জীৱনৰ বিষয়ে এখনি ৰচনা
পৰেশ বৈশ্য
জীৱনৰ জোখ বয়সেৰে নহয়, কামেৰেহে।
এই শ্বাশ্বত কথাষাৰ সৰ্বজনবিদিত।
আমি কিমান দিন জীয়াই থাকিলোঁ ,সেইটো বিচাৰ্য বিষয় নহয়, কিন্তু জীৱনটোক অৰ্থবহকৈ কিমান দিন অতিবাহিত কৰিলোঁ সেইটোহে মূল কথা।
এই পৃথিৱীলৈ শুদা হাতেৰে আহিছিলোঁ আৰু উভতিব যাব লাগিব শুদা হাতেৰেই। ই চিৰন্তন সত্য।
সেয়ে বিজ্ঞজনে কোৱা কথা এটি এই ক্ষেত্ৰত প্ৰযোজ্য- “তুমি যেতিয়া পৃথিৱীলৈ আহিছিলা ,তুমি কান্দি কান্দি আহিছিলা, লোকে হাঁহিছিল। কিন্তু তুমি যেতিয়া এই পৃথিৱীৰ মায়া এৰি গুচি যাবা, তুমি এনে কিছুমান কাম কৰি যাবা যাতে তুমি হাঁহি হাঁহি যাব পাৰা,লোকে তোমাৰ বাবে চকুলো টোকে।“
তাতেই লুকাই থাকে সাৰ্থক জীৱনৰ ইংগিত। জীৱন মানে সমস্যা, জীৱন মানে প্ৰত্যাহ্বান,জীৱন মানে দুখ। এইবোৰ জীৱনৰ লগৰী। কিন্তু জীৱনৰ বাবে থকা সুখ, সমৃদ্ধি আৰু প্ৰেৰণা -আশা বা সপোন আদিও বিচাৰি উলিয়াব জানিব লাগিব। আধ্যাত্মিক ভাৱে চালে , বহু সংস্কাৰৰ ফলত মানৱ জীৱন আমি লাভ কৰিছোহঁক। পুনৰ এবাৰ মানুহ হিচাপে এই ধৰাৰ বুকুলৈ আহিবলৈ হ’লে বৰ্তমান জীৱনটোক সংস্কাৰিত ৰূপত আগুৱাই নিব লাগিব।
অৰ্থাৎ ভাল কামৰ মাজেদি জীৱনক আগুৱাই নিব লাগিব। সকলো জীৱৰ ভিতৰত মানুহ শ্ৰেষ্ঠ। মানুহৰ বিচাৰ ক্ষমতা,বিবেক আছে। তাৰ পিছতো বিবেকক ফাকি দি, আত্মাক ফাকি দি আমি কেতিয়াবা মানুহৰ শাৰীৰ পৰা আঁতৰি যাওঁ।পশুতকৈও অধমৰ শাৰীলৈ গুচি যাওঁ। ইতৰ প্ৰাণীবোৰেও বোধহয় আমাৰ কাণ্ড দেখি হাঁহে। আত্ম সংযমৰ অভাৱ, লোভৰ বশৱৰ্তী আৰু ইৰ্ষাপৰায়ণ হৈ আমি কি যে নকৰোঁ।
প্ৰকৃতিয়ে কাকো ইৰ্ষা নকৰাকৈ নিজৰ কাম কৰি আছে। সকলোকে সূৰ্যই পোহৰ দিছে। সময়ৰ গতিত প্ৰকৃতিয়ে খোজ কাঢ়ি আছে। আমি কিন্তু প্ৰকৃতিৰ দৰে নিয়ম মানি নচলোঁ।আমি আমাৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ প্ৰতিযোগিতা কৰি প্ৰকৃতিৰ বিৰুদ্ধে যুঁজত নামিছোঁ। প্ৰকৃতিৰ ওচৰত প্ৰায়শ্চিত্ত হৈয়ো লাজ পোৱা নাই জীৱ শ্ৰেষ্ঠ মানুহে। জীৱ শ্ৰেষ্ঠ মানুহে নিজৰ পাশৱিক চৰিত্ৰ নগ্ন ৰূপত প্ৰদৰ্শন কৰি আছে।
যাহওক, ভোগ বিলাসত নিমজ্জিত আধুনিক মানৱে আজি গোটেই পৃথিৱীখনকেই এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে।নিমিষতে বিশ্বৰ খবৰ লৈছে। সমাজ ব্যৱস্থাই ভোগ বিলাসী মানুহক কৰিছে ব্যক্তিকেন্দ্ৰিক, স্বাৰ্থপৰ। কৃত্ৰিম বুদ্ধিমত্তাৰ পিছে পিছে দৌৰা মানুহৰ আৱেগিক বুদ্ধিমত্তা ক্ৰমাৎ শূন্য হৈ আহিব ধৰিছে। পৃথিৱীৰ খবৰ ৰখা মানুহে চুবুৰীয়াৰ খবৰ নোপোৱা হৈছে। কৃতজ্ঞতা,শুভেছা প্ৰেৰণৰ মাধ্যমো হৈ পৰিছে আৱেগহীন,যান্ত্ৰিক।
