অ’ মোৰ ধুনীয়া গাঁও
অ’ মোৰ ধুনীয়া গাঁও
ৰজাকো, প্ৰজাকো,
আমাক গৰকাকো
তোৰে পদূলিতে বান্ধি ৰখাওঁ
অ’ মোৰ ধুনীয়া গাঁও ৷
তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
থকা ঘৰে মোক দিয়ে,
ইকৰা-খাগৰি উলু-খেৰণিয়ে
হজুৱা-বনুৱা জীয়ে ৷
তোৰ মৰমতে ধাননি উপচি
মাণিকিমধুৰী আহে,
তোৰে চেনেহতে ফুলা সৰিয়হে
পাহি মেলি মেলি হাঁহে ৷
তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে
নকৈ বাঁতিছে তাঁত,
গাঁৱৰ ডেকা ল’ৰাই
তিনিসইত খাইছে —
নেৰিছোঁ নেৰিছোঁ
দুবেলাৰ দুসাজি ভাত ৷
অ’ মোৰ ধুনীয়া গাঁও !
অত দিনে থকা
ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷
অক’মানি ছোৱালী
মই
কুনিমুনি
অক’মানি ছোৱালী
ফুটুক্টুকী মই
টুক্টুক্কৈ ফুৰোঁ
খেদি খেদি পখিলী
ধূলিৰে ধেমালি মোৰ
অক’মানি ছোৱালী ৷
দেউতাৰ পদূলিত
ফুল সৰে শেৱালি
মই ফুৰোঁ বুটলি,
একোঁচ দুকোঁচকৈ
তিনিকোঁচ পাঁচকোঁচ
আনো যে তুলি ৷
আইতাৰ থাপনাত
ফুলৰ শৰাই পাতি
চাকি দিওঁ গধূলি,
সেৱা কৰি
ৰৈ থাকোঁ
লাৰুৱা গোসাঁইটিয়ে
লাৰু এটা
মোকো আনি
খাবলৈ দিবহি বুলি ৷
এশৰাই ফুল দিওঁ
থাপনাত চাকি দিওঁ আশা পালি
নিতে নিতে গধূলি
মই যে অক’মানি ছোৱালী ৷
বগীতৰা বকুলে
দুবৰিৰ নিয়ৰেৰে
মৰমৰ কথা পাতে
উৰুলিজোলোকা দি
হাঁহে সোণ ৰ’দালি,
কুক্-ভা বুলি মই
সিহঁতৰ ভাগি দিলোঁ
মই বুজ নোপোৱা
অমাতৰ কাকলি ৷
বগীতৰা বকুলীক
লৈ আহোঁ ঘৰলৈ
গোন্ধৰ হাঁচটিখন
কৰি দিয়ে মুকলি
মোৰে স’তে খেলি খেলি ৷
অক’মানি ছোৱালী …
খং হ’লে নাই মোৰ
ৰং হ’লে আছে,
নাকান্দো নহয় মই
ঠেহ পাতোঁ পাছে ৷
হাহোঁ, মাতোঁ, গান গাওঁ
সপোনত দেখা পাওঁ
কুনিমুলি বগা হাতীপোৱালি ;
মোৰ বানবাটিটোৰ
গাখীৰ সোপাকে খাই
গোৰ মাৰি ভাঙি দিয়ে
গাখীৰৰ টেকেলি,
শুৰেৰে মেৰাই আনি
কোঁচ ভৰি দিয়ে মোক
ক’ৰবাৰ ফুলবোৰ সোণালী-ৰূপালী
লোথোক্ লোথোক্ নাচে
বগা হাতীপোৱালি ৷
আহ্ অ’, আহ্ অ’
ৰঙা চৰাই !
কুতুকুক্ কুতুলুক্
গান গাই গাই
আহ্ অ’
আহ্ অ’ ৰঙা চৰাই ৷
ৰঙাজবাৰ আমি
মউজোল খাম,
পুতলাৰ নাচ-বাগ
তোক দেখুৱাম ৷
মোৰে স’তে হাঁহিবি
মোৰে স’তে নাচিবি
মোৰখন কাঁহীতে
ভাত দিম, দুধ দিম
খুটুক্ খুটুক্কৈ
খুটি খাবি ৷
অ’ বুলবুলি !
নেজ নচুৱাই নাচ
কুতুলুক্ কুতুলুক্ বুলি ৷
মাজনীয়ে মোক
আনেগে’ ধৰি
সাতোটা বাজিল বুলি
দেখুৱাই ঘড়ী
পঢ়াবলে’ বহুৱায়….
অকলে পুতলাবোৰ
আমন-জিমনকৈ
থাকে পৰি পৰি ;
‘ক’টোৰ শুৰডাল
দেখি মোৰ লাগে ভাল,
পুতলা হাতীটোলে’
মনত আক’ জোকাৰে এচাৰি ৷
‘ঙ’টো দেখিলে মই
চকুৰ আগেদি মোৰ
বেংটোৱে মাৰে বৰ জাঁপ ;
দন্তীয়া স দেখি
গোটেই আখৰবোৰ
লাগে যেন
এটা ঢোৰাসাপ,
মোক যেন
মেৰিয়াই ধৰে
পুতলাৰ ওচৰলে’
যাবলৈ নিদিয়ে ৷
একাৰ ডালে বাৰে বাৰে
কৰে দিগ্দাৰ
ঘড়ীটো নাবাজে কিয়
কাঁটাডাল ৰৈ থাকে তাৰ ?
বৰ ভোক লাগে মোৰ
ভোকে আহি ধৰে,
মাজনী বৰ বেয়া
তেও মোক নেৰে ৷
আমাৰ ঘৰটো ভাল
ফুল থকা আগফাল ,
আমে-জামে
কলাগাছে
তামোলৰে ভৰা পাছফাল ৷
চিৰা খুন্দা ঢেকীশাল
লগতে খুন্দনা এটা
এটা উৰাল,
ফুলাম-গামোচা বোৱা
মাৰ তাঁতশাল
দুবৰি বনেৰে আছে ধুনীয়া চোতাল ৷
পিছে হ’লে
ময়ে আৰু
অকণ বাপুয়ে
চিক্ চিক্কৈ জানো
পাকঘৰটোহে হ’লে
আটাইতবোৰতকৈ
ভালতোকে ভাল ৷
আলু পোৰা
কেনে মজা
থাকে তাত
মাছ ভজা
মিঠৈ-সন্দেহ
থাকে
যত পাৰি খাবি ;
মাজনীয়ে হলে
তালে বাৰে বাৰে গ’লে
চকু পোন্দোৱাই ধৰি
দুৱাৰত মাৰি দিয়ে
শকত ভোম্বোলসিং
মস্ত তলা-চাবি ৷
তলাডালে
হাঁহে চাই
ঢেক্ঢেক্কৈ…
এনে খং উঠে যেন
তাক ধৰি
ভুকু দিমগৈ ৷
ৰিকিমিকি পখিলাৰ চিকিমিকি পাখি
ৰিণ্জিন্ বিননিৰে উৰে মউমাখি ৷
আমে-জামে মলিয়ায় কুঁহি কুঁহি পাত
বাইদেৱে বিহুনাম গায় জাত জাত ৷
কিমান তাৰিখে বিহু
জানানেহে বাৰু ?
ঘিলাপিঠা এনে এঠা
খোলাচপৰীয়া মিঠা
শিং থকা তিলপিঠা
ৰঙা-বগা আলু
নাৰিকলৰ লাৰু,
খাই মোৰ লাগে ভাল
বাইদেৱে বিহু নাচে জোকাৰি কঁকাল ৷
ৰেঁচ্পেঁচ্
পোছাকেৰে
বাইদেৱে ধুনপেঁচ
মাৰি যায়
থিয়েটাৰ-ভাওনা চাবলে’,
মই যাব খুজিলেই
টোপনি আহিব বুলি
পুতলা দিমহি বুলি
ফুচুলায় শুবলে’ ৷
কোনোবা টলকতে
বাইদেউ গুচি যায়গৈ,
বিচনাত বহি বহি
পুতলাৰ কথাকেই
গুণি গুণি ভাবি থাকোঁ মই ৷
ডাঙৰ যেতিয়া হ’ম
কিমান ইমানবোৰ পুতলা আনিম,
দেউতাৰ চন্দুকৰ
পইচাসোপাকে নি
গোটেই বজাৰৰে পুতলা কিনিম ৷
কি কি কিনিম জানা ?
বহুত কিনিম
দোকান উদং কৰি তেনেই আনিম ৷
এক্ দুই তিনি চাৰি
পাঁচ সাত বাৰ তেৰ ন দহ বিছ্
একইছ্ বাইছ্ তেইছ্
পয়ত্ৰিছ্ ছয়ত্ৰিছ্
এশ দুশ অষ্টসত্তৰ
ঊনানব্বই
একানব্বই বিৰানব্বই বহুত নব্বই
কিনি কিনি পুতলা
দিম থই থই ৷
হাঁহ পেক্ পেক্ কৰা
চাৰি দিলে লৰ মৰা
টেপা দিলে কেঁক কৰা ৰবৰৰ ল’ৰা
ভোকোহা নোকোহা এটা নাক-মুখ খৰা ৷
মস্ত মলুৱা এটা টেঙৰ বান্দৰ
ভেঙুৰা-ভেঙুৰি কৰি
ছুই দিলে মাৰে বৰ লৰ ৷
আনিম আনিম এটা ওৰাংওটাং
মূৰত চেপিলে তাৰ
তাল বায় খেটাংখেটাং ৷
হনুমান মুখ মেলি কৰে কাপ্ কাপ্
কাণখন মোহাৰিলে মাৰে থিয় জাঁপ ৷
ঢেকুৰা কুকুৰ এটা ভেবেলা কুকুৰ
ৰছীৰে টানিলে লৰে টুকুৰ টুকুৰ ৷
এখৰাহি আনি থম
অক’মান ল’ৰা,
এডলা ছোৱালী কিনি
খৰাহিৰ পৰা দিম এটা এটা দৰা ৷
বিয়া হ’ব ধুমধাম্
ঢোল বাব ধিন্দাং
গিজিতাং গিজিতাং
ধিনিদাং খিতাং খিতাং
নাম গাম জাত্ জাত্
পানী তুলি তুলি আহি
বৰবিয়া হৈ গ’লে, বাহীবিয়া
হ’ব পিছে
খাম ভোজ-ভাত,
বাইদেউক হলে মই
সোমাবলে’ নিদিম কোঠাত ৷
মোক যদি আগলৈ
ভাওনালে’ নিম বুলি কয়,
তেতিয়াহে পাব কিবা
যদি বাকী ৰয় ৷
তাৰ পিছে আক’ মই
কিনিম খেলনা গৈ,
ভাত ৰন্ধা
সৰু সৰু
চছ্পেন চৰু
কেৰাহী, ডেগ্ছি তেৱা
আৰু পানী উতলোৱা
সেইটো যে কি নাম ?
কেটেলী নে কেটেলাপহু ?
কেবাটাও বট্লহি খুব সৰু সৰু ৷
হেতা কৰছুলি
আৰু লোহাৰ জিঁজিৰা
চামুচ কটাৰী কাঁটা
কল এটা কণী ফেটা
ৰুটিপুৰি বেলিবলে’ বেলোন বেলেনা
ৰন্ধা-বঢ়া কৰা জত
আছে খেলনা ৷
ভাত হ’ব ভক্ ভক্,
দাইলখন উতলিলে
বক্ বক্ বক্
চেঁৎকৈ মাৰি দিম
জলকীয়া জিৰাৰ চমক্,
চমকৰ ভমকত উঠে যদি জুই
বাল্টিৰ পানী মাৰি দিম ধৰি ধুই ৷
তাৰ পিছে ভজা-পোৰা
বছাত লাগিম,
পেটুৱা ভেঙেনা আনি
তাৰ ধৰি পেটটো ফালিম ৷
লঠামূৰা লাওটোৰ
টিকনি কাটিম,
ঘেচেৰ্ ঘেচেৰ্কৈ
মাছবোৰ আনি আনি
মৈদাত বাছিম-কাছিম,
আলু-পটলৰ ধৰি বাকলি চাঁচিম ৷
মূলাবোৰ কাটি যাম
খচ্ খচ্কৈ
মাজে মাজে এটুকুৰা
খাম তাৰে মচ্মচ্কৈ ৷
ঠাহি ঠাহি
কুটি যাম
এটা কলডিল,
ভাজিবলে’ বাছি লম
খুতৰীয়া শাক জিল্মিল ৷
শাক-পাচলি চব
বাছিম কুটিম,
মটৰ-মাহখিনি হলে
কোচত থৈ দিম ৷
হুটুৰ হুটুৰকৈ
ঔ টেঠা এটা আনি
মাটিত খুন্দিম,
তিনিফাল চাৰিফাল
কৰি তাৰে
বখলিয়াই মই
টেঙাশাক আঞ্জা ৰান্ধিম,
আধাখিনি হওঁতেই নিমখ
চাকিম ৷
পাতত দিয়া, ভাতত দিয়া
খৰলি জালুকীয়া
অসমীয়া খাৰ্-টেঙা
খাই খাই টকালি পাৰিবি,
কেঞাৰ ৰহৰ দালি
খাই-বৈ উগাৰ মাৰিবি ৷
পাপৰ ভজা কুচ্কুচ্
আলু ভজা মুচ্মুচ্
কনীভজা আমলেট্
ইংলিছ টোছ্
‘মোগলাই কাৰী’ আৰু
কোপ্তা-পোলাও,
জলা পাই হ’ব তোৰ
চকুপানী ওলাওঁ ওলাওঁ ৷
ৰঙলুৱা চৰ্চ্চৰি
পালে খাবি জাঁপ ধৰি,
ইংৰাজী কাট্লেট
বইল ৰোছ্ ফোছ্
খালে তোৰ বাপুকণ
হ’ব দিলখোছ ৷
ৰান্ধনী-বাঢনীবোৰ
বৰ ভাল পাওঁ,
ঘিউ আছে
মউ আছে
দুধ আছে
দৈ
আৰু আখৈ
খাওঁ লৈ লৈ ৷
কঠালগুটিটো পোৰা; জুইত দিলে ধুম্ কৰা
কছুৰী, ফুলৰী-বড়া
ৰসগোল্লা ৰসকৰা
খেদি খেদি খাওঁ
এটা কথাহে হ’লে বৰ বেয়া পাওঁ ৷
তিতা তিতা নিমপাত
কেটেহা পটল পাত
তিতাকেৰেলা,
খালে মোৰ লাগে যেন
জিভাত বগাই যেন
এটা বৰ চেলা ৷
তাতোকৈ আৰু
বেয়া পাওঁ বাৰু
মায়ে মোক যেতিয়াই
কন্দুৱাই
কন্দুৱাই,
ভাল ভাল বুলি বুলি
বেয়া বেয়া দৰৱ খুৱায় ৷
মুখখন ধৰে ফালি
চামুচেৰে দিয়ে ঢালি
হাত-ভৰি এছাৰিলে
এৰিবৰ নাই,
দেউতাও আহি
প্ৰথমতে হাঁহি
কয় বোলে ঔষধ বৰ ভাল ;
তথাপি নাখালে মই
দাবি মাৰি
ঘৰ-বাৰী
কৰে তালফাল
ইমান খঙাল !
নানান বিলৈ কৰি
নগুৰ-বাগতি কৰি
ধৰি ধৰি ঔষধ খুৱায়,
ডাঙৰ হলেই মই
দৰৱসোপাকে গই
পুখুৰীত দিম নি পেলাই ;
ভাত খাই উঠিলেই
দেৱাই খুৱাই বুলি
ভাতকেই খাবলই
মাজে মাজে
মনকে নাযায় ৷
ডাক্তৰডাল
কিয় জানো ঘনে ঘনে
আমাৰ ঘৰলে’ আহে
দুষ্ট পেটাল !
তাক দেখিলেই মোৰ
চুলি আগে জীৱ যায়
দেৱাই দেৱাই তাৰ
গাটো গোন্ধায়,
বেজী মাৰি সেইটোৱে বৰ ৰং পায়,
খেক্খেক্কৈ হাঁহে
মোক কন্দা চাই ৷
মোক আক’ মিছাকৈয়ে
মৰম কৰিম বুলি
ছোৱে মোৰ গাল,
ভয়তেই হওঁ লালকাল ৷
ভাইটিয়ে-ময়ে লৰি
সোমাওঁ চুকত,
বিচাৰিলে দেখে মোক
খাটৰ তলত ৷
মায়ে কয় ডাক্তৰডাল
বৰ হেনো ভাল,
নহয় নহয় মা
সেইডাল কেতিয়াও
হবই নোৱাৰে ভাল…
সি যমকাল,
ডাঙৰ হলেই মই
খুন্দি তাৰ
ভাঙি দিম ঢোৰোহা কঁকাল ৷
অকণমানিৰ প্ৰাৰ্থনা
পোহৰ দিয়া, পোহৰ দিয়া
আৰু পোহৰ দিয়া
মনৰ আন্ধাৰ আঁতৰ কৰি
আলোকলৈ নিয়া ৷
সদায় সঁচাত থাকিবলৈ
মনত দিয়া বল,
আমাৰ হিয়াত জ্বলোক তোমাৰ
জ্যোতি জল্মল্ !
সুন্দৰ তুমি য’তে আছা
আমাক মৰম দিবা,
সোণপুৱতি বেলিৰ আঁৰত
থাকি হাঁহিবা ৷
তৰা-জোনৰ সিপাৰতো
দূৰতকৈও দূৰণিতো
আমাক হলে নাপাহৰিবা ৷
যাম কোন ফালে পৃথিৱীখনত
কৈ যাবা আহি ৰাতি সপোনত
নজানা-নিবুজা সকো কথা
শিকাই-বুজাই যাবা ৷
সুন্দৰ তুমি নেদেখাৰে পৰা
আমাৰ সেৱা লবা
আমাৰ সেৱা লবা
আমাৰ সেৱা লবা ৷
অকণিৰ সপোন
মা ! মই আজি নতুন এটা সপোন দেখিলোঁ ৷
পুৰণা গানক এটা পোকে গিলা দেখিলোঁ ৷
মা ! দেউতাৰ যে পুৰণা বহী আছে
তাতে মচ নোখোৱা
তিনিতা চাইটা সাতটা যে গান আছে
তাৰেই এটা গানক, মা !
এটা পোকে খাইছিল ঘোকাঘোকে
কালৌপ্ কালৌপ্
টলৌপ্ টলৌপ্… গানটি গিলি দিলে ৷
দেউতাৰ সেই পুৰণা গানটো
পোকটোৰ চেপেটা পেটলৈ গ’ল …
ভাল কথা হ’ল !
দেউতাৰ সেই ভাল গানটো
আজিৰ পৰা নাইকীয়া হ’ল !
এই বুলি মই বহি আছিলোঁ মনত বেজাৰ পাই
এনেতে উঠিলোঁ চক্ খাই,
পোকটোৰ পেটে ভিতৰত
দেউতাৰ গানে বাজনা বজাই
কোৰ্ কোৰ্ কৰে,
পোকটোৰ সেই ওফন্দা পেটু ফালিবলৈ ধৰে ৷
পোকে খালে ভয়… ক’লে তাক
“তোক হ’লে খাই ভুল কৰিলোঁ মই
পাৰ যদি বাহিৰলৈ ওলা,
নকৰিবি পেটত সোমাই মোক জ্বলাকলা ৷”
গানে ক’লে-
“তেন্তে মোক দে বতিয়াই দে…
পেটৰ পৰা উলিয়াই বাহিৰলে’ নে ৷”
পোক উৰি ঘূৰি ঘূৰি
ভোন্ভোনাই
গানটো বতিয়ালে…
গানটো ওলাই লৰ মাৰি গৈ
দেউতাৰ সৌ
সৰুকালৰ ফটোখনৰ ভিতৰত সোমালে ৷
মা ! মোৰ সপোনটো মিছা বুলি
ভাবিছ নেকি বাৰু ?
মিছা নহয় মা !
সাক্ষী আছে সৌ তিনিটা গাৰু !
অক্কণমানি ল’ৰা
অক্কণমানি ল’ৰা –
থিয় দিব খোজোঁতেই
থুপুক-থাপাক পৰা ৷
কোনোমতে অকাই – পকাই
এখোজ – দুখোজ যায়
চিৎভলঙা খায়,
খোজ কাঢ়িব নৌ পাৰোঁতেই
লৰ দিবলৈ চায় ৷
কান্দে ৰাতি পৰে পৰে
দুধ নাপাই চিঞৰ ধৰে
হঁহা – কন্দা দুটা কথা
এতিয়া মাথোন জানে,
মুখৰ এটাও মাত ফুটা নাই
কল্কলায় পাৰেমানে ৷
নতুন কিবা পালে
নিয়ে মুখৰ ফালে
হিচাপ নেপাই
নাকৰ বিন্ধাত গোজে,
উৰি যোৱা ঘৰচিৰিকা
থাপ মাৰিব খোজে ৷
অক’মান ল’ৰা
আকাশী ঘৰত থাকে
ঈশ্বৰৰ ল’ৰা
জোন-বেলি-তৰা
আমাৰ ঘৰত মই
দুষ্টলি কৰা
দেউতাৰ ল’ৰা ৷
বেলি কৰা জিক্মিক্
জোনবায়ে চিক্মিক্
তৰাবোৰে ঢিমিক্ ঢিমিক্
মই নাচো ধিনিক্ ধিনিক্ ;
ৰিৎ ধিন্ ধিনিক্
খিৎ ধিন্ ধিনিক্
খিতা ধিনা ধিন্দাও
নিত্ তাও
খিৎ ধিন্ ধিনিক্
ৰিৎ ধিন্ ধিনিক্ ,
ভনীটিয়ে লগতে
জুনুকা পিন্ধি নাচে
ৰিণিক্ ৰিণিক্ ঝিন্
জিনিক্ জিনিক্
দেউতাই মায়ে যে হাঁহে খিক্ খিক্ খিক্ ৷
ভাল ভাল লেখা থকা
ৰঙা-বগা বাঘ অঁকা
বাংকৰা-বিংকৰা
কিবা অঁকাবঁকা
কিতাপ কেখন মই মেলি মেলি যাওঁ ৷
চাই চাই হৈ গলে
চেৰেক্ চেৰেক্কৈ
পাতবোৰ
ফালি ফালি
মুখত সুমাওঁ ৷
পাওঁ বৰ ৰং
মায়ে কিন্তু নিলে কাঢ়ি
হাত-ভৰি মাৰি মাৰি
কান্দো হাও হাও—
উঠে বৰ খং
মাটিত বাগৰি দুৰোঁ
খং খাই জাঁপ ধৰোঁ
দিগ্দাৰি পাওঁ
ৰৈ ৰৈ মাজে মাজে চিঞৰ সোধাওঁ ৷
দেউতাক দেখিলেই
শান্ত-শিষ্ট হৈ
মাৰ পাছফালে গৈ
আঁৰত লুকাওঁ,
মনে মনে ভাবি থাকোঁ
কেতিয়া আকৌ মই
ছবিবোৰ ফালিবলে’ পাওঁ
দেউতাৰ চকুলৈ জুমি জুমি চাওঁ ৷
মোৰ দুষ্টালি চাই
মায়ে হ’লে
মনে মনে
বৰ ভাল পায়,
চকু গাঁঠি ঘোপা কৰি
মোৰ ফালে চাই
আন ফালে মুখ কৰি
ওঁঠখন চেপা মাৰি
হাঁহে মিচিকাই ;
দেউতাৰ হ’লে
সেই চব নাই
দুষ্টালি কৰাকেই
দোষ বুলি ধৰি লৈ
চিৰিপ্ চিৰিপ্কৈ
দিয়েহি কোবাই ৷
মাতকৈ দেউতাৰ
বুদ্ধি বৰ কম,
মই কিয় নাচোঁ-বাগোঁ
কিয় ধিতিঙালি কৰোঁ
মই কিয় জাঁপ মাৰোঁ
নাই তাৰ গম ৷
এটা কথা—
দেউতাও বৰ ভাল পিছে
ভাল ভাল বিস্কুট
মোক আনি দিছে ৷
ঘনে ঘনে ভোক লগা
দেউতাই বুজে
মায়ে হলে ভোক ভোক
কৰি কৰি ঘূৰি ফুৰিলেও
নুউজে, নুবুজে ৷
পেট বেয়া হব বুলি
দেউতাই দিয়াবোৰো
কাঢ়ি লৈ যায়,
ওপৰৰ শিকিয়াত তুলি থয়
কোনোমতে ঢুকিকে নাপায় ৷
তাঁত-বাতি কৰিবলে’
মা যাওঁতেই
মূঢ়াকেটা জোৰা দি দি
আধা পাওঁতেই
লুটি খাই পৰি গৈ
কান্দো ভাও ভাও,
মা আহি পালেহিয়ে
দেউতাৰ ওচৰলে’
লৰোঁ কাও কাও ৷
দেউতাক নেদেখি
আগফালে ৰওঁগৈ
পদূলি-মূৰত
বাহিৰলে’ আহিব নোৱাৰি মায়ে
দাঁত-মূৰ কামোৰে খঙত ৷
মাৰ পৰা সাৰোঁ
তিনি জাঁপ মাৰোঁ ৷
দেউতাই মোকে দিয়া
ময়ে যদি বিস্কুট খাওঁ,
মায়ে আক’ মাজতেই
দিগ্দাৰি কৰি কৰি
কয় বোলে কোবাওঁ কোবাওঁ,
ইনো কেনে অদভুত
বুজিকে নাপাওঁ ৷
মাৰ কেঞাআঙুলিত
মোৰ হেনো ওপজা-বছৰ,
বগাই বগাই হেনো
পাৰ হ’ল ছটা আঁক
আঙুলি পাৰৰ ৷
আৰু বোলে নচলিৰ
ঘচৰ মচৰ,
পঢ়াবলে’ আনি দিব
এটা হেনো
মস্ত মাষ্টৰ ৷
ৰাতিপুৱা দুপৰীয়া
পঢ়াই পঢ়াই মোক
লিখাৰ আখৰ
তুৰিমূৰি কৰিলেই মৰিব থাপৰ ৷
পহিলা তাৰিখ
আজি নতুন মাহৰ,
সন্ধিয়া বেলিকা বোলে
ওলাবহি ভীম মাষ্টৰ ৷
দিনটো ভাবি ভাবি
গুণি আছোঁ মই
ভীমটোনো কেনেকুৱা মাষ্টৰ হয়,
ল’ৰাবোৰ কোবাবলে’
কি ভাল পায়,
তাৰ পৰা সাৰিবৰ
কিনো উপায় ৷
গধূলি পৰত মোক লিখাৰ আখৰ
তুৰিমূৰি কৰিলেই মাৰিব থাপৰ ৷
আজিহে আজি
মগু-মাহৰ গাজি ৷
অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
অতীতৰ কিবা ৰহস্যনো তুমি
কোন সুন্দৰৰ নিজম পুৰীত
আছাগৈ তুমি নিদিয়া দেখা?
শক্তি আজি যে সুপ্ত গুপ্ত
কল্পনাক পুনি লৈ ধৰাবলে’
আহা আজি সখী চিত্ৰলেখা !
সখী চিত্ৰলেখা !
দূৰ অতীতৰ কিবা
ৰহস্যনো তুমি,
বুজিও নুবুজি
আছা বিয়াকুল হৈ ?
কোন সৌন্দৰ্য্যৰ হোৱা
জুৰুলি-জুপুৰি
নন্দন ৰাজ্যৰ তুমি
হাতত লেখনী লৈ
আঁকে বহি ছবি
গোলাপী গোলাপী আঙুলিকিটিৰে
কোন সৰগৰ ৰূপহী
আলৈ- আথানি মূৰৰ খোপাটি
কপালৰ আগতে পৰিছে উফৰি ;
বুকৰে ৰিহা যে মাটিমুৱা কৰি
পৰিছে কোলাতে বই ৷
কেতেকীপাহিৰে কাঢ়ি বৰণকে
পিন্ধিলে কোমল গাত,
সেন্দুৰীয়া বেলিয়ে পাহৰি
এমুঠি কঁকাল ভৰেদি বহিছে
ভাবিগুণি আছে কিবা
দীঘলী লাৱনী আঙুলি
থৰে লাগি লাগি
আপোনাৰে
ভৰিৰে আঙুলি কিনো মনে খোৱা
গঢ়ৰো যে ৰিজনি নাই,
নিতম্বযুৰিৰ কিনো তুলে দিওঁ
নিমজ হৈ পৰিছেগৈ ৷
ওঁঠৰে তুলে মই কিনো দিওঁ
কিনো দিওঁ
দিবলৈ নহয় যে ভুল
জগতৰ তাতে গোটে খালে,
উপচি পৰিছে
কেঁচাসোণৰ বৰণৰ
গালেখনি দেখি
হলেবা মনৰে ভুল,
কেতেকী-গোলাপৰ বৰণকে আনি
কৰে কিয় বিয়াকুল ৷
বুকুৰে বান্ধনি সুলকি পৰিছে
দেখা পাই উদঙে বুকু
ডালিমৰ গুটিৰে মুকুতা
তাতে কি মোহিনী, তাতে কি অময়া
ৰাখিছা সখী মোৰ
গোলাপৰ পাহিৰে আৱৰি থৈ ?
তুমিতো নোহোৱা মঙহৰ
পুৰণি মঙহৰে গঢ়া ঐ
আছা পুতলাটি হৈ ৷
গোলাপফুল-কেতেকীৰ
ৰেণু উৰাই আনি
গঢ়িলে দেহা ৷
কোন পুৰী কৰিছা বলিয়া
চৰণৰ নূপুৰ-ধ্বনিয়ে
কোন পুৰী কৰিছা বলিয়া
আলসুৱা দেহাটিৰ
নিঋত্য-ভঙ্গীৰে ৷
জাগিছে নে শুই থকা
মুগ্ধ কুঁৱৰী
হাঁহি ঊষা দেৱী
সপ্তমৰ কণ্ঠস্বৰ শুনি?
কঁপিছে নে কুঁৱৰীৰ
মধুৰ যৌৱন
শুনি শুনি তোমাৰেই
কণ্ঠৰ ধ্বনি?
তোমাৰেই কুমলীয়া
আঙুলি মাজৰ
ভুৱনবিজয়ী লেখনীয়ে
আঁকিছে নে কাৰোবাৰ
হৃদয়-হৰণ ?
সপোনতে চুমা খাই
মন হৰি নিয়ে ৷
হ’ল নে তোমাৰ শেষ
সৌন্দৰ্য্য-সাধনা,
অনন্ত-বাসনা যাৰ
পৰা নাই ওৰ,
পালা নে বিচাৰি দেৱী
যুগমীয়া সৌন্দৰ্য্যৰ
নিমাত দেৱতাজনা
সখী হে’ৰা সৌন্দৰ্য্য-বিভোৰ ৷
তোমাৰ তুলিৰ ৰেখা
এটি এটিকৈ
উঠিছেনে ফুটি সখী
শত শত ৰূপবান হৈ ?
আহিছেনে এতিয়াও
তুলিৰ আগেদি
ৰূপৰ স্পটিক-পানী
শতধাৰা হৈ ?
গঢ়িলা যি তুলিৰ আগেদি
জগতৰ চিৰশ্ৰেষ্ঠ
অনিন্দ্যসুন্দৰ,
ধন্য সখী তোমাৰ লেখনী ৷
বাণৰ জীয়ৰী ঊষা
সপোনত দেখা ৰূপ
প্ৰত্যক্ষ কৰিলা আনি
সখীব্ৰতা!
ৰাখিলা যে সখীৰ জীৱন ৷
দিগন্ত বিয়পা কিনো
মায়াপী শৰীৰী তুমি
ইঙ্গিতত তধা লাগে তৰুণ তপন,
বিস্ময়ত মুগ্ধ হৈ
চাই ৰয় মাথো
তোমাৰ মায়ালীলা
কত শত লক্ষ ভুৱন।
ৰূপহী নোহোৱা তুমি
তাতোকৈও আৰু আছে যদি
চাব হোৱা তুমি,
জগতৰ চিৰশ্ৰেষ্ঠ
সকলো ৰূপহী
তোমাৰ ৰূপৰ মাজে মাজে
চাব পাৰে জুমি ৷
তোমাৰ ৰূপৰ সখী
তুমিয়েহে তুল
সামৰিছা মহাবিশ্ব
তোমাৰ ৰূপত,
বিশ্ব সঙ্গীত আহি
আছে গোট খাই
তোমাৰেই বিজয়ী কণ্ঠত ৷
কোন ৰহস্যৰ আঁৰ হৈ
ফুৰা সখী লুকাই লুকাই
মূৰ্ত্ত হৈ দিয়াচোন দেখা,
কবিৰ কল্পনা পুনু ঠন ধৰাবলে’
আহাঁ আজি সখী চিত্ৰলেখা !
