অনেক
– মানস প্ৰতিম কলিতা
‘অনেক‘- ট্ৰেইলাৰটো আহি গ’ল। যিহেতু ‘নৰ্থ ইষ্ট‘ বুলি ক’লেই ইতিমধ্যে, সেয়েহে এই বলিউদী গু-গোবৰ ভক্ষণৰ বাবে আমাৰ জকাইচুকীয়া হলত হেতা-ওপৰা লাগি, মৰা-মৰি হৈ হাত ভৰি ভঙাৰ ভয়তে আমি এই মুম্বাইৱালা ‘ফিলিম’ৰ শ্ৰৱণ আৰু দৰ্শনৰ আগে আগেই ৰিভিউ এভাগি লেখিবলৈ কলম কাপ ধৰিলোঁ। 😄 ইন এনাডাৰ ৱৰ্ডছ- নগৈ গড়গাঁৱৰ বাতৰি দিবলৈ লৈছোঁ।
এচৰু ভাত সিজিছে নাই চাবলৈ যেনেদৰে হাতখন সোমোৱাই এগৰাহ উলিয়াই নাখালেও হয়, কেইটিমান চাউল হাতৰ তলুৱাত লৈ চালেই যথেষ্ট, ঠিক তেনেদৰে ট্ৰেইলাৰ ভাগিয়েও অনেকৰ মাজত এক, বৈচিত্ৰ্যৰ মাজত ঐক্যৰ কেনে মহান বাণীৰে সজ্জিত হৈ আমাৰ জ্ঞানচক্ষু মুকলি কৰি অসংবেদনশীল কৰ্ণকুহৰক আলোকিত কৰি তুলিব, আমাৰ জনা আছে। চৌ প্ৰেদিকটেবল !
আয়ুষ্মান ভৱ নৰ্থ ইষ্টৰ সুৰক্ষা বিষয়া। এটা উগ্ৰপন্থী সংগঠন (মন কৰিব, ৰাষ্ট্ৰৰ সুৰক্ষা বাহিনী উগ্ৰ নহয়, হৃত অধিকাৰ পুনৰুদ্ধাৰৰ বাবে হাতত বন্দুক লোৱাসকলহে উগ্ৰ) ৰ লগত ভাৰত চৰকাৰৰ ‘শান্তি’😊😊 আলোচনাৰ নিমিত্তে অহোপুৰুষাৰ্থ কৰাৰ ঘটনা প্ৰৱাহৰ মাজেৰে কাহিনী চলিব।
আব্বা (আপ্পা?) বোলতেহে কি হামলোগ ইণ্ডিয়ান নেহী হে, ইছিলিয়ে মুঝে ইণ্ডিয়া কী টিম কে লিয়ে খেলনা হে 😊! আয়ৌ ! এই বাক্যশাৰীয়ে মোৰ কোমল হৃদয়খনি চিৰাচিৰ কৰি পেলালে দেহী! তাহাঁতক তৃণ কূটা এডাল বুলি গণ্য নকৰা ব্যৱস্থা এটাত সোমাই দেহডুখৰিয়ে নিজক প্ৰমাণ কৰি ভাল ভাৰতীয় বুলি গণ্য কৰাইহে এৰিব। বা পৰিচালক আৰু কাহিনীকাৰে কৰোৱাইহে এৰিব!
হে মহান ৰাষ্ট্ৰ, আপোনাৰ চৰণত শৰণ দি আমাক কেলৈ এই স্বীকৃতি নিদিছেনো, আমাক আপোনাসৱৰ স্বীকৃতি লাগে, কিনো পাপ ভুঞ্জিলো, কৰুণাময়! ধৰ্ষণ কৰিছা, থুৱাই দিছা, প্লেনেৰে বোমাবর্ষণ কৰিছা, আমি জানো ওলোটাই কিবা আপত্তি কৰিলো? মেৰীক দিলোঁ, মীৰাক দিলোঁ, লভ্লীনাক দিলোঁ, জাহ্নুক দিলোঁ, পাপনক দিলোঁ, জুবিনক দিলোঁ, আদিলক দিলোঁ, ৰীমাক দিলোঁ, হিমাক দিলোঁ, তথাপিনো আমাক ভাৰতীয় বুলি মানি নোলোৱা কেলেই, নোলোৱা কেলেই, নোলোৱা…ৱা……ৱা…..(হুক, হুক, হুক !) এণ্ড কাট!