সমূহীয়া প্ৰয়াসবোৰ ক্ৰমাৎ হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে। আধুনিক শিক্ষাই নিজক অতি ব্যক্তিকেন্দ্ৰিক , স্বাৰ্থপৰ হ’বলৈ উৎসাহিত কৰিছে। কেৱল নিজে প্ৰথম হোৱাৰ প্ৰতিযোগিতা। আনক অগ্ৰগতিৰ সহযোগী কৰিবলৈ আজিৰ শিক্ষাই উৎসাহিত নকৰে। অভিভাৱকেও সন্তানৰ পৰা কেৱল নম্বৰ আশা কৰে, সন্তান সুখী নে অসুখী তাৰ সন্ধান নকৰে।
“ক’ৰবাত অন্যায়েই ন্যায়, ক’ৰবাত ন্যায়েই অন্যায়। ক’ৰবাত সঁচাই মিছা, ক’ৰবাত মিছাই সঁচা। মানুহেও মোট সলাই থকা হৈছে। কেতিয়াবা বামপন্থী হৈছে সোঁপন্থী। কেতিয়াবা সোঁপন্থী হৈছে বিৰাট বামপন্থী। কেতিয়াবা যদি জাতীয়তাবাদী ৰাষ্ট্ৰীয়তাবাদী হৈছে, কেতিয়াবা ৰাষ্ট্ৰীয়তাবাদী হৈছে জাতীয়তাবাদী। সমাজত সৰ্বহাৰাৰ গান গোৱা কোনোবাজন আকৌ ঘৰত পুঁজিপতি। বিচিত্ৰ সমাজ, বিচিত্ৰ মানৱ। এয়াই আমাৰ আধুনিক সমাজৰ সঁচা ছবি।”
আজি নিজৰ সন্তানে আনৰ বাবে বা সহপাঠীৰ বাবে কি কৰিলে তাক নোসোধে। কেৱল নম্বৰ থকা চাৰ্টিফিকেটখনক লৈয়েই ব্যস্ত। কোনেও ভাবি নাচায় যে চাৰ্টিফিকেট এখনে এজন ব্যক্তি কিমান জ্ঞানী বা দক্ষ তাক নিৰূপণ নকৰে। সমাজত এনে শিল্পী আছে,যাৰ শিল্প কৰ্ম বহুজন সমাদৃত, কিন্তু তেওঁৰ তাৰ বাবে চাৰ্টিফিকেট নাই। সমাজৰ দ্বাৰা বহু সমাদৃত অভিনেতা আছে, আৱিস্কাৰক আছে, কিন্তু সেইবোৰ গুণৰ নাথাকে কোনো চাৰ্টিফিকেট।
ফলত শিক্ষা ব্যৱস্থাক লৈ আহিছে বিমূৰ্ত ধাৰণা। আজি আধুনিক সমাজ অৱক্ষয়ৰ দিশে ধাৱমান। স্বীকৃত যিটো,সেইটো অস্বীকৃত হৈছে। স্বীকৃত হৈছে অস্বীকৃত। অপাত্ৰই পাত্ৰ হৈছে।বহু ক্ষেত্ৰত পাত্ৰও অপাত্ৰত পৰিণত হৈছে। সত্য আৰু অসত্যৰ মাজত সীমাৰেখা অস্পষ্ট হৈ পৰিছে। ন্যায় আৰু অন্যায় আপেক্ষিক হৈ পৰিছে।
ক’ৰবাত অন্যায়েই ন্যায়, ক’ৰবাত ন্যায়েই অন্যায়। ক’ৰবাত সঁচাই মিছা, ক’ৰবাত মিছাই সঁচা। মানুহেও মোট সলাই থকা হৈছে। কেতিয়াবা বামপন্থী হৈছে সোঁপন্থী। কেতিয়াবা সোঁপন্থী হৈছে বিৰাট বামপন্থী। কেতিয়াবা যদি জাতীয়তাবাদী ৰাষ্ট্ৰীয়তাবাদী হৈছে, কেতিয়াবা ৰাষ্ট্ৰীয়তাবাদী হৈছে জাতীয়তাবাদী। সমাজত সৰ্বহাৰাৰ গান গোৱা কোনোবাজন আকৌ ঘৰত পুঁজিপতি। বিচিত্ৰ সমাজ, বিচিত্ৰ মানৱ। এয়াই আমাৰ আধুনিক সমাজৰ সঁচা ছবি।
