গ্ৰন্থ অধ্যয়ন
গৌতম শৰ্মা
গ্ৰন্থই হৈছে এই বিনন্দীয়া পৃথিৱীৰ একমাত্ৰ সঞ্চিত সম্পদ।
যিসকল মহান মনিষীৰ পাৰ্থিৱ দেহা চিৰদিনৰ বাবে কালৰ বুকুত বিলীন হৈ গ’ল, যাৰ প্ৰত্যক্ষ সান্নিধ্য লাভৰ গৰাকী আমি কোনোদিনেই হ’ব নোৱাৰিলোঁ সেইসকলৰ কালজয়ী লিখনি নিঃসৃত মধুময় বাণীজগতৰ সৈতে পৰিচয় হ’ব পাৰোঁ একমাত্ৰ তেখেতসকলে জীৱনজোৰা সাধনাৰে লিপিবদ্ধ কৰি যোৱা গ্ৰন্থৰাজিৰ যোগেদি। এই গ্ৰন্থৰাজিসমূহক য’ত সুশৃংখলিত আৰু সুৰক্ষিত কৰি ৰখোৱা হয় সেয়াই হৈছে সহজ অৰ্থত পুথিভঁৰাল বা গ্ৰন্থাগাৰ। গ্ৰন্থ বিপ্লৱৰ ইতিহাস যেনেদৰে অতি পুৰণি তেনেদৰে এই গ্ৰন্থসমূহক সুৰক্ষিত আৰু সুশৃংখলাবদ্ধ ৰূপত ৰখোৱাৰ অভ্যাসো অতি পুৰণি; সেয়া কাৰোবাৰ ব্যক্তিগত প্ৰচেষ্টাতেই হওক বা সামূহিক প্ৰচেষ্টাতেই হওক।
বিশ্বৰ বুকুত গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ ইতিহাস যিয়েই নহওক অতি সাম্প্ৰতিক কালত গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ অবিহনে আমাৰ শৈক্ষিক, বৌদ্ধিক, মানসিক তথা বিদ্যায়তনিক দিশটো একেবাৰে গতিহীন, মেৰুদণ্ডহীন সেই কথাক সকলোৱে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য। এইক্ষেত্ৰত বিশ্বৰ তথা দেশৰ আন আন গ্ৰন্থাগাৰসমূহৰ দৰেই আমি সদায় প্ৰত্যক্ষ কৰি অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ “লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ”ৰ ভূমিকা বিশেষভাৱে মনকৰিবলগীয়া। যিটো গ্ৰন্থাগাৰে আজি ন-সাজেৰে জ্ঞানৰ এক অক্ষয় ভাণ্ডাৰলৈ ৰূপান্তৰিত হৈ এক অতি দৃষ্টিনন্দন আলয় হিচাপে পৰিগণিত হৈ উজনি অসমত অৱস্থিত উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুকুত গ্ৰন্থ অধ্যয়নৰ এক অভূতপূৰ্ব বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে, প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি বহু ঘাত-প্ৰতিঘাত অতিক্ৰমী লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰে আজি যি স্থানত উপনীত হৈছেহি সেই স্থানে আজি সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যোৱা চাৰি-পাঁচ বছৰৰ ভিতৰত গ্ৰন্থাগাৰটোলৈ যি ইতিবাচক বৈপ্লৱিক পৰিবৰ্তন আনিবলৈ যত্ন কৰা হৈছিল তাৰ ফলশ্ৰুতিতেই আজি গ্ৰন্থাগাৰটোৱে নৱৰূপ পৰিধান কৰিবলৈ সক্ষম হৈছে। এক গুৰুত্বপূৰ্ণ ডিজিটেলাইছ প্ৰক্রিয়াৰে গ্ৰন্থাগাৰটোক সজাই-পৰাই তোলাৰ অন্তত যোৱা ২০১৮ বৰ্ষৰ ৩ এপ্ৰিলত পুনৰ শুভ উদ্বোধন হোৱা লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰটোক অত্যাধুনিক কৌশলেৰে আটকধুনীয়া ৰূপত উপস্থাপন কৰোৱাত বিশ্ববিদ্যালয়খনৰ ভূমিকা অতিশয় শলাগিবলগীয়া। এইক্ষেত্ৰত বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঁই আৰু বৰ্তমানৰ ডেপুটি লাইব্ৰেৰীয়ান জনৰ ভূমিকা নিঃসন্দেহে
অতিকৈ প্ৰশংসনীয়। সম্প্ৰতি দহহেজাৰৰো অধিক জাৰ্নেলসহ আঢ়ৈ লাখৰো অধিক গ্ৰন্থই সমৃদ্ধ হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰে আজি শিক্ষাৰ্থী, শিক্ষক গৱেষক তথা পঢ়ুৱৈসকলৰ জীৱনলৈ প্ৰাপ্তি আৰু প্ৰত্যাশাৰ নব্য এখন দুৱাৰ খুলি দিছে। যিখন দুৱাৰেদি সোমাই গ্ৰন্থপ্ৰেমীসকলে নানান বিচিত্ৰ গ্ৰন্থৰ স্বাদ ল’বলৈ অনায়াসে সক্ষম হৈছে।
গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ অবিহনে আজি আমি জীৱনযাত্ৰাত এখোজোঁ সফলভাৱে আগবাঢ়ি যোৱাৰ কথা ভাবিবই নোৱাৰোঁ। বিশ্বৰ প্রান্তে-প্রান্তে বহু দেশত আজি বহু মূল্যৱান গ্ৰন্থ সম্ভাৰক আজি বহু গ্ৰন্থাগাৰে সুৰক্ষিত, সংৰক্ষিত কৰি ৰাখিছে। যিসমূহ গ্ৰন্থ পঢ়িবলৈ আমি প্ৰত্যক্ষভাৱে তালৈ যাব লাগিব নতুবা কাৰোবাৰ যোগেদি কিবা প্ৰকাৰে ইয়াক পঠোৱাৰ বা অনাৰ ব্যৱস্থা কৰিব লাগিব; যি দুটা ব্যৱস্থা বহু সীমাবদ্ধতাত আবদ্ধ। সেয়েহে যদি আমি অত্যাধুনিক ব্যৱস্থাসমূহৰ সহায়ত সম্পূৰ্ণ ডিজিটেলাইছ প্ৰক্ৰিয়াৰে ঘৰতে বহি নিৰ্দিষ্ট এটা ৱেবছাইটত ক্লিক কৰিয়েই অনায়াসে এইসমূহ পঢ়িব পৰাৰ ব্যৱস্থা কৰি লওঁ তেতিয়া আমি তথা আমাৰ উত্তৰ-পুৰুষে জ্ঞান অর্জনত অদূৰ ভৱিষ্যতে কোনো প্ৰতিবন্ধকতাৰ সন্মুখীন নহ’ব; আৰু ইয়াৰ বাবে প্ৰতিটো গ্ৰন্থাগাৰে এক যৌথ প্ৰচেষ্টাৰ যোগেদি এক সুন্দৰ যোগসূত্ৰ স্থাপন কৰি এক মহান কৰ্মৰ পৰিচয় দাঙি ধৰিব পাৰে।
আমি জনাত বিশ্বৰ বহু আগশাৰীৰ গ্ৰন্থাগাৰসমূহে ইতিমধ্যেই এনে ব্যৱস্থাসমূহ গঢ়ি তুলিছে। অৱশ্যে এইক্ষেত্ৰত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰো পিছপৰি ৰোৱা নাই। আজি নিৰ্দিষ্ট এটি ৱেবছাইটত ক্লিক কৰি লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰত সংৰক্ষিত হৈ থকা প্ৰায় তিনিশৰো (২০১৮ চনৰ এপ্ৰিললৈ চলোৱা সমীক্ষা অনুসৰি) অধিক গবেষণা গ্ৰন্থক আমি ঘৰতে বহি পঢ়িব পাৰিছোঁ। আমি অত্যন্ত আশাবাদী, আগন্তুক আৰু দুই-তিনিবছৰৰ ভিতৰত এই তিনিশ গ্ৰন্থৰ ঠাইত আমি তিনিহেজাৰো অধিক ভিন্ন বিষয়ৰ গ্ৰন্থক বিশ্বৰ কোনোবা এটা প্ৰান্তত বহিয়েই যাতে অনায়াসে পঢ়িব পাৰোঁ সেই বিষয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে, বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ পৰিয়ালে চিন্তা-চৰ্চা কৰিব।
নিজস্ব দৃষ্টিভংগীৰে শেষত এটা কথা আমি ব্যক্ত কৰোঁ, এখন মূল্যৱান গ্ৰন্থক এটা নিৰ্দিষ্ট গ্ৰন্থাগাৰত সুৰক্ষিত তথা সংৰক্ষিত ৰূপত থোৱাতেই এটা গ্ৰন্থাগাৰৰ সৰ্বশেষ দায়িত্ব হোৱা অনুচিত; ইয়াৰ উৰ্ধত গৈ সেই বিশেষ গ্ৰন্থখনক পঢ়ুৱৈ তথা জ্ঞানপীপাসু জনৰ হাতত তুলি দিয়াটোও প্ৰতিটো গ্ৰন্থাগাৰৰ লক্ষ্য হোৱা উচিত। কিয়নো সমাজত, দেশত তথা বিশ্বত যিমানেই গ্ৰন্থ অধ্যয়নৰ স্পৃহা বাঢ়িব সিমানেই ভাষা, সাহিত্য, সংস্কৃতিৰ পৰিসৰ বৃদ্ধি হ’ব আৰু সাহিত্যৰ ভঁৰালো চহকী হ’ব লগতে প্ৰতিটো জাতিয়েই জগতত সভ্য, জ্ঞানী, মানী বুলি পৰিচিত হ’ব। এইক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰে এক সু-নেতৃত্বকৰ ভূমিকাত অৱতীৰ্ণ হৈ ইতিহাসৰ বুকুত ইয়াৰ ঐতিহ্যৰ গুণ-গৰিমাক অন্তহীন কাললৈ জীয়াই ৰাখিবলৈ সক্ষম হ’ব বুলি আমাৰ দৃঢ়বিশ্বাস।
(লেখকডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক । ফোন: ৯৯৫৪০০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)