ৰজনীকান্ত বৰদলৈৰ স্মৃতিত
• কুমাৰ দীপক দাস
‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি তথা অসমীয়া সহিত্যত উপন্যাস-সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত ৰজনীকান্ত বৰদলৈদেৱৰ আজি মৃত্যু তিথি । আজিৰ এই বিশেষ দিনটোত তেখেতৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিলো ।
ৰজনীকান্ত বৰদলৈদেৱৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অতীতৰ অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লোমহৰ্ষক কাহিনী উপন্যাসৰ মাজেৰে পোহৰলৈ আনিছিল ।
১৮৯০ চনত বৰদলৈদেৱে গুৱাহাটীৰ উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণী চাকৰীৰে কৰ্মজীৱনৰ পাতনি মেলে । এনে সময়েত এদিন গেইট চাহাবে তেখেতক অসমৰ বিষয়ে কিছু প্ৰশ্ন কৰাত তেখেতে উত্তৰ দিব নোৱাৰাত চাহাব অলপ অসন্তুষ্ট হৈছিল যদিও পাছৈল তেখেতেই বৰদলৈদেৱৰ আন গুণত মুগ্ধ হৈ ১৮৯১ চনত চাব ডেপুটী কালেক্টৰ পদ লাভ কৰাত সহায় কৰি দিছিল। গেইট চাহাবে তেখেতৰ A History of Assam গ্ৰন্থ ৰচনা কৰোঁতে নানা তথ্যৰ সমল ৰজনীকান্ত বৰদলৈদেৱে গোটাই দিছিল। বৰদলৈদেৱৰ চাকৰী জীৱনত পদোন্নতি হৈ উত্তৰ লক্ষীমপুৰ চাব ডেপুটি কলেক্টৰ আৰু পাছলৈ বৰপেটালৈ বদলি হয়। ১৯০১ চনত তেখেত একষ্ট্ৰা আছিষ্টেণ্ট কমিছনাৰ আৰু ১৯০৯ চনত নগাঁৱৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯১৮ চনত তেখেতে চাকৰীৰ পৰা অৱসৰ লয়।
ৰজনীকান্ত বৰদলৈদেৱ আছিল একাধাৰে ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, হাস্য-ৰসিক। কলিকতাত পঢ়ি থকা সময়তে তেখেত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ লগত জড়িত হয়। তেখেতে সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত ‘জোনাকী’ত ‘শৰীৰ তত্ত্ব’ শীৰ্ষক এলানি প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেখেতে কলেজীয়া জীৱনতে ৱাল্টাৰ স্কট আৰু বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিত এলানি উপন্যাস ৰচনা কৰাৰ সংকল্প লৈছিল। এই পটভূমিৰে ৰচিত তেখেতৰ বুৰঞ্জীমূলক উপন্যাস হ’ল মনোমতী (১৯০০), দন্দুৱাদ্ৰোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নিৰ্ম্মল ভকত (১৯২৬), তাম্ৰেশ্বৰীৰ মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰী (১৯৩০), ৰাধা-ৰুক্মিণীৰ ৰণ আদি[2]। ১৮৯৪ চনত মিছিং সমাজৰ পটভূমিত ৰচিত তেখেতৰ প্ৰথম অসমীয়া সামাজিক উপন্যাস হ’ল –‘মিৰি জীয়ৰী’। ‘খাম্বা-থুইবীৰ সাধু’ হ’ল লোক কথাভিত্তিক উপন্যাস।
