-নগেন শইকীয়া |
ভাৰত চৰকাৰে অসমক তৃতীয়বাৰৰ বাবে বিদেশীৰ হাতত তুলি দিবলৈ ওলাইছেঃ প্ৰথমবাৰৰ বাবে ১৯৪৭ চনত পাকিস্তানৰ হাতত, দ্বিতীয়বাৰ ১৯৬২ চনত চীনৰ হাতত আৰু এইবাৰ ১৯৭৯ চনত বিদেশী বহিৰাগতৰ হাতত। প্ৰথম দুবাৰৰ যিকোনো এবাৰ যদি অসমে নিজৰ স্বাধীনতা ঘোষণা কৰিলেহেঁতেন, তেনেহ’লে এইবাৰ বিদেশী নাগৰিকৰ হাতত অসমক বিক্ৰী কৰাৰ সুযোগ নেপালেহেঁতেন। কিন্তু এইবাৰ অসমক শিকলি পিন্ধা অৱস্থাত বিদেশীক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এইবাৰ বিদেশী নাগৰিকৰ ভোটেৰে আমাৰ সংসদী সদস্য আৰু বিধায়ক নিৰ্বাচিত হৈ সংসদ আৰু বিধানসভা গঠন কৰি আমাক শাসন কৰিব। অসম এই ব্যৱস্থা মানি ল’বলৈ সাজুনে?
মুখ্য নিৰ্বাচনী আয়ুক্তই সান্ত্বনা দিছে যে ভোটযুদ্ধ হৈ যোৱাৰ পিছত বিদেশীক বহিষ্কাৰ কৰা হ’ব। অসমৰ মানুহ ইমান নিৰ্বোধ নে যে নিৰ্বাচনী আয়ুক্তৰ পাশাৰ এই চাল নুবুজিব ? ধৰি লোৱা হওক— এই সান্ত্বনাত আশ্বস্ত হৈ আমি সন্মত হ’লো; কিন্তু যিসকল বিধায়ক আৰু সংসদী সদস্য বহিৰাগতৰ ভোটেৰে নিৰ্বাচিত হৈ যাব, তেওঁলোক ইমান মূৰ্খনে যে ভোট হৈ যোৱাৰ পিছতে তেওঁলোকে নিজৰ সমৰ্থক ভোটাৰসকলক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব?
পৃথিৱীৰ ক’তো কেতিয়াও এনে কাণ্ড হোৱা নাই। অসমত এনে কাণ্ড ঘটোৱাৰ বাবে নিৰ্দেশ দিয়াৰ কাৰণ কি? কাৰণ এটাই— দিল্লীয়ে কোনো দিন অসমক ভাৰতৰ ভিতৰৰ অবিচ্ছেদ্য অংগ বুলি ধৰি অহা নাই; ধৰি আহিছে চাহ-তেল, কাঠ-কয়লাৰ ব্যৱসায়ৰ উপনিৱেশস্বৰূপে। এই উপনিৱেশ চলাবলৈ দিল্লীক ইয়াৰ এদল ‘বান্দৰ’ লাগে। দিল্লীয়ে গম পাইছে— উত্তৰ-পূব ভাৰতে সাৰ পাইছে; অসমে সাৰ পাইছে; গম পাইছে অসমৰ ৰাইজ অধিক লুণ্ঠিত হ’বলৈ, শোষিত হ’বলৈ সাজু নহয়। গতিকে, যদি অসমৰ ৰাইজৰ প্ৰকৃত প্ৰতিনিধি নিৰ্বাচিত হৈ বিধানসভা গঠন কৰে, সংসদত প্ৰতিনিধিত্ব কৰে, তেওঁলোকে ৰাইজৰ দাবীৰ অনুকূলে দাবী তুলিব। কিন্তু যদি পকা কল দেখুৱাই ফুচুলাব পৰা এদল বান্দৰক জিকাই নিব পাৰি, তেনেহ’লে, বিনাশ্ৰমে কাম হাছিল! যদি এনে অৱস্থা ভৱিষ্যতে হয় যে— অসম কাইলৈ বিদেশী ৰাষ্ট্ৰৰ গৰাহত পৰে, ’৬২ চনত নেহৰুৱে কোৱাৰ দৰে ক’ব— our hearts go with Assam ! অসম তাৰ বাবে সাজুনে?
