-মহাবাহু |
মেলবোৰ্ণ : এবাৰ ভাবি চাওকচোন— অস্ত্ৰোপচাৰৰ মেজৰ ওচৰত চিকিৎসক নাই, আছে কাঠমিস্ত্ৰি, পাইপৰ মিস্ত্ৰি বা ইলেক্ট্ৰিছিয়ান। সভ্য সমাজত যদি এনে ঘটনা ঘটে, তেনেহ’লে সমালোচনাৰ ধুমুহা সৃষ্টি হোৱাটো খাটাং। কিন্তু একবিংশ শতাব্দীৰ দ্বিতীয় দশকত এনে শ্ৰমিকসকলেই দক্ষিণ মেৰুত ৰোগীসকলক চিকিৎসা কৰি আছে আৰু তেওঁলোকেই একমাত্ৰ আশা-ভৰসাৰ স্থল।
ভাবিলেই আশ্চৰ্যান্বিত হ’ব লাগে যদিও এনে ধৰণৰ ঘটনাৰ সৈতে নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰি আছে এণ্টাৰ্কটিকাবাসীসকলে। কাৰণ চিকিৎসকৰ ওচৰলৈ যাবলৈ তেওঁলোকৰ সুযোগ-সুবিধা নাই। ৰোগীৰ ঘৰৰপৰা চিকিৎসালয়ৰ দূৰত্ব প্ৰায় ৩৪০০ কিলোমিটাৰ। যি স্থানক সমগ্ৰ বছৰটো বৰফে ঢাকি ৰাখে, য’ত কোনো ধৰণৰ যান-বাহন নাই, তেনে অৱস্থাত ৰোগীয়ে কিদৰে ৩৪০০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে! অথচ মেৰু প্ৰদেশত প্ৰায়েই সৰু সৰু ‘মাছ ধৰা নাও’ৰপৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ জাহাজো দেখিবলৈ পোৱা যায়। তেনে জাহাজ বা নাওৰ ওচৰলৈও চিকিৎসাৰ বেগ হাতত লৈ ওপৰত উল্লেখ কৰা শ্ৰমিকসকল দৌৰি যাবলগীয়া হয়।
বাসগৃহৰ পানী আৰু বিদ্যুৎ সৰবৰাহৰ গোলমাল আদিৰ ক্ষেত্ৰতো এনে বিশেষজ্ঞ শ্ৰমিকসকলেই ভৰসা। আকৌ জীৱন-মৰণৰ মাজত অৱস্থান গ্ৰহণ কৰি থকা ৰোগীসকলৰ শুশ্ৰুষাৰ বাবেও এনে বিশেষজ্ঞ শ্ৰমিককেই আহ্বান কৰিবলগীয়া হয়। নিৰ্দিষ্ট পেছাৰ বাহিৰেও দক্ষিণ মেৰুত চিকিৎসা সেৱাৰ ক্ষেত্ৰত জড়িত হৈ আছে এনেধৰণৰ চাৰিজন দৈনিক মজুৰিৰে জীৱন নিৰ্বাহ কৰা শ্ৰমিক। কিন্তু এওঁলোকক একেবাৰে অদক্ষ বুলিও ক’ব নোৱাৰি, কাৰণ এওঁলোকে ছমাহৰ চিকিৎসা সংক্ৰান্তীয় প্ৰশিক্ষণ গ্ৰহণ কৰিছে। যেনে, ডাঙৰ ক্ষত হ’লে কিদৰে চিলাই কৰিব লাগিব, হাত-ভৰি ভাঙিলে কিদৰে প্লাষ্টাৰৰদ্বাৰা ভঙা হাড় জোৰা লগাব লাগিব ইত্যাদি। এওঁলোক হ’ল জৰুৰীকালীন সেৱাত নিযুক্ত ‘চিকিৎসক’।
