতৰপৰা কাঢ়ি লৈ গ’ল।

ৰজা। ( মূৰ্ত্তি সলাই ) ছোৱালী? ছোৱালী নিলে? কোনে?

জুনাফা। ক’ব নোৱাৰোঁ—চিনি নেপাওঁ।

ৰজা। হেৰ’! তয়ে চিনি নেপালি, মইনো পাওঁ কেনেকৈ? মোৰ চকুকেইটা সোলোকাই জানো তোৰ চাংঘৰত আঁৰি থৈছিলোঁ—সিহঁতক দেখি চিন্‌ ৰাখি থবলৈ?

( আটাইবোৰে হাঁহিবলৈ ধৰে )

জুনাফা। চিনি নেপাওঁ যদিও শুনিবলৈ পাইছোঁ তেওঁ হেনো প্ৰান্তদেশ অধিপতি মণিমুগ্ধ কোঁৱৰ।

ৰজা। আচৰিত —!

( সকলো আচৰিত হয় )

ৰজা। বুঢ়া তই কিবা সপোন দেখি ধৰফৰাই উঠি আহিছ নেকি? প্ৰান্তদেশ-অধিপতি মণিমুগ্ধ? সিদিনাহে তেওঁ ইয়াত আলহী খাই মোৰ ভনী ইতিভেনক বিয়া কৰাবলৈ থিৰ কৰি গৈছে আৰু তই কৈছহি তেওঁ তোৰ ছোৱালী নিলে। বুঢ়া, ফটিকা খালি নেকি সৰহকৈ?

( আটাইবোৰে বৰকৈ হাঁহে। )

জুনাফা। সঁচাই মণিমুগ্ধ! তেওঁ চিকাৰলৈ আহি মোৰ ৰূপালীমক দেখি—মোক নিজ ইচ্ছাৰে তাইক দিবলৈ ক’লত মই অসন্মতি প্ৰকাশ কৰাত মোৰ ওপৰত অত্যাচাৰ কৰি তাইক বলেৰে—

ৰজা। মিছা কথা, মিছা কথা। আৰু সঁচা হলেও তাৰ কোনো প্ৰতিকাৰ নাই—হব নোৱাৰে। বুঢ়া, তোৰ এজনী সামান্য ছোৱালীৰ কাৰণে এতিয়া মই মহাপ্ৰতাপী মণিমুগ্ধক জোকাই লৈ ৰাজ্যলৈ বিপদ চপাবলৈ কৱ নে?

জুনাফা। প্ৰভু! তোমাৰপৰাও আজি এনে কথা শুনিব লাগিবনে? তোমাৰ ৰাজ্যৰ দুখীয়া প্ৰজাৰ ঘৰৰপৰা ডকাইতৰ দৰে আন মানুহে বুকুৰ ছোৱালী কাঢ়ি নিবহি—তুমি আমাৰ ৰজা হৈ—ৰক্ষক হৈ—আমাক ৰাখিব নোৱাৰা?

ৰজা। বুঢ়া! সাৱধানে কথা কবি। এতিয়াও মোৰ ভাবিব পৰা—বিবেচনা কৰিব পৰা শক্তি আছে। এতিয়াই ইয়াৰ পৰা আঁতৰ হ।

জুনাফা। তেন্তে মই বিমুখ হৈ উভতি যাব লাগিব? তেন্তে মই মোৰ ৰজাৰপৰা একো বিচাৰ নাপাওঁ?

ৰজা। নাপাৱ। একো নাপাৱ। এই চন্তৰী! এই বুঢ়াক ইয়াৰপৰা দূৰ কৰি থৈ আহগৈ।

জুনাফা। তেনহলৈ আৰু কাৰ ওচৰলৈ যাম? ৰূকমী ৰাজ্যত আজি বিচাৰ নাই! বিচাৰ নাই!!

( ভিতৰৰপৰা হঠাৎ ইতিভেনৰ প্ৰৱেশ।)

ইতিভেন। বুঢ়া! ৰূকমী ৰাজ্যত এতিয়াও বিচাৰ আছে। ৰ’বা।

 ( ইতিভেনক দেখি সকলো বৰ আচৰিত হয়। ৰূকমী ৰজাই বিস্ময়েৰে ইতিভেনৰ মুখলৈ কিছু পৰ চাই থাকে—ৰূকমী ৰজাৰ ৰাগী কৰবালৈ যায়। )

ৰজা। ইতিভেন। ইনো তোৰ কেনে আচৰণ?

ইতিভেন। ( অবিচলিত মাতেৰে ) একো আচৰিত হবলগীয়া নহয়।

ৰজা। একো নহয়? ইতিভেন?

( ইতিভেনে একো নামাতি ৰৈ থাকে। )

ৰজা। ইতিভেন! তই ওলাই অহাৰ কি আৱশ্যক?

ইতিভেন। হৈছে দেখিহে ওলাই আহিছোঁ।

ৰজা। তোৰ একো আৱশ্যক নাই। ভিতৰৰ মানুহ ভিতৰলৈ যা।

ইতিভেন। তুমি বুঢ়াৰ বিষয়ে বিচাৰ নকৰামানে মই ভিতৰলৈ নেযাওঁ।

ৰজা। বিচাৰ কৰোঁ নকৰোঁ—সেইটো মোৰ কথা। মই ৰজা। তই আকৌ এইবোৰত হাত দিবলৈ আহিছ কিয়? তোৰ কাম— অন্তেষপুৰৰ কাম চোৱা।

ইতিভেন। সেইবোৰ মোৰ কাম বুলি মই জানো। কিন্তু তোমাৰ কৰ্ত্তব্য যেতিয়া তুমি পাহৰিবা, তাক মই সোঁৱৰাই দিবলৈ আহিবই লাগিব।

ৰজা। বাৰু তেন্তে ভাল কথা। এতিয়া মোৰ মনত পৰিল। তই ভিতৰলৈ যা।

ইতিভেন। তুমি আগতে বুঢ়াৰ বিষয়ে মীমাংসা কৰা, তেহে মই যাম।

ৰজা। ( খঙেৰে ) ইতিভেন! কথা শুন—মই বিচাৰ কৰি খতম কৰি থৈছোঁ! মণিমুগ্ধৰ বিৰুদ্ধে আমাৰ একো কৰিবলৈ নাই। বুঢ়া গৈ ঘৰৰ জুইশালত জুই ফুৱাই ফটিকা খাই থাককগৈ।

ইতিভেন। অ’, এয়া তোমাৰ বিচাৰৰ ৰায় হ’ল! ই ৰজাৰ বিচাৰ হোৱা নাই। ৰূকমী জাতিৰ ৰজাৰ আচৰণ হোৱা নাই। মদপী, তিৰোতাসেৱী কাপুৰুষৰহে উপযুক্ত আচৰণ হৈছে।

ৰজা। ( খঙতে গৰ্জি উঠি ) ইতিভেন! ইতিভেন! তই মোৰ ভনী হৈ মোক এনে কথা কৱ? মোৰ আদেশ, এতিয়াই ভিতৰ সোমা। চন্তৰী! এই বুঢ়াক এতিয়াই ইয়াৰপৰা গুৰিয়াই গুৰিয়াই খেদি দে।

ইতিভেন। সাৱধান চন্তৰী! বুঢ়াৰ গাত কোনেও আঙুলি নলগাবি। তুমিও ৰজাৰ কাৰণে অনুপযুক্ত।

ৰজা। মই ৰজাৰ কাৰণে অনুপযুক্ত! তেন্তে উপযুক্ত কোন? তই? ইতিভেন! তই বিদ্ৰোহ কৰিছ।

ইতিভেন। অৱশ্যে বিদ্ৰোহ। [ ৩৮ ]ৰজা। ( অলপ কুমলি ) ইতিভেন ভনীটি! তোৰ ভুল হৈছে। ভাবি চাচোন, মণিমুগ্ধক আমি কি কৰিব পাৰোঁ—আৰু বিশেষতে যেতিয়া মণিমুগ্ধ আমাৰ মিত্ৰ। তাৰ উপৰি তোক বিয়া কৰাবলৈ বিচাৰিছে—

ইতিভেন। তেনে স্বামী মই নবৰোঁ। মোক বিয়া কৰাবলৈ ওলাই মোৰ জাতিৰ এজনী সামান্য দৰিদ্ৰ ছোৱালীৰ সোণ যেন গাৰ বৰণ দেখিয়েই যি এনে নীচ আচৰণ কৰিবলৈকো সঙ্কোচ নকৰিলে, তেনে পুৰুষক মই ঘিণ কৰোঁ। হাঁহি উঠা কথা নকবা।

ৰজা। বাৰু পিছে আমিনো কি কৰিব পাৰোঁ ? এনে প্ৰতাপী ৰজাক আমি এই নিশকতীয়া প্ৰাণী কেইটাই কি কৰিব পাৰোঁ?

ইতিভেন। একো কৰিব নোৱাৰিলেও মণিমুগ্ধৰ শিলৰ দুৰ্গৰ লোহাৰ দুৱাৰত মূৰ খুন্দিয়াই মৰিবগৈতো পাৰিম?

ৰজা। ‘স্ত্ৰী বুদ্ধি প্ৰলয়ঙ্কৰী’—শাস্ত্ৰৰ বচন। ইতিভেন ! তহঁতৰ বুদ্ধিয়ে ৰান্ধনীঘৰৰ মাৰলী কেইডালকে ঢুকি নেপায়গৈ। এতিয়া তেনে কটীয়া বুদ্ধিৰে ৰজাৰ বৰচ’ৰাৰ মূধচ চুবলৈ আহিছ!

ইতিভেন। ককাই!

ৰজা। ( খঙত মুখ বিকটাই ) ককাই! কিহৰ ককাই একাই? সোমা ভিতৰ ( আঙুলিৰে নিৰ্দ্দেশ দিয়ে।)

ইতিভেন। নোসোমাওঁ! ( গোঙোৰা হৈ থাকে )

ৰজা। নোসোমাৱ?

ইতিভেন। নোসোমাওঁ।

  লাহে লাহে তালৈ ভালেমান প্ৰজাৰ সমাগম হবলৈ ধৰে। ৰূকমী ৰজা অলপ পৰ টলকা মাৰি তাৰ পিছত কেইবাটিমান ফটিকা খাই আগতকৈ একোব চৰে — [ ৩৯ ]ৰজা। ( চিঞৰি ) নোসোমাৱ?

  ( অলপ আগবাঢ়ি ) সো—মা—ভিতৰ,

( খঙত কঁপি কঁপি ইতিভেনৰ ওচৰলৈ যাব খোজে। )

ইতিভেন। ( ৰূকমী ৰজাৰ খং আৰু গেঙেৰিলৈ ভয় নকৰি সমূহ ৰাইজলৈ উদ্দেশ্য কৰি ) ৰাইজসকল আৰু বিষয়াসকল! কাপুৰুষ বিলাসি ৰজাৰ ছাঁত থাকি তোমালোকৰো বুদ্ধি ভ্ৰষ্ট হ’ল নেকি? নিজৰ বাহুবল পাহৰি গলা নেকি? তোমাৰ ঘৰতে —তোমাৰ চোতালতে আহি তোমাৰ বুকুত গোৰ মাৰি শত্ৰু গুচি গ’ল। তুমি গৰ্জ্জি নুঠি সেই শত্ৰুৰ চৰণৰ ধূলি নিৰ্মালি বুলি ললা। ৰূকমী ডেকা! ৰূকমী পুৰুষ! তুমি ইমান তললৈ গলা?

(প্ৰজাবোৰৰ মাজত কথা-বতৰা হবলৈ ধৰে।)

জুনাফা। ঠিক কৈছা, ঠিক কৈছা আই! পাহৰিলে, পাহৰিলে, সকলো পাহৰিলে।

এজন ডেকা। ( উত্তেজিত হৈ ) নাই—নাই পাহৰা, নাই পাহৰা।

ইতিভেন। সৌৱা তোমাৰ দেশৰ ওখ পৰ্ব্বতৰ শিখৰ এতিয়াও উচ্চশিৰ হৈ আছে। মাথোন তুমিহে মূৰ দোঁৱালা।

( এনেতে কেইবাটাও ডেকাই মাতে। )

ডেকাবোৰ। নাই দোঁওৱা।

ইতিভেন। সৌৱা তোমাৰ পৰ্ব্বতৰ মাজে মাজে আগৰ শক্তিৰেই হিলদল ভাঙি মহানদবোৰ পূৰ্ব্ব গৌৰৱ আৰু মহিমা ঘোষি আজিও বৈ গৈ আছে। মাথোন তুমিহে আপোন পাহৰি নিশ্চল নিবীৰ্য্য হৈ টোপনি গলা। সৌৱা—সৌৱা—তোমালোকৰ বীৰ পূৰ্ব্বপুৰুষসকলৰ মহান মৈদামবোৰে—বুকুত ৰূকমী মহাবীৰসকলক লৈ—এতিয়াও মহাগৌৰৱেৰে মূৰ দাঙি ৰূকমী জাতিৰ গৌৰৱ ঘোষিব লাগিছে। কিন্তু তোমালোক ৰূকমী ডেকাৰ, —সজাগ জীৱন্ত, প্ৰাণৱন্ত বাহু থকাতো, ৰূকমীৰ তেজ সিৰত লৈও—ৰূকমী জাতিয়ে বাস কৰি যোৱা, এই পুণ্য পৱিত্ৰভূমিত থিয় হৈ এতিয়াও—এতিয়াও হাত সাৱটি বহি আছা!! এই তোমাৰ সুন্দৰ দেশৰ—এই সুন্দৰ ফলে-ফুলে জক্‌মকীয়া—এই ঠায়ে বিলে ভৰপূৰ—এই ৰূপহ ৰূকমীৰ দেশখন আজি শত্ৰুৰ পদদলিত হ’ল। আজি ৰূকমী ৰূপহীৰ ৰূপ ফুল-মোহৰা শত্ৰুৱে মোহাৰি গ’ল। তোমাৰ যুগযুগান্তৰৰ ৰূকমী পুৰুষসকলে, বুকুৰ তেজেৰে শলিতা তিয়াই জ্বলাই যোৱা ৰূকমী গৌৰৱৰ বন্তি শত্ৰুৱে ভৰিৰ ধূলাৰে ছাটি মাৰি নুমাই গ’ল। তোমাৰ তেজ থাকোঁতেও—প্ৰাণ থাকোঁতেও ৰৈ চাই আছা। ইমান দুৰ্ব্বল হৈ, ইমান জুৰুলা হৈ, ইমান নিশকতীয়া হৈ, ইমান অমানুহ হৈ জীয়াই নেথাকিবা। এই ৰাজ্যত তোমালোকৰ থাকিবৰ একো অধিকাৰ নাই। ৰূকমী বুলি চিনাকি নিদিবা! ডেকা বুলি নকবা। এই পৱিত্ৰ ভূমিত আৰু তোমালোকৰ জন্ম নুবুলিবা। ৰূকমী বীৰসকলে কোৱা ভাষা—ৰূকমী ভাষা—ৰূকমী বীৰপুত্ৰই মাতৃক মতা ভাষা—ৰূকমী বীৰ-সন্তানে জন্মভূমিক অৰ্চ্চনা কৰা ভাষা—ৰূকমী সতীয়ে স্বামীক ভক্তি জনোৱা ভাষা—ৰূকমী যুঁজাৰুৱে মৰণ জয় কৰিবলৈ শত্ৰু সৈন্যক আহ্বান কৰা ভাষাৰ পৱিত্ৰ শব্দ তোমালোকৰ মুখেৰে উচ্চাৰণ নকৰিবা। তোমালোক ৰূকমী নোহোৱা—ৰূকমী সন্তান নোহোৱা।

সকলোৱে। আমি ৰূকমী, আমি ৰূকমী। আমি প্ৰতিশোধ লম। আমি প্ৰাণ দিম।

ইতিভেন। উপযুক্ত কথা কৈছা ৰাইজসকল। ৰূকমীৰ মুখৰ উপযুক্ত কথা। বুজিলোঁ—ৰূকমী জাতি আজিও জীয়াই আছে। যুগ-যুগান্তৰ ধৰি মোৰ মাতৃসকলে সেৱাত নিমগন হৈ আছে। কিন্তু যুগে যুগে যেতিয়াই পুৰুষে কৰ্ত্তব্য পাহৰি [ ৪১ ]দুৰ্ব্বলতাক আশ্ৰয় কৰি কৰ্ত্তব্যবিমুখ হৈছে—তেতিয়াই তিৰোতাই কৰ্ত্তব্য সোঁৱৰাই দিবলৈ ওলাই আহিছে। আজি ময়ো তাকে কৰিবলৈ ওলাই আহিছোঁ। পুৰুষৰ নেতাক আমাৰ ৰক্ষাৰ ভাৰ দি নিচিন্ত হৈ বহি আছিলোঁ। সেই পুৰুষ যেতিয়া আমাৰ সন্মান ৰাখিবলৈ অপাৰগ—অৱশ্যে ওলাই আহিম। কোৱাঁ ৰূকমী বীৰসকল! মোৰ ই উপযুক্ত হৈছে নে নাই?

সকলোৱে। ( একেবাক্যে ) উপযুক্ত হৈছে। উপযুক্ত হৈছে। অতি উপযুক্ত হৈছে!

ইতিভেন। তেন্তে ৰূকমী বীৰসকল! ওলোৱা—ৰূকমী জাতিৰ অপমানৰ প্ৰতিশোধ লবলৈ—ৰূকমী জাতিৰ মান ৰাখিবলৈ—ৰূকমী ৰূপহীৰ সতীত্ব ৰাখিবলৈ। তোমালোকৰ ৰজা যদি অসমৰ্থ—তেন্তে মই তোমালোকক বাট দেখুৱাই নিম। ৰূকমী ৰাইজসকল! তোমালোক এই অভিযানৰ বাবে সাজু নে?

সকলো। সাজু। সাজু।

কিছুমান। আমি প্ৰতিশোধ লম।

ৰজা। দেখিছোঁ—দেখিছোঁ—সকলো বিদ্ৰোহী। নিমিষতে—চকুৰ পচাৰতে—তিৰোতাৰ ৰাজ্য-বিস্তাৰ। সকলো দেখিছোঁ উলটিল বুদ্ধিৰ ঠাইত মূৰ্খতাৰ প্ৰকোপ—বিবেচনাৰ ঠাইত—অবিবেচনাই বৰপাগ মাৰি বহিল। গিয়ানক টঙনিয়াই অগিয়ানে খুঁটি পুতিলেহি। নহয়— নহয়, এনে কাম হ’ব নোৱাৰে। ইতিভেন! ইতিভেন! মূৰ্খালি—মূৰ্খালি—যা—যা—ভিতৰ সোমা!

ইতিভেন। ককাই! তুমি ৰজাৰ উপযুক্ত নোহোৱা। তুমি পিতৃ-পিতামহৰ এই সিংহাসন কলঙ্কিত কৰিছা। যোৱা—তুমি সিংহাসনৰপৰা নামি যোৱা। [ ৪২ ]ৰজা। সিংহাসনৰপৰা নামি যাম? কিয়?

ইতিভেন। অৱশ্যে—ৰূকমী ৰাইজসকল! কাক লাগে? মোৰ এই কাপুৰুষ ৰূকমী জাতিৰ কলঙ্ক ককাইক নে তোমালোকৰ মান-গৌৰৱৰ কাৰণে প্ৰাণ দিবলৈ ওলোৱা এই ইতিভেনক?

সকলোৱে। ৰূকমী ৰাজকুঁৱৰীৰ জয়।

ৰজা। তিৰোতাৰ কথাত যেতিয়া ৰাজ্য চলা হ’ল—ৰাইজ মতলীয়া হ’ল—কোনো জ্ঞানী পুৰুষসিংহই তাত থকা উচিত নহয়। আহাঁ—কোন কোন ৰূকমী বীৰ আছা—মোৰ লগত। এই তিৰোতাসেৰুৱা মতাৰ ৰাজ্য ত্যাগ কৰোঁ, আহাঁ।

  ৰূকমী ৰজাই নিজেই ফটিকাৰ সোণৰ গাগৰি এটা দাঙি লৈ আসনৰপৰা নামি যায়গৈ আৰু কেইটামান লেৰেলা চেপেটা মানুহো তাৰপৰা এটা এটা কলহ লৈ ৰজাৰ পাছ ধৰি যায়।

ইতিভেন। ৰূকমী ডেকাসকল আৰু বিষয়াসমূহ! আপোনালোকৰ সাহ দেখি সঁচাকৈয়ে মোৰ বুকুলৈ আশা আহিছে। যদিও আমাৰ ৰাজ্যখন সৰু তথাপিও এটা এটা ৰূকমী দহোটা প্ৰান্তবাসিৰ সমানে যুঁজ দিব পৰা হ’ব লাগিব। আজি আমাৰ ঘোৰ সঙ্কটৰ দিন। আমাৰ মহাদুৰ্দিন। আমাৰ আগৰ প্ৰতাপ শৌৰ্য্য-বীৰ্য্য জঁয় পৰিছে। আমি আত্মৰক্ষা কৰিবলৈকো অপাৰগ হৈছোঁ। আমি আমাৰ ৰাজ্য আৰু প্ৰজাক শত্ৰুৰ আক্ৰমণৰপৰা ৰাখিব নোৱৰা হৈছোঁ। আমাৰ দুৰ্ম্মদ ডেকা নিশকতীয়া হৈছে। আমাৰ গৌৰৱ ম্লান পৰি আমাৰ জাতি মৰণোন্মুখ হৈছে।সেয়েহে শত্ৰুৰ ইমান দম্ভ—ইমান অতপালি। আমাক ইমান অৱজ্ঞাৰ চকুৰে চাব পাৰিছে। মানুহ বুলিও নগণা হৈছে। বুকৰ পৰা ছোৱালী কাঢ়ি নিছে। দুৰ্ব্বল বুঢ়ামানুহৰ ওপৰতো অত্যাচাৰ কৰিবলৈ সাহ কৰিছে। সাজু হোৱা, [ ৪৩ ]সাজু হোৱা! সকলোৱে এবাৰ সতীত্বৰ, বীৰত্বৰ, শৌৰ্য্যৰ কাহিনী মনত পেলোৱা। ডেকা-গাভৰু, ধনী-দুখীয়া, সকলো ওলোৱা। এই জাতিৰ সৰ্ব্বদলী মনোবলেৰে আৰু সাহৰ প্ৰচণ্ড আঘাতেৰে, মৰণ-বিজয়ী অভিযানেৰে মণিমুগ্ধৰ শিলৰ দুৰ্গ ভাঙি চূৰমাৰ কৰা। এবাৰ জ্বলি উঠা! এবাৰ জ্বলি উঠা!

সকলোৱে। জয় ৰূকমীৰ জয়! জয় ৰূকমী ৰাজকুঁৱৰীৰ জয়!

                      #ঐক্যতান#

 ‌                     চতুৰ্থ অঙ্ক

                   মণিমুগ্ধৰ কাৰেং

                সময়—দুপৰ নিশা

  মণিমুগ্ধৰ কাৰেঙৰ এটা সুৱৰ্ণময় ব্ৰহ্মদেশীয় কাৰুকাৰ্য্য খটোৱা কোঠা। কোঠা গোটেইটো সোণৰ পাতেৰে ছটা। সোণৰ ওপৰত ৰঙা-নীলা-কজলা নানান পাথৰ আৰু মণি-মুকুতাৰে বাখৰপতোৱা।কোঠাটোৰ সোঁমাজতে এখন ডাঙৰ খিৰিকী। খিৰিকীয়েদি দূৰত ছাঁৰ দৰে পেগোদাৰ আকৃতি দেখা গৈছে। আকাশত জোন আৰু তৰা। খিড়িকীয়েদি এছাটি জোনৰ পোহৰ সোমাই আহিছে। খিড়িকীৰ তলত এখন চাপৰ শয্যা পৰা আছে। তলত ৰূপালীম্‌ বহি বাহিৰৰ আকাশলৈ চাই বেজাৰমুৱা। কোঠাটোৰ বাঁওফালে এখন সৰু দুৱাৰ জাপ খাই আছে। ওচৰতে মাটিত বহি এজনী লিগিৰী। তাই হাতত এখন অদ্ভূত আকাৰৰ বীণা লৈ বহি টুং-টুংকৈ বজাই আছিল আৰু গীত গাইছিল।

                   গীতঃ

অ’ সখি আজি   যৌৱন বন জুৰি

  বন-বসন্ত মুঞ্জৰি

  পাতে বৰণৰে মেলা,

হাঁহা সখী মোৰ   হাঁহা সখী মোৰ

  হাঁহিৰে ফাকু খেলা।

তোমাৰ ৰূপৰ ফুলনিতে

  শেৱালি নেৱালি কতনো ফুল…

দশোদিশ আমোলাই   কৰিছে আকুল

ফুল বাটিৰে মৌৰে   গীত নিজৰা বাকি দিয়া

  বিয়াকুল ৰূপ-মৌ পিয়া।

আজি অভিনৱ   তৰালি পোহৰৰ

  চঞ্চল গীতি শুনা—

তাৰ লহৰতে কঁপি কঁপি   মোৰ যৌৱনৰ

 জোনাকী কাৰেঙত বাজে বীণা।

তাতে বাসনা-উৰ্ব্বশী

  বিবসনা —

  নৃত্যতে আকুল

  অ’ সখী! যায় যে বেলা—

হাঁহা সখী মোৰ   হাঁহা সখী মোৰ

  হাঁহিৰে ফাকু খালে।

  বীণ বজাই গীত গাই থাকোঁতে মাজে মাজে ৰূপালীম্ তাইৰ ফালে পৰি থকা হাতখন চোৱে, কিন্তু ৰূপালীমে আজোৰ মাৰি লৈ যায়। তাতে লিগিৰীজনীয়ে আনফালে মুখ ঘূৰাই দুষ্টালিৰে হাঁহে। তাই আকৌ গীতৰ এফাকি আওৰাব খোজোঁতেই ৰূপালীম্‌ ঘূৰি লিগিৰীজনীক সোধে।

ৰূপালীম্‌। মোক তোমালোকে কেলৈ ইয়াত থৈছা?

লিগিৰী। মণিমুগ্ধই কৈছে দেখি— তোমাক ইয়াত থৈ আদৰ-যতন কৰি, গীত শুনাই মন ভাল কৰিবলৈ কৈছে।

ৰূপালীম্‌। মোৰ যে মন ভাল নহয়। মোৰ যে বৰ বেজাৰ।

লিগিৰী। বেজাৰ? ( হাঁহি ) তোমাৰ বেজাৰ নাইকিয়া হ’ব। ইয়াত তুমি কিমান সুখত—কিমান আনন্দত থাকিবলৈ পাবা। এই সুন্দৰ সোণ-খটোৱা কাৰেঙৰ খোঁটালীত তুমি থাকিবা। কৰচন চৰাইৰ কোমলকৈও কুমলীয়া পাখি ভৰোৱা গাৰুৰ তলিছা পৰা—সোণৰ খুৰা-খুউৱা পালেঙত শুবলৈ পাবা। পাৰস্যদেশৰ ফুলৰ পাহিতকৈও নিমজ দলিচাত ফুৰিবলৈ [ ৪৬ ]পাবা—জোন-বেলি বৰণীয়া, এন্ধাৰত জিলিকা মেজাংকৰী, কিংখাপ চাতোনৰ মাজত সদায় শুৱনী হৈ থাকিবা। ছাঁতে শুকুৱা মচলিনৰ ওৰণী, আৰু মনোময় অলঙ্কাৰ পাবা। সোণ, ৰূপ, হীৰা, পোৱাল, নানা মৰকত পদ্মৰাগ মণিৰ গহনা শৰায়ে শৰায়ে পিন্ধিবলৈ পাবা। দিনে-ৰাতিয়ে কত লিগিৰীয়ে তোমাৰ আলপৈচান ধৰিব। তাৰ উপৰি সুন্দৰ লনি ডেকা কোঁৱৰ মণিমুগ্ধৰ চেনেহ, ধাউতি আৰু মৰমে তোমাক আতোলতোলাই ৰাখি থব—তেতিয়া আৰু তোমাৰ বেজাৰ নেথাকিব। হাঁহিৰে থাকিব মুখত, বুকত—তুমি কিমান সুখত থাকিবলৈ পাবা। সঁচাকৈয়ে মই মিছা কোৱা নাই। তুমি এতিয়া হাঁহি-মাতি ভালকৈ থাকা। এতিয়া মণিমুগ্ধ ইয়ালৈ আহিব নহয়। তুমি এনেকৈ থকা দেখিলে মণিমুগ্ধই কি বুলি ভাবিব?

ৰূপালীম্‌। মণিমুগ্ধ কেলৈ আহিব? ইয়ালৈ এতিয়া কেলৈ আহিব?

লিগিৰী। চোৱাচোন বাৰু আঁকৰীজনীলৈ, বোলে আকৌ কেলৈ আহিব! আহিলে গম পাবা নহয়— ( কাণে কাণে কিবা কয়। )

ৰূপালীম্‌। ( কান্দি উত্ৰাৱল হৈ ) নহয়, নহয়—নোৱাৰে—নোৱাৰে। ( লিগিৰীৰ গাত ধৰি ) মই কি কৰিম— কি কৰিম? মই মৰি যাম, মই—মৰি—যাম। মায়াব’! মায়াব’! মই মৰি যাম। মই মৰি—যাম। ( নিজৰ বুকুত মুখ সুমাই কান্দিবলৈ ধৰে। )

 সোঁফালৰ দুৱাৰ মুকলি হয়। মণিমুগ্ধ হাতত এটা সোণৰ গিলাছ লৈ সোমাই আহি থমকি ৰৈ—আধা চকু মেলি খিড়িকীৰ দুৱাৰমুখৰ ৰূপালীমলৈ চাই থাকে। লিগিৰীজনীয়ে থিয় দিয়ে আৰু অলপ পৰ ৰৈ মণিমুগ্ধ তেনেকৈ থিয় হৈ থকা দেখি লাহেকৈ দুৱাৰেদি ওলাই যায়গৈ।

মণিমুগ্ধ। ( এখোজ আগবাঢ়ি আহি ) ৰুপালীম্‌! এনে জোনাক সুৱদী নিশালৈ আবতৰীয়া বেজাৰৰ ডাৱৰ কিয় মাতিছা?

