-ডা. মুকুল শৰ্মা |
পিপ্পলী এবিধ বিশেষ ধৰণৰ লতাজাতীয় মছলাযুক্ত উদ্ভিদ। বদহজমৰ পৰা আদি কৰি এজ্মা, কাহ, বিভিন্ন প্ৰকাৰৰ যকৃত আৰু প্লীহাৰ ৰোগত ইয়াক প্ৰয়োগ কৰা হয়। ই এবিধ অতি গুণকাৰী উদ্ভিদ যদিও বহুতে এই উদ্ভিদ বিধৰ নামেই শুনা নাই আৰু ইয়াক চিনিও নাপায় তথা ইয়াৰ ঔষধী গুণৰ বিষয়ে জ্ঞাত নহয়। ই এবিধ সুগন্ধি ক্ষীণ আৰোহনকাৰী লতা ঠিক আমাৰ তামোলৰ লগত খোৱা পানৰ নিচিনা। ইয়াৰ কাণ্ড লাহে লাহে বাঢ়ি গৈ এটাৰ লগত আনটো লগ লাগি থকা যেন লাগে আৰু অন্য গছক ভেজা দি ই আৰোহণ কৰে। ইয়াৰ পাত ৫ ৰ পৰা ৯ ছেণ্টিমিটাৰ মান দীঘল আৰু ৩ ৰ পৰা ৫ ছেণ্টিমিটাৰ মান বহল, আগফালে জোঙা, কোনো শুং নথকা, কলিজা বা হাৰ্টৰ আকৃতিৰ হয়। ইয়াৰ ফুল শস্যৰ শীহৰ নিচিনা ডালৰ পৰা ওলমি থাকে আৰু ফল হালধীয়া – কমলা ৰঙৰ মঙহাল সৰু সৰু কাইঁট সদৃশ গঠনেৰে আবৃত। ইয়াৰ শিপা কণ্ড (rhizome) আকৃতিৰ 0.৫ ছে:মি: ৰ পৰা ১ ছে:মি: ডাঠ অঁকোৱা পকোৱা জৰীৰ নিচিনা ধূসৰ ছাই বৰণৰ বা মূগা মাটিয়া বৰণৰ হয়। সাধাৰণতে বাৰিষা কালত ইয়াৰ ফুল ফুলে আৰু শৰত কালত ফল। ইয়াৰ ফল আৰু শিপাক ঔষধী হিচাপে ব্যৱহাৰ কৰা হয়।
পিপ্পলীৰ বৈজ্ঞানিক নাম Piper longum, বৰ্গ বা শ্ৰেণী- Piperaceae। সংস্কৃতত ইয়াক পিপ্পলী, হিন্দীত পিপলা, পিপৰ, পিপলি, ইংৰাজীত Long pepper, বঙালীত পিপল, মাৰাঠীত পিপলি, নেপালীত পিপল, পোপল ইত্যাদি নামেৰে জনা যায়। অসমক আমি ইয়াক ” পিপলি ” নামেৰে জানো।
প্ৰকাৰ :- ৰাজ নিঘণ্টুত চাৰি প্ৰকাৰৰ পিপ্পলীৰ উল্লেখ আছে। যেনে- পিপ্পলী (Piper longum), গজ পিপ্পলী (Piper chava), সিংহলী (Piper ratrofractum) আৰু বন পিপ্পলী (Piper sylvaticum) ।ইয়াৰে প্ৰথম দুবিধ ভাৰতত পোৱা যায় আৰু পিছৰ দুবিধ শ্ৰীলংকাত পোৱা যায়।
