-দিলীপ দৈমাৰী |
ভাৰতত কৰ’না সম্পৰ্কীয় উদ্বেগক প্ৰাধান্য নিদি কৰ’না যুদ্ধত চৰকাৰৰ সাফল্যক অতিশয় গুৰুত্ব দিয়া হৈছে বুলি বিশ্ববিখ্যাত ‘দ্যা ল্যানচেট’ নামৰ ‘মেডিকেল জাৰ্ণাল’ খনে ২৬ ছেপ্টেম্বৰ তাৰিখে সম্পাদকীয়ত প্ৰকাশ কৰিছে। “COVID-19 in India : the dangers of false optimism” শিৰোনামাৰে কোৱা হৈছে যে, ‘অতিৰিক্ত আশাবাদী পৰিস্থিতি ডাঙি ধৰিবলৈ গৈ ভাৰত সাংঘাটিক বিপদৰ মুখামুখি হৈ পৰিব পাৰে।’
এই বিপদ ভাৰতত কেনেদৰে হ’ব পাৰে সেই সম্পৰ্কে এক আভাস দি কোৱা হৈছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২২ ছেপ্টেম্বৰ পৰ্য্যন্ত ভাৰতত কৰ’না সংক্ৰমণ বৃদ্ধি বিশ্বৰ ভিতৰতে দ্ৰুততম। ভাৰতত কৰ’না সংক্ৰমিতৰ সংখ্যা এতিয়া ৬০,০০,০০০+ হৈ পৰিছে। সংক্ৰমণৰ নিৰিখেৰে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় স্থানত। অৰ্থাৎ আমেৰিকাৰ পিছতেই ভাৰত। ভাৰতত এনে প্ৰকোপৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছে যে জুন মাহৰ পৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হয় আৰু লগে লগে সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ নাটকীয় পৰিৱৰ্তন হ’বলৈ ধৰে। ‘দ্যা ল্যানচেট'( The Lancet) -এ কৈছে যে কৰ’না সংক্ৰমণৰ বিপদজনক পৰ্যায়ৰ মাজেৰে ভাৰত আগবাঢ়িছে।
‘দ্যা ল্যানচেট’-এ কৈছে যে লকডাউন ঘোষণাৰ সময়ত বৃহৎ সংবাদ মাধ্যমসমূহক ‘নেতিবাচক খবৰ’ আৰু ‘উৰাবাতৰি’ আদিৰ পৰা আতৰত থাকিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰামৰ্শ দিছিল। কিন্তু তেওঁ সেইদৰে পৰামৰ্শ দিয়াৰ পিছতো ‘আই-চি-এম-আৰ’-অৰ দৰে সংস্থাই “অত্যন্ত আশাবাদী” হৈ ১৫ আগষ্ট তাৰিখে ‘স্বাধীনতা দিৱস’ৰ দিনা কৰ’নাৰ টিকা উলিয়াই দিয়া হ’ব বুলি ঘোষণা কৰিছিল। সেই ঘোষণাক ২০০ বছৰীয়া ঐতিহ্যৰ বাহক ‘দ্যা ল্যানচেট’-এ ‘বিজ্ঞান-বহিৰ্ভুত’ আৰু ‘ৰাজনৈতিক উদ্দেশ্যপূৰ্ণ” বুলি ব্যাখ্যা কৰিছে এনেদৰে – “According to news reports, hours before announcing the national lockdown, Prime Minister Narendra Modi told owners and editors from India’s largest media organisations that it was important to tackle the spread of pessimism, negativity, and rumour. This pressure to avoid negative news, and to offer reassurance, appears to have been felt by several professional scientific organisations in India. The Indian Council of Medical Research (ICMR) has been singled out by experts for straying from scientific evidence, appearing at worst politically motivated and at best overly optimistic. A letter from the Director General of ICMR, Balram Bhargava, said that the ICMR envisaged launching a coronavirus vaccine on August 15 ( Indian Independence Day ; a deadline considered unrealistic by most medical experts); ICMR has supported treatment with hydroxychloroquine despite insufficient evidence; and news reports claim that data on coronavirus infection were removed from a scientific paper. Transparency of the data on Covid-19 cases and deaths, especially those underpinning the case fatality rate, has also been questioned, as detailed in a recent World Report.”
ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা সকলৰ সংখ্যা অইন দেশৰ তুলনাত কম বুলি মেল-মিটিঙত প্ৰধানমন্ত্ৰী মোডীয়ে বাৰম্বাৰ উল্লেখ কৰা সম্পৰ্কে ‘দ্যা ল্যানচেট’-এ কৈছে যে ‘আশাবাদ ভাল। সফলতাক লৈ পিঠিত চপৰিয়াই থকাটোৰো গুৰুত্ব আছে। কিন্তু ভাৰতৰ বৰ্তমানৰ অৱস্থাক অতি বেছি ইতিবাচক তথ্যৰ বুলিৰে আওৰাই থকা কাৰ্যৰ দ্বাৰা বাস্তৱ পৰিস্থিতিক ঢাকি ৰখাহে হ’ব। এনে কাৰ্যই জনস্বাস্থ্যৰ ওপৰত বিশালভাৱে গভীৰ প্ৰভাৱ পেলাব। সাধাৰণ মানুহে স্বাস্থ্য সম্পৰ্কীয় বিষয়টোক গুৰুত্ব সহকাৰে নলব।’ এনে বিপদৰ পৰা হাত সাৰিবলৈ ভাৰতৰ ৰাজনৈতিক নেতাসকলক বৈজ্ঞানিক তথ্য-প্ৰমাণ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণৰ মাজত ‘মিছা আশাবাদ’ সৃষ্টি নকৰিবলৈ সতৰ্কতা অৱলম্বন কৰিবলৈও দিহা দিয়া হৈছে।
‘দ্যা ল্যানচেট’- এ এইকেইটা বিষয়ক গুৰুত্ব দিছেঃ
• মাস্ক পৰিধান কৰা আৰু শাৰীৰিক দূৰত্ব বজাই ৰখাৰ বিধি কঠোৰতম ভাৱে মানিব লাগিব।
• সংক্ৰমণ ৰোধ কৰিবলৈ বিধিসমূহক জনসাধাৰণৰ মাজলৈ নি ভালদৰে বুজাই সচেতনতা বঢ়াব লাগিব।
• সচেতনতা বঢ়াবলৈ চৰকাৰ আগবাঢ়ি আহিব লাগিব।
ভাৰতৰ সংকট সম্পৰ্কে ‘দ্যা ল্যানচেট’-এ নিতোলভাৱে ডাঙি ধৰোতে লকডাউনৰ সময়ত হোৱা সংকট, শ্ৰমিকৰ দুৰ্দশা, কোভিড-১৯ অহাৰ আগতেই যে ভাৰতৰ ‘জি-ডি-পি’ তললৈ গতি কৰিছিল আৰু এতিয়া (-)২৫% হৈছে, ..এনেবোৰ বিষয়কো স্পৰ্শ কৰিছে এনেদৰে -“Difficulties remain. The lockdown created parallel crisis for many people as income fell dramatically, hunger increased, and many migrant workers walked long distances home. India’s GDP was already decreasing before COVID-19 but the contraction of almost 25% year on year in the quarter April to June could make India one of the worst affected countries economically. …”
‘দ্যা ল্যানচেট’-অৰ লগতে আমিও সুৰ মিলাই ক’ব বিচাৰো যে পৰিস্থিতি সচাই অতি সংকটজনক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰাৰ নামত, ভাইৰাছৰ ভয়াবহতা জানি-বুজিও আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ খোলা ৰাখি , জাহাজৰ বন্দৰ খোলা ৰাখি মোডী চৰকাৰে ভাৰতত যিদৰে কৰ’নাৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা দৌৰিবলৈ এৰি দিলে, সেইসম্পৰ্কে পদলেহনকাৰী সংবাদ মাধ্যম নীৰৱ, চাতুকাৰসকল