-ৰাজকমল চাংকাকতি |
পিতৃ-জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে কলেজীয়া ছাত্ৰজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল।একমাত্র পুত্ৰক নিজৰ চকুৰ সন্মুখতে উন্মাদ মানুহবোৰে বৰ্বৰভাৱে প্ৰহাৰ কৰাটো অসহায়ভাৱে চাই থকাটো কিমান মৰ্মান্তিক হ’ব লাগিব,তাৰ নিশ্চয় বিশেষ ব্যাখ্যাৰ প্ৰয়োজন নাই।মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিচাত যোৱা ২৯ মে’ত পিতৃ আৰু জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে প্ৰহৃত হোৱাৰ পিছত কলেজীয়া ছাত্ৰ দেৱাশিস গগৈয়ে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই কন্দুৱাই গ’ল সচেতন ৰাজ্যবাসীক।সকলোৰে এটাই প্ৰশ্ন-লুপ্ত হৈ গ’ল নেকি দয়া-মমতাৰ দৰে মানৱীয় গুণবোৰ?কিয় একাংশ মানুহে যিকোনো অজুহাতত মানুহ হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে?
বিগত এটা বছৰৰ ভিতৰত অসমত গণপ্ৰহাৰ কৰি হত্যা কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে,যি অসমীয়া ৰাইজৰ অন্তৰাত্মা কঁপাই আহিছে।এই সময়চোৱাত উজনি অসমৰ ডিকম চাহ বাগিচাত চিকিৎসক দেৱেন দত্ত,হাজোত সনাতন ডেকা,চাবুৱাত পৰাগজ্যোতি নেওগৰ উন্মত্ত লোকৰ গণপ্ৰহাৰ অথবা গণ আক্ৰমণত মৃত্যু হৈছে।ইয়াৰ পূৰ্বে ডিফুত ঝংকাৰ শইকীয়া নামৰ ছাত্ৰজনে আৰু ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত অভিজিৎ নাথ-নিলোৎপল দাসে গণ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল-যি অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰা বেদনাদায়ক ঘটনা হিচাপে চিহ্নিত হৈছে।অৱশ্যে,কেৱল অসমতে নহয়,বিগত ৫-৬ বছৰত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো গণপ্ৰহাৰেৰে মানুহক হত্যা কৰাৰ বহুকেইটা ঘটনা সংঘটিত হৈছে।এনে গণপ্ৰহাৰজনিত কিছু হত্যা আৰু এনে হত্যাসমূহৰ অন্তৰালৰ কাৰণসমূহৰ উল্লেখ কৰা হওক।বিগত ৫ বছৰৰ এটা উল্লেখযোগ্য গণ প্ৰহাৰেৰে হত্যাৰ ঘটনা হৈছে উত্তৰ প্ৰদেশৰ দাদ্ৰিত ৫২ বছৰীয়া মহম্মদ আখলাকৰ ঘটনা।আখলাকে গোহত্যা কৰা বুলি সন্দেহ কৰি তেওঁক একাংশ উন্মত্ত লোকে ২০১৫ চনৰ ২৮ ছেপ্টেম্বৰত আক্ৰমণ কৰি হত্যা কৰিছিল।তেনেদৰে ২০১৭ চনৰ ৫ এপ্ৰিলত গৰু আৰু ম’হ ক্ৰয় কৰি হাৰিয়ানাৰ স্বগৃহলৈ ওভতি আহি থকা পেহলু খান নামৰ এজন দুগ্ধ ব্যৱসায়ীক ৰাজস্থানৰ আলৱাৰত উন্মত্ত লোকৰ দলে গণ আক্ৰমণ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছিল।পেহলু খানক গৰুচোৰ বুলি সন্দেহ কৰা হৈছিল।এইদৰে,বিগত সময়চোৱাত দেশৰ বিভিন্ন এলেকাত মূলতঃ ধৰ্মীয় গোড়ামিৰ বাবে গোহত্যা আৰু গৰুচুৰিকেন্দ্ৰিক বহুকেইটা গণ প্ৰহাৰ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছিল।আনহাতে,দেশত বিগত বছৰসমূহত যথেষ্টসংখ্যক উৰাবাতৰিকেন্দ্ৰিক গণ প্ৰহাৰ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছে।বিগত দহ বছৰত ভাৰতত উৰাবাতৰিৰ বাবে শতাধিক হত্যাৰ ঘটনা সংঘটিত হৈছে।শিশু অপহৰণকাৰী বিচৰণ কৰি ফুৰাৰ উৰাবাতৰি বিয়পি পৰাৰ পিছত দেশৰ বহু এলেকাত উগ্ৰ লোকৰ দলে গণপ্ৰহাৰ কৰি বিগত কেইটামান বছৰত হত্যা কৰিছে পঞ্চাশজনতকৈ অধিক লোকক।অসমত নীলোৎপল দাস আৰু অভিজিৎ নাথক উন্মত্ত লোকৰ দলে শিশু অপহৰণকাৰীৰ সন্দেহত হত্যা কৰিছিল। তেনেদৰে,২০১৮ চনৰ ১ জুলাইত মহাৰাষ্ট্ৰৰ ধূলে জিলাৰ ৰেইনপাৰা গাঁৱত শিশু অপহৰণকাৰীৰ সন্দেহত গণ প্ৰহাৰ কৰি হত্যা কৰা হৈছিল পাঁচজনকৈ শ্ৰমিকক।সবাতোকৈ ভয়লগা কথাটো হৈছে সামাজিক মাধ্যম হোৱাটছএপযোগে শিশু অপহৰণৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবেই দেশত নিৰীহ লোকৰ ওপৰত বহু গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে।কাৰ্বি আংলঙত নীল-অভিক হত্যা কৰিছিল সবাতোকৈ ভয়লগা কথাটো হৈছে সামাজিক মাধ্যম হোৱাটছএপযোগে শিশু অপহৰণৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবেই দেশত নিৰীহ লোকৰ ওপৰত বহু গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে।কাৰ্বি আংলঙত নীল-অভিক হত্যা কৰিছিল হোৱাটছএপযোগে প্ৰচাৰিত শিশু অপহৰণৰ উৰাবাতৰিয়ে প্ৰভাৱিত কৰা লোকে।শেহতীয়াকৈ যোৱা ১৬ এপ্ৰিলত মহাৰাষ্ট্ৰৰ পালঘৰত শিশু অপহৰণকাৰীয়ে বিচৰণ কৰাৰ উৰাবাতৰিয়ে প্ৰভাৱিত কৰা লোকৰ দলে দুগৰাকী সাধুকে ধৰি তিনিগৰাকী লোকক শিশু অপহৰণকাৰীৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰিছিল,যি ঘটনাই ভাৰতৰ সমাজ-জীৱনক জোকাৰি গৈছিল।অন্ধবিশ্বাস-ডাইনী বিশ্বাস আদিৰ বাবেও দেশৰ বহুকেইখন ৰাজ্যত গণ আক্ৰমণৰে নিৰীহক হত্যা কৰাৰ ঘটনা ঘটি আহিছে।ডাইনী হত্যাৰ ঘটনাবোৰৰ অধিকাংশ গণ প্ৰহাৰ অথবা গণ আক্ৰমণৰ ঘটনা।
দেশৰ জনসাধাৰণৰ এক বুজনসংখ্যক লোকৰ মাজত হতাশা বৃদ্ধি হোৱাটোও গণ প্ৰহাৰৰ ঘটনা সঘনাই সংঘটিত হোৱাৰ কাৰণ হিচাপে চিহ্নিত হৈছে।ভাৰতত বৰ্তমান গোলকীকৰণৰ যুগত একাংশ লোক ব্যৱসায়-বাণিজ্যকে ধৰি বিভিন্ন উপায়েৰে কম সময়ৰ ভিতৰতে সমৃদ্ধ হৈছে।কিন্তু,ইয়াৰ বিপৰীতে অনেক লোক নিবনুৱা হৈ থাকি অথবা কম আয়েৰে কোনোমতে জীৱন নিৰ্বাহ কৰি হতাশাগ্ৰস্ত হৈ পৰিছে।মনত পুঞ্জীভূত হতাশা আৰু নোপোৱাৰ বেদনা থকা লোক সৰু সৰু কথাতে ব্যাপক হিংসাত লিপ্ত হৈ পৰাটো অস্বাভাৱিক নহয়,যিটো বিষয় মন:স্তাত্বিক হিচাপে চিহ্নিত।ক্ষোভ-বেদনাৰ অৱচেতনভাৱে বৰ্হিপ্ৰকাশ কৰাৰ বাবেই হয়তো এনে হতাশাগ্ৰস্ত লোক গণ প্ৰহাৰ কৰা,দুৰ্ঘটনাৰ পিছত গাড়ী-মটৰ জ্বলোৱা আদিৰ সৈতে জড়িত হৈ পৰিছে।আনহাতে,মাদকদ্ৰব্যত আসক্ত লোকো বহুসময়ত গণ প্ৰহাৰৰ ঘটনাত জড়িত হৈ পৰিছে।হিতাহিত জ্ঞানশূন্য অৱস্থাতে এনে লোকে কোনো কাৰণত বা বিনা কাৰণত মানুহক দলবব্ধভাৱে আক্ৰমণ কৰি হত্যা পৰ্যন্ত কৰিছে।