বজাৰত সাধাৰণতে দুই প্ৰকাৰৰ পিপ্পলী পোৱা যায় সৰু পিপ্পলী আৰু ডাঙৰ পিপ্পলী। পিপ্পলীৰ ফল আৰু শিপা কেঁহা আৰু জলা গুণসম্পন্ন হয়। আয়ুৰ্বেদত ইয়াৰ শিপা লিভাৰ টনিক বনাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফল বুকু জলা পোৰা কৰা এচিডিটি, এজ্মা, কাঁহ, বাতবিষ, পক্ষাঘাত ইত্যাদি ৰোগৰ ঔষধ বনাবলৈ ব্যৱহাৰ কৰা হয়।
বসতিস্থল – সাধাৰণতে ভাৰতবৰ্ষৰ উষ্ণ প্ৰধান অঞ্চলত ইয়াক পোৱা যায়, মধ্য হিমালয়ৰ পৰা অসম, খাচী আৰু মিকিৰ পাহাৰত ইয়াক পোৱা যায়। ইয়াৰ উপৰিও পশ্চিম উপকূলীয় অঞ্চল কংকনৰ পৰা কেৰালালৈকে ইয়াক পোৱা যায়।
পিপ্পলীৰ ঔষধী গুণ:-
১) যিকোনো কাঁহত ইয়াৰ চূৰ্ণ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে পিপ্পলীক শুকান আদা, ক’লা জালুক আৰু ভোমোৰাৰ লগত সমপৰিমাণৰ চূৰ্ণ কৰি মিহলাই আধা চামুচ মাত্ৰাত মৌৰ লগত মিহলাই খালে যিকোনো কাঁহ থিক হৈ যায় ।
২) চৰ্দী জ্বৰত উপৰোক্ত মিশ্ৰণটোৰ লগত পিপ্পলীৰ শিপা মিহলাই লব লাগে। লগতে হালধীযুক্ত গাখীৰ সেৱন কৰিলে চৰ্দী জ্বৰ থিক হৈ যায় ।
৩)এজ্মা বা হাঁপানী ৰোগীয়ে পিপ্পলী চূৰ্ণ মৌৰ লগত মিহলাই যদি কিছুদিন সেৱন কৰে দেখা যায় যে বুকুত জমা হোৱা কফ লাহে লাহে ওলাই যায় আৰু বুকুৰ congestion বা কফেৰে সোপা মাৰি ধৰাত আৰাম পায়। লগতে ই তেজৰ কলেষ্টেৰল নিয়ন্ত্ৰণত সহায়ক হয় আৰু হৃদৰোগতো সুফল পোৱা যায়।
৪) হিকঁটি আহি থাকিলে পিপ্পলী চূৰ্ণ, মুলেথি চূৰ্ণ আৰু চেনী সম পৰিমাণৰ মিহলাই মৌ বা গৰম পানীৰ লগত সেৱন কৰিলে হিকঁটি বন্ধ হয়।
৫) পেটৰ বেমাৰতো পিপ্পলী খুব ফলপ্ৰসূ হয়। ভোক নালাগিলে বা মন্দাগ্নিযুক্ত লোকে পিপ্পলী, শুকান আদা আৰু ক’লা জালুক সম পৰিমাণৰ মিহলাই চূৰ্ণ বনাই যাক ত্ৰিকটু চূৰ্ণ বুলি কোৱা হয়, দৈনিক ৰাতিপুৱা আৰু গধূলি আধা চামুচৰ পৰা এচামুচ মাত্ৰাত মৌৰ লগত মিহলাই সেৱন কৰিলে পাচন শক্তি বৃদ্ধি পায় আৰু যিকোনো খাদ্য বস্তু হজম কৰিবলৈ সক্ষম হয়।
