-আশ্বিক জামান |
“অসমৰ মুছলমান” বুলি লিখাৰ কাৰণে কিছুদিন আগতে এচামে মোক খুব গালি দিলে, খিলঞ্জীয়া আৰু “বাংলাদেশী” মুছলমানক একাকাৰ কৰা বুলি বৰকৈ চিঞৰিলে। খিলঞ্জীয়া মুছলমানৰ কাৰণে ঘৰিয়ালৰ চকুপানী পেলোৱাটো কোনো নতুন কথা নহয়, এগাল মুখাপিন্ধা জাতীয়তাবাদী, ‘স্বাভিমানী’ অসমীয়া আছে- ফেচবুকত এই কাম সততে কৰিবলৈ। ৰাজনৈতিকৰ পৰা বুদ্ধিজীৱী লৈকে, জাতীয় সংগঠনৰ পৰা জাতীয়তাবাদী সকললৈ- সকলোয়ে অসমৰ দেশী, গৰিয়া, মৰিয়া, মাইমল, জলাহ, পোঙ্গাল আদি ইছলাম ধৰ্মী খিলঞ্জীয়া জনগোষ্ঠি সমূহক কেৱল ব্যৱহাৰ হে কৰে। যদি সঁচাকৈয়ে আমি ‘অসমীয়া’ৰ সহোদৰ, তেন্তে দিন হাজিৰা কৰা দেশী জনগোষ্ঠীৰ বৃদ্ধা বুলবুলি বেগমে যেতিয়া কাণৰ সোণ বিক্ৰী কৰি NRC ৰ শুনানীৰ বাবে টকা যোগাৰ কৰি উচুপি উঠে , কিয় সেমেকি নুঠে আপোনাৰ চকু ? যদি সঁচাকৈয়ে আমি অসমীয়াৰ সহোদৰ, তেন্তে ৰাতিৰ ভিতৰতে বৰুৱা গাওঁ পঞ্চায়তৰ ২৯শ খিলঞ্জীয়া মানুহক যেতিয়া শুনানীৰ বাবে ৫০০কি:মি: দূৰলৈ মাতি পঠিয়ায়, কিয় গৰ্জি নুঠে তথাকথিত ‘জাতীয়তাবাদী সংগঠন’ সমূহ? শুদ্ধ NRC ৰ বাবে এশবাৰ মাতিলে , এশবাৰেই যাব, কিন্তু এদিনৰ নোটিচত ৫০০কি:মি: দূৰত ? অসমত হিন্দী ভাষী মানুহৰ বাবেও উন্নয়ণ পৰিষদ আছে, থাওক, ভাল কথা, তেওঁ লোকো অসমৰে অংশ। কিন্তু দেশী জনগোষ্ঠীৰ বাবে উন্নয়ণ পৰিষদৰ দাবী আজি তিনি দশকৰ পৰা কৰা হৈ আছে, কাৰো ভ্ৰূক্ষেপ নাই, দেশী সংগঠন সমূহৰ বাহিৰে আমাৰ তথাকথিত “সহোদৰ” সকলে কেতিয়াবা এই ন্যায্য দাবীৰ বিষয়ে একলমো কৰবাত লিখিছে নে? ইছলামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠী সমূহ আমাৰ সাতাম পুৰুষীয়া ঐক্যৰ উদাহৰণ আদি মহান ডাইল’গ আৰু আত্মসন্তুষ্টি নিমিষতে উৰি যায় , যেতিয়া দাবী কৰা হয় আহোম জনগোষ্ঠী যদি OBC হয়, তেন্তে আহোমৰ পৰা ধৰ্মান্তৰিত আৰু সংমিশ্ৰিত গৰিয়া সকলক কিয় OBC status দিয়া নহয় ? ৰাজবংশী জনগোষ্ঠী যদি OBC হয় তেন্তে ৰাজবংশীৰ পৰা ধৰ্মান্তৰিত দেশী সকলক কিয় OBC status দিয়া নহয়? কেৱল লিপ চাৰ্ভিছ আৰু ডাইল’গৰ বাহিৰে খিলঞ্জীয়া মুছলমানৰ বাবে কোনে কি কৰিছে ? মানুহক দেখুওৱা আপোনালোকৰ এই আপোনত্ব ভন্ডামীৰ নামান্তৰ। বি:দ্ৰ : জাতি- জনগোষ্ঠী নিৰ্বিশেষে এদিনৰ নোটিচত NRCৰ শুনানীৰ বাবে ৪০০-৫০০ কিমি দূৰলৈ মাতি পঠোৱা টো অন্যায় কথা। মহামান্য ছুপ্ৰিম কোৰ্টে suo moto cognizance লওক। NRC ৰ কাম সুকলমে হওক এয়াই বিচাৰে সাধাৰণ ৰাইজে।