• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 10, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

ৱেব টেলিস্কোপে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ আটাইতকৈ সুস্পষ্ট ‘ইনফ্ৰাৰেড’ ছবি কৰায়ত্ব কৰিলে

তনয় চক্ৰৱৰ্তী 

by Admin
July 13, 2022
in Science, Tech, World
Reading Time: 2 mins read
0
ৱেব টেলিস্কোপে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ আটাইতকৈ সুস্পষ্ট ‘ইনফ্ৰাৰেড’ ছবি কৰায়ত্ব কৰিলে

The James Webb Space Telescope is packed up for shipment to its launch site in Kourou, French Guiana in an undated photograph at Northrop Grumman's Space Park in Redondo Beach, California. NASA/Chris Gunn/Handout via REUTERS MANDATORY CREDIT. THIS IMAGE HAS BEEN SUPPLIED BY A THIRD PARTY

Share on FacebookShare on TwitterShare on LinkedIn

ৱেব টেলিস্কোপ

তনয় চক্ৰৱৰ্তী 

RelatedPosts

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

August 9, 2022
transmission tower under gray sky

৯ আগষ্টঃ কেইটামান খবৰ

August 9, 2022
জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

August 8, 2022

সোমবাৰে (১১-০৭-২০২২) নাছাই জনোৱা মতে, কক্ষপথত স্থাপন কৰিবলগীয়া আটাইতকৈ শক্তিশালী মানৱ নিৰীক্ষণ কেন্দ্ৰ জেমছ ৱেব স্পেচ টেলিস্কোপে ১৩ বিলিয়ন বছৰ আগৰ পৰা এতিয়ালৈকে লোৱা “আদিম বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ গভীৰ আৰু তীক্ষ্ণ অতি ৰঙা(ইনফ্ৰাৰেড) ছবি” কৰায়ত্ব কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউছৰ এক মেলত প্ৰকাশ কৰা অনুসৰি ৱেব টেলিস্কোপে লোৱা এই আচৰিত শ্বটটোত হাজাৰ হাজাৰ তাৰকাৰাজ্য ভৰি আছে আৰু ইয়াত এতিয়ালৈকে পৰ্যবেক্ষণ কৰা আটাইতকৈ ক্ষীণ বস্তুবোৰো আছে, যিবোৰ ইনফ্ৰাৰেডৰ পৰা নীলা, কমলা আৰু বগা ৰঙৰ বোললৈকে দেখা সম্ভৱ হৈছে।

তেওঁ কয়, এই টেলিস্কোপটো মানৱ সভ্যতাৰ অন্যতম মহান অভিযান্ত্ৰিক কৃতিত্ব।

ৱেব’ছ ফাৰ্ষ্ট ডিপ ফিল্ড নামেৰে পৰিচিত সেই তাৰকাৰাজ্যৰ থুপ ‘SMACS 0723’ দেখাও সম্ভৱপৰ হৈছে, যি মহাকৰ্ষণীয় লেন্স হিচাপে কাম কৰি ইয়াৰ পিছফালে থকা বহু বেছি দূৰৰ তাৰকাৰাজ্যসমূহকো বৃহৎ ৰূপেৰে প্ৰত্যক্ষ কৰাত সহায় কৰে।

The first full-color image from NASA’s James Webb Space Telescope, a revolutionary apparatus designed to peer through the cosmos to the dawn of the universe, shows the galaxy cluster SMACS 0723, known as Webb’s First Deep Field, in a composite made from images at different wavelengths taken with a Near-Infrared Camera and released July 11, 2022. NASA, ESA, CSA, STScI, Webb ERO Production Team/Handout via REUTERS THIS IMAGE HAS BEEN SUPPLIED BY A THIRD PARTY.

ৱেবৰ প্ৰাথমিক ইমেজাৰ NIRCam — এইটোৱে নিয়াৰ ইনফ্ৰাৰেড তৰংগদৈৰ্ঘ্যৰ বৰ্ণালীত কাম কৰে ; কাৰণ আৰম্ভণিৰ বিশ্বব্ৰহ্মাণ্ডৰ পোহৰ আমাৰ ওচৰ পোৱাৰ সময়লৈকে টানি থোৱা আছে — আৰু প্ৰাথমিক ইমেজাৰে এই ক্ষীণ পটভূমিৰ তাৰকাৰাজ্যবোৰকো চোকা ফ’কাচলৈ আনিবলৈ সক্ষম হৈছে।

