জৰুৰীকালীন অৱস্থা ঘোষণা শ্ৰীলংকাত
• তনয় চক্ৰৱৰ্তী
শ্ৰীলংকাৰ চৰকাৰে কাগজৰ অভাৱৰ বাবে কেৱলমাত্ৰ ১০ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাতেই দেশখনৰ ভয়াবহ অৰ্থনৈতিক পৰিস্থিতি ফুটি উঠিছে। এতিয়া পৰিস্থিতি এনে হৈছে যে নিউজপ্ৰিন্টৰ নাটনি আৰু আৰ্থিক সংকটৰ সন্মুখীন হোৱা বাবে শ্ৰীলংকাৰ দুখন বাতৰিকাকতৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হ’ল। শ্ৰীলংকাৰ ‘দ্য আইলেন্ড‘ নামৰ দৈনিক ইংৰাজী কাকতখনৰ লগতে একেই প্ৰতিস্থানৰ সিংহলী ভগ্নী বাতৰিকাকত ‘দিৱায়িনা‘ৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হ’ল। এই সম্পৰ্কে বাতৰিকাকত কৰ্তৃপক্ষই কৈছে যে নিউজপ্ৰিন্টৰ অভাৱত ২৬ মাৰ্চ, ২০২২ তাৰিখ শনিবাৰৰ পৰা পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত বাতৰিকাকতৰ ছপা সংস্কৰণ বন্ধ ৰাখিবলগীয়া হোৱা হেতুকে আমি পাঠকসকলৰ ওচৰত গভীৰ দুখ প্ৰকাশ কৰিছো।
১৯৮১ চনৰে পৰাই ‘দ্য আইলেন্ড’ নামৰ দৈনিক বাতৰিকাকত খনে পঢ়ুৱৈৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছিল। এতিয়া সেইহেন এখন বাতৰিকাকত বন্ধ হ’বলগীয়া হৈছে, পৰীক্ষা বন্ধ কৰিবলগীয়া হৈছে, এক মহা সংকটৰ সন্মুখীন হৈছে শ্ৰীলংকা। উল্লেখযোগ্য যে দক্ষিণ এছিয়াৰ সকলোতকৈ অগ্ৰসৰ অৰ্থনীতিৰ দেশ হিচাপে স্থান লাভ কৰিছিল শ্ৰীলংকাই আৰু জনমূৰি আয় বা ‘জিডিপি’ আছিল ৪০০০+ ডলাৰ। শ্ৰীলংকাৰ ৯৫% জনসাধাৰণ শিক্ষিত, শ্ৰীলংকাৰ শিক্ষাব্যবস্থা এছিয়াৰ ভিতৰতে অধিক গণমুখী, স্বাস্থ্যব্যৱস্থাও দক্ষিণ এছিয়াৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ আছিল।
শ্ৰীলংকান তামিল টাইগাৰক চৰকাৰী বাহিনীয়ে পৰ্যুদস্ত কৰাৰ পিছত, ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ হোৱা গৃহযুদ্ধৰ সমাপ্তিৰ পিছত, সমগ্ৰ বিশ্বৰ ভিতৰতেই ২১ শতিকাৰ সফল অৰ্থনৈতিক মডেল হিচাপে স্থান লাভ কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছিল শ্ৰীলংকাই ( এইখিনিতে উল্লেখযোগ্য যে সেই গৃহযুদ্ধৰ পটভূমিত একপক্ষীয় বিজয় লাভ কৰাৰ সময়ত প্ৰায় ৪০০০০ অসামৰিক তামিল জনসাধাৰণক চৰকাৰী বাহিনীয়ে নিৰ্মমভাবে হত্যা কৰিছিল বুলি ৰাষ্ট্ৰসংঘৰ তদন্ত কমিটিয়ে অভিযোগ কৰিছিল)।
