ছি-পা-হ-ছা-লা-ৰ
অঞ্জন শৰ্মা
ছিপাহছালাৰ, তোমাৰ মুখমণ্ডলত ইমান আনন্দ?
কুৰ্নিশ, উজীৰ-এ-আজম, আনন্দৰ আনন্দ…..
যেনে?
প্ৰজাসকল মহানন্দিত,
চৌদিশে মাথো আপোনাৰেই জয়ধ্বনি।
কাৰণ?
কাৰণ অলেখ হুজুৰ, কাৰণেই কাৰণ; বছৰি
দুইকোটি যুৱকক চাকৰি দিয়া
ক’লাধন নিৰ্মূল কৰা
প্ৰতিজন প্ৰজাক পোন্ধৰ লক্ষ মুদ্ৰা উপহাৰ দিয়া
প্লেটিনামৰ নতুন মুদ্ৰা প্ৰচলন কৰা
আদানী-আম্বানী খুটিতালৰ তালে তালে
থিয়নাম গোৱা
ধৰ্মৰ জয়ধ্বজা উৰুৱাই দিয়া
কাফেৰবোৰক শাস্তি দিয়া
অলেখ কাৰণ, উজীৰ-এ-আজম
অলেখ কাৰণৰ কাৰণেই এতিয়া প্ৰজাই আপোনাক
কৰে অইন সম্বোধন।
অইন সম্বোধন?
অইন সম্বোধন!! ইমান স্পৰ্দ্ধা!!?
ক্ষান্ত হওক হুজুৰ, নোৱাৰো সহিব মই
আপোনাৰ তপোদ্দীপ্ত তেজ
কাৰো সাহস নাই হুজুৰক উপহাস কৰিবলৈ।
তেনেহ’লে?
গুস্তাখি মাফ উজীৰ-এ-আজম, আপোনাৰ
দেৱসুলভ প্ৰতিমূৰ্তি, আপোনাৰ মনমোহা ছৱি
আপোনাৰ নাম
দেখা-শুনা মাত্ৰেই প্ৰজাৰ মুখেৰে শ্নোক নিগৰে।
শ্লোক! কি শ্লোক?
“ত্বদ্দৰ্শনাৎ সদা দেৱ দুৰ্লভো নাপৰো বৰ:”
অৰ্থাৎ?
অৰ্থাৎ, হে নৰশ্ৰেষ্ঠ, আপোনাৰ দৰ্শনতকৈ ডাঙৰ
অইন একোৱেই হ’ব নোৱাৰে।
ছিপাহছিলাৰ, অলপ বঢ়াইছা নে কি? মোৰ
বিশ্বাস হোৱা নাই! ‘সম্বোধন‘টো তল পেলালা যে?
উজীৰ-এ-আজম,
প্ৰজাই এতিয়া আপোনাক
‘উজীৰ-এ-আজম’ বুলি নকয়, কয় ‘জাহাপনা’
কয় ‘শ্বাহেনশ্বাহ’।
ছিপাহছালাৰ…, কি যে কবলৈ ধৰিছা! নহবনে গণতন্ত্ৰৰ
চূড়ান্ত অপমান?
নহয় উজীৰ-এ-আজম, অপমান নহয়
সেয়া মহাসন্মান
আনন্দত এতিয়া সকলো মগন
কিমানৰ মুখত আমি সোপা দিম
হুজুৰ, মোৰো মুখত ওলায় ‘জাহাপনা’!
গুস্তাখি মাফ
আনন্দত মাতাল সাম্ৰাজ্যৰ তাল
তামোল-আমলখি-বকুল-বেল-নাৰিকল
পলাশ-বট-অশোক-কদম
শিৰীষ-মালতী-তুলসী-নিম….।
ছিপাহছালাৰ, ক্ষান্ত হোৱা, ক্ষান্ত হোৱা। অতি সুখী
মই
যদিহে তুমি কৰা নাই অসত্য আলাপ!
সত্য নে? ‘জাহাপনা’! মই ‘জাহাপনা’! মই
‘শ্বাহেনশ্বাহ’!?
সত্য, জাহাপনা, সত্য, সত্য, সত্য, তিনি সত্য
চাওক, মোৰ মুখেৰেও ওলাল ‘জাহাপনা’!
হ’ব, হ’ব, ছিপাহছালাৰ, তুমি আৰু নালাগে ক’ব
মাতাচোন, পূৱদেশৰ বাৰ্তাবাহী কাছিদক মাতা।
কাছিদ…ক্কাছিদ…কা-ছি-দ..; ভিতৰলৈ সোমাই আহা।
আদাব শ্বাহেনশ্বাহ, আদাব, মই কাছিদ হাজিৰ..হুকুম।
কাছিদ, অষ্টলক্ষ্মীৰ বতৰা কোৱা।
জাহাপনা, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আনন্দই আনন্দ
মহানন্দ
উৎসৱেই উৎসৱ হুজুৰ, মহোৎসৱ।
কাৰণ কি কাছিদ?
আচমানী তৰা গন্তি কৰিব পাৰি হুজুৰ, লৌহিত্যপাৰানন্দৰ আনন্দৰ কাৰণ
গন্তি কৰিব নোৱাৰি হুজুৰ!