২০১০ চনৰপৰা অষ্ট্ৰেলিয়ান এণ্টাৰ্কটিকা ডিভিজন বা ‘AAD’ৰ তৰফৰপৰা মিস্ত্ৰিসকলক চিকিৎসা সংক্ৰান্তীয় প্ৰশিক্ষণ দিয়া হৈছিল। উদ্দেশ্য আছিল এয়ে যে তেওঁলোকৰদ্বাৰা যাতে অন্ততঃ ৰোগীৰ প্ৰাণ ৰক্ষা পৰে। এই চিকিৎসাৰ প্ৰশিক্ষণৰ দায়িত্বত আছিল কেথেৰিন আৰু চুলিভিয়ান নামেৰে চিকিৎসক। তেওঁলোকে বেজি দিয়াৰপৰা আৰম্ভ কৰি ভ্ৰাম্যমাণ ‘এক্স-ৰে’ৰদ্বাৰা ছবি তোলা, আল্ট্ৰাছোনোগ্ৰাফি কৰা, গৰ্ভৱতী মহিলাৰ প্ৰসৱ সুকলমে কৰোৱা, সৰু-সুৰা অস্ত্ৰোপচাৰ তথা প্লাষ্টাৰ লগোৱাৰ শিক্ষা গ্ৰহণ কৰিছিল। সম্প্ৰতি মেৰু প্ৰদেশত সেৱা ৮ বছৰত এনেধৰণৰ জৰুৰীকালীন চিকিৎসকৰ সংখ্যা প্ৰায় ৪০ জন।
কিন্তু কোনেনো জানিছিল যে এদিন কেথেৰিনেই এই মিস্ত্ৰি চিকিৎসকসকলৰ শৰণাপন্ন হ’ব লাগিব! ঘটনাটো কেইবছৰমান আগৰ। তেতিয়া শীতকাল। দক্ষিণ মেৰুত তাপমাত্ৰা মাইনাছ ২০ৰ তলত। কাৰ্যত; অন্যান্য প্ৰদেশৰ সৈতে তেতিয়া এণ্টাৰ্কটিকাৰ সংযোগ বিচ্ছিন্ন। কিন্তু কেথেৰিনৰ হাত এখন তেতিয়া গাড়ী দুৰ্ঘটনাৰ ফলত ভাঙি গৈছিল। সেই অৱস্থাত কেথেৰিনে নিজৰেই ছাত্ৰসকলৰ ওপৰত ভৰসা কৰিবলৈ বাধ্য হ’ল। দৌৰি আহিল কেথেৰিনৰ ৪ জন ছাত্ৰ। এওঁলোকৰ আটাইকেইজন বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিক। কিন্তু কিদৰে প্লাষ্টাৰ কৰিব লাগিব—সেয়া বিছনাত শুই যন্ত্ৰণাকাতৰ ‘চিকিৎসক’ কেথেৰিনে নিৰ্দেশ দি গ’ল।
প্ৰথমে যন্ত্ৰণাৰপৰা ৰেহাই পাবলৈ মৰফিনৰ বেজি গ্ৰহণ কৰিব লাগিব। তাৰপিছত প্লাষ্টাৰ। কিন্তু দুৰ্ভাগ্য এয়ে যে মৰফিনো নাই, মৰফিনৰ বেজি দিয়াৰ জ্ঞানো নাই কেথেৰিনৰ ছাত্ৰসকলৰ। সেয়ে বাধ্য হৈ কিছু ‘অবৈজ্ঞানিক পদ্ধতি’ অৱলম্বন কৰিবলৈ কেথেৰিন বাধ্য হৈছিল। প্ৰচণ্ড শীতল পানীত নিজৰ হাত দুখন প্ৰায় ২০ মিনিট ডুবাই ৰাখিলে কেথেৰিনে আৰু তাৰ ফলত স্নায়ুতন্ত্ৰ সাময়িকভাৱে বিকল হৈ পৰিল। কেথেৰিনে যন্ত্ৰণা অনুভৱেই নকৰিলে, আৰু তাৰপিছত আৰম্ভ হ’ল হাড় জোৰা লগোৱা পৰ্ব।