‘জ্ঞান-সপোন’ (১৮৯৭) আৰু ‘মনোবিজ্ঞান’ তেখেতৰ দুখন মূল্যৱান গ্ৰন্থ। তেখেতৰ গল্পসম্ভাৰ হ’ল – গা-ধন (১৯৩১), প্ৰেমৰ উপাসক (১৯৩২), সৌন্দৰ্যৰ উপাসক (১৯৩২) আদি কবিতা – মানৰ প্ৰতি আক্ৰমণৰ গীত আদি। ‘ভোলাই শৰ্মা’ নামেৰে ৰচনা কৰা তেখেতৰ ধেমেলীয়া ৰচনা সম্ভাৰ হ’ল – মই স্বাধীন নে?, আত্মাবিনোদক থিয়েটাৰ হ’ল, নগৰ সংকীৰ্ত্তন আদি। তেখেতৰ ৰচিত প্ৰবন্ধ সম্ভাৰৰ ভিতৰত হ’ল – অসম চুতীয়া সন্মিলন, মণিপুৰী জাতি, শ্ৰীশ্ৰীভট্টদেৱ, শদিয়া ৰাজ্যৰ পুৰণি তত্ত্ব, দক্ষিণপাট সত্ৰৰ নৰদেৱ সত্ৰাধিকাৰ, দেৱাদামোদৰ আৰু হিন্দু ধৰ্ম, অসমত উপন্যাসৰ সঁজুলি, আত্মজীৱন চৰিত, মোৰ জীৱনৰ অভিজ্ঞতা, মোৰ সাহিত্যিক জীৱনৰ অতীত কাহিনী, মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ আদি। তেখেতৰ এই প্ৰবন্ধসমূহ আসাম হিতৈষী, আৱাহন, বাঁহী, মিলন, জোনাকী, ঊষা আদি আলোচনীত প্ৰকাশ হৈছিল। তেখেতে ‘অসম প্ৰদীপিকা’ (১৯২৫) নামে এখন আলোচনী সম্পাদনা কৰিছিল। তেখেতে ১৯২৫ চনৰ ২৭ ডিচেম্বৰত নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অষ্টম অধিৱেশনত সভাপতিত্ব কৰিছিল ।
তেখেত বৰপেটাৰ চাকৰী কালত লিখিছিল তেখেতৰ অন্যতম বিখ্যাত উপন্যাস “ মনোমতী” । মনোমতী উপন্যাসৰ আৰম্ভনী খিনি এই চমু লিখনীৰ সতে সংলগ্ন কৰি দিলো ।
‘ আমাৰ এই অসম দেশৰ ভিতৰত বৰপেটা এখন পৱিত্ৰ ঠাই৷ ইয়াত এখন ডাঙৰ মহাপুৰুষীয়া সত্ৰ আছে৷ এই সত্ৰ ৺শঙ্কৰদেৱৰ প্ৰিয়শিষ্য ৺মাধৱদেৱে থাপনা কৰা৷ ইয়াৰ শিষ্য আৰু ভকতৰ সংখ্যাও অনেক৷ ইয়াৰ কীৰ্ত্তনঘৰটোৰ নিচিনা ডাঙৰ কীৰ্ত্তনঘৰ অসমৰ আন কোনো ঠাইতে নাই৷ যি সময়ত বঙ্গদেশত মহাপ্ৰভু শ্ৰীচৈতন্যই পৱিত্ৰ বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰে, পঞ্জাৱত মহাপুৰুষ নানকে শিখবিলাকক একতাৰ জৰীৰে বান্ধিবলৈ শিখধৰ্ম্ম প্ৰচাৰ কৰে, প্ৰায় ঠিক সেই সময়ৰে অলপ আগৰে পৰা ৺শঙ্কৰদেৱকে প্ৰমুখ্য কৰি ৺দামোদৰ দেৱ, ৺মাধৱদেৱ এই মহাপুৰুষ সকলেও আমাৰ এই দুখীয়া অসম দেশত চাৰিউফালে শত্ৰুৰ মাজত থাকিও পৰম নিৰ্ম্মল ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে৷ যেনেকৈ শ্ৰীকৃষ্ণৰ মোহন মুৰুলিৰ ধ্বনিত বৃন্দাবনবাসিনী গোপিনীসকল ঢলি ঢলি পৰিছিল, সেই দৰে এই মহাপুৰুষ সকলৰ মধুৰ মনমোহা ধৰ্ম্ম আলাপত অসমীয়া মানুহ মুগ্ধ হৈছিল; আৰু হেজাৰ হেজাৰ অসমীয়া মানুহে তেওঁবিলাকৰ কাম, ক্ৰোধ, লোভ, মোহ দলিয়াই পেলাই এই মহাপুৰুষসকলৰ ওচৰলৈ আহি পৱিত্ৰ বৈষ্ণৱধৰ্মত আশ্ৰয় লৈ তেওঁবিলাকৰ ইহ জনম সাৰ্থক কৰিছিল৷
