-পুষ্পাঞ্জলী শিৱম শৰ্মা |
কণমানিটোৱে দৌৰি আহি প্ৰশ্ন এটিৰে মোৰ দুচকু সেমেকাই তুলিলে ৷
“মা ,অনলাইন ক্লাছবোৰ আকৌ আৰম্ভ হল,মোৰ ভাল নালাগে এইবোৰ,স্কুল আৰু কেতিয়াও যাব নাপাম নেকি?বন্ধুবোৰৰ লগত দৌৰিব, লুকাভাকু,ৰং ৰং খেলিব?টিফিন খাব আকৌ কেতিয়া পাম?স্কুল কিয় বন্ধ হ’ল? মোৰ স্কুল গলেহে ভাল লাগে ৷”
হুমুনিয়াহ এটা ওলাই আহিছিল ৷ কি উত্তৰ দিম! দিকবিদিক হেৰুৱাই দিশহাৰা হৈছে মোৰ দৰে অন্য অভিভাৱক সকলো ৷ আটাইৰে একেই অৱস্থা এতিয়া ৷
পৃথিৱীৰ কোনটো কোণত গৈ আমি বাচিব পাৰিম?কেনি পলাম?কোন দিশে গলে সিহঁতৰ এবাৰ গলে দুনাই নোপোৱা সোণোৱালী শৈশৱৰ এই দিনবোৰ ওভতাই দিব পাৰিম?
আমিটো মঙ্গল গ্ৰহলৈ যান পঠোৱা গৰ্বিত মানুহ!তেনেহলে আজি কিয় দিশহাৰা?
নিজ নিজ সন্তানকেই দেখোন বিদ্যালয়লেই পঠিয়াব অপৰাগ ৷
বন্ধ কোঠাৰ ভিতৰত আৱদ্ধ সিহঁতৰ শাৰিৰীক ,মানসিক বিকাশৰ দিশবোৰ স্তব্ধ হৈ যোৱাৰ উপক্ৰম হৈছে, মুকলি বতাহত বিষবোৰ বিয়পি পৰিছে, বাহিৰত খেলিব পঠিয়াম কিদৰে! মানুহ হোৱাৰ গৰ্ব যেন ঠানবান হৈ গ’ল ৷ নিয়তিৰ সমুখত কৰুণ পৰাজয় মানুহৰ আজি ৷আহি থকা প্ৰজন্মৰ শাৰীৰিক বিকাশ কেনেকৈ হব ! যত নেকি বাহিৰৰ মুকলি বতাহত সিহঁতৰ খেলাধুলাবোৰো স্তব্ধ হৈ গ’ল ৷ কিবা কৰিব পাৰিছোনে আমি মানুহে?মা,দেউতা,অভিভাৱক বা শিক্ষকে?
আৰু মানসিক বিকাশ?
শৈশৱ কালৰ এই সময়ছোৱাত প্ৰাথমিক জ্ঞান আহৰণৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ অৰিহণা বহুত গুৰুত্বপূৰ্ণ ৷বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত যিধৰণে শিক্ষা প্ৰদান কৰা হয় সিয়েই নিৰ্ধাৰণ কৰে শিশুটিৰ ভৱিষ্যত গঢ়াত ৷ শিশুৰ মনত যিকোনো বিষয় বা ধাৰনা গঢ়াৰ দিশত প্ৰাথমিক পৰ্যায়ৰ পৰাই সচেতন নহলে ভৱিষ্যতে তাৰ যথেষ্ট কুপ্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে ৷
কিন্ত এতিয়াচোন বিদ্যালয়ৰে দুৱাৰ বন্ধ আমাৰ শিশুসকলৰ বাবে!