নিতাল! মাত্ৰ কেইঘন্টামানৰ সময় দি মহম্মদ বিন তোগলকৰ দৰে লকডাউন ঘোষণাৰ দ্বাৰা ( মোডীয়ে এনেদৰে ঘোষণা কৰি ভাল পায়! তেওঁৰ নিজকে সম্ৰাট যেন লাগে! সেইকাৰণে মহম্মদ বিন তোগলকে, ধেৎ, ভুল হৈ যায়, মোডীয়ে বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল – আৰু তাৰে ফলাফল কি হ’ল সকলোৱে দেখিয়েই আছে!) কি যে অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি কৰিলে – সেইবিষয়েও তেওঁলোক নিমাত! জি-ডি-পি (-)২৪%, কিন্তু এতিয়া মূল বিষয় হ’ল- সুশান্ত সিং ৰাজপুত নামৰ কোনোবা এজন ‘বিহাৰী’ তথা অভিনেতা! নিৰ্লজ্জ! ধিক! এনে এক পৰিস্থিতিত আকৌ নতুন শিক্ষা-নীতি ঘোষণা! সংসদত নতুন নতুন বিল! বিমুদ্ৰাকৰণৰ ক্ষত-বিক্ষত অৱস্থাক যিদৰে বালাকোট কান্ডই উপৰুৱাকৈ ঢাকি পেলালে, নিবনুৱা সমস্যাক যিদৰে গৃহহীন ৰামক গৃহদান কৰাৰ দ্বাৰা তল পেলাবলৈ যত্ন কৰা হ’ল, কৰ’না সংক্ৰান্তীয় ব্যৰ্থতা আৰু অৰ্থনৈতিক ব্যৰ্থতা আৰু নিবনুৱা সমস্যা সম্পৰ্কীয় ব্যৰ্থতা আৰু অকৰ্মণ্য সন্তানৰ দৰে পৈতৃক সম্পত্তি বেচি বেচি জীৱন নিৰ্বাহ কৰা, আৰু…..; এইবোৰৰ ঢাকোন হিচাপে তথা মূল বিষয়বোৰৰ পৰা দৃষ্টি আতৰাবলৈ ক’ৰ এজন অভিনেতা, ক’ৰ এজনী অভিনেত্ৰী, … এইবোৰৰ আৰত লুকাবলৈ প্ৰচেষ্টা চলোৱা হৈছে ( ৰামলীলা ময়দানত বাবা ৰামদেৱে ছোৱালীৰ চুৰিদাৰ-কুৰ্তা পিন্ধি পলোৱাৰ দৰে)!
‘দ্যা ল্যানচেট’-এ সঠিকভাৱে কৈছে, আমি এতিয়া এক ভয়াবহ সময়ৰ মাজেৰে আগবাঢ়িছো। তথাকথিত ৰাজনৈতিক নেতাসকল ব্যস্ত সম্ভাৱ্য নিৰ্বাচনী অংকত, কৰ’নাৰ প্ৰতি লক্ষ্য ৰাখি সু-চিন্তিত ভাৱে আগবাঢ়িবলৈ তেওঁলোকৰ সময়, জ্ঞান, আগ্ৰহ, নিষ্ঠা নাই বুলি সকলোৱে জানে। গতিকে যিমান পাৰি, নিজে সাৱধান হ’ব লাগিব। মুখা পিন্ধা, শাৰীৰিক দূৰত্ব, এইবোৰক গুৰুত্ব দি নিজকে যিমান পাৰি – সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিব লাগিব। সচেতনতা বঢ়াব লাগিব। এইবোৰ গুৰুত্বপূৰ্ণ, কাৰণ চিকিৎসালয়ত বিচনা নাই, অক্সিজেনৰ সাংঘাটিক অভাৱ, সমগ্ৰ বিশ্বতে কৰ’নাৰ প্ৰতিষেধক এতিয়াও ওলোৱা নাই,…এনে এক পৰিস্থিতিত সচেতনতাৰ লগতে চিকিৎসক, চিকিৎসা কৰ্মী, নাৰ্চ আদিয়েই হ’ল একমাত্ৰ ‘লাইটহাউচ’ – দুৰ্দশাগ্ৰস্ত জাহাজৰ যাত্ৰীসকলৰ।
মোডী চৰকাৰৰ কিছুমান ভেকোভাওনা সমগ্ৰ বিশ্বত ডাঙি ধৰা বাবে ‘দ্যা ল্যানচেট’-অক এই ছেগতে জনালো অভিনন্দন। আহক, আমি সকলোৱে সচেতনতা বৃদ্ধি কৰো•••।