শ্ৰীলংকাৰ চৰকাৰে নিৰ্মমভাৱে হাজাৰ হাজাৰ অসামৰিক নাগৰিকক হত্যা কৰা বুলি উঠা অভিযোগৰ ভিত্তিত আমেৰিকা, ইউৰোপীয় ইউনিয়ন, আৰু প্ৰাচ্যৰ বহু দেশে শ্ৰীলংকাক ‘অস্পৃশ্য’ৰ শাৰীলৈ লৈ যায়। শ্ৰীলংকাৰ গৃহযুদ্ধত ‘চৰকাৰী বিজয়’ লাভ হৈছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু সেইসময়ৰ ৰাষ্ট্ৰপতি মাহিন্দা ৰাজাপক্ষৰ শাসনকালত। তেওঁ বৰ্তমানৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষৰ ককায়েক। মাজতে এক অধ্যায়ৰ বাবে মাহিন্দা ৰাজাপক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মাইথ্ৰিপালা চিৰিসেনাৰ হাতত পৰাজয় বৰণ কৰি বিৰোধী দলৰ নেতাৰ আসনত বহিছিল। কিন্তু সেই সময়ত শ্ৰীলংকাৰ ভোটৰ ৰাজনীতিক দলীয় জোৰ-জবৰদস্তিৰ প্ৰতিযোগিতালৈ পৰ্যবসিত কৰি ৰাজাপক্ষৰ পৰিয়াল পৰৱৰ্তী নিৰ্বাচনত জয়ী হৈ পুনৰ ক্ষমতালৈ আহে।
বিগত এটা বছৰ শ্ৰীলংকাৰ অৰ্থনৈতিক পৰিস্থিতি কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে। দেশখনত আমদানি কৰা পণ্যৰ ক্ৰমবৰ্ধমান ঘাটিয়ে জনজীৱনক পৰ্যুদস্ত কৰি পেলাইছে। নিত্য ব্যৱহাৰ্য প্ৰয়োজনীয় সামগ্ৰীৰ সংঘৱদ্ধ মজুতদাৰী ব্যৱস্থা ইমান শক্তিশালী হৈ পৰিছে যে বহুত নিত্য প্ৰয়োজনীয় পণ্যৰ সৰবৰাহত সৃষ্টি হোৱা কৃত্ৰিম সংকটৰ বাবে এজন সামৰিক বিভাগৰ জেনেৰেলৰ নেতৃত্বত ‘কন্ত্ৰোলাৰ অব চিভিল চাপ্লাইজ’ নামৰ কঠোৰ নজৰদাৰী সংস্থা গঢ়ি তুলিও পৰিস্থিতি চম্ভালিব পৰা নাই। গাড়ী, চেনিটাৰী সামগ্ৰী, কিছুমান ইলেক্ট্ৰনিক সামগ্ৰীৰ আমদানি পোনপটীয়াকৈ বন্ধ কৰি দিয়া হৈছে। সম্প্ৰতি শ্ৰীলংকাৰ চৰকাৰে দেশখনত ‘অৰ্থনৈতিক জৰুৰী অৱস্থা’ ঘোষণা কৰিবলগীয়া হৈছে, কাৰণ দেশখনত এতিয়া কল্পনাতীত অৰ্থনৈতিক খহনীয়া আৰম্ভ হৈছে। ইয়াৰোপৰি, বিগত বহু মাহ ধৰি শ্ৰীলংকাত তীব্ৰ খাদ্য সংকট প্ৰকট হৈ পৰিছে, অথচ দেশখনৰ ভৰালত নাই পৰ্যাপ্ত পৰিমাণে বিদেশী মুদ্ৰা – যাৰ ফলত খাদ্য আমদানি কৰিব পৰা অৱস্থা নাই। মুদ্ৰাস্ফিতীৰ হাৰ দিনে দিনে বাঢ়িছে। কিছুদিন আগলৈ শ্ৰীলংকাৰ টকাৰ বৈদেশিক