এতিয়া,সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো উত্থাপন কৰিবলৈ বিচৰা হৈছে-দেশত কেনেদৰে গণ প্ৰহাৰৰ ঘটনাবোৰ ৰোধ কৰিব পৰা যাব?প্ৰথমতেই দেশত যিকোনো ধৰ্মৰ ক্ষেত্ৰত ধৰ্মীয় উন্মাদনা সৃষ্টি কৰা প্ৰচাৰ বন্ধ হ’ব লাগিব।গো-ৰক্ষা কৰাৰ বাবে হিংসাত প্ৰবৃত্ত হ’বলৈ উচতনি দিয়া প্ৰচাৰ,কাম-কাজ চৰকাৰে-আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰিব লাগিব।লগতে,দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো সক্ৰিয় হৈ থকা গৰু চোৰৰ দলবোৰক গ্ৰেপ্তাৰ কৰি কঠোৰ আইনী শাস্তিৰ সন্মুখীন কৰাব লাগিব।দ্বিতীয়তে,হোৱাটছএপ আৰু ফেচবুকৰ দৰে সামাজিক মাধ্যমযোগে ধৰ্মীয় উন্মাদনা সৃষ্টিৰ,অন্ধবিশ্বাসৰ প্ৰচাৰৰ,শিশু অপহৰণ সন্দৰ্ভৰ উৰাবাতৰিৰ প্ৰচাৰ চৰকাৰ-আৰক্ষী-সচেতন নাগৰিকসকলে সমন্বিত প্ৰয়াসেৰে বন্ধ কৰিব লাগিব।এই দুই সামাজিক মাধ্যমৰ কৰ্তৃপক্ষয়ো এনে ধৰণৰ উৰাবাতৰিৰ প্ৰচাৰ বন্ধ কৰাৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব।আনহাতে,বহুসময়ত অধিকভাৱে গণ প্ৰহাৰৰ ঘটনা ঘটা আদিবাসী আৰু জনজাতি অধ্যুষিত অঞ্চলসমূহত ডাইনী বিশ্বাসৰ দৰে অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে।এনে অঞ্চলসমূহত অন্ধবিশ্বাস বিৰোধী প্ৰচাৰ অভিযান চলোৱাৰ লগতে স্বাস্থ্য সেৱাও উন্নত কৰিব লাগিব চৰকাৰে।স্মৰ্তব্য যে এনে উন্নত স্বাস্থ্য সেৱা নথকা এলেকাত মানুহৰ ৰোগ-ব্যাধি সহজতে আৰোগ্য নোহোৱা অৱস্থাত মানুহৰ মনত ডাইনী বিশ্বাস দৃঢ় কৰি আহিছে। আদিবাসী আৰু জনজাতি প্ৰধান এলেকাত সুৰাৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিব লাগিব।এনেধৰণৰ এলেকাসমূহত যথেষ্ট সংখ্যক হত্যা-হিংসাৰ অন্তৰালৰ প্ৰধান কাৰণ সুৰাসক্তি হিচাপে চিহ্নিত হৈ আহিছে।আদিবাসী আৰু জনজাতিসকলৰ দৰিদ্ৰতা দূৰ কৰিবলৈও চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব,যাতে তেওঁলোকক হতাশামুক্ত কৰিব পৰা যায়।চৰকাৰে নিবনুৱা যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপন প্রদানৰ লগতে স্বনিয়োজনৰ আঁচনি দুৰ্নীতিমুক্তভাৱে ৰূপায়ণ কৰিব লাগিব,যাতে যুৱ-প্ৰজন্মক নিৰাশাৰ পৰা মুক্ত কৰিব পৰা যায়।
সমাপ্তিত উল্লেখ্য যে গণ প্ৰহাৰ কৰি মানুহক আহত-নিহত কৰা প্ৰতিটো অপৰাধীৰ দৃষ্টান্তমূলক কঠোৰ আইনী শাস্তি নিশ্চিত কৰিব লাগিব চৰকাৰ তথা আৰক্ষীয়ে।নিবন্ধৰ আৰম্ভণিতে উল্লিখিত গণপ্ৰহাৰৰ বলি হৈ অসমত মৃত্যু বৰণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ হত্যাকাৰীৰ কঠোৰ আইনী শাস্তি হ’বই লাগিব।এয়া অসমৰ সৰ্বস্তৰৰ সচেতন নাগৰিক সমাজৰ দাবী।অসমৰ সচেতন ৰাইজ এতিয়াও ৰৈ আছে অভি-নীলৰ হত্যাকাৰী কঠোৰ আইনী শাস্তিৰ সন্মুখীন হোৱা প্ৰত্যক্ষ কৰিবলৈ।ইফালে,দেৱাশিস গগৈৰ হত্যাৰ সৈতে জড়িত ১৪ জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।এই আটাইকেইজন লোকক কঠোৰ আইনী শাস্তি প্ৰদানৰ সংবাদ শুনিবলৈও অপেক্ষাৰত ৰাজ্যবাসী।ৰাইজৰ গভীৰ প্ৰত্যাশা দেৱাশিস গগৈৰ পিছত আন কোনো ব্যক্তি বলি নহওক গণ প্ৰহাৰজনিত হত্যাৰ।