ৱেবে ১২.৫ ঘণ্টাত এই কম্পোজিট শ্বটটো সংকলিত কৰিছিল, যি কাম হাবল স্পেচ টেলিস্কোপৰ বাবে বহু সপ্তাহৰ প্ৰয়োজন হ’লহেতেন আৰু পূৰ্বৰ হাবলে যিমানখিনি কাম কৰিব পাৰিছিল তাতকৈ বহু বেছি ক্ষমতাৰে কৰায়ত্ব কৰিছিল।

এখন আন্তঃৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত লয় যে ছবিৰ প্ৰথম ঢৌত ৭৬০০ আলোকবৰ্ষ দূৰৰ ধূলি আৰু গেছৰ এক বিশাল ডাৱৰ ‘কেৰিনা নেবুলা’ অন্তৰ্ভুক্ত হ’ব।

কেৰিনা নেবুলা ইয়াৰ উচ্চ স্তম্ভৰ বাবে বিখ্যাত, য’ত আছে “মিষ্টিক মাউণ্টেন;” হাবল স্পেচ টেলিস্কোপে এখন আইকনিক ছবিত বন্দী কৰিছিল তিনি আলোকবৰ্ষ উচ্চ মহাজাগতিক সেই শিখৰ, যি এতিয়ালৈকে মানৱতাৰ প্ৰধান মহাকাশ মানৱ নিৰীক্ষণ কেন্দ্ৰই পাব পৰা সৰ্বোৎকৃষ্ট নিদৰ্শন হৈ আছিল।

ৱেবে ২০১৪ চনত আৱিষ্কাৰ হোৱা WASP-96 b নামৰ দূৰৈৰ গেছৰ দৈত্যৰ ওপৰতো এক বৰ্ণালীবিজ্ঞান — পোহৰৰ বিশ্লেষণ কৰি বিশদ তথ্য উন্মোচন কৰিছে আৰু দায়িত্ব দিয়া অনুসৰি কাম সম্পন্ন কৰিছে।

পৃথিৱীৰ পৰা প্ৰায় ১১৫০ আলোকবৰ্ষ দূৰত থকা WASP-96 b বৃহস্পতিৰ ভৰৰ প্ৰায় আধা আৰু মাত্ৰ ৩.৪ দিনতে ইয়াৰ তৰাটোৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।

এছ.টি.এছ.আইৰ জ্যোতিৰ্বিজ্ঞানী নেষ্টৰ এস্পিনোজাই কয় যে ৱেবে কৰিব পৰা কামৰ তুলনাত বৰ্তমানৰ যন্ত্ৰ ব্যৱহাৰ কৰি কৰা পূৰ্বৰ এক্স’প্লেনেট স্পেকট্ৰ’স্কপি অতি সীমিত আছিল।

পূৰ্বৰ প্ৰযুক্তিৰ বিষয়ে তেওঁ কয়, “এয়া যেন এটা কোঠাত থকাৰ দৰেই, যিটো কোঠা অতি আন্ধাৰ আৰু আপুনি মাত্ৰ এটা সৰু পিনহ’লহে চাব পাৰে।” এতিয়া ৱেব টেলিস্কোপৰ দ্বাৰা, “আপুনি এখন বিশাল খিৰিকী খুলিছে, আৰু আপুনি সকলো সৰু সৰু যেন লগা মহাজাগতিক দৃশ্যও চাব পাৰিব।”

২০২১ চনৰ ডিচেম্বৰ মাহত ফ্ৰেন্স গিয়ানাৰ পৰা এৰিয়ান ৫ ৰকেটত উৎক্ষেপণ কৰা ৱেবে পৃথিৱীৰ পৰা ১৬ লাখ কিলোমিটাৰ দূৰত্বত, দ্বিতীয় লেগ্ৰেঞ্জ পইণ্ট নামৰ মহাকাশৰ এটা অঞ্চলত সূৰ্য্যক প্ৰদক্ষিণ কৰি আছে। ইয়াত ৱেবে পৃথিৱী আৰু সূৰ্য্যৰ তুলনাত এটা নিৰ্দিষ্ট অৱস্থাত থাকে, য’ত গতিপথ সংশোধনৰ বাবে নূন্যতম ইন্ধনৰ প্ৰয়োজন হয়।

