জ্যোতিপ্ৰসাদ আগৰৱালা
মনস্বিনী শৰ্মা
অসমীয়া জাতি আৰু সমাজৰ শিল্প, সাহিত্য, কলা-সংস্কৃতিৰ হকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এক অনবদ্য অৱদান আগবঢ়াই গৈছে।
১৯০৩ চনৰ ১৭ জানুৱাৰীত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই সাহিত্যৰ অন্যান্য দিশসমূহৰ লগতে গল্পৰ দিশটোক চকুতলগাকৈ চহকী কৰা নাছিল যদিও এই দিশটো তেখেতে নিজৰ সফল প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেখেতে সৰ্বমুঠ নটা গল্প লিখিছিল, ইয়াৰ বেছিভাগ গল্পতেই তেখেতৰ কল্পনাৰ সাৱলীল বৰ্ণনা পৰিস্ফুট হৈছিল।
আগৰৱালাদেৱৰ ‘ৰূপহী‘ গল্পত সাৱলীল প্ৰাকৃতিক বৰ্ণনা আৰু শিথিল বন্ধনৰ কথা পোৱা যায়। গল্পটোৰ প্ৰাকৃতিক বৰ্ণনাৰ দ্বাৰা নিৰ্মিত পৰিৱেশ অতি চিত্তাকৰ্ষক। নায়ক-নায়িকাৰ কলাই ‘ৰূপহী’ গল্পটোক আৰ্কষণীয় প্ৰণয়মধুৰ কৰি তুলিছে।
সেইদৰে তেখেতে বিদেশী গল্পৰ সহায়ত ‘বগীতৰা’ নামৰ আন এটা গল্প লিখি গল্পটোত অসমৰ মানুহৰ জীৱনত বৰলুইতৰ ভূমিকা, ব’হাগ বিহুৰ জীৱন্ত ছবিখনক সুন্দৰকৈ ফুটাই তুলি প্ৰাণৱন্ত ৰূপ দিছিল। গল্পটোৰ কাহিনীভাগে পাঠকৰ মনত উৎকণ্ঠা যোগায়।
‘সোণতৰা’ তেখেতৰ নটা খণ্ডৰ এটা দীঘল গল্প। এই গল্পৰ নায়িকা সোণতৰাৰ জীৱনৰ দীঘল অংশ এটাৰ যন্ত্ৰণাক্লিষ্ট বৰ্ণনা আছে। সোণতৰাত দুজন নায়কৰ কথা বৰ্ণনা কৰিছে। ইয়াৰে এজনৰ সোণতৰাৰ প্ৰতি দেহৰ আৰ্কষণহে আছে আৰু আনজনৰ সোণতৰাৰ প্ৰতি আছে নিভৃত প্ৰেম। এই গল্পত সোণতৰা এক গতিশীল আৰু জীৱন্ত চৰিত্ৰ। সৰল স্বভাৱৰ বাবে সোণতৰাই জীৱনৰ যাত্ৰাপথত ভিন্ন প্ৰকৃতিৰ মানুহৰ পৰা নানান অভিজ্ঞতা অৰ্জন কৰিছে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্পৰ আন নাৰী চৰিত্ৰৰ তুলনাত সোণতৰা বহু পৰিমাণে সফল সৃষ্টি। সেইদৰে আগৰৱালাদেৱৰ শিশুগল্প ‘সোণটিৰ অভিমান’ শীৰ্ষক গল্পত গাঁৱৰ শিশুৰ স্বভাৱসুলভ দুষ্টামিবোৰক অতি বাস্তৱ ৰূপত ফুটাই তুলিছে। সোণটিৰ দুষ্টালি আৰু মাহীমাকৰ ৰুক্ষ আচৰণ আৰু সোণটিৰ মাতৃহীন মানসিকতাৰ অভিমান গল্পটোৰ অন্যতম বৈশিষ্ট্য।
‘যুঁজাৰু’ গল্পটোৰ পটভূমি ফ্ৰান্স দেশ। এই গল্পটোত অসমীয়া সৈনিক বীৰহুৱে ফ্ৰান্সৰ স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি ল’বলগীয়া হয়। চাৰিটা খণ্ডত বিভক্ত দীঘল গল্পটোৰ কাহিনীভাগ অতি সৰল। ‘সতীৰ সোঁৱৰণি’ গল্পটোত আগৰৱালাদেৱে বিদেশী গল্পৰ সহায় লৈ অসমৰ বৰ লুইতৰ পাৰ, অসমৰ গ্ৰাম্য সমাজ আৰু অসমৰ সামন্তযুগীয় পটভূমিক তুলি ধৰিছে। গল্পটো সাধুকথাধৰ্মী আৰু বক্তব্য গতানুগতিক।
