–দিলীপ দৈমাৰী
গ্লাচগোত জলবায়ু পৰিৱৰ্তনক লৈ অনুষ্ঠিত হোৱা “কোপ ২৬” সন্মিলনত কয়লাৰ ব্যৱহাৰ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে ১৯০ খন দেশে। এই দেশবোৰৰ মাজত আছে কয়লাৰ সকলোতকৈ বেছি ব্যৱহাৰকাৰী দেশ পোলেণ্ড, ভিয়েটনাম আৰু চিলি। এইবোৰ দেশেই ‘ফচিল ফুৱেল’ বা জীৱাশ্ম ইন্ধন অধিক ব্যৱহাৰ কৰে। জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এককভাৱে সবাতোকৈ অধিক ভূমিকা কয়লাৰ।
“কোপ ২৬”-অৰ আয়োজক দেশ বৃটেইনে জনাইছে যে এই জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিবলৈ সকলোবোৰ দেশে প্ৰতিশ্ৰুতিৱদ্ধ হৈছে। কয়লাৰ ওপৰত অতি বেছি নিৰ্ভৰশীল দেশৰ ভিতৰতে অন্যতম হ’ল চীন, ভাৰত, অষ্ট্ৰেলিয়া আৰু আমেৰিকা। এই দেশবোৰৰ আটায়ে এনে প্ৰতিশ্ৰুতিৰ দস্তাবেজত এতিয়াও স্বাক্ষৰ কৰা নাই। কিন্তু যিবোৰে স্বাক্ষৰ কৰিছে, সেইবোৰে প্ৰতিশ্ৰুতি দিছে যে দেশৰ ভিতৰত বা আন্তৰ্জাতিকভাবে নতুনকৈ কয়লাচালিত বিদ্যুত কেন্দ্ৰৰ বাবে হবলগীয়া সকলো ধৰণৰ বিনিয়োগ বন্ধ কৰা হ’ব।
২০৩০ চনৰ ভিতৰত অৰ্থনৈতিক ক্ষেত্ৰত পৰ্যায়ক্ৰমে কয়লাৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ লক্ষ্যমাত্ৰা স্থিৰ কৰা হৈছে। ২০৪০ চনৰ ভিতৰত এই প্ৰতিশ্ৰুতি দুখীয়া দেশবোৰে পালন কৰিব। বৃটেইনৰ ব্যৱসায় আৰু ইন্ধন বিষয়ৰ মন্ত্ৰী কচি কৰতেঙ্গ-এ কৈছে যে ‘কয়লাৰ ব্যৱহাৰ বন্ধ কৰি দিবলৈ এই বিশ্ব প্ৰস্তুত। সেউজ শক্তি বা পৰিৱেশ-বান্ধৱ শক্তিৰ দ্বাৰা পৰিচালিত এখন নতুন বিশ্ব আৰু উজ্বল ভৱিষ্যতৰ বিশ্ব গঢ়ি তুলিবলৈ একমত পোষণ কৰিছে আজিৰ বিশ্বই। কয়লাৰ ব্যৱহাৰ বন্ধ হ’লে নতুন এক পৰিৱেশ সৃষ্টি হ’ব আৰু নতুন নতুন পৰিৱেশগত তথা অৰ্থনৈতিক সা-সুবিধা উপলব্ধ হব।’
‘দ্যা ৱাশ্বিংটন পোষ্ট’-অৰ বাৰ্তা অনুসৰি পৰিৱেশ-বান্ধৱ অনুকূল ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত এই পৰ্যন্ত ৪০ খন দেশে স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত অন্যতম হ’ল পোলেণ্ড, ভিয়েটনাম, চিলি। এই উল্লেখযোগ্য দেশবোৰ এনে ১৮ খন দেশৰ মাজত আছে, যিবোৰ দেশে পৰ্যায়ক্ৰমে কয়লাৰ ব্যৱহাৰ বন্ধ কৰিবলৈ অঙ্গীকাৰ কৰিছে। নতুন কোনো ধৰণৰ কয়লাচালিত বিদ্যুতকেন্দ্ৰ নিৰ্মাণ নকৰাৰ লগতে বিনিয়োগ নকৰাৰো প্ৰতিশ্ৰুতি দিছে।
কিন্তু বৃটেইনৰ বাণিজ্য মন্ত্ৰী এড মিলিবেন্ড-এ কৈছে যে চীন আৰু অধিক পৰিমাণৰ কাৰ্বন নিৰ্গমনকাৰী অইন দেশবোৰৰ মাজত আছে বিশাল ব্যৱধান। চীনৰ দৰে দেশবোৰে দেশৰ ভিতৰত ক্ৰমবৰ্ধমান হাৰত কয়লাৰ ব্যৱহাৰ বৃদ্ধি কৰিয়েই আছে আৰু খাৰুৱা তেল বা গেছৰ ব্যৱহাৰৰ পৰা লাহে লাহে প্ৰস্থান কৰাৰ পৰিকল্পনা সম্পৰ্কেও তেনে ধৰণৰ দেশ নিমাত। ২০১৯ চনৰ বিশ্বত যি পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰা হৈছিল, তাৰে ৩৭% আছিল কয়লাচালিত। গতিকে, আজিৰ বিশ্ব এক প্ৰৱল প্ৰত্যাহ্বানৰো মুখামুখি হৈছে। কি হয় অদূৰ ভবিষ্যতে, সেয়া সময়েহে ক’ব!