দিল্লীক অবৈধ, অসাংবিধানিক, ৰাষ্ট্ৰবিৰোধী এই নীতি গ্ৰহণ কৰিবৰ বাবে হেঁচা দিছে কোনে? বাতৰিত প্ৰকাশ পোৱা মতে প্ৰথম অৱস্থাত ইন্দিৰা কংগ্ৰেছৰ অসমৰ সংসদী সদস্যকেইজনে আৰু এতিয়া তেওঁলোকৰ লগত মহামান্য দেৱকান্ত বৰুৱা, শৰৎ চন্দ্ৰ সিংহ, বেদব্ৰত বৰুৱা আদিয়ে।
অসমৰ ৰাইজে কংগ্ৰেছ আৰু কংগ্ৰেছ ‘ই’ৰ এই ‘তথাকথিত’ নেতাসকলক ভালকৈ শিকনি দিয়াৰ প্ৰয়োজন উপস্থিত হৈছে। লুইতৰ পানী ৰঙা কৰি দেশৰ কাৰণ যুঁজা লাচিতৰ প্ৰশস্তিবাদক দেৱকান্ত বৰুৱাৰ বৌদ্ধিক ভণ্ডামি, ক্ষমতাৰ খঁক আৰু অহমিকাৰ কথা সৰ্বজনবিদিত; ‘অসমীয়া মৰা নাই, অসমীয়া মৰা নাই— কোনো কালে নোৱাৰে মৰিব’ বুলি ঘোষণা কৰা কবি আৰু সঁচাকৈয়ে আমাৰ এগৰাকী পৰম শ্ৰদ্ধেয় সাহিত্যিক চৈয়দ আব্দুল মালিকৰ ৰাজনৈতিক আদৰ্শহীনতা সু-প্ৰমাণিত; সমবায় আৰু সমাজবাদৰ নাম-প্ৰসংগত শতমুখ আৰু গাদীৰ প্ৰতি লোভ নাই বুলি ঘোষণা কৰা শৰৎ চন্দ্ৰ সিংহৰ শ্ব’-মেন-শ্বিপৰ আঁৰত থকা ক্ষমতাৰ লোভ আৰু স্বাৰ্থান্ধতা তেওঁৰ ৰাজত্বত বিদেশী বহিৰাগতক বহিষ্কাৰ কৰিব লাগে বুলি দিয়া দিল্লীৰ নিৰ্দেশ লুকুৱাই ৰখা ঘৃণ্য কাৰ্যৰদ্বাৰা সুপ্ৰতিষ্ঠিত; এসময়ত সমাজবাদৰ নাম গাই ক্ষমতাৰ বাবে দলবাগৰা বেদব্ৰত বৰুৱাৰ ৰাজনৈতিক আদৰ্শ, মন্ত্ৰী হৈ থকাৰ আকাংক্ষাৰে লুতুৰি-পুতুৰি। কংগ্ৰেছ আৰু কংগ্ৰেছ ‘ই’ৰ বাকী নেতা-পালিনেতাবোৰ ইমানেই নিকৃষ্ট স্তৰৰ জীৱ যে তেওঁলোকৰ নামোল্লেখ নিষ্প্ৰয়োজনীয়।
দেৱকান্ত বৰুৱা, শৰৎ সিংহৰপৰা আৰম্ভ কৰি যিবিলাকে বিদেশী নাগৰিকৰ ভোটেৰে গাদী দখল কৰি নিছলা অসমক সোণৰ অসম কৰাৰ কথা কৈছে— এওঁলোকৰ পৰিচয় এটাই যে— এওঁলোক জঘন্য দেশদ্ৰোহী। এক বদনে অসমক মানৰ হাতত তুলি দি ইংৰাজৰ হাতলৈ যোৱাৰ বাট কাটি দিলে; এতিয়া এই নতুন বদনজাকে অসমক খণ্ড খণ্ডকৈ বিক্ৰী কৰি ভাগ-বাটোৱাৰা কৰাৰ আয়োজন প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এওঁলোকে ব্যক্তিগত আৰু দলীয় ক্ষমতা আৰু স্বাৰ্থৰ বাবে নিজৰ মাকক বিক্ৰী কৰি দিবলৈ সাজু। অসম তাৰ বাবে সাজুনে?