তথাপিও দুটামান ‘কাৰণ’ কোৱা কাছিদ, মোৰ আজ্ঞা।
হুজুৰ, ব্ৰহ্মপুত্ৰৰ তলি খন্দা হৈ গ’ল, আনন্দ
ইংলিছ চেনেলত চলাদি জাহাজ চলে, আনন্দ
ক’তো অন্ধকাৰ নাই, লোডশ্বেডিং নাই, আনন্দ
পেট্ৰলৰ দাম বঢ়াৰ দৰে বিকাশ বাঢ়িছে, আনন্দ
জাপানৰ জাহাজেৰে আহে ভিয়েটনামৰ মালভোগ
ম্যানমাৰ-লাওচৰ পৰা আহে মাটিকঠাল
চীনৰ পৰা চাহপাত-চাউল-আটা-তেল
অষ্ট্ৰেলিয়াৰ গাখীৰ-কণী-মাংস..আনন্দ
সৰ্বেন্দ্ৰিয়সুখানন্দ!
গুৱাহাটী ‘স্মাৰ্ট চিটি’ নৌ-হওতেই হুজুৰ, ঘৰে ঘৰে
অপৰ্যাপ্ত খোৱাপানী, নাই কৃত্ৰিম বানপানী
ঘৰে ঘৰে অপৰ্যাপ্ত ৰন্ধন গেছ, ‘আম্বানী’ ডাটা
ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিশাল পকীপথ, আনন্দ!
হ’ব কাছিদ, হ’ব। ক্ষান্ত হোৱা। ছিপাহছালাৰ?
জাহাপনা?
মই সকলোবোৰ বুজিলো ছিপাহছালাৰ, মই
সকলোবোৰ শুনিলো
কিন্তু, পূৱদেশৰ পৰা যিবোৰ কোলাহল
ভাঁহি ভাঁহি আহি থাকে, সেইবোৰ কিহৰ?
অভ্যাস, জাহাপনা, বছৰ বছৰ ধৰি কোলাহল কৰা
অভ্যাসৰ অভ্যাস
অভ্যাসৰ বংশানুক্ৰমিক অভ্যাস।
বুজিলো, ছিপাহছালাৰ, বুজিলো সেয়া অভ্যাসৰ
অভ্যাস, অভ্যাসৰ বংশানুক্ৰমিক অভ্যাস! কিন্তু,
বিষয়বস্তু নো কি? ‘কাৰণ’ অবিহনে কোলাহল?
গুস্তাখি মাফ জাহাপনা, কিছুমানে চকুৰ চশমা খুলি পেলাইছে
ইচ্ছাকৃতভাৱে যাতে ‘বিকাশ’ নেদেখে
সেইবোৰেই কৰি আছে কোলাহল, অন্তহীন! জাহাপনা,
সেই শয়তানবোৰ নৰকগামী হ’ব
এখন-দুখন নহয়, আঠখন নৰকত ভূঞ্জিব।
ছিপাহছালাৰ, কি বলকি আছা এইবোৰ? আঠখন নৰক!
হয় জাহাপনা, আঠখন নৰক
আপোনাৰ হিন্দুস্তানৰ পদ্মপুৰাণত আছে
আঠখন নৰকৰ বৰ্ণনা, যেনে-
তামিস্ৰ নৰক, অন্ধতামিস্ৰ নৰক, মহাৰৌৰৱ নৰক,
কালসূত্ৰ নৰক, সঞ্জীৱন নৰক, মহাবীচি নৰক,
তাপন নৰক আৰু সম্প্ৰতাপন নৰক।
জাহাপনা, নিৰ্দয়, ক্ৰুৰ, সৎক্ৰিয়াৰহিত সেই পাষন্ডগণ…!
ছিপাহছালাৰ, ক্ষান্ত হোৱা, আৱেগিক হৈ লাভ নাই;
এতিয়া কাৰণ কোৱা।
‘কাৰণ’ ইতিহাস, জাহাপনা, ‘কাৰণ’ ইতিহাস
‘কাৰণ’ তাম্ৰলিপি, ‘কাৰণ’ শিলালিপি; জাহাপনা
জাহাপনাই হেনো শিলালিপি পঢ়ি
জাহাপনাই হেনো তাম্ৰলিপি পঢ়ি
এৰি দিব লাগে ব্ৰহ্মপুত্ৰ উপত্যকা
জাহাপনাই হেনো পঢ়িব লাগে অসম ইতিহাস!
জাহাপনা, সিহতে নাজানে জাহাপনা নিজেই ইতিহাস।
ছি-পা-হ-ছা-লা-ৰ!!
গুস্তাখি মাফ জাহাপনা, কোলাহলৰ আৰু দুটা ‘কাৰণ’..
কৈ যোৱা।
পাষন্ডগণে কোলাহল কৰি কৈ আছে অনৰ্গল
কোলাহলৰ অইন দুটা কাৰণ
অসমলৈ প্ৰব্ৰজন
আৰু
অসমৰ সম্পদ লুন্ঠন।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)