-ডাঃ অনুপ বৈশ্য |
ভৰি দুখন হৈছে আমাৰ চালিকা শক্তি। আমাৰ গোটেই দেহৰ ভাৰ বহনকাৰী ভৰিৰ পতাযুৰিৰ সহযোগত আমি চলা-ফুৰা কৰি থাকিব পাৰো। যেতিয়া এই ভৰিৰ পতা বা গোৰোহাৰ বিষ অনুভৱ হয়, আমাৰ জীৱন কেনেকুৱা হৈ পৰে এনে ৰোগত ভোগাজনেহে অনুভৱ কৰিব পাৰে। আজি আমি এই গোৰোহাৰ বিষৰ ওপৰত আলোচনা কৰিম।
গোৰোহাৰ বিষৰ আলোচনাৰ পূৰ্বে আমি অকণমান ইয়াৰ শাৰীৰিক গঠন সম্পৰ্কে জানি লওঁ আহক।
ভৰিৰ পতাৰ গঠন
ভৰিৰ পতাখনত প্ৰায় ২৬ ডাল হাৰ, ৩৩ টা গাঁঠি আৰু প্ৰায় ১০০ টামান মাংসপেশী তথা ligaments আৰু টেন্দন থাকে। তলৰ ছবিটোলৈ মন কৰক (ছবি নং-১)।
এয়া হৈছে আমাৰ ভৰিৰ পতাৰ গঠন। আমাৰ গোৰোহৰ হাড়ডালৰ নাম হৈছে calcanium। ভৰিৰ পতাখনে যাতে আঘাত পাই হাড়বোৰৰ ক্ষতি নকৰে তাৰ বাবে পতাৰ ছালখনৰ ভিতৰত এখন কঠিন তৰপ থাকে, যাক কোৱা হয় planter fascia। আমাৰ ভৰিৰ কলাফুলৰ মাংসপেশীটো এডাল কণ্ডৰা (tendon)ৰ সহায়ত (যাৰ নাম tendo achilis বুলি কোৱা হয়) calcaneum নামৰ হাড়ডালৰ লগত সংযোজিত হৈ থাকে (ছবি নং-২ চাওক)।
গোৰোহৰ বিষৰ কাৰণ
১) গোৰোহৰ calcaneum হাড়ডালৰপৰা কাঁইট সদৃশ হাড়ৰ বৃদ্ধি ইয়াৰ প্ৰধান কাৰণ। এই হাড় বৃদ্ধি বিভিন্ন কাৰণত হয় যেনে—
*অত্যধিক শকত হোৱা
*অত্যধিক খোজ কঢ়া বা দৌৰা
*পিন্ধা জোতাযোৰৰ তল অংশ যদি টান হয়
*জোতাৰ ভিতৰ অংশ টান হ’লে
*ডায়েবেটিচ, থাইৰয়ড ৰোগত ভুগিলে
*শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে
*খালি ভৰিৰে টান বা ওখোৰা-মোখোৰা ঠাইত অত্যাধিক খোজ কাঢ়িলে
*খোজৰ বিসংগতি
*ভৰিৰ গঠনৰ কিবা বিসংগতি থাকিলে
২) tendo achilis কণ্ডৰা ফুলিলে নতুবা আঘাতপ্ৰাপ্ত হ’লে, যাক কোৱা হয় tendo achilitis
৩) ভৰিৰ পতাৰ তলৰ planter fascia কিবা কাৰণত ফুলি উঠিলে
৪) তদুপৰি বিভিন্ন ৰোগ, যেনে—gouty arthritis, rheumatoid arthritis, ভৰিৰ স্নায়ুৰ আঘাত ইত্যাদি। অন্যান্য ৰোগতো গোৰোহৰ বিষ হয়।
গোৰোহৰ বিষৰ লক্ষণ
সাধাৰণতে প্ৰায়বোৰ ৰোগীয়ে ৰাতিপুৱা শুই উঠি ভাৰিখন পাতোতে অত্যধিক বিষ অনুভৱ কৰে। খোজ কাঢ়ি থাকিলে বিশেষ নিবিষায় যদিও বহাৰপৰা উঠি খোজ কাঢ়িলে প্ৰাৰম্ভতে অত্যধিক বিষাব ধৰে। বহুত ৰোগীয়ে মজিয়াত ভৰি পাতিবই নোৱৰা হয়।
আপোনাৰ কৰণীয়
১) কেতিয়াও খালি ভৰিৰে খোজ নাকাঢ়িব
২) ভৰিৰ পতাত ঠাণ্ডা লাগিবলৈ নিদিব
৩) সদায় স্পঞ্জ সদৃশ চেণ্ডেল আৰু সঠিকভাৱে খাপ খাই পৰা জোতাহে পিন্ধিব
৪) জোতাৰ ভৰিৰ তলি স্পৰ্শ কৰা অংশ অৰামদায়ক হ’ব লাগে
৫) বজাৰত তলত দিয়া ধৰণৰ জোতা-চেণ্ডেল পোৱা যায়। কিনিব পাৰে (ছবি নং -৩)
৬) শৰীৰৰ ওজন কমোৱাত গুৰুত্ব দিয়ক
আয়ুৰ্বেদিক দৃষ্টিভংগী