 ৰূপালীমে একো নামাতে। মণিমুগ্ধ লাহেকৈ গৈ ৰূপালীম্‌ বহা শয্যাত বহি ৰূপালীমৰ গাত হাত দিব খোজোঁতেই ৰূপালীমে তাৰপৰা একেছাটেই উঠি গৈ কোঠাৰ এচুকত থিয় হৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰে।

ৰূপালীম্‌। (কান্দি) মোক—মোক মায়াব’ৰ ওচৰত থৈ আহাঁগৈ— মোৰ বুঢ়া বোপাইৰ ওচৰত।

মণিমুগ্ধ। ৰূপালীম্‌। তুমি ইমান অকৰুণ নহবা।

ৰূপালীম্‌। কোঁৱৰ! মই ইয়াত থাকিব নোৱাৰোঁ। মই ইয়াত নেথাকোঁ—মই নেথাকোঁ।

মণিমুগ্ধ। বাৰু নেলাগে থাকিব। মই তোমাক ইয়াৰপৰা লৈ যাম— সৌ দূৰণিলৈ। সৌৱা নীলা আকাশৰপৰা নিজৰি তৰাৰ হীৰাফুলীয়া পোহৰবোৰ আহিছে—জোনৰ জোনাকে য’ত জোনোৱালী সপোনৰ ৰাজ্য পাতিছে—তালৈ আমি দুয়ো ওলাই যাওঁ ব’লা। তুমি মোৰ কোলাত বহি তোমাৰ বুকুৰ মৰমৰ কথা ক’বাঁ। মই কাণ পাতি শুনিম মিলনপিয়াসী বুকুৰ কম্পন ৰূপালীম্‌।

  ৰূপালীম্‌ এটা অব্যক্ত বেদনাৰ হেঁচা সহিব নোৱাৰি ৰুদ্ধশ্বাস হৈ কান্দিবলৈ ব্যৰ্থ প্ৰয়াস কৰি ভাগৰি পৰে আৰু অলপ আঁতৰি যায়।

মণিমুগ্ধ। ভয় কৰিছা? আকৌ আঁতৰিছা। তোমাক হৰণ কৰা কঠোৰতা দেখি মোক শুঙাল বিছা বুলি ভয় খাইছা? নেযাবা। সেই বিছাৰপৰা আজি পখিলা উপজিল। সেই বিছা আৰু তোমাৰ ওচৰলৈ অহা নাই—সি ধ্বংস পালে। তাৰপৰা সুষমা প্ৰণয়ৰ ফুটুকী-পখিলাহে আহিছে ৰেণু আলসুৱা গাটি লৈ— মৌ বিচাৰি ফুলৰ ওচৰলৈ। ৰূপালীম্‌! এই পখিলাৰ জনম মৌ পিবলৈ— ফুলৰ বুকত সোমাই ফুলৰ পাহিতে পৰি জহি যাবলৈ। ফুলো ফুলিছে পখিলালৈ। মৌও সাঁচিছে পখিলালৈ। পখিলাক মৌ পিয়াবলৈকে ফুলৰ জনম। ফুলৰ জীৱন মৌ উজাৰি পখিলাক দিয়েই ফুলৰ জীৱন সমাপন। মৌ নেপালে মৰহি যোৱা—মৌ-হাবিয়াসী, মৌৰে জীৱন ৰোৱা পখিলাটি তুমি কোন সতে আঁতৰাব খুজিছা? ৰূপালীম্‌। তুমি ফুল হৈ জনমি ফুলৰ জীৱন সামৰি থব খুজিছা। ফুলৰ জীৱনৰ নিৰ্বন্ধ উলঙ্ঘা কৰিছা। ৰূপালীম্‌! জীৱলগা ভাষালগা হাঁহিসনা ফুল তুমি—আঁতৰি নেযাবা। ৰূপালীম্‌! তোমাৰ ফুলকলি হেন কোমল বুকুখনি মোলৈ শিল-কঠুৱা নকৰিবা।

  ৰূপালীম্‌ নিমাতীৰ দৰে নিমাত হৈ বেৰত আউজি থাকিল। মুখত মাথোন উদ্বিগ্নতা। ৰূপালীম্‌ মাটিৰ গোসাঁনীৰ দৰে ৰৈ থাকিল আৰু মণিমুগ্ধই মাটিৰ গোসাঁনীক বোধন কৰি জীৱন্ত কৰিবলৈ পূজাৰীয়ে প্ৰয়াস কৰাৰ দৰে মন্ত্ৰ মতাদি ৰূপালীমক কথা কবলৈ ধৰিলে।

মণিমুগ্ধ। ৰূপালীম্‌! নেমাতা? নেহাঁহা? তুমি মোৰ অন্তৰৰ কথাখিনি শুনিবই লাগিব। তুমি সমিধান দিবই লাগিব। ৰূপালীম্‌! তুমি ৰূপ-সাগৰৰ মণি—জীৱন্ধৰী। ৰূপ-সাগৰৰ দিকশূন্য প্ৰসাৰত তুমি প্ৰণয়ৰ ধ্ৰুৱজ্যোতি। তোমাকে উদ্দেশ্যি—তোমাকে ধিয়াই মোৰ হিয়াই তোমাক বিচাৰি আহিছে। তুমি মায়া-মৰীচিকাৰ দৰে কিয় আঁতৰি আঁতৰি যাব ধৰিছা? নীলা সাগৰখনলৈ মন কৰা। মহাসাগৰৰ চাৰিফালে পানী। থল নাই—এটি অকলশৰীয়া নাৱৰীয়া উটি-বুৰি ভাহি গৈছে। থল নেপালে সি আৰু সৌ সাগৰৰ পানীতে লয় পাব। তাৰ জীৱনে থল নেপাই, —ফুলিবলৈ নেপাই অঙ্কুৰতে এটা অনন্তকালৰ বিৰাট বেদনা লৈ মুখৰ পিয়াহ, বুকুৰ আশা, মনৰ আবেগ, প্ৰাণৰ হেঁপাহ হৈ নাইকিয়া হৈ যাব। তুমি আজি সেই আতুৰৰ থল হৈ সাগৰত দেখা দিছা। তুমি তাক বুকুত ঠাই নিদি মহা জলাহত জহি যাবলৈ কি সতেনো এৰি দিবা? ৰূপালীম্‌! তোমাৰ বুকুৰ থলত মোক ঠাই দিয়া। মোক জীৱলৈ এটুপি মৌ দিয়া। পিবলৈ এটুপি মৰম দিয়া। হাঁহিবলৈ, মোক ফুলিবলৈ তোমাৰ কোলাত মৰণ লভিবলৈ একণি জিৰাবলৈকো ঠাই নিদিবানে? ৰূপালীম্‌! তোমাৰ ওচৰলৈ মোক এখন্তেক যাবলৈ দিয়া ৰূপালীম্‌!

  মণিমুগ্ধ ৰূপালীমৰ ওচৰলৈ যাব খোজে আৰু বৰ নিমাখিত হৈ ৰৈ থাকে। ৰূপালীমৰ মুখৰপৰা ভয় আৰু উদ্বিগ্নতাৰ ভাব পাতলি নাইকীয়া হয়। ৰূপালীম্‌ৰ মুখ গহীন হৈ পৰে।

ৰূপালীম্‌। ( চকুকেইটা খিড়িকীৰ ফালে ৰাখি ) মণিমুগ্ধ কোঁৱৰ! তুমি মোক ইয়াত অকলে থাকিবলৈ দিয়া মণিমুগ্ধ কোঁৱৰ! মায়াব’ই মোৰ জীৱন জুৰি আছে। মণিমুগ্ধ! মোক মায়াব’ৰ ওচৰত থৈ আহাঁগৈ।

(মণিমুগ্ধ ক্ষুব্ধ হৈ হতাশ প্ৰেমিকৰ দৰে এখোজ দোখোজকৈ আহি শয্যাত বহে।)

মণিমুগ্ধ। ( ভ্ৰু-সঙ্কুচিত কৰি ) ৰূপালীম্‌! মায়াব’ক তুমি ভাল পোৱা?

ৰূপালীম্‌। (একে উশাহতে) পাওঁ।

মণিমুগ্ধ। কিমান?

ৰূপালীম্‌। মই কব নোৱাৰোঁ। খুব ভাল পাওঁ। গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূইনত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে— তিমান।

মণিমুগ্ধ। (হঠাৎ উঠি) ৰূপালীম্‌।

(ৰূপালীমে চকুৰ পানী নেপেলোৱাকৈ মণিমুগ্ধক চাই থাকে। মণিমুগ্ধই আত্মসম্বৰণ কৰি বহি আকৌ এঢোক মদ খায়।)

মণিমুগ্ধ। ৰূপালীম্‌!

ৰূপালীম্‌। তুমি মোৰ দুখ নুবুজা কিয়? তুমি জানো মানুহ নোহোৱা?

মণিমুগ্ধ। মানুহ! নহয়—তোমাৰ ৰূপে আৰু মোক মানুহ কৰি থোৱা নাই। মই এটা অদম্য-বাসনা। মই তোমাৰ ৰূপৰ, তোমাৰ সৌন্দৰ্য্যৰ এটা ৰূপ ধৰা পিয়াহ। মই তোমাৰ সুন্দৰ অবয়বৰ অন্তৰালত থকা সুশুভ্ৰ আতমালৈ হোৱা এটা চিৰদিনীয়া হাবিলাস। ৰূপালীম্‌! তুমি মোক ঘিণ কৰিছা! কিন্তু মই তোমাক ভাল পাওঁ। অতিকৈয়ে ভাল পাওঁ। তোমাৰ কাৰণে মই বহুত তললৈ নামি গলোঁ—মানুহৰ শাৰীৰপৰা হিংস্ৰ পশুৰ শাৰীলৈ তোমাক পাবলৈ।

ৰূপালীম্‌। মোক নোপোৱা—মই নেথাকোঁ।

মণিমুগ্ধ। ( ভ্ৰুকুটি কৰি ) ৰূপালীম্‌! তোমাৰ এই পঙ্কজকান্তিৰ সুন্দৰ দেহাত এতিয়াই মোৰ বাসনাৰ ৰঙা গোলাপ-গুৰি সানি দিব পাৰোঁ। তোমাৰ সোণ-সেন্দুৰীয়া কপালত মোৰ তপত নিশাহ বোৱাব পাৰোঁ! তোমাৰ ওঠৰপৰা বৈ অহা ৰূপৰ ফটিকা মই এতিয়াই বাটিয়ে বাটিয়ে পি—তোমাৰ লৱনুকোমল বুকুৰ পৰশত ৰোমাঞ্চিত হৈ কামনাৰ সকলো পিয়াহ গুচাব পাৰোঁ—হেলাৰঙে-অনায়াসে—

ৰূপালীম্‌। তোমাৰ কথা মই বুজিব নোৱাৰোঁ। তোমালৈ মোৰ ভয় লাগিছে! মোক ঘৰলৈ—

মণিমুগ্ধ। মোৰ কথা বুজিব নোৱাৰা? ( হাঁহি ) মোৰ কথাৰ মানে হৈছে— ( অলপ কৰ্কশভাৱে ) তুমি মোৰ হাতৰ মুঠিত। মই তোমাক যি ইচ্ছা তাকে কৰিব পাৰোঁ।

 এনেতে দুৰ্গৰ তলত মানুহৰ কোঢ়াল হয়। অলপ পৰৰ পিছত চিঞৰ- বাখৰ বাঢ়ি আহে। মণিমুগ্ধ এবাৰ খিৰিকীৰ ওচৰলৈ গৈ আকৌ এগিলাছ মদ বাকি খাবলৈ লয়। মদ খোৱা শেষ কৰি মণিমুগ্ধ আকৌ ৰূপালীমৰ ওচৰলৈ এখোজ দুখোজকৈ আহে।

মণিমুগ্ধ। ৰূপালীম্‌! তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মণিমুগ্ধই একো নকৰে! ৰূপালীম্‌! আহাঁ। তুমি এই শয্যাত বহাঁহি আৰু মই তোমাৰ চৰণৰ তলত বহি মোৰ অন্তৰৰ কথা কওঁ। মোৰ হিয়াৰ তলিৰ সকলো উবুৰিয়াই তোমাৰ আগত নিবেদন কৰোঁ। তেতিয়া তুমি বুজিবা—সমিধান নিদিয়াকৈ কেনেকৈ থাকিব পাৰিবা। ৰূপালীম্‌! আহাঁ— আহাঁ—

মনিমুগ্ধ ৰূপালীমৰ ফালে যায় আৰু ৰূপালীমে বৰ সশঙ্কিতা হৈ আতুৰৰ দৰে চাৰিওফালে চাবলৈ ধৰে। মণিমুগ্ধই তেনেই ওচৰ চাপি হাতত ধৰোঁ ধৰোঁ কৰোঁতেই ৰূপালীমে নিৰুপায় অসহায় হৈ এটা চিঞৰ মাৰি —“মায়াব’ —মায়াব” বুলি মুকলি খিৰিকীখনেদি ল’ৰি গৈ আগ-পাছ নুগুণি জাপ মাৰি দিয়ে। মণিমুগ্ধ হতবুদ্ধি হৈ অলপপৰ স্তব্ধ হৈ ৰৈ থাকে। এনেতে খিৰিকীৰ তলৰপৰা কোঢ়াল বাঢ়ি আহে। তাৰ মাজৰ জনতাৰপৰা “ৰূপালীম্‌—ৰূপালীম্‌” বুলি ওলোৱা চিঞৰ কোঢ়ালৰ মাজে মাজে স্পষ্টকৈ শুনা যায়। মণিমুগ্ধ গৈ খিৰিকী দুৱাৰত থিয় হৈ পিছত আচৰিত হৈ উভতি আহি “ৰেণথিয়াং! ৰেণথিয়াং!” বুলি বুলি চিঞৰে। কিন্তু কোনেও সঁহাৰি নিদিয়ে। এনেতে এজনী লিগিৰী ল’ৰি সোমাই আহি ফোপাই-ফোপাই কয়।

লিগিৰী। কোঁৱৰ! কোনোবা শত্ৰুৱে মনে মনে আহি আমাৰ কাৰেং আক্ৰমণ কৰিছে। পালি পহৰীয়া—

মণিমুগ্ধ। ( উত্তেজিত হৈ ) কি? ৰেণথিয়াং! ৰেণথিয়াং!