‘সন্ধি’ গল্পটো অসমত মানৰ আক্ৰমণৰ পটভূমিত ৰচনা কৰা হৈছে। সোণপাহী আৰু ককায়েক ৰুদ্ৰকান্তৰ মাজেদি অসমত মানৰ আক্ৰমণৰ ভয়াৱহতা প্ৰদৰ্শন কৰিবলৈ যত্ন কৰা হৈছে। আগৰৱালাদেৱৰ ‘প্ৰত্নতাত্ত্বিকৰ কলাঘূমটি’ গল্পটো আনকেইটাৰ তুলনাত অগতানুগতিক। গল্পটোৰ বিষয়বস্তু, চৰিত্ৰ আৰু পৰিৱেশ নতুন ধৰণৰ। গল্পটোত লেখকে নিজে এজন তত্ববাগীশ প্ৰত্নতাত্ত্বিক চৰিত্ৰৰূপে আত্মপ্ৰকাশ কৰিছে আৰু তাৰ বিপৰীতে এজন শিলাকুটী ডেকাক যথাৰ্থ শিল্পীৰূপত প্ৰকাশ কৰোৱাইছে।
‘নীলা চৰাই’ গল্পটোত আপাত দৃষ্টিত শিশু উপযোগী গল্প যেন লাগে। কাৰণ ইয়াত শিশুৰ কল্পনাপ্ৰৱণ মনৰ উপযোগীকৈ ৰহস্যময় ঘটনাৰ আভাস আছে। তিলতিল আৰু মিতিল নামৰ দুটি শিশু চৰিত্ৰৰ নীলা চৰাইৰ সন্ধানৰ মাজেদি মানুহৰ চিৰন্তন শান্তি প্ৰয়াসী মনৰ নিৰন্তন ব্যাকুলতাকেই প্ৰকাশ কৰা হৈছে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্পৰ বিষয়বস্তু আৰু গঠন পদ্ধতি আৱাহন যুগৰ গল্পৰ সৈতে একেই। সোণটিৰ অভিমান, সন্ধি, প্ৰত্নতাত্ত্বিকৰ কলাঘূমটি আৰু নীলা চৰাই এই চাৰিটা গল্পৰ বাহিৰে বাকীকেইটা গল্পৰ মুখ্য উপাদান নৰ-নাৰীৰ প্ৰেম। তেখেতৰ গল্পসমূহত নাৰী চৰিত্ৰবোৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক সক্ৰিয়।
সামগ্ৰিকভাৱে সকলোখিনি গল্পত বিৰাজমান হৈ থকা মানৱীয় অনুভূতিৰ গভীৰ আবেদনৰ বাবেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গল্পকেইটা শ্ৰেষ্ঠ নহ’লেও সুখপাঠ্য। শিশুৰ মনোৰঞ্জনধৰ্মিতা আৰু শিশু মনস্তত্বৰ সুক্ষ্ম প্ৰতিফলনৰ দ্বাৰা তেখেতে শিশু গল্পসমূহ লিখিছিল।
নীলা চৰাই গল্পটিৰ দ্বাৰা আগৰৱালাদেৱে প্ৰকৃততে সুখ সন্ধানী মানুহে সুখ বিচাৰি-বিচাৰি যে জীৱনৰ আচল সময়বোৰ অনাহকতে হেৰুৱাই পেলাই, অথচ সুখ মানুহৰ মনৰ মাজতেই থাকে সেই অৰ্থবহ কথাটিকেই প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। শিশু গল্পত লেখকে নীতিকথাৰ জ্ঞান দিবলৈও যত্নপৰ হৈছে।
মানৱ জীৱনৰ কিছু চৰিত্ৰ-বৈশিষ্টক প্ৰতিফলন ঘটাই, শিশুসকলৰ মনোজগতৰ কল্পনাক সাঙুৰি মূলতঃ গল্প ৰচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া ভাষা-সাহিত্যৰ সকলো দিশতে এক সুকীয়া নাম ৰাখি যাবলৈ সক্ষম হোৱাটো তেওঁৰ সাফল্যময় জীৱনৰেই অন্য এক উল্লেখযোগ্য দিশ।
মাত্ৰ ৪৮ বছৰ বয়সতেই ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুবৰণ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজিৰ এই পবিত্ৰ তেখেতৰ মৃত্যু দিনটোত আমি তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।
(লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)