অবুজ মাতৰ বিবুজ বাতৰি
অবুজ মাতৰ বিবুজ বাতৰি
শুনা প্ৰাণ ভৰি
ইন্দ্ৰধনুৰ বৰণশিখাত লিখা
আলোকময়ী ভাষা
তিমিৰ ওৰণি
ধল।
থাকিবিনে শুই
খুলিছে খুলিছে
ৰুদ্ধ দুৱাৰখনি
চকু পদুমৰ পাহিটি তুলি
চা আগত তোৰ
অনাগত অতিথি।
জাগা শুভ্ৰ স্ফটিকালোক সম
সুবৰ্ণ কলিৰ ৰেখা
শব্দ সৰসিজ বিকাশ কমল-দল
অৰ্ব্বুদে বৃন্দে
শান্ত সাগৰ সম কণ্ঠ ভৰি।
অসমীয়া ছোৱালীৰ উক্তি
প্ৰাগজ্যোতিকা মই
কামৰূপিকা মই
নিজৰা লাস্যময়ী
ময়ে অসমীৰ
ময়ে ভাৰতীৰ
ছোৱালী কবিতাময়ী ৷
মোৰ শিৰত সেন্দুৰ-সোণ
কপালত মই ফোট লৈ
পিন্ধো
নীলা আকাশৰ জোন ৷
হৃদয়ত মোৰ থৌকিবাথৌ
কত লুইতৰ ঢউ,
নিতে সাৰ পায়
নিতে মাৰ যায়
মাণিকিমধুৰী মউ ৷
নগা পৰ্ব্বতৰ নীলা ছায়াছবি
সাহিত্য-বননিৰ
ময়েই লখিমী
মনৰ ডালিমী
কল্পনা-ফুলনিৰ ৷
আলাসে আলাসে ফুৰোঁ,
পাহাৰে-ভৈয়ামে
মৰম বিচাৰি
কেঁচাসোণ বুলি লৰোঁ ৷
ময়েই নাগিনী
ছুঘ্ৰেনূ ঘ্ৰিনোজা
গাইডালু ময়েই
বিপ্লৱী ময়েই,
মুক্তিৰ জুই জ্বলাই ময়েই
বন্দীশাললৈ যাওঁ ;
নিজৰ দুখতে
নিজে বুকু ধুনি,
মোৰ কলিজাৰ
জুইৰে নিজেই
নিজকেই পুৰি
নিজৰে আয়ুস খাওঁ ৷
উপেক্ষিছোঁ মহাকাল,
মোৰ গুণ শুনি
বন্দনা গাই
ভাৰতৰ মহামনীষী কোঁৱৰ
মুগ্ধ জৱহৰলাল ৷
ময়ে ভাৰতৰ
শিৰৰ শিপিনী
ময়ে ফুলতী তৰা
কত চানেকীৰে
সূতাৰে-গুণাৰে
বাছি যাওঁ মনদৰা ৷
মহাত্মা মোহনে
স্বৰাজ-ফাকিৰে
দেখিয়ে
মাকোটি ধৰা,
ক’লে-আইদেউ,
আটকধুনীয়া
ব’ইছা খনীয়া
সোণ-সপোনৰে
মৰমৰে বনকৰা ;
পাঁজিসেৰীয়া
কাজী আঙুলিৰে
স্বৰাজৰ চৰ্কা
গূৰোৱা আইদেউ,
ভাৰতৰ
গৰকা ধৰা ৷
ময়েই ‘শেৱালী’
কাৰেঙৰ লিগিৰী
সেৱাতেই নিমগন,
সুন্দৰৰ মই
চিৰসেৱাতেই
অৰ্পিছোঁ প্ৰাণ-মন ৷
সেৱাৰ বাতৰি
বুকুতে সুঁৱৰি
মৰমৰে গীত গাওঁ,
সেৱা-শেৱালিৰ
নিৰ্ম্মালি লৈ
নিজৰাত উটি যাওঁ ৷
ময়ে সেৱাৰূপী
সেৱা-শেৱালিৰে ফুল
সুৰভিতে মোৰ ‘সুন্দৰ’ বিয়াকুল ৷
চুপহি মেলি যে চায়
পাহি ছিঙি ছিঙি
কেশৰে কেশৰে
ৰেণু ফালি ফালি হায় ;
গন্ধকোষ
বিচাৰি গৈয়ো
শেষৰ শেষ নাপায় ৷
ময়ে সুৰভিময়ী, ময়েই সেৱাময়ী
ময়েই সত্যব্ৰতা
ময়েই শুচিব্ৰতা
অনিতা-বিনীতা,
বজ্ৰ-মনেৰে
মায়া-মোহ কাটি
গুলী লওঁ মই বুকু পাতি
আই অসমীৰ গাঁৱৰ জীয়ৰী
বুকুৰ তেজেৰে বুৰঞ্জী বোলাই
ময়েই কনকলতা
ময়েই মুক্তিব্ৰতা ৷
ময়েই মহাসতী
অন্তৰত পূজোঁ পতি
পশু-শকতিৰ অভিযান অত্যাচাৰ
ৰোধি, গচকি, দমাওঁ শত্ৰু
দুৰ্জ্জয় দুৰ্নিবাৰ ;
জীন্ পৰি যায়
মূক হৈ যায়
অস্ত্ৰৰ এই
নিলাজ ঝনৎকাৰ ৷
বিষাক্ত বিষধৰ
মনৰ শিলত
খোট মাৰি মাৰি
উফৰি পৰিল
কঁপি কঁপি থৰ থৰ
স্বাৰ্থান্ধ বৰ্ব্বৰ ৷
ময়েই হৈমৱতী,
শত ধুমুহাৰ শত আলোড়নে
মহা আন্ধাৰৰ লক্ষ আঘাতে
নোৱাৰে টলাব মতি,
নিতে স্নান কৰি আৰুণালোকত,
অচল অৰুন্ধতী
অজেয়া ময়েই, ময়েই জয়মতী ৷
ময়ে প্ৰকৃতিস্বৰূপা
শ্যামলা বন – ৰাণী,
পূৰ্ব্বভাৰতী মণি
বিচিত্ৰৰূপা,
ৰঙা, নীলা, সেউজীয়া
সুমথিৰা বেঙুনীয়া
জীৱনৰ বহ্নিস্বৰূপা ৷
ক্ষণিকে ক্ষণিকে মই
ৰূপতেই ৰূপ ঢালি
ৰূপতেই ৰূপ ফালি
ৰূপাভ্ৰ ভেদি মই
জ্বলোঁ হৈ কাঞ্চনজঙ্ঘা,
দিক্চক্ৰবাল জিনি
কপালৰ জিলিকিনি
নিয়তি উলঙ্ঘা মই অমৃত-সঙ্ঘা ৷
ময়ে জননী কোলাত বহি
পিয়াহ-পীযুষ খাওঁ
কুনিমুনি
অকমানি বালিকা
দেউতাৰ
মৰমৰ নিজৰাৰ
পাৰে পাৰে
নাচি-বাগি
ফুৰোঁ হই
সৰগৰ কলিকা ৷
কুমাৰী দুলড়ী ময়ে
অক্ষতা সচকিতা
ফুলোঁ নে নুফুলিঁকৈ
প্ৰকাশলে’ ৰৈ থকা
সমাগত যৌৱন কলিকা ৷
পূৰ্ণবিকাশা ময়ে
পীনপয়োধৰা
যৌৱনৰূপা,
বিবিধ অঙ্গৰাগে
শৃঙ্গাৰ-প্ৰসাধন সজ্জা
বিভূতি বিভূষিতা
অলঙ্কৃতা মই
ৰতিৰূপা
ৰস-ৰূপ অৰ্ণবজা ৷
প্ৰণয়-কুহক মায়া-ছাঁয়া
বিস্তাৰি
জ্বম্ভন মন্ত্ৰ ফুকাৰি
জিল্মিল্ ওৰণিৰে
গুলপীয়া গাল ঢাকি
চুমো নে নুচুমোকৈ
বিৰিঙাওঁ লজ্জা ৷
কটাক্ষ হানি ময়ে
শিয়ৰাওঁ প্ৰণয়ীৰ
অস্থিমজ্জা,
স্খলিত-দলিত, স্থিতপ্ৰজ্ঞ, জিতেন্দ্ৰিয়
ত্ৰিভুবন যৌৱন সমজ্যা ৷
ময়ে ভাৰ্য্যা
ময়ে মৃদুহাসিনী
ময়ে মৃদুভাষিনী
লৱনু-কুমলীয়া
লাৱনী দেহাৰে মোৰ
ৰচি দিওঁ
নন্দন বনফুল-শয্যা ৷
চিত্ৰলেখা
ময়ে চিত্ৰলেখিকা
কোমলৰো কুমলীয়া বালিকা
বৰ্ণ-ছন্দ-সুৰ-মালিকা ৷
কণ্ঠৰ সুৰাৱলী
সকলো বিলাই মই
হওঁ চিৰৰিক্তা
সুন্দৰ পূজি পুনু
নৱ নৱ সুৰেৰে হওঁ অভিষিক্তা
ঘূৰি ঘূৰি ৰিক্তা
ঘূৰি ঘূৰি ৰিক্তা ৷
ঊষাৰ হাঁহিতে
উন্মেষি
নিজৰ সৌন্দৰ্য্য মই
নিজেই বিচাৰি যাওঁ
সোণৰ সন্ধিয়ালে’,
তৰঙ্গ-লীলায়িত ভঙ্গ লয়লাসী
ঝন্কিত কঙ্কন, কিঙ্কিনী ৰোলে
গুঞ্জৰি মুঞ্জৰি
ৰুণুক-জুনিক ঝুন্ বোলে,
ঝঙ্কৃত চৰণ-নেপুৰ
দিগন্ত ধ্বনি তাৰ
মুখৰিত ললিত-বলিত মধু বিজুলী-সুৰ ৷
তালে
তালে
তাৰ
দিগঙ্গনা নাচে,
নাচে সুৰবালা,
আকাশ-পৃথিৱী নাচে
ত্ৰিভুবনবালা
জোন-বেলি দীপাৱলীমালা ৷
মই
অমৃতছন্দা
মুক্তাপ্ৰপাত সমা
অলকানন্দা,
ভাঙি দিওঁ আত্মাৰ
অলস-বিলস মোহতন্দ্ৰা,
মই
মূৰ্চ্চনা
উত্তৰমন্দ্ৰা ৷
ময়েই ঊষা
অমলা-ধৱলা
উদ্ভাসি পূৰ্ব্বাচল
ময়েই শুকুলা আলোক-কমল
সৰোৰূহ শতদল ৷
অনাঘ্ৰাত মই
আলোক সুৰভি
জ্যোতিৰভ্যুদয় দুন্দুভি
মন্দ্ৰ বজাই যাওঁ,
সন্ধ্যা
ললিতা
কান্তাৰ দৰে
যমুনা-গঙ্গা ত্ৰিবেণীৰ ধাৰে
উচ্ছল জল
উৎস উছলি,
বিয়পিম মই আকাশ ঢৌৱাই
বৈ যাম মই পৃথিৱী শুৱাই
নাচি যাম মই খলক লগাই
বাৰিষাৰ নৈ
বিয়াকুল হৈ
বিবসনা মই
আলোকৰ নৱধল
জ্যোতিৰূপা জল-মল্ ৷
নৱজগতৰ
ময়েই জ্যোতিকা
শুভ্ৰ-কনক কিৰণমালিকা
কল্যাণী মই
মহাকল্যাণৰ
ময়েই স্বস্তিকা ৷
দেশে দেশে যাম
সাগৰে-নগৰে
অন্তৰে-প্ৰান্তৰে
গাঁৱে-ভূঞে যাম
কুটিৰে-ভুবনে
তিনি ভুবনৰ
হৃদয়ে হৃদয়ে
মন্দিৰে-মছ্জিদে
মই
জ্বলাম অগ্নি-বাতি,
মহামনীষাৰ
জ্যোতিসম্ভূতা
ময়েই স্বৰ্গজ্যোতি
মই ভ্ৰন্তিৰ ধ্ৰুবজ্যোতি ৷
নৱজীৱনৰ
নৱআলোকৰ
অগ্নি-অমৃত জ্বালি,
মোৰ গৰ্ভতেই
আহি থিত দিয়ে
মহাপ্ৰতিভাৰ
প্ৰচণ্ড অংশুমালী ৷
কক্ষত মোৰ
শোভিছে ইন্দ্ৰ, মহাজ্ঞানেন্দ্ৰ
তাৰকা-চন্দ্ৰজ্যোতিষ্ক অৰ্কমালা,
প্ৰভাত কিৰণ সুৰধুনী
অগ্ৰগামিনী
ময়েই অগ্ৰবালা ৷
মোৰ অন্তৰ যায় জ্বলি
বন্ধন যায় খুলি
কোনে প্ৰতিভা কৰিলি মুকলি ?
প্ৰাণ কৰে আকুলি-বিকলি ৷
কোন তই
নৱ ৰবি
প্ৰাগ্জ্যোতিষৰ কবি !
শ্বেত বীণা ঝঙ্কাৰি
গায়ত্ৰী ওঙ্কাৰি
আনি দিলি প্ৰাণলৈ মহাজাগৰণ,
গৰ্ভভেদী মোৰ
ইকি শিহৰণ !
জাগিলোঁ ভাঙি-ছিঙি
ভোঁহাৰি-বিদাৰি মই
শতাব্দী সুপ্তিৰ
শিলা আৱৰণ ৷
মোৰেই লগতে জাগ
অযুত নিযুত যত
আজিও যি সুপ্তি মগন,
নৱালোকৰ তানে, গন্ধে, বৰ্ণে, গানে
আজি হ’ল নাৰীৰ বোধন ৷
জাগ আজি অসমৰ আকাশ অৱনী,
জাগ আজি অসমৰ গাভৰু শুৱনী
জাগা আজি পূৰ্ব্বধৰিত্ৰী
জাগা আজি অসমা বিদুষীবালা
লীলাৱতী, খনা, জনা, মৈত্ৰী ৷
জাগ অ’ শৈলমালা
জাগ পৰ্ব্বতীয়া বালা
জাগ ভৈয়ামৰ সোণ-ধান,
আহাঁ তুমি স্বৰ্ণধ্বজ অসমীয়া
নৱীন জোৱান !
উচ্ছল
সুচ্ছল
লুইতৰ ৰূপজল
গোসাঁনী খোজেৰে গৈ,
সাগৰ-তীৰ্থ কৰে
এৰি নীলাচল
পাৰ হৈ যায় সন্ধ্যাচল,
সেইদৰে আজি মই
জগত-তীৰ্থলৈ যাম,
কৰি সমদল
জ্ঞানৰ বাহিনী লৈ প্ৰতাপী প্ৰবল ৷
আজি মোৰ আলোকযাত্ৰা,
স্বৰ্ণধ্বজা মই
জগতৰ
পদূলিয়ে
যাব মোৰ নৱশোভাযাত্ৰা;
অসমীয়া ছোৱালীৰ
আলোকৰ বাটে বাটে
বহু শতাব্দীৰ পিছে
হ’ব জয়যাত্ৰা ৷
হিন্দুকুমাৰী ময়ে
দিলোঁ আজি মঙ্গল উৰুলি
লাগি য’ক দেশে দেশে
উদুলি-মুদুলি ৷
জয়শিৰী, জ্ঞানশিৰী, সত্যশিৰী,
ধনশিৰী, মনশিৰী, সুবৰ্ণশিৰী,
সোণপাহী, বনপাহী, সেউতী, মালতী,
আইকণ, আইদেউ, যত পুষ্পৱতী,
অমলা, সুমলা, ময়ে নলিনীবালা
বজাওঁ শঙ্খ ময়ে
লওঁ গন্ধমালা ৷
মন্দিৰে মন্দিৰে
ধূপ-দীপ চন্দনেৰে
জ্বলাই নতুন এক চাকি
দেওধনী হৈ নাচি,
আলোকৰ আৰিছোঁ আৰতি
জাগা—- জাগা পূৰ্ব্ব-ভাৰতী !
ময়ে ইছ্লামীবালা
বুকুত শোভিছে মোৰ
কোৰাণ-ছৰিফৰ
কহিনুৰ মালা ৷
জুবিদা-জুলেখা ময়ে
ময়ে মনিৰুণ,
সেঁওতাত উজ্বলিছে
প্ৰতিভাৰ সোণ ৷
মাইজান, সোণজান
অকমাণিজান ময়ে মোতিজান
দিছোঁহি আজান
দিছোঁহি আজান ৷
নামাজ নমিতা মই
ৰম্জানব্ৰতা মই
লুইতৰ পাৰতেই
ফুলাই তুলিম মোৰ
অতিকে আপোন
আৰৱীয় জোনালীৰ
সোণালী সপোন ;
অসমীয়া জীৱনৰ
ময়ে ন-জোন ৷
ময়ে ন-জোন ৷
নতুন দিনৰ বাবে
নতুন পোহৰ হাঁহে
ময়ে সেই নতুনৰ বাঁতি
কুৰ্নিছ কৰি ময়ে
নতুনৰ আলোকক
আনিছোঁ মাতি
আনিছোঁ মাতি
সৌ বেলি বাঁতি ৷
ঘৰে ঘৰে
বজোৱা ছেতাৰ,
একতাৰা
বহুতাৰা
সহস্ৰবাৰ ৷
মিনাৰে মিনাৰে চৰে সোণোৱালী ভাতি,
মছ্জিদ-দৰগাই
দীপাৱলী পাতি
দিয়া, দিয়া লাখো মমবাতি
মই ইছ্লাম-জ্যোতি ৷
উলুপী ময়েই
ময়েই লাইছাপী
সুকণ্ঠী ময়েই
কণ্ঠকলাপী,
ৰাগ-ৰাগিনীৰ
আলাপ-বিলাপ
আভোগ সঞ্চাৰি
গুঞ্জৰি থাকোঁ
মুঞ্জৰি উঠে ললিতকুঞ্জ
সুৰতে শিঁহৰি,
মধুমল্লাৰ বেহাগী সোহাগী
সুৰ নাগপাশে গই
অৰ্জ্জুন বীৰকো
বান্ধি-ছাটি মোৰ চৰণত দিলে থৈ ৷
বব্ৰুবাহন মোৰ সন্তানেই
পৃথিৱীজিতকো জিনি
জিলিকিছে বীৰমণি
মণিপুৰিকা মই
লাস্যতে মোৰ হাস্য নিজৰে
নৃত্য-মুগ্ধ যত কোঁৱৰৰ
চিৰ-নমস্যা মই ৷
বেউলা ময়েই
মুহিলোঁ মহাকাল,
মহাসাধনাৰ দীপ্তিয়ে মোৰ
শোভিছে শুভ্ৰ ভাল
জিনিলোঁ মহাকাল ৷
মৰণে চৰণধূলি লৈ গ’ল,
স্বামী লখিন্দাৰ সঞ্জিৱিত হ’ল
সতীৰ সত্য-সবিতা প্ৰকাশ দেখি
পিনাক্পানিৰ ডম্বৰুৱে থাকে
মনে মনে তাল লেখি ;
দিয়ে মহাকালে
স্বামীক আয়ুস
প্ৰাণৰ নৃত্য দেখি ৷
কুণ্ডিলপানীৰ
ময়েই ৰুক্মিণী
শ্যামৰ বাঁহীটি শুনি
ৰিণিকি ৰিণি,
থাকোঁ গুণি গুণি
গুমৰি গুমৰি থাকোঁ
নভোনীল জুইৰেই
বাসনা পুৰি ৷
শ্যামৰ
চৰণৰ
নেপুৰৰ
শুনি থাকোঁ
ৰুন্জুননি
জুন্জুননি ;
সোণৰ সি বাঁহীটিৰ
ভুবন ভুলোৱা সেই
নিছিগা ধাৰেৰে বোৱা
অনন্ত সুৰৰ
অমৃতধ্বনি ৷
আকুল ই মৰমৰ
তুতি-মিনতি
পুৱাই ওলায়হি
কৃষ্ণমণি
নবীন দূৰ্ব্বদল সম অনুপম,
নবেন্দু সুন্দৰ শ্যাম ৷
পৰ্ব্বত-পাহাৰী
ভৈয়াম নগৰী
সকলো সামৰি
মোৰ
হিমাদ্ৰি প্ৰদেশী ৰূপ
পূৰ্ব্বভাৰতীৰূপী হৈ মই
ধৰিছোঁ ভাৰতী ৰূপ
মোৰ জাগিছে বিশ্বৰূপ ৷
হিমাদ্ৰি চৰণৰ
সেউজী অৰণ্যৰ
মহানিৰ্জ্জনত
তপস্যাৰ বাল্মীকি-বনত,
দূৰ্দ্দম বসন্ত জাগে
মহাপ্ৰতিভাৰ সমাগম
ভেদি শাস্ত্ৰ আগম-নিগম ৷
সেই গহনৰ
মহাতপ:ক্লিষ্ট এক
শৈল-শিখৰৰ
বক্ষ ঝৰি
নামে এক আলোক-সম্পাত
এক মহাজ্যোতি প্ৰপাত ৷
জ্ঞানসিক্ত
শুক্ল ঐৰাৱত
সদ্যস্নাত হৈ তাতে
সমৃদ্ধ বেগেৰে আহি
মোক তুলি ল’লেহি শিৰত
মই আজি
মই আজি নবালোক-কুঞ্জৰ বাহিনী
জন-গণ-জগ-মন তীৰ্থগামিনী ৷
আহাঁ, আহাঁ, আহাঁ তেন্তে
অসমৰ নবীন জোৱান !
চৌষষ্টি
শ্বেত হয়
জুৰি লৈ
চৌষষ্টি কলাৰ
ত্যাগৰ গাণ্ডীৱ লৈ
অস্ত্ৰ লৈ মহা সাধনাৰ ৷
স্বৰ্ণধ্বজ
ৰথখন
নিয়া আগে আগে
সংঘত বেগে ;
আহাঁ যত পণ্ডিত সমাজ
আহাঁ যত জ্ঞান অধিৰাজ,
মৌলানা, মৌলবী আহাঁ
পিন্ধি লৈ পোহৰৰ তাজ
ব’লা লগে-ভাগে
শেত হয়যুক্ত ৰথ যায় আগে আগে ৷
আহাঁ যত নৃত্যকুশলী,
আহাঁ যত
সুৰ বনমালী,
চিত্ৰলিখিকা আৰু
শিল্পী-শিপিনী,
আহাঁ যত জ্ঞান-কৃষ্ণকান্ত
আহাঁ যত মেধা মনীষা-বাণীকান্ত
বিজ্ঞান-লখিমী আহাঁ
আহাঁ যত
সাহিত্যৰ
সুমন্ত শ্ৰীমন্ত
সুকান্ত শ্ৰীকান্ত
ব’ৰাগীৰ বীণ লৈ বীণ-ব’ৰাগীও আহাঁ
ব’লা ভাগে ভাগে
নবীনৰ ৰথ যায়, সৌৱা আগে আগে ৷
আহাঁ যত
অগ্ৰগামিনী
অগ্ৰবালা
অসমৰ ধ্যানৰতা বিদুষীবালা
পিন্ধি লৈ চিন্তাৰ মুকুতামালা ৷
আহাঁ যত কলাবিশাৰদ
বিশাৰদ সুৰদ
সঙ্গীত-নাৰদ,
আহাঁ চিত্ৰকৰ
কাৰুকৰ, খনিকৰ
নাট্য-সূত্ৰধৰ,
আহাঁ শিলাকঊটিবৃন্দ
অসমীয়া স্থপতিৰ
নবীন ভাস্কৰ আহাঁ
আহাঁ আহাঁ ৰূপৰ কোঁৱৰ
আহাঁ যত পুত্ৰ অসমৰ ৷
আয়তী
নামতী আহাঁ
বিহুৱতী কুঁৱৰীসকল !
কবিকুল শিৰোমণি
মহাকবি আহাঁ তুমি,
ছন্দৰ মালা পিন্ধি
ফুলাই কবিতাফুল অমল-নিৰ্ম্মল,
সমদল শোভা কৰি
সুবৰ্ণৰ শৰায়ে শৰায়ে ধল ধল
সুফুলিত হোৱা আজি
লাখো লাখ
প্ৰতিভাৰ বিকাশ কমল ৷
সকলো সমাজ ব’লা
নিজা নিজা
বিশিষ্ট সাজে
বিবিধৰ মাজে মাজে
বিচিত্ৰ সুন্দৰৰ
একসুৰা বাঁহীটি বাজে ৷
মুক্ত কৰা আজি
সুপ্তসুৰা গ্ৰামময়
সপ্ততন্দ্ৰা
মহাশ্বেত বীণাখনি
সঞ্জীৱনীমন্দ্ৰা !
সমুদ্ৰৎফুল্লিত
আঙুলি বুলোৱা
আই পঙ্কজনেত্ৰী,
মুগ্ধ-বিমুগ্ধ কৰি
সমস্ত ধৰিত্ৰী ৷
গায়ন-বায়ন উঠা,
উঠা ওজাপালি !
গলি-জটাজাল ফালি
বোৱাঁ সুৰ-গঙ্গা
উলঙ্গ অঙ্গা
কঁপি কঁপি
আনি দিয়া ৰূপ ভূমিকম্প,
অলিয়া-বলিয়া হৈ
মাৰা জগজম্প ৷
জীৱন মৰণ ভুলি
বিজুলী নাচনী
উঠা দেওধনী,
শ্ৰোণীভাৰ
ধৰণৰ আঘাতৰ
মন্ত্ৰতে উৰি
ছন্দৰ তৰা য’ক
উফৰি উফৰি ৷
দুন্দুভি বেণু-বীণা
মৰুৰুলী-শঙ্খ
তুলি লোৱা লাসে লাসে
অভিনৱ ভঙ্গ ৷
মন্দিৰা, খোল-তাল
বোৱাঁ, বোৱাঁ ভোৰতাল,
ৰজন্জনাই যাওক
আকাশ-পাতাল
কৰি তালফাল ৷
ঢাক-ঢোল জয়-ঢোল
যত অঙ্গোপাঙ্গ
বজোৱা মৃদঙ্গ ৷
শঙ্কৰী-সাহিত্যৰ
হীৰা-জহৰত
নীলমণি পদ্মৰাগ
মণি-মৰকত
ইন্দ্ৰধেনু যেন
জ্বলে বাখৰত
স্ফটিক পাতেৰে চোৱা
সোণৰ কাঠিৰে বোৱা
কাষে কাষে ধৰা বৰজাপি,
সূৰ্য্যমণ্ডলৰ দৰে
চৌভিতি উজ্বলাই
জল্মল্ জল্মল্
থ’ক কঁপি কঁপি
ৰত্নময় জাপি ৷
ব’লা সমদল
উখল-মাখল
কৰি টলমল্ সাতোখন সাগৰৰ জল ৷
আলোক ঐৰাৱত
গজেন্দ্ৰবাহিনী মই,
ময়ে কামৰূপা
হ’লো জ্যোতিৰূপা ৷
আজি মোৰ
আলোকযাত্ৰা,
স্বৰ্ণধ্বজা মই
জগতৰ পদূলিয়ে
যায় মোৰ
মহা শোভাযাত্ৰা,
অসমীয়া ছোৱালীৰ
জোনাকী বাটেদি
আজি
মঙ্গলযাত্ৰা
পূৰ্ব্বভাৰতী জয়
জয়-জয়কাৰ,
অৰুণ কিৰণ জ্যোতি
কৰিছোঁ প্ৰচাৰ
কৰিছোঁ প্ৰচাৰ
কৰিছোঁ প্ৰচাৰ ৷
অসমীয়া ডেকাৰ উক্তি
শক্তি পুত্ৰ মই
ভক্তি বুকুত লই
মুক্তি প্ৰয়াসী হই
অৰ্জ্জুন মই, গাণ্ডীবী মই,
ময়েই ধনঞ্জয়— মৃত্যু কৰিছোঁ জয় ;
ময়ে অসমৰ
ময়ে ভাৰতৰ
ময়ে ডেকা ল’ৰা অগ্নিময় ৷
ময়ে ভাৰতৰ নবীন সূৰ্য্য
পূৰ্ব্বাচলত বজাওঁ তূৰ্য্য্
মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
মুগ্ধ কৰিব আলোক যাত্ৰী
শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি
কৰিম জগত জয়
নবীন সূৰ্য্য মই ৷
উপচি আহিব পোহৰৰ ধল
লুইতৰ দৰে ফেনে – ফোটোকাৰে
ফেনিল শুভ্ৰ জ্যোতি – প্ৰপাতৰ জল ৷
হাতীপটীয়েদি ঐৰাবাটেদি
কত নগৰৰ আলি–গলিয়েদি
কত মেধাবীৰ মহামনীষীৰ
মনৰ মাজেদি
কবীন্দ্ৰ জিনি হ’ম
মহামনীষাৰ মহাসাগৰত ৰ’ম ৷
মই লিখা গানে
আলোকে আলোকে
নতুন বাতৰি কৈ,
আলোকৰ এক মহাসঙ্গীত
তুলিব পৃথিৱীময় ৷
তেজ-মঙহৰ
মাতৃজনাৰ
কোলাত জনম লৈ,
দেশ-জননীৰ মহান কোলাত
লীন হৈ যাওঁ মই ৷
উদয় শৈল-গৰ্ভ বিদাৰি
অৰুণ দীপ্তিময়
ব্যাপে যেনেকৈ
গ্ৰাম-মহাগ্ৰাম
পৃথিৱীময়,
ক্ৰমে ক্ৰমে ক্ৰমে
উঠি উদ্ভাসি
সিঁচি যাওঁ মই
কিৰণৰাশি
ৰঙচুৱা হৈ সন্ধিয়া
সোণালীকৈ ৷
মৃত্যুসাগৰ পাৰ হৈ যাওঁ
নতুন পুৱাৰ নতুন বাতৰি লৈ
নতুনৰ জ্যোতি হৈ,
থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ
জনমে জনমে ঘূৰি ঘূৰি আহোঁ
মোৰ স্বদেশলৈ ৷
ময়েই ধনঞ্জয়—-
ময়ে অসমৰ
ময়ে ভাৰতৰ
ময়ে ডেকা ল’ৰা অগ্নিময় ৷
ময়ে কাৰুকৰ
ময়ে খনিকৰ
ময়েই চিত্ৰকৰ
গঢ়ি যাওঁ মনোহৰ,
সুৰ অপৰূপ
কত নৱৰূপ
ময়েই ৰূপকোঁৱৰ ৷
ময়েই স্বদেশ
ময়েই বিদেশ
মই নানা দেশ
সাতো মহাদেশ
সাতোবাৰ ঘূৰি-ফুৰি,
জ্ঞানৰ মাণিক-মুকুতা আনিম
অঞ্জলি ভৰি ভৰি ৷
কামৰূপা মোৰ
সুৱদিসুৰীয়া
অসমীয়া ভাষা
জগত-সভালৈ যাব,
উজ্জ্বল
সুজ্জ্বল
কহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হ’ব ৷
ময়ে অসমীয়া
প্ৰাগ্জ্যোতিষৰ,
ময়ে অসমীয়া শোণিতপুৰৰ
নবীন যুগৰ
কুমাৰ ভাস্কৰ মই,
ময়ে অসমীয়া শৰাইঘাটৰ
চোকা-তৰোৱাল লওঁ লাচিতৰ,
মোমাইতামুলী গড়
দুৰ্জ্জয় অগ্নিগড় ময়েই
নাই মোৰ সমসৰ ৷
ময়েই খাছীয়া
মই জয়ন্তীয়া
ডফলা-আবৰ-অঁকা,
ময়ে চিংফৌ
ভৈয়ামৰ মিৰি
সোৱণশিৰীয়া ডেকা,
বিজয়ী আহোম কছাৰী-কোঁচৰ
মেছৰ কুমাৰ মই
ৰাজবংশী ৰাভা
কপালত জ্বলে শত গৌৰৱ আভা ৷
মই—
লালুং-চুটিয়া
লুচাই-মিকিৰ-গাৰো,
মিছিমি-খাম্তি
নগা-আঙ্গামী বীৰ,
পৰ্ব্বতে-পাহাৰে
জ্বলিছে উচ্চ শিৰ ৷
সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা
চাহ-বাগিচাৰ ময়েই বনুৱা
ন-অসমীয়া মৈমনছিঙীয়া
থলুৱা নেপালী
নৃত্য-কুশলী মণিপুৰীয়া মই ৷
মই—
কত পৰ্ব্বতৰ
কত ভৈয়ামৰ
শত নিজৰাৰ ধাৰ,
হিলদল ভাঙি
ৰৈ আহি আহি
বৰলুইতত
হৈ যাওঁ একাকাৰ ৷
মই—
যন্ত্ৰযুগৰ মোহন মন্ত্ৰ ল’ম
মন-বিমানৰ ময়েই সাৰথি হ’ম,
বিজুলী-ৰথৰ মহাৰথী মই
জীৱনৰ ৰণ্জিৎ
বিদাৰিম মই সমাজতন্ত্ৰ
ৰচিম নতুন মানৱ-তন্ত্ৰ
বিজ্ঞান স্বৰ্গজিৎ
মই জ্ঞানৰ ইন্দ্ৰজিৎ
মই ধৰিছোঁ নতুন ৰূপ
জ্বালি নৱজীৱনৰ ধূপ
আলোকৰ শিখা লিখি কপালত
থিয় হলোঁ মই নীলাচলত
অবিচলিত হৈ
অসমীয়া ডেকা মই ৷
আকাশীনেত্ৰে বিশ্বজগত চাই
হুঙ্কাৰি মই ঘোষিলোঁ অধিকাৰ
মই যে শক্তিমান,
তূণ ভৰি ললোঁ দিব্য অস্ত্ৰ
পিন্ধি ললোঁ মই ত্যাগৰ বস্ত্ৰ
সন্ধান মোৰ নহয় ব্যৰ্থ
সব্যসাচি ধৰিলোঁ ধনুৰ্ব্বাণ
ময়েই হিন্দু
ময়েই মুছলমান
ময়েই ন-জোৱান ৷
মোৰ ভগৱান মন্দিৰে-মছ্জিদে
ভগৱান মোৰ নামঘৰে ঘৰে
অন্তৰে বাহিৰে,
মোৰ ভগৱান নৈয়ে বনে বনে
গীতা-কোৰাণেৰে, বাইবেলেৰে
কত গ্ৰন্থেৰে মই
সকলো ধৰ্ম্মৰ মৰ্ম্ম
বুকুত লৈ,
প্ৰণমিছোঁ মই
প্ৰাৰ্থনা-নামাজ
লোৱাহে জ্যোতিৰ্ম্ময় !
