ছাত্ৰ-ছাত্ৰীয়ে উদ্ধাৰ কৰিলে ৪২৫ টা স্বৰ্ণমুদ্ৰা!
তনয় চক্ৰৱৰ্তী
কেতিয়াবা কেতিয়াবা সপোনত হে এনে গুপ্তধনৰ সন্ধান পোৱা যায়।
ইজৰাইলত তেনে সপোন বাস্তৱ হৈ পৰিছে।
মাটি খান্দোতে এটাৰ পিছত এটাকৈ উদ্ধাৰ হৈছে বহু মূল্যৱান সোণৰ মোহৰ!
এনে মুদ্ৰাৰ বজাৰ-দৰ অকল্পনীয়।
আটাইকেইটা মুদ্ৰা জোখাত ওজন হৈছে ১ কিলোগ্ৰাম।
হয়, মাটি খান্দোতে পোৱা গৈছে এটাৰ পিছত এটাকৈ ৪২৫ টা সোণৰ মোহৰ, ২৪ কেৰেটৰ, তাকো ১১০০ বছৰৰ আগৰ!
নৃতাত্বিক সকলে পৰীক্ষা কৰি ঠাৱৰ কৰিছে যে মোহৰবোৰ ১১০০ বছৰ আগৰ, আৰু সেইসময়ত এই মোহৰক ‘স্বৰ্ণদিনাৰ’ বোলা হৈছিল। অৰ্থাৎ, ইজৰাইলৰ ইচলামিক যুগৰ আব্বাচিসকলৰ আমোলৰ মোহৰ!
উল্লেখযোগ্য যে এই মোহৰবোৰ নৃতত্ত্ব পাঠ্যক্ৰমৰ কিশোৰ-কিশোৰী ছাত্ৰ-ছাত্ৰীৰ দল এটাই হে ‘প্ৰেক্টিকেল ক্লাছ’ৰ প্ৰয়োজনীয়তা হেতুকে মাটি খান্দি থাকোতে উদ্ধাৰ কৰে। মধ্য ইজৰাইলৰ এটা নিৰ্মীয়মান গৃহত খননকাৰ্য চলোৱাৰ সময়ত এই সোণৰ মোহৰবোৰ ছাত্ৰ-ছাত্ৰীসকলে উদ্ধাৰ কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ গড় বয়স ১৮ বছৰ।
তেওঁলোকে মাটিৰ তলত যত্ন সহকাৰে এটা মাটিৰে তৈয়াৰী ‘জাৰ’ত থোৱা সোণৰ মোহৰবোৰ পায়।
ইজৰাইলৰ পুৰাতত্ত্ব বিভাগৰ সূত্ৰমতে মোহৰবোৰ আনুমানিক ১১০০ বছৰ আগৰ। মুঠ ৪২৫ টা মুদ্ৰা উদ্ধাৰ হৈছে। কিছু বিশেষজ্ঞৰ মতে, মুদ্ৰাবোৰ বাইজেন্টাইন সাম্ৰাজ্যৰ সময়ৰ মুদ্ৰা, যিবোৰ অতিশয় দুষ্প্ৰাপ্য।
২৪ কেৰেটৰ এনে মুদ্ৰাৰ সন্ধান পাই পুৰাতত্ত্ব বিভাগো উৎফুল্লিত হৈ পৰিছে। নিখাদ ২৪ কেৰেটৰ সোণৰ মুদ্ৰা, অমূল্য!
১৩-০৬-২০২২ [ Headline Image: www.timesofisrael.com]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font necessary)