মণিমুগ্ধ দুৱাৰৰ ফালে লৰ মাৰি যায় আৰু দুৱাৰ মুখতে অস্ত্ৰে-শস্ত্ৰে সুসজ্জিত ‘ইতিভেন’ আহি মণিমুগ্ধক আগভেটি ধৰে। ইতিভেনৰ পাছতে বহু সশস্ত্ৰ ৰূকমী-সৈন্য হাতত মুক্ত তৰোৱালেৰে। মণিমুগ্ধ পাছ হুহকি আহে। এনেতে তুমুল শব্দ কৰি নগৰৰ জয়ঢোল আৰু বৰকাঁহ বাজিবলৈ ধৰে। বাহিৰত এটা বিৰাট গোলমাল আৰম্ভ হয়। মণিমুগ্ধই নিজকে চম্ভালি নিৰ্ব্বিকাৰ হৈ ফটিকাৰ বাটিটো লৈ গৈ শয্যাত বহি এঢোক ফটিকা খাই আৰু ইতিভেনলৈ [ ৫২ ]ভ্ৰুকুটি কৰি চাই কুটিল হাঁহি মাৰি হাত বাউল দি ইতিভেনক শয্যালৈ মাতে। জয়ঢোল বৰকাঁহ জীণ পৰে কিন্তু বাহিৰত গোলমাল চলি থাকে।

মণিমুগ্ধ। ইতিভেন! তোমাক স্বাগত-সম্ভাষণ জনাইছোঁ। ইমান নিশাৰ অতিথি তুমি। বাটত বোধকৰোঁ তোমাৰ একো অসুবিধা হোৱা নাই? লিগিৰী! যা সোনকালে অতিথিসকলৰ শুশ্ৰষাৰ দিহা কৰগৈ। আহাঁ ইতিভেন! আসন লোৱাহি। তোমাৰ মোৰ প্ৰতি আগ্ৰহত মই বৰ মুগ্ধ হৈছোঁ। আহাঁ—

ইতিভেন। মণিমুগ্ধ! পৰিহাস থোৱা! মনত ৰাখিবা এতিয়া তুমি মোৰ বন্দী—

মণিমুগ্ধ। এতিয়াহে নে? যিদিনাই তোমাৰ সতে মোৰ প্ৰথম সাক্ষাৎ সেই দিনাৰপৰাই মই তোমাৰ চিৰবন্দী। অ’ আকৌ এপাক শিকলি মেৰাই তুমি নিঃসন্দহ হবলৈ আহিছা?

ইতিভেন। মণিমুগ্ধ! ধৈৰ্য্যৰ সীমা আছে।

মণিমুগ্ধ। অৱশ্যে—অৱশ্যে। মোৰ বুজাৰ ভুল হ’ল। প্ৰণয়ত পৰা সুন্দৰীসকলে মিলনৰ কাৰণে যে ধৈৰ্য্য বেলি ধৰিব নোৱাৰে তাক মই জানো। ইতিভেন! মোৰ সতে মিলন হবলৈ তোমাৰ ইমান হেপাহ! কিন্তু ইতিভেন! মই ভাবিছিলোঁ যে সামজিক ৰীতিমতে বিয়া পতালৈকে তুমি এখন্তেক ধৈৰ্য্য ধৰিব পাৰিবা বুলি—

ইতিভেন। মণিমুগ্ধ! আৰু বেছি কথা নকবা। ফটিকাৰ ৰাগীত তুমি এতিয়াও যে মোৰ হাতত বন্দী তাক উপলব্ধি কৰিব পৰা নাই আৰু তোমাৰ কথাত সঁচাকৈয়ে ভোল নেযাওঁ বুলিও নিশ্চয়কৈয়ে জানিবা।

মণিমুগ্ধ। ইতিভেন! চিৰকালেই মই তোমাৰ বন্দী। তুমিতো আগেয়ে মোত ভোল যোৱা নাছিলা। মইহে ভোল গৈছিলোঁ। এতিয়াও ভোল গৈয়েই আছোঁ।

ইতিভেন। এতিয়া আৰু প্ৰণয়ৰ আখৰা কৰা প্ৰয়োজন নেদেখোঁ। মোৰ বন্দীশাললৈ যাবলৈ প্ৰস্তুত হোৱা।

মণিমুগ্ধ। সেই স্বৰ্গলৈ যাবলৈ মোৰ বাসনা সদায়।

ইতিভেন। ব্যঙ্গ নকৰিবা।

  এনেতে ৰেণথিয়াং মুক্ত অস্ত্ৰেৰে জাপ মাৰি সোমাই আহি ইতিভেনক থাপ মাৰি ধৰি পেলায় আৰু ৰেণথিয়াঙৰ পাছত বহুত সৈন্য সোমাই বাকীবোৰৰ সতে যুঁজিবলৈ ধৰে। ইতিভেনৰ দলত সকলোবোৰ ঘাটি দুৱাৰেদি পাছ হুহকি ওলাই যায় আৰু ৰেণথিয়াঙৰ সৈন্যই সিহঁতক হেঁচুকি লৈ যায়গৈ। কোঠালিটোত থাকিল কেৱল মণিমুগ্ধ আৰু ৰেণথিয়াঙৰ হাতত বন্দী ইতিভেন। ৰেণথিয়াঙে ইতিভেনৰ গাৰপৰা সকলো অস্ত্ৰ-শস্ত্ৰ খুলি লয় আৰু নিজৰ কাষলতিৰ মোনাৰপৰা এডাল সোণৰ শিকলি উলিয়াই তাৰে এটা হাতত বান্ধি আনটো মূৰ মণিমুগ্ধৰ হাতত দি ৰেণথিয়াং দুৱাৰমুখলৈ যায়।

ৰেণথিয়াং। প্ৰভু। দাসৰ দোষ ক্ষমা কৰিব। বন্ধু ভাবেৰে আপোনাৰ ভাবী পত্নী বুলি নগৰৰ দুৱৰীয়ে বাট এৰি দিলে— সসম্ভ্ৰমে। কিন্তু এওঁলোকে আমাৰ ৰাজ্য আক্ৰমণৰ উদ্দেশ্যেহে আহিছে।

মণিমুগ্ধ। সেইটো মই ভালকৈ বুজিছোঁ। কিন্তু মোৰ বিনা আদেশত নগৰৰ দুৱাৰ কিয় মুকলি কৰি দিছিল?

ৰেণথিয়াং। অতি গুপ্তভাৱে দুৰ্গ কেনেবাকৈ পাৰ হৈ দুৰ্গৰ দুৱাৰ মুকলি কৰিলে।

মণিমুগ্ধ। গুপ্তভাৱে? অপদাৰ্থ! যোৱা দোষীবোৰক উপযুক্ত শাস্তি আৰু আক্ৰমণকাৰী সকলোকে বন্দী আৰু আক্ৰমণকাৰীৰ দেশলৈ গৈ সিহঁতৰ গাঁও-ভূঁই, নগৰ-চহৰ সকলো জুই লগাই দাহ কৰা।

[ ইতিভেন শিয়ঁৰি উঠে। ]

ৰেনথিয়াং। প্ৰভু! তাৰ কাৰণে আপুনি নিশ্চিন্ত হৈ থাকক, আৰু আপোনাৰ প্ৰেয়সী ইতিভেনৰ সৈন্য আৰু দেশৰ বিষয়ে মই সকলো দিহা লগাম।

  ৰেণথিয়াং দুৱাৰখন জপাই ওলাই যায়।ইতিভেন যাব খোজে। মণিমুগ্ধই উঠি হাতত বন্ধা সোণৰ শিকলিডালত থাপ মাৰি ধৰি ৰাখে। ইতিভেনে ক্ষুব্ধা বাঘিনীৰ দৰে ফোপাবলৈ ধৰে।

মণিমুগ্ধ। ইতিভেন! ইয়াৰ অৰ্থ?

ইতিভেন। অৰ্থ? অৰ্থ এই যে তুমি মোৰ দেশৰ কুমাৰীৰ সতীত্ব হৰণ কৰিছা।

মণিমুগ্ধ। অ’ সেই দেখি তুমি সতীত্ব ৰক্ষা কৰিবলৈ সৈন্য সামন্তৰে ল’ৰি আহিছা? হাঃ হাঃ হাঃ!

ইতিভেন। তুমি ৰূপালীমক হৰণ কৰি আমাৰ দেশক অপমান কৰিছা। নিৰাশ্ৰয়া অবলাৰ ওপৰত অত্যাচাৰ কৰিছা। মই দেশৰ মান, জাতিৰ মান ৰাখিবলৈ প্ৰাণ দিবলৈ আহিছোঁ।

মণিমুগ্ধ। মিছা কথা।

ইতিভেন। মিছা কথা?

মণিমুগ্ধ। অৱশ্যে মিছা কথা। তুমি আহিছা তোমাৰ ঈৰ্ষাৰ সন্তুষ্টিৰ বাবে—মোৰ ওপৰত প্ৰতিশোধ লবলৈ।

( ৰেণথিয়াং সোমাই আহে। )

মণিমুগ্ধ। বেছ্‌ কথা। অ’ ৰেণথিয়াং। ইয়াৰপৰা যা—আ—ৰু মোক দে এবাটি ডাঙৰ বাটিৰে চোকা ফটিকা—আৰু ইতিভেনক দে এবাটি ফট্‌ফটীয়া পানী—দে—আন—আ—ৰু—শুন ৰেণথিয়াং!

মণিমুগ্ধ। ৰেণথিয়াং। তহঁতে আৰু নিশাটো কোনেও আহুকাল নকৰিবি। দুৱাৰত মাত্ৰ লিগিৰী থৈ দিবি—যি বিচাৰোঁ যতনাই দিবলৈ। তাৰ বাহিৰে সকলো প্ৰাসাদ নিস্তব্ধ। বুজিছ? মাত্ৰ মোৰ খিড়িকী-দুৱাৰৰ তলৰপৰা নিশাৰ নিশাটো আহি থাকিব লাগিব—মৃদু সঙ্গীতৰ গুঞ্জন-ধ্বনি! বুজিলি? দে ফটিকা।

ৰেণথিয়াং। ( আচৰিত হৈ ) ৰূকমী সৈন্যই দেখোন নগৰ বেঢ়ি থৈছে।

মণিমুগ্ধ। ( চিঞৰি দাবী দি ) মূৰ্খ! অপদাৰ্থ! মোৰ ইমান সৈন্য-সামন্ত থাকোঁতেও সেই চিন্তা মোক কৰিবলৈ দিছ? যা! এফালৰপৰা সকলোকে নিৰ্মূল কৰ। ধ্বংস কৰ। অৱশিষ্টক বন্দী কৰ । ৰূকমীৰ ৰাজ্য ৰাতিৰ ভিতৰতে পুৰি ভস্ম কৰ। এখনো গাঁও যাতে বাকী নাথাকে। যা, মই খিৰিকীৰপৰা ৰূকমীৰ কাৰেং দাহ কৰা, জুইৰ ৰঙা, নীলা শিখাবোৰ দেখিব লাগিব। (ৰেণথিয়াং যাব ধৰে) অ’ আৰু শুন—ৰূপালীমক জীয়াই জীয়াই মোৰ আগত আনি দিব লাগিব, কোনো অঙ্গত ঘূণ নলগাকৈ—যা।

আটাইবোৰ ওলাই যায়। ৰেণথিয়াং ওলাই গৈ দুৱাৰ জপাব খোজোঁতেই ইতিভেন বাঘিনীৰ দৰে হুকৰি গৈ দুৱাৰত বিচেষ্ট হৈ দুৱাৰত ভুকুৱাবলৈ ধৰে। মণিমুগ্ধই গহীন হৈ ইতিভেনক বান্ধি থোৱা শিকলিডালত ধৰি একে আজোৰে পেলাই দিয়ে। ইতিভেনে ততালিকে উঠি ফোপাবলৈ ধৰে।

ইতিভেন। তোমাৰ অভিপ্ৰায়?

মণিমুগ্ধ। তোমাক সাৱটি ধৰি খিৰিকীয়েদি তোমাৰ ৰূকমী গাঁও ধ্বংস কৰা জুইৰ শিখা চোৱা—

ইতিভেন। তেন্তে সঁচাকৈয়ে—আমাৰ গাঁওবোৰ পুৰিব নেকি?

মণিমুগ্ধ। নুপুৰি ন’কৈ সাজিবলৈ মই ইমানবোৰ সৈন্য যাবলৈ কৈছোঁনে?

ইতিভেন। কি অধিকাৰত পুৰিবা?

মণিমুগ্ধ। যি অধিকাৰত তুমি মোৰ নগৰ অৱৰোধ কৰিছিলা।

ইতিভেন। ৰূপালীমক কি কৰিলা?

মণিমুগ্ধ। ৰূপালীম্‌ ইয়াৰপৰা পলাই গৈছে। আকৌ ধৰি আনি দিবলৈ কৈছোঁ।

ইতিভেন। কিয়? ৰূপালীমক কি কৰিবা?

মণিমুগ্ধ। মোৰ কুঁৱৰী—

ইতিভেন। (শয্যাত ঠেকেচা খাই বহি) কুঁৱৰী? তোমাৰ কুঁৱৰী!

মণিমুগ্ধ। অৱশ্যে মোৰ।

ইতিভেন। তাইক তোমাৰ কুঁৱৰী কৰিব নোৱাৰা।

মণিমুগ্ধ। কিয়?

ইতিভেন। তাই মান্তি নহয়।

মণিমুগ্ধই খিলখিলাই হাঁহিবলৈ ধৰে আৰু এঢোক ফটিকা খাই আকৌ হাঁহিবলৈ ধৰে। এনেতে ৰূকমী আৰু প্ৰান্তদেশী সৈন্যবোৰৰ মহাসমৰ হয়। বিকট চিঞৰ আৰু কোলাহল হবলৈ ধৰে। ইতিভেন উত্তেজিত হয়।

মণিমুগ্ধ। শুনিছা মোৰ সৈন্যই তোমাৰ ৰূকমী বীৰসকলক কেনেকৈ দংশি নিব লাগিছে? আৰু অলপ সময়। তাৰ পিছত সকলো নিতাল মাৰিব। নিস্তব্ধতা হলে মই মোৰ অন্তৰৰ কথা তোমাক কম ভাঙি-পাতি। তেতিয়া বুজিবা মই তোমাক কিমান ভাল পাওঁ।

ইতিভেন খঙত একো নাই হৈ নিজকে বন্ধা সোণৰ শিকলিডালেৰে মণিমুগ্ধক অতৰ্কিতে বৰ টানকৈ কোব মাৰে। সেই কোব মণিমুগ্ধৰ মূৰত লাগি হো-হোকৈ তেজ ববলৈ ধৰে। মণিমুগ্ধ শয্যাত বাগৰি পৰি যায়। লাহে লাহে মূৰ্চ্ছা যোৱা যেন হয়। ইতিভেনে থৰ লাগি চকু টেলেকা কৰি চাই থাকে। তাৰ পিছত মণিমুগ্ধক মূৰ্চ্ছা যোৱা যেন দেখি বিহ্বল হৈ মণিমুগ্ধৰ বাউসীত ধৰি জোকাৰি লৰালৰিকৈ পানী আনি মূৰত চকুত দিবলৈ ধৰে। বৰ উত্ৰাৱল আৰু বিচেষ্ট হৈ পৰে। তাৰ পিছত মণিমুগ্ধৰ মূৰটো নিজৰ কোলাৰ ওপৰত তুলি বৰ উদ্বিগ্ন হৈ মাজে মাজে জোকাৰে। মণিমুগ্ধ সংজ্ঞা উভতি আহে আৰু ইতিভেন বুলি সেহাই মাতে।

ইতিভেন৷ মণিমুগ্ধ! মণিমুগ্ধ। মই আছোঁ তোমাৰ ওচৰতে-

মণিমুগ্ধ৷ ইতিভেন! এঢোক ফটিকা দিয়া।

[ইতিভেনে ততাতৈয়াকৈ মুখত ফটিকা অলপ বাকি দিয়ে। ফটিকা খাই মণিমুগ্ধ কিছু সুস্থ হয়।]

মণিমুগ্ধ৷ ইতিভেন! বৰ দুখ দিলা। তুমি বৰ নিষ্ঠুৰা—তুমি মোক ভাল নোপোৱা ইতিভেন?