ইফালে আধুনিক মানুহবোৰে কেৱল দৌৰি আছে। কিহৰ বাবে কোন দৌৰিছে সেয়াও বিচিত্ৰ। পোৱা নোপোৱাৰ সংঘাত হৈছে প্ৰকট। ৰজা ডাঙৰ নে প্ৰজা ডাঙৰ তাৰো নতুন সংজ্ঞা হৈছে। জনমত কি তাৰো আধুনিক সংজ্ঞাই বিব্ৰত কৰিছে নাগৰিকক। যুদ্ধৰ বিপৰীতে শান্তি নে শান্তিৰ বাবে যুদ্ধ তাৰ অৱস্থিতিও আধুনিক মানুহে বিভ্ৰান্ত কৰিছে। সমাজক কি দিলোঁ তাৰ সলনি সমাজৰ পৰা কি ল’ব পাৰোঁ তাৰ প্ৰতিযোগিতা চলিছে আধুনিক মানুহৰ মাজত।
আমি যিমান শিক্ষিত হৈছোঁ সিমানেই শিক্ষিতৰ মাজত অসংস্কৃত কামৰ প্ৰৱণতা বাঢ়িছে। প্ৰতিষ্ঠা লাভৰ প্ৰতিযোগিতা, বৈষয়িক উগ্ৰ চেতনা, অমানৱীয় কাৰ্যকলাপ, বঁটা সন্মানৰ প্ৰতি অহৈতুক আসক্তি, শিপাৰ সংকট, দুৰ্নীতি- ভ্ৰষ্টাচাৰ,ক্ষমতাৰ লালসা, আদিয়েও সমাজ জীৱন বিধ্বস্ত কৰিছে। ফলত বহু ক্ষেত্ৰত সামাজিক চেতনা সুপ্ত হৈ পৰিছে।
আমাৰ জীৱনশৈলীও হৈ পৰিছে বিশৃংখল, বৈচিত্ৰ্যময়। এনে এক জীৱনশৈলীৰ বাবে আধ্যাত্মিক বা মানসিক বা ইতিবাচক থেৰাপীৰ প্ৰয়োজন হৈ পৰিছে।তাৰেই কেইটামান আলোচনা কৰি এই জীৱন বিষয়ক চুটি ৰচনাখনৰ সামৰণি মাৰিব খুজিছোঁ।
আধুনিক মানুহৰ নেতিবাচক জীৱনশৈলী,অপ্ৰাকৃতিক খাদ্যাভ্যাস, পৰিশ্ৰমবিমুখতা ,সহজলভ্যতাৰ প্ৰতি অত্যধিক আসক্তি আদিয়ে মানুহৰ শৰীৰ আৰু মনত কু-প্ৰভাৱ পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আধুনিক মানুহে বিজ্ঞান সন্মত এক জীৱনশৈলীৰ অনুশীলনৰ প্ৰয়োজন হৈ পৰিছে। কিন্তু এনে বিজ্ঞান সন্মত জীৱনশৈলী আধুনিক মানুহে আখৰে আখৰে পালন কৰাটো এক কঠিন প্ৰক্ৰিয়া।
কাৰণ আধুনিক মানুহৰ জীৱন ইমান যান্ত্ৰিক হৈ পৰিছে যে নিজৰ জীৱনকৈও যেন আন কামৰ গুৰুত্ব বেছি। তথাপিও আধুনিক মানৱে এইসমূহৰ অনুশীলন নকৰিলে জীয়াই থকাই কঠিন হৈ পৰিব। এই বিজ্ঞান সন্মত অনুশীলন সমূহৰ কিছুমান মনস্তাত্বিক, কিছুমান ইতিবাচক প্ৰয়াস আৰু কিছুমান আধ্যাত্মিকতা লগত জড়িত দৰ্শন।তাৰে কিছুমান আলোচনা কৰিবলৈ লৈছোঁ।
জীৱনত যিবিলাক কথা বা কামে আপোনাৰ অশান্তি মাতে, তেনে কথা বা কামৰপৰা আঁতৰি থাকিবলৈ যত্ন কৰিব। যিবিলাক ভাল কামে আপোনাক সন্তুষ্ট কৰে তেনে কাম বাছনি কৰক। সদায় ভাল কাম কৰি যাওক। সমালোচনা ভাল কাম কৰিলেও কৰে। কিন্তু হতাশ নহৈ তেনে কাম কৰি যাব। কাৰণ এটা কথা মনত ৰাখিব যে সদায় সোণৰহে বিশুদ্ধতাক লৈ সন্দেহ কৰোঁ, কিন্তু লোৰ বিশুদ্ধতাক লৈ সাধাৰণতে প্ৰশ্ন নকৰোঁ।
” সদায় হিয়া উজাৰি হাঁহিবলৈ যত্ন কৰিব। সদায় বিভিন্ন ৰৈসিক কথা উলিয়াই হ’লেও ১০/১৫ মিনিট হাঁহিবলৈ সুযোগ ল’ব। নিতৌ হাঁহি আপুনি আপোনাৰ জীৱনকাল প্ৰায় আঠ বছৰ বৃদ্ধি কৰিব পাৰে। এয়া এচাম জীৱ বিজ্ঞানীৰ মত। জীৱনটোক সদায় সক্ৰিয় কৰি ৰাখিবলৈ প্ৰয়াস কৰিব। সদায় একোটা কাম উলিয়াই ল’ব।”