মান আছিল ১ ডলাৰ = ১৯০ টকা, এতিয়া ১ ডলাৰ হৈ পৰিছে ২৩০ শ্ৰীলংকান টকা(ৰুপি)! বৰ্তমান শ্ৰীলংকা চৰকাৰৰ হাতত থকা বৈদেশিক মুদ্ৰাৰ পৰিমাণ ১০৬ কোটি ডলাৰৰ পৰা ২০৮ কোটি ডলাৰৰ মাজত উঠা-নমা কৰি আছে। অথচ, অহা এবছৰৰ ভিতৰতে শ্ৰীলংকাৰ চৰকাৰে ৭০৩ কোটি ডলাৰৰ ঋণ সুদেমূলে পৰিশোধ কৰিবই লাগিব।
এইবোৰৰ অৰ্থ এয়াই যে শ্ৰীলংকাই নিজকে ‘আৰ্থিকভাৱে দেউলীয়া’ বুলি ঘোষণা কৰিবলৈ হয়তো বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ব। কৰ’না মহামাৰীৰ লগে লগে বিগত কেইবছৰমান ধৰি বিভিন্ন ধৰণৰ প্ৰকল্পৰ বাবে লোৱা বৈদেশিক ঋণ গ্ৰহণৰ ব্যতিব্যস্ততা তথা নিশাটোৰ ভিতৰতেই ‘কৃষি অৰ্গেনিক ফাৰ্মিং’ আদিৰ দৰে হঠকাৰী সিদ্ধান্ত লোৱাৰ ফলতেই আজি শ্ৰীলংকাৰ এই অৱস্থা হৈছে বুলি কোৱা হৈছে। শ্ৰীলংকাৰ চৰকাৰে দেশখনৰ কৃষিবিজ্ঞানী আৰু কৃষিবিদ সকলৰ সৈতে কোনোধৰণৰ পৰামৰ্শ নকৰাকৈ হঠাৎ তোগলকী নীতিৰে দেশখনৰ কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগ নিষিদ্ধ কৰে। ‘অৰ্গেনিক ফাৰ্মিং’ প্ৰচলনৰ বিষয়ে ঘোষণা কৰি পৰ্যায়ক্ৰমে পৰিকল্পিত ভাবে ঢাপে ঢাপে বৈজ্ঞানিক ভাবে সফলভাৱে প্ৰচলন কৰা প্ৰক্ৰিয়াৰ পৰা নিলগত অৱস্থান কৰি নিশাটোৰ ভিতৰতেই সেইধৰণৰ কাৰ্য কৰিবলৈ যোৱা হেতুকে এক অভূতপূৰ্ব ফলন বিপৰ্যয়ৰ সন্মুখীন হয় শ্ৰীলংকাৰ কৃষিক্ষেত্ৰ ( ভাৰতৰ বিমুদ্ৰাকৰণৰ দৰে)! খাদ্য দ্ৰব্য উৎপাদনত বিপৰ্যয় নামি আহে, উৎপাদন নামি আহে এক – চতুৰ্থাংশলৈ!
আনহাতে কৰ’না মহামাৰীৰ প্ৰকোপত শ্ৰীলংকাৰ বহুসংখ্যক লোকৰ মৃত্যু নহলেও শ্ৰীলংকাৰ বৈদেশিক মুদ্ৰা আহৰণৰ এক বিশেষ ক্ষেত্ৰ পৰ্যটন-ক্ষেত্ৰ গভীৰভাৱে আক্ৰান্ত হৈ পৰে। দুই বছৰ ধৰি আক্ৰান্ত হৈ পৰে শ্ৰীলংকাৰ পৰ্যটন-ক্ষেত্ৰ। তাৰোপৰি, শ্ৰীলংকাৰ ৰপ্তানি কৰা বিশেষ সামগ্ৰী এলাচী আৰু দালচেনিও বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় কৰ’নাক্ৰান্ত দুটাকৈ বছৰত। গতিকে বৈদেশিক আয় হুৰহুৰাই নামি আহে।