ইতিভেন৷ (হুকহুকাই কান্দিবলৈ ধৰে) মণিমুগ্ধ! বৰ ভাল পাওঁ—বৰ ভাল পাওঁ। তোমাক বৰ ভাল পাওঁ।

[মণিমুগ্ধক সাৱটি ধৰি মূৰত চুমা খাই গালখন মূৰত লগাই কান্দি থাকে। ]

মণিমুগ্ধ৷ ময়ো তোমাক বৰ ভাল পাওঁ।

ইতিভেন৷ তেন্তে আৰু তুমি ৰূপালীমকৰ কথা নকবা। তাইক আৰু ইয়ালৈ নানিবা।

মণিমুগ্ধ৷ কিন্তু ৰূপালীমৰ ৰূপ — ৰূপালীম্‌ সুন্দৰী —

ইতিভেন৷ (মণিমুগ্ধৰ মূৰটো কোলাৰপৰা নমাই থৈ) তুমি — তুমি — তুমি ৰূপালীমক ইয়ালৈ আনিব নোৱাৰা।

মণিমুগ্ধ৷ নহয়—ৰূপালীমৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰিলে মোৰ জীৱন অসাৰ্থক। তোমাক মই ভাল পাওঁ।

ইতিভেন৷ তোমাকো মই এইবাৰ ৰূপালীমক লগ পোৱাৰ আগতে শেষ কৰিম।

  ( ইতিভেনে আকৌ সোণৰ শিকলি আগটোৰে মণিমুগ্ধক মাৰিবলৈ উদ্যত হওঁতেই মণিমুগ্ধই থিতাতে উঠি ইতিভেনৰ হাতত থাপ মাৰি ধৰি দুই হাতেৰে ইতিভেনক চোচোৰাই টানি আনে আৰু ইতিভেনে হাত-ভৰি এচাৰিবলৈ ধৰে। মণিমুগ্ধই কোনো মতেহে ধৰি ৰাখে। )

মণিমুগ্ধ। লিগিৰী। (লিগিৰী এজনী সোমাই আহে।) চন্তৰী দুটা মাত।

( লিগিৰী ওলাই যায় আৰু চন্তৰী দুটা সোমাই আহে।)

মণিমুগ্ধ। চন্তৰী! এইক ভালকৈ বান্ধি— মোৰ বন্দীশালত থৈ দেগৈ।

(চন্তৰী আহি ইতিভেনক ধৰি বাহিৰলৈ উলিয়াই নিব খোজে।)

ইতিভেন। (চিঞৰি কয়) তোক মই ঘিণ কৰোঁ। ঘিণ কৰোঁ —

মণিমুগ্ধ। ইতিভেন! মই তোমাক ভাল পাওঁ।

ইতিভেন। বৰ্ব্বৰ! ঘিণ কৰোঁ—মই তোক ঘিণ কৰোঁ।

( টানি চন্তৰীয়ে উলিয়াই নিয়ে।)

মণিমুগ্ধ। মই তোমাক ভাল পাওঁ। বৰ ভাল পাওঁ।

  তাৰ পিছত মণিমুগ্ধই কোঠাটোৰ মাজতে জলকা লাগি ৰৈ থাকে। লিগিৰীয়ে দুৱাৰখন জপাই দিয়ে। লাহে লাহে মণিমুগ্ধ আহি এবাটি ফটিকা লৈ খায়। এনেতে দূৰৈত খিৰিকীয়েদি গাওঁ পোৰা জুইৰ শিখা উজ্জ্বল হৈ জ্বলি উঠে আৰু তলত কোঢ়াল হয়। মণিমুগ্ধই ফটিকাৰ বাটিৰপৰা আৰু এঢোক খায়গৈ। খিড়িকী দুৱাৰত ভৰি বহলকৈ মেলি কঁকালত হাত দি দূৰৰ জুই চাই ৰৈ এবাৰ পিশাচৰ দৰে হাঁহি কয়।

মণিমুগ্ধ। (ডাঙৰকৈ কয়) তিৰোতাৰ ঈৰ্ষাৰ জুইত এটা জাতি জহি যাব লাগিছে। (সাউৎকৈ ঘূৰি) হাঃ হাঃ হাঃ!

                   #ঐক্যতান#

                       পঞ্চম অঙ্ক

প্ৰান্ত-দেশৰ সীমাৰ ওচৰৰ এখন অগাধ জাৰণি

সময়—দিনৰ ভৰ দুপৰ

  জাৰণিৰ মাজৰ এজোপা বৰ গছৰ তলৰ এডোখৰ মুকলি ঠাই। বৰ ডাঠ হাবি দেখি তালৈ ৰ’দৰ পোহৰ বৰকৈ সৰকিব পৰা নাই। সেয়েহে ঠাইডোখৰ এন্ধাৰ-পোহৰুৱা। কিছু দূৰত জাৰণিৰ মাজে মাজে দুই এঠাইত চকামকা ৰ’দৰ চিক্‌মিকনি দেখা গৈছিল। বৰ গছৰ তলত ক্ষীণাই শুকাই বৌদ্ধ ভিক্ষুৰ সাজেৰে ৰূকমী ৰজা গছৰ গাত আউজি বহি আছে। তেওঁৰ দুয়োকাষে লেৰেলা চেপেটা বৌদ্ধ সন্ন্যাসীৰ সাজে চাৰিজন ৰূকমী বিষয়া।সিহঁতে ভোক-পিয়াহত কলমটিয়াব লাগিছে।

ৰূকমী ৰজা। (বৰ কাতৰ আৰু হতাশ হৈ) ৰাজ্য গ’ল—ৰাজভোগ গ’ল। বন-খাৰধিও নিমিলা হ’ল। লাওপানী ফটিকাতো দূৰৰ কথা, শেষত এতিয়া প্ৰাণ যায় যায়। কি উপায়?

১ম বিষয়া। নিৰূপায় প্ৰভু! মোৰ কণ্ঠটো শুকালেই, এতিয়া অণ্ঠ শুকালে বিপদ। দেখাদেখিকৈয়ে গছৰ পাত আৰু শিপা চোবাই কিমান দিন?

ৰজা। বিদ্ৰোহ—বিদ্ৰোহ—এতিয়া দেখিছোঁ—শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গও বিদ্ৰোহী হবগৈ।

২য় বিষয়া। প্ৰভু! মোৰ মনেৰে ওচৰৰ কোনো বৌদ্ধ মঠত আশ্ৰয় লোৱাৰ বাহিৰে আন একো উপায় নাই।

তৃতীয় বিষয়া। সেয়ে হলে মণিমুগ্ধৰ সৈন্যৰ হাতত পৰিব লাগিব। তেতিয়া প্ৰাণৰ সংশয়।

ৰজা। অৱশ্যে তেনে কাম কৰিব নোৱাৰি। মণিমুগ্ধই আমাক জীয়াই জীয়াই পুতি থব।

৪ৰ্থ বিষয়া। তেন্তে প্ৰভু! এইদৰে আৰু কিমান দিন অৰণ্যত বাস কৰিব লাগিব? যি এটা মানুহ আহাৰ আৰু ফটিকাৰ কাৰণে পঠোৱা হৈছিল সিও—

ৰজা। ফটিকা—ফটিকা—উস্‌—এটোপা পালেই প্ৰাণ ৰক্ষা হয়। ক’তা, ৰিমু দেখোন উভতি নাহিল।

১ম বিষয়া। প্ৰভু! ৰিমুলৈ বাট চাই বহি থকাৰ সকাম নাই। তাৰ বহুতো বিপদ হোৱা সম্ভৱ আছে।

ৰজা। আছেতো। আমাৰ ফটিকা বিচাৰি যাওঁতে কোনোবা তিৰোতাই তাক বশ কৰিবও পাৰে।

২য় বিষয়া। প্ৰভু! সি তিৰোতা দেখি ভোল যোৱা বিধৰ মানুহ নহয়।

ৰজা। হে:! সি ভোল নগলে কি হ’ল? তিৰোতাতো তাক দেখি ভোল যাব পাৰে আৰু এবাৰ এজনী তিৰোতাৰ চকুত যদি সি পৰিল—

৪ৰ্থ বিষয়া। হয়, হয়। পৰা মাত্ৰকেই তিৰোতাই যে তাক ডিঙিত গছক মাৰি ধৰিব, ইও ধুৰুপ।

ৰজা। আৰু সি বেটিহঁতৰ কোমল তলুৱা চেলেকিবলৈ পাই আমাৰ টেকেলি কাতি কৰি থৈ তিৰোতাৰ মৰমৰ বাঁতি জ্বলাব। হা: হা: হা:! কিন্তু মই ফটিকা এটোপা নেপালেহে এতিয়া শৰীৰৰ সতে সম্বন্ধ ছিঙিব লাগিব। কি উপায়? উস্‌! মোৰ মূৰটো ঘূৰাইছে আৰু গাৰ জোৰাবোৰ সোলোকা সোলাকা লাগিছে।

ৰূকমী ৰজা লাহে লাহে কলমটিয়াই কলমটিয়াই ঢলি পৰি যায় আৰু গছৰ গাতে চেপেটা দি লালকাল দি থাকে। বাকী বিষয়া কেইজনেও হামি হুমুনিয়াহ চাৰি হামিয়াই-হেকটিয়াই বহি বাৰে বাৰে ডিঙি মেলি মেলি দূৰলৈ চাবলৈ ধৰে। এনেতে কোনোবাই শুকান পাত গছকা শুনা যায়। বিষয়া কেইটাই উচপ খাই উঠি ভয় খাই চুচুক-চামাককৈ পলোৱাৰ দিহা কৰিব খোজোঁতেই ৰিমুৱে কাষলতিত এটা চুঙা ওলোমাই দুখ মনেৰে তাত ওলায়হি। ৰিমুক দেখি বিষয়া কেইটাৰ মনত আনন্দ আৰু আশাৰ ৰেখা বিৰিঙি উঠে। আটাইকেইটাই ‘ৰিমু’ বুলি দীঘল উশাহ লয়। ৰিমুৰ নাম ৰজাৰ কাণত পৰা মাত্ৰকে তেওঁ জাপ মাৰি উঠে।

ৰজা৷ এয়া ৰিমু- দে ফটিকা।

একে চোচাই ৰিমুৰ ওচৰ পাই ৰিমুৰ কাষলতিৰপৰা চুঙাটো সোলোকাই নি গছৰ তলত ঠেকেচ কৰে পাছ হুহকি বহে আৰু চুঙাৰ মুখেৰে মুখত ফটিকা বাবে। গোটেইটো চুঙা উবুৰিয়াই দিলতো এটোপাও ফটিকা নসৰাত খঙত উগ্ৰমূৰ্ত্তি হৈ পৰে।

ৰজা৷ মহাপাপী-বিশ্বাসঘাটক- ফটিকা নাই! যা – ৰসাতলে।

  ফটিকাৰ চুঙা ৰিমুৰ গালৈ মাৰি পঠিয়ায় আৰু চুঙাটো ভাঙি চুৰমাৰ হয়। বিষয়া কেইটাও থানবান হৈ ফাঁহি চিটিকা দি দূৰে দূৰে ৰয়গৈ।

ৰজা৷ (গৰ্জ্জি) নোম-নেগুৰ নোহোৱা বান্দৰ! এটোপা ফটিকাও আনিব নোৱাৰিলি? অকামিলা- অপদাৰ্থ!

ৰূকমী ৰজাই খঙত ফোপাউৰিয়াই ঘোঙটোৰ দৰে খঙত মহতিয়াবলৈ ধৰে আৰু এবাৰ ৰিমুৰ ওচৰলৈ চোঁচা মাৰি তাৰ গাত হাত দিওঁ নিদিওঁকৈ উভতি আহি হাত ভৰি এচাৰি আকৌ এবাৰ গৈ তাৰ বাহুত ধৰি জয়ঘণ্টা লৰায়।

ৰজা৷ কটা! এই সামান্য কাম এটাকে যদি সংসাৰলৈ আহি কৰিব নোৱাৰিলি, তেন্তে সংসাৰলৈ আহিছিলি কিয়? মাৰৰ পেটতে সোমাই নেথাকিলি কিয়? আৰু আহিলিয়েই যদি হাত-ভৰি লগা মঙহৰ টোপোলাটো যেন হৈ থাকিলি কিয়? নানিলি কিয়? নানিলি কিয়?

ৰিমু। শুনক ৰজা! নুশুনাকৈয়ে কিয় খং খায়? ৰূকমী ৰাজ্য আৰু ৰাজধানী নাই। ৰূকমী ৰাজ্য আৰু নাই (হাও-হাওকৈ কান্দি) পুৰি ছাই কৰিলে—ছাই কৰিলে।

ৰজা। ছাই কৰিলে কেনেকৈ?

ৰিমু। মণিমুগ্ধই আমাৰ ৰূকমী ৰাজ্য জুই লগাই পোৰাই দিলে—একো নাই। হাবিয়ে বননিয়ে পৰ্ব্বতে-পাষণ্ডে ৰূকমীবোৰ খাবলৈ নাপাই ঘৰ-বাৰীহীন হৈ ঘূৰি ফুৰিছে।

ৰজা। সিহঁতৰ ফটিকাৰ টেকেলি লগত লৈ যোৱা নাই নেকি?