৬)পিপ্পলী যকৃত বা লিভাৰ তথা প্লীহাৰ ৰোগ যেনে- হেপাটাইটিছ বা ইয়াৰ পৰা হব পৰা এচাইটিচ্ (Ascites) বা আয়ুৰ্বেদত যাক যলোদৰ বুলি কোৱা হয় তথা মেলেৰিয়া আদি ৰোগৰ ফলত হব পৰা প্লীহা বৃদ্ধি ইত্যাদি ৰোগৰ বাবে পৰম গুণকাৰী। এনে ৰোগত ” বৰ্দ্ধমান পিপ্পলী” ব্যৱহাৰ কৰা হয়, য’ত পিপ্পলীক গাখীৰত উতলাই সেৱন কৰিব দিয়া হয় আৰু ৰোগীৰ শাৰিৰীক শক্তি তথা পাচন শক্তি অনুযায়ী প্ৰথমে পিপ্পলীৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু সেই একে হাৰত পিছত পিপ্পলীৰ সংখ্যা কমাই অনা হয়। যিসকল এচাইটিচ্ যুক্ত লোকে সকলো ধৰণৰ চিকিৎসা কৰাৰ পিছতো কোনো সুফল পোৱা নাই তেনে লোকে এবাৰ’ ”বৰ্দ্ধমান পিপ্পলী ” ব্যৱহাৰ কৰি চাব পাৰে।
৭)ইয়াৰ উপৰিও সুতিকা ৰোগ অৰ্থাৎ প্ৰসৱৰ পিছত মহিলা সকলৰ হোৱা দুৰ্বলা ৰোগৰ ক্ষেত্ৰতো পিপ্পলী সেৱনৰ পৰামৰ্শ দিয়া হয় ।প্ৰসৱৰ পিছত প্ৰত্যেক গৰাকী মহিলাই আধা চামুচকৈ পিপ্পলী চূৰ্ণ মৌৰ লগত মিহলাই সেৱন কৰিব পাৰে।
৮) চৰক সংহিতাত উল্লেখ আছে যে ৩০ টা পিপ্পলীৰ পেষ্ট বনাই প্ৰায় ৫০ মিলিলিটাৰ তেল আৰু ঘীঁৰে ভাজি তাত চেনী আৰু মৌ লগতে গাখীৰ মিহলাই তিনিৰ পৰা পাঁচ গ্ৰাম মাত্ৰাত দিনত দুবাৰ সেৱন কৰিলে লিংগ শিথিলতা তথা শীঘ্ৰপতনৰ সমস্যাত সুফল পোৱা যায়।
৯) আধা চামুচ পিপ্পলীৰ চূৰ্ণৰ লগত সম পৰিমাণৰ ভাজি লোৱা জিৰা আৰু অলপমান সৈন্ধৱ নিমখ মিহলাই সেৱন কৰিলে অৰ্শৰোগত সুফল পোৱা যায়।
১০) ইয়াৰ উপৰিও পিপ্পলীৰ ফল তথা শিপাৰ চূৰ্ণ পক্ষাঘাত, বাতবিষ, চায়েটিকা ইত্যাদি ৰোগত ব্যবহৃত হয়।
১১) টিবি বা যক্ষ্মা ৰোগৰ ঔষধৰ লগত পিপ্পলী চূৰ্ণ সেৱন কৰিলে টিবিৰ ঔষধৰ গুণাগুণ বৃদ্ধি পায়। লগতে টিবিৰ ঔষধ সেৱনৰ ফলত হব পৰা লিভাৰৰ হানি বিঘিনিক বাধা প্ৰদান কৰে।
পিপ্পলীৰ পৰা বনোৱা ঔষধী – আয়ুৰ্বেদত বহুতো শাস্ত্ৰীয় ঔষধ বনাবলৈ পিপ্পলী ব্যৱহাৰ কৰা হয়। যেনে- পিপ্পল্যাদি ঘৃত, পিপ্পল্যাসৱ, ব্যোসাদি বটী, যকৃত প্লিহাৰী লৌহ, ষৌসঠ প্ৰহৰ পিপ্পলী, পিপ্পল্যাদি লৌহ, পঞ্চকোল কষায়, ত্ৰিকটু চূৰ্ণ, শীতোপলাদি চূৰ্ণ ইত্যাদি অসংখ্য আয়ুৰ্বেদীক ঔষধত পিপ্পলীক উপাদান হিচাপে ব্যৱহাৰ কৰা হয় ।