মাস্ক
• অৰবিন্দ ৰাভা
কৰ’নাৰ প্ৰতাপত যোৱা দুবছৰ ধৰি সকলোৰে বাবে পৰিচিত হৈ পৰিছে নাক আৰু মুখখন ঢকা মাস্ক। ই হৈ পৰিছে জীৱনৰ অপৰিহাৰ্য অঙ্গ। মাস্ক অবিহনে ভ্ৰমণ, শিক্ষা, বজাৰ, চাকৰি, গাড়ীচালনা, ইত্যাদি সকলোতে কেৱল নিষেধাজ্ঞা। কিন্তু এই মাস্কক লৈ বহুতৰে সমস্যাও হৈছে। অনবৰতে নাক মুখ ঢাকি ঢাকি স্বাস্থ্যৰ সমস্যাতো কিছুমানে ভুগিছে। বহুতৰে ক্ষেত্ৰত চশমা পিন্ধি মাস্ক পিন্ধিলে অসুবিধা হয়, কাৰণ চশমাৰ কাচ দুখন ঘামি যায়, ইত্যাদি। খাদ্য গ্ৰহণৰ সময়তো সমস্যা হয়। এনে সময়তে দক্ষিণ কোৰিয়াৰ এটা কোম্পানীয়ে এক বিশেষ মাস্ক প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই মাস্কৰ সহায়ত কেৱল নাক ঢাকি ৰাখিব পাৰি, প্ৰয়োজন হ’লে মুখখনো ঢাকিব পৰাকৈ ভাঁজ কৰাও আছে। ইয়াৰ নাম দিয়া হৈছে ‘কস্ক‘! দক্ষিণ কোৰিয়াৰ কোম্পানী ‘এটমেন’-এ এই মাস্ক তৈয়াৰ কৰিছে।