-পৰিস্মিতা বৰদলৈ |
১) সন্ধিক্ষণ
কুঁহিৰ এবছৰীয়া জন্মদিনৰ দিনাখন মাকে এগলেচ কেকটো বেক কৰি উঠি , মাকৰ ফটোখনৰ আগত দুডাল ধূপ জ্বলাই দিলে ৷
এবছৰ আগৰ আজিৰ দিনটোতে মানুহজনীৰ কোলা শুৱনি কৰিছিলহি কুঁহিয়ে ৷ আনহাতে, তাই একালত কোলা শুৱনি কৰা মানুহজনী সিফলিয়া হৈছিল ৷
২)খৰছ
ছোৱালীজনীয়ে চৰ্টকাট দি আহিলে সদায়েই চুৰিদাৰৰ পেন্টটোত কোৰশলা বনৰ গুটি লাগে ৷ তথাপি তাইৰ ভাৰাটো বাচে ৷
ভায়েকহঁতলৈ বাদাম দুঠোঙা লৈ আহে তাই ৷ বাদামৰ বাকলি গুচাই গুচাই ভায়েক দুটাই খাই থাকোতে তাই কোঁৰশলা বনৰ গুটি গুচাই থাকে ৷
৩)#প্ৰপ’জ
ইউনিভাৰ্চিটিৰ শেষ দিন ৷ দুয়ো গৈ আছে ফুটপাথৰ ওপৰেৰে ৷ খোজৰ গতিবেগৰ লগে লগে দুয়োৰে বুকুত তেতিয়া ভাবৰ জোৱাৰ-ভাটা, কৃতাৰ্থই ভাবি পোৱা নাই অম্লানিকাক কিদৰে জনায় তাৰ কথাবোৰ,অম্লানিকায়ো ভাবি আছে কেতিয়াকৈ ক’ব অঁকৰাটোৱে ৷ ঠিক তেনেতেই সিহঁতে ফুটপাথৰ পৰা নামি ৰাস্তাটো পাৰ হ’ব খোজোতেই এখন তীব্ৰবেগী বাইক সমুখেৰে পাৰ হৈ গ’ল আৰু কৃতাৰ্থই অলপ অন্যমনস্কতাৰে আগুৱাই পাৰ হ’ব খোজা অম্লানিকাক টানি আনিলে ৷ ভীতিগ্ৰস্ত তাৰ চকু , হেৰুৱাৰ ভয় তাৰ বুকুত ৷ এটায়ো আনটোক একো নোকোৱাকৈ সিদিনা বহু কথাই কোৱা হৈ গ’ল ৷
৪)মৃত্যুঞ্জয়
:কি হ’ল বোপা জুপুকা লাগি বহি আছ যে ?
:গাটো বেয়া বৰদেউতা চৰ্দি লাগিছে ৷
:আপুনি ভালে আছে?
:মোৰ ভাল দে ৷ ঠাণ্ডা নলগাবি ৷
:নলগাওঁ কিন্তু আপোনাৰ দৰে দিনে ৰাতিয়ে মূৰ ঢাকি টুপীটো ওলোমাই ফুৰিবও নোৱাৰো পাই ৷
নিজৰ শৰীৰৰ দুৰ্বলতা আনৰ আগত দেখুৱাবলৈ বেয়া পোৱা মানুহজনে কেম’ লৈ লৈ চুলি নথকা মূৰটো ঢাকিবলৈ টুপীৰ বাদে বিকল্প একো বিচাৰি নাপায় ৷
৫)#ফুচুলনি
কৈশোৰত ভৰি থোৱা ছোৱালীজনীৰ হাতত আনকালৰ দৰেই আদহীয়া মানুহজনে চকলেটটো গুজি দিব খোজোঁতেই তাই হাতখন এৰুৱাই নি ক’লে,”বৰদেউতা মই এতিয়া ডাঙৰ হৈছো নহয়, চকলেটলৈ আৰু লোভ নাই মোৰ”৷ মানুহজনৰ তীক্ষ্ণ লোলুপ দৃষ্টিত ডাঙৰ হ’ব ধৰা ছোৱালীজনীয়ে আনকালে অনাতকৈ ডাঙৰ চকলেটটোলৈ এবাৰো নোচোৱাকৈ নকৰাকৈ গুচি গৈছিল ৷