ৰিমু। মুখত দি প্ৰাণ ৰাখিবলৈ এটা ধানৰ সঁচো নাই।

ৰজা। (হাঁহি) দেখিছা বিষয়াসকল! ঈশ্বৰ কেনে ধাৰ্ম্মিক! দেখিলা ঈশ্বৰৰ কেনে ধৰ্ম্মলৈ মতি। তেওঁ কেনে ন্যায়পৰায়ণ, সাধু আৰু হাতে হাতে ফল-দিওঁতা ভকত। আমি ৰজা হৈছোঁ ঈশ্বৰৰ অংশ। তেওঁৰ নিৰ্দ্দেশমতে আমি প্ৰজা পালি আছোঁ। সেয়ে তেনে ৰজাৰ ওপৰত বিদ্ৰোহ তুলি, তিৰোতা মানুহৰ কথাত সিংহপীৰাৰপৰা নমাই দিয়া মহা পাপ আচৰাৰ ফলত থিতাতে হাতে হাতে অচিৰেই কেনে ফল মিলালে। হে ঈশ্বৰ! ধন্য তোমাৰ বিচাৰ। তোমাৰ বিচাৰৰ বিষয়ে মানুহে কি বিচাৰ কৰিব।

প্ৰথম বিষয়া। প্ৰভু! ঈশ্বৰ যে এজন ভাল মানুহ সেই বিষয়ে মই সদায় বিশ্বাস কৰি আহিছোঁ।পিছে, আমাক ৰাজ্যৰপৰা খেদোৱাৰ সময়ত তেখেতে সম্ভৱ ৰং-তামচা কৰি আছিল, সেই কাৰণেহ তেতিয়াই মন কৰিব নোৱাৰিলে।

দ্বিতীয় বিষয়া। অৱশ্যে, অৱশ্যে। তেওঁক বোধকৰোঁ সেই সময়ত বেছিকৈ নিচাই ধৰিছিল, তথাপি যে তেওঁ দুষ্টক দমি বেলিকৈ হলেও কৰ্ত্তব্য কৰিলে তাতে আমি তেওঁৰ ওপৰত সন্তুষ্ট নহৈ নোৱাৰোঁ।

ৰজা। লাওপানী—লাওপানী যে নাই কি উপায়?  তেন্তে বিষয়াসকল! লাহে লাহে আমি আৰু এই ঠাইৰপৰা গতিহে কৰিব লাগিব।

১ম বিষয়া৷ নকৰিলে নহব। যেনেতেনে প্ৰাণ ৰাখিবই লাগিব।

ৰিমু৷ ৰজা! মোক এৰি দিব লাগে।

ৰজা৷ কিয়?

ৰিমু৷ ৰজা! মোৰ আৰু নিজৰ প্ৰাণ ৰাখি ৰাইজৰ পৰা আঁতৰি থাকিবৰ ইচ্ছা নাই। মোৰ মানুহ, মোৰ দেশৰ যি দুৰ্দ্দশা হৈছে, মই তাৰ ভাগ লওঁগৈ।

ৰজা৷ (গৰ্ভৰ ভিতৰৰপৰা ঢেক্‌ঢেকাই হাঁহি) হে: হে: হে:! দুৰ্দ্দশাৰেই ইমান ভাগ লবলগীয়া হ’ল তেন্তে আমাৰ এই দশা সুদশা হৈছে জানো? নিধক! তলগুজৰীয়া পাপিষ্ঠ! হো: তোৰ কথা হবলা মই নুবুজোঁ? আমাৰ ডেকা ছোৱালী নাই দেখি আমাৰ দুৰ্দ্দশা দুৰ্দ্দশাই নহয়- সেই দেখি সিহঁতৰ দুৰ্দ্দশাৰ ভাগ লবৰ মন গ’ল!-হে: হে:- অ’ তোক উকা দুৰ্দ্দশা নালাগে, ছোৱালীৰ মিচিকি হাঁহি সনা দুৰ্দ্দশা লাগে।

ৰিমু৷ নহয় ৰজা! দেশ স্বজাতিৰ কথা সকলোৰে ওপৰত।

ৰূকমী ৰজা৷ ওপৰততো, অৱশ্যে ওপৰত। সেই ডাঙৰ কথাৰ ডাঙৰ জাপিটো তৰি লৈ তাৰ ছাঁৰ তলত বহি মদে-ভাতে, হাঁহে-কুকুৰাই, গাভৰুৰে গা পিটিকুৱাই শুই থকাৰ মতলব! হে: হে: হে:! তহঁতৰ বুদ্ধিবোৰৰ চুঙাটোত হবলা মই আঙুলি ভৰাই ঘুলকিব নোৱাৰোঁ বুলি ভাবিছ?

  [ৰিমু তাৰপৰা বেজাৰ মনেৰে যায়গৈ]

৩য় বিষয়া৷ জৰুল এই ৰিমু কোনোবা তিৰোতাৰ বুদ্ধিত পৰিছে। সিহঁতে আমাক ৰাজ্যৰপৰা খেদিলে। আজি সাতপুৰুষীয়া সিংহাসনৰপৰা ৰজাক নমোৱালে। তিৰোতাৰ বাজী বুদ্ধিৰে মণিমুগ্ধক জোকাই এই হেন সোণৰ ৰূকমী ৰাজ্য ধ্বংস [ ৬৪ ]কৰালে। এতিয়া শেষত ৰজাৰ একমাত্ৰ ভৰসাৰ স্থল কণাৰ লাখুটি- এই ৰিমু ডেকাকো বেকা কৰি বিহ খুৱায়। দেখিছে প্ৰভু! কেনে দুষ্ট বুদ্ধি তিৰীৰ!

ৰজা৷ নাই, আৰু একো বাকী ৰখা নাই। পাপিনী, শাখিনী, যখিনীহঁতে সকলোৰে মুদা মাৰিলে। সকলোৰে গুৰি এই তিৰোতাবোৰেই। বিষয়াসকল! এইবাৰ মই ৰাজ্য পালেই সকলো তিৰোতাকে চাঙত তুলি ধোঁৱা দি দি মাছ শুকুৱাদি শুকুৱাই চিৰা-চেপেটা কৰিম। এজনী তিৰোতাৰো সঁচকে নাৰাখোঁ।

দ্বিতীয় বিষয়া৷ অৱশ্যে তেনে কৰিলে… সকলো ৰাজ্য তিৰোতাৰ হাতলৈ যাব। আজি আমাৰখন, – কাইলৈ কাৰোবাৰখন,- এইদৰে গোটেই পৃথিৱী জুৰি সিহঁতৰ ৰাজ্য বহিব।

  (এনেতে বাহিৰত শুকান পাতৰ ওপৰত খৰখৰণি উঠে।)

ৰজা৷ (বৰকৈ উচপ খাই চকু টেলেকাকৈ বিষয়াবোৰৰ চকুলৈ চায় আৰু সিহঁতকো ভয় খোৱা যেন দেখি নিজেই বৰ বিহ্বল হয়।) বিপদে দেখোন ঘেৰি আনি গাৰ ওপৰতে তুলিছেহি। তেন্তে- তেন্তে-

  বিষয়া কেইজনে ইটোৰে সিটোৰ চকুলৈ চাই আৰু ৰূকমী ৰজাক তাতে এৰি থৈ লাহে লাহে চুচুক-চামাককৈ হুহকি ওলাই সায়গৈ। ৰূকমী ৰজাই কি কৰোঁ কি নকৰোঁকৈ থাকোঁতেই বাহিৰত আকৌ ডাঙৰকৈ খৰখৰণি শুনা যায়। শুনা মাত্ৰেই ৰূকমী ৰজাই ‘ধৰিলে ঔ’ বুলি চিঞৰ শোধাই একে দীঘল জাপে তাৰপৰা পত্ৰং দিয়ে আৰু অলপ পিছতে হেলাই-হেফাই ইটোৰ গাত সিটো আউজি মায়াব’ আৰু ৰূপালীম্‌ আহি তাত ওলায়। ৰূপালীম্‌ ৷ (সেহাই সেহাই) মায়াব’- মায়াব’-মই আৰু খোজ কাঢ়িব নোৱাৰোঁ। মোৰ গাটো সুলকি পৰিব খুজিছে। মায়াব’! মোৰ বৰ পিয়াহ লাগিছে-মায়াব’ মায়াব’। (ৰূপালীমৰ গাত হাত ফুৰাই) ৰূপালীম্‌! আহাঁচোন। তুমি ইয়াতে অলপ বহা। মই তোমালৈ পানী বিচাৰি আনোগৈ।

 (এই বুলি মায়াব’ই ৰূপালীমক মাটিতে বহুৱায় )

ৰূপালীম্‌৷ মায়াব’- মোৰ বৰ পিয়াহ লাগিছে। পিছে, তুমি পানী বিচাৰি গলে মই অকলে কেনেকৈ থাকিম?

 (বৰ কৰুণ ভাবেৰে মায়াব’ৰ ফালে চায়।)

মায়াব’৷ (ভাবি) কিহৰ ভয়? সৌৱা নিজৰাৰ মাত শুনা নাইনে? ওচৰতে আছে। তুমি এখন্তেক ৰবা। মই লৰ মাৰি পানী আনো।

মায়াব’ই নিজৰ হাতৰ কুঠাৰখন ৰূপালীমৰ হাতত দি পানী আনিবলৈ লৰ মাৰে। ৰূপালীম্‌ বৰ ব্যগ্ৰ হৈ অপেক্ষা কৰি থাকে। অলপ পিছতে মায়াব’ই কচুপাতত পানী আনি ৰূপালীমক দিয়ে আৰু ৰূপালীমে খায়।

মায়াব’৷ (ৰূপালীমৰ পানী খোৱা হলত) এতিয়া ভাল পাইছা নে?

ৰূপালীম্‌৷ ওঁ — মই অলপ শোঁ, নহলে মই আৰু জীয়াই নাথাকোঁ। বৰ ভাগৰ —

মায়াব’৷ বাৰু শোৱা —

মায়াব’ই কোলা পাতি ৰূপালীমৰ মূৰটো কোলাত লয় আৰু গাৰ কাপোৰৰ আগেৰে বিছি দিয়ে আৰু ৰূপালীমৰ মূৰত হাত ফুৰাই। এনেতে কুকুৰৰ ভুক্‌ভুকনি শুনা যায়। দুয়ো চক্‌ খাই উঠে। মায়াব’ই ৰূপালীমৰ মূৰটো কোলাৰপৰা নমাই আৰু গিৰিপকৈ উঠি চায়।

মায়াব’৷ ৰূপালীম্‌! আমি আৰু ইয়াত থাকিলে ভাল নহব। আমাক বিচাৰি বোধকৰোঁ কোনোবা নিশ্চয় আহিছে। [ ৬৬ ]সিহঁতৰ লগৰ কুকুৰে আমাৰ গমগতি পাই ভুকিছে। অ’ সৌৱা দূৰত মানুহ—সেনা—ব’লা, ব’লা উঠা।

ৰূপালীম। মায়াব’—মোৰ আৰু শক্তি নাই। মোক ইয়াতে এৰি থৈ — তুমি পলাই সাৰা। মই কেনেকৈ উঠিম? মোৰ কঁকালৰপৰা তলচোৱা থৰ হ’ল।

মায়াব’ বৰ উদ্বিগ্ন হৈ কি কৰোঁ কি নকৰোঁ হৈ এবাৰ হঠাৎ ৰূপালীমক কোলাকৈ দাঙি লয় আৰু এফালে ওলাই যাবলৈ ধৰোঁতে — সেইফালৰপৰা কুকুৰৰ ভুক্‌ভুকনি শুনি ওভোতা ফালে যাবলৈ ধৰোঁতে চাৰিটা সশস্ত্ৰ সৈনিকে মুক্ত তৰোৱালেৰে আগভেটি মায়াব’লৈ পোনাই আহি থিয় হয়। তাতে মায়াব’ই আকৌ প্ৰথমে যাব খোজা ফালেই ৰূপালীমক কোলাত লৈ লৰ মাৰিব খোজে, কিন্তু সেইফালৰপৰাও পাঁচটামান সশস্ত্ৰ সৈনিকে আগভেটি ধৰে আৰু ৰেণথিয়াং আহি আগত থিয় হয়। মায়াব’ বিমোৰ হৈ থৰ লাগি সেইদৰে ৰয়।

                     #ঐক্যতান#

                        ষষ্ঠ অঙ্ক

মণিমুগ্ধৰ প্ৰাসাদৰ এটা সুসজ্জিত কোঠা

সময়—নিশা

  কক্ষটো দীঘল—বহুদূৰলৈকে গৈছে। তাৰ সিফালে গোটেই দেৱাল ঘূৰি এখন বিৰাট গবাক্ষ। সেইফালেদি বহু-দূৰলৈকে বিস্তৃত সুন্দৰ ফুলনি দেখা গৈছে। ৰাতি কক্ষটোত গছাই গছাই শ শ প্ৰদীপ জ্বলোৱা হৈছে। মঞ্চৰ সমুখ ভাগত এখন সুন্দৰ পালঙ্ক পতা আছে। মণিমুগ্ধই অতিকৈ শুভ্ৰ শুৱনি সাজ-পাৰ পিন্ধি শয্যাত আৰামকৈ বহি ফটিকা খাব লাগিছে। শয্যাৰ একাষে দহজনীমান ছোৱালীয়ে হাতত বীণা কৰতাল আৰু বাঁহী লৈ ঐক্যতানত বাজনা বজাব লাগিছে। এজনী লিগিৰীয়ে ফটিকা বাকি খুৱাব লাগিছে।

মণিমুগ্ধ। লিগিৰী! ৰেণথিয়াং—

[এজনী লিগিৰী সেৱা জনাই ওলাই যায় আৰু অলপ পৰৰ পিছতে ৰেণথিয়াঙৰ সৈতে সোমাই আহে।]

ৰেণথিয়াং। প্ৰভু!

মণিমুগ্ধ। বন্দীবোৰক প্ৰাণদণ্ডৰ কাৰণে সাজু কৰা হৈছে নে?

ৰেণথিয়াং। হয় প্ৰভু। ঘাতকবোৰ সাজু হব ধৰিছে। মাজনিশা এটা এটাকৈ প্ৰাণদণ্ড পোৱা বন্দীবোৰক হত্যা কৰা হব আৰু তাৰ পিছতে বাকী থকা ৰূকমী গাঁওবোৰ সমূলঞ্চে ধ্বংস কৰি ৰূকমী কাৰেংটোতে জুই দিয়া হব।

মণিমুগ্ধ। বাৰু। আৰু গাঁও-ভুঁই পুৰিব নালাগে। কাৰেঙো একো নকৰিবি। ৰূপালীমক এই আদেশৰ কথা জনোৱা হৈছে নে নাই।

ৰেণথিয়াং। হৈছে প্ৰভু!

মণিমুগ্ধ। তাই এই বাতৰি কেনেভাৱে গ্ৰহণ কৰিছে?

