– অম্বিকাগিৰী ৰায়চৌধুৰী |
চেপা, ঢকা-গতা, টনা ধোঁহা খাই কান্দে
ধাকুৰি অসমী-আই
জিত কৰে কোনে? আইৰ বুকুত
অসমীয়া দেখো এজনো নাই !–
আছে-উজনি নামনি,শিৱসাগৰীয়া, নগঞা
ডিব্ৰুগড়ীয়া,
দৰঙ্গীয়া, কামৰূপীয়া, গুৱালপাৰীয়া,
জকাইচুকীয়া,
শুৱালকুছীয়া, তেজপুৰীয়া,
লখীমপুৰীয়া, গোলাঘাটীয়া
উত্তৰপাৰীয়া, দক্ষিণপাৰীয়া,
পলাশবাৰীয়া, যোৰহাটীয়া,
বৰপেটীয়া,নলবাৰীয়া,-কত ৰকমৰ “ঈয়া”-
মাতৃভূমি ৰক্ষক হায় !
নাই কণাকড়ি অসমীয়া।
আছে- বামুণ-শূদিৰ,আহোম-চুতীয়া,নগা,
গাড়ো, মিৰি,কছিৰি-কোছ,
কেওত-কলিতা, মিকিৰ-খাছিয়া,
এটালৈ এটাৰ হিংসা খোঁচ,-
ভৱিষ্যততে খিল মাৰি থ’ই,
নিজে নিজে চকু কাঢ়ি কণা হ’ই,
কোনে কাক মাৰি নিজে বৰ্তিব
চুকে-কোণে তাৰে ফুছ-ফোছ;-
আছে-চলিহা,ফুকন,চৌধুৰী,মেধি,দাস,
ভাগৱতী, বৰদলৈ,
ডেকা,বৰা,বৰ-কটকি-কাকতি,
ফোপোলা-বজোৱা ফুছ-হিলৈ,-
নিজৰ দেশক নিজৰ জাতিক
নুবুজা জড়তা আত্মঘাতিক,-
ক্ষমতা লাভৰ খকতে মত্ত, মাতৃৰ
কোনে চাব বিলৈ?
আছে – গোহাঁই, ভট্ট, শৰ্মা,বৰ্মা,গগৈ,
গোহাঁই বৰুৱা,
দুৱৰা,তালুকদাৰ,লহকৰ,দত্ত,
তামুলী,ৰাজখোৱা,
নাথ,বৰবৰা,বৰবৰুৱা,
কিমান উপাধি অন্ত নোপোৱা,-
সকলোটি আছে,কিন্তু নাই-
নাই অসম-সেৱক অসমীয়া।
আছে-ব্ৰহ্ম,চাংমা,ৰয়,পেগু,বসুমাতাৰি,
নাৰ্জাৰি,ইংটি,
মাতৃক বধি মাওৰাটো হ’ই চুঙাত
সোমোৱা ভেমটি,-
আনৰ প্ৰভাৱ অধীনতা ল’কে
নি আছে নমাই পলকে-পলকে,
একে সাঙোৰতে পৰ্বত-ভৈয়াম
অসহযোগৰ হান দি,-
আছে – হাজৰিকা, বেজ-বুজৰ বৰুৱা,
ভঁৰালী, ভূইঞা, শইকীয়া,
মহীয়া-পখীয়া-এঘাৰদিনীয়া,মহাপুৰুষীয়া
দামোদৰীয়া,-
ই গাঁওৰ পৰা সি গাঁও চেৰাই
বিৰোধ-ঢলেৰে সমাজ উটাই
চলিছে ক্ষিপ্ত খোজেৰে ঐক্য-চিন-চাব
কৰি নাইকিয়া,-
হায়!হায়!হায়! অসমী-সেৱক নাই
যে এজনো অসমীয়া।
নাই লেশমানো এঠাৰ লেপেট
কোনো কাৰো স’তে নহয় মিল,
ভাগি-ছিগি গ’ই ছিন-ভিন হ’ই
কিলৰ পিঠিত খাইছে কিল,-
মাতৃৰ কোনে দুৰ্দশা চাব নিজেই মৰিছে
নিজকে খাই,
তিলতিলকৈ নাই-নুই হ’ই গ’ই আছে তত
তথাপি নাই,-
নেতাৰ বেদীত দলীয় দাপৰ
উন্মাদনাত ধৰিছে ফাপৰ,-
পাছ দুৱাৰেদি ভোটৰ হাটত দেশ-বিক্ৰীৰ খলকনি,
আগ-চোতালত কোৱাৰি বিদৰা আইডোল’জীৰ
কাকধ্বনি,-
তেলপেৰা দৰে প্ৰগতি-পেৰাত পেৰপেৰকৈ
আছে ওলাই
বাট-ঘাট-হাট, পদূলি-পথাৰ ভৰাই
কেৱল ঠেঙা হাৱাই,-
কলাৰ নামত, সহাভিনয়ত,
চিনেমা হলত, চুৰত মুখত,
ছোৱালী নাচত মন-প্ৰাণ ৰত,-
মাতৃৰ দুখ মোচন কৰাৰ লেশমানো তাত
ৰহণ নাই,-
হায়!হায়!হায়! অসমী-আইৰ ৰক্ষক
আজি এজনো নাই!