জয় তোমাৰেই
জয় তোমাৰেই
জয় তোমাৰেই
জয় ৷
অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
ঠুনুকঠানাককৈ অমিয়া বৰষা,
অমাতৰ মাত যেন কোৱা যিটো ভাষা ;
অসমীয়া ভাষা মোৰ বৰ মৰমৰ,
জ্বলন্ত সাধনা মোৰ কত জনমৰ ৷
অগনি অমৃত মৌ ছন্দ গীত গান,
লয় তাল মান মাত্ৰা অলঙ্কাৰ তান ;
শতভঙ্গ নৱৰঙ্গ কাব্য – নিজৰাৰ
নৱৰস বৰষক ধাৰে বাৰিষাৰ ৷
উজ্বলক নৱ ভাৱ তৰা কোটি কোটি,
মোৰ ভাষা-আকাশত নিতে নিতে ফুটি ;
কল্পনা-বনত হওক সবিতা উদয়,
প্ৰচণ্ড প্ৰতিভা জ্বলি জগত বিস্ময় ৷
বসন্ত প্ৰকৃতি সমা হোক মনোবন,
ৰূপে-ৰসে গন্ধে-গানে বিশ্বৰ বোধন ;
চিৰসুন্দৰক নিতে মাগি আছোঁ বৰ,
কামৰূপা ভাষা মোৰ কৰিবা অমৰ ৷
পৃথিৱী লক্ষ্মীৰ হৈ ফোঁট কপালৰ,
জ্বলিব জেউতি জোন যাউতিযুগৰ ৷
অসমৰ নবীন জোৱানৰ সঙ্কল্প
জাগোঁ মই –
অসমৰ নবীন জোৱান ,
বুকুত জ্বলিছে মোৰ অগ্নিময়ী অভিমান
জাগোঁ মই অসমৰ অজেয় জোৱান ৷
কোন তই গচকি খচকি দিছ,
মোৰ চোতালতে আহি
কৌটিকলীয়া অধিকাৰ
সাৱধান, হ’বি সাৱধান !
মৃত্যুৰে পতালোঁ সখি মই
লাচিতৰ তৰোৱাল লৈ
জীৱনৰ নৱতম শৰাইঘাটত
আজি মোৰ ৰণসজ্জা,
দিম তেজ
দিম মাংস
দিম অস্থিমজ্জা ৷
লাখ লাখ নবীনৰ
বলি যাব প্ৰাণ
সাৱধান— সাৱধান !
জাগোঁ মই অসমৰ নবীন জোৱান ৷
নীলাচল পৰ্ব্বতৰ শিলৰ তলত
যুগ যুগ বহি মই
শুনো লুইতৰ অগ্নিৰাগ ;
নিজৰ কলিজা চিৰি
আঁজলিয়ে আঁজলিয়ে
মোৰ ৰঙা তেজেৰে
ৰচিলোঁ সভ্যতা কত
অৰ্পি দিলোঁ অকাতৰে
সুন্দৰৰ চৰণত
ৰক্তজবা সম যজ্ঞভাগ ৷
ভাগৰুৱা পৰাণত তন্দ্ৰা অলস দেখি
কোনে দুৱাৰত আহি
টঙ্কাৰিলি ধনুৰ্ব্বাণ
সাৱধান, অতি সাৱধান !
কনকলতাৰ তপত তেজেৰে
কপালত অঁকা মোৰ
তিলক বহ্নিমান,
বিয়াল্লিছত কৰিছোঁ ৰক্তমান
কৰিছোঁ অগ্নিস্নান ৷
আয়ে দিয়া মোৰ বিহু-গামোচাৰে
গুলি খোৱা তেজ মচি,
ৰণদেৱতাৰ ৰঙা-থাপনাৰ জ্বালাওঁ শলিতাগছি
পুনৰ সষ্টম—সাজু হৈছোঁ
দিবলে’ জীৱন দান ৷
তিলক ডেকাৰ ময়ে সমনীয়া
ময়ে অসমৰ ৰাতি-পহৰীয়া ;
বাপতিসাহোন স্বদেশৰখীয়া
লুইতৰ পাৰৰ ময়ে দুৰ্ম্মদ
অজেয় নৱ-জোৱান ৷
মোৰ অধিকাৰ কোনে গচক-খচক—
সাৱধান, সাৱধান ৷
এহাতেৰে মই
বগা পদুমেৰে
পূজা কৰোঁ সুন্দৰৰ,
আনটি হাতেৰে
চলাই অস্ত্ৰ
ৰোধ কৰি যাওঁ
অবিচাৰ যত
অত্যাচাৰ যত
অন্যায় যত
কদৰ্য্য অসুৰৰ
স্বাৰ্থান্ধ মানুহৰ
পৃথিৱীলে’ অহা নতুন আলোক
ভেটা দিয়া বৰ্ব্বৰৰ ৷
মহামানৱৰ জয়-গান গাওঁ
অসুৰত্ব কৰোঁ ক্ষয় ;
অসত্যক মই শঙ্কা নকৰোঁ
প্ৰতিক্ৰিয়ালৈ সমুলি নডৰোঁ
জানোঁ, জানোঁ, জানোঁ
পৃথিৱীত হ’ব সত্যৰ মহাজয় ৷
এই মহাবিশ্বাসকে লৈ
অন্যায়কাৰীৰ স’তে যুঁজিবলে’
সষ্টম হ’লোঁ মই ৷
ৰণসাজে আজি
সেইহে সজ্জা
দিবলৈ ওলাওঁ অস্থি-মজ্জা ৷
জ্বলিছে বুকত সঞ্চিত অভিমান ;
জাগোঁ—
জাগা আজি অসমৰ
অধিকাৰ ৰাখিবলে’
মৃত্যুঞ্জয় নবীন জোৱান ৷
আজি কোন ক’ত আছ
নিৰ্জীৱ হৈ লুইতৰ পাৰৰ ডেকা !
আঁজলিৰে আজি তেজ বাকি দি
মচিব লাগিব চেকা
তোৰ দুৰ্ভগীয়া জননীৰ ৷
পাহৰি গ’লি নে
শৰাইঘাটত
তয়ে এদিন বলি লৈছিলি
মান ৰাখি অসমীৰ ?
যি কি ধৰ্ম্ম নহওক তোৰ
বামুণ-শূদিৰ যিয়েই নহৱ
হিন্দু বা মুছলমান
বৌদ্ধ হৱ, খ্ৰীষ্টান হৱ
মাথোঁ মনত ৰাখিবি তই অসমৰ ন-জোৱান ৷
নতুন পৃথিৱী গঢ়িবলে’ তোৰ
জাগে আদৰ্শ অতি মহান,
সাম্য-মৈত্ৰী-স্বাধীনতাৰ
আৰু নৱবিপ্লৱৰ
কৰি যাৱ তই
অভিনৱ অভিযান ৷
আন তই কোনো নহৱ, নহৱ
তই মাথোঁ হৱ
নতুন দিনৰ
নতুন মনৰ
নৱজাগৰিত ন-জোৱান
নৱমানৱীয় ন-জোৱান ৷
লুইতৰ দুপাৰে
পথাৰে পথাৰে
কোন কোন গাভৰু আছ,
কোন সপোনৰ কিনো চানেকিৰে
কিনো কেচ্ফুল বাছ ?
অসমৰ সৌ উত্তৰ-পূবে
দক্ষিণে-পশ্চিমে
তই কোন পৰ্ব্বতীয়া
ঊৰ্ধ্বস্বিনী বালা,
কি বনফুলেৰে
লাতুমণিৰে গুঠিছ কিহৰ মালা ?
ফুলৰ চানেকি থৈ দে অ’ আজি
থৈ দে বনৰ ফুলৰ ডলা,
ৰণৰ গোসাঁনী হৈ তই আজি
পৰ্ব্বতে-ভৈয়ামে
ওলা, ওলা ৷
মিথ্যাচাৰৰ ফোৰোহনি মাৰি
আহিছে আসুৰী বল,
অন্যায়, অসত্য যুক্তিৰে তোৰ
ভাঙিব খুজিছে
জাতীয় জীৱনৰ
সোণৰ দ’ল ৷
আজি হেজাৰ বছৰ ধৰি
পৰ্ব্বতে-ভৈয়ামে লগ খাই তই
গঢ়িলি জীৱন যিটি
নানা বিদেশৰ আহিলে যিখিনি
তাকো দিলি তই
যাউতিযুগীয়া প্ৰীতি ৷
নানা ধৰমৰ
নানা কৰমৰ
নানা বৰণৰ
জাতি-উপজাতি গোট খাই,
ৰচিলি সুৱদি ভাষা অসমীয়া
পৃথিৱীত বিচাৰি পাবলে নাই ৷
পৰ্ব্বতৰ নিজৰা, ভৈয়াম নামিলে
ভৈয়ামৰ ডাৱৰে পৰ্ব্বত চুমিলে,
তাতে মিলি গ’লে দেশ বিদেশৰ
আহি কতনা জনে,
অসমৰ মাটিৰে ভাগ্য গঢ়ি যে
বুকুৰ কুটুম হ’লে ৷
এনুৱা নোহোৱা-নোপোজা সমন্বয়
মুখৰ কথাৰে ছিঙি-ভাঙি দি
কৰিব মিছাৰে জয় ???
বুকু পাতি তই ওলাই আহ অ’
পৰ্ব্বতীয়া-ভৈয়ামীয়া
তই অসমীয়া
তই অসমীয়া
তই খিলঞ্জীয়া অসমীয়া ৷
আজি জনতাৰ নবীন চেতনা
আজি জনতাৰ নবীন চেতনা
পৃথিৱী বিয়পি জাগে,
সেই পোহৰত জগতৰ জনে
নতুন জীৱন মাগে।
সেই চেতনাৰ সংঘাত লাগি
ভাগিছে শতাব্দীৰ
দুষ্কৃতিৰ য’ত দুৰ্ভেদ্য প্ৰাচীৰ।
জন-চেতনাৰ
স্পৰ্শত জাগে
ব্যথা-বেদনাৰ গান,
জাগে দুৰ্জ্জেয় অজেয় শক্তি
সংস্কৃতিৰ সুমহান।
এই চেতনাত ফুলি উঠে আজি
জন-জীৱনৰ আশা,
মুখৰিত আজি….
প্ৰাণ সঞ্চাৰি ভাষা।
আজি চেতনাৰ জনতা মনত
নবীন অভ্যুদয়
সেই চেতনাৰ সংঘাতে আনে
জন-জীৱনৰ জয়।
আজি জাগ্ৰত ভাৰত
আজি জাগ্ৰত ভাৰত
পোহৰৰ গানে গানে
জাগে জনতাৰ মহাপ্ৰাণ,
যুগ যুগ সঞ্চিত
স্বাধীনতাহীনৰ
জাগে জ্বালাময়ী অভিমান।
আজি যত ত্যাগীৰ
প্ৰদীপ্ত কপালৰ
অৰুণাৱলীয়ে হাঁহি
দলিতৰ ঘৰ পোহৰায়,
মহাপোহৰৰ বাটে
মোহন গান্ধী গ’ল
পৃথিৱীকে বাট দেখুৱায়।
ৰামধেনু বাটেৰে কোন যাবি, কোন যাবি
হ আগুৱান…….
জ্বলন্ত ফুটন্ত এই জ্যোতি – প্ৰপাতৰ
আলোক – ছন্দত ঝঙ্কৃত
বিশ্বৰ নৱতম সুৰ – লয় – তান
গা, গা, গা আজি ভাৰতৰ ঘৰে ঘৰে পোহৰৰ গান।
আজিৰ কবিতা তাই
আজিৰ কবিতা তাই
খোজ কঢ়া ছন্দেৰে যায় দিঠকলে’,
আহিলে ওলাই
খোজে খোজে নৱ লয়লাস
অভিনৱ ছন্দবিকাশ।
কল্পনাৰ ফুলনিত
সোণালী সপোন দেখি
অত দিন শুই থাকি
যন্ত্ৰৰ গুম্গুমনিত সাৰ পায়।
দেখে…
আকাশেদি উৰি যায়
যন্ত্ৰবিমান ;
শুনে….
বাজে খৰ্খৰণিৰে ৰেডিঅ’ৰ গান ৷
খুলি থৈ সোণখাৰু
কঙ্কণ……
গাৰ পৰা মচি থৈ
কুঙ্কুম – চন্দন;
ৰেলৱে – ট্ৰেইনৰ
তৃতীয় শ্ৰেণীত উঠি
বনুৱাৰ – হজুৱাৰ গাঁৱলৈ যায়,
শাক – ভাত খায় ৷
ম’তা সাজ পিন্ধি তাই
ফুকাৰিছে…..
বিপ্লৱী বিকুল ৷
কম্পমান সাগৰৰ ইকুল – সিকুল।
ধূলিলৈ নামি যায় ….
মাইনত নামি চাই
কাৰখানা ফেক্টৰীত ভূমুকিয়াই ;
সুন্দৰৰ ৰাজ্য দেখি থানবান
আজি কবিতাৰ অভিমান ৷
কপালৰ গাঁথি থোপাকৈ
চকুত জ্বলাই তোলে এক নৱজ্যোতি
নতুন দিনৰ তাই নতুন পোছাক পিন্ধি
আজি ৰূপৱতী ৷
বাল্মীকিৰ দিনৰে তাই
চিৰনবীনা
চিৰযৌৱনা
যুগাগ্ৰদূতী॥
আধুনিক কবিতা তাই
আধুনিক কবিতা….
তাই
পিয়ানো বজাই….
গাই যায়
সুহুৰীয়া গান,
আত্মাত আছে জ্বলি
বৈদিক যুগৰে সেই একে অভিমান ৷
মাথোঁ…..
নৱআৱিষ্কৃত লয়লাস
ফিল্মীয় হাস
ভডেভিলাভিনয় বিলাস
বৈজ্ঞানিক লয়-মান-যাত্ৰা প্ৰকাশ ৷
আধুনিকা কবিতা….
তাই যায়
ৰেলৱে ট্ৰেইনৰ
প্ৰথমত, দ্বিতীয়ত
তৃতীয়ত….
…….. এৰোপ্লেনত,
তই দ্ৰুতগামী
তাই অন্তৰ্যামী ৷
… ডিনাৰ – ছাপাৰ খায়
কেতিয়াবা চিৰাও চোবায় ৷
*
সুখীয়াৰ
বিলাসৰ
মৰচুমী ফুল…..
গোলাপৰ
সুৰভিয়ে ভুলাই ৰাখিব তাইক
ক’ত পাৰে আৰু ?
ফেক্টৰী, মাইনত
চেপা খাই জোল হোৱা
মানুহৰ….
হাঁহাকাৰ শুনি তাই
সোলোকাই থলে সোণ-খাৰু ৷
*
বাল্মীকি-বনত
অতীতত
যিটো আসুৰী নিষাদৰ
বিৰোধে বিদ্ৰোহী হৈ
শ্লোকৰূপে
ঘোষি প্ৰতিবাদ….
দৈৱী ন্যায় প্ৰতিষ্ঠাৰ বাবে
ৰামায়ণ-গানে গানে
প্ৰচাৰি ফুৰিলে দৈৱীবাদ….
বুৰঞ্জীৰ আৰু এক মহাসংক্ৰান্তিত
কবিতাই ললে আহি
অচিনাকি ৰূপ
বিপ্লৱী ছন্দেৰে ছন্দায়িত ৷
*
…. প্ৰাণৰো প্ৰাণ তাই
মাটিৰো মাটি
তাইয়েই সূক্ষ্ম ন্যায়
খাটিৰো খাটি…..
….. তায়ে সত্য সনাতন
গায়ত্ৰী ছন্দ
মানৱৰ সভ্যতাৰ
স্তৰে স্তৰে
সজাগৰে
ফুৰে তাই….
যত ছন্দ ভঙ্গ হৈ
মানুহৰ জীৱনৰ
কদৰ্য্য কলুষে
সুন্দৰৰ ৰাজ্যখন
কৰে লণ্ডভণ্ড ৷
…. তাই….
নানা অভিনৱ অদ্ভুত আৰু অচিনাকি
ছন্দৰ ৰিহা পিন্ধি লৈ …..
আজি এই নতুন শতিকাতো
বৰষিব…
অনাস্বাদিত মৌ-মধু,
তোষি নৱ-জগতৰ কোটি….
অভিলাষী মকৰন্দ
তাই ছন্দৰো ছন্দ ৷
ছন্দৰো অভ্যন্তৰৰ
উচ্চ গণিতৰ….
সূক্ষ্ম গণনাৰ যোজনাৰে গঢ়া-পিটা
ছন্দবিহীনাৰূপে
বিচিত্ৰ অভিনৱ পদবন্ধে
আহে তাই
হাঁহে তাই
নিচিনো নিচিনো বুলি, চিনিলোঁ চিনিলোঁ আজি
তুনি মোৰে কবিতা মাই
মাথোঁ ৰূপ আহিছা সলাই ৷
মাই !
মোক তুনি কিবা ক’ খুজিছা ? ? ?
ক’বা ?
কাৰ ? ?
কথা বুভুক্ষুৰ ? ? ?
মাই !
মোৰ আগত তুনি কিবা বৰ্ণাব খুজিছা ? ? ?
বৰ্ণাবা ?
কি ?
হাড়ছাল ….
কামিহাড় ….
থৰক্বৰক্
হুমুনিয়াহ …..
….. হাঁ ভাত … হাঁ ৰুটী …..
….. মা … ভোক ভোক … উ উ উ উ …..
হা ভগৱান
“কিয় যোৱা নাই কামলৈ ?”
ভাত নাই খাবলৈ ….
“ডেম …. তই ৰৈ আছ লাঞ্চ খাবলৈ”
× × × গমহ্ গমহ্ × × ×
× × × উস্ × × উস্ উস্ × × ×
….. নামাৰিবা, নামাৰিবা, চাহাব, চাহাব …..
“চুপ্ … চুপ্ … চুপ্ … চুপ্…
…. ষ্ট্ৰাইক্ ? ষ্ট্ৰাইক্ ? ?
ব’ল …ব’ল … ব’ল
ব’ল …. কামলৈ ৷”
× × × চাৰৌপ্ …. চাৰৌপ্ ….
…. অহ্ হ্ হ্ হ্
উহুঁ …হুঁ … হুঁ ….হুঁক্ হুঁক্ হুঁক্ …
× × × চাৰৌপ্ … চাৰৌপ্ × ×
“ব’ল, কুত্তা ….
চলো, চলো…..
ইউ ডেম্ ছোৱাইন চুপ্ ৷”
…. চুপ্
…. চুপ্ চুপ্
….. চু…উ..উ…উ…প্ ৷
আন্ধাৰৰ মাজে মাজে
আন্ধাৰৰ মাজে মাজে
জ্বলো নজ্বলোকৈ
তই কিনো পোহৰৰ দ্যুতি?
পাওঁ চিনি
পাওঁ চিনি
তই কিনো তই কিনো অভিনৱ জ্যোতি।
মোৰ লালায়িত ভঙ্গৰ
সুৰ লয় তানে
মোৰ বিয়াকুল প্ৰাণে
মোৰ অৰচিত বিৰচিত
ৰঙা নীলা গানে
তোক চিনে….
লীলায়িত সুৰ লয় তানে
মানে
প্ৰাণে প্ৰাণে
অৰচিত বিৰচিত গানে গানে
হাঁহি তোৰ উঠিছে ফুটি ৷
আহ অ’ অকণি আহ
আহ অ’ অকণি আহ
আহ অ’ অকণি আহ
নতুন দিনৰ
নতুন জীৱনৰ
ফুলা ফুলনিত হাঁহ,
আহ অ’ অকণি আহ।
শেৱালি-নেৱালি পলাশ-পাৰলি
তগৰ খৰিকাজাঁই
কেতেকীৰ গোন্ধে মলেমলাই,
পদুম ফুলিছে ৰঙা নলী বগা
লেখিবকে পৰা নাই ৷
নতুন পুৱাৰ পোহৰ জুৰিত উটি
ফুলাম পালৰ নাৱত হাঁহিছে
ফুলৰ কোঁৱৰ ফুলৰ কুঁৱৰী দুটি
নেদেখা নুশুনা নৰুন ফুলৰ
সিঁচিছে ধুনীয়া গুটি ৷
তই জগাব লাগিব
ভাৰতৰ জন
জিনিব লাগিব
পৃথিৱীৰ মন,
তয়ে অসমৰ
তয়ে ভাৰতৰ
তয়ে জগতৰ
তয়ে অভিনৱ জ্যোতি
তয়েই বালাৰ্জ্জুন
তবেই বালাৰুণ ৷
মহামহত্বৰ
চিৰসুন্দৰৰ
আলোকদীপ্ত অজেয় সেনাপতি
কোনে ৰোধে তোৰ প্ৰগতি অগ্ৰগতি
আলোকদীপ্ত অজেয় সেনাপতি।
ঊষাৰ কোলাত গৈ
ঊষাৰ কোলাত গৈ
উচুপি বিনায়
পোহৰতে মাৰ যায়
জানো জানো তাৰ
গানো বিফলে নাযায়
ৰূপান্তৰৰ মই
যুগান্তৰৰ মই
ভাৰতৰ
জগতৰ
বিদ্ৰোহী-বীৰ্য
বিপ্লৱে বিপ্লৱে
বিজুলী-বজ্ৰ হানি
সুঘোষিত কৰি যাওঁ অগ্নি-তুৰ্য
কালান্তৰৰ যি
ৰূপান্তৰৰ যি
যুগমীয়া সত্য
সিয়েহে গুপ্ত অনিত্য
সেই ব্যাপ্ত বিজুলীৰে
গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ;
অম্বৰ ফালি-চিৰি
দিগম্বৰ
যোগী মই
যুগে যুগে
পিন্ধো মাথোঁ উপযোগী
নৱ নৱ যুগ-বস্ত্ৰ।
মহাকালে নাচে যি
সৃষ্টি-স্থিতি-প্ৰলয়ৰ
মধু মৃদু শান্ত প্ৰশান্ত
উত্কমট তাণ্ডৱ ভঙ্গ,
সেই কাল-বাজনাৰ
প্ৰধান ময়েই ওজা
পৰিতাল ব্ৰহ্মতাল
ৰুদ্ৰতাল
তাল ৰূপ গন্ধ,
দ্ৰুত বিলম্বিত লয়ে
মাৰণ উছাটন
মন্ত্ৰে ফুকাৰি ময়ে
বাই যাওঁ বিশ্ব-মৃদঙ্গ ৷
আৱৰ্ত্তন
বিৱৰ্ত্তন সংৱৰ্ত্তন
পৰিৱৰ্ত্তনৰ
ময়ে
দ্ৰুতগামী
কাল ৰথচক্ৰ,
পেষিত
নিষ্পেষিত
কৰি আগবাঢ়ি যাওঁ
আলোকৰ বাটে বাটে
সুসংযত
গতিৰে অবক্ৰ৷
নৱ নৱ প্ৰপঞ্চৰ
সনাতন ইচ্ছা মই
শুভেচ্ছাৰ পোহৰেৰে
জগত জ্বলাওঁ,
হুতাশনৰূপে মই
পুৰণি খাণ্ডৱ দহি
নৱ নৱ
সৃষ্টিৰ
পাতনি পেলাওঁ ৷
ফুলতো কুমলীয়া
শিলতো কঠোৰ মোৰ
তপ্ত হৃদযন্ত্ৰ
ৰূপান্তৰেহে মাথোঁ
জগত ধুনীয়া কৰে
এয়ে মোৰ
গায়ত্ৰী-মন্ত্ৰ ৷
চিৰ উদাসীন মই
সংসাৰৰ ঘৰে ঘৰে
থাকোঁ হৈ
সকলোতে মত্ত,
কালৰ মন্ত্ৰ শুনি
নিমিষতে
ভাঙি-ফালি
মোহ-মায়া ব্যুহ
হুহুঙ্কাৰে নাচোঁ মই
উলঙ্গ উন্মত্ত ৷
আগ্নেয়গিৰি ফুটি
জ্বলন্ত জ্বালাময়
অগ্নিবৃষ্টিৰূপে পৰোঁ,
জগতত;
ৰজাৰ কাৰেং উৰে
ভিকহুৰো ঘৰ পোৰে
লেলিহান জুই জ্বলে
মোৰ এই অগ্নি-নৃত্যত ৷
অৰ্ব্বুদ নিযুত প্ৰাণী
জহি জহি
যায় গচকত
মোৰ দলদোপ খচকত ৷
অখণ্ড যাত্ৰা সোঁত
শাশ্বত অগ্নি-প্ৰদীপ মূৰ্ত্তিমান
চিৰকল্যাণ ৷
মোৰ তাপ-উমৰেই
জীৱনৰ হাঁহিটি ফুলাওঁ,
পোহৰেৰে বাট দেখুৱাওঁ ৷
নৱ সৃষ্টিৰ বাবে পুৰণিক ডেই-পুৰি যাওঁ
অতীতক আঁতৰাই ভৱিষ্যক গঢ়ো
ময়েই মহাশক্তিমান,
অনাদি অনন্ত ব্যাপী,
ময়েই মাত্ৰ আছোঁ
চিৰবৰ্ত্তমান ৷
ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
ঊষাৰ কোলাত থৈ
উচুপি বিনায়
পোহৰতে মাৰ যায়
জানো জানো তাৰ
গানো বিফলে নাযায় ৷
ৰূপান্তৰ মই
যুগান্তৰ মই
ভাৰতৰ
জগতৰ
বিদ্ৰোহী-বীৰ্য্য
বিপ্লৱে বিপ্লৱে
বিজুলী-বজ্ৰ হানি
সুঘোষিত কৰি যাওঁ অগ্নি-তুৰ্য্য ৷
কালান্তৰ যি
ৰূপান্তৰ যি
যুগমীয়া সত্য
সিয়েহে গুপ্ত অনিত্য
সেই ব্যাপ্ত বিজুলীৰে
গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ ;
অম্বৰ ফালি-চিৰি
দিগম্বৰ
যোগী মই
যুগে যুগে
পিন্ধো মাথোঁ উপযোগী
নৱ নৱ যুগ-বস্ত্ৰ ৷
মহাকালে নাচে যি
সৃষ্টি-স্থিতি-প্ৰলয়ৰ
মধু মৃদু শান্ত প্ৰশান্ত
উৎকট তাণ্ডৱ ভঙ্গ,
সেই কাল-বাজনাৰ
প্ৰধান ময়েই ওজা
পৰিতাল ব্ৰহ্মতাল
ৰুদ্ৰতাল
তাল ৰূপ গন্ধ,
দ্ৰুত বিলম্বিত লয়ে
মাৰণ উছাটন
মন্ত্ৰ ফুকাৰি ময়ে
বাই যাওঁ বিশ্ব-মৃদঙ্গ ৷
আৱৰ্ত্তন
বিৱৰ্ত্তন সংৱৰ্ত্তন
পৰিৱৰ্ত্তনৰ
ময়ে
দ্ৰুতগানী
কাল ৰথচক্ৰ ,
পেষিত
নিষ্পেষিত
কৰি আগবাঢ়ি যাওঁ
আলোকৰ বাটে বাটে
সুসংযত
গতিৰে অবক্ৰ ৷
নৱ নৱ প্ৰপঞ্চৰ
সনাতন ইচ্ছা মই
শুভেচ্ছাৰ পোহৰেৰে
জগত জ্বলাওঁ ,
হুতাশনৰূপে মই
পুৰণি খাণ্ডৱ দহি
নৱ নৱ
সৃষ্টিৰ
পাতনি পেলাওঁ ৷
ফুলতো কুমলীয়া
শিলতো কঠোৰ মোৰ
তপ্ত হৃদযন্ত্ৰ,
ৰূপান্তৰেহে মাথোঁ
জগত ধুনীয়া কৰে
এয়ে মোৰ
গায়ত্ৰী-মন্ত্ৰ ৷
চিৰ উদাসীন মই
সংসাৰৰ ঘৰে ঘৰে
থাকোঁ হৈ
সকলোতে মত্ত,
কালৰ মন্ত্ৰ শুনি
নিমিষতে
ভাঙি ফালি
মোহ-মায়া ব্যূহ
হুহুঙ্কাৰে নাচোঁ মই
উলঙ্গ উন্মত্ত ৷
আগ্নেয়গিৰি ফুটি
জ্বলন্ত জ্বালাময়
অগ্নিবৃষ্টিৰূপে পৰোঁ
জগতত ;
ৰজাৰ কাৰেং উৰে
ভিকহুৰো ঘৰ পোৰে
লেলিহান জুই জ্বলে
মোৰ এই অগ্নি-নৃত্যত ৷
অৰ্ব্বুদ নিযুত প্ৰাণী
জহি জহি
যায় গচকত
মোৰ দলদোপ খচকত ৷
অখণ্ড যাত্ৰা সোঁত
শাশ্বত অগ্নি-প্ৰদীপ মূৰ্ত্তিমান
চিৰকল্যাণ ৷
মোৰ তাপ-উমেৰেই
জীৱনৰ হাঁহিটি ফুলাওঁ
পোহৰৰে বাট দেখুৱাওঁ ৷
নৱ সৃষ্টিৰ বাবে পুৰণিক ডেই-পুৰি যাওঁ
অতীতক আঁতৰাই ভৱিষ্যক গঢ়ো
ময়েই মহাশক্তিমান,
অনাদি অনন্ত ব্যাপি
ময়েই মাত্ৰ আছোঁ
চিৰবৰ্ত্তমান ৷
এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
এতোৱাৰ
দেওবাৰ… জিৰণিৰ বাৰ ৷
সেই দিনা পুৱতিৰ হাঁহি
তাইৰ ঘৰৰ সুৰুঙাই সোমাই আহি
তাইক পৃথিৱীৰ-মন্ত্ৰ দিবলৈ
ৰৈ আছিল,
সেই ক্ষণতে তাই উপজিছিল ;
জব্বলপুৰৰ এখন গাঁৱত
আজিয়েই তাই চকু মেলি দেখিলে পোহৰ,
জন্মৰ মূহুৰ্ত্ততে তাইৰ
অন্তৰ আত্মাই পোহৰেৰে সখী পতালে ;
পিছ মূহুৰ্ত্তেই কান্দি উঠিলে
তেতিয়া
ঘৰ-ঘৰোৱাহে গম পালে
আজি কোনোবা আহিলে ৷
জিৰণিৰ দিনা…
হাঁহি-মাতি জিৰণি লৈ গঞাই
খেল-ধেমালি কৰা দিনা,
এতোৱাৰ…দেওবাৰ…দিনটো বৰ মনোৰম,
কিন্তু বিধাতাই তাইৰ কপালত
আকৌ লিখি থৈ গ’ল “কঠোৰ পৰিশ্ৰম” ৷
এবছৰ ….