অত্যাধিক বায়ু বৃদ্ধিকাৰী উল্লিখিত কৰ্মসমূহৰ লগতে কেতবোৰ খাদ্যাভ্যাসে আমাৰ গোৰোহৰ হাড়ৰ ওপৰৰ চেলনীখন (যাক periosteum বুলি কোৱা হয়) বিদীৰ্ণ কৰে আৰু এই অংশৰে হাড়ডাল বাঢ়ি আহি এডাল কাঁইট সদৃশ হয়। এই হাড়ডালে মাংসপেশী আৰু fasciaখনক খুঁচি থাকে কাৰণে গোৰোহৰ বিষ হয়। হাড়ৰ কাঁইট সৃষ্টি হয় বাবে এইবিধ ৰোগক আয়ুৰ্বেদিকত বাত কণ্টক বুলি জনা যায়। তদুপৰি পাদশূল আদি নামেৰেও জনা যায়।
কেতবোৰ ব্যায়ামে আপোনাৰ সমস্যাৰ সমাধান কৰিব
১) থিয় হওক। হাত দুখনেৰে বেৰত জোৰকৈ হেঁচি এখন ভৰি সন্মুখৰ পিনে কোঁচাওক আৰু আনখন ভৰি পিছলৈ চিধা কৰি ৰাখক। মনত ৰাখিব যাতে দুয়োখন ভৰিৰ পতা পকাত লাগি থাকে। এনেকৈ ভৰি দুখন সলাই সলাই দহ বাৰমান কৰক (ছবি নং-৪)।
২) ভৰিৰ আঙুলিত ভৰ দি থিয় হওক। কিছু সময় থাকি যথাস্থানত আহক। এনেকৈ দহ বাৰমান কৰক (ছবি নং-৫)।
৩) যি কোনো ঘূৰণীয়া বস্তু, যেনে—পানীৰ বটল আদি তলৰ ছবিত দেখুওৱাৰ দৰে বিষাই থকা ভৰিৰ তলত ৰাখি সন্মুখৰপৰা পিছলৈ আৰু পিছৰপৰা সন্মুখলৈ ঘূৰাই থাকক। এনেকৈ ৫ মিনিটমান সময় কৰক (ছবি নং-৬)।
৪) বিছনাত ভৰি দুখন মেলি বহি লওক। এতিয়া এখন গামোচাজাতীয় কাপোৰেৰে ভৰিৰ পতাৰ পিছফালৰে টানি আনি হাত দুখনেৰে ভৰি দুখন আৰু ভৰিৰ পতা দুখনেৰে কাপোৰখন ঠেলক। এনেকৈ দহ বাৰমান কৰক (ছবি নং-৭)।
ঘৰুৱা চিকিৎসা
গোৰোহৰ হাড় বাঢ়িলে অশেষ কষ্ট হয়। বৰ্ধিত হাড়ডাল যদি ৬-৭ বছৰ পুৰণি হয় তেন্তে সম্পূৰ্ণ নোহোৱা কৰাটো টান হয়। গোৰোহাৰ বর্ধিত হাড়ে planter fascia আৰু মাংসপেশীসমূহক খুঁচি থাকে কাৰণে এই অংশবোৰ ফুলিব ধৰে আৰু বিষৰ সৃষ্টি হয়। তলৰ ঘৰুৱা দিহাবোৰে ৰোগ উপশমত সহায় কৰিব।
১) ১০০ মি:লি: তিল তেল লওক। এমুঠিমান এৰাগছৰ পাত, সম পৰিমাণৰ কৰচ গছৰ পাত লৈ পাতখিনি সৰু সৰুকৈ কাটি তিল তেলত ভাজক। পাতবোৰ ভজা হ’লে তেলখিনি চেকি আইনাৰ বটলত থৈ দিয়ক। এই তেলখিনি অকণমান গৰম কৰি ভৰিৰ তলুৱা আৰু গোৰোহাত ভালদৰে মালিচ কৰিব (ছবি নং-৮)। এনেদৰে ব্যায়ামৰ লগতে ঘৰুৱা চিকিৎসা কৰিলে বিষৰপৰা উপশম পাব পাৰি।
২) উক্ত তেলবিধ গোৰোহাত মালিচ কৰি এখিলা ধঁতুৰা গছৰ পাত, এখিলা আকনৰ পাত আৰু এখিলা এৰা গছৰ পাত পটাত ভালদৰে বটি বিষোৱা অংশত লগাই bandage কাপোৰেৰে গোটেই ৰাতি বান্ধি ৰাখি ৰাতিপুৱা খুলি দিয়ক (কিছুমান ৰোগীৰ এলাৰ্জি হোৱা দেখা যায়। যদি লগালে খজুৱায়, তেন্তে নলগাব)। মোৰ ব্যক্তিগত অভিজ্ঞতাত বহুত ৰোগীৰ বৰ্ধিত হাড় নোহোৱা হৈ যায় উপর্যুক্ত দিহাসমূহৰদ্বাৰা। ৩) আয়ুৰ্বেদিক চিকিৎসাত অনেক ঔষধি আছে যাক এনে ৰোগত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ নিতান্তই প্ৰয়োজন।