জাপানী বিজ্ঞানীৰ নতুন আৱিষ্কাৰ
অৰবিন্দ ৰাভা
এবাৰ চিন্তা কৰি চাওকচোন, ইন্টাৰনেটৰ গতি প্ৰতি ছেকেণ্ডত ১.০২ পেটাবিট! সহজ ভাষাত, বৰ্তমানৰ ৫-জি ইন্টাৰনেট পৰিসেৱাতকৈও প্ৰায় ১ লাখ গুণ দ্ৰুত গতিৰ ইণ্টাৰনেটৰ দ্বাৰা ডাটা পৰিবহন!
এনে এক অবিশ্বাস্য পদ্ধতি আৱিষ্কাৰ কৰি সকলোকে স্তম্ভিত কৰি তুলিছে জাপানী বিজ্ঞানীয়ে। জাপানৰ ‘নেশ্যনেল ইন্সটিটিউট অব ইনফৰমেশ্যন এন্ড কমিউনিকেশ্বনচ্ টেকনোলজি’ৰ ‘নেটৱৰ্ক ৰিচাৰ্ছ ইনষ্টিটিউট’ বিভাগৰ বিজ্ঞানীসকলে দাবী কৰিছে যে তেওঁলোকে ‘মাল্টি-কোৰ ফাইবাৰ’ ব্যৱহাৰ কৰি এনে এক অসাধ্য সাধন কৰিছে।
কিন্তু এই পেটাবিট বিষয়টো কি? বিশেষজ্ঞসকলে কৈছে পেটাবিট হ’ল ‘ডাটা’ পৰিমাণৰ এক বৃহৎ একক। ১ পেটাবিট মানে হ’ল ১০,০০০,০০০ জিবি বা গিগাবাইটৰ সমান। ১.০২ পিবিৰ গতিবেগ ছেকেণ্ডত প্ৰায় ৫১.৪৯৯ কিলোমিটাৰ। অৰ্থাৎ , এনে পদ্ধতিৰে প্ৰতি ছেকেণ্ডত ১২৭৫০০ জিবি ডাটা পঠিওৱা সম্ভৱ বুলি বিজ্ঞানীসকলে দাবী কৰিছে।
কিন্তু কেতিয়াৰ পৰা এনে পৰিসেৱা লাভ কৰা সম্ভৱ হ’ব? জাপানী বিজ্ঞানীয়ে কৈছে, বৰ্তমানে যি ‘অপ্টিক ফাইবাৰ’ ব্যৱহাৰ কৰা হয়, তেনে ফাইবাৰৰ মাধ্যমেৰেই এনে গতিবেগ পোৱা যাব। গতিকে সকলো ঠিকে থাকিলে খুব কম সময়ৰ ভিতৰতেই এনে পৰিসেৱা বিশ্বৰ বিভিন্ন প্ৰান্তত উপলব্ধ সম্ভৱ হ’ব।
জাপানী বিজ্ঞানীৰ কথা যদি সত্য হয়, অতি শীঘ্ৰে সমগ্ৰ বিশ্বৰ ইন্টাৰনেট পৰিসেৱা একেবাৰে সলনি হৈ পৰিব আৰু বিশ্বৰ সভ্যতাইও মোট সলাব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
(ছৱিঃ নমুনা আৰু সংগৃহীত)
০৯-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.