আয়ুষ্মানে তামিলনাডুৰ অফিচাৰ এগৰাকীক যুক্তিৰে বুজাই দিছে, যে ছাউথ, নৰ্থ এইবোৰ ধাৰণা এৰি আমি কেৱল ‘ইণ্ডিয়ান’ কিয় হ’ব নোৱাৰো? এইখিনিতে এটা বাক্য আছে, ক্যা হিন্দী ডিচাইড কৰতা হ্যে কি কৌন নৰ্থ ছে, কৌন ছাউথ ছে হ্যে? 😊😊 আইলা, এইখিনিতে অসমীয়া দৰ্শকে চকুপানীৰ নৈ নিজৰা বোৱাব, চোৱা, ভাষিক পৰিচয়টোৰ কথাও আহিছে। হিন্দীয়েই সমস্ত নহয়।
যাহওক, আমি সঁচাকৈয়ে ভাৰতীয় কিয় হব নোৱাৰো? কেৱল ভাৰতীয়! কিহৰ বেলেগ পৰিচয় লাগে, ভাৰতীয় হোৱা। মামাজানেতো কৈয়েই থৈছে বোলে এতিয়া আমাৰ ভাল ভাৰতীয় হোৱাৰ সময়।
ভাৰতীয় হোৱাৰ মহান আনন্দত বিলীন হোৱাৰ উপযুক্ত সময় সমাগত। ইমানদিনে অৱহেলিত উত্তৰ পূৱ (বোলেতো চ্ছিকেন নেক) এতিয়া মুম্বাইৱালা ‘ফিলিম’ত আহি পৰিছে। তামোল গছৰ ভিজুৱেল আছে, পাহাৰ আছে, কমতি কথানে!
আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, বিশ্ব মানৰ আন্তঃগাথঁনি, সুবৃহৎ লজিষ্টিক পাৰ্ক, মহামৃত্যুঞ্জয় মন্দিৰ, দিহিং পাটকাই খনন, বন সুৰক্ষা আইনৰ সংশোধন, গুৱাহাটীত অনুষ্ঠিত হ’ব লগা আইফা এৱাৰ্ডৰ বাবে শ্বাহৰুখ, বিকীৰ বিজ্ঞাপন, এইবোৰ একোটা বিন্দু! বিন্দুবোৰক সংযোগ কৰিব পাৰিব লাগিব, জানিব লাগিব। তাৰ মাজতে ‘সাংস্কৃতিক’ এলিমেণ্টৰ উপস্থিতিটোক ‘অৰাজনৈতিক’ বিতচকু এযোৰ পিন্ধি চাব পাৰিব লাগিব।
‘উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰো কিছু ন্যায়সংগত ক্ষোভ নথকা নহয়, ‘বাহিৰা শক্তি’য়েও ইফালে উচটাই আছে, কিন্তু এই সকলোবোৰ বাদ দি “শান্তি”ৰ নিমিত্তে আলোচনা কৰিলেই আমি তোমালোকৰ হৃত অধিকাৰ ঘূৰাই দিবলৈ সাজু আছোঁ।
হ’বনে?
আৰু ঐ মেইনলেণ্ড ইন্ডিয়ান্স, ইমান বদমাছ হৈছ তহঁত, শুনিছ নে, ইহঁতক আজিৰ পৰা কিন্তু চিংকি বুলি নামাতিবি, গতিয়াই নিদিবি, থুৱাই নিদিবি। একেটা চুবুৰীৰে ল’ৰা ছোৱালী তহঁত, একেলগে ভালকৈ উমলি জামলি থাকিব লাগে, হো এই টকাকেইটা ল, মৰ্টন খাবি, ভগাই খাবি, হাই কাজিয়া নকৰিবি। ভালদৰে থাকিবি চুনুমুনুহঁত, দন্দ খৰিয়াল একেবাৰেই শুনি নাপাওঁ যেন, আমি আহোঁ এতিয়া” – ( ৰ’বচোন দাদা, আফস্পাখন গুচাব… , এহ গ’লেই দেখোন! )
এনেকুৱাই কিবা কিবি হ’ব লাগে আৰু আমাৰ গণনাশাস্ত্ৰ অনুসৰি! 😁 বাকী ৰাইজে পকেটত ৰুমাল আৰু বাইক/গাড়ীৰ আগত ওলোমাই ঘূৰিবলৈ মিনি পতাকা কেইখন মান লৈ যাবলৈ নাপাহৰে যেন। হলৰ পৰা ঘূৰি আহোঁতে লাগিব পাৰে।
হাজাৰ হওক, এতিয়া আমাক ৰাষ্ট্ৰই চিনাকী দিবৰ বাবে সাংস্কৃতিক কছৰৎ আৰম্ভ কৰিছে যিহেতু! আফস্পা বাহাল ৰাখি হ’লেও আমাৰো বদান্যতা প্ৰকাশ কৰাৰ সময় আহি পৰিছে বুলিবই পাৰে দিয়কচোন। 🤗 🤡