-দীপাংকৰ শইকীয়া |
প্ৰশ্ন ☞ নাম কি?
উত্তৰ : চিগাৰেট ।
প্ৰশ্ন ☞ জন্মগ্ৰহণ কত?
উত্তৰ : কিউবাৰ ৰাজধানী হাভানাত।
প্ৰশ্ন ☞ জন্ম কেতিয়া হৈছিল ?
উত্তৰ : ১৮৮৩ খ্ৰীষ্টাব্দত
প্ৰশ্ন ☞ তোমাৰ শৰীৰত উল্লেখযোগ্য কি আছে ?
উত্তৰ : মৃত্যু বীজ
প্ৰশ্ন ☞ তোমাৰ কৰ্মস্থান ক’ত?
উত্তৰ : মানুহৰ দেহত
প্ৰশ্ন ☞তোমাৰ মুল দায়িত্ব কি কি?
উত্তৰ : এক শ্ৰেণীৰ মানুহক সাময়িক তৃপ্তি দিয়াৰ মানসেৰে পৰিবেশ প্ৰদূষণ কৰা আৰু মানুহৰ দেহত মাৰাত্মক ৰোগ সৃষ্টি কৰা।
প্ৰশ্ন ☞ তোমাৰ মুল লক্ষ্য কি?
উত্তৰ : যুৱ সমাজক ধ্বংস কৰা
প্ৰশ্ন ☞ কোৱাচোন তোমাৰ প্ৰিয় ব্যক্তি কোন ?
উত্তৰ : যিজনে ধুমপান কৰে
প্ৰশ্ন ☞ তোমাৰ প্ৰিয় বস্তু কি?
উত্তৰ : লাইটাৰ আৰু দিয়াচলাই।
প্ৰশ্ন ☞ তুমি কেতিয়া মজা লোৱা ?
উত্তৰ : যেতিয়া পায়খানাত বহি মোক সেৱন কৰে তেতিয়া ।
প্ৰশ্ন ☞ কিয়?
উত্তৰ : সেই সময়ছোৱাত মই ক্ষতি কৰিবলৈ বেছি সুযোগ পাও।
প্ৰশ্ন ☞ কেতিয়া তুমি সুখ অনুভৱ কৰা?
উত্তৰ : যেতিয়া মোৰ গাত সতৰ্কৰ ছবি দেখিও মোক সেৱন কৰে তেতিয়া ।
প্ৰশ্ন ☞ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি কি?
উত্তৰ : মানুহক মদ, ভাং , গাজা, হিৰোইন আদিৰ প্ৰতি আসক্তি বঢ়াই তোলা ।
প্ৰশ্ন ☞ তুমি নিজকে কি বুলি ভাবা ?
উত্তৰ : মৃত্যুৰ অন্যতম কাৰণ আৰু যমদূতৰ সহকাৰী বুলি
প্ৰশ্ন ☞ তুমি সেৱনকাৰী সকলক কিবা কব বিচৰা নেকি?
উত্তৰ : হয় ….. যিসকলে মোক খুব ঘনে ঘনে সঘনাই সেৱন কৰে
সেইসকলক মই খুব সোনকালে শ্মশান , কবৰৰ টিকট দিব পাৰো আৰু
এই সুন্দৰ পৃথিৱীৰ পৰা চিৰ বিদায় দিব পাৰো ।
*☞☞ সংবিধিবদ্ধ সতৰ্কীকৰণ : ধুমপান প্ৰাণঘাতী ।*