ইয়াৰপিছত অৱশ্যে হাৱাৰ্ড চিকিৎসা কেন্দ্ৰৰ চিকিৎসকসকলৰ পৰামৰ্শ মতে কাম আৰম্ভ হ’ল। এপিনে ‘ৱেব্ ক্যাম’ত ৰিপোৰ্ট প্ৰেৰণ কৰা হৈছে আৰু সেই অনুযায়ী ৩৪০০ কিলোমিটাৰ দূৰৈৰপৰা হাৱাৰ্ড চিকিৎসা কেন্দ্ৰৰ চিকিৎসকসকলে কৈ গ’ল—কিদৰে প্লাষ্টাৰ কৰিব লাগিব। হাড় জোৰা লগোৱাৰপৰা আৰম্ভ কৰি প্লাষ্টাৰ কৰা পৰ্যন্ত সকলোখিনিয়েই সেইদিনাখন কেথেৰিনে ভৰসা কৰিবলগীয়া হৈছিল সেই চাৰিজন শ্ৰমিকৰ ওপৰত। ছমাহমানৰ পিছত সম্পূৰ্ণ সুস্থ হৈ কেথেৰিনে সকলো ঘটনা চ’ছিয়েল মেডিয়াযোগে প্ৰচাৰ কৰিছে। লগতে এয়াও কৈছে—‘মই মোৰ নিজৰ জীৱনৰ স্বাস্থ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত তথা হঠাৎ জৰুৰীকালীন প্ৰয়োজনত মোৰ ছাত্ৰসম এই শ্ৰমিকসকলক নিশ্চিন্তমনে বিশ্বাস কৰিব পাৰো।’
হঠাৎ এনে শ্ৰমিকসকলক ‘চিকিৎসক’ কৰি তোলাৰ পৰিকল্পনা কেথেৰিনে গ্ৰহণ কৰিছিল কিয়—এই প্ৰশ্নৰ উত্তৰত কেথেৰিনে কৈছে যে আগতেও এবাৰ তেওঁ এনে দুৰ্ভোগত পৰিবলগীয়া হৈছিল। সেইবাৰো আছিল শীতকাল, বৰফে আৱৰি পেলাইছিল দক্ষিণ মেৰু। কিন্তু সেইবাবেই ৰোগৰ প্ৰৱেশ নিষিদ্ধ হ’ব নোৱাৰে। ‘এপেনডিক্স’ৰ যন্ত্ৰণাত সেইদিনা তেওঁ চিৎকাৰ কৰি আছিল। কোনো চিকিৎসক নাছিল। ফলস্বৰূপে নিজৰ ঘৰৰ দুজন শ্ৰমিকৰদ্বাৰাই তেওঁ ‘এপেনডিক্স’ কটাইছিল। তেতিয়াই তেওঁ বুজি পাইছিল যে অন্ততঃ মানুহৰ জীৱন ৰক্ষা কৰিবলৈ শ্ৰমিকসকলকেই অন্ততঃ ‘আধা ডাক্তৰ’ কৰি তুলিব লাগিব। চ’ছিয়েল মিডিয়াত নিজৰ কাহিনী দাঙি ধৰাৰ লগতে সমস্ত ঘটনাৰ বিৱৰণীও তেওঁ দাঙি ধৰিছে। তেওঁৰ এনে ঘটনা শুনি তেওঁক প্ৰশংসা কৰা দূৰৰ কথা, কটু সমালোচনাৰ বন্যা বোৱাই দিয়া হৈছে কেথেৰিনক উদ্দেশি! কিছুমানে কৈছে যে মানুহৰ জীৱনক লৈ এনেধৰণৰ ল’ৰা-ধেমালি বন্ধ কৰিবলৈ বিশ্ব স্বাস্থ্যসংস্থাই দায়িত্ব ল’ব লাগে। এনে সমালোচনা শুনি নিজকে সংযত কৰি ৰাখিব পৰা নাই কেথেৰিনে। তেওঁ কৈছে যে ছাইবেৰিয়া, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকাৰ পৰিৱেশ সম্পৰ্কে যিসকলৰ ন্যূনতম জ্ঞানো নাই, তেওঁলোকেহে এনে মন্তব্য কৰিব পাৰে।’’