এনে এক পৰিস্থিতিৰ পটভূমিত শ্ৰীলংকাই বৰ্তমান বিশ্বৰ অন্যতম বৃহৎ শক্তি চীনৰ প্ৰতি আকৰ্ষিত হয়। চীনেও শ্ৰীলংকাৰ ভূ-ৰাজনৈতিক অৱস্থানৰ গুৰুত্ব বিবেচনা কৰি দেশখনক নিজৰ বলয়ৰ ভিতৰলৈ টানি নিবলৈ ‘বেল্ট এন্ড ৰোড ইনিশিয়েটিভ’ ( বি.আৰ.আই)ৰ আওতাত অন্তৰ্ভুক্ত কৰি হামবানটোটাত গভীৰ সমুদ্ৰ বন্দৰ নিৰ্মাণ, কলম্বোত সমুদ্ৰ বন্দৰৰ সমীপত ‘চাইনিজ চিটি’ নিৰ্মাণ সহ বহুকেইটা প্ৰকল্পৰ বাবে সহজ চৰ্তত বিশাল পৰিমাণৰ ঋণ প্ৰদান কৰে। পৰৱৰ্তী সময়ত হামবানটোটা গভীৰ সমুদ্ৰ বন্দৰ নিৰ্মাণ হোৱাৰ পিছত দেখা গ’ল যে সেই বন্দৰৰ তেনে কোনো বিশেষ চাহিদা নাই। গতিকে বন্দৰৰ আয় বৃদ্ধি কৰিবলৈ অৱশেষত বাধ্য হৈ শ্ৰীলংকাৰ চৰকাৰে ৯৯ বছৰৰ বাবে বন্দৰটো চীনক লীজত দিয়ে! একেধৰণৰ বিপদৰ সন্মুখীন হৈছে কলম্বোৰ চাইনিজ চিটি আৰু কেইটামান বিমানবন্দৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ক্ষেত্ৰতো! গতিকে, এফালে নিজৰ নাই আয়, তাতে পৰিছে চীনৰ ঋণৰ ফান্দত! ঋণ পৰিশোধ কৰিবলৈও হাতত নাই ধন! এনেধৰণৰ বিভিন্ন সমস্যাৰ বাবে আজিৰ শ্ৰীলংকাৰ নাজল-নাথল অৱস্থা সৃষ্টি হৈছে।
শ্ৰীলংকাত এতিয়া হাহাকাৰ। পেট্ৰ’ল, ডিজেল, কেৰাচিন, খাদ্যৰ অভাৱত মানুহৰ অৱস্থা নোহোৱা হৈছে। তেল সংগ্ৰহৰ বাবে হাজাৰ হাজাৰ মানুহে শাৰী পাতিবলগীয়া হৈছে। পেট্ৰল পাম্পত পৰিস্থিতি চম্ভালিবলৈ সামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হৈছে। খাৰুৱা তেলৰ আমদানি কৰিবলৈ অক্ষম হৈ পৰিছে শ্ৰীলংকা। কাৰণ ইৰাণক দিবলগীয়া ২৫০ নিযুত ডলাৰ শ্ৰীলংকাৰ চৰকাৰে দিব পৰা নাই আৰু ইয়াৰ বিনিময়ত শ্ৰীলংকাই ইৰাণক প্ৰতিমাহে ৫ মিলিয়ন ডলাৰ মূল্যৰ চাহ ৰপ্তানি কৰিম বুলি ক’বলগীয়া হৈছে – কিন্তু চাহ ৰপ্তানি কৰাৰ ক্ষেত্ৰতো বহুত বিপৰ্যয় আহি পৰিছে। ইয়াৰোপৰি যোৱা এক দশকত চীনৰ পৰা শ্ৰীলংকাই গ্ৰহণ কৰিছে ৫ বিলিয়ন ডলাৰ। চীনৰ বাহিৰেও, আন্তৰ্জাতিক বিভিন্ন মুদ্ৰা বজাৰ, এছিয়ান ডেভেলপমেন্ট বেংক, জাপান আদিৰ পৰাও শ্ৰীলংকাৰ চৰকাৰে ঋণ গ্ৰহণ কৰিছে। প্ৰকাশ পোৱা অনুসৰি এইবছৰ শ্ৰীলংকাৰ চৰকাৰে প্ৰায় ৭ বিলিয়ন ডলাৰ ঋণ পৰিশোধ কৰিব লাগিব, কিন্তু ধন নাই! গতিকে জাৰী কৰা হৈছে ‘অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা’! উল্লেখযোগ্য যে শ্ৰীলংকাৰ মূল্যস্ফীতি এতিয়া প্ৰায় ১৫% !
ReplyForward |