-দিলীপ দৈমাৰী |
তালিবানৰ দ্বাৰা আফগানিস্তান দখল হোৱাৰ সময়ত হাজাৰ হাজাৰ আফগান নাগৰিকে বিতত হৈ, আতংকিত হৈ আফগানিস্তান ত্যাগ কৰিবলৈ ধৰিছিল আৰু এতিয়াও সেই চেষ্টা চলি আছে। সেইদিশৰ পৰা চাবলৈ হ’লে আফগানিস্তানৰ নাৰী ফুটবলাৰসকলৰ শংকাও কম নাছিল। কাৰণ, তেওঁলোকৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছিল। সম্প্ৰতি পৰ্তুগালৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি মানৱতাৰ দিশ বিবেচনা কৰি ইউৰোপৰ দক্ষিণ-পশ্চিমে অৱস্থিত তথা বিশ্বপ্ৰসিদ্ধ ফুটবলাৰ ক্ৰিস্টিয়ান’ ৰোনাল্ডোৰ দেশ পৰ্টুগাল-এ আফগান নাৰী ফুটবলাৰ সকলক আশ্ৰয় দিয়াৰ সিদ্ধান্ত লৈছে। ফুটবলাৰ সকলৰ পৰিয়ালসহ মুঠ ১৭৮ জন আফগান নাগৰিকক আশ্ৰয় দি ইউৰোপৰ দেশবোৰৰ মাজত এক দৃষ্টান্ত স্থাপন কৰিছে পৰ্টুগালে।

আফগান নাৰীৰ ফুটবল দলটোৰ অধিনায়ক ফাৰখুন্দা মুহতাজে ‘ৰয়টাৰ্ছ’ক কৈছে যে বৰ্তমান মই কানাডাত বাস কৰি আছো আৰু কানাডাৰ এখন বিশ্ববিদ্যালয়ৰ ফুটবল দলৰ সহকাৰী প্ৰশিক্ষকৰ দায়িত্বও পালন কৰি আছো। ইতিমধ্যে আশ্ৰয়প্ৰাপ্ত মহিলা ফুটবলাৰ সকলক সাক্ষাৎ কৰিবলৈ মুহতাজে যোৱা বুধবাৰে ( ২৯/০৯/২০২১) কানাডাৰ পৰা পৰ্টুগাললৈ ঢাপলি মেলে। মুহতাজক কাষত পাই তৰুণী ফুটবলাৰ সকলে বহুপৰ আৱেগময় সময় পাৰ কৰে। পৰ্টুগালত উপস্থিত হোৱাৰ পিছত ১৫ বছৰীয়া মহিলা ফুটবলাৰ চাৰাহ-এ কয় যে ‘দেশত্যাগ কৰাটো কাম্য নহয় যদিও আমি প্ৰচন্ড অনিশ্চয়তাৰ মাজত সময় পাৰ কৰি আছিলো। সেই দিশৰ পৰা বিবেচনা কৰিলে পৰ্টুগালত আমি নিজকে বিৰাট নিৰাপদ অনুভৱ কৰিছো।’ তেওঁৰ সপোন হ’ল ক্ৰিস্টিয়ান’ ৰোনাল্ডোৰ সাক্ষাৎ পোৱা আৰু এগৰাকী সফল ব্যৱসায়ী হোৱা।