ৰেণথিয়াং। শুনি তাই মূৰ্চ্ছাপ্ৰায়। তাৰ পিছত অবিৰল কান্দিব লাগিছে। সেই কান্দোন এতিয়াও মাৰ যোৱা নাই।

মণিমুগ্ধ। সুন্দৰ হৈছে। চকুপানীৰ বাৰিষাৰে কোমল হোৱা অন্তৰৰ মাটিত মই চাহ কৰি মোৰ বাসনাৰ কঠীয়া পেলাবৰ উপযুক্ত সময় হৈছে। লৈ আহ ৰূপালীমক— সুন্দৰকৈ সজাই ফুল-চন্দনেৰে।

ৰেণথিয়াং ওলাই যায়।মণিমুগ্ধই দীঘলকৈ হুমুনিয়াহ পেলাই এঢোক ফটিকা খাই, দাৰ্শনিক কলাবিশাৰদৰ সৌন্দৰ্য্যপিপাসু দৃষ্টিৰে চাৰিওফালে চাই লয়, আপোন মনে নিজেই অলপ হাঁহি হাঁহি কয়।

মণিমুগ্ধ। কি সুন্দৰ ৰূপালীম্‌—কেনে কোমল তাইৰ মাংস-পেশীবোৰ,—কেনে গোলাপৰ পাহিৰ দৰে নিমজ তাইৰ গাৰ ছাল। বিদ্যাধৰীসকল! বজোৱা—সুন্দৰ সুৱদি বেহাগ—মোৰ প্ৰাণ বিৰহত ব্যাকুল হৈ পৰক। আকৌ বজোৱা কামোদ—মোৰ বাসনাৰ ৰঙা গোলাপ এপাহ এপাহকৈ ফুলি উঠক। তাৰ তীব্ৰ সুৰভিৰ মাদকতাত মই মতলীয়া হৈ ৰূপালীমক দুগুণ সুন্দৰী দেখোঁ। আৰু মোক আনি দিয়া মিছৰী-হাছিছ—তাৰ অলপ সেৱন কৰি—সকলোকে সপোনৰ মায়াবী খোঁটালিলৈ লৈ যাওঁ।

  এজনী লিগিৰীয়ে সৰু টেমাত হাছিছ দিয়ে। মণিমুগ্ধই মুখত লৈ এবাটি ফটিকা হাতত লয়। লাহে লাহে সপোনবলিয়া হৈ আহে। শয্যাত বহি বাদিকাবোৰক ইঙ্গিত দিয়াত সিহঁতে ঝঙ্কাৰি ঝঙ্কাৰি বীণাত মূৰ্চ্ছনা দিবলৈ ধৰে।

মণিমুগ্ধ। বজোৱা, মূৰ্চ্ছনা আৰু মূৰ্চ্ছনাৰ লগে লগে মোৰো ৰূপৰ পিয়াহ তাৰ ছন্দেৰে সমন্বয় ৰাখি বাঢ়ি বাঢ়ি তন্দ্ৰালোকে তাৰ প্ৰাণলৈ উঠি যাওক আৰু তাৰ স্বৰৰ দৰে তীব্ৰ হৈ পৰক। —যাতে ৰূপালীমৰ ৰূপৰ সূক্ষ্মাতিসূক্ষ্ম সৌন্দৰ্য্যও মোৰ অনুভূতিত ধৰা পৰে। ৰূপালীমৰ ৰূপৰ সোৱাদৰ সূক্ষ্মতৰ মৌখিনি যাতে মোৰ ওঁঠে উপলব্ধি কৰিব পাৰে। যাতে মোৰ চুলিৰ আগে, ভৰিৰ আঙুলিৰ নখে, হাড়ৰ ভিতৰত থকা হিমজুৱেও ৰূপালীমৰ ৰূপৰ পৰশত শিয়ঁৰি সুখ পায়। মোক লাগে ৰূপালীমৰ ৰূপৰ পূৰ্ণ উপভোগ—ৰূপালীম্‌ —

  এনেতে ৰেণথিয়াঙে ৰূপালীমক লৈ সোমাই আহিল। ৰূপালীম্‌ ফুল-পাতেৰে সুশোভিতা মানুহৰ হাতত বন্দিনী হোৱা বনদেৱীৰ দৰে ৰ’ লাগি ৰ’ল। ৰূপালীমৰ ৰূপৰ জমকত মণিমুগ্ধ অভিভূত হ’ল। অথিৰ অবিৰ অসংযতভাৱে ৰূপালীমলৈ চাবলৈ ধৰিলে। তাৰ পিচত নিজক সংযত কৰি কঠোৰ হৈ ৰূপালীমৰ ফালে কিছুপৰ একে থৰে চাই থাকি প্ৰশ্ন কৰিলে।

মণিমুগ্ধ। ৰূপালীম্‌! তোমাৰ মায়াব’ আৰু বুঢ়া বাপেৰাক চাবানে?

ৰূপালীম্‌। ( বৰ উদ্বিগ্ন হৈ ) ক’তা? ক’তা? মোক নিয়া টানি নিয়া—নিয়া—নিয়া—

মণিমুগ্ধ। নহয়—তুমি সিবিলাকক চাব নোৱাৰা।

ৰূপালীম্‌। কেলৈ? কিয়? মায়াব’—অ’ মায়াব’! মই মায়াব’ক চাওঁ।

মণিমুগ্ধ। সিহঁতক আৰু ক’ত চাবলৈ পাবা? অলপ পৰৰ পিছতে সিহঁতৰ মূৰ গাৰ পৰা ছিগি পৰিব।

ৰূপালীম্‌। ( উত্ৰাৱল হৈ ) কিয়—কিয়—কেলৈ?

মণিমুগ্ধ। সিহঁতে মোৰ ৰাজ্য আক্ৰমণ কৰাৰ বাবে মই সিহঁতৰ প্ৰাণদণ্ডৰ হুকুম দিছোঁ। ৰাতি পুউৱাৰ আগতেই আটাইবোৰকে মাৰি পেলোৱা হ’ব।

  ৰূপালীমে থৰ লাগি মণিমুগ্ধৰ চকুলৈ চাবলৈ ধৰে। তাৰ পিছত ‘আপু’ বুলি চিঞৰ এটা মাৰি হুক্‌ হুক্‌কৈ কান্দিবলৈ ধৰে। কান্দি কান্দি মাটিত ধাচ কৰে পৰি যায় আৰু কান্দি কান্দি মণিমুগ্ধৰ ফালে চুচৰি চুচৰি আহে।

বৰ কৰুণভাৱে মণিমুগ্ধক কয় —

ৰূপালীম্‌। তেনে নকৰিবা। কেলৈ মাৰি পেলোৱাবা ? তোমাক মোৰ বুঢ়া আপুৱে একো কৰা নাই—নামাৰিবা—মায়াব’ বৰ ভাল—আপু বৰ বুঢ়া মানুহ—

মণিমুগ্ধ। ৰূপালীম্‌। তুমি মোক কৈছা, কিন্তু মই কিয় তোমাৰ কথা ৰাখিম ? তুমি মোৰ এটা সামান্য কথাকে ৰাখিবলৈ মান্তি নোহোৱা—

ৰূপালীম্‌। কি—? কি—? কি কথা— ? কোৱা—।

মণিমুগ্ধ। কি কথা ? তোমাৰ এই সোণাময় শৰীৰটো মোক নিজ মনেৰে দান কৰিবলৈ—তোমাৰ ৰূপ উপভোগ—

(ৰূপালীমে মণিমুগ্ধৰ ফালে তীব্ৰভাৱে চাবলৈ ধৰে।)

মণিমুগ্ধ। বুজিছা ?—যদি এই শৰীৰ মোক দান কৰা, তেতিয়াহলে তোমাৰ মায়াব’ক এৰি দিম…

(ৰূপালীম্‌ উঠি মণিমুগ্ধৰ ওচৰলৈ আহি)

ৰূপালীম্‌। সঁচাকৈয়ে? সঁচাকৈয়ে—এৰি দিবা? মোৰ বুঢ়া আপুকো?

মণিমুগ্ধ। সকলোকে—তোমাৰ দেশৰ সকলো মানুহক।

ৰূপালীম্‌। তেনে তাকে কৰা, তাকে কৰা। তুমি মোক যি কৰিবলৈ কোৱা মই তাকে কৰিম। মই তাকে কৰিম। সিহঁতক এৰি দিয়া। সিহঁতক এতিয়াই এৰি দিয়া।

মণিমুগ্ধ। সঁচাকৈয়ে কৈছানে ?

ৰূপালীম্‌। সঁচাকৈয়ে—সঁচাকৈয়ে—মই শপত খাইছোঁ। মায়াব’ৰ শপত। সিহঁতক এৰি দিয়া—এৰি দিয়া।

মণিমুগ্ধ। বাৰু, তেন্তে কোনো কথা নাই। সিহঁত সকলোৱে মুক্তি পাব। ৰেণথিয়াং ! যোৱা, বন্দীবোৰক ইয়ালৈ লৈ আহাঁগৈ।

  ৰেনথিয়াং সাউৎকৈ ওলাই খায়। ৰূপালীমে কি কৰোঁ কি নকৰোঁকৈ তাতে জলকা লাগি ৰৈ থাকে আৰু মণিমুগ্ধই এঢোক দুঢোককৈ ফটিকা পিবলৈ ধৰে। [ ৭১ ]ৰেণথিয়াং। (বাহিৰৰপৰা) প্ৰভু! বন্দীসকল উপস্থিত।

(ৰেণথিয়াঙে বন্দী জুনাফা, মায়াব’, ইতিভেনক তালৈ লৈ আহে।)

মণিমুগ্ধ। উপস্থিত কৰাহি।

ৰূপালীম্‌। আপু ! আপু !

 জুনাফাক সাৱট মাৰি ধৰেগৈ আৰু জুনাফায়ো সাৱটি ধৰি চুমা খায়। ৰূপালীমে জুনাফাৰ বুকুত মূৰটো গুজি সোমাই থাকে।

মণিমুগ্ধ। বন্দীসকল! তোমালোকক মুক্তি দিয়া হৈছে।

ইতিভেন। কিয় ?

মণিমুগ্ধ। (ইতিভেনলৈ কটাক্ষ কৰি) ৰূপালীমে তোমালোকৰ মুক্তিৰ সলনি মোক নিজৰ দেহা উপহাৰ দিছে।

(আটাইবিলাক বন্দীয়ে ‘কি ?’ বুলি গৰ্জ্জি উঠে।)

জুনাফা। ৰূপালীম ! সঁচানে ?

ৰূপালীম্‌। ( আনন্দেৰে ) সঁচা।

জুনাফা। ( খঙত ) অসতী !

  (ৰূপালীমক নিজৰ গাৰ পৰা আচাৰ মাৰি দূৰলৈ মাৰি পঠিয়ায়। ৰূপালীমে দূৰত উফৰি পৰেগৈ। জুনাফাৰ আচৰণৰ অৰ্থ বুজিব নোৱাৰি ৰূপালীম্‌ অবাক হৈ থাকে।)

মণিমুগ্ধ। ৰেণথিয়াং ! তুৰন্তে এই বন্দীবোৰক ইয়াৰপৰা আঁতৰাই নে।

 ৰেণথিয়াঙে তিনিওকো আজোৰ মাৰি লৈ যায়। ইতিভেনে আঙুলি দাঙি কিবা কবলৈ প্ৰয়াস পায়, কিন্তু ৰেণথিয়াঙে মুখত হাতেৰে সোপা দি আজুৰি তাৰপৰা লৈ যায়। বন্দীবোৰক তাৰপৰা আঁতৰাই নিয়াৰ পিছতে ৰূপালীম্‌ উধাতু খাই আহে।

ৰূপালীম্‌। সিহঁতক ক’লৈ লৈ গ’লগৈ?

মণিমুগ্ধ। এৰি দিবলৈ। সিহঁত সকলোকে আকৌ ঘৰলৈ পঠাই দিব।

ৰূপালীম্‌। তেন্তে আৰু কাকো নামাৰা ? [ ৭২ ]মণিমুগ্ধ। অৱশ্যে নামাৰো। মোৰ কথা এটাৰ বাহিৰে দুটা নহয়।

 মণিমুগ্ধ ৰূপালীমৰ ফালে উঠি আহিল আৰু ৰূপালীমে মণিমুগ্ধৰ মুখলৈ ভয়ে ভয়ে চাই পাছ হুহকি আঁতৰি গৈ দূৰত থিয় হৈ ৰ’লগৈ। বৰ সশঙ্কিত হৈ আসন্ন কিবা বিপদৰ আশঙ্কাত শেঁতা পৰি গৈছে। মণিমুগ্ধই হাঁহি হাঁহি পাছ হুহকি আহি নিজৰ আসনত বহি, ভালকৈ আউজি ৰূপালীমৰ ফালে ৰ’ লাগি চাবলৈ ধৰে। একেবাৰে তন্ময়—যেনিবা এজন শিল্পীয়ে নিজে গঢ়া মূৰ্ত্তিটোলৈ চাইহে ভোল গৈ আছে। লিগিৰী এজনীয়ে ফটিকা আনি দিয়ে। মণিমুগ্ধই সেইদৰেই অন্যমনস্ক হৈ ৰয় আৰু মন্ত্ৰৰ দৰে নিজৰ মুখলৈ নি ফুলৰ মৌ চোহা দি—চুহি চুহি বাটিৰে ফটিকা খাবলৈ ধৰে। ৰূপালীমে শিলামূৰ্ত্তিৰ দৰে নামাতি-নুবুলি, নাহাঁহি-নাকান্দি মণিমুগ্ধলৈ ৰ’ লাগি চাই আছিল। তাইৰ মুখত কোনোভাৱেই প্ৰকাশ পোৱা নাছিল। মণিমুগ্ধই লাহে লাহে তাৰপৰা উঠি ৰূপালীমলৈ চাই চাই এবাৰ উঠি সপোনৰ কিবা ছবি ধৰিবলৈ যোৱাদি ৰূপালীমৰ ওচৰলৈ যাব খোজে—আৰু অলপ ৰৈ ৰূপালীমৰ গাত হাত দিব খোজে। ৰূপালীমে জিকাৰ মাৰি উঠে। ৰূপালীমৰ মুখ আৰু বিবৰ্ণ হৈ যায়। মণিমুগ্ধই হাঁহি আকৌ বহেহি আৰু কয়।

মণিমুগ্ধ। ৰূপালীম্‌ ! পখিলা নপৰা ফুলৰ পাহিৰ দৰে ভোমোৰাৰ পাখিৰ বাতেই তুমি শিয়ৰি উঠিছা ?