এই কথাও মনত ৰাখিব যে দুৰ্যোগৰ সময়ত কোনেও শুব নোৱৰা হয়, কিন্তু সুখৰ সময়তো মানুহে শুবলৈ নিবিচাৰে। প্ৰত্যেক মানুহৰ জীৱনক গুৰুত্ব দিব। ভাল মানুহৰ পৰা ইতিবাচক সঁহাৰি পাব, বেয়া মানুহৰ পৰাও শিকনি পাব। আন এটা কথা, আধুনিক মানুহৰ প্ৰয়োজনৰ অন্ত নাই। আমি যিখিনি পাইছোঁ সেইখিনিত কেতিয়াও সন্তুষ্ট হ’ব নোৱাৰোঁ।
কিন্তু আপুনি যিখিনি পাইছে সেইখিনিৰে সন্তুষ্টি লাভ কৰিবলৈ প্ৰয়াস কৰক। আপুনি Content People হ’বলৈ চেষ্টা কৰক। তেনে মানুহে থকাখিনি বা পোৱাখিনিৰ মাজতেই সন্তুষ্টি বিচাৰি পায়। আপুনি এনে এটা কাম কৰক যি কাম আনে কৰিবলৈ নোৱাৰি বুলি কৈছে।
আনে সুখী হোৱাৰ পথত আপুনিও অৰিহণা যোগাবলৈ যত্ন কৰক। তাৰ জৰিয়তে আপুনিও সৌভাগ্যশালী হ’ব পাৰে। কোনো দিনে ভৱিষ্যতৰ চিন্তা কৰি দুখ নকৰিব। কাৰণ ভৱিষ্যত সদায় অনিশ্চিত। ভৱিষ্যতে যিটো হ’ব বুলি বা ঘটিব বুলি ভাবি আছে সেয়া নঘটিবও পাৰে। আমি কেতিয়াবা কিছুমান কামৰ পৰিণতি ভৱিষ্যতে বহুত বিপজ্জনক হ’ব বুলি ভাবোঁ।
কিন্তু বহুতো বিশেষজ্ঞই প্ৰমাণ কৰিছে যে কেৱল মুষ্টিমেয় দুই চাৰিটাৰ ক্ষেত্ৰতহে ভবা মতে হয়। বাকীৰ ক্ষেত্ৰত সেইটো নঘটে। বৰ্তমানেই সত্য। বৰ্তমানেই জটিল। গতিকে বৰ্তমানক লৈ সুখী হ’বলৈ যত্ন কৰিব। আপুনি নিজকে এজন ভূক্তভোগী বুলি ভাবি নল’ব।
সদায় হিয়া উজাৰি হাঁহিবলৈ যত্ন কৰিব। সদায় বিভিন্ন ৰৈসিক কথা উলিয়াই হ’লেও ১০/১৫ মিনিট হাঁহিবলৈ সুযোগ ল’ব। নিতৌ হাঁহি আপুনি আপোনাৰ জীৱনকাল প্ৰায় আঠ বছৰ বৃদ্ধি কৰিব পাৰে। এয়া এচাম জীৱ বিজ্ঞানীৰ মত। জীৱনটোক সদায় সক্ৰিয় কৰি ৰাখিবলৈ প্ৰয়াস কৰিব। সদায় একোটা কাম উলিয়াই ল’ব।
“কিন্তু কেৱল মানুহৰ বাবেহে সময়ৰ নাটনি। যিয়ে কাম কৰি থাকে তেওঁৰ বাবে সময়ো থাকে ; কাম নকৰা জনৰ বাবেহে সময়ৰ নাটনি। পৃথিৱীৰ আন কোনো প্ৰাণীৰেই সময়ক লৈ অভিযোগ নাই। প্ৰকৃতিৰ বাবেও নিজৰ সময় যথোচিত। আমি যদি সঠিকভাৱে সময়ক ব্যৱহাৰ কৰোঁ, তেন্তে সময় ঠিকেই থাকিব। আমি পলম কৰিব পাৰোঁ কিন্তু সময়ে ৰৈ নাথাকে। আমি সময় বেছি বিচাৰোঁ কিন্তু ব্যৱহাৰ বৰ বেয়াকৈ কৰোঁ।”
জীৱন থকালৈকে অৱসৰৰ কথা নাভাবিব। চাকৰিৰ অৱসৰ হ’ল নিয়োগকৰ্তাৰ এক বিভাগীয় বিধি। তাক জীৱনৰ অৱসৰ বুলি নাভাবিব। আইজাক আছিমভে পঞ্চাশ বছৰ বয়সত লিখা আৰম্ভ কৰি প্ৰায় তিনিশৰো অধিক গ্ৰন্থ লিখি থৈ গৈছে।
জীৱনশৈলীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ এটা হ’ল বিজ্ঞান সন্মত খাদ্যাভ্যাস। আমাৰ ৰোগৰ অন্যতম কাৰণ হ’ল মাত্ৰাহীন আহাৰ বা মাত্ৰাধিক আহাৰ গ্ৰহণ। আহাৰ গ্ৰহণৰ ক্ষেত্ৰত এই দুয়োটাই বৰ্জনীয়। পেটৰ সদায় এভাগ খালী ৰাখি আহাৰ গ্ৰহণৰ চিন্তা কৰিব। যিমান পাৰি আমাৰ আহাৰ সাত্ত্বিক হোৱা বাঞ্ছনীয়।
সদায় সময়মতে আহাৰ গ্ৰহণৰ ব্যৱস্থা ল’ব লাগে। জাংক ফুড বা ছফট ডিংকছ যিমান পাৰি বৰ্জন কৰা উচিত। কাৰণ এইবোৰ খাদ্য স্বাস্থ্যৰ পৰিপন্থী।
সদায় নিদ্ৰাৰ ক্ষেত্ৰত সচেতন হ’ব। কম আৰু অতিৰিক্ত টোপনি স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। পৰাপক্ষত দিনত শোৱাটো এৰিব। সোনকালে টোপনিৰপৰা উঠাটো ভাল। বৈদিক দৰ্শন মতে ব্ৰহ্মমুহূৰ্তত শোৱাপাটী এৰিব লাগে। ইয়ে শাৰীৰিক আৰু মানসিক সক্ৰিয়তা বঢ়ায়। এলাহ, ক্ৰোধ আদি কমায়। শাস্ত্ৰীয় বিধি মতে সূৰ্য উদয়ৰ ৯৬ মিনিট আগৰ সময়খিনিয়েই ব্ৰহ্মমুহূৰ্ত। সিমানখিনি মানিব নোৱাৰিলেও সোনকালে উঠাৰ অভ্যাস গঢ়ক।
মাদক দ্ৰব্য- ধূমপান কৰাটো ত্যাগ কৰক। নিয়মিতভাৱে প্ৰণায়ম কৰা উচিত। সদায় সংযমী হৈ জীৱন যাপনৰ চেষ্টা কৰক। কাৰণ স্বাস্থ্য থাকিলে আশা থাকিব। এষাৰ কথা আছে” He who has health,has hope;and he who has hope, has everything “-Thomas Carlyle. জটিল ৰোগত অনিচ্ছা সত্বেও এলোপেথিক ঔষধ সেৱন কৰাটো জৰুৰী হৈ পৰে। কিন্তু হকে বিহকে এনে ঔষধ সেৱনৰ সলনি চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰাকৃতিকভাৱে চিকিৎসাৰ চেষ্টা কৰিব।
আধুনিক মানুহৰ জীৱনশৈলীৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল সময় ব্যৱস্থাপনা। এষাৰ কথা আমি জানো:” সময় পাখি লগা কাড়ৰ দৰে।” বেঞ্জামিন ফ্ৰেঙ্কলিনৰ মতে জীৱনটোৱে সময়ৰ দ্বাৰা নিৰ্মিত। তেওঁৰ ভাষাত: Don’t waste your time, because life is made of time ” এটা কথা ঠিক যে আমাৰ সকলোৰে বাবে সময় দিনটোত ২৪ ঘণ্টাই। কাৰো কাৰণে বেলেগ সময় নহয়। সকলো প্ৰাণীৰ বাবেই একে সময় অৰ্থাৎ দিনটোত ৮৬,৪০০ ছেকেণ্ড।
কিন্তু কেৱল মানুহৰ বাবেহে সময়ৰ নাটনি। যিয়ে কাম কৰি থাকে তেওঁৰ বাবে সময়ো থাকে ; কাম নকৰা জনৰ বাবেহে সময়ৰ নাটনি। পৃথিৱীৰ আন কোনো প্ৰাণীৰেই সময়ক লৈ অভিযোগ নাই। প্ৰকৃতিৰ বাবেও নিজৰ সময় যথোচিত। আমি যদি সঠিকভাৱে সময়ক ব্যৱহাৰ কৰোঁ, তেন্তে সময় ঠিকেই থাকিব। আমি পলম কৰিব পাৰোঁ কিন্তু সময়ে ৰৈ নাথাকে। আমি সময় বেছি বিচাৰোঁ কিন্তু ব্যৱহাৰ বৰ বেয়াকৈ কৰোঁ। William Penn ৰ ভাষাত: “Time is what we want most, but what we use worst ” .