তাই মাকৰ কোলাত পিয়াহ খালে
কল্কলালে,
মাকৰ চুমাৰ তাই মৰমৰ সৰগত থাকিলে
জীৱনত তাইৰ যোগ অঙ্কই কাম কৰিবলৈ ধৰিলে ৷
১+১+১+১+১=৫ অত তাই লৰি ফুৰিলে
হাঁহিলে কান্দিলে,
সেউজীয়া ঘাঁহনিত বাগৰিলে,
বোকাৰে পুতলা খেলিলে
ধূলিৰে ধেমালি কৰিলে ৷
৫+১+১+১+১+১=১০ অত তাই দেখিলে
পৃথিৱীখন ধুনীয়া ই সুখৰ ঠাই,
সেউজীয়া পথাৰৰ ধাননিয়ে ধাননিয়ে
নিজৰা জুৰিৰ পাৰে পাৰে
তাই লৰি-ঢাপৰি
ভাগৰি-জুগৰি ফুলিলে ৷
১০+১+১+১+১+১=১৫ ত তাই
দেখোন মাজে মাজে উদাস হৈ যায় ৷
দূৰণিৰ হাবি আৰু দূৰণিৰ পৰ্ব্বত
তাতোকৈ কোনোবা দূৰণিৰ আকাশখন
তাইৰ ভালো লাগে…
কিন্তু তথাপিও কিবা এটা তাইৰ
ভাল নালাগে ৷
জিৎৰায় ল’ৰাটোক তাই
সদায়ে দেখি আছিল,
দেখিছিলে দেখিছিলে…
পিছে …
সেই দিনা আন্ধাৰে-পোহৰে কিবা
ধেমালি পাতোঁতে
সি দূৰৰ পথাৰৰ টিলা এটাত
বহি পেঁপা বজাইছিল ;
সেই দিনা তাই বেলিটোৱে
পৰ্ব্বতৰ আঁৰত শুবলৈ যোৱাৰ
আলেখ্লেখ চাই আছিল ৷
সপোনত কিবা অমাতৰ মাতৰ
চৰায়ে মতা দি
মাতিলে সেই দিনা,
জিৎৰায়ৰ পেঁপাটোৱে
তাইৰ বুকুখনত যেন তাৰ
কন্দাসুৰীয়া সুৰটো
আজি কিবা বেজী সোমোৱাদি
সোমাই গ’ল ৷
সুৰটো শুনি তাইৰ কন্দা কন্দা লাগিল,
সেই দিনাৰ পৰা জিৎৰায়ক
দেখিলে কিয় তাইৰ
ভাল লাগে
তাই ক’ব নোৱাৰে ৷
জিৎৰায়ক তাইৰ ভাল লাগোঁতে লাগোঁতে
বৰ ভাল লগা হ’ল,
এদিনা তাই তাক দেখি
কথা নাই, বতৰা নাই, থমক্ খাই ৰ’ল ৷
তেনেকৈ ৰোৱা দেখি
চোৱা দেখি
জিৎৰায় তাইলৈ চাই আছিল,
তাইৰ গাটো সিৰ্সিৰাই গ’ল…
তাইৰ তাক ছুবৰ মন গ’ল ৷
তেতিয়া আহিন মাহ সোমাইছিল ৷
এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
এশৰাই
বাসনাৰ ফুল
শেৱালি তগৰৰ
গোন্ধে ভৰপুৰ
বিয়পিলে লুইতৰ ইকূল-সিকূল ৷
যৌৱন ঋতুৰূপা
বাসন্তী স্বৰূপা
এনিশা আয়ুসৰ,
জুই জীৱনৰ
প্ৰেমৰ একুঁকি ফুল
কবি-হৃদয়ৰ ৷
নিদিবা, নিদিবা তাক
মৰহিবলৈ
গোন্ধ ৰব বহু দিনলৈ ৷
মুগ্ধ অলিকুল
মতলীয়া আকুল-বিকুল ৷
এটি যেন জীৱনৰ
মনমোহা ভুল,
যি ফুলে ফুলাই যায়
আমবণ কবিতাৰ ফুল ৷
কদাকাৰ দিঠকৰ কায়া
ঢাকি ভুলে
ধৰি স্বপ্নমায়া,
আপোনাতে আপুনি বিভোল ৷
সি তেনে ভুল জানো
সি তেনে ভুল ?
এপলক আয়ুসীয়া
এটি যেন অনুপখিলা,
মুহূৰ্ত্তৰ ভিতৰতে
জনম-মৰণ তাৰ
জীৱনৰ ৰঙ-ৰূপ খেলা ৷
জিলিকি জলক্ মাৰি
নিমিষৰ ভিতৰতে
থৈ যায় সৌন্দৰ্য্যৰ সোণোৱালী
ৰেখা,
তাৰ পিছে আৰু নাই দেখা
আৰু নাই দেখা ৷
থৈ যায়….
সুৱাগীৰ গাল দুখনিত
প্ৰথম চুমাৰ সাঁচ
সেই ৰূপ সপোনৰ
ৰত্নময় ৰেখা,
সৃষ্টিৰ পুলক সনা
প্ৰাণৰ গানৰ সি
মধু মৰ্ম্মলেখা
কবিতাই কবিতাই ভাগে ভাগে গঁথা ৷
এটি যেন
কপকিলকণ্ঠী
ৰূপৰ জোৱাৰ লৈ
অহা যেন
সুকোমলা
আলোক চিত্ৰাভিনেত্ৰী ;
ছবি
নিজৰাৰ
পাৰে
পাৰে
যেন মউ সৰে ৷
ৰুণুক-জুনুককৈ
নামি নামি আহে,
সৌন্দৰ্য্য নিজৰাই
সকলোৰে হৃদয় জুৰাই
মউমিঠা গান জুৰাই
মৃদু মৃদু হাঁহে ৷
তাই ভাও শেষ কৰি
সাধুটিৰ আধা বাটতেই
ৰূপালী কাপোৰত
মিলি যাওঁতেই,
হেঁপাহেৰে দৰ্শকে
থাকে ৰৈ ৰৈ
বুজিও নুবুজা হৈ
তাইৰে কথাকেই
থাকে
কৈ
কৈ ৷
মুগ্ধ –বিমুগ্ধ কৰা নাট্য-ধৰণী
চমক্ ছাঁয়া-অভিনেত্ৰী ৷
কনকলতা
বিয়াল্লিছৰ পুৱা জ্বলিলে তেজৰ জুই,
ক্ষুব্ধ জন-দেৱতা জাগিলে
জাগিলে ধৰ্ষিত-দলিত আত্মা
— যিবা আছিল শুই ।
বিজুলী প্লাৱনে বিয়পি পৰিলে সেনানীৰ আহ্বান
পূবৰে-পছিমে ৰজন্জনালে অগ্নিকবিৰ গান—
“তই হ, সাজু হ নৱ-জোৱান ।”
হুঙ্কাৰি উঠিল মুক্তি-যুঁজাৰু
ওলাই আহিল অসমী গাভৰু
মৃত্যুবিজয়ী গাঁৱৰ জীয়ৰী
দীপ্ত কনকলতা,
লুইতৰ পাৰৰ ৰণৰঙ্গিনী— স্বদেশ মুক্তিব্ৰতা ।
মুক্তি-বিচৰা ভাৰতে আজি ধৰিছে নতুন গান
বিশ্বমেলত ঠাই বিচাৰিছে, জাগিছে দেশত প্ৰাণ ।
তেজপুৰৰ কলংপুৰত ঠাইমান শুৱনি নাই,
ভাষা-সাহিত্যৰ পুণ্য পিতামহ হৰিবিলাসৰ
এয়ে ওপজা ঠাই,
তেওঁৰে যহতে পোনপ্ৰথমে
মহাপুৰুষৰ ধৰ্ম্মপুথিয়ে
ছপাত প্ৰকাশ পায় ।
তাকে জনমা চন্দ্ৰকুমাৰ, আনন্দচন্দ্ৰ
আৰু লম্বোদৰ বৰাই
সাহিত্যত অক্ষয় কীৰিতি ৰাখি
বুৰঞ্জীত থলে নাম জ্বলাই ।
অৰুণোদয়ৰ পুৰণি লিখক
নিধি লেভি ফেৰৱেল্,
অগ্নিঋষি কমলাকান্তই
বহি ইয়াতেই লিখি থৈ গ’ল
কবিতা কতনো পাতি দৰ্শনৰ মেল ।
অসমীয়াৰ কথাছবি জয়মতী
কলংপুৰৰ চিত্ৰবনতে হয়
প্ৰশান্ত হাঁহিৰে ছবিৰ নিজৰা বয়
ইয়াতে আকৌ কনকলতাই
বুকুৰ তেজেৰে লিখে উজ্বলাই
“জয় ভাৰতৰ জয়” ।
কলংপুৰৰ কোলাত আছে গাঁও বৰঙাবাৰী
তাতে পুৰণিকলীয়া দোলাকাষৰীয়া
বৰুৱা-ঘৰৰ শাৰী,
তাৰে এঘৰতে বুঢ়া ককাকেৰে
আছিলে কনকলতা,
পাটগাভৰু ছোৱালীজনী
ন-জীৱনৰ ন-সপোনেৰে
মনতে পুলকিতা ।
ষোড়শী কালৰ কত হাবিলাষ
জীৱনৰ কত আশে,
মধুময় কত ৰাঙলী সপোনে
ঘূৰি ফুৰে কাষে কাষে ।
নৱ-যৌৱনৰ গানে—
ভাবী জীৱনৰ কত আলসুৱা কথা
কৈছিলে
গুণগুণনিৰে ৰৈ ৰৈ কাণে কাণে ।
পুৱা ৰ’দালিয়ে
ফুলৰ হাঁহিয়ে
বাৰিষাৰ চকামকা বিজুলীয়ে
আহিবলগীয়া জীৱন দিনৰ
বিয়ানামসুৰীয়া কত বতৰা আনে ;
তাইৰ বুকুৰ মাজত কত উঠে ঢৌ
বাৰিষাৰ বানে বানে ।
সেউজী পথাৰৰ শান্তিয়ে তাইৰ
বুকু ওপচাই আছে,
ভালপায় তাই শইছ সোণোৱালী
ভালপায় তাই দামুৰি-পোৱালি
চোতালৰ দুবৰি যাঁচে ।
ভালপায় তাই তামোলেৰে ভৰা
আপোনাৰ বাৰীখন,
ভালপায় তাই তগৰ-মালতী
নাহৰ-কেতেকী
লিহিৰিপতীয়া গোন্ধোৱা বিৰিণা বন ।
ভালপায় তাই আপোন দেশৰ
আকাশ-বতাহ-জোন,
ভালপায় তাই লুইতৰ বা
কয় কিবা ৰুণ ৰুণ ।
গাভৰু কালৰ সুৰৰ সপোন দেখি
তাঁতৰ পাতত
চানেকি বাছোঁতে পিছে
দেখিলে এদিন কোনোবা কবিয়ে
বাটে বাটে দেখোঁ অগ্নি-গানৰ
জুই-ফিৰিঙতি সিঁচে ।
সুৰৰ ভিৰিঙতি সিঁচি যাৱ তই
কিহৰ বেজাৰ তোৰ—
কি অসহনি ব্যথা জ্বলি উঠি
ধৰিছে কালৰ মূৰ্ত্তি ঘোৰ ?
গানে-সুৰে মাথোঁ গুমৰি উঠিল
দেশ পদানত বুলি,
মাতৃৰ কাৰণে তেজ দিব পৰা
কোন ক’ত আছ সোনকালে আহ
ভাৰতৰ শিকলি দিবলে’ খুলি ।
পুৱতিতে অহা অগ্নিগায়ক
সন্ধিয়া গুচি গ’ল,
তাৰ গান-সুৰ
ৰাতিৰ ৰাতিটো
কনকলতাৰ সপোনত বাজি ৰ’ল ;
হাঁহিমুখী সৌ পাটগাভৰুৰ
নতুন কথাৰ ন-ভাৱনাত
মুখনি গহীন হ’ল ।
পুৱতি উঠি কি
মনতে ভাবিলে তাই
—“আমাৰ দেশৰ আজি একোটো নাই,
সাত-সাগৰৰ সিপাৰৰ পৰা
কোনোবা এজন ইংৰাজ ৰজাই
আমাৰ দেশ চলায় ।
গোলাম বিদেশীৰ আমি অসমীয়া
মৌকোঁহখিনি কোনে চুহি নিয়ে
মূৰ ভুকুৱাই হজুৱা-বনুৱা মৰে,
জীৱন উছগি দলে দলে গৈ
আমি নমৰিলে
কেনেকৈ দেশ তৰে ।”
মনতে পাঙিলে
দেশৰ কাৰণে জীৱন উছৰ্গিম,
সময় আহিলে
বুকুৰ তেজকো আঁজলিৰে বাকি দিম ।
সেই সময়ত সমৰৰ জুই
জ্বলিছিলে পৃথিৱীত,
যান্ত্ৰিকদলে আপোন পাহৰি
হেৰুৱালে হিতাহিত
স্বাৰ্থ-ক্ষমতা লোভত অন্ধ
আসুৰী সভ্যতাৰ,
সাগৰে-নগৰে অৰণ্যে-পাহাৰে
আকাশৰ স্তৰে স্তৰে
দিনে-ৰাতিয়ে
যাচিছিল মহামাৰ,
যন্ত্ৰভূতৰ নাৰকীয় লীলা
মত্ত সহিংসাৰ ।
ৰজা উন্মাদ, প্ৰজা উন্মাদ
উন্মাদ যত শাসক-শোষক দল
জড়-বিজ্ঞানৰ সংহাৰ লীলাই
বোৱালে তেজৰ ধল ।
বিকৃত কৰি সংস্কৃতি মানৱৰ
জয়-গান গাই আদিম বৰ্ব্বৰৰ,
স্বাৰ্থ বলিয়া দলে
মানুহক দহি-পিহি খাবলৈ
চলে-বলে কৌশলে
গৌৰৱ কৰি আসুৰী দৰ্শনৰ
মিলালে অথন্তৰ ।
বিজ্ঞানীয়ে মন্ত্ৰ মাতিছে
জাগিছে যন্ত্ৰ জড়চেতনা পাই
কোটি বছৰৰ ভোক গুচাবলে’
ল’ৰা-ছোৱালীৰো কলিজা দুফালি
অজানৰ তেজ খায় ।
অন্ধৰ মহামাৰ—
আনক মাৰোঁতে
আপোনাকে মাৰি
কৰি দিয়ে ছাৰখাৰ
ধেমালি বলিয়াৰ ।
এফালে শোষক দলে
সজ্জিত হৈ জড়-বিজ্ঞানৰ
অস্ত্ৰে সদল-বলে
পৃথিৱীৰ যত নিষ্পেষিতক
চিৰদাস কৰিবলে’
ভাগ ভাগ কৰি পৃথিৱীখনকে
প্ৰতিদ্বন্দ্বী আন শোষকৰ স’তে
মৰযুঁজ যুঁজে
আকাশে আকাশে
সাগৰে নগৰে
পৰ্ব্বতে-ভৈয়ামে
জলে-থলে নভস্থলে ।
আৰু আনফালে যত দলিতৰ
অশ্ৰুত উঠে ভাহি
অভিনৱ এক ন-সপোনৰ
ন-জীৱনৰ ছবি ।
সেই ছবিত জ্বলিল নবীন দিনৰ নতুন
গোসাঁনীজনা
মুখত আছিল আগেয়ে নেদেখা
আলোকৰ এক নিচিনা
বৰণ সনা ।
সেই ওঁঠৰ কম্পনৰ জাগিলে নতুন সুৰ
ইন্দ্ৰধনুৰ সাতবৰণীয়া জুই-আঙুনিৰে পূৰ ।
দলিত জনৰ হৃদয়ে তুলিলে প্ৰতিধ্বনি
জনতাৰ দলে পালে
আজি নৱ শক্তি পৰশমণি ।
দেশে দেশে জাগে
প্ৰদেশে প্ৰদেশে
পৃথিৱীৰ ঘৰে ঘৰে
শোষকৰ গতিৰোধ কৰিবলে’
দাসৰ শিকলি ছিঙি পেলাবলে’
দুষ্কৃতি নাশি
আসুৰীয় অভিযান
কৰিবলৈ থানবান,
মৃত্যু নিশ্চয়তাৰ জাগে—
প্ৰচণ্ড আলোড়নে
জনতাৰ নৱ-জাগৰিত মহাপ্ৰাণ,
গাই মানৱ-মুক্তিৰ গান
ৰূপ লৈ আহে নতুন দিনৰ সংস্কৃতি
সুমহান ।
পৃথিৱীৰ পুণ্য-প্ৰতিভা যঁতৰ
আকৌ মুখত হাঁহি,
পাশৱিকতাৰ আসুৰীয়তাৰ
মহাকোলাহল জিনি
বাজিল যেতিয়া নৱ-আলোকৰ
বজ্ৰসুৱদি বাঁহী ;
বুজিলে মনতে
তিমিৰ বিনাশি
নামে আলোকৰ ধল,
মানুহৰ মহা-মহত্বৰ জয় হ’বই লাগিব—
মানুহৰ অত যুগৰ সাধনা
মানুহৰ এই আলোক-বন্দনা
সুন্দৰৰ এই চিৰসাধনা
হ’ব হ’ব সম্ফল,
ব’ল জনতা
গচকি হীনতা
দীনতা
ভীৰুতা
ব’ল আগবাঢ়ি ব’ল ।
ভৱিষ্যৰ সৌ কোলাত জিলিকে
মহাজনতাৰ
মহাজীৱনৰ
মহামঙ্গলৰ
মহাসৌন্দৰ্য্যৰ
পোহৰ বিলোৱা
সোণতো শুৱনি দ’ল,
অৰুণ পথৰ
অৰণ পৃথিৱী
ব’ল আগুৱাই ব’ল ।
এই ভাৰতত
আগেয়ে এদিন য’ত
মানুহৰ এক মহাসভ্যতাই
গঢ়িছিলে জগতত
জীৱনৰ এক প্ৰকাশ আলোকময়
ঘোষি মানৱৰ পাহৰি আলোকমন্ত্ৰ
কালৰ সোঁতত সাভটিলে গৈ উৎকট্
স্বাৰ্থতন্ত্ৰ !
তপোবনে বনে নিচুকি কান্দিলে—
সাম্যৰ সংস্কৃতি
ভাৰতবৰ্ষৰ মহাজীৱনৰ ঘটিলে বিকৃতি ।
সাম্য-শান্তি প্ৰচাৰ কৰোঁতা
আলোক-যাত্ৰীদলে
আহং ভাবত উন্মত্ হৈ
ধন-সোণ লৈ বলিয়াবতিয়া
মানুহৰ মোল বাহানিত থাপি
তমসত বুৰ গ’লে ।
মহাসংস্কৃতি ভ্ৰষ্ট ভাৰতে
হীনবীৰ্য্য হ’ল—
আপোন সংহতি নিজে ভাঙি-ছিঙি
পৰপদানত— অৱনত হৈ ৰ’ল ।
তাৰ পিছে
তাৰ পিছে
আন্ধাৰেৰে ভৰপূৰ—
মাৰ গ’ল দিশে দিশে ভাৰতৰ
জীৱনৰ মহীয়ান সুৰ ।
যুগযুগান্ত আহি গুচি যায়
জগতত ভাৰতত চিনচাব নাই ।
বিশ্বসভাত ঠাই নাই ভাৰতৰ
অৱনত ভাৰতে উচুপি উচুপি কান্দে
বোজা বৈ মহাপতনৰ ।
এনেতে আহিল ধ্বনি
আন্ধাৰ বুকু ফালি
পৃথিৱী কঁপাই—
অমৰ আতমা ভাৰতৰ
মৰা নাই, মৰা নাই, মৰা নাই
হ’ব ভাৰতৰ মহান অভ্যুদয়,
নৱ-আলোকৰ বাণী লৈ জাগে
এক, মহাসন্ন্যাসী ত্যাগী
জ্যোতি-শঙ্খৰ বজ্ৰা্বনিয়ে
কঁপালে ধৰিত্ৰী
ভাৰতৰ গ’ল মৰটোপনি ভাগি
উঠে নৱভাৰতৰ নবীন শক্তি
জাগি ।
কৌপিনধাৰী মোহন গান্ধী—
বৈশ্বানৰৰূপী অভিনৱ বুদ্ধ
সহিংস অস্ত্ৰেৰে
নোৱাৰিলে
নোৱাৰিলে
কৰিব ৰুদ্ধ ।
কবি মই
কবি মই
কবিতা বিলাসী মই নহওঁ নহওঁ
মোৰ কবিতা
নবীন দিনৰ
নৱ-জ্যোতি প্ৰণতা
দু:খিতৰ দুখেৰে উচ্ছ্বসিতা
চিৰ আশাৰে আই আনন্দিতা ৷
কবি মই
ছন্দ-বিলাসী মই নহওঁ নহওঁ
মোৰ কবিতা
মৰ্ম্মন্তুদ বেদনাৰ
উচ্ছ্বাসে উচ্ছ্বাসে
মাথোঁ গ্ৰথিতা
মোৰ কবিতা ৷
কবি মই
বিশ্ব-প্ৰেম বিলাসী নহওঁ
মোৰ কবিতা
পৃথিৱীৰ পঙ্কৰ
গৰ্ভত থিত লোৱা
মৃন্ময়ী নৱ দয়িতা
মোৰ মন সৰোবৰ
জিনি চিন্ময়ী তাই
আলোক প্ৰণয় অনুৰাগে
ধ্যান কৰে নৱ সবিতা ৷
কবি মই
নোহো কৰুণতা বিলাস
মাথোঁ
নৱ নৱ বেদনাৰে
উঠো প্ৰকাশি
মোৰ কবিতা
চকুপানী নিজৰাৰ
বিয়াকুল বিননিত
উচুপি নিচুকি থাকি
প্ৰাণে প্ৰাণে বৰ ব্যথিতা ৷
কবি মই
শবদৰ ৰঙা অঙঠাৰ
ভাব-ফিৰিঙটি ওফৰাই
দেখুৱাব খোজা নাই
অগ্নিময়ী ভাষাৰ বিলাস
দেখুৱাব খোজা নাই
মাতৃভাষা-সাহিত্যত
বীৰ ভয়ানক আৰু ৰৌদ্ৰ ৰসৰ
নৰোন্মেষী… কোনো বিচিত্ৰ বিকাশ
দীপক সুৰৰ কোনো প্ৰচণ্ড প্ৰকাশ
মোৰ কবিতা
মাথোঁ
দৈৱী আদৰ্শ বিচলিত
ভ্ৰান্ত স্খলিত মানৱৰ
আজি দেখি নিলাজ হীনতা
বিদ্যুৎৰোষে ঘনে
প্ৰকম্পিতা ৷
মই কবি
দেখুৱাব খোজা নাই গানে গানে মোৰ
শব্দ ছন্দ যোজনাৰ
অৰ্থভাব কল্পনাৰ
যাদুকৰী প্ৰয়োগৰ
বৰ্নভঙ্গ চাতুৰীৰ… অভিব্যঞ্জনা
মোৰ কবিতা
নিষ্পেষিতৰ যি
কলিজাৰ তেজ আহি
তাই ভৰি আঙুলিত
পিন্ধালে জেতুকা
যি তেজ উছলি উঠি
ৰঙা ফুল বছা কৰে
তাই পিন্ধা
ৰিহাৰে মেখেলা
যি তেজৰ উঠি জলকনি
তাইৰ কপালত
আঁকি দিয়ে মোৰ ৰঙা
চন্দনৰ ৰেঘা
পিন্ধি সেই ৰঙা জবা ৰক্ত কৰবী
তাই মাথোঁ
সুৰজিতা ৷
মই কবি
হীৰা জেউতিৰে জ্বলি
অন্ধৰ চকু ফালি
দেখুৱাব খোজা নাই
পোহৰৰ জিকিমিকি
চিকিমিকি নাচ
মোৰ কবিতা
জ্বলি উঠে
মাথোঁ তাই
আতুৰৰ আমন্ত্ৰণ পাই
নিজকে নিশেষ কৰি
আপোনাকে ছাই কৰি
পোহৰ বিলাই যোৱা
তাই শলিতা
মোৰ কবিতা ৷
কবি মই
কল্পনা বিলাসী হৈ
কল্পনাৰ বগা ডাৱৰৰ
মাজে মাজে উৰি ফুৰি
সোণোৱালী পুৱা সন্ধিয়াৰ
ফুলে ফুলে পাখী লগা
পখিলাটি হৈ
পাহৰিব খোজা নাই
বাস্তৱ সমস্যা নিষ্ঠুৰ
পাহৰিব খোজা নাই
জীৱনৰ কৰ্ত্তব্য কঠোৰ
পৃথিৱীত মাটি পানী
ধূলি বালি এৰি থৈ
হব খোজা নাও মাথোঁ
কল্পনাৰ সপোনৰ বাগীৰে বিভোৰ
মোৰ কবিতা
মহা কল্পনাৰ
দেশ মহাদেশ ফুৰি
গ্ৰহান্তৰ ঘূৰি ঘূৰি
বিচাৰি ফুৰিছে
নৱ সৃষ্টিৰ সূচনা
মহা কাল্পনিকৰ
চাবলৈ নতুন স্বৰূপ
কৰে তাই উগ্ৰ সাধনা
আজিৰ বেদনা মথি
কালিৰ অমৃতখিনি
তুলি দিয়া
তাই দুহিতা
মোৰ কবিতা ৷
কবি মই
সৌন্দৰ্য্য-বিলাসী হৈ
খোজা নাই পাতিব যে
সৌন্দৰ্য্যৰ যমুনাৰ
জোনালী বালিত
মনে গঢ়ি লোৱা মোৰ
কল্পনাৰ বৃন্দাবনত
পূৰ্ণিমাৰ দিনা পূৰ্ণবাস
দেখুৱাব খোজা নাই
সৌন্দৰ্য্যৰ নাচোন
বিনন্দ বিলাস ৷
মোৰ কবিতা
অভিভূত হৈ তাই বিশ্বব্যাপী সৌন্দৰ্য্যৰ
প্ৰশান্ত সন্মোহনত
ৰিণিকি ৰিণিকি শুনি
চিৰসুন্দৰৰ
বাঁহীটিৰ নি:শব্দ আহ্বান
থাকিব নোৱাৰি আৰু
আপোনাৰ সীমাৰ ঘৰত
চিৰসুন্দৰৰ
বিশ্বব্যাপী বিগ্ৰহৰ
দেৱতাৰ মন্দিৰলে’
আকুল বিকুল হৈ
তাই লৰি যায়….
সৌন্দৰ্য্য কালিকা লগা
তাই দেওধনি
চিৰসুন্দৰৰ
হাঁহিৰ লহৰ লাগি
ৰৈ ৰৈ কঁপে তাইৰ
স্থিৰ চকুমণি ৷
ধ্যানৰ মাজত তাই
লগ পাই
অৰূপ সুন্দৰ
দেখি তাৰ অনন্ত ধেমালি
তাৰে সতে উমলিবলে গৈ
তাৰে সতে লুকা-ভাকু খেলি
কত ছন্দে ভঙ্গে ৰঙ্গে
উঠিছে উতলি
কত লয়লাসে
ধেমালিৰ বিলাসে বিলাসে
তাইৰ কত ৰূপ ৰঙ্গ….
দেখুৱাই অঙ্গে অঙ্গে
মন্দ মধুৰ দ্ৰুত গতি
প্ৰশান্ত উচ্ছল
সুশান্ত সুচ্ছল
স্থিৰ আৰু অধীৰ
প্ৰাণৰ উচ্ছাসৰ
ফুটে প্ৰতিচ্ছবি
সাহিত্যৰ প্ৰসাধন
অলঙ্কাৰ… সাজেৰে
হয়ো-নহয়ো তাই সুসজ্জিতা
সোণাৰীশালত গঢ়া
ছন্দৰ জুনুকা পিন্ধিছেও নাই পিন্ধা
যুগ কাল বাজনাৰে নাই কৰা
ধৰাবন্ধ ঐক্য-সঙ্গত
কোনো ৰাগ-ৰাগিণীৰ
দীঘ-বাণী সূতাৰে….
খনীয়া বৈ
লোৱা নাই অঙ্গত
গ্ৰামৰ গণ্ডীত বান্ধ খাই থকা নাই তাই
সপ্তকৰ সীমান্ত
উচ্ছলি চলাই চৰণ
দেখুৱাই আলোকি বৰণ
তাল মান ৰাগ-ৰাগিণীৰ
নাচোনত ফালি চিৰি
বস্ত্ৰ অলঙ্কাৰ
দিগম্বৰী হৈ আত্মহাৰা ৷
পিন্ধি অভিনৱ ৰূপ অম্বৰ
ক্ষণে নৱ বস্ত্ৰে বিভূষিতা
ক্ষণে দেখুৱাই গৈ
যৌৱনৰ উলঙ্গ সম্ভাৰ
ক্ষণে বিভূষিতা হৈ
ক্ষণে ৷ণে অসংবৃতা
মোৰ কবিতা ৷
চিৰসুন্দৰৰ
হাঁহিত উপজি তাই
থিত ললে মোৰ অন্তৰত
সেউজীয়া পৃথিৱীত
সোণৰ পদুম কলি
ফুলাবলৈ নাচে তাই
আজি মোৰ মনৰ বনত ৷
তায়ে মোৰ
উদ্ভাসিত মনীষাৰ… প্ৰতিভাৰ
মহা কালিকা
নবীন দিনৰ তাই
প্ৰাণৰো প্ৰাণত জ্বলা
দিব্য-জ্যোতিকা
জ্বল্ হৈ আন্ধাৰত দীপান্বিতা
মোৰ কবিতা অ’
মোৰ কবিতা
মোৰ কবিতা!
কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
(১)
মই কাঞ্চনজঙ্ঘা
তুষাৰ শুভ্ৰশিৰ
ময়ে অভ্ৰভেদী বীৰ
মোৰ জটা ঝাৰি ঝাৰি
নিজৰি নিজৰি বয়
নিগৰি নিগৰি
অবিকল কল্কল্ ৷
শৈলজা পয়োধৰা
পিযুষ সলিলা
সুৰধুনি গঙ্গা ;
প্ৰথমৰ
প্ৰভাতৰ
অৰুণৰ জ্যোতি,
অণ্বনৃ জুৰি মোৰ
আলোক-নৃত্য কৰি ৷
বিয়পাই বিশ্বত ৰঞ্জন দ্যূতি ৷
মোৰে আশেপাশে গায়
কিন্নৰী বালিকাই
আলোক-বোধন মহাগীত,
সন্ধিয়াই সন্ধিয়াই
বেলি-বিদায় গানে
দিগন্ত কৰে মুখৰিত ৷
উদয় আৰু অন্তৰ
বৰ্ণ-বৈচিত্ৰৰ,
ছঁয়ামায়া কাচোনৰে কাচে
প্ৰহেলিকাময়ী সম নাচে
কুটজ কুসুমৰ
লগে লগে
লাখে লাখে
মৃদু মৃদু কম্পিত সমীৰণছন্দা
শৈলবালা দলে কস্তুৰীগন্ধা ৷
(২)
অতীতৰো অতীতৰ
যি মহাঅতীতে
বৰ্ত্তমান ভেদি
ভৱিষ্যতলৈ যায়,
মোৰে জুহালত বহি
বুৰঞ্জীৰ পাত লুটিয়াই
ভৱিষ্যতৰ কথা কয়
কল্পনা-লঙ্ঘা
বহি বহি শুনো মই কাঞ্চনজঙ্ঘা ৷
ভাৰতবৰ্ষ
দেখি-শুনি জাগে মোৰ
বিষাদতো হৰ্ষ ৷
প্ৰকৃতিৰ অভিনয় মানসী পুতলা
আহিল, উঠিল, গ’ল
পাতি পাতি বিচিত্ৰ মেলা,
হাঁহি আৰু কান্দোনৰ
নৱ নৱ খেলা ৷
ৰূপান্তৰেদি আহি
বৰণ সলাই হাঁহি
মানসীয়ে নাচে এই ভাৰতৰ মঞ্চত ৷
যুগ কাল বাজনাৰে কৰি লৈ সঙ্গত ৷
পিন্ধি পিন্ধি সভ্যতাৰ
নতুন মেখেলা
নাচি নাচি উৰুৱায়
সোণোৱালী ধূলা ৷
সেই ধূলিৰেই ঢাক খায়
ধূলিতেই জহি যায়
পুৰণিভঙ্গা,
পুনু ধূলিৰেই পৰা
ৰূপ লৈ জাগে এক
নৱযুগ অঙ্গা,
অহৰহ আছে বৈ,
সুৰধনী গঙ্গা,
ময়ো উদাসী আছোঁ
কাঞ্চনজঙ্ঘা ৷
(৩)
ডুগ্
ডুগ্
ডুগ্
ডুগ্
ডম্বৰু বাজে
মোৰে চোতালতে নিতে
ত্ৰ্যম্বক নাচে,
বাজে ৰুদ্ৰতাল
নাচে মহাকাল
অভিনৱ তাণ্ডৱ
বিবধ বিভঙ্গ
উলঙ্গ বিলঙ্গ ৷
মুদ্ৰাত জ্বলি উঠে সৃষ্টিৰ ইঙ্গিত
ডম্বৰুত বাজি উঠে প্ৰলয়ৰ সঙ্গীত
নয়নাৰ দৃষ্টিত আলোক-বৃষ্টি
মানৱৰ কল্পনাত
সেই জ্যোতি-প্ৰপাতত
গজি উঠে
যুগে যুগে
অভিনৱ কৃষ্টি ৷
ডুগ্
ডুগ্
ডুগ্
ডুগ্
ডম্বৰু বাজে
সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে,
সৃষ্টিয়ে আদি
সৃষ্টিয়ে অনাদি
সৃষ্টিৰ চক্ৰ
মন্থিত কৰি ঘূৰে প্ৰলয়ৰ তক্ৰ
সৃষ্টিহে সৃষ্টি
চলে অহোৰাত্ৰি,
প্ৰলয়েই সৃষ্টিৰ যুগে যুগে মাতৃ ৷
জীৱন, জীৱন, মাষোঁ অনন্ত জীৱন
স্ফুৰণ, স্ফুৰণ, মাথোঁ অনন্ত স্ফুৰণ
ঘূৰণ, ঘূৰণ, মাথোঁ অনন্ত ঘূৰণ,
মৰণেই আনি দিয়ে মহাসঞ্জীৱন ৷
ধ্বংস—ধ্বংস ক’ত ?
ধ্বংস যে নাই—
ধ্বংসতে সৃষ্টিয়ে পাতনি পেলায় ৷
ঘোৰ প্ৰলয়ৰ তৰাঙ্গাঘাতত
জলদ-ঘৰ্ষণত
সৃষ্টিৰ বিদ্যুত ইঙ্গিত জাগে,
সৃষ্টিৰ মেঘৰাগে
সুগভীৰ গাজনি গাজে,
সৃষ্টি সৃষ্টি বুলি
ডুগ্
ডুগ্
ডুগ্
ডুগ্
ডম্বৰু বাজে,
ধৰাচৰ সৃষ্টি অমৃতসঙ্ঘা,
শুভ্ৰকেশী মই কাঞ্নজঙ্ঘা ৷
(৪)
মাটিত কিৰণ পৰি
যি ফুল ফুলাই
সৰিলে জহিলে সি
মাটিল’কে যায়
আলোকত সুৰভি মিলাই,
মাটিৰ লগতে যি মাটি হৈ গ’ল
তাক জানো বিচাৰিলে পায়,
বিস্মৃতিৰ গৰ্ভলৈ যিটি সোমায় ?
ভাৰতৰ মাটিতেই
কত মাটি ফুটি উঠা
লৱ লৱ ৰূপ-ৰস-গন্ধ-বৰ্ণ গান
হ’ল অৱসান ;
মাটিতেই নিজকেই দিলে মিহলাই
খেলি মায়া ছাঁয়াৰাজী আৰু নাই নাই
কাৰ আঁৰকাপোৰ পেলায় !
বিস্মৃত কল্পৰ শেষ চকুলোৰ
শেষ বনৰীয়া সুৰ
কঁপি কঁপি জাহ গ’ল
আন্ধাৰৰ অন্তৰালত,
পাহৰা সি সুৰ গ’ল
শেষ কৰি পৃথিৱীৰ
সাধুকথা তাৰ
কোনোবা অনন্তলে’
ক্ষীণ প্ৰতিধ্বনি ৰল ৰূপান্তৰত ৷
মাথোঁ জাগি ৰ’ল
পৃথিৱীৰ মাটিৰ বুকুত
ছঁয়ামায়া ছাঁ তাৰ
মনত নপৰা অতীতৰ সপোনত ৷
হাঁহিছিল, মাতিছিল
যি আদিম প্ৰাণীৰ গানে
পৃথিৱীত পুৱাই পুৱাই ,
তাৰ দিন উকলিল
ললে সিও চিৰবিদায় ৷
ডুগ্
ডুগ্
ডুগ্কৈ
ডম্বৰু বাজিয়ে ৰ’ল,
মহাকালে নাচিলেহি বৰ্ব্বৰ তাণ্ডৱ
জাগে য’ত মহাকায় দৈত্য-দানৱ ৷
যক্ষ যক্ষ কত অসুৰৰ সঙ্ঘ
বীভৎস উল্লাসে নাচে অভঙ্গ ৷
পৈশাচী কল্পনাই
দেখুৱাই—
হুটামুটা উৎকট ৰূপ,
মুক্ত হ’ল সৌন্দৰ্য্যৰ আদিম স্বৰূপ
জ্বলিল পৃথিৱী জুৰি কামগন্ধী ধূপ ৷
পৃথিৱী প্ৰথম কলাই
অঙ্গৰ আভাষ দিয়া
কুদৰ্শন ভ্ৰুণৰূপে
আহিল ওলাই,
কলা-সৃষ্টি আদি পাতনি পেলাই ৷
তামসিকতাৰ হ’ল বিচিত্ৰ প্ৰকাশ
আসুৰীয় সভ্যতাৰ পাৰস্য- বিলাস
দুৰন্ত কামনা যত
নিষ্ঠুৰ বাসনা
শৃঙ্খল বন্ধনহীনা
বজালেহি দানৱীয় সুৰ বীণা ৷
আঘাতত জনমিল সুৰ উন্মত্ত
ফুটন্ত ছন্দ ঝঞ্জবৃত
হ্ৰেষণি ঘ্ৰেষণি উঠে
দানৱীয় বাজনাৰ,
ঝঙ্কাৰে, গৰ্জ্জে,
উঠে হুহুঙ্কাৰ,
জ্বলে লেলিহান যজ্ঞ
ভোগ-লালসাৰ,
অসংযত তামসী তৃষ্ণাৰ
ধূমাকীৰ্ণ কৰি জীৱনৰ পাৰাবাৰ,
ক্ষণে ক্ষণে
ঘটে মহামাৰ
আপুনিয়ে হয় ছাৰখাৰ ৷
(৫)
তমসৰ আন্ধাৰত
ৰজসৰ পোহৰ পৰিল
দানৱীয় চেতনাত—
মেধা আৰু মনীষাৰ
কল্পনাৰ—
নৱতম প্ৰভাত জাগিল,
নৱসুৰে, নৱতানে বাজনা বাজিল ৷
অতীতে লুকুৱালে বুৰঞ্জীৰ পাত
হ’ল
পৃথিৱীত জীৱনৰ মৱ সূত্ৰপাত ৷
ইন্দ্ৰিয় তৃপ্তিৰ প্ৰচণ্ড সাধন
কল্পনাৰ পাহি মেল খালে অগণন
মেধা আৰু মনীষাৰ
বিস্তাৰ প্ৰসাৰ
দানৱীয় আকাঙ্ক্ষা মহাদুৰ্নিবাৰ ;
আসুৰী সম্পদ লৈ লৰিল দানৱ
গঢ়িলে সভ্যতা জগতত অভিনৱ ৷
স্বৰ্গে
স্বৰ্গে
যত দেৱতাৰ ত্ৰাস
শুনি অসুৰৰ অট্টহাস
দূৰে
দূৰে
জাগে যত মানৱৰ দল
সিহঁতৰ কল্পনাত স্বৰ্ণকমল ৷
সিহঁতৰ মনীষাত
অভ্যুদয়িলে জ্যোতিষ্মান
নৱতম প্ৰভাতৰ দিব্যতম গান ৷
অৱসান পৃথিৱীৰ তামসী ৰাত্ৰি
গায়ত্ৰী ছন্দে
নাচে দলে দলে যত
আলোক যাত্ৰী ৷
সিহঁতৰ
প্ৰতিভাত নৱনৱোন্মেষ
সৃষ্টি মনিময় হ’ল
বিশেষ বিশেষ,
দৃষ্টি লোকালোক প্ৰসাৰিত
মনীষাত জ্যোতি উদ্ভাসিত,
জিলিকিল পূৰ্ব্বাভাস অনাগত
মহামানৱৰ
প্ৰনৱ ওঙ্কাৰধ্বনি
উঠিছে আকাশ জুৰি
জ্বলে যজ্ঞ বিশ্বমঙ্গলৰ ৷
কুক্ কুক্
কুক্ কুক্
কুক্ কুক্
কুক্ কুক্
মাতে বন-ম’ৰা
জিৰ্ জিৰ্ জিৰ্ জিৰ্ নিজৰা
ৰৈ যা
ৰৈ যা
ফেনে-ফোটোকাৰে
লগতে লৈ যা
লৈ যা
মোৰে বনৰীয়া
মনৰে চিলনী
মৰমেৰে ভৰা
কুমাৰ মোহন
নৱযৌৱনৰ জাগে
বাণৰ জীয়াৰী ঊষা ৰূপহীয়ে
মিলন পৰশ মাগে,
সেই কামনাই
সোণোৱালী সপোনত
হিয়াৰ গোপনত ৷
উদয়াচলৰ নৱাৰুণ সম
আহিলে অনিৰূদ্ধ,
বসন্তোৎগমা পৃথিৱীৰ দৰে
বিহ্বলা ঊষা
পৰশ পুলকমুগ্ধা ৷
নতুন চুমাৰ প্ৰথম পৰশ নজনা উন্মাদনা
পাই কি কুঁৱৰী
অলিয়া-বলিয়া
বিয়াকুল উন্মনা ৷
ৰূপৰ ইনো কি অময়া জলক
পৰশৰ কিনো অগ্নিপুলক
অস্থিতো আনি মিলন বাসনা
দিলে আহি শিঁয়ৰাই,
লোৱা সখী মোক
কোৱা সখী মোক
কেনেকৈ থাকোঁ
কেনেকৈ থাকোঁ
কোৱা সখী কি উপায় ?
ছন্দেৰে লীলায়িত
অভিনৱভঙ্গা
বিজুলীঅঙ্গা
চিত্ৰলেখাই
হাঁহি মিচিকাই
আঁকি দিলে ত্ৰিভূৱন যৌৱন বসন্ত
জিলিকিল লেখনীত সেয়ে ৰূপৱন্ত
কৃষ্ণৰ নাতি অনিৰূদ্ধ
ঊষা বিমুগ্ধ ৷
দূৰণিত থাকে সেই পৰাণৰ প্ৰিয়
হিয়লি-জিয়লিকৈ
কান্দে ঊষা ৰূপহীয়ে
সখীৰ ডিঙিত ধৰি
আনা বুলি
জীৱনৰ জীৱ ৷
চিত্ৰলেখাই
সখীটিক নিচুকাই
দুগালত দুটি চুমা খাই
দূৰণিলৈ যায়
লঘুভাৰ
অভ্ৰৰ লয়লাসে ভাঁহি
ছঁয়াময়া কায়া ধৰি
কুমাৰৰ সমুখত
ওলালে হাঁহি
বজালে জম্ভন বাঁহী ৷
কুমাৰৰ বিস্ময়
সুৰতে তন্ময় ৷
চিত্ৰলেখাই
কুমাৰ ভুলাই
মোহন মন্ত্ৰ
দিলে শিঁয়ৰাই
আলোকত শুই থকা
নজগা বসন্ত
প্ৰকাশ প্ৰকাশ বুলি কৈ,
সৌন্দৰ্য্যই
ভুবনৰ অনাগত
যৌৱনে যৌৱনে
গুমৰিছে অবিশ্ৰান্ত—
মন্ত্ৰতে সাৰ পাই জাগে যি অশান্ত ৷
কুমাৰে দেখিলে এক
মনোময় দৰ্শন,
জিক্মিক্ জিক্মিক্
আলোকৰ কম্পন
পোহৰ ফুলি উঠে
ইনো কিনো যৌৱন !
নুফুলা কল্পনাৰ
ইনো কিনো উন্মেষ,
নহঁহা বসন্তৰ
ইনো কিনো সমাবেশ
ইনো কিনো প্ৰকাশৰ
নিবিকশা জীৱনৰ মোহিনী মাধুৰ্য্য,
আলসুৱা সত্য
বিশ্বমোহন কিনো জ্যোতি-নৃত্য ৷
আলোকৰ মাজে মাজে
জ্বলে দিব্যলেখা,
আলোকৰ সাগৰত
সোণ-ৰূ-মুকুতাৰ জ্যোতিক মীনদলে
জিলিক-জালাককৈ
সাঁতুৰি সাঁতুৰি ফুৰি
খেলে জলখেলা ৷
আলোকে আলোকে আহি
হাঁহি-মাতি ফুৰিছে
বৰণে বৰণে আহি চুমাচুমি কৰিছে ৷
ৰঙা-বগা –সেউজীয়া
হালধীয়া ডাৱৰৰ নিজৰা নামিছে ৷
আলোক-ডাৱৰে মিলি
পাক খাই, পাক খাই
নাচি নাচি ভাগৰি পৰিছে ৷
বৰ্ণে-গন্ধে আহি
সাৱটা-সাৱটি কৰি
কোলাকুলি কৰিছে ৷
ৰূপ-ৰস-বৰ্ণ-গন্ধ নীহাৰিকা
প্ৰদক্ষিণ কৰি কৰি
কুমাৰৰ চৌপাশে ভ্ৰমিছে ৷
কঁপিছে নীহাৰিকা
প্ৰকাশৰ বেদনাত
কম্পন
কম্পন
আলোড়ন
আলোড়ন
আগ্নেয়গিৰি সম
ৰূপ-সৌন্দৰ্য্যৰ হ’ল মহাবিস্ফোৰণ ৷
নিমিষতে জাগিলে নৱবসন্ত
প্ৰহেলিকাময়ী এক নেদেখা অবন্তি
জ্বলি উঠে যেনেকৈ বিজুলী-বন্তি ৷
কুম্পুৰ সপোন
মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী – নাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী
এটা ক’লা, এটা বগা নাঙঠ পিঙঠ ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই ক’লে – “পুট্, পুট্, পুট্”
ইটোৱে মা নাক জোকাৰি ক’লে – “ধুৎ ধুৎ”
মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি।
চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
কোটোক কোটোক ঘোটোক কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি
মই, তই যে কৱ –
ভূতে বোলে ল’ৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।
বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই,
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে ভয় নাই।
কেজেনা কেজেনা
[তেজপুৰ ছয়দুৱাৰৰ কাউৰী পথাৰৰ এখন ডফলা গাঁও ৷ হাইজাত পৰি ডফলা গাঁওখন উছন হৈ যোৱাৰ দৰে হ’ল ৷কেবাঘৰো মৰি হাজি ঢুকাল, বাকীবোৰ দিহিঙে-দিপাঙে উঠি গ’ল ৷ এঘৰ ৰ’লগৈ যদিও, ভগা-চিগা-উৱলিযোৱা এটা চাঙ ঘৰতহে কোনোমতে সোমাই আছিল ৷তাত ডফলা-ডাফলী এহাল আছিল ৷ বেমাৰত পৰি খাবলৈ নথকাত অৱস্থা নোহোৱা হৈ ক’লৈ যাব নাযাব তাৰ মোৰ নাপাই এদিন ল’ৰা পাই ডাফলী মৰি থাকিল ৷ আহিল মৌজাদাৰৰ মহৰী আৰু টেকেলা খেজেনা সাধিবলৈ ৷ ডফলাই ডাফলীৰ বেজাৰত দুৱাৰ-ঘৰ মাৰি ভিতৰত সোমাই আছিল ৷ বাহিৰৰপৰা মহৰী টেকেলাই চিয়ঁৰ ধৰিলে… ভিতৰৰপৰা কাৰো সাৰি সহাৰি নাই ৷চিঞৰি চিঞৰি খঙত গৈ টেকেলাই চাঙৰ দুৱাৰত হাতৰ টোকোন ডালেৰে ধুমধুমকৈ মৰিয়াবলৈ লাগিল ৷ এনেতে ভিতৰৰপৰা থৰক-বৰককৈ হাড় ডাল ডালকৈ লেখিব পৰা ডফলাটো খঙত একো নাই হৈ হাতৰ মিতখন লৈ দুৱাৰখন খুলি ওলাই আহিল ৷ মহৰী টেলেলাই ডফলাৰ মূৰ্ত্তি দেখি সাত হাতমানত উফৰি ৰ’লগৈ ৷]
ডফলা :- [খঙত মুখ বিকটাই ] → কি-কি-কি-ই-ই
কেজেনা কেজেনা
কেজেনা কেজেনা
কেজেনা কেজেনা কৰিছ
আমি অ’লে বৰ ছাআপক
বয় নকৰে
তোক কি বয় কৰিব
কি পুটনি কন
কৰিবলৈ আহিছ
[খঙত ডেডাউৰিয়াই] কিক্-কী-ই-ই-ই-ক
কেজেনা কেজেনা
কেজেনা কেজেনা
কেজেনা কেজেনা কৰিছ
কেজেনা কেজেনা
কালি আৰু নিতৌ নিতৌ
কেজেনাহে কেজেনা
কেতি ই ই…ই-ই তো
আৰু অল নে নহ’ল
তাৰ অ’লে কবৰ নাই
কেতি অলেহে কেজেনা
কেতি নহ’লে ক’ৰ কেজেনা
অক্ক’লক’ মিদাংক [মিত জোকাৰে ]
কেজেনা কেজেনা
কেজেনা কেজেনা
বৰ ছাআবকে বয় নকৰে
তোক কি-কি-কি ব-ব বয়
কেজে…না, হু:
চুটি….ই-ই-ই গাঁ গাঁ গাঁ
গাঁতৰ এন্দুটোৰ লেকিয়াকৈ
এবাৰ ওলাবি পুৰুক….
কেজেনা
এবাৰ ওলাবি কুৰুক….
কেজেনা
নিতৌ নিতৌ নিতৌ নিতৌ
পুৰুক্ পুৰুক্ পুৰুক্ পুৰুক্
কালি আৰু উ উ উ… কেজেনা ৷
× × × × ×
ইতি….ই – ই য়া অ’লে
গনাই গনাই গনাই
গনাই গনাই
অ’লে আই ইচ
ইমা… … … আন কিনি আৰু
ডপলা ৰাইজৰ হাইজা লাগিলে
তিতিয়া অ’লে আৰু নাই ইলি
ইখ্ ইখ্ ইখ্
ইমান কন ৰাইজ অৰু
পোক মৰাদি মৰি দুকালে
তিতিয়া অ’লে নাইলি ৷
মোৰ গৰৰ ডাপলী জনীয়ে
ল’ৰা পাই
দৰপৰাই দৰপৰাই মৰি – ই-ই-ই
তাকিলে আৰু
বগা দক্ দক্ কৰে
ইমান কন কেচুৱাটো
হৈছিলে আৰু
ইও আৰু উকাই উকাই
কিনাই কিনাই
নাইকীয়া অই গুচি গ’ল আৰু
হুক্ হুক্ হুক্
আইউ আইউ
হুক হুক হুক
অম্ অম্ অম্…. আইউ….উ উ উ
আই উ উ উ হু: হু: হু:
মৰি তাকিলে … আ…ৰু
মোৰ বুকু—কন ভাঙি ই-ই-ই তাকিলে আৰু
তি-তি-তি-তি তিতিয়া
অ’লে গবৰমেনৰ মানুহ নাহি…ই…লি
ই-ই- ইতি- য়া- আ আ আ অনে
কেজেনা কেজেনা কেজেনা
কেতি নঅ’লে
দেও ঢৌৱে জানো
ৰূপবোৰ কেজেনা দিবলৈ
দি – দি – যায় – ই –
কেতি টোৰ অ’লে
কবৰ নাই…
কেতি নঅলে বাৰু ৰাইজ কনে
ক’ৰপৰা কেজেনা কণ সোধাই অ’
ক’ৰপৰা সোধাই ?
কাণি… কেজেনা ….
কাণি কেজেনা….
বৰ ছাআবকে … বয় নকৰে
তোক তোক কি বয়
কে – এ – এ – এ – জেনা ৷
× × × × ×
তেওজ বেলিও আ আ ৰু উ উ
বেমাৰতে পৰি ই ই তাকিলোঁ
কেতিটো কৰিব নোৱাৰি আঁ
আল বোৱা মেটোন দুটা
ক্ৰোক কৰি লৈ গ’লি
আৰু বেলি গাঅ’ৰি কেটাও
লৈ গ’লি
এই বেলি আৰু কি কি নি – বি …
টিক টিক টিক জানিছোঁ
মাটি দোকৰ – নি – বি ৷
গবৰমেনৰ বাপে ….এ – একৰ
গৰৰ নে মাটি ?
ঈছৰেহে মানুঅক মাটি দিছে
কেতি ই কৰিবলৈ
কে – লৈ নি – বি – অ মাটি’
কে – কে – কে – কেলৈ নিবি …
অক্কল’ক’ মিদাংক….
অক্কল’ক’ মিদাংক…. [মিত জোকাৰি জোকাৰি ]
কেতি কৰা মেটো নো নিবি….
আল কনো নিবি
গা অ’ ৰি কেটাও নিবি
বেমা….আৰটো হ’লে বাল কৰি নিদিবি ৷
ডাগদৰ খেনা গণ হলে
দহ মাইল দূৰত পাতি থৈছ
উটিব নোৱাৰা বেমাৰী অ’লে
যাব নোৱাৰে
ডাগদৰ বোপাৰ হ’লে টেকছটো হলে
কেজেনাই কেজেনাই নি আছ ৷
ডাগদৰ হ’লে একুৰি ৰূপ নিদিলে
আমাৰ গাঁওলৈ নাহে
কাণি কেজেনা….কেজেনা
কেজেনা কেজেনা
অ’লে নিতৌ নিতৌ
কৰি ই ই তাকিবি ৷
গবৰমেনৰ একুৰিও টকা অ’লে নাইনে ?
বেমাৰি মানুঅৰ কেতিটো মাৰিএ
দন গটিব পাৰে ?
গবৰমেনৰ বল বুদি নাইনে ?
কালি কেজেনা কেজেনা
কেজেনা কেজেনা,
বৰ ছাআপক বয় নকৰে
তো – ও ওক কি বয় কৰিব…
কালি কেজেনা কেজেনা…
কে – জে – এ – না
অক্ – ক’ল’ক’ মিদাংক …..
অক্ – ক’ল’ক’ মিদাংক …..
অক্ ক’ল’ক’ মিদাংক …..
[চোঁচা মাৰি মিত জোকাৰি খেদি যায়…. আৰু টেকেলা মহৰীয়ে ফাঁহি ছিটিকা দি চৰকাৰী আলিত উঠি প্ৰাণ-টাকি লৰিবলৈ দৰে ৷]
কেতেকীৰ পাহি যেন নিমজ
কেতেকীৰ পাহি যেন নিমজ
শৰীৰ
সানি তাতে গোলাপ-নিৰ্য্যাস
বাসনাৰ ৰাঙলী জেতুকাৰে
ৰঞ্জি দুখনি গাল
পিন্ধি আহে কিনো নীলাবাস ৷
অঙ্গ ভঙ্গতে যাৰ
ছন্দৰ সৃষ্টি
কটাক্ষত কামনাৰ বৃষ্টি
হাঁহিৰ বাটত ৰূপ লৈ
মাতে মোক নিবলৈ
খন্তেকতে প্ৰিয় বুলি….
মায়াপী ৰূপৰ ইটো সোণৰ হৰিণা
পিছ লবলৈ মোক কৰা কিয় মানা ?
যদি চিৰসুন্দৰে
তাৰে থানিকা পাতি
তুলি দিলে ৰূপৰ লহৰ
মই কিয় নাচাপিম চুমাৰ ওচৰ
নিপিম ৰূপৰ মৌ
সেই দুই সুন্দৰ ওঁঠৰ?
কেলেই লাগিছে অনন্ত জীৱন
কেলেই লাগিছে অনন্ত জীৱন
অনন্ত দিনৰে ভৰা
দিনৌ দিনৌ একে জোন বেলি
একে আকাশৰে তৰা
অনন্ত কালৰ অনন্ত মানৱে
কিয় সুঁৱৰিব মোক ?
নতুন মানৱে নতুন কালত
গঢ়োক নতুন লোক ৷
দুদিনলে’ ফুলি দুদিনলে’ হাঁহি
দুদিনীয়া গান গাম
দুদিনতে মই অৰ্ব্বুদ যুগৰ
আনন্দৰ কণা পাম ৷
অমৰ হৈ মৰ্ম্মৰ মূৰুতি
নেলাগে নেগাওঁ মই
দুদিনলে’ মই ইয়ালে’ আহিলো
দুদিনতে যামগৈ ৷
সুঁৱৰিব মোক নালাগে কেৱেই
বেজাৰৰ গীত গাই
অতীতৰ এই আনন্দ কোঠাই
সুন্দৰ হ্মোৰ ঠাই ৷
সৃজিৰ আজীৱন
মাত্ৰ এদিন এখন্তেক
লাগে তোৰ সঙ্গ
এদিনতে কৰি চিৰদিনলৈ
সাৰ্থক জনম
মাগিছে পুত্ৰ-দান
নামানে তোৰ প্ৰতিনিধি
তাতে সমৰ্পি সকলো ভৱিস্য
জুৰাৰ জীৱন
পাব শান্তি আত্মাৰ ৷
কোন সতে তই
কোন প্ৰাণহীন বেদ মানি ?
কাৰ ক’ব হ’ব হানি ?
দিয় যদি কোঠালি ওলাই
চকুপানী মচি
প্ৰণয়াকাঙ্ক্ষিনী পবিত্ৰতাৰ ?
কোন সোণ সপোনৰ
কোন সোণ সপোনৰ
সোণ পোহৰৰ বাটে
তই সুৰৰ জোনাক সিঁচি আহ
কোন ভুৱনৰ….
সোণ মৰমৰ সাধু
সুঁৱৰি তই…..
মিচিকি মিচিকি হাঁহ ৷
মোৰ পৃথিবীত
আজিও ফুলা নাই
আলোক পদুম হায়
সেইহে আছোঁ তোৰ সুৰেৰেই
তোৰ গানকেই গাই….
তোৰ পৃথিবীত ফুল পাবলৈ নাই ৷
গাঁৱৰ জীয়ৰী
সেউজীয়া পথাৰত
সোণ-ধান ফুলিলে
ধাননি শুৱনিকৈ —
সোণ যেন মুগাৰে
ৰিহানো মেখেলা
পিন্ধি ফুলেবছা
গাঁৱৰে বুকুতে ফুলিছোঁ অ’ই
হাততে মাকোটি লৈ ৷
সোণ- ৰ’দালিয়ে উপজি পুৱাতে
সোণসুৰীয়াতে
উৰি আহি পৰি
বেলিৰে বতৰা
মোৰে কাণে কাণে কয় ;
পৃথিৱী- লখিমী
ময়ে কেঁচাসোণ
পৃথিৱী-লখিমী মই ৷
পৃথিৱী হোৱাৰে পৰা
বুৰঞ্জী পাতত নিলিখা নগঁথা
আছে গুপুতৰ কথা ৷
মোৰ কলিজাৰ বেথা কতখিনি
সেউজী পথাৰ কৰিলে শুৱনি
মৰমৰে সনা শইছৰ ডাঙৰী
ক’ত যে পঠালোঁ—
লুইত পাৰে কৰি
জগতে নুবুজে মোল ৷
গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
ভলণ্টিয়াৰৰ দুখ
গান্ধীকথা শুনিবলে’ সদায় হুছিয়াৰ ৷
মই ভলণ্টিয়াৰ ৷
উজনিত বোলে ‘সইত গাহৰি’
নামনিত ‘ভেলেণ্ডাৰ’
কোনোৱে বোলে ‘চেচ্ছাসেৱক’
তথাপিও মোৰ গৰম বুকত
স্বৰাজৰ জুই
জ্বলিছে ভম’ক্ ভমক,
স্বাধীনতা আনিবলৈ
দেশত লগাওঁ খলক্ ৷
গাঁৱত আছিলোঁ শুই
গান্ধীয়ে লগালে জুই
বন্দুক-বাৰুদ নোহোৱাকৈয়ে
চাহাব খেদাব পাৰি হেনো
এই বুলি মিটিঙে মিটিঙে বক্তৃতা দিয়া শুনো ৷
আৰু কোনে পায় ?
হেৰৌ ভদীয়া ! হেৰৌ কাতিয়া ! আহ
বেগেতে ওলাই,
ইংৰাজে নঙঠা পিঙঠা কৰিলে
কান্দিছে ভাৰতী আই ৷
গান্ধীবাপু নহয় কম
বৃটিছ সাম্ৰাজ্যৰ সাইলাখ যম
কৰিহে এৰিব খেজেনা কম
কৈছে বোলে সুতা কাটিয়েই স্বৰাজসোপাকে ল’ম,
কটা-সূতাৰেই ইংৰাজখনৰ হাত-ভৰি বান্ধি থ’ম ৷
জেলৰ ভিতৰত বন্দী কৰি
ইংৰাজ থৈছে ভাৰতী আই,
সেইহে গান্ধী জেলৰ ভিতৰলৈ
ঘনেপতি সোমায় ৷
বাৰেপতি এপাক এপাক
শিকলি আহে খুলি,
কোনোবা এপাকত উলিয়াই আনিব
কৰি কিবা তালি-তুলি ৷
উনৈছে শ একইছ চন
গান্ধীয়ে পাতিলে অহিংস-ৰণ
জাকে জাকে ওলাল ল’ৰা,
স্কুল-কলেজৰ পৰা
ফিৰফিৰীয়া ফিতাহী এৰি
পিন্ধিলে দগধা চোলা
চহৰৰ এৰিলে কোলা ৷
গাঁৱলৈ আহি বোকা ফেনেকি
ক’লেহি উপাই নাই,
নিচিনি চিনিলোঁ আজিহে তোমাক
অ’ গাঁৱলীয়া কাই !
চহৰৰ বাবু চাহাবৰ কাবু
সিহঁতত আশা নাই,
উঠা গাঁৱলীয়া ভাই ৷
আহ ঐ মোৰ সোণাইহঁত ! চহৰৰ বাবুহঁত !