অসমক এই সংকটলৈ ঠেলি দি ইতিমধ্যে ব্যৱসায়ীসকলক মেলা-চিকাৰৰ সুযোগ উলিয়াই দিয়া হৈছে; অৰ্থাৎ ‘বহিৰাগতৰ সমস্যা লৈ ব্যস্ত হৈ থাকোতে যিমান পাৰা মুনাফা আদায় কৰা আৰু আমাৰ ভোটযুদ্ধৰ বাবে তাৰে একোভাগ আগবঢ়োৱা। এফালে ৰাজনৈতিক সমস্যা আৰু আনফালে অৰ্থনৈতিক সমস্যাৰ চেপাত অসমক হত্যা কৰো। —এনেভাৱে মৰিবলৈ অসম সাজুনে?
বিশ্বৰ সৰ্বহাৰাৰ দৰদত কাতৰ চি.পি.এমৰ দৰে বামপন্থী দলে (তেওঁলোকৰ অন্যতম মুখপত্ৰস্বৰূপ ‘নতুন পৃথিৱী’ৰ ৮ম বছৰ ২য় সংখ্যাৰ সম্পাদকীয় দ্ৰষ্টব্য) সগৰ্বে ঘোষণা কৰিছে যে ত্ৰিপুৰাত সংখ্যাগৰিষ্ঠ বাঙালীৰ ভোটেৰে চি.পি.এম.-এ গাদীলৈ সংখ্যালঘিষ্ঠ ত্ৰিপুৰীসকলক ৰক্ষাকৱচ দিয়াৰ দৰে, অসমতো যদি চি.পি.এম.-এ গাদী লাভ কৰে আৰু অসমীয়া মানুহক সংখ্যালঘিষ্ঠ যেন দেখে—তেওঁলোকে ৰক্ষাকৱচ দিব! আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰপৰা স্থানীয় চুবুৰীয়া ৰাজনীতিলৈকে সকলোতে প্ৰতিক্ৰিয়াশীল চৰিত্ৰৰ চিনাকি দিয়া চি.পি.এমৰ এই ঘোষণাৰ অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য বুজিব নোৱৰাকৈ অসমৰ মানুহ নিৰ্বোধনে? আনকি অসমৰ এচাম বাংলাভাষী লোকেও চি.পি.এমৰ এনে ষড়যন্ত্ৰৰ ফান্দত ভৰি নিদিবলৈ কৰা নিৰৱ চেষ্টাক সঁহাৰি জনাবলৈ অসমৰ মানুহ অনিচ্ছুকনে?
ক্ষমতাৰ বাবেই ক্ষমতাত অধিষ্ঠিত অসমৰ নতুন চৰকাৰৰ এই শক্তিবোৰৰ বিপক্ষে যুঁজিব পৰা সাহস আৰু শক্তি আছেনে? অসমত নতুন চৰকাৰে এটা সুৱৰ্ণ সুযোগ পাইছে— তেওঁলোক অসমৰ জনসাধাৰণৰ পক্ষে নে কেৱল ক্ষমতাৰ বাবে অপশক্তিবোৰক সমৰ্থন কৰাৰ পক্ষে এই কথা প্ৰমাণ কৰিবলৈ; তেওঁলোকে সুযোগ পাইছে প্ৰমাণ কৰিবলৈ প্ৰকৃত অৰ্থত তেওঁলোক দেশপ্ৰেমিক নে দেশদ্ৰোহী।
কোনো দেশদ্ৰোহীক জনসাধাৰণৰ ইতিহাসে কেতিয়াও ক্ষমা কৰা নাই; ক্ষমা কৰিব নোৱাৰে। দেৱকান্ত বৰুৱা হ’ল অসমৰ স্বাৰ্থক বিক্ৰী কৰিবলৈ বাৰে বাৰে যত্ন কৰি অহা দেশদ্ৰোহীসকলৰ সেনাপতি। ১৯৫৩ চনত উত্তৰ-পূব ভাৰতৰ ৰাজ্যভাষা বাংলা হ’ব লাগে বুলি দাবী কৰোতা, তাৰ দহ বছৰৰ পিছত প্ৰাথমিক স্কুলৰ শিক্ষকসকলক ‘কুকুৰ’ বুলি গালিপাৰোতা, তাৰ প্ৰায় দহ বছৰৰ পিছত অসমীয়া মানুহক অ.বি.চিৰ সূত্ৰৰে ভাগ ভাগ কৰিবলৈ যত্ন কৰোতা আৰু স্বৈৰাচাৰী শক্তিৰ প্ৰধান পুৰোহিতৰ ভূমিকা গ্ৰহণ কৰোতা দেৱকান্ত বৰুৱাই সম্প্ৰতি অসমৰ ভোটাৰ তালিকাৰপৰা বিদেশী নাগৰিকৰ নাম বাতিল নকৰিবলৈ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ লিখা চিঠি কাকতত প্ৰকাশিত হৈছে। এই মাতৃঘাতী পৰশুৰামৰ বিৰুদ্ধে ঘৃণা প্ৰকাশ কৰিবলৈ শব্দ নাই। অসমৰ মানুহ— এই দেশদ্ৰোহীক ক্ষমা কৰিবলৈ সাজুনে?
আমাৰ এচামে ছাত্ৰসকলে পঢ়া-শুনা এৰি বহিৰাগত বহিষ্কাৰৰ আন্দোলনত নমাত ছাত্ৰসকলৰ ভৱিষ্যৎ ভাবি শংকিত! কিন্তু ছাত্ৰসকলক এই অৱস্থালৈ কোনে ঠেলি দিছে— তেওঁলোকক পুলিচ-মিলিটেৰীৰ লাঠী-বেয়নেট-গুলীৰ সন্মুখলৈ? সৰব দেশদ্ৰোহীসকলে আৰু নীৰৱ অভিভাৱক তথা বুদ্ধিজীৱীসকলে নহয়নে? ছাত্ৰসকলৰ লগত ওতপ্ৰোতভাৱে জড়িত স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষকসকল নিমাত কিয়? নিমাত কিয় তেওঁলোকৰ সংস্থাসমূহ?
যুৱ ছাত্ৰসকল দল-মত-নিৰ্বিশেষে ঐক্যবদ্ধ হোৱাৰ সময় উপস্থিত। অসমৰ ৰাইজ জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে একমুঠ হোৱাটো অত্যাৱশ্যকীয়। যুৱ-ছাত্ৰ শক্তিৰ মাজৰ ভাঙোন আনিবলৈ যত্ন কৰা শক্তিৰ অভাৱ নাই; তেওঁলোকৰ মাজত সৰু-সুৰা মত-পাৰ্থক্য লৈ বিভেদৰ বীজ সিঁচোতাৰ অভাৱ নাই। তেনেদৰে আঞ্চলিক দলসমূহৰ নেতৃত্ব গ্ৰহণ কৰাসকলো সতৰ্ক থাকিব লাগিব যাতে, অবাঞ্ছিত মত-পাৰ্থক্যৰ সৃষ্টি কৰি সমৱেত শক্তিক কোনেও ভাঙিব নোৱাৰে। এইক্ষেত্ৰত তেওঁলোক তিনিটা কথাৰ প্ৰতি সজাগ হ’ব লাগিব। ১) দলগত সাংগঠনিক পৃথকতালৈ পৰস্পৰে পৰস্পৰক ভৰ্ৎসনা কৰি জনসাধাৰণক বিভক্ত কৰিব নালাগিব। ২। সমৱেত আন্দোলন কোনো ক্ষেত্ৰতে কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে যাবলৈ দিব নালাগিব, বৰং অসমৰ স্থায়ী সকলো বাসিন্দাক বিষয়ৰ গুৰুত্ব অনুভৱ কৰাই নিজৰ ভিতৰত সামৰি ল’ব লাগিব; আৰু ৩। ৰাজনৈতিক চক্ৰান্তৰ বিৰুদ্ধে যুঁজাৰ লগতে অৰ্থনৈতিক দুৰৱস্থাৰ বিৰুদ্ধেও যুঁজিবলৈ জনসাধাৰণক সংগঠিত কৰিব লাগিব।
অসম সঁচাকৈয়ে ৰক্তাক্ত ভৱিষ্যতৰ সন্মুখত। আমি বিচাৰো এনে সম্ভাৱনা নোহোৱা হওক।
[সাপ্তাহিক নীলাচলৰ ১০ অক্টোবৰ (১৯৭৯)]