এইবাৰ বাইবেলক লৈ বিতৰ্ক
বেছি দিনৰ কথা নহয়, সৌ সিদিনা মাথো হিজাব সম্পৰ্কীয় বিতৰ্কৰে উখল মাখল হৈ পৰিছিল কৰ্ণাটকৰ পৰিস্থিতি। সেই পৰিস্থিতিৰ শাম কাটিব ধৰাৰ পিছতেই এইবাৰ আৰম্ভ হ’ল বাইবেলক লৈ বিতৰ্ক।
কৰ্ণাটকৰ ৰাজধানী বেঙ্গালুৰুৰ এখন বিদ্যালয়ে ছাত্ৰসকলক নিৰ্দেশ দিছে যে প্ৰতিজন ছাত্ৰই বিদ্যালয়লৈ আহিলে ‘ বাইবেল’ খনো লগতে লৈ আনিব লাগিব। ছাত্ৰ যি ধৰ্মৰেই নহওক কিয়, এই নিৰ্দেশ মানিবলৈ বাধ্য।
এই মৰ্মে বিদ্যালয়খনে অভিভাৱকৰ পৰা অঙ্গীকাৰ-পত্ৰত স্বাক্ষৰো লৈ থৈছে।
এতিয়া বিদ্যালয়খনে তেনে কঠোৰ নিয়ম বলবৎ কৰা হেতুকে প্ৰৱল বিতৰ্ক সৃষ্টি হৈছে।
বিদ্যালয়খনে শিক্ষাৰ্থীৰ ধৰ্মীয় অধিকাৰত হস্তক্ষেপ কৰিছে বুলি প্ৰতিবাদ কৰি একাংশ অভিভাৱকে আন্দোলনৰ পথ লৈছে।
আনকি এক বিশেষ ধৰ্মীয় ৰাজনৈতিক দলৰ সাহায্য গ্ৰহণ কৰি কৰ্ণাটকৰ শিক্ষা বিভাগত অভিযোগ দাখিল কৰাৰ লগতে আদালতলৈ যাবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে।
বেঙ্গালুৰুৰ বিদ্যালয় খনৰ নাম ‘ক্ল্যাৰেন্স স্কুল‘। বিদ্যালয়ৰ কৰ্তৃপক্ষই কৈছে যে বিদ্যালয়খন খৃষ্টান মূল্যবোধত বিশ্বাসী। ছাত্ৰসকলকো তেনে মূল্যবোধ শিকাবলৈ আগ্ৰহী। বিদ্যালয়খনে বিচাৰে যে ছাত্ৰসকলো তেনে মূল্যবোধৰ ভিত্তিত গঢ় লৈ উঠক। সেইবাবেই বাইবেল অনাটো প্ৰয়োজনীয়।
এতিয়া বেঙ্গালুৰুৰ হিন্দুত্ববাদী এক সংগঠনৰ প্ৰতিনিধিয়ে দাবী কৰিছে, বিষয়টো অইন ধৰ্মৰ শিক্ষাৰ্থীৰ ধৰ্মীয় অধিকাৰ ভঙ্গৰ এক ষড়যন্ত্ৰ। সেয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক অভিযোগ দিয়াৰ লগতে বিষয়টোক লৈ আদালতলৈও যোৱা হ’ব। উল্লেখযোগ্য যে মাত্ৰ কিছুদিনৰ আগতে কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত হিজাব সম্পৰ্কীয় বাধা আৰোপ কৰাৰ পিছত সকলোপিনে হুলস্থূল লাগিছিল।
দীৰ্ঘ বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে শিক্ষা প্ৰতিষ্ঠানত ধৰ্মৰ কোনো স্থান নাই। এতিয়া বাইবেলক লৈ ঘটনাই কেনে ৰূপ ধাৰণ কৰে, সময়েহে ক’ব।
25-04-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.