“মানুহৰ ভাল কামক মুকলিকৈ প্ৰশংসা কৰিব। মানুহৰ বেয়া দিশটোতকৈ ভালবোৰ চাওক। মানুহৰ প্ৰতি কৃতজ্ঞ হওক। কৃতজ্ঞতা প্ৰকাশৰ বাবে বা বেলেগৰ ভাল কামৰ প্ৰশংসা কৰিবলৈ খৰচ নহয়। সকলোৰে কম বেছি পৰিমানে বেয়া থাকে। সকলোৰে ভালবোৰ লৈ ভাল সমাজৰ কল্পনা কৰক। বেয়াবোৰ এদিন নাইকিয়া হ’বলৈ ধৰিব। সদায় আশাবাদী হৈ থাকিব।”
আন এটা কথা। আমি প্ৰতিদিনে বিভিন্ন ঘটনাৰ সন্মুখীন হ’ব পৰোঁ। তাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰিও পাৰোঁ। কিন্তু তাৰ প্ৰতি কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ,সেইটোহে আমাৰ নিয়ন্ত্ৰণ। ঘটনা -পৰিঘটনা আমাৰ ক্ষমতাৰ বাহিৰৰ কিন্তু তাৰ ব্যৱস্থাপনা আমাৰ হাতৰ মুঠিত। পৃথিৱীখন সদায় পৰিবৰ্তনশীল। আমি তাক মানোঁ নে নামানোঁ সেয়া আমাৰ মানসিকতাৰ কথা। কিন্তু পৰিবৰ্তনক মানি চলা ভাল। ইয়ে আপোনাক সুখী কৰিব পাৰে।
পৰিবৰ্তনৰ বিস্ময়কৰ কথাটো হ’ল আপুনি যদি নিজেই পৰিবৰ্তন হ’ব নোখোজে আনকি ভগৱানেও আপোনাক পৰিবৰ্তন কৰিব নোৱাৰে। আপোনাৰ পৰিবৰ্তনৰ চাবি কাঠি আপোনাৰ হাততেই থাকে। Jen Sincerro ৰ ভাষাত: If you are serious about changing your life, you will find a way.If you are not, you will find an excuse “.
জীৱনত উন্নতি সাধিবলৈ হ’লে আপুনি সদায় অনাসায়ে পোৱাৰ বাসনাৰ(Comfort Zone) পৰা ওলাই আহিব লাগিব। যিকোনো সমস্যাক সাহসেৰে মোকাবিলা কৰিবলৈ সাজু থাকিব লাগিব।তাৰ বাবে পৰিস্থিতি সাপেক্ষে নিজকে সলনি কৰিবলৈ প্ৰস্তুত হ’ব পৰা দক্ষতাৰ গৰাকী হ’ব লাগিব। জীৱন বাটত আগুৱাই যাওতে সমস্যা আহিবই। কিন্তু আপুনি সমস্যাৰ দাস নহ’ব।
তলা খুলিবলৈ যিদৰে চাবি থাকে , সকলো সমস্যাৰেই সমাধান থাকে। যত সমাধান নাই, সি সমস্যা হ’বই নোৱাৰে। সমস্যাক নিজৰ নিয়ন্ত্ৰণত ৰাখি তাক সম্ভাৱনালৈ ৰূপান্তৰৰ সপোন দেখক। সমস্যাৰ কাঁইটীয়া বাটত সুবিধাও থাকে। ধৈৰ্য আৰু সাহসিকতাৰে তাক আদায় কৰিবলৈ যত্নপৰ হওক।
যেতিয়া কোনো এটা নতুন কাম আপুনি আৰম্ভ কৰে , তাত পুৰা শতাংশই ধ্যান দিয়ক। কাৰণ ” Well begun is half done”. কোনো এটা কামত যদি আপুনি বিফল হয়, তাৰ দায়িত্ব লওক,বিফলতাৰ পৰা শিকিবলৈ প্ৰয়াস কৰক আৰু এক নতুন পথৰ সন্ধান কৰক। সুফল নিশ্চিত। এটা কথা শাশ্বত যে বিফলতাৰ মুখ নেদেখাকৈ কোনোৱেই সকলোতে সম্পূৰ্ণ সফলতা অৰ্জন কৰিব নোৱাৰে।
সেয়ে বিফলতাৰ বাবে লজ্জাবোধ কৰাটো অনুচিত। আপুনি জানে নিশ্চয় যে টমাছ আলভা এডিছনে বাল্ব এটা আৱিষ্কাৰ কৰিবলৈ গৈ দহ হাজাৰ বাৰ ব্যৰ্থ হৈছিল। কিন্তু তেওঁ এই ব্যৰ্থতাৰ পৰাই শিকি বিশ্ববাসীক এক হাজাৰৰো অধিক বস্তু আৱিস্কাৰ কৰি দি থৈ গৈছে। জীৱনত জয় বা পৰাজয় থাকিবই কিন্তু তাৰ বাবে জীৱন ৰথৰ চকৰি অচল হ’ব নোৱাৰে।
সদায় ভয়ৰ পৰা মুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব। আচলতে ভয়ৰ কোনো অস্তিত্ব নাথাকে। ই আমাৰ মনৰ সৃষ্টি। তাক ধ্বংস কৰিবলৈ মনোবল বান্ধিব। ভয়ক প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ আৰু সাহ বৃদ্ধিৰ সমল হিচাপে ব্যৱহাৰ কৰক। আপোনাৰ জীৱনত সমস্যা আহিলে আনৰ সমস্যাৰ প্ৰতিও চিন্তা কৰক। আনৰ সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰক। নিজৰ সমস্যাই সমাধানৰ বাট দেখুৱাব।
নিজকে কাৰো লগত তুলনা নকৰিব। সৃষ্টিকৰ্তাই সকলোকে অনন্য হিচাপে সৃষ্টি কৰিছে। সকলোৰে এটা বিশেষ গুণ থাকে। তাক সন্মান জনোৱা উচিত। কেৱল নিজক নিজৰ লগতহে তুলনা কৰক। নিজৰ দুৰ্বলতাখিনি সবল কৰক। নিজৰ দক্ষতাখিনি বিচাৰি উলিয়াই তাক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা কৰক। দেখিব আপুনিও এজন সফল ব্যক্তি। Nitin Namdeoৰ ভিষাত: “Comparing your bad with their good don’t make any sense”.
কিবা সিদ্ধান্ত লওতে নিজৰ বিবেকক সুধি লওক। তেনে সিদ্ধান্ত কেতিয়াবা ভুল হ’বও পাৰে, কিন্তু তাক আপুনি হয়তো ভৱিষ্যতে পুনৰাবৃত্তি নকৰে। নিজৰ বিবেকৰ আহ্বান শুনি সেই মতে অগ্ৰসৰ হৈ কাম কৰক। সকলো কাম আভ্যাস নহয়। অভ্যাস হ’বলৈ কামৰ ধাৰাবাহিকতা লাগে। ভাল কাম এদিন কৰাকেই অভ্যাস নকয়। ইয়াক অবিৰতকৈ ৰাখিবলৈ যত্ন কৰিব।
ধৰক আপুনি পুৱা পাঁচ মিনিটৰ বাবে খোজ কাঢ়ে। এইখিনিকেই অবিৰতভাৱে কৰক। তেতিয়া ই অভ্যাস হ’ব। ইয়াৰ পৰা উপকাৰ আহিব। এৰিষ্ট’টলে কৈছিল:” We are what we repeatedly do. Excellence, therefore, is not an act but a habit.”
জীৱনশৈলীত প্ৰেম বা ভালপোৱা অতি প্ৰয়োজন। ই আমাৰ প্ৰেৰণাৰ উৎস। আজি আমাৰ আধুনিক সমাজত বিশেষকৈ নতুন প্ৰজন্মৰ মাজত প্ৰেমক লৈ নানা অসূয়া অশান্তি হ’বলৈ ধৰিছে। লীভ টুগেদাৰৰ দৰে সংস্কৃতি আৰম্ভ হৈছে।
এই ক্ষেত্ৰত আইনগত বাধাও আঁতৰিছে। আজিৰ প্ৰজন্মৰ মাজত প্ৰেম মানে কেৱল শাৰীৰিক সম্পৰ্ক যেন। ফলত বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কৰ পিছত নিজৰ সংগী গৰাকীৰ প্ৰতি আকৰ্ষণ কমি যায়। ফলত সম্পৰ্ক সৰহ দিন নিটিকে।
শাৰীৰিক সম্পৰ্ক নোহোৱাকৈ প্ৰেমৰ সম্পৰ্ক আগবঢ়াব পাৰি যদিহে হৃদয়ৰ পৰা কাৰোবাক ভাল পোৱা যায়।
“প্ৰকৃতিয়ে কাকো ইৰ্ষা নকৰাকৈ নিজৰ কাম কৰি আছে। সকলোকে সূৰ্যই পোহৰ দিছে। সময়ৰ গতিত প্ৰকৃতিয়ে খোজ কাঢ়ি আছে। আমি কিন্তু প্ৰকৃতিৰ দৰে নিয়ম মানি নচলোঁ।আমি আমাৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ প্ৰতিযোগিতা কৰি প্ৰকৃতিৰ বিৰুদ্ধে যুঁজত নামিছোঁ। প্ৰকৃতিৰ ওচৰত প্ৰায়শ্চিত্ত হৈয়ো লাজ পোৱা নাই জীৱ শ্ৰেষ্ঠ মানুহে। জীৱ শ্ৰেষ্ঠ মানুহে নিজৰ পাশৱিক চৰিত্ৰ নগ্ন ৰূপত প্ৰদৰ্শন কৰি আছে।”
আমি সততে কিবা এটা কৰিবলৈ যাওঁতে জটিলতাৰ সন্মুখীন হ’লে তাক কৰিবলৈ ইচ্ছা নকৰোঁ। সেইটো বাদ দিব বিচাৰোঁ। কিন্তু তাত আৰু কিছু শ্ৰম বা শক্তি দিবলৈ প্ৰয়াস নকৰোঁ। সেইটোৱেই আমাৰ দুৰ্বলতা। মনত ৰখা ভাল যে কঠোৰ শ্ৰমৰ এই ক্ষেত্ৰত কোনো বিকল্প নাই। Arthur Rubinstein ৰ ভাষাত: ” Of course there is no formula for success except , perhaps, an unconditional acceptance of life and what it brings”.
আৰু কেইটামান কথা মন কৰিব। মানুহৰ ভাল কামক মুকলিকৈ প্ৰশংসা কৰিব। মানুহৰ বেয়া দিশটোতকৈ ভালবোৰ চাওক। মানুহৰ প্ৰতি কৃতজ্ঞ হওক। কৃতজ্ঞতা প্ৰকাশৰ বাবে বা বেলেগৰ ভাল কামৰ প্ৰশংসা কৰিবলৈ খৰচ নহয়। সকলোৰে কম বেছি পৰিমানে বেয়া থাকে। সকলোৰে ভালবোৰ লৈ ভাল সমাজৰ কল্পনা কৰক। বেয়াবোৰ এদিন নাইকিয়া হ’বলৈ ধৰিব। সদায় আশাবাদী হৈ থাকিব।
মনটোক সদায় ভাল কামেৰে পুৰাই ৰাখিবলৈ যত্ন কৰিব। যাতে বেয়া বা নেতিবাচক কথাবোৰে মনৰ কোঠালী পূৰ কৰিব নোৱাৰে। “ An empty mind is Devil’s workshop.“. নিয়মীয়াকৈ কিতাপ পঢ়ক।
বিশ্বত ইমান কিতাপ আছে যে আপুনি জীৱন কালত সকলোবোৰ পঢ়া সম্ভৱ নহয়। সেয়ে সদায় ভাল কিতাপৰ সন্ধান কৰক। সেইবোৰ প্ৰাধান্যভিত্তিত পঢ়িবলৈ যত্ন কৰক। ভাল পুথিৰ অধ্যয়নে আপোনাক ভাল চিন্তাৰ অধিকাৰী কৰিব। মনক ভাল পুথিৰ খোৰাক দিয়া মানেই শৰীৰৰ বাবে ব্যায়াম। ” Reading is to mind what exercise is to body.”.
শেষত বৈদিক মন্ত্ৰ এষাৰেৰে সামৰিছোঁ:
সৰ্বে ভবন্তু সুখিন:
সৰ্বে সন্তু নিৰাময়া:।
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)