, এই দিশবোৰ ফহিয়াই চাই আমি অভিভাৱকে এতিয়া সমুখসমৰত জপিয়াই পৰিব লাগিব ৷ ঘৰতেই কেনেকৈ আগবঢ়াই লৈ যাম সিহঁতক সিহঁতৰ সুভৱিষ্যত এটাৰ পিনে,আলোচনাৰ প্ৰয়োজন আহি পৰিছে ৷
শিশুৰ মনত বিষয়ৰ সঠিক আৰু সুস্পষ্ট ধাৰণা গঢ়ি তোলাটো অতি দৰকাৰী ৷নহলে চিনাকী পৃথিৱীখন সিহঁতৰ বাবে অচিনাকি আৰু আচহুৱা হৈ পৰিব ৷
যিহেতু বিদ্যালয়ৰ পৰা এতিয়া সিহঁত নিলগত আৰু যেতিয়ালৈ পুনৰ আগৰদৰে সহজে বিদ্যালয় যাব নোৱাৰে,এইটো অভিভাৱকসকলৰ অন্যতম দায়িত্ব হৈ পৰিছে যে সিহঁতক সিহঁতৰ দৃষ্টিৰে পৃথিৱীখনক চিনাকি কৰি দিয়াৰ ৷
শিক্ষক-অভিভাৱকসকলে শিশু মনৰ ধাৰণা বিকাশৰ বাবে কিছুমান দিশৰ ওপৰত গুৰুত্ব দিব লাগে ৷ যেনে,
(১) শিশু শিক্ষা-ব্যৱস্থা প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাৰে যিমান পাৰি খেলাধূলাৰ মাজেৰে গঢ় দি তুলিব লাগে।
এই ক্ষেত্ৰত মণ্টেচৰী শিক্ষা-পদ্ধতিৰ সহায় লব লাগে ৷ অভিভাৱকৰ এই ক্ষেত্ৰত অধ্যয়নৰ প্ৰয়োজন থাকিব ৷
ই বিজ্ঞানসন্মত আৰু পৰ্যায়ক্ৰমে আগবঢ়াই নিব পাৰিলে শিশুসকলৰ বাবে বিশেষ ফলপ্ৰসু বুলি বিবেচনা কৰিব পাৰি।
(২) অভিভাৱকে সততে শিশুৰ স্বৰ-ধ্বনিৰ শুদ্ধ উচ্চাৰণ আৰু তাৰ যোগেদি কথিত আৰু লিখিত ভাষাৰ উপযুক্ত প্ৰয়োগৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।ধেমালীৰ বাবেই হওক বা খন্তেকীয়া আমেজৰ বাবে শিশুসকলক শব্দ আৰু ভাষাৰ বিকৃত ব্যৱহাৰক বাধা দিব লাগে ৷ বয়সৰ অনুপাতে শিশুৰ শব্দ সংখ্যা বৃদ্ধিৰ প্ৰতিও বিশেষ চকু ৰাখিব লাগে।যিমান পাৰি নতুন শব্দ আৰু বিষয়ৰ সৰু সৰু অথচ নতুনত্বৰ সংগ্ৰহত গুৰুত্ব দিব লাগে ৷
(৩) যিসকলে শিশু-পাঠ্যপুথি প্ৰস্তুত কৰে তাত সতৰ্কতাৰে সুক্ষ্ম অথচ গুৰুত্বপূৰ্ণ উপাদান অন্তৰ্ভুক্ত কৰিব লাগে আৰু প্ৰয়োগ কৰিব লাগে। শিশুৰ মানসিক বিকাশৰ মানদণ্ড অনুযায়ী পাঠ্যপুথিত বাস্তৱধৰ্মী আৰু ব্যৱহাৰিক বিধৰ শব্দ অধিক ব্যৱহাৰ কৰাটো ভাল। শব্দৰ গাঁঠনিত অনাৱশ্যকীয় কঠিনতা এৰাই চলিব লাগে।
(৪) ছবি প্ৰদৰ্শন, চিত্ৰাংকন, ৰঙীন চিত্ৰাংকন, নক্সা প্ৰয়োগ আৰু মেপ অংকন আদিৰ যোগে শিশুৰ ধাৰণা সহজে গঢ় দি তুলিব পাৰি। সেইবাবে প্ৰাথমিক স্কুলৰ চিত্ৰাংকন বিদ্যা শিশুৰ ধাৰণা বিকাশৰ বাবে অধিক তৎপৰতাৰে ব্যৱহাৰ কৰা যায় ৷এই পদ্ধতি ঘৰটো যিমান পাৰি সিমানব্যৱহাৰ কৰিব লাগে ৷