U.S. President Joe Biden receives a briefing from National Aeronautics and Space Administration (NASA) officials while viewing the first images from the Webb Space Telescope, at the White House in Washington, U.S., July 11, 2022. REUTERS/Kevin Lamarque

অভিযান্ত্ৰিক বিদ্যাৰ এক আশ্চৰ্য্য এই মুঠ প্ৰকল্পৰ খৰচ ১০ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। এতিয়ালৈকে নিৰ্মিত আটাইতকৈ ব্যয়বহুল বৈজ্ঞানিক প্লেটফৰ্মসমূহৰ ভিতৰত ই হ’ল অন্যতম, যাক CERN ৰ লাৰ্জ হেড্ৰন কলাইডাৰৰ সৈতে তুলনা কৰিব পাৰি।

ৱেবৰ প্ৰাথমিক আইনাখন ৬.৫ মিটাৰৰ বেছি বহল আৰু ই ১৮টা সোণৰ আৱৰণযুক্ত দাপোনৰ অংশৰে গঠিত। হাতত ধৰি ৰখা কেমেৰাৰ দৰেই উত্তম শ্বট লাভ কৰিবলৈ গঠনটো যিমান পাৰি সুস্থিৰ হৈ থাকিব লাগিব। এই সম্পৰ্কে ৱেব টেলিস্কোপৰ মুখ্য নিৰ্মাণকৰ্তা নৰ্থৰপ গ্ৰুমেনৰ জেমছ ৱেব স্পেচ টেলিস্কোপ প্ৰগ্ৰেমৰ মুখ্য অভিযন্তা চাৰ্লি এটকিনছনে কয় যে ই এক মিলিমিটাৰৰ ১৭ মিলিয়ন ভাগতকৈ অধিক লৰচৰ নকৰে!

প্ৰথম ছবিসমূহৰ পিছত সমগ্ৰ বিশ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে টেলিস্কোপত সময়ৰ শ্বেয়াৰ লাভ কৰিব, আৰু প্ৰকল্পসমূহ প্ৰতিযোগিতামূলকভাৱে নিৰ্বাচিত কৰা হ’ব এনে এক প্ৰক্ৰিয়াৰ জৰিয়তে য’ত আবেদনকাৰী আৰু নিৰ্বাচকসকলে ইজনে সিজনৰ পৰিচয় নাজানে, যাতে পক্ষপাতিত্ব কম হয়।

এক কাৰ্যক্ষম উৎক্ষেপণৰ বাবেই নাছাই অনুমান কৰিছে যে ৱেবৰ ২০ বছৰীয়া জীৱনৰ বাবে যথেষ্ট প্ৰপেলেণ্ট আছে, কিয়নো ই হাবল আৰু স্পিটজাৰ মহাকাশ দূৰবীণৰ সৈতে মিলি মহাবিশ্বৰ বিষয়ে বহু মৌলিক প্ৰশ্নৰ উত্তৰ দিবলৈ কাম কৰিব।

13-07-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan
Ukraine

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

by Admin
August 9, 2022
0

Attacking a nuclear plant ‘suicidal' UN UN Secretary-General António Guterres condemned a recent attack on a nuclear power station in...

Read more
transmission tower under gray sky

৯ আগষ্টঃ কেইটামান খবৰ

August 9, 2022
জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

August 8, 2022
৮ আগষ্টঃ কেইটামান খবৰ

৮ আগষ্টঃ কেইটামান খবৰ

August 8, 2022
building during golden hour

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

August 7, 2022
PEC demands justice to Myanmar photographer Aye Kyaw

PEC demands justice to Myanmar photographer Aye Kyaw

August 7, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

August 9, 2022
“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

August 9, 2022
Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

August 9, 2022
Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

August 9, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    107 shares
    Share 43 Tweet 27
  • ৯ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    7 shares
    Share 3 Tweet 2
  • Are Controversies Produced in Bollywood?

    6 shares
    Share 2 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • PEC demands justice to Myanmar photographer Aye Kyaw

    9 shares
    Share 4 Tweet 2
  • Emergence Of The KNF In Chittagong Hill Tracts

    363 shares
    Share 145 Tweet 91
  • ৬ আগষ্টঃ কেইটামান খবৰ

    10 shares
    Share 4 Tweet 3
  • ৮ আগষ্টঃ কেইটামান খবৰ

    4 shares
    Share 2 Tweet 1
  • UTA demands a correct NRC for Assam

    14 shares
    Share 6 Tweet 4
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: