অসমৰ ভয়ংকৰ বান
অৰবিন্দ ৰাভা
অসমৰ ৩২ খন জিলাৰ প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনত ১২ জন ব্যক্তি, ৪ জন শিশু সহকাৰে বিগত এপ্ৰিল মাহৰ পৰা এতিয়ালৈ ১০১ জন লোকৰ মৃত্যু হৈছে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ ( Assam State Disaster Management Authority)ই প্ৰকাশ কৰিছে।
৪ জনৰ মৃত্যু হৈছে হোজাই জিলাত, ৩ জনকৈ মৃত্যু হৈছে বৰপেটা আৰু নলবাৰী জিলাত, আৰু ২ জনৰ কামৰূপ জিলাত। এইসকলৰ ৩ জন শিশু হোজাই জিলাৰ আৰু ১ জন বৰপেটাৰ।
৫.৪৫ নিযুতৰো অধিক বা ৫৪.৫ লাখৰো অধিক লোক ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে আৰু ৯৯,০২৬ হেক্টৰ ভূমিত খেতি পানীৰ তলত সোমাই পৰিছে। ইতিমধ্যে ২৭১১২৫ জন মানুহক ১৮৭১ টা আশ্ৰয় শিৱিৰত স্থানান্তৰিত কৰা হৈছে ( ইয়াৰে সৈতে ৩২ খন জিলাৰ ২৭ খন জিলাৰ ১০২৬ টা ৰিলিফ বিতৰণ কেন্দ্ৰও ধৰা হৈছে)।
অসমৰ ১১২ খন ৰাজহ চক্ৰৰ ৫০০০ গাঁও বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। কাছাৰ, কৰিমগঞ্জ, দৰং, গোৱালপাৰা, মৰিগাঁওৰ বহুত অঞ্চল এতিয়াও, অৰ্থাৎ বুধবাৰ( ২২ জুন) পৰ্যন্ত বানত ডুবি আছে।
অসমত বিপদসীমাৰ ওপৰেৰে বৈ আছে কপিলী(ধৰমতুল), দিচাং(নঙলামূৰাঘাট), ব্ৰহ্মপুত্ৰ (ধুবুৰী, গোৱালপাৰা, তেজপুৰ, নিমাতীঘাট) নদী/নদ। ইয়াৰে ভিতৰত কপিলী সৰ্বোচ্চ বিপদসীমাত আছে। ক্ষতিগ্ৰস্ত জিলাসমূহ হৈছে- বজালী, বাস্কা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা- হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কামৰূপ (মহানগৰ), পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি।
বজালী জিলাত ক্ষতিগ্ৰস্ত হোৱা গাঁও হ’ল ১৪৫ খন( সৰুপেটা ৰাজহ চক্ৰৰ ৫১ খন আৰু বজালী ৰাজহ চক্ৰৰ ৯৪ খন), বাস্কাত ২৮ খন, বৰপেটাত ৬০৬ খন, বিশ্বনাথত ১০ খন, বঙাইগাঁওত ৮০ খন, কাছাৰত ৫৬৫ খন, চিৰাঙত ৭ খন, দৰঙত ৩৮১ খন, ধেমাজিত ৫০ খন, ধুবুৰীত ৫১০ খন, ডিব্ৰুগড়ত ১ খন, ডিমা-হাচাওত ২ খন, গোৱালপাৰাত ২৮৩ খন, গোলাঘাটত ৩৮ খন, হাইলাকান্দিত ৯৮ খন, হোজাইত ৭৯ খন, কামৰূপত ৪৪০ খন, কামৰূপ(মহানগৰ)ত ৩১ খন, পশ্চিম কাৰ্বি আংলং -অত ৩ খন, কৰিমগঞ্জত ৪৬৯ খন, লখিমপুৰত ৩৭ খন, মাজুলীত ১৮ খন, মৰিগাঁওত ২৮৩ খন, নগাওঁত ৩২১ খন, নলবাৰীত ২৫৮ খন, শিৱসাগৰত ২ খন, শোণিতপুৰত ৫৩ খন, দক্ষিণ শালমাৰাত ৮৫ খন, তামুলপুৰত ১৫ খন, তিনিচুকীয়াত ৮ খন, ওডালগুৰিত ৩৫ খন গাওঁ ধৰি সৰ্বমুঠ ৪৯৪১ খন গাওঁ বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে।
শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বজালীত ২৫৯৭০০, বাস্কাত ২১১৯২, বৰপেটাত ১১২৯৩৯০, বঙাইগাঁওত ৭৪৫৪২, কাছাৰত ২৩২০০২, চিৰাঙত ২৪১৬, দৰঙত ৪১৫৯৭৬, ধেমাজীত ৩৫৫১৯, ধুবুৰীত ৫৯৭১৫৩, ডিব্ৰুগড়ত ৩৮৫৭, গোৱালপাৰাত ২৪০৮৩৬, গোলাঘাটত ২১৪২৯, হাইলাকান্দিত ৫১৩৯৯, হোজাইত ৫৩৫১০, কামৰূপত ৭৮৯৪৯৬, কামৰূপ (মহানগৰ)ত ৫৬৪৬, পশ্চিম কাৰ্বি আংলং-অত ৩৭৮৪, কৰিমগঞ্জত ২৮১২৭১, লখিমপুৰত ৩৯৮৪২, মাজুলীত ৮৯৭৯, মৰিগাঁওত ১১৩৩১৯, নগাঁওত ৫০৩৪৫০, নলবাৰীত ৩৫৩৭৩৬, শিৱসাগৰত ৪৮৭, শোণিতপুৰত ২৬৪২৯, দক্ষিণ শালমাৰাত ১৭০২০৭, তামুলপুৰত ১২৭১১, তিনিচুকীয়াত ১৩৩৮, ওদালগুৰিত ৭৯৮৫; অৰ্থাৎ সৰ্বমুঠ ৫৪৫৭৬০১ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
“এইবাৰৰ বানত সৰ্বাধিক দলং আৰু দলঙৰ ‘এপ্ৰোচ্’ৰ ক্ষতি হৈছে বজালী জিলাত। বজালীত ১২ খন দলং ক্ষতিগ্ৰস্ত হৈছে ( ৰতনপুৰ- বামাখাটা পথৰ দলং, বনগাঁও – কাছকুৰি গাওঁ পথৰ দলং, কোচদিঘা- মাগুৰি পথৰ দলং আৰু এপ্ৰোচ, পাটাছাৰকুছি – ৰামপুৰ পথৰ কালভাৰ্ট, উপৰনৈ- উলুৱাৰ দলং, ছৈবাৰী- মাণিকপুৰ পথৰ কালভাৰ্ট, বামাখাটা- কেন্দুগুৰি পথৰ দলং, কুৱাৰা- টিহু ডুমুনী পথৰ দলং আৰু এপ্ৰোচ, বৰলাঘাটৰ দলং, ইত্যাদি)।”
বজালীৰ আশ্ৰয় শিৱিৰত থকা লোকৰ সংখ্যা ১৮৫৩, বাস্কাত ৫৬, বৰপেটাত ১০৭৫৩২, বঙাইগাঁওত ৪৪৭৯, কাছাৰত ৩৩৭৬৬, চিৰাঙত ১৩৬৩, দৰঙত ৩৫৬৮, ধুবুৰীত ৫৪৮৩, ডিমা-হাচাওত ১৯০৫, গোৱালপাৰাত ৩৩৩৬৩, হাইলাকান্দিত ১০৫১, হোজাইত ১৩৫৩৬, কামৰূপত ৯৩১৩, কৰিমগঞ্জত ২০৫৯৫, মৰিগাঁওত ১৭৫, নগাঁওত ১৬৪২২, নলবাৰীত ১৩৬১৫, শোণিতপুৰত ১৭০, দক্ষিণ শালমাৰাত ৪৭২, তামুলপুৰত ৫১৮, ওডালগুৰিত ১৮৯০; অৰ্থাৎ সৰ্বমুঠ ২৭১১২৫ জন লোক আশ্ৰয় শিৱিৰত আছে।
বজালীত বানত ক্ষতিগ্ৰস্তক সাহায্য হিচাপে ২৬৪৮.৪৭ কুইন্টল চাউল,৮০০ কুইন্টল দাইল, ২৭৩.৪৭ কুইন্টল নিমখ, ১০০০ লিটাৰ মিঠাতেল, গৰু-ম’হৰ খাদ্য হিচাপে ৭৭৭.২৪ কুইন্টল চাপৰ বিতৰণ কৰা হৈছে। বাস্কাত ৩৬.০২ কুইন্টল চাউল, ৬.৬১ কুইন্টল দাইল, ১.৯৮ কুইন্টল নিমখ, ১৯৮.১৮ লিটাৰ মিঠাতেল; বৰপেটাত ৩০৬৯ কুইন্টল চাউল, ৫০৬.৬৪ কুইন্টল দাইল, ১২৬.০০ কুইন্টল নিমখ; .. এনেদৰে ক্ষতিগ্ৰস্ত জিলাসমূহত সৰ্বমুঠ ২১৫২৬.২৮ কুইন্টল চাউল, ৫৫১০.৮৯ কুইন্টল দাইল, ১৬৯০.৯০ কুইন্টল নিমখ, ১০৪৯৪৩.৮৪ লিটাৰ মিঠাতেলৰ লগতে পশুধনৰ বাবে ২০ কুইন্টল ঘাঁহ আৰু ১৫৮১০.৪২ কুইন্টল চাপৰ( ঘেঁহু ভাঙোতে উৎপাদিত), ৫৯২৯.৫০ কুইন্টল মল( ধান ভাঙোতে উৎপাদিত) বিতৰণ কৰা হৈছে।
এইবাৰৰ বানত সৰ্বাধিক দলং আৰু দলঙৰ ‘এপ্ৰোচ্’ৰ ক্ষতি হৈছে বজালী জিলাত। বজালীত ১২ খন দলং ক্ষতিগ্ৰস্ত হৈছে ( ৰতনপুৰ- বামাখাটা পথৰ দলং, বনগাঁও – কাছকুৰি গাওঁ পথৰ দলং, কোচদিঘা- মাগুৰি পথৰ দলং আৰু এপ্ৰোচ, পাটাছাৰকুছি – ৰামপুৰ পথৰ কালভাৰ্ট, উপৰনৈ- উলুৱাৰ দলং, ছৈবাৰী- মাণিকপুৰ পথৰ কালভাৰ্ট, বামাখাটা- কেন্দুগুৰি পথৰ দলং, কুৱাৰা- টিহু ডুমুনী পথৰ দলং আৰু এপ্ৰোচ, বৰলাঘাটৰ দলং, ইত্যাদি)। আনহাতে ধেমাজিত ক্ষতিগ্ৰস্ত দলং ( বাঁহৰ পদ-দলং, ইত্যাদি) হৈছে ২ খন, কামৰূপত ২ খন, নলবাৰীত ৩ খন, ওডালগুৰিত ১ খন; সৰ্বমুঠ ২০ খন ( বজালীৰ ১২ খন)।
২৩-০৬-২০২২ [ Images: Collected from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)