(এনেতে লিগিৰীয়ে ফটিকা যাচে। মণিমুগ্ধই আমনি পোৱা যেন হয়।)

মণিমুগ্ধ । লিগিৰী ! থৈ দে সকলো যতনাই ইয়াতে, থৈ তহঁত যাগৈ। মোক আৰু সঙ্গীত নালাগে। মই এতিয়া সঙ্গীততকৈও সুৱলা ৰূপালীমৰ মাত শুনিম। সকলোবোৰ বন্তি নুমাই দে। ৰূপালীমৰ ৰূপেই—মোৰ কোঠা—জোনালীকৈ ৰাখিব। যাগৈ।

  লাহে লাহে আটাইবিলাক ওলাই যায়। এটা এটাকৈ গছাবোৰ লিগিৰীবিলাকে নুমাই যায়। মাথোঁ এটা গছা ৰূপালীম্‌ থিয় হৈ থকা ঠাইত জ্বলি থাকে। তাৰ পোহৰে ৰূপালীমক প্ৰতিভাত কৰি ৰাখে। মণিমুগ্ধই ছাঁয়ামূৰ্ত্তিৰ দৰে তাতে বহি থাকে। ভিতৰৰপৰা বীণাৰ মৃদু গুঞ্জন ধ্বনি আহিবলৈ ধৰে। [ ৭৩ ]মণিমুগ্ধ। ৰূপালীম্‌ ! ৰূপালীম ! মৰ্ম্মৰ মূৰ্ত্তিৰ আঁৰত আৰু নিশাৰ জীৱলগা ৰূপ লুকাই নথবা। আন্ধাৰ নিশাৰ হিম-চেঁচা সৰোবৰৰ পানীত স্পন্দন আৰু পুলকবিহীন পদুমৰ দৰে নৰবা। আহাঁ ! তোমাৰ ৰূপৰ লহৰ তুলি তোমাৰ সৌন্দৰ্য্যৰ নিজৰাটি তোমাৰ শুৱলা অমৃতোপম কণ্ঠৰ শুৱদিৰে সান-মিহলি কৰি মোৰ ওপৰেদি বোৱাই দি মোক ৰূপৰ ধলেৰে ঢৌৱাই নিয়া। আহাঁ— ৰূপালীম্‌ !

[ৰূপালীম্‌ মণিমুগ্ধৰ ফালে লাহে লাহে আগবাঢ়ি আহে। কিন্তু যন্ত্ৰৰ দৰে বাহ্যিক জ্ঞানশূন্য হৈ আগবাঢ়ি অহাৰ লগে লগে শেঁতা হৈ যাবলৈ ধৰে। এটা ত্ৰাসত ৰূপালীমৰ মুখ বিকৃত হৈ যায়।]

মণিমুগ্ধ। ৰূপালীম্‌ !

  ৰূপালীমে মাতিব নোৱাৰে, ওঠখন মাথোন কঁপে। মণিমুগ্ধই ৰ লাগি চাই লাহে লাহে উঠি ৰূপালীমৰ ওচৰলৈ যায় আৰু লাহে লাহে ধৰি বহি ৰূপালীমক তীব্ৰভাৱে চায়। ৰূপালীমে সেইদৰে চাই থাকে। এতিয়া ৰূপালীম্‌ একেবাৰে বিবৰ্ণা—থৰ্‌ থৰ্‌ কৰে কঁপিবলৈ ধৰে। ৰূপালীমৰ চকুযোৰ একেবাৰে মৰা মানুহৰ দৰে থৰ হয়। ৰূপালীম্‌ পৰি যাব ধৰে। মণিমুগ্ধই থাপ মাৰি ৰাখে। মণিমুগ্ধই শয্যাত বহুৱাই দি সতৃষ্ণ নয়নৰে ৰূপালীমলৈ চাই মুগ্ধ হৈ থাকে। এবাৰ হাতখন আগবঢ়াই বুকুৰ কাপোৰখন উদঙাবলৈ আঙুলিৰে কাপোৰখন চুই হাত কোচাই আনে। তাৰ পিছত বহুত পৰ থৰ হৈ চাই পাছ হুহকি তাৰপৰা আহি আসনত বহি থুতৰিত হাত দি ভাবিবলৈ ধৰে। এনেতে হঠাৎ জ্বলি থকা প্ৰদীপটো বতাহৰ ছাটিত নুমাই যায়। কেৱল আনটো খোটালিৰপৰা অহা কোমল পোহৰে কোঠাটো আন্ধাৰ-পোহৰুৱা কৰি থয়। মণিমুগ্ধ স্তব্ধ হৈ বহি থাকে। কিছুপৰৰ পিছত এজনী লিগিৰী আহি থিয় হয়।

মণিমুগ্ধ। ৰাতি কিমান পৰ ?

লিগিৰী। শেষ হ’ল, পোহৰ হ’ল। [ ৭৪ ]মণিমুগ্ধ । (গম্ভীৰ হৈ দাৰ্শনিকতাৰে) পোহৰ হ’ল—এৰা পোহৰ হ’ল।

কক্ষটোৰপৰা লাহে লাহে উঠি যায়। লিগিৰীজনীয়ে মণিমুগ্ধৰ এনে আচৰণ চাই বিস্ময় মানি থাকে। কোঠাৰ বাহিৰৰপৰা খিৰিকীয়েদি পুৱতিৰ প্ৰথম কিৰণ সোমাই আহিছিল। সেই পূব গগণৰ পোহৰৰ ফালে মণিমুগ্ধ খিড়িকীমুখত ৰৈ ৰ’ লাগি চাই আছিল। এটা বিমল আনন্দ অনুভৱ কৰিবলৈ ধৰে। এনেতে ৰূপালীম্‌ থিয় হয়।

মণিমুগ্ধ। ৰূপালীম্‌ ! ক্ষমা কৰিবা। যোৱা, তুমি মুক্ত।

ৰূপালীম্‌ তাৰপৰা লাহে লাহে এখুজি-দুখুজিকৈ ওলাই যায়। বাহিৰৰপৰা দূৰণিৰ বৌদ্ধ ভিক্ষুৰ পুৱতিৰ বন্দনা-গীত শুনা-নুশুনাকৈ উটি আহে। মণিমুগ্ধই গীত শুনি দুৱাৰেদি তলৰ খটখটীয়েদি নামি গুচি যায়গৈ।

—ঃগীতঃ—

জয় আলোকময়

            অনাদি-অনন্তপ্ৰসাৰী

                        বিশ্বজীৱন জ্যোতি।

জয় জয় সুন্দৰ

            সত্য সনাতন

                        চিৰ প্ৰশান্ত বিশ্বপতি॥

কোটি বিশ্বব্যাপক

            হে মহামনাধীপ

                        বিশ্বজীৱন জ্যোতি।

                                    প্ৰণতি

                                    প্ৰণতি

                                    প্ৰণতি॥

                     #ঐক্যতান#

 ‌‌                     সপ্তম অঙ্ক

ৰূকমী ৰাজ্যৰ পৰ্ব্বতৰ তলৰ মুকলি সমতল

সময়—পুৱা

  সোঁমাজতে ৰূপালীমক পুৰিবলৈ এখন প্ৰকাণ্ড কাঠৰ চিতা সজোৱা হৈছে। চিতাৰ ওপৰত ৰূপালীমক এটা খুটাত পাছলৈ হাত কৰি গোটেই গাতে জৰীৰে মেৰিয়াই খুটাৰে সৈতে বন্ধা হৈছে। চাৰিওফালে ৰূকমী সৈন্যই যাঠী-জোঙেৰে চিতাখন ঘেৰি থৈছে আৰু চিতাৰ দুই কাষত আগ ভাগ লৈ পাঁচোটা পাঁচোটাকৈ দহোটা কাঁড়ী। সিহঁতে হাতত ধনু আৰু কাঁড় লৈ আদেশৰ অপেক্ষাত আছে। চিতাৰ চাৰিওফালে ৰূকমী তিৰোতা উত্ৰাৱল। আটাইবিলাকে উত্তেজিত হৈ কথা কোৱা-মেলা কৰিব লাগিছে। চিতাৰ এফালে বুঢ়া জুনাফা অধোবদনে বহি আছে। সৈন্য আৰু কাঁড়ীবোৰৰ মুখ গহীন, আৰু কৰ্ত্তব্যকঠোৰ। এনেতে চাৰিওফালে ভেৰি, পেঁপা, কালী, জয়ঢোল বাজিবলৈ ধৰে। মানুহৰ কোঢ়াল আৰু বাদ্যযন্ত্ৰৰ শব্দত কোলাহল হৈ পৰে। ‘জয় ৰূকমী ৰাণীৰ জয়’ ! ‘জয় ৰূকমী ৰাণীৰ জয়’ বুলি চাৰিওফালৰপৰা সমস্বৰে নিনাদিত হয়। সৈন্য-সামন্ত লিগিৰীৰে বেৰ খাই ইতিভেন ৰাণীৰ সাজসজ্জাৰে তালৈ শিল-কঠুৱা হৈ সোমায় আহে। সকলোৱে আঁঠু লয়। ইতিভেন তালৈ আহি এদঁতীয়া হৈ এফালে থিয় দি সকলোলৈকে চাবলৈ ধৰে। তাৰ পিছত —

ইতিভেন। ৰূকমী-ৰাজ্যৰ প্ৰজাসকল ! আপোনাসকলে জানে যে মই স্বজাতি আৰু স্বদেশৰ মান ৰাখিবলৈ মোৰ সহোদৰ ককাইকো ৰাজ্য ত্যাগ কৰাবলৈ কুণ্ঠিত হোৱা নাই। মোৰ প্ৰণয়ৰ থলী, মোৰ পাণি গ্ৰহণ কৰিবলৈ অতি ইচ্ছুক মোৰ প্ৰণয়প্ৰাৰ্থীকো মই উপেক্ষা কৰিলোঁ। কিহৰ কাৰণে ? একমাত্ৰ মোৰ দেশৰ গৌৰৱ অটুট ৰাখিবলৈ। আনকি এদিন নিজৰ প্ৰাণকো দেশৰ কাৰণে তুচ্ছ জ্ঞান কৰি মণিমুগ্ধৰ বিৰুদ্ধে অভিযান কৰিলোঁ। এই অত ক্ষতি—অত ত্যাগ— অত ৰূকমী জাতিৰ দুখ-কষ্ট—ৰূকমী জাতিৰ ঘৰবাৰী সকলো ধ্বংস কৰিও যি গৌৰৱ ৰাখিবলৈ সকলো জলাঞ্জলি দিলোঁহক— সেই সকলো ভ্ৰষ্ট কৰিলে কোনে ? ৰূকমী তিৰোতাৰ গাত খিলঞ্জীয়া কলঙ্ক সানিলে কোনে ? এই মহা পাপীয়সী অসতীয়ে নহয়নে ? নহয়নে ?

চাৰিওফালৰ পৰা ‘হয়’, ‘সঁচা’, ‘সঁচা’, ‘ৰূপালীম্‌ অসতী,’ ‘সকলো ভ্ৰষ্ট কৰিলে।’ ‘ৰূপালীম্‌ অসতী।’

ইতিভেন। ৰূকমী তিৰোতাৰ সতীত্ব এটা ডকাইতৰ চৰণত উপহাৰ দি তাই আকৌ ঘূৰি আহি দেশৰ সতীৰ আসনত বহিব খোজে। তাই আকৌ কব খোজে তাইৰ সতীত্বত বোলে চেকা পৰা নাই। মণিমুগ্ধই হৰণ কৰি তাইক পঠিয়াই দিছে। হাঁহি উঠা কথা ! অসতী—এশবাৰ অসতী— সহস্ৰবাৰ অসতী ! ( জুনাফালৈ চাই ) কোৱা বুঢ়া মানুহ ! সঁচা কথা কোৱা, তোমাৰ এই কন্যা অসতী হয় নে নহয় ? তোমাৰ ৰূকমী জাতিৰ গৌৰৱৰ কথা—মনত ৰাখিবা। ৰূকমী নাৰীৰ সতীত্বৰ কথা কোৱা বুঢ়া মানুহ! কোৱা—অসতী হয় নে নহয় ? অসতীৰ কি শাস্তি ?

জুনাফা। (কঁপি কঁপি থিয় হ’ল। তাৰ পিছত সকলোলৈকে চাই ঘৃণাৰে মুখ কোচাই আনি মুখ ঘূৰাই) নেচাওঁ—নেচাওঁ—মোৰ কন্যাৰ প্ৰেত-মূৰ্ত্তিটো আৰু নেচাওঁ। অসতী—অসতী—ৰূকমী নাৰীৰ খিলঞ্জীয়া কলঙ্ক। হায় হায় ! মোৰ এই বুকু যাৰ কাৰণে এদিন কলি-কুমলীয়া আছিল—যাৰ মৰম মই বুকুত আথে- বেথে সাঁচি থৈছিলোঁ, আজি সেই বুকুখন পাথৰ হ’ল—শিলা হ’ল। তাত জীয়ৰীৰ মৰমৰ কটাৰীখনে ভেদি সোমাব নোৱাৰে। পাথৰ— পাথৰ হ’ল — মোৰ বুকু আজি পাথৰ হ’ল (বুকু ভুকুৱাই কান্দি)। ৰাণী! ৰূকমী জাতিৰ গৌৰৱৰ মুকুট পিন্ধা, শাস্তি —

  জুনাফা মূৰ্চ্ছা যায়। ইতিভেনৰ ইঙ্গিত পাই কাঁড়ী কেইটাই ৰূপালীমলৈ কাঁৰ মাৰে। কেইডালমান ৰূপালীমৰ গাত বিন্ধ খায়। মায়াব’ ধৰফৰাই বাগৰি পৰে আৰু চাৰিফালে ভীষণ গোলমাল আৰম্ভ হয়। ৰূপালীমো লাহে লাহে ঢলি পৰি যায়। কেইজনমান সৈন্যই মায়াব’ক ধৰি তাৰপৰা আঁতৰাই নিবলৈ প্ৰয়াস পায় যদিও মায়াব’ৰ ছটফটনিত আৰু ধৰফৰণিত বেগতে চম্ভালি ৰাখিব নোৱাৰে। ইতিভেনে ইঙ্গিত কৰে আৰু ওচৰত থকা যখ প্ৰহৰীবোৰে চিতাত জুই জ্বলাই দিয়ে। ধোঁৱাৰে মঞ্চটো ঢাক খাই যায় আৰু চাৰিওফালৰপৰা পেঁপা, জয়ঢোল বাজিবলৈ ধৰে। তাৰ বোলত মতলীয়া হৈ মানুহবিলাকে “জয় ৰূকমী ৰাণীৰ জয়” বুলি চিঞৰিবলৈ ধৰে। কোঢ়াল আৰু ধোঁৱা বাঢ়িবলৈ ধৰে। লাহে লাহে আঁৰ-কাপোৰ পৰি যায়।

              ( আঁৰ-কাপোৰ )

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: শোণিত-কুঁৱৰীৰূপালীম্‌
Anjan Sarma

Anjan Sarma

Related Posts

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch
Movie

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

by Editor
March 6, 2026
0

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch Prabin Bora Rima Das’s Village Rockstars 2 has theatrically...

Read moreDetails
নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

February 5, 2026
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
Zubeen Garg : Radical Romanticism of an Irreverent Icon

Zubeen Garg : Radical Romanticism of an Irreverent Icon

December 26, 2025
Dipali Borthakur 2

গানৰ দিপালী, প্ৰাণৰ দিপালী

December 21, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d