-দিলীপ দৈমাৰী |
‘অল ইন্ডিয়া ইন্সটিটিউট অফ মেডিকেল চাইন্স'(এইমচ্)ৰ অধিকৰ্তা ৰণদীপ গুলেৰিয়াই জনাইছে যে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি পূৰ্বৰ প্ৰজাতিতকৈ বহু বেছি সংক্ৰামক। তেওঁ আশংকা প্ৰকাশ কৰি কৈছে যে দিল্লীত নতুনকৈ যি সংক্ৰমণ হৈছে, সেই সংক্ৰমণত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে নতুন প্ৰজাতিয়ে। সংবাদ মাধ্যমক গুলেৰিয়াই জনাইছে যে, ‘ নতুন প্ৰজাতিৰ কৰ’না অধিক পৰিমাণে সংক্ৰমিত হৈছে। আগতে এজন আক্ৰান্তৰ শৰীৰৰ পৰা ৩০-৪০ শতাংশ পৰিমাণে নতুনকৈ আক্ৰান্তৰ শৰীৰলৈ ভাইৰাছ সংক্ৰমিত হৈছিল; এতিয়া সেই হিচাব হৈ পৰিছে ৮০-৯০ শতাংশ। অৰ্থাৎ, নতুন প্ৰজাতিৰ দ্বাৰা আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ৮০-৯০ শতাংশ মানুহ আক্ৰান্ত হৈছে।’
কৰ’নাৰ যিবোৰ প্ৰজাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, তাৰে ভিতৰত বৃটেইন, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰজাতিসমূহ উল্লেখযোগ্য। দিল্লীত ইতিমধ্যে বৃটেইনৰ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰজাতিৰ সন্ধান পোৱা গৈছে। বৃটেইনৰ প্ৰজাতি আটাইতকৈ বেছি পোৱা গৈছে পঞ্জাৱত। বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে যে দিল্লীৰ অত্যধিক সংক্ৰমণৰ ক্ষেত্ৰত বৃটেইনৰ প্ৰজাতিৰ ভূমিকা আছে। এইমচ্-ৰ অধিকৰ্তা গুলেৰিয়াৰ মতে মানুহৰ সচেতনতাৰ অভাৱৰ বাবেই কৰ’নাৰ প্ৰজাতি বিয়পিবলৈ সক্ষম হৈছে। প্ৰথমবাৰ কৰ’না বিয়পি পৰোতে মানুহৰ মাজত সচেতনতা আছিল, সতৰ্কতা অৱলম্বন কৰিছিল, লক-ডাউনৰ বাবে মানুহৰ ভীৰ নাছিল। কিন্তু এতিয়া নিয়ম পালন কৰা বাদেই, নিয়মীয়াকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও মানুহে গুৰুত্ব নিদিয়া হৈছে, সতৰ্কতা অৱলম্বন নকৰা হৈছে। ফলত আক্ৰান্তৰ সংখ্যা হু হু কৈ বাঢ়িছে আৰু চিকিৎসালয়ত বিচনাৰ সংখ্যা কমি আহিছে। পৰিস্থিতিৰ অৱনতি হৈছে।
গুলেৰিয়াৰ আশংকাক সত্য প্ৰমাণ কৰি তীব্ৰগতিৰে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা। কৰ’নাৰ দ্বিতীয় তৰঙ্গৰ প্ৰকোপত ভাৰত কম্পমান হৈছে। বিগত ৬ দিনত এক লাখকৈ দৈনিক সংক্ৰমণ হৈছে। যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ সংক্ৰমিত হৈছে ১লাখ ৬৮ হাজাৰ ৯১২জন। এদিনৰ নিৰিখত এই বৃদ্ধি সৰ্বোচ্চ। যোৱা ২৪ ঘন্টাত ভাৰতত মৃত্যু হৈছে ৯০৪ জনৰ। যোৱা ২৪ ঘন্টাত ৰোগীৰ সংখ্যা বাঢ়িছে প্ৰায় ৯৩০০০। এই বৃদ্ধিৰ বাবেই ভাৰতত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ১২ লাখ ১ হাজাৰ ৯ জন। সকলোতকৈ ভয়াবহ অৱস্থা মহাৰাষ্ট্ৰৰ। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত নতুনকৈ সংক্ৰমিত হোৱা ৰোগীৰ সংখ্যা ৬৩ হাজাৰ ২৯৪ জন। এই হাৰ এতিয়ালৈকে সৰ্বাধিক। এদিনতে মহাৰাষ্ট্ৰত মৃত্যু হৈছে ৩৪৯ জনৰ।
কৰ’নাৰ দ্বিতীয় তৰঙ্গই যিসময়ত ভাৰতক জোকাৰি আছে, সমগ্ৰ ভাৰত উদ্বিগ্ন হৈ আছে, সেইসময়ত অসম, পশ্চিমবংগ, কেৰেলা, তামিলনাডু আদিত নিৰ্বাচনী প্ৰচাৰৰ নামত সকলো ৰাজনৈতিক দলৰ নেতাৰ লগতে প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী শ্বাহৰ দৰে ব্যক্তিয়েও ক্ষমতাৰ মোহত অন্ধ হৈ সকলো নীতি নিয়ম জলাঞ্জলি দিয়া কাৰ্যই সকলোৰে চকু কপালত তুলিছে। সমাৱেশ, সমদল আদি দেখিলে ভাব নহয় যে ভাৰতত কৰ’নাৰ প্ৰাদুৰ্ভাৱ আছে !! সোণত সুৱগা চৰাইছে হৰিদ্বাৰত হৈ থকা কুম্ভমেলাই। লাখ লাখ ভক্তই গঙ্গাস্নানৰ নামত হেঁচা-ঠেলা কৰি, কৰ’না সংক্ৰান্তীয় সকলো নিয়ম জলাঞ্জলি দিছে। হৰিদ্বাৰত যোৱা ২৪ ঘন্টাত নতুনকৈ ৩৬৮ জন আক্ৰান্ত হৈছে আৰু চহৰখনত এক সপ্তাহৰ ভিতৰতে সক্ৰিয় ৰোগীৰ সংখ্যা তথা দৈনিক সংক্ৰমণ ১০০ শতাংশ বৃদ্ধি পাইছে। অসমৰো প্ৰকৃত অৱস্থা গম পোৱা দুৰূহ। কাৰণ স্বয়ং স্বাস্থ্যমন্ত্ৰীয়ে মাস্ক বৰ্জন কৰি নিৰ্বাচনী সমাৱেশবোৰত অংশগ্ৰহণ কৰি সকলোকে মাস্কৰ প্ৰয়োজন নাই বুলিও অবিবেচকৰ দৰে আচৰণ কৰিছিল। গতিকে সংক্ৰমণ কিমান হ’ব পাৰে অনুমান কৰা উজু নহয়, আৰু পূৰ্বৰ দৰে কৰ’নাৰ পৰীক্ষাও নাই !