আমি আমাৰ এই কাহিনীত যেতিয়াৰ কথা লিখিবলৈ ওলাইছোঁ তেতিয়া মহাপুৰুষসকল আবিৰ্ভাৱ হৈ যোৱাৰ আঢ়ৈশমান বছৰ হৈছিল৷ সেই সময়ত বৈষ্ণৱ ধৰ্মৰ ভাববিলাক গোটেইখন দেশত বিয়পি পৰিলেও প্ৰকৃত ধাৰ্ম্মিক মানুহৰ অভাৱত পৱিত্ৰ বৈষ্ণবধৰ্ম্মৰ হাড়-ছালহে ৰৈছিলগৈ৷ প্ৰায় সকলো মানুহৰ মনৰ পৰা ধৰ্ম্মৰ আচল ভাববিলাক দূৰ হৈ সেই [ ৪ ]বিলাকৰ ঠাই কাম, ক্ৰোধ, লোভ, ঈৰ্ষা, পৰশ্ৰীকাতৰতা ইত্যাদি ৰিপুৱে অধিকাৰ কৰিছিল৷ মুঠতে কবলৈ গলে সেই সময়ত অসমীয়া জাতিৰ বিলাই বিপত্তিৰ ঠাই নোহোৱা হৈছিল৷
এইটো প্ৰায় সততে দেখা যায় যে যেতিয়া কোনো এটা জাতিৰ নাশন কাল উপস্থিত হয়, অৰ্থাৎ যেতিয়া কোনো এটা জাতি পৰিবলগীয়া হয়, তেতিয়া সেই জাতিৰ মানুহবিলাক হীনবীৰ্য্য হয়৷ সেই জাতিৰ মানুহ বিলাকৰ মনত সকলোবিলাক কুবৃত্তিয়ে ঠাই লয়হি, নিজে নিজৰ ভিতৰত খোৱা কামোৰা কৰিবলৈ ধৰে আৰু তেনেকুৱা হলেই সেই জাতিক আন কোনো বলৱান বিদেশী জাতিয়ে আহি কাটিমাৰি নাশ কৰে আৰু দাসত্বৰ শিকলিৰে নিগাজীকৈ বান্ধে৷ এইদৰে ৰোমৰাজ্যক ভেণ্ডাল আৰু গথবিলাকে ধ্বংস কৰে, ভাৰতবৰ্ষক মুচলমানে নাশ কৰে৷ আমাৰ অসমকো এই দৰে “মান” নামধাৰী কেতখিনি মানুহে কাটি-চিঙি জুৰুলাজুপুলা কৰে৷ আমাৰ এই কাহিনীত এই মানৰ শেষ আক্ৰমণৰ সময়ৰ এটি চিত্ৰ বৰ্ণনা কৰিবলৈ ওলালোঁ।’
মনোৰম এই উপন্যাস খনৰ ভিত্তিত “মনোমতী” কথাছবি নিৰ্মিত হৈছিল ।ৰজনীকান্ত বৰদলৈদেৱৰ উপন্যাস মনোমতীৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা মনোমতী হৈছে তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। ১৯৪১ চনত মুক্তি পোৱা এই ছবিখন আৰ কে বৰুৱা প্ৰডাকচছৰ বেনাৰত পৰিচালনা আৰু প্ৰযোজনা কৰিছিল ডিব্ৰুগড়ৰ চাহ খেতিয়ক ৰোহিনীকান্ত বৰুৱাই।। মনোমতী ছবিখন আছিল ১৯ ৰীলৰ। ১৯৭০ চনলৈকে এই ছবিখনে সৰ্বাধিক দীঘল অসমীয়া ছবিৰ স্থানত আছিল। ১৯৬৭ চনত এই ছবিখনৰ এটা নতুন প্ৰিণ্ট তৈয়াৰ কৰি উলিওৱা হৈছিল।
‘নীলিমা দত্ত (দাস)’-এ ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছিল। ‘ৰোহিনী বৰুৱা’ আৰু তেওঁৰ পত্নী লক্ষ্মীনাথ বেজবৰুৱাৰ মাজু জীয়ৰী ‘ৰত্নাৱলী বৰুৱা’ই ক্ৰমে শান্তিৰাম আতৈ আৰু পমিলী নামৰ চৰিত্ৰ দুটাত ভাও লৈছিল। ‘ভৱানন্দ দুৱৰা’ই মান সেনাপতি মিঙ্গিমাহা তিলোৱা আৰু ‘প্ৰভাত শৰ্মা’ই হলকান্তৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। উল্লেখযোগ্য যে প্ৰভাত শৰ্মা এগৰাকী নাট্যকাৰ আছিল আৰু ১৯২৩-২৪ চনতে তেওঁ ‘জামাই বাবু’ নামৰ বঙালী নিৰ্বাক ছবি এখনত অভিনয় কৰিছিল। সেই হিচাপে ছবিত অভিনয় কৰা তেওঁ প্ৰথম অসমীয়া ব্যক্তি। ‘ননী বৰদলৈ’ আৰু ‘বেবী বৰুৱা’ই শিশু চৰিত্ৰ ৰূপায়ন কৰিছিল।
অন্যান্য অভিনয়-শিল্পীসকল আছিল- ৰাধাগোবিন্দ বৰুৱা, নব বৰুৱা, ভাৰত ভূঞা, প্ৰশান্ত বৰুৱা, মুক্তা বৰদলৈ, নিৰুপমা দেৱী, কমল নাৰায়ণ চৌধুৰী, ৰঙিলা দত্ত, ৰূপশ্ৰী দেৱী, হেমপ্ৰভা কাকতি আদি।
(25-03-2022, সংগ্ৰহ কৰি যুগুতোৱা )