(৫) হস্ত-শিল্প বা হাতৰ কাম শিশুৰ ধাৰণা বিকাশৰ বাবে বিশেষ সহায়কাৰী।
মাটিৰ কাম, কাগজৰ কাম আদিৰ যোগে বিভিন্ন বস্তুৰ আকাৰ-আকৃতি , অৱস্থা সম্বন্ধে আৰু সিহতৰ দৈনন্দিন ব্যৱহাৰ সম্পৰ্কে শিশুক কাৰ্যকৰীভাৱে ধাৰণা প্ৰদান কৰিব পাৰি।এই দিশত অভিভাৱকে ঘৰৰ পৰিবেশটো শিশুক শিকাব পাৰে ৷
(৬) শিশুৰ পূৰ্ব অভিজ্ঞতাৰ সহায়ত নতুন জ্ঞানৰ আহৰণৰ বাবে বিভিন্ন দৃষ্টান্ত, উপমা আৰু পূৰ্ব পাঠৰ উদ্ধৃতি আদিৰ যোগে শিশুৰ পূৰ্ব অভিজ্ঞতাৰ লগত নতুন অভিজ্ঞতাৰ সংযোগ সাধন কৰিব পাৰি।যাৰ ফলত সিহঁতৰ জ্ঞানলাভৰ প্ৰক্ৰিয়াটো সফল হয় ৷
(৭) শিশুৱে কৰা প্ৰশ্নসমূহ অৱহেলা আৰু আওকাণ কৰিব নালাগে। সেইবোৰ যিমানেই অবান্তৰ আৰু অনৰ্থক বুলি বিবেচিত নহওক কিয়, তাৰ প্ৰয়োজন মতে উত্তৰদান কৰিব লাগে। নিৰৰ্থক প্ৰশ্নবোৰো সংশোধন কৰি তাক অৰ্থযুক্ত কৰি তুলিবহে লাগে। শিশুৱে প্ৰশ্ন কৰিব পৰা পৰিস্থিতিৰো গৃহ আৰু শিক্ষা পৰিৱেশত সৃষ্টি কৰি তুলিব লাগে।যিমান পাৰি প্ৰশ্ন কৰিব দিয়ক আৰু উত্তৰবোৰ সহজ তথা গ্ৰহনীয় ভাবে দিব যত্ন কৰাটো ভাল ৷
আজি চৌদিশে যি আতংকৰ সৃষ্টি হৈছে তাক নেওচি আমি যুদ্ধ কৰিব লাগিব ৷আমাৰ শিশুসকলৰ শৈশৱ শিক্ষা খেল ধেমালিবোৰ যেন এতিয়া তীব্ৰ সংকটত ৷
শিশুবোৰেও কৰবাত নহয় কৰবাত আভাস পাইছে যে যি ঘটি আছে সেয়া শুভ নহয় ৷সিহতে আমাৰ মুখলৈ চাইছে, হেজাৰ প্ৰশ্ন সিহঁতৰ সমুখত ৷উত্তৰ দিবলৈ আমি অভিভাৱক সকলো এতিয়া নিৰুত্তৰ ৷কিন্ত জীৱন আগবঢ়াৰ নাম৷যুজাৰ নাম ৷আমি যুজিব লাগিব ৷
চৌদিশে কৰণাৰ আতংকৰ উমান যেন শিশুহঁতৰ সুকোমল মনবোৰেও অনুভৱ কৰিব পাৰিছে ৷ কিন্ত এই ক’ৰণাক পৰাভূত কৰিব লাগিব আমিবোৰেই৷
শৈশৱৰ সোনোৱালী এই সময়ছোৱা কৰণা মহামাৰীয়ে অতি নিৰ্মম ভাবে সিহঁতৰ পৰা কাঢ়ি লৈ যোৱাৰ উপক্ৰম হৈছে ৷ নিঃসহায় হৈ সিহঁতে বন্দীত্বক আকোঁৱালি লব বাধ্য হৈছে৷ এনে এক নিঃসহায় অৱস্থাত ধৈৰ্য্য সহকাৰে আগবাঢ়িব লাগিব ৷
আমি আমাৰ বাবেই সাৰথি হব লাগিব,হৰুৱাব লাগিব এই দুঃসময়ক৷
আহি থকা প্ৰজন্মৰ বাবে ৷সিহঁতৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত ৷আহক মিলিজুলি যোগাত্মকতাৰে সকলোৱে আগবাঢ়ো।