কিনো নহবৰ হ’ল,
উকীলে এৰিলে কাছাৰী-ঘৰ
আধা-কৰাকৈয়ে কে’ছবোৰ এৰি
গাঁৱলৈ মাৰিলে ভিৰাই লৰ
কলৰ-জপৰ মোক্কেলৰ ৷
স্বৰাজ বিচাৰি ফুৰিছিলে গৈ
দিল্লীৰ কৌঞ্চিল ঘৰত,
আছিল বোলে স্বৰাজজনী
মেমনী পোছাক পিন্ধি
ডাঙৰজনা লাটচাহাবৰ
অন্দৰমহলত ৷
ওচৰ চাপি শুঙি চালে
টেমা টেমা গোন্ধায়,
সেইহে উকীল বাৰিষ্টাৰ
কৌঞ্চিলৰপৰা ওলায় ৷
সেইজনী বোলে স্বৰাজ নহয়
ইংৰাজৰ চাকৰণী,
চুমা দলিয়াই মেম্বৰলৈ
বঢ়োৱা খেজেনাৰ
টকাৰ টোপোলা
ভিতৰে ভিতৰে গণি ৷
সেইহে আহে
ডাঙৰসকল একো-নাই হৈ খঙত,
পাত-পাতকৈ বিচাৰে স্বৰাজ
গাঁৱৰ বাঁহৰ তলত ৷
নোলোৱা গাখীৰ উলিয়াবলৈ
পোৱালিয়ে ঘনে ওহাৰত খুন্দিয়ায়,
সেইদৰেই সাৰ নোপোৱা বসুমতীত
লেৰেলা গৰুৱে হাল খুচৰি খুচৰি বাই,
কোনোপধ্যে ঘৈনীজনীৰে ল’ৰা দুটাৰে
পেটতো প্ৰবৰ্ত্তাই,
বছৰে বছৰে খেজেনাই ভঙা
কঁকাল থাকোঁ পোনাই ৷
এনে থলত আহিল দেখোন চহৰৰ বৰলোক
কিনো খুৱাওঁ, কিনোঁ খুৱাওঁ
নিজৰে নুগুচে ভোক ৷
খেজেনা কমাৰ আশা নাই
ঘৈনীৰ নুশুনি মনা,
চুঙাৰ পৰা আনি দিলোঁ
সাঁচতীয়া চাৰিঅনা
আশা পালি বৰ
হ’লোঁ কংগ্ৰেছৰ মেম্বৰ ৷
গাঁৱে গাঁৱে কত মিটিং
কংগ্ৰ্ৰেছৰ কমিটিৰ ঘনাই ছিটিং,
তৰ্জ্জন হ’ল, গৰ্জ্জন হ’ল
বৰ্জ্জনৰ ঢৌ বিয়পি গ’ল ৷
ৰাইজ উঠিল জাঙুৰ খাই,
গৱৰ্ণমেণ্টে তভক্ মাৰি
কি কৰোঁ, কি নকৰোঁ বুলি
থাকিলে ছল চাই ৷
ভলণ্টিয়াৰত লিখিলোঁ নাম
কৰিব লাগিব দেশৰ কাম
লৰি-ঢাপৰি ঢপলিয়াই
ফুৰিলোঁ গাঁও-ভূই,
কংআৰ ঢৰা-চাপৰেৰে
জগালোঁ মোৰে দৰে ডেকা
যি আছিলে শুই ৷
আন্দোলনৰ গণ্ডগোলে
ঘনাই ফিৰিঙতি তোলে,
দেখি আমাৰ পিকেটিং
ওলাল চিপাহী ঘিটিংটিং
সুবিধা পালে ভলণ্টিয়াৰক
চৰ-গটাটো মাৰে ;
কানীয়া কাইৰো সাহ বাঢ়িল
নলীয়া কটাৰী জোকাৰি জোকাৰি
গান্ধীক গালি পাৰে ৷
মহলদাৰেও কেদিনমান
হাঁহিলে মিচিকিয়াই,
পিছত বিক্ৰী কমা দেখি
আমাক চকু পকায় ৷
চিপাহীৰে স’তে কথা পাতি
আমাক দোকানলে’ মাতি
ভিতৰ চোতাললৈ নিলে,
আমাৰ পিঠিত ঔফুল বাছিলে
গুৰুলা-গুৰুল কিলে ৷
পায়ো পুলিচৰ ব্ৰহ্মখুন্দা
দোকানৰ আগত থাকিলোঁ বহি
যেন পৰ দিয়া বোন্দা ৷
বুকুৰ ভিতৰত হিংসা-বাঘে
যেন পিঞ্জৰাত বনাই
গুজৰি-গুমৰি বাৰে বাৰে
আহিব খোজে ওলাই ৷
অহিংস বাণীৰে তাক খুচি খুচি
থওঁ ভিতৰলৈ সুমাই,
তথাপিও সি মাটিত কামুৰি
আছেই গোৰগোৰাই ৷
চিত্ৰলেখা (সখি চিত্ৰলেখা)
সখি চিত্ৰলেখা
দূৰ অতীতৰ কিবা
ৰহস্যনো তুমি
বুজিও নুবুজি
আছো বিয়াকুল হৈ
কোন সৌন্দৰ্য্যত হোৱা
জুৰুলি জুপুৰি
নন্দন ৰাজ্যৰ তুমি
কলাদেৱীৰূপী তুমি বিচাৰিছা গৈ ৷
জনতাৰ আহ্বান
হে মোৰ আলোক-পূজাৰী প্ৰাণ !
আজি সুন্দৰৰ পূজা-থাপনাত
যাচিবি কিহৰে ষোড়শোপচাৰ,
গাবি কি ৰাগ, কি সুৰেৰেনো
পুৱা-সন্ধিয়াৰ গান ?
আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ আহ্বান ৷
আজি জনতাৰ পঙ্কজ ৰূপ
জাগে পদুমৰ দৰে,
বোকাত জনমা মানুহে আজি
আলোকলে’ উঠি আহে
বেলিমুৱা হৈ হাঁহে ৷
মাটিৰ-পানীৰ বিদাৰি বক্ষ
জননী গৰ্ভৰ আন্ধাৰ কক্ষ
ওলাল এৰিবলে’
পোহৰত পাহি মেলিবলে’
মানুহৰ এই পৃথিৱীখনত
শান্তি-সুৰভি বিয়পাই দি
বিশ্বৰ এই সৌন্দৰ্য্য-সৃষ্টিৰ
মহান মেলাত
অভিনৱ এক জীৱনৰ ৰূপ,
পুষ্পিত কৰি তুলিবলে’
আজি মানৱৰ জনজীৱনৰ
সংহত অভ্যুত্থান ;
দুৰ্নিবাৰ ভূমিকম্প উল্লাসে
বিকশিত হৈ আহিছে সেই
জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে
জনতাৰ মহাপ্ৰাণ ৷
আজি জনতাৰ আলোকবিজয়ী
অপূৰ্ব্ব অভিযান
আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ আহ্বান,
নৱজীৱনৰ মহাসংঘাতে কঁপায় বৰ্ত্তমান ৷
আজি সাৰ্থক হ’ক বেদত ধ্বনিত হোৱা
আলোকৰ আগমনী মন্ত্ৰ
প্ৰবুদ্ধ্ জনতা জায়………..জয় জনতন্ত্ৰ
জয় স্বতন্ত্ৰ
জয় স্বতন্ত্ৰ
জয় জয় জয় জয় —– আলোক-মন্ত্ৰপূত
মহামানৱতন্ত্ৰ
জয় জনতন্ত্ৰ
জয় স্বতন্ত্ৰ
জয় স্বতন্ত্ৰ ৷
জ্যোতি-শঙ্খ
ৰণ-ৰণ-ৰণ
আলোড়ন কম্পন
ঘনঘোৰ গৰজন
অস্ত্ৰৰ ঝন ঝন
সীমান্তে-প্ৰান্তে
শত্ৰু যে অগণন
—–অসমীয়া জীৱনৰ সন্ধিক্ষণ ৷
চাৰিওকাষেদি বেৰি
অসম আহিলে ঘেৰি
আৰু যে নসহে দেৰি,
বজা অসমীয়া
শৰাইঘটীয়া
বজা, বজা, ৰণ-ভেৰী,
অসমীয়া হুছিয়াৰ !
শত্ৰু পালেহি দুৰ্নিবাৰ ৷
যুদ্ধ মাথোন
যুদ্ধ
যুদ্ধ নহলে
নহ’ব ৰুদ্ধ
আজি অসমীয়া যে অৱৰুদ্ধ ৷
যুদ্ধহে মাথোন
লাগিব যুদ্ধ
হাৰিও যুদ্ধ, জিনিও যুদ্ধ
যুদ্ধ মাথোন যুদ্ধ ৷
অসমৰ বিহুতলী
পথাৰৰ সোণকলি
শেৱালি-তগৰ ফুল
ফুলি থকা পদূলি,
গচকি-খচকি হে’ৰ
উৰুৱালে ধূলি
উৰুৱালে ধূলি ৷
দেশ ৰাখিবলে’ তই
বিচাৰি সঁজুলি আন
নৱ লাচিতৰ তৰোৱাল,
জয়-ফোঁট পিন্ধি তই
ল হে’ৰ উজ্জ্বলাই
শুভ্ৰ কপাল ৷
চহৰৰ, নগৰৰ
মাটি-বাৰী অসমৰ
গাঁও-ভূঁই যত হাট-বাট
সকলো শৰাইঘাট ৷
শৰাইঘটীয়া দলে
সদলবলে
শুধ চিত্ লৈ আগবাঢ়ি গ’লে,
হ’ব তোৰ জয়
নাই, নাই ভয়
অশুদ্ধ মনৰ কৰ্ম্ম যে বিফল ৷
সুশুদ্ধ ইচ্ছাৰ সৰ্ব্বেজয়ী বল
জীৱনৰ যুদ্ধ হ’ব সম্ফল
সষ্টম যুঁজাৰু দল ৷
তই অসমীয়া
শৰাইঘটীয়া
তলি যে অগ্নি-বীৰ্য্য
জ্বলি উঠ নৱ-সূৰ্য্য ৷
দেশ যায় জ্বলি
ঘৰ যায় হ’লি
চোতালত দিলে শত্ৰুৱে ভৰি
এতিয়াও জানো তোৰ বুকুখন
যোৱা নাই ডেই-পুৰি ?
কৰ সোনকালে
ফালি মোহ-জাল,
ওলা, ওলা তই
নুদুষি কপাল,
হীনতাতকৈ মৃত্যুও ভাল ৷
অসমীয়া হুছিয়াৰ
শত্ৰু যদিও দুৰ্নিবাৰ
হৈ যাব ছাৰখাৰ ৷
ভাষাত শত্ৰু
দেশত শত্ৰু
কলা-সাহিত্যত
সঙ্গীত-শিল্পত
সোমাল শত্ৰু তোৰ ভিতৰত
শত্ৰু আহিছে বেয়া বতৰত,
মণিকুট গৈ পোৱাৰে আগত
সমূলে নিপাত কৰ ;
আপোনাৰ ঘৰ
ৰাখিবলে’ তই
কালৰ মূৰ্ত্তি ধৰ ;
কঠোৰ প্ৰতিজ্ঞা কৰ
অস্ত্ৰ-শস্ত্ৰ ধৰ
ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি
নিজৰ কৰ্ত্তব্য কৰ ৷
ৰাখিব লাগিব অসমীয়া ভাষা
কৰিব লাগিব আশা
জিনিব লাগিব বিদ্ৰূপ-বাণী
শত্ৰুৰ ব্যঙ্গ-হাঁহি ৷
অসমৰ যত পণ্ডিত
তয়ে
কৰিব লাগিব তৰ্কযুদ্ধ
কৰিব লাগিব জগত মুগ্ধ ;
শত্ৰুৰ মিথ্যাচাৰ—
যদিহে নোৱাৰ কৰিব খৰ্ব্ব
মিছা তোৰ জ্ঞান-গৰ্ব্ব ৷
বজাব লাগিব বিশ্ব-বাঁহাৰ
সুৱণশিৰীয়া মাত,
ভাষাৰ যুদ্ধ জিনাব লাগিব
অসমীৰ নাম জ্বলাব লাগিব
পৃথিৱীখনৰে জ্ঞানী সভাত ৷
তয়ো অসমীয়া কবি
উদয়াচলৰে ৰবি
ৰণৰ ঘ্ৰেষণি-হ্ৰেষণি গুণি
বীণা জানো হ’ল চুপ ?
ধৰহি বিশ্বৰূপ ৷
কৰ তই মহাধ্বনি প্ৰণৱ-ওঙ্কাৰ
ধ্বনিত ৰণিত কৰ শান্তিৰ ঝঙ্কাৰ
আলোক নমাই আন
গা মহাগান,
পৃথিৱী ব্যাপি যাওক
পোহৰৰ বাটে বাটে
ভেদি যাওক সপ্ত বিমান ৷
সুন্দৰসেৱী দল
অথলে নাযায়
তোৰ ফুল-জল
তোৰ পূজাভাগ নহ’ব বিফল,
আহ্বান কৰ
তোৰ কোষালৈ
সকলো তীৰ্থৰ জল ৷
গন্ধ-পুষ্প যত উপচাৰ
তাৰে স’তে ঢাল ভকতি হিয়াৰ
ৰঙাজবা দে তোৰ কলিজাৰ
শত জীৱনৰ শত শত সম্ভাৰ ৷
সুন্দৰৰ পাবি দিব্য বৰ
জয় হ’ব অসমৰ
জয় হ’ব পোহৰৰ যুদ্ধ
জনগণ জগজন মুগ্ধ ৷
যুঁজিব লাগিব
জিনিব লাগিব
কুসুম-বনৰ ৰণ
মুহিব লাগিব বিশ্ববাসীৰ মন,
তোৰ প্ৰতিভাৰে পাতিব লাগিব
সুশোভিত উপবন,
গঢ়িব লাগিব
জগত শুৱনি
আলোকবৰণী কলা-ভৱন ৷
বাণীৰ সেৱক
শুন অ’ তৰুণ !
তয়ে ভাৰতৰ নবীন অৰুণ ৷
তয়েই নতুন জ্যোতি,
আলোক-শঙ্খ তয়ে ফুকাৰি
আনিব লাগিব মাতি ৷
জ্বলাব লাগিব প্ৰাগ্জ্যোতিষত
পুনৰ আলোক বাতি,
অসমীৰ নাম ৰাখিব লাগিব
পূৰ্ব্বভাৰতী পাতি ৷
জ্ঞান-বিজ্ঞানৰ
কলা-সাহিত্যৰ
সুৰ-সঙ্গীতৰ ধল,
বোৱাব লাগিব
ভাৰত ঢৌৱাই
ভাৱ-লুইতৰ জল ৷
তোৰ মুকলিত হওক বিশ্বপ্ৰসাৰী মন
নৱ আলোকেৰে
ধুৱাব লাগিব
নোৱাব লাগিব
অসমী আইৰে
ৰঙা-চৰণ ৷
আগবাঢ় আগবাঢ় নৱ অনিৰুদ্ধ
কৰ, আশা শুদ্ধ,
জিনি আছ,
জিনি যাবি জীৱন-যুদ্ধ ৷
অসমীয়া যুঁজাৰুৰ
জয়যাত্ৰীৰূপা
সুন্দৰসেৱীৰো তয়ে
জ্যোতিৰূপা
ওলা, ওলা অসমীয়া ৰমণী
তয়ে হ’বি জগতৰ দেৱী গোসাঁনী ৷
বজা, বজা
কামৰূপী বীণা
ভাৰতকো, জগতকো জিনা
সঞ্চাৰি সুৰ-ৰাগ ত্ৰিভুবন মোহিনী
জ্বলি উঠ
জ্বলি উঠ
প্ৰেৰণাৰূপিণী ৷
অসমৰ অঙ্গন
মুখৰিত কৰি বাজে
গোসাঁনীৰ চৰণৰ উৎকট ঘৰ্ষণ
ছন্দ-স্ফুলিঙ্গৰ বিস্ফোৰণ বৰ্ষণ ৷
খোজে খোজে,
ৰক্তকৰবী উঠি ফুলি
আকাশ-পৃথিৱী ঢাকি
উৰে ছাঁ,
জ্বলন্ত আঙনিবোৰ
কতবোৰ জুই বালি-ধূলি
জনমৰ-মৰণৰ আজি কোলাকুলি ৷
নিতম্ব ভঙ্গত জগত সশঙ্ক
আনি দিয়ে প্ৰাণলৈ মহা আতঙ্ক
নগ্ননৃত্য নাচে সৃষ্টি-গোসাঁনীয়ে
প্ৰকট-বিকট বিশ্বৰূপ,
লুইতৰ দুয়োপাৰে
সৌন্দৰ্য্য, কদৰ্য্য মথি
জ্বলে নৱ আলোকৰ
বিচিত্ৰ ধূপ
গোসাঁনীয়ে দেখুৱাই দিব্যৰূপ ৷
সেই ৰূপ দেখি তই
দিব্যাঞ্জন লৈ
ক্লীবতা এৰি থৈ
ধৰ ধনুৰ্ব্বান,
হ’বি তই অৰ্জ্জুন সমান ৷
কল্পে কল্পে তই
উত্থান-পতন জিনি
যিটি সনাতন জ্যোতি
ৰাখিলি জ্বলাই ৷
তাৰে বাতৰি তই
বজ্ৰ-নিৰ্ঘোৰে গাই
জগতক থাক অ’ শুনাই ৷
পুৱাল, পুৱাল তোৰ
ঘন-ঘোৰ অমানিশা সুদীৰ্ঘ ৰাত্ৰি
আগবাঢ়, আগবাঢ় আলোক-যাত্ৰী !
সোণৰ সবিতা সৌ
উজ্জ্বল সমুজ্জ্বল
নৱ-জীৱনৰ নামে
সুৱৰ্ণ সুযোগ,
অগ্নি-আৰতি গা,
অসমীয়া ঘৰে ঘৰে
মছজিদে-মন্দিৰে
অভ্যুদয়িলে জ্যোতিযুগ ৷
থাকি দিনৰে দিনটো ৰৈ
থাকি দিনৰে দিনটো ৰৈ
উচুপি উচুপি ঘুৰি গুচি আহে
মোৰ দুৱাৰলৈ
অনাদৰ বেজাৰ বুকত লৈ
ন-জোৱান-ই-হিন্দ
ন-জোৱান-ই-হিন্দ
মই ভাৰত ন-জোৱান
জগাওঁ পৃথিৱী
জগালোঁ হিন্দুস্থান ;
ন-জোৱান-ই-হিন্দ
মই ভাৰত ন-জোৱান ৷
আজি মোৰ নতুন প্ৰকাশ
জীৱনৰ নতুন বিকাশ
প্ৰাণৰ প্ৰাণত জ্বলে
অভিনৱ অগ্নি
বিশ্বহোমাগ্নি,
অঙ্গে অঙ্গে মোৰ
মৰ্ম্ম শিহৰি
সঞ্জীৱনৰ উল্লাস
আপোনাত আজি মোৰ মহাবিশ্বাস ৷
কল্পনাত নৱসূৰ্যোদয়
আন্ধাৰক কৰিম বিজয়
যুগান্ত ব্যৰ্থতাৰ
সাৰ্থকতা কৰি ময়ে
আনি দিম জগতলে’ পোহৰৰ জয় ৷
নতুন জনম লভি
নবীন জীৱন মোৰ
নৱপ্ৰভাতৰ আলোক আলোকে,
লোকালোকে
ঝঙ্কৃত হ’ল আজি
ওঙ্কাৰ আজান
বিশ্বমন্ত্ৰ গাওঁ
অভিনৱ আলোকৰ
সভ্যতাৰ গান,
জগাওঁ পৃথিৱী
জগালোঁ হিন্দুস্থান ৷
অৰুণালোকত জ্বলে
মোৰ উচ্চ শিৰ
ময়ে সত্য সনাতন ধ্ৰুবজ্যোতি পৃথিৱীৰ ৷
কাঞ্চনজঙ্ঘা সম
স্বৰ্ণ কিৰীটি
শুভ্ৰ কপালত কল্পকাল তপস্যাৰ সমুজ্জ্বল ভাতি
যুগান্ত সুপ্তি-ধ্যান
পৰিহৰি
জাগোঁ অভিনৱ-জ্যোতি
অৰ্জ্জুন সমান,
ন-জোৱান-ই-হিন্দ ময়েই
ভাৰত ন-জোৱান ৷
বুভুক্ষু ভাৰত আজি কঙ্কালসাৰ
ৰোধিব নোৱাৰে আসুৰীয় অধিকাৰ
অন্যায়-অবিচাৰ,
যুগ-যুগান্ত
জননী নিপীড়িত
আলোক, আলোক ক’ত—
অন্ধকাৰ, মাথোঁ অন্ধকাৰ ;
দলিতৰ পেষিতৰ,
ক্ষুধিতৰ, তৃষিতৰ
লাঞ্ছিতৰ মাথোঁ হাহাকাৰ ৷
ধ্যানভঙ্গ মহাকাল সম মই
সেইহে ভাগিলোঁ আজি
ভীষণ ৰূপেৰে সাজি
বিদ্যুত-বিপ্লৱ-বহ্নি জ্বালি
তিমিৰৰ মহাগৰ্ভ ফালি
যাওঁ মই
মূৰ্ত্তিমান হুহুঙ্কাৰে বনাগ্নিৰ বেশেৰে,
দুৱাৰে দুৱাৰে—
উন্মত্ত উল্লাসে, সাগৰৰ পাৰে পাৰে,
নগৰে নগৰে
নতুন সৃষ্টিৰ মই
বজাওঁ বিষাণ
আকাশ পৃথিৱী কম্পমান ৷
ধ্বংশ-নৃত্য নাচো
মই আজি উলঙ্গ তুফাল,
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
ময়েই অতীত
ময়েই ভৱিষ্যৎ
ময়েই বৰ্ত্তমান,
চিৰপূৰাতন
নিতৌ নবীন
সূৰুযৰ দৰে জ্বলিছোঁ আয়ুষ্মান ৷
জাগোঁ কল্পকাল
উদ্ভাসি ধৰিত্ৰী বিশাল
মাৰ যাওঁ পুনু—
আন্ধাৰ সমাধি লভি, জপোঁ নৱৰূপান্তৰ
কৰি থাকোঁ ধ্যান,
নতুন দিনৰ বাবে
নৱ আলোকেৰে
জাগোঁ পুনু হৈ জ্যোতিষ্মান ৷
উদয় অন্তৰ মাজে
অনন্তৰ বাটে বাটে
চিৰ প্ৰবাহমান,
নুমাই জ্বলিছোঁ
জ্বলি বুৰিছোঁ
পুনৰ অভ্যুদয়িত ময়েই
আনিছোঁ আলোকবাণ ৷
চিৰদীপ্তিমান
ন-জোৱান-ই-হিন্দ মই
আজি মোৰ সমাধিৰ কালান্ত
সহস্ৰ বৰ্ষৰ ধ্যানৰ অন্ত—
এক নৱ জ্ঞানৱন্ত,
আজি মোৰ অন্তৰত
জাগে এক আলোকৰ মহাবসন্ত—
অগ্নি-পদুম ফুলি হাঁহিৰে শ্ৰীমন্ত ৷
অস্ত্ৰেৰে
নোৱাৰিবি কৰিব ৰুদ্ধ
জাগো বৈশ্বানৰৰূপী
অভিনৱ বুদ্ধ ৷
সমাধিৰ নিশ্চলতা
নীৰৱতা, নিস্তব্ধতা দেখি
কোন এই আহিছিল
অন্তৰেদি
অশুচি অন্তৰখন লৈ
মোৰ তপোবনলৈ—
নাৰাখিলি মোৰ এই
সমাধিৰ প্ৰশান্ত সন্মান—
সাৱধান !
সাৱধান
নৰলোক !
সাৱধান আসুৰীয়লোক !
সাৱধান, সাৱধান ৷
সমস্ত পৃথিৱী সাৱধান ৷
জাগোঁ মই মৃত্যুঞ্জয়ী ভাৰত-জোৱান ৷
মোৰ হাত যুগান্তৰ
গ্লানি অপমান
তাৰ আজি
হ’বই লাগিব সমাধান,
হহ’লে নিদিওঁ পৰিত্ৰাণ—
তৃণ ভৰি ল’লোঁ অগ্নিবাণ
আজি নিদিওঁ পৰিত্ৰাণ—
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
আজি মোৰ যত পুণ্যফল,
উগ্ৰ তপস্যাৰ তেজেৰে উজ্জ্বল—
জ্বল জ্বল্ জ্বল্ ৷
আজি ধৌত হৈ যাওক যত মহাপাপ
আজি জহি-খহি যাওক
যত অভিশাপ,
আজি শান্তি হ’ক যত
যুগৰ সন্তাপ
আজি মই কৰোঁ অগ্নিস্নান
আজি ৰক্তস্নান
আজি মই সত্যৰ বলেৰে বলীয়ান ;
কোনে ৰোধিবি মোক
কোন আছ এনে শক্তিমা ?
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
প্ৰথম সৃষ্টিৰ ময়ে
বিকাশ মানৱ
ময়ে প্ৰাণী অভিনৱ,
ময়ে ব্ৰহ্মৰূপে
স্ৰজিছোঁ অনন্ত
মই মন্ত্ৰৱন্ত
বিবিধ জীৱনৰ বিচিত্ৰ সম্ভাৰ,
সুন্দৰৰ পূজাৰ ষোড়শোপচাৰ ;
ময়ে বিষ্ণুৰূপে
পালো
আপোনাৰ সৃষ্ট সংসাৰ ৷
মই মহাকাল হৈ
পুৰণিক ভাঙি-ছিঙি—
ধ্বংস-বিধ্বংস কৰি
নাচোঁ নাচ প্ৰলয় তাণ্ডৱ—
সৃষ্টিৰ উচ্ছেদ কৰি
নবীন সৃষ্টিৰ বাবে
পৰিগ্ৰহি শিলাৰূপ
কৰি থাকোঁ যুগ যুগ ধ্যান,
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
অনাদিৰ পৰা মই
কৰি আছোঁ যাত্ৰা
সন্তৰ্পণে ৰাখি যাওঁ সৃষ্টি-স্তিতি-
প্ৰলয়ৰ-লয়-মান-মাত্ৰা ৷
ৰইছোঁ, গাইছোঁ,
আনিছোঁ, দিছোঁ
হাঁহিছোঁ, কান্দিছোঁ,
জীৱন-তৰণি ঘূৰিছে
ফুৰিছে
কাল-সাগৰৰ
কতনো দেশৰ
নেদেখা নুশুনা ঘাটে ঘাটে !
বিকশিছোঁ কতনা প্ৰপঞ্চে
নানা যুগ-যুগৰ
মঞ্চে মঞ্চে,
আন্ধাৰেদি পোহৰেদি
বিচিত্ৰ ধেমালি খেদি
মই আগুৱান—
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
ময়েই এবিধ
ময়ে বিবিধ
ময়েই সকলো
ময়েই সমাজ ধৰ্ম্ম
জ্ঞান-বিজ্ঞানৰ ময়েই সকলো মৰ্ম্ম ৷
ময়েই জাতি, বৰ্ণ
ময়েই ব্ৰাহ্মণ-চণ্ডাল
বৌদ্ধ, জৈন, পাৰসী, শিখ,
ইহুদী খৃষ্টিয়ান—
ময়েই হিন্দু, ময়েই মুছলমান
সকলো ময়েই
ময়েই সকলো
নৱভাৰত প্ৰাণ,
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
আজি মোৰ গৃহ জুৰি
আছে যত অপৱিত্ৰ
আত্মা কুৰূপ,
মোহাচ্ছন্ন
ভ্ৰান্ত যত
অমানুহ অন্ধ,
বৰ্ব্বৰ আনন্দেৰে
নিৰ্ল্লজ উল্লাসেৰে
পিন্ধি আছে দাসত্বৰ
স্বৰ্ন-মণিবন্ধ ;
স্বধৰ্ম্ম তিয়াগি
যি—
পিন্ধি কলুষিত শিৰস্ত্ৰাণ
সন্মানেৰে পিন্ধি অসন্মান
কুতৰ্কেৰে ঢাকিছে ভীৰুতা
পাণ্ডিত্যেৰে আৱৰা নীচতা
নিজৰ স্বাৰ্থৰ বাবে
কৰে নিজ জননীৰ
শত অপমান,
বিলাসৰ বিনিময়ে
বিকি দিলে দেশৰ সন্মান,
ক্ষুধিতৰ, দলিতৰ
জ্বলি অভিশাপ
হৈ যাওক সেইবোৰ
ধূলিৰ সমান ৷
সেই ভ্ৰষ্ট
কুলাঙ্গাৰ
আৱৰ্জ্জনা পৰিষ্কাৰি,
কৰি দিম সুনিৰ্ম্মল দেশৰ বিমান
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
ময়ে দুৰ্নিবাৰ
ভেদিছোঁ অন্ধকাৰ,
যুগে যুগে আহোঁ
নৱপ্ৰেৰণাৰে
ময়েই অৱতাৰ ৷
ৰামৰূপে ময়ে
অসুৰবিনাশী ধৰিলোঁ ধনুৰ্ব্বাণ,
কৃষ্ণ ৰূপেৰে বাঁহিটি বজালোঁ
মুহিলোঁ জগতপ্ৰাণ ৷
বুদ্ধ ৰূপেৰে
নতুন জ্ঞানৰ পোহৰ কৰিলোঁ দান,
ময়েই আকো সত্যাগ্ৰহেৰে
পৃথিৱী কৰিছোঁ কম্পমান
জগাই তুলিছোঁ নৱ-জগতৰ আলোকমুগ্ধ প্ৰাণ ৷
নৱ-সভ্যতাৰ যোগত বহিছোঁ
সুন্দৰৰ এক নতুন প্ৰকাশ
ময়েই কৰিছোঁ ধ্যান,
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
শুনা, শুনা
বিশ্ব-মানৱপুত্ৰ !
ভাগে ভাগে ৰাখি যোৱা
নিজ নিজ বৈশিষ্ট্যৰ
সভ্যতাৰ জীৱনৰ
বিকাশ-প্ৰকাশ যত সুচিত্ৰ-বিচিত্ৰ
তথাপিও হ’বা মহামিত্ৰ
ইটোৱে সিটোৱে ৷
নৱ-পৃথিৱীৰ
এয়ে মিলন-মন্ত্ৰ
এইদৰে জীৱনৰ এয়ে হ’ব সূত্ৰ !
আজি এক হোৱা
যত মানৱ-সন্তান ৷
একেলগে কথা কোৱা
গোৱা একে গান ;
একে মন, একে মতি
হোৱা এক প্ৰাণ ৷
বিশলঝ জুৰি জ্বলা আজি
মানৱ মঙ্গলমেধ
একে মন্ত্ৰ সমস্বৰে কৰা উচ্চাৰণ ;
এক হওক সঙ্ঘ আজি
এক চত্ত মন,
এক ইচ্ছা মাথোঁ এক
মহান জীৱন ৷
এয়ে মোৰ ভাৰতৰ
বাণী সনাতন
প্ৰথম পুৱাৰে পৰা
বাঁহীত বজাওঁ মই
এই এটি চিৰন্তন গান,
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
জগতৰ ধৰ্ম্মে ধৰ্ম্মে
মোৰে বাণী বহু ৰূপে হ’ল প্ৰচাৰিত,
মানৱৰ আদৰ্শে আদৰ্শে
মোৰে চিন্তা হ’ল মুকুলিত,
সংসাৰৰ জ্ঞানে জ্ঞানে
বিজ্ঞানে বিজ্ঞানে
মোৰে বুদ্ধি-মেধা বিকশিত,
মানৱৰ প্ৰাণে প্ৰাণে
মোৰ মহাপ্ৰাণ হ’ল
সদায়ে স্পন্দিত,
পৃথিৱীৰ ভাব-ভাষা চিৰন্তন যত আশা
কাব্য কাহিনী যত
মোৰ সুৰ ৰাগেৰে ৰঞ্জিত ৷
আমি কৰিব লাগিব
পৃথিৱী আলোকময়—
জ্ঞান-বিজ্ঞানৰ
সকলো ধৰ্ম্মৰ
নানা আদৰ্শৰ
নানা বিভেদৰ
কৰিব লাগিব মহান সমন্বয়—
মহামহত্বৰ
বিৰোধী আসুৰী
সকলো শত্ৰু কৰিব লাগিব জয় ৷
এই পৃথিৱীৰ
আনিব লাগিব মহত্বৰ মহাজয়,
কৰিব লাগিব গোটেই জগত
অমৃত আনন্দময় ৷
মানুহ ফুলিব লাগিব
বিকশি
কৰিব লাগিব বিশ্বখনকে
স্বৰ্গীয় সুৰভিময় ৷
জয় হওক পোহৰৰ জয়
জয় হওক মানৱৰ
মহত্বৰ—
আদৰ্শৰ জয়—
চিৰমঙ্গলৰ
চিৰকল্যাণৰ
জগতৰ এই মহাবিকাশৰ
হওক যুগে যুগে জয়
চিৰসুন্দৰৰ জয় ৷
নতুন
(গান)
হে নতুন ! নমস্কাৰ
যুগে যুগে আহ তই
দেশে দেশে হাঁহ তই
ভোঁহাৰি-বিদাৰি-ফালি পুৰণি সংস্কাৰ
হে নতুন ! নমস্কাৰ ৷
নতুন তেজেৰে কৰ
পুৰণি পৃথিৱীখনত
আনি দিয়া ভৱিষ্যতৰ সেউজী ধুনীয়া বাৰেবাৰ,
হৃদয়ে হৃদয়ে ফুল
যত ফুল যত কুঁহি-পাত
নতুন শিল্পীৰ
এই চিৰপূজাৰীৰ
কথা কবি মৰ্ম্মবেদনাত— মোৰ লবি প্ৰণিপাত,
লবি প্ৰণিপাত ৷
বিপ্লৱৰ মহাচক্ৰ ঘূৰে
নতুনৰ— সৃষ্টিৰ অগ্নিবীজ
দিশে দিশে উৰে,
নতুন পৃথিৱীখনত উজ্বলি উঠীছে দূৰে দূৰে
পুৰণিয়ে লৈছে বিদায়— বেজাৰেৰে, ক্ষোভেৰে
প্ৰতিক্ৰিয়া সংঘাতৰে ওলগ জনাই
নতুনৰ গানে-সুৰে
জগত জগায় ৷
আলোকৰ যাত্ৰীদলে নৱতম ছন্দত
অব্যৰ্থ খোজেৰে সৌৱা—
নদ-নদী পাৰ হৈ
পৰ্ব্বতো ভাঙি-ছিঙি
প্ৰগতিৰ প্ৰদীপ জ্বলাই— আগবাঢ়ে,
আগবাঢ়ি যায় ৷
হে নতুন ! নমস্কাৰ—
ৰূপান্তৰেদি তোৰ
সোণ-পোহৰৰ বাট
হেৰ’ বিশ্ববিজয়ী ৰূপকাৰ !
তোৰ অৰুণ হাঁহিৰ জুই
কালে কালে
ভুবনে ভুবনে পৰে
কৰে— নিখিলৰ জাতিষ্কাৰ ৷
তোৰ সুৰৰ বিজুলী বয়
শিল্পীৰ তেজ হৈ
হেৰ’ মৃত্যু সম সত্য তই
হেৰ’ দুৰ্নিবাৰ
সনাতন বন্ধু ! নমস্কাৰ
বাৰে বাৰে কৰোঁ নমস্কাৰ ৷
নতুন অকণমানিৰ গান
পোহৰ ধুনীয়া আই
চিৰসেউজীয়া মাই !
সুজলা-সুফলা শস্যশ্যামলা
ওপজা তীৰ্থ ঠাই ৷
জেউতিৰ ধাৰে নিজৰা নামিছে,
নৱজীৱনৰ ঢল,
নোৱাই-ধুৱাই তোক জিলিকাই
উজলিছে জল্মল্ ৷
তয়ে মোৰ শক্তি
তয়ে মোৰ ভক্তি
তয়ে মোৰ মুক্তি
সুঁৱৰি তোৰেই মুখ
জীৱনৰ যুঁজ জিনি
আগবাঢ়ি যাম,
বুকুৰ তেজেৰে মোৰ
দীপালী জ্বলাম,
জনমে জনমে তোৰ কোলাতেই
নতুন জীৱন পাম ৷
ভালপাওঁ মই বৰ ভালপাওঁ
তোৰ মানি শুৱনি নাই,
পোহৰ ধুনীয়া আই
চিৰসেউজীয়া মাই ৷
পুৱাই পুৱাই আই
নৱজীৱনৰ বৰগীত গাই গাই
শিতানলে’ আহি
কপালত মোৰ শতবাৰ চুমাই খাই
তোৰ পূজালৈকে চাকি জ্বলাবলে’
টোপনিৰপৰা দিব জগাই,
পোহৰ – ধুনীয়া আই মোৰ চেনেহী
চিৰসেউজীয়া মাই ৷
আই !
তোৰ মই অকমাণি
তোৰ মই চকুমনি
তোৰ মই গৰ্ভৰ
নতুন দিনৰ ল’ৰা
নতুনৰ সত্য,
তোৰ চোতালতে আই
নতুনৰ তাল-খোল
বজাই বজাই
পৃথিৱীকে ৰজনজনাই
দেখুৱাম, দেখুৱাম
নতুন দিনৰ জনজীৱনৰ নৃত্য
মই নতুন দিনৰ ল’ৰা
নতুনৰ সত্য ৷
আধাফুটা মাতেৰে
গীত গাম ঠুনুক-ঠানাক্
কুমলীয়া ভৰিটিত
অকণি জুনুকা পিন্ধি
নাচি যাম ধিনিক্-ধানাক্ ৷
ন-ধুনীয়া আঙুলিৰে
বিজুলি চমক মাৰি
মুদ্ৰাৰে দেখুৱাম নতুনৰ ইঙ্গিত,
পুৰণিক ভাঙিবলে’
নতুনক গঢ়িবলে’
চমকে চমকে মই
ৰৈ যাম
কৈ যাম
নুমলীয়া গাটিৰ
তাণ্ডৱ ভঙ্গীত ৷
তাৰ পিছে তোৰ স’তে
পৃথিৱীৰ ফুলনিলে’
ফুৰিবলে’ যাম,
ভাগৰ লাগিলে আই
কোলালৈয়ে নিবি মোক
বুঢ়ী-আই পৃথিৱীৰে
উমলি-জামলি মই
নতুন দিনৰ ন-বৰগীত গাম,
বুঢ়ী-আইৰ জোলোঙাৰ
নতুন পুতলাবোৰ
আই তোৰ মোনাত সুমাম ৷
তাৰ পিছে নিশা হ’লে
টোপনি আহিলে মোৰ
নুকুৰ মাজত তই
সুমুৱাই লবি,
নিচুকাই নাম গাই
আকাশৰ ওপৰৰ
বেলিটোকে সিপাৰৰ
নেদেখা দেশৰ মোক
সাধুকথা কবি ৷
গাই থাকোঁতেই তই
নিচুকনি নাম,
আই মই, আই মই
টোপনি যাম ৷
নিতে নৱ প্ৰকাশৰ
সুন্দৰৰ জয়-যাত্ৰা
নিতে নৱ প্ৰকাশৰ
বিচিত্ৰ মেলা,
তোৰে-মোৰে জীৱনৰ
ইপাৰে-সিপাৰে কিনো
লুকাভাকু খেলা !
ভুৱনে ভুৱনে মই
বিকশাওঁ আলোক-প্ৰপঞ্চ,
হাঁহো কান্দো
নাচো গাওঁ
মুখৰিত কৰি দি
ত্ৰিভুবন-মঞ্চ ৷
তই সত্য অনাদি অনন্ত
বৃন্দ বৃন্দ কত
মদনমোহন যত
জিনি জিনি মহাৰূপৱন্ত ৷
হিয়াৰ মাজত মোৰ
শুনো কি নুশুনোকৈ
বাঁহীটি বজাই দিয় জান,
সেইহে বিচাৰি ফুৰো
বিচাৰোতে চিৰানন্দ,
তই কিৰণানন্দ
পৰমানন্দ
অমৃত ভাণ্ড কৰি দিয়া দান
বিশ্বজীৱন জ্যোতি-প্ৰাণ ৷
জীৱনে জীৱনে মাথোঁ
পাতোঁ মই অন্বেষণ-যাগ্ ,
বিচিত্ৰ প্ৰকাশৰ
সচিত্ৰ গানেৰে দিয়া
গোপনতে লৱ যজ্ঞভাগ ৷
আঁৰে আঁৰে হাঁহি
বজাৱ ব্ৰহ্ম-বাঁহী ৷
এটি ৰূপ
ভাঙি-ছিঙি
খণ্ড-বিখণ্ড কৰি
তোক চাওঁতেই
বিখণ্ডতে অখণ্ড ৰূপৰ তই
হাঁহি মাৰি লুকাৱ যে
পালোঁ পালোঁ বুলি ভাবোঁতেই…
নিত্য-অনিত্যৰ অনন্ত মেলা
মাথোঁ এটা লুকাভাকু খেলা ৷
মনোমন্দিৰৰ দুৱাৰৰ
শিলৰ শলখা
মাৰিবলে’ কৰি আনো
সপ্তভুৱন চিত্ৰলেখা
অযুত নিযুত ছবি তাই আঁকি যায়
তথাপিও তোৰ দেখা নাই ৷
গানৰ কণ্ঠ জুৰি
উঠে জ্বলি
বিবিধ বিতান
কত স্বপ্ন-গান,
মূৰ্চ্ছনা মূৰছি পৰে
গানেও যে গান গাই
ভাগৰি ভাগৰি অৱসান
ছন্দিতা ম্লান ৷
তথাপিও গান তোৰ
বীণত নপৰে ধৰা
তোৰ সুৰসপ্তক চৰা
নপৰে অ’ ধৰা ৷
শুনো মাথোঁ
নুবুজিও বুজি যাওঁ
ব্যৰ্থ-প্ৰয়াসেৰে বজাবলে’ চাওঁ
তোৰ গান গানৰো অতীত
হৃদয়-বীণত তাক তুলিব নোৱাৰোঁ অ’…
মাথোঁ মোক কৰিছে মোহিত ৷
অনাদি অনন্ত
মধু শ্ৰীমন্ত
সুৰ-সুৰধনী জিনি
তোৰ বাঁহী যিটি সুৰে বাজে,
সেই সুৰ ধৰি মই
বীণত বজাবলে’
অলিয়া-বলিয়া হৈ
ফুৰোঁ মাজে মাজে ৷
মাথোঁ শুনো
মাথোঁ শুনো
মুক মুগ্ধ ধ্যানাস্তৰত
সুৰ-লয়-তান ;
তাৰ স্বৰলিপি মোৰ
লিখিবলে’ স্বৰ নাই,
শব্দ নাই,
নাই মাত্ৰা, নাই লয়-মান
অদ্ভুত শ্ৰৱণ মহাগান ৷
জানো থাক বহু দূৰণিত
তেনেয়ে ওচৰতো
হৃদয়ৰ স্পন্দিত ধ্বনিত
য’ত আছে থাক তাতে
আপোনাৰ শ্ৰীৰে হৈ আপুনি মণ্ডিত ৷
তোৰ তীৰ্থ তোৰ ৰাকধানী
বিচাৰি বিচাৰি মই যাওঁ
কোনোবা জনমতে চিনাই দিছিলোঁ যে
সেই গুণে বাট চিনি পাওঁ ৷
বাটে বাটে, ঘাটে ঘাটে
কত কত নৱ দেশ
মনোময় অশেষ-বিশেষ
সৌন্দৰ্য্যৰ কত মহাদেশ
বিবিধ বেশৰ সমাবেশ ৷
কত বসুন্ধৰা
কত ৰূপে-বৰ্ণে-বন্ধে
ৰসে-গানে ভৰা,
দ্যুলোক-ভূলোক
নীহাৰিকালোক
পাৰ হৈ যাওঁ দিব্যলোক
আলোকৰো সিপাৰৰ
কোনোবা আলোক,
বাটে বাটে তোৰ গান গাওঁ,
হিয়াৰ মাজত মোৰ তোক জান পাওঁ
মই তোৰ তীৰ্থলে’ যাওঁ ৷
মোৰ এই পৃথিৱীত
তোৰ মাথোঁ এটি সুৰ নাচে,
পৰ্ব্বত-বননি জুৰি
ভৈয়ামে ভৈয়ামে উৰি
ঘাঁহ-বন, পাত-লতা
কত ফুল বাছে ৷
নয়নাভিৰাম নানা ঠাঁচে
অপৰূপ ৰূপৰ সাঁচে সাঁচে
বিভঙ্গ-অভঙ্গ
ত্ৰিভঙ্গ ভঙ্গিম ৰূপ
লেখ নাই
জোই নাই
সুৰূপ-কুৰূপ ৷
সাগৰে-বেলিয়ে মিলি
পাতে কিনো খেলিমেলি
ৰূপান্তৰেদি বয়
যুগান্তৰৰ নই
বেমেলিৰে ধেমালি
ধেমালিৰে বেমেলি
বেমেলিয়ে ধেমালিয়ে
পৃথিৱী দেৱতা বয়
নিতে নিতে নৱৰূপ মালী ৷
সোণ-ৰূপ-জুই
জ্বলিছে ডাৱৰ ছুই….
সোণ জ্বলে, ৰূপ জ্বলে,
সোণ-ধান জ্বলে
দেশ-মহাদেশ জ্বলে
নানা মণি-মৰকত মুকুতা ভস্ম
নৱসৃষ্টিৰ গৈ সিয়ে হয় অস্ম ৷
সেই ছাই-ভস্ম সানি
মানুহ ব’ৰাগীটোৱে
দিগম্বৰ হৈ ফুৰে তোৰ গান গাই
তই মাথোঁ হাঁহ চাই চাই ৷
নতুনৰো নতুনেৰে ঘূৰি ঘূৰি আহ তই
মানৱৰ জন
নৱ আলোকৰে পিন্ধি সুৰভিত অঞ্জন
মানুহ ব’ৰাগীটোৱে
ভস্মকে মুঠি মাৰি
ফুকে তোৰ নৱ সুৰ-মন্ত্ৰ
উঠে জ্বলি পৃথিৱীত আৰু এক নবীন
মানৱ নৱতন্ত্ৰ
গুম্গুমনিৰে চলে
মহাকাল যন্ত্ৰ ৷
আমীৰ ফকীৰ হৈ যায়
ফকীৰ আমীৰ হৈ
হীৰা-মণি-মুকুতাৰে
কাৰেং শুৱায়,
নটীয়ে কাচোন কাচি
সুৰ নিগৰাই নাচি
ৰূপৰ মাজেদি তোৰ
প্ৰকাশৰ বিকাশৰ বসন্ত গায়
তোৰে খেলা তয়ে থাক চাই ৷
তাৰ মাজে মাজে মই
তোকেই বিচাৰি ফুৰোঁ
নাপাই নাপাই ;
মোক অহা দেখিলেই
আকউ লুকাৱ তই
থকা যেন লাগিছিল
পিছে দেখোঁ তই তাত নাই ৷
নতুন দেশলে যাওঁ
গান গাই গাই
তোৰে গুণ ইনাই বিনাই,
তই লুকাবলে’ ভাল
পিন্ধি ললি জটাজাল
পাতি ললি
মায়া ছায়াবাজী-হাট
ক’লা বগা মেলা ;
মোৰে য’তে নবীন প্ৰপঞ্চ
মঞ্চে মঞ্চে
মাথোঁ তোৰ লুকাভাকু খেলা ৷
বজা, বজা, বজা বাঁহী
অসীম সুন্দৰ…
যাত্ৰা-বাটটো মোৰ
সুৰ-কল্লোলেৰে তোৰ
কৰি দে মুখৰ
জীৱনলে’ আহক বসন্ত
অৰূপৱন্ত তোৰ হাঁহিৰে শ্ৰীমন্ত ৷
কণ্ঠত জাগোক মোৰ
তোৰেই কলাপী,
গাম মই তোৰ গান
আলাপী-বিলাপী ;
জিভাত দিয়ক থিত
তোৰেই ভাৰতী,
জীৱনে জীৱনে গাম
তোৰেই আৰতি ৷
ওঁঠত বজাই দে
তোৰে ৰঙা হাঁহি,
তোৰ সুৰ-সুৱদীৰে
বজামে বাঁহী ৷
চকুত জ্বলক মোৰ
তোৰ দিব্যজ্যোতি ,
তাৰেই দেখিম মই
তোৰেই ছবিটি ৷
হাতত তুলি দে মোৰ
তোৰেই লেখনী
লিখি যাম ইন্দ্ৰধনু
নানা দিব্য বৰণৰ
উজ্বলিব অৰ্কমালা-মণি ৷
মিছা !
মিছা মোৰ গৰ্ব্ব-অহঙ্কাৰ
মিছা মোৰ কাব্যৰ সম্ভাৰ
মিছা মোৰ যত অলঙ্কাৰ
ব্যৰ্থ মোৰ কামনাৰ, বাসনাৰ
হেঁপাহ আশাৰ
শত শত ফল-ফুল
ষোড়শোপচাৰ ৷
মই ৰচা গানবোৰে
তোক মাথোঁ ব্যঙ্গ কৰে
মোৰ বৰ্ণনাই মাথোঁ
তোক কৰা ম্লান
তই যে মহান ৷
মোৰ সুৰে
মাথোঁ দূৰে দূৰে
ভয়-ভীত সঙ্কুচিত ভৃত্য সম ঘূৰে,
তোৰ ই বিৰাট ৰূপ
সমস্তে নেদেখি মাথোঁ
বলিয়াবতিয়া বকি ফুৰে ৷
তোৰ পদৰেণু এটা
পায় কি নাপায় সি
তোক পোৱা বুলি কৈ মিছা দম্ভ কৰে ,
মোৰ গীত-ছন্দ
সুৰ মনোহৰ মকবন্দ
যত কাব্য-কাৰিকৰী
সুচিত্ৰ বিচিত্ৰ যত
জগ-জন মনোহাৰী,
ঝঙ্কৃত পদবন্ধ
সকলোৱে অন্ধ
উমানে উমানে গায় গান
তোৰ দেখা নাই ৷
মোৰ যত
সংশ্লেষণ, বিশ্লেষণ
গঢ়ন-পিতন
খনিকৰী, স্থপতিৰ মন্থন-গ্ৰন্থন,
একোৱে নোখোলে তোৰ মহা অৱগুণ্ঠন ৷
মোৰ যত সাহিত্য-বিজ্ঞান
তোৰ মাথোঁ কৰে অপমান ৷
মোৰ তনু-মন ধন-জন
আজি তোতে কৰিলোঁ সমৰ্পন
তই মোৰ পূজাৰ অতীত,
নিজেই নিদিলে ধৰা
কিহেৰে ধৰিম তোক
নিজে আহি নিজে
মোতে তই
দে আজি থিত্ ৷
আজি যে মই নাই
নাই আৰু মই,
ময়েই যে তই হলোঁ
তই হলোঁ মই ৷
ৰূপৰ যমুনা মই
তই বৱ অপৰূপ গঙ্গা
অনন্ত অঙ্গা
মিলি দুয়ো যাওঁ বৈ বৈ ৷
ৰূপ অৰূপৰ আজি
হৈ যাওক সঙ্গম
ভুৱন মুগ্ধ হওক
মুগ্ধ হওক যত জীৱ-জঙ্গম ৷
জগতৰ যত তীৰ্থগামী
সুন্দৰকামী
তোতে মোতে অৱগাহি
কৰি যাওক পূণ্য-সঞ্চয়
বন্দনা-স্তুতি গ’ক জয় ৰূপ-অৰূপৰ জয় ৷
আজি কিনো মহানন্দ
আজি মোৰ
অভিনৱ, দুলড়ী লেচাৰী কত ছন্দ
গীত-সুৰ লয়-মান মাত্ৰা
সাৰ্থক সুন্দৰ যাত্ৰা ৷
নৱবিপ্লৱী কবি জাগে
প্ৰথম উচ্ছ্বাস :
নৱজীৱনৰ অৰুণ অগ্নিস্নাত
নৱবিপ্লৱী কবি জাগে
আলোক আশিস মাগে
আগ্বেয়গিৰি সম—-
ভোহাৰি-বিদাৰি-ভাঙি-বিস্ফোৰি পৃথিৱীৰ গৰ্ভ
জাগে বিদ্ৰোহী কবি উদ্গৰি অগণিত
অগ্নি-স্ফুলিঙ্গ ৷
আকাশ-পৱন জুৰি জুই-ধোঁৱা ধূলি-বালি
সিঁচৰি বিচৰি
দিয়ে জ্বলন্ত অঙ্গ,
বিচ্ছ্বৰি দিশে দিশে
আকাশে আকাশে—
তাৰ শিখা উল্লাস
তাৰ প্ৰিয় দহন-বিলাস ৷
অনাগত পৃথিৱীৰ জীৱনৰ জননীৰূপা
যি মহাপঙ্কই
হিয়াভগা কান্দোনৰে
আউলী-বাউলী হৈ
প্ৰকাশৰ বাবে উদ্বাউলী,
সেই মহাপঙ্কৰ পিয়াহৰ জুই শুহি
কালৰ জলধি ভেদি
অনল কলম সম কৰি উঠি হাঁহি ফুলি
পাহিয়ে পাহিয়ে লিখা সোণজুই-পানীৰে
বিপ্লৱী কবিতাৱলী ৷
শতাব্দী শতাব্দী ধৰি পাৰস্যবাদী
সভ্যতাৰ—
গছকত
খছকত
জহি খহি গৈ,
নিৰাশাৰ পঙ্কত
অনশনত
মৌন মূঁছ-কঁছ হৈ,
সন্ত্ৰাসিত যি জনতা যুগে যুগে
দুখ-বেদনাৰে ভৰা
কাঁইটীয়া
সঙ্কোচৰ লাজুকী বনতে আছে ক্ষীণ
প্ৰাণে শুই ;
তাৰ
ইকৰা পাতেৰে সজা ভগাছিগা
গোঁসাই-ঘৰত
মাটিৰ থাপনাতে
জ্বল মোৰ ফিৰিঙতি
হৈ সোণ-জুই—
তাৰ
তেল নথকা চাকিত
তয়েই শলিতা হৈ জ্বলি থাক, জ্বলি থাক
অনিৰ্ব্বাপিত ৷
অশ্ৰুত অগীত যি ব্যক্তিৰ দুখিতৰ গানে
আলোকৰ ধ্বনি শুনি
প্ৰকাশ বিচাৰি ফুৰি
গুমৰি গুমৰি বুকু ধুনে—
আশাৰ যি অৰচিত ৰাগে
সুৰচিত হুৰত সঞ্চাৰ মাগে,
মুক্তি, মুক্তি বুলি আশাত কৰিছে ঘনে
ৰোহত কামুৰি ওঁঠ
নিচুক নহওঁ বুলি
উচুপি উঠিছে মনে মনে ;
অযোজিত ছন্দই
অনাহক তালে
নৱহিল্লোলে
আনন্দ কম্পনে
উন্মাদ আলোড়নে
ভূমিকম্প আনে
ক্ষণে ক্ষণে
দুৰ্দ্দম গান-সুৰ
অদম্য ছন্দ
অপ্ৰকাশ বেদনাৰে মহাবিক্ষুব্ধ,
মোৰ কণ্ঠ বৃক্ষ ফালি আজি অনিৰুদ্ধ
আজি মহাজাগৰণ প্ৰয়াসী
পূৰ্ণপ্ৰকাশ অভিলাসী ৷
আপোন গানেৰে মই আপুনি মতলীয়া
আপোনাৰ সুৰত বলিআয়
আপুনিয়ে গাঁথি যোৱা ছন্দে-বিছন্দে
জুই-দেওধাই উঠি খলকিছোঁ বিশ্ব মহানন্দে ৷
সুৰত ঝলসিছে বিজুলিৰ দ্যুতি
গানে গানে উন্মেষে প্ৰতিভাৰ জ্যোতি
পাৰ ভাঙো ভাঙো কৰি
সীমান্ত উছলি
হ’ব খোজে কক্ষচ্যুতি ৷
মই অদভূত ছান্দিক
বিচিত্ৰ মাত্ৰিক
ময়ে মহামানৱৰ নৱতম যজ্ঞৰ নৱাগত
অগ্নিহোত্ৰী
কেন্দ্ৰীভূত য’ত
সমাগত
অলিখিত
গানৰ দীপনেৰে সুৰৰ জ্বলনেৰে
সুন্দৰ স্ফুটনেৰে ভাব পীড়নেৰে দু:খৰ দহনেৰে
দহি দহি জ্বলি পুৰি
জ্বালামুখী কবি মই অশ্ৰুত কীৰ্ত্তি ৷
দ্বিতীয় উচ্ছ্বাস :
নৱবিপ্লৱী কবি জাগে
আগ্নেয়গিৰি সম
আপোনাৰ জ্যোতিৰেই আপুনি উদ্ভাসে
আপোনাৰে বুকু ফালি
দিয়ে ঢালি
কবিতাৰ বান—
ছন্দ-বৰ্ণ-সুৰ-লয়-তান
গান
তপত তেজৰ দৰে বৈ যায়
লগে লগে লৈ যায়
ফুটন্ত প্ৰাণ
সঞ্জীৱনৰ অভিযান ৷
পৃথিৱীৰ গৰ্ভত
গলিত সোণৰ আছে তপ্ত সাগৰ,
তাতে জহিখহি গৈ উতলি
উতলি আছে
অতীতৰ সভ্যতাৰ
কনক নগৰ ;
হীৰা-মণি-মুকুতাও
গলি পমি আছে তাতে
আছে কীৰ্ত্তি মাৰ যোৱা
যত দানৱৰ
যক্ষৰ, ৰক্ষৰ,
দেৱতা, অসুৰৰ
আৰু
মানৱৰ ;
কত ভাব, কত ভাষা
আশা-নিৰাশা
কলিতে মৰহি যোৱা নুফুলা পাহি,
অকালতে চকু মুদা অকুমাৰী
ৰূপহীৰ নুফুটা হাঁহি,
মেল খোৱা মনীষাৰ প্ৰতীভাৰ
বাজোঁ কি নাবাজোঁতে
নহাকৈয়ে উভতিলে
কিবাৰ অভিমানেৰে
সি সুৰ বাণী
সাজোঁতেই ভাগি যোৱা যতবোৰ
প্ৰথিৱীৰ নবজোৱা বাঁহী ;
হাঁহিবলে’, মাতিবলে’, ফুলিবলে’, নাচিবলে’
নৱ নৱ ভঙ্গে ধেমালি খেলিবলে’
বিকাশত প্ৰকাশিবলে’
আলোকৰ চুম্বন
স্পৰ্শন মাগি
সৃষ্টিৰ পুলকত অবগাহি ;
আলোকৰ বিৰহত
আধাফুটা সৃষ্টিয়ে
কান্দি শুই আছিলে যি মাটিৰ বুকত
জীৱনৰ অধিকাৰ
বিচাৰে আহি ৷
লক্ষ বাতিৰে জ্বলা সভ্যতাৰ গছাৰ তলত
ছাঁৰ আন্ধাৰত
যি প্ৰাণীয়ে তেল আৰু
শলিতা যোগায়
এদিনলে’ প্ৰদীপৰ পোহৰ নাপায়,
গছাৰ তলৰ সেই শিল-ধূলি-
বালিতেই
জীৱনৰ বিননি বিনায়
জীৱনৰ প্ৰকাশ নাপায়
উপজি পচি মৰি যায়,
জেকা কেলুকীয়া তাৰ
শেলুকীয়া বোকাতেই
জহি পচি যায়
ৰ’দৰ নেদেখা মুখ অৰণ্য-গৰ্ভৰ
ওখ বন-বিটপীৰ
ঢাক খাই
উশাহ নাপায়
মৰি যোৱা উদ্ভিদপ্ৰায় ৷
মোৰ কবিতাই
সিহঁতৰ কান্দোনৰ ৰোল শুনি
তালৈকে যায়,
বিভৎস সি দিঠকত
ছন্দ হেৰুৱাই,
থোকাথুকিকৈ
বেদনাৰ পীড়নত
বেসুৰীয়া সুৰত
ইনাই বিনায় ৷
বিকৃত ছন্দত
বিকৃত জীৱনৰ
জ্বলিছে স্বৰূপ
মহত্ত্বাভিমানীক কৰি বিদ্ৰূপ ৷
ফুলৰাণী কবিতাই
ফুল-মালা ছিঙি-ভাঙি
সোণ-হীৰা-কেৰুমণি
দলিয়াই—
হ’গৈ আতুৰা সেৱিকা,
লীলায়িত ছন্দ এৰি থৈ গঢ়ি ল’লে
নৱতম ছন্দ বাস্তাৱিকা ৷
সেই মন্বন্তৰৰ যত
সঞ্চিত অপূৰণ প্ৰকাশৰ আশা
অতৃপ্ত কামনাই
অলব্ধ কামনাই
অশ্ৰুসীমিত বেদনাই সমাধান
বিচাৰিছে
নিষ্পেষিতৰ আজি মহাসমস্যাই
প্ৰচণ্ড বজ্ৰ হানি বিচাৰিছে ভাষা
সেইহে জাগিছে যত
মোৰ কণ্ঠ উচ্ছলি—
আগ্নেয়গিৰি গৰ্ভ সমুত্থিত
লেলিহান শিখা সমান ৷
আজি মোৰ গন্ধকগন্ধা আগ্ন্যুৎপাৎ
পৃথিৱীৰ উৎকট অবিচাৰ
বীভৎস অন্যায়
ধুই লৈ যাওক সেই বহ্নি-বন্যাই,
তলাতল, দ্বিতল
সপ্তবিংশতল
পাৰস্যবাদীৰ
অন্দৰমহল
ইঙ্গিততে হোক ভস্মসাৎ ৷
শৃঙ্খলিত যত
মানৱীয় অধিকা হৃত
আলোকৰ পৰা বঞ্চিত
জীৱনৰ মন্থনত উঠা অমৃতৰ
গোন্ধতো নাপায়
কেৱল বিষকে খায়,
বিষাক্ত ৰাগীতে জৰ্জ্জৰিত
সেই কণ্ঠ ৰুদ্ধ য’ত
ভাৰবাহী জনতাৰ ;
বৃত্ৰাসুৰীয় সভ্যতাৰ
নিষ্ঠুৰ আঘাতত
মূৰ্চ্ছা হৈ পৰি থকা
হৃদয়ৰ দেৱতাই
ইন্দ্ৰই—
আজি জন-দধীচিৰ অস্থি-বজ্ৰ লৈ
সঞ্জীৱিত হৈ
জিনি জয় মহত্বৰ
অসুৰক কৰক নিপাত
দানৱীয় অধিকাৰ কৰি উৎখাৎ ৷
নতুন বেলিয়ে আজি
নতুন পোহৰ দি
উজ্বলায় নৱধৰিত্ৰী,
নৱ জনজীৱনৰ
জাগিছে নবীন বেদ
ঝঙ্কৃত দেশে দেশে নতুন গায়ত্ৰী
নতুন সুৰৰে গা নৱনিৰ্ম্মিত সাম-গান ৷
তৃতীয় উচ্ছ্বাস :
নৱবিপ্লৱী কবি জাগে
বাস্তৱ সত্য চাবলৈ
গাবলৈ অভিনৱ দৃষ্টি মাগে,
আগ্নেয়গিৰি সম
উদ্ভটি, উদ্গাৰি আন্ধাৰত কান্দি থকা
দলিতৰ, শোষিতৰ কাহিনী—
তিতিক্ষাচ্যুত হৈ আহে যত
উগ্ৰ বুভুক্ষাত জ্বলিপুৰি ডেই যোৱা
জীয়াতে মৰি থাকি
প্ৰেত হোৱা কাহিনী ৷
সিহঁতৰ ক্ষত-বিক্ষত যত অঙ্গৰ
বৈ আহে ৰক্ত-নিঝৰ্ৰ,
আচম্বিতে মোৰ
কবিতাৰ ফুলনিলে’
সেই তপ্ত তেজত তিয়াই,
মোৰ এই লেখনীৰে
লিখি যাওঁ ৰক্তলেখা—
তাতে ঢৌ খেলি যায়—
আজি নৱ-প্ৰভাতৰ জ্যোতি-শিখা ৷
ফুলিবলে’ পোৱা হ’লে !
(মৰমৰ ভাই অৰুণৰ মৃত্যুত)
(১)
সংসাৰৰ বিচিত্ৰ মহিমা
কেনেকৈনো বুজোঁ বাৰু !
মৰমৰ ভাই তোক সিদিনাহে দেখা,
পুনু কাহানিকে’ তোক লগ পাম বুলি
নৌ ভাবোঁতেই
দুয়োৰে মাজতে আঁকি দিলে বিধাতাই
নেপাবলৈ দেখা তোৰ মৰমৰ মুখখনি
নিদাৰুণ হিয়াভগা মৰণৰ ঘোৰ ক’লা ৰেখা,
এই জীৱনত আৰু ক’ত পাম দেখা !!
জীৱনত মাধুৰী বিলাই
অন্তৰত মৰম সুমাই
গঢ়িছিল সুশোভন ভ্ৰাতৃ-প্ৰণয় মন্দিৰ
স্নেহৰ মহীৰে তাত অলঙ্কাৰ লিখা
গুচি গ’ল কিয় বাৰু ?
দিগন্তৰ পোহৰৰ স’তে মিলিবলে’
ৰাখি ই কৰুণ স্মৃতি,
আৰু মাথোঁ অৰুণ নামটি তোৰ
অন্তৰত মোৰ,
উজ্জ্বল দীপিতিমান
মৰম ভাষাৰে পূৰ
শুভ্ৰ পুণ্যলিখা
ভাই তোক সিদিনাহে দেখা
হলি মোৰ ! বিধাতাৰ কিনো ভাগ্যলিখা ৷
প্ৰাণত জ্বলিছে বন্ধু ! অসহনি ব্যথা মোৰ
সহোঁ কেনেকৈ মই, সহোঁ কেনেকৈ ?
চকুত উপচি মোৰ পৰিছে শতধা লো
ৰাখোঁ কেনেকৈ মই, ৰাখোঁ কেনেকৈ ?
মনত গুমৰি মোৰ উঠিছে কৰুণ স্মৃতি
হিয়াত কৰিছে শোকে তাণ্ডৱ নৰ্ত্তন,
তোৰ ছবিয়ে মোৰ কল্পনা কৰিছে ৰুদ্ধ
ধুঁৱলি-কুঁৱলি দেখোঁ গোটেই ভুৱন ৷
মনে মনে থাকিলে উচুপি
শোকেই গ’লে ডেইপুৰি
তোক আৰু নাপাওঁ ঘূৰাই,
এই কথাকে মই নুবুজোঁ দেখোন ঐ
কোনে বাৰু দিবনো বুজাই ?
দেখিছনে তই বাৰু কেনেকৈ মই
বহি আছোঁ উৰুঙা হিয়াৰে
আমন-জিমনকৈ লগৰীয়া হেৰুৱাই,
ফুৰিছনে তই বাৰু কাষে কাষে মোৰ
বতাহৰ মাজে মাজে লুকাই লুকাই ?
হে চিৰ নীৰৱ প্ৰিয় !
হে চিৰ মৌন বন্ধু !
হে চিৰকুমাৰ
চিৰঅভিমানী মোৰ
মৰমৰ ভাই !
এদিন আছিলোঁ আমি
থাকিম অ’ চিৰদিনলৈ
গঁথা দুয়ো হিয়াই হিয়াই
অ’ মোৰ সোণামুৱা ভাই ৷
প্ৰণয়-অঙ্কুৰ কলি অন্তৰত মোৰ
ফুলিছে দুকুল ভৰি
স্মৃতিৰ সৌৰভপূৰ্ণ ফুল বিতোপন,
দিনৰ দিনটো মই ৰেণুৰ সৌৰভ সানো
গোটেই অঙ্গতে মোৰ
মোৰ জীৱনত তোৰ স্মৃতি সুশোভন !
প্ৰাণে মাথোঁ কান্দি উঠে আকুলি-বিকুলিকৈ
সোণ মোৰ কেতিয়ানো দিবি দৰিশন ;
স্মৃতিৰ সুৰভিবোৰে অন্তৰ দেশত
বিয়পি ফুৰিছে অই অলেখ যোজন ৷
কি স্নিগ্ধ কৰুণাভৰা অশ্ৰুমালা
কৰিছে সৃজন,
উত্তপ্ত প্ৰাণত মোৰ বৰষিছে কাৰুণ্যৰ
শান্তিয়নী পানী
বৰষিব গোটেই জীৱন ,
জোন- বেলি থাকে মানে
নিছিগক
তোৰে মোৰে মধুৰ বন্ধন ৷
কিয় সানি দিলি বন্ধু !
জীৱনত কৰুণতা
কিয় জ্বালি গ’লি বাৰু নীলা জুইকুৰা !
কি মধুৰ দহন বন্ধু কৰি গলি দান ,
ভাল পাওঁ বুলিয়েনো দিলি তই এনে ব্যথা
তোৰ ইনো কেনে অভিমান !!
কোন দিনা কোন জনমত
কোন দিনা কোন ভুৱনত
কোন দিনা দিবি মোক দেখা …
চিৰনীৰৱ কণ্ঠৰ তোৰ
নীৰৱতা ভাঙি বাৰু
কোন দিনা পাতিবিনো কথা ?
গুচাবি কাহানি বাৰু হিয়াত গুমৰি থকা
অসহনি ব্যথা ….
কোন কাহানিনো কবি কথা !
কালৰ সোঁতত উটি
সাগৰ-বননি পাৰ হৈ
সুদূৰ প্ৰবাসী মই
দূৰ প্ৰবাসত আহি পাতিলোঁ থানিকা ,
কেনেকৈনো পাহৰিম
তোৰ সি চকুলোধাৰি
দুগালেদি বোৱা
অ’ সোণামুৱা !
সেই দিনা বিদায়ৰ দিনা ,
সেই দিনা সন্ধিয়া বেলিকা ৷
হে প্ৰিয় ! আজি তই কোন আলোকত ,
জ্যোতিৰ্ম্ময় সবিতাৰ
বিশ্ব ঢৌৱাই নিয়া
কিৰণৰ ঢৌৱে ঢৌৱে
নৃত্য তই কৰিছনে বাৰু হৰষত ?
সূৰুযৰ সতে তই আহ নেকি
দিনৌ দিনৌ ,
চাবলৈ পুৰণি পৃথিৱীখনি
পিবলৈ কৰুণাৰ মউ
আহ নেকি দিনৌ দিনৌ ?
সৌৱা নীলা সাগৰৰ বহল বুকত
বেলিৰ পোহৰে আহি
কৰিছে ধেমালি ,
সৌৱা প্ৰৱালৰ দ্বীপে সাগৰত
পাতে দীপাৱলী ,
সাগৰতলিত সেই জিলিকিছে
মুকুতাৰ মণি ,
দীপ্তিৰ পোহৰ মেলি
মাণিকৰ তাতে খেলিমেলি
আহিছনে চাবলৈ তাৰে ধেমালি ?
(২)
ফুল মাজত তই নিজকে আৱৰি
নন্দনৰ পাৰিজাত গোট গাৱে আঁৰি ,
দেৱতা বিহৰা বন তোৰে ঘৰ-বাৰী
ভাও তই দিছ নেকি হই বনমালী ,
লগৰীয়া হ’ল তোৰ দেৱতাৰ
ল’ৰা-ছোৱালী ৷
যা বন্ধু ! পূৰ্ণ হোক ইচ্ছা তোৰ
গুচক পিয়াহ ঘোৰ ৷
মোৰ সপোনৰ কথা
তোলে’ হ’ল মুকলি দিঠক ,
মই কিন্তু ভ্ৰমি ভ্ৰমি দেশ-দেশান্তৰ
অচিনাকি মানুহৰ কাণে কাণে ক’ম ,
আহিলহেঁতেন সি সৰু ভাই মোৰ
চাবলৈ তহঁতক
তই অভিমান কৰি এৰি যোৱা জগতক ৷
পাহৰিব নোৱাৰোঁ অঁ তোক
তয়ো যেন নেপাহৰ মোক
মনত পেলাই তোৰ
মৰতৰ মৰম সাচোঁতাটিক ৷
সপোনত কৰিহি অ’
মৰমৰ কথা
পাহৰাই শোক ,
য’তেই বিহৰ তই
আহিবি মাজে মাজে তই
মুহূৰ্ত্তলৈ এৰি দিব্যলোক ৷
চাই ফুৰোঁতেই তই
বিশ্বব্ৰহ্মাণ্ডৰ
গ্ৰহে গ্ৰহে তৰাই তৰাই ,
আনিবি অ’ কাকতৰ টোপোলাটি
ভৰাই ভৰাই ,
নানান নৱীন বিৱৰণ
শুনি শুনি হ’ম মই তেনেই বিভোল ৷
আৰু তই আনিবি অ’ তোৰ
টোকাৰীৰ তাঁৰত সুমাই
অভিনৱ বিচিত্ৰ দেৱাসুৰৰ কল্লোল ,
বোৱাবিহি প্ৰাণত এদিন
সেই চিৰশ্ৰুতি-মনোহৰ
ফটিকৰ শুভ্ৰ সঙ্গীতৰ জোল ৷
কল্পনাতে মাথোঁ মই শুনিব
পাৰিছোঁ অ’
সেই মহাসঙ্গীতৰ ৰোল !
আছিল সি পদুমৰ কলি,
সেউজীয়া বনৰ মাজৰ
দূৰ-সলিলত
ক’ৰবাত সুৰভি দিবলে’
ক’ৰবাত ফুলিবলে’
ক’ৰবাত হাঁহিবলে’ গুচি গ’লগৈ ৷
আধাফুটা হাঁহিৰে সি
কৈছিল মিচিকি কিচিকি
সময় আহিলে মই ফুলিম আপুনি
সুৰভি বিলাই যাম মাততে মই ৷
কোনোবা স্বৰ্গৰ দেৱীৰ
বুকুৰ মালাৰে সিবা
চিৰ-আমৰণ কোনো বিতোপন ফুল
নাই তাৰ তুল ,
দেৱী আহি পৃথিৱীলে’ চাওঁতেই
ছাঁয়াবাজী
কোনোবা সৰি যোৱা ফুল ৷
সেইহে হবলা মনত পৰোঁতে পুনু
হঠাতে এদিন আহি
নৌ ফুলোঁতেই ,
য’ৰ বস্তু ত’লে বুলি
আলফুলকৈ লৈ গ’লগৈ ,
ফুলিবলে’ পোৱা হ’লে
বোৱালেহেঁতেন সি
সুৰভিৰ নৈ ৷ *
[* “ ৺ অৰুণকুমাৰ আগৰৱালা কবিৰ বৰদেউতাক, ‘প্ৰতিমা’ৰ খনিকৰ চন্দ্ৰকুমাৰ মাজুপুতেক ৷ এওঁ অকালতে আত্মঘাতী হৈ জীৱন-লীলা সামৰে ৷ জ্যোতিপ্ৰসাদ ৰচিত ‘চন্দ্ৰকুমাৰ’ গ্ৰন্থ দ্ৰষ্টব্য ৷” ]
বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
ছবি অঁকা শিল্পী নহওঁ মই
যদিও আকোঁ ছবি
গান-কবিতাৰ শিল্পী নহওঁ
যদিও ময়েই কবি ৷
কলাৰ মাজত যদিও প্ৰকাশ মোৰ
জীৱন-কলাক ধুনীয়া কৰি
মানুহকেই মানুহ কৰি
থৈ যাবলৈ
বাস্তৱৰেই কেন্দ্ৰস্থলীত
লৈছোঁ স্থিতি
যুঁজিবলৈ দুষ্কৃতিক দুৰ্ঘোৰ ।
শিল্পীৰ মই পালো যে নতুন অৰ্থ,
মানুহৰ মহাসত্য
মানুহ শিল্প, মানুহ কেন্দ্ৰী
মানুহেই নিত্যাতীত,
মানুহৰ মই ন-ৰূপ দিম,
পৃথিৱীখনকো পুনৰ গঢ়িম
মোৰ ই দৃষ্টিৰ, নতুন সৃষ্টি
অৱশ্যে অব্যৰ্থ,
আজি জীৱনৰ অগ্নিক্ষণত
স্বাগত সতী্থ ৷
বিদ্ৰোহী কবি প্ৰসন্নলাল
হেৰা বন্ধু !
হে প্ৰিয় নবীন !
লোৱা তুলি
তুলি লোৱা
বিদ্ৰোহ বহ্নিদগ্ধ
হৃদয়ৰ মহা অগ্নিবীণ
হেৰা বন্ধু বিপ্লৱী প্ৰবীণ !
তুমি সুনিপুণ
গোৱা গুণগুণ
দীপক ৰাগিণী,
ডেইপুৰি লৈ যাওক
অসমৰ আকাশ অৱনী
নবীনৰ তন্দ্ৰাতুৰ
অলস বননি ৷
কবিতাৰ প্ৰণয়-ফুলনি
মুক্ত কৰা বিপ্লৱ ধ্বনি
বজোৱা, বজোৱা অগ্নিবীণ
হেৰা বিদ্ৰোহী নবীণ !
গোৱা মহাতপস্যাৰ
তেজোদীপ্ত গান,
বিলাসৰ সপোনৰ
জোনাকী কাৰেং য’ত
চূৰ্ণ কৰি কৰা থানবান,
গোৱা বন্ধু প্ৰলয়ৰ গান
মুক্ত কৰা প্ৰচণ্ড ঊৰ্ম্মি সম সুৰ অভিমান ৷
যদি বন্ধু ! নোগোৱাহে গান
যদি বন্ধু কৰা অভিমান
নিৰ্জীৱ দেশৰ মোৰ
কেনেকৈ হ’ব পৰিত্ৰাণ ?
বিশ্বশিল্পী
শিল্পী মই তিনিও কালৰ
অতীতৰ
বৰ্ত্তমানৰ
অনাগত ভৱিষ্যৰ ৷
আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ,
ধ্বংসৰ মাজেদি মই
ৰূপান্তৰেদি ৰূপ পাই
নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ ৷
জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ
মই পিন্ধো বিশ্ববেশ
নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ ৷
নানা ভাষা
নানা আশা
নানা জাতি-বৰ্ণ জিনি
মই শুনো ৰিণি ৰিণি
বিশ্ব-জনতাৰ এক অপূৰ্ব্ব সঙ্গীত ৷
সেই সঙ্গীতৰ প্ৰতিধ্বনি
তোলোঁ মোৰ
গানে সুৰ
সাম্যৰ
সমৃদ্ধিৰ
সৌন্দয্যৰ্ৰ
মহামহত্ত্বৰ
পাতিবলে’ শান্তিৰ নৱলোক
এই পৃথিৱীত
মোৰ কল্পনা-মেধা, বুদ্ধি-মনীষাৰে
মোকে কৰি সংস্কৃতিৰ অপূৰ্ব্ব আধাৰ
মোকে শলিতা কৰি জ্বলাওঁ
বিশ্ব-চাকি
বিশ্ব-জনতা পূজাৰ;
সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি
মই মোকে দিওঁ উপহাৰ
মোকে কৰি ষোড়শোপচাৰ ৷
বিশ্ব জুৰি জনতাৰ জয়জয়কাৰ
হওক জয়-জয়কাৰ ৷
মই অক্লেদ্য মই অচ্ছেদ্য
[জয়মতীৰ আত্মাৰ উক্তি]
মই অক্লেদ্য
মই অচ্ছেদ্য
মই অদাহ্য
চানেকিৰো চানেকি মহাচানেকি মই
দিঠকৰ সত্য,
মহামানৱৰ ময়ে আদৰ্শ সনাতন
কাললৈ নুমাই জ্বলোঁ চিৰকাল মই চিৰনিত্য
ময়ে মহাসত্য ৷
জগাবলে’ নিষ্পেষিত
দলিত ধৰিত্ৰী,
প্ৰতিৰোধ কৰিবলে’
পাশৱীয় শকতিৰ উন্মত্ত বিলাস,
অমোঘ শকতি লৈ
আঁচলত মোৰ
জাগোঁ অহোৰাত্ৰী ৷
জাগ আজি পৃথিৱীৰ
নিষ্পেষিত ধৰ্ষিত
দলিত স্খলিত যত
হতবীৰ্য্য নিৰাশ মানৱ !
দিবলৈ তহঁতক শকতিৰ অগ্নিবাণ
পিন্ধাবলে’ বিজয়ী তিলক,
পাৰে পাৰে জ্বলি আছোঁ জয়সাগৰৰ
দিগন্ত পোহৰ কৰি
অনিৰ্ব্বাপিত মই প্ৰদীপ্ত আহৱ
ব্যৰ্থ কৰি জেৰেঙাৰ শত অত্যাচাৰ
ৰোধি-গচকি মই আসুৰীয় শকতিৰ
শত অবিচাৰ
ভেদিলোঁ ছলনা পাশৱিক ক্ৰুৰতাৰ ৷
পণ্ড কৰি অভিযান
অন্ধ ক্ষমতাৰ
জয়সাগৰৰ পাৰে পাৰে
ফুৰোঁ মই পূৰ্ণিমাই পূৰ্ণিমাই
থাকি উজাগৰে ৷
দেখিছনে অসমীয়া
দেখিছনে ভাৰতৰ দলিত মানৱে
দেখিছনে পৃথিৱীৰ
দেশ-বিদেশৰ
শক্তিহীন আৰ্ত্ত সবে ?
আছোঁ মই আজিও জীয়াই
অজেয় আতমা লৈ
মৃত্যুহীনা মই
কলিৰ প্ৰদীপ হৈ
অসমৰ কোলা শুৱাই ;
চালে দেখিবি মোক জয়সাগৰত
পূৰ্ণিমাৰ নিশাই নিশাই ৷
ব্যৰ্থ কৰিলে যত পশু-শকতিৰ
নিৰ্ম্মম অপঘাত
আসুৰীয় সভ্যতাক প্ৰতিৰোধ কৰিবলে’
জগাবলে’ অব্যৰ্থ সংঘাত,
উদ্বোধিত কৰিবলে’ আত্মাৰ শক্তিৰ
অসুৰবিনাশী বজ্ৰপাত ৷
অমোঘ মন্ত্ৰৰ ময়ে মন্ত্ৰদাত্ৰী
দধীচি-ত্যাগৰ কৰি পুনৰাভিনয়
জেৰেঙাত অস্থি দিলোঁ
ৰচিবলে’ নবীন ধৰিত্ৰী ৷
মহামানৱৰ
দৈৱী বিজয়ৰ
আলোক-বন্তি ময়ে
ময়ে জয়মতী,
কালাগ্নি জিনি মই
জ্বলোঁ জয়সাগৰত
শকতি-যজ্ঞ সম
কেতিয়াও নুনুমায় প্ৰেৰণাৰ বাঁতি
নৱালোক দূতী ৷
উদ্বোধিত যত
দৈৱী মানৱৰ
অভ্ৰান্ত ভাগ্যৰ
ময়ে বাট দেখূৱাওঁ
ময়ে মহাসতী
মই পুণ্যৱতী,
ধ্ৰুবতাৰকা সম জ্বলন্ত জ্যোতি ৷
মই ইয়াৰে সাধক
– সাধক –
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক
সৰল শিশুৰ প্ৰাণ,
প্ৰভু মোক কৰা দান
গুচাই পাপক
কপটতা কৰা দূৰ
হিংসা-দ্বেষ কৰা চুৰ
অন্তৰ পবিত্ৰ কৰা সৰলতা
শিকোৱা বিশ্বক
মই ইয়াৰে সাধক,
প্ৰভু ! মই ইয়াৰে সাধক ;
নিস্বাৰ্থ প্ৰেমিক দান
মিনতি তোমাক,
হৃদয়ৰ যিমান মোৰ
স্বাৰ্থতে অন্ধলা ঘোৰ
আঁতৰাই পাৰোঁ যেন সাৱটিব
সুন্দৰ বিশ্বক
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক ৷
ধৰি কৰ্ম্মৰ কঠোৰ ব্ৰত
উপেক্ষি বিঘিনি শত
(যেন) বিচাৰোঁ লক্ষ্যক,
ত্যাগৰ অগ্নিত পুৰি
সাধনাৰ বনলতি ধৰি
সম্বোধিব পাৰোঁ যেন
কৰ্ম্মী জগতক
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক ৷
সত্যত আশ্ৰয় থাপি
গোটেই জীৱন ব্যাপি
বিশ্বৰ সেৱক
দয়া ক্ষমা ভক্তি লৈ
বিশ্বাসী পবিত্ৰ হই
হওঁ যেন প্ৰভু মই
নিষ্কামী সাধক
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক ৷
আৰু এটি মাথোঁ মোক
গুচিব পিয়াহ-ভোক
তোমাৰেযে দান,
মহা মহা পুৰুষৰ
ই যে শ্ৰেষ্ঠ জীৱনৰ
দিয়া সেই মনুষ্যত্ব
শ্ৰেষ্ঠ উপাদান,
হৃদয়ৰ পদ্ম ধৰো
অশেষ ভক্তি কৰোঁ
বিশ্বৰ স্ৰজক ৷
শোক-তাপ, পাপ এৰি
হিংসা-দ্বেষ পৰিহৰি
সকলো মানৱ আজি,
একেটি সুৰতে বাজি
মৰমৰ পৃথিৱীতে
স্বৰগ থাপক
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক ৷
মনমা
গাড়ী-ঘোঁৰা-লৰি-মটৰ
দেখি কি মাতে তাই
ডাৱৰ মাতে, তৰা মাতে
ৰাতিপুৱাৰ কুঁৱলীকো
আকাশী জোনবাই ৷
বেলিও মাতে
ৰ’দে মাতে
মাতে বৰষুণ
ৰামধেনুখন দেখিয়ে মাতেই
কোনো অচিনাকি নাই,
সকলোকে ভাল পায় ৷
তাই মতাতেই
পৃথিৱীখনেই
মোৰ কোঠালৈ আহে,
মোৰ গান-কবিতাত
ভুমুক মাৰি
তাইৰে দৰেই
আলফুলকৈ হাঁহে ৷
ময়ে শূদ্ৰ
ময়ে শূদ্ৰ
এৰা
এৰা ময়ে শূদ্ৰ
আজি ই শতাব্দীৰ গৰ্ব্ব বিচাৰি জাগো
ময়ে নৰৰূপী শূদ্ৰ
শূদ্ৰ শূদ্ৰ ময়ে
ক্ষুদ্ৰৰো ক্ষুদ্ৰ।
মোৰ বুকুৱেদি গ’ল
শতাব্দী শতাব্দী ধৰি
ধনিকৰ বণিকৰ
কত স্বৰ্ণৰথ
ময়েই পূৰালো মনোৰথ
ভোগী বিলাসীৰ
মই বলি ধনিক লক্ষ্মীৰ
মোৰ তেজ
মোৰ মাংস
মোৰ হাড়-হিমজুৰে
গঢ়ি দিলো সভ্যতাৰ
জোনাকী কাৰেং
কত শতাব্দীৰ
মোৰ চকুপানীয়েই
অভিজাত সুন্দৰীৰ
মুকুতাৰ মণিটো
ডিঙিৰ।
হেজাৰ বছৰ গ’ল
কত পিৰামিড্ হ’ল
সম্ৰাটৰ কাৰেঙৰ দ’ল
মন্দিৰ মঠ কত
কত দ’ল-দেৱালয়
সৌন্দৰ্যৰ ই তাজমহল
মোৰ হাড় গুৰা কৰি
মোৰ তেজ পানী কৰি
তিলতিলকৈ
আয়ুসকো ক্ষয় কৰি
দিলো গঢ়ি সভ্যতাৰ যত সমদল
মোলে’ কিন্তু একোকে নৰ’ল
একোকে নৰ’ল।
মাথোঁ হুমুনিহা
মাথোঁ উপবাস
মাথোঁ পঁজাঘৰ বাৰিষা উৰুখা
ল’ৰা-ছোৱালীৰ ভোক ভোক
জীৱনৰ যত ৰোগ শোক।
মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
মহাভাৰতত
উপনিষদৰ দিনত
মানুহৰ আধ্যাত্মাৰ প্ৰথম প্ৰভাতত
নৱ এক অভিনৱ আলোক – সম্পাতত
জন্ম মোৰ ;
সেই জ্যোতিৰেখা নিৰখি নিৰৱধি
গায়ত্ৰী মন্ত্ৰ গান গাই
ঐতিহ্যৰ আন্ধাৰে আন্ধাৰে
মহা এক সৌন্দৰ্য্যৰ ৰিণিকি ৰিণিকি দেখি
বিশ্বজোৰা ছবি ৷
পাৰ হৈ আহি আছোঁ
উত্থান-পতন ভেদি—
আদি-বৰ্ত্তমানৰ পৰা দূৰ-বৰ্ত্তমানলৈ
মহাযাত্ৰা কৰি—
অমৃতৰ সন্তান মই
আজি মোৰ পূৰ্ণ যৌৱন ৷
মহাশূদ্ৰ
হা: হা: হা: হা:
বিশ্বজুৰি বিয়পিছে
অট্টহাঁহি,
মহাদেশে, মহাদেশে
বাজে বজ্ৰবাঁহী ৷
হাঁহিৰ বাঁহীৰ প্ৰালয়িকী ছন্দই
ফুলাই তুলিছে
নতুন সৃষ্টিৰ ভূমিকম্প ৷
মহা উন্মত্ত আস্ফালনেৰে
দুৰ্নিবাৰ আঘাতেৰে
সংঘাতেৰে
ভাঙি-ছিঙি চূৰ্ন-বিচূৰ্ণ কৰি
অতীতৰ সংস্কৃতিৰ ভ্ৰান্তিময়ী
সপোন-প্ৰকাশ
মাটিৰ দিঠক মহাশূদ্ৰ
নৱতম ৰুদ্ৰ হৈ
বজ্ৰঘোষে মহামানৱৰ
এক নৱতম পূৰ্ণ বিকাশ ৷
কোটি কোটি চকুপানী-টোপালৰ
ওৰণি লৈ,
যি সত্যই
মুক্তিৰ বাবে
প্ৰকাশৰ সিংহদ্বাৰ
বিচাৰি বিচাৰি,
বিশ্ব জুৰি—- কালে কালে
ফুৰিছিল অনাই-বনাই,
মহামনীষাৰ মহামহত্বৰ
মনৰ দুৱাৰেদি
যি মুক্তি পাই
শত নিৰ্য্যাতন-নিপীড়ন জিনি
আজি যি
ঘোষিলে মহাৰণ
বধিবলে’ তাৰ প্ৰপীড়ক
কংসৰায় —
শুভ্ৰ হীৰাৰ দৰে জ্যোতিৰ্ম্ময়
তাৰ হিয়াখনি
জ্বলে তাত নতুন সৃষ্টিৰ
আগেয়ে নেদেখা ছবি,
জাগে তাত— নতুন সংস্কৃতিৰ
সুকুমাৰ ৰবি ৷
হীৰাৰ দৰেই কিন্তু
অতিকে কঠোৰ
সেইখনি হিয়া —
নৃশংসতাৰে যি মানুহক
গচকি-খচকি
শুহি শুহি খাই
অসুৰৰ স্বৰ্গ ৰচি প্ৰমোদৰ
কাৰেঙত থাকি
মষিমূৰ কৰি পৃথিৱীৰ ন্যায়
নিৰ্ব্বিকাৰে টোপনি যায় ;
সিহঁতৰ বাবে নাই, নাই, নাই
কোনো অনুকম্পা নাই,
সেই জ্যোতিৰ্ম্ময়-বজ্ৰকঠোৰ
অন্তৰত— নাই, নাই, নাই
কোনো অনুকম্পা নাই ৷
মা ! মই এটা মা (ফুলকুঁৱৰী)
মা ! মই এটা মা
খুউব ধুনীয়া সপোন দেখিলোঁ,
আৰু মা ! বুইছ মা !
সপোনতেই ডাঙৰ ডাঙৰ কথা শিকিলোঁ ৷
বুইছ মা ! দেউতাই যে আনি দিছে
কিতাপ ছবি থকা
আৰু তাত যে মা অঁকা আছে
আঙুৰ পকা পকা ;
আৰু তাত যে আছে
ৰঙা-নীলা হাঁহ,
আৰু হালধীয়া কণী থকা
তিনিটা চৰাই-বাহ ;
আৰু তাত যে আছে টুপী পিন্ধা দেঁচা
আৰু যে মা ছোৱালীজনী
পকা ক’লা
নেদেখা ফুলৰ মাজে মাজে
নেপুৰ বজাই নাচে
আৰু হেনো কাৰেংঘৰত
মনে মনে সোমাই থাকি
বৰ পুৰণি তাঁয় এখনত
ন – ন ফুল বাছে ৷
তায়ে হেনো সৰু ল’ৰালৈ
ৰোৱে কলৰ পুলি,
চেনিচম্পা – মনোহৰ
থোকেথোকে পকাই পকাই
লয় শিকিয়াত তুলি ৷
মই কলোঁ – “কলা দিয়া খাওঁ”
তাই ক’লে, “ব’লা তেনে গড়গাঁৱলৈ
ফুলকুৱৰীৰ বৰবাৰীলৈ যাওঁ ৷”
মই ক’লোঁ – “মা মোৰ যে সৰু ভৰি
ইমান দীঘল বাটলে’ মই
যাওঁ কেনেকৈ লৰি ?”
তাই ক’লে মোক – “ৰবা বাৰু আনিম এৰ’প্লেন”
এই বুলি মা ! থাপ মাৰি তাই
আনিলে ধৰি
সেইফালেদি উৰি যোৱা এটা ডাঙৰ শেন ৷
পিছে মা ! বুইছ মা ! শেনৰ মূৰত
মাৰিলে এটা চৰ,
একেচৰেই শেনটো হ’ল
দীঘলবহল বৰ ৷
কল বেচা ছোৱালীয়ে কোলাত তুলি মোক
শেনৰ পিঠিত উঠি- বহি
তাৰ মূৰত মাৰিলে ঘোঁক ৷
পাখি মেলি ডাৱৰলৈ শেনটো উৰি গ’ল ;
বুইছ মা !
আমাৰ এই পকা বঙলা
আৰু কলঘৰ
আৰু বাগিচাখনো
তল্লতেই পৰি ৰ’ল ৷
আৰু মা ওপৰৰ পৰা ভোবোলাটো
মেকুৰী যেন দেখি,
আৰু ষাড়গৰুটো ছাগলীৰ সমান হ’ল ৷
আৰু দেউতাক দেখি
মোৰ সমান তেনেই অকণমান ,
আৰু তোক দেখি মা
মই লোৱা গাৰুটোৰ সমান ৷
খোপা লগা মূৰ এটা যেন গাৰুত লাগি আছে,
ইস্ ! খঙ কৰিছ কিয় ?
সঁচা কথা কৈছোঁ মা
তই যদি যাৱ ওপৰলৈ
তেনেকুৱাই থিক দেখিবি পাছে ৷
মা, আজি মই (কুম্পুৰ সপোন)
মা, আজি মই
সপোন দেখিলোঁ মা
জক্মকীয়া সপোন এটা মা
বেলি সপোনত অহা দেখিছোঁ মা
সঁচাকৈয়ে মা !
দেউতা বহা চকীখনত মই
বহি বহি চাই আছিলোঁ
খিলিকিয়েদি
ৰঙা বেলি্টোলে’ ৷
গধুলি মা বেলিটো যে
ইমান ৰঙা পৰে,
গাৰপৰা তাৰ
সোণ সৰে
ৰূপ সৰে
বালিছন্দা সৰে,
বৰষুণৰ দৰে
ঝৰ্ঝৰ্ কৰে;
গাৰপৰা তাৰ…
জিলিক্জালাক্
বহুত পোহৰ সৰে ৷
চাই থাকোঁতেই দেখা বেলিটো
তললে’ সোমাই গ’ল,
ঘৰটো আন্ধাৰ হ’ল ৷
জোনটো নোলাল
তৰাও নোলাল
আকাশত বেলিও নুমাল;
মা, তই জ্বলোৱা
মম্বাতিটোও
নুমাই থাকিল…
জ্বলি জ্বলি
গলি গলি
ঢুকাল পুৰি পুৰি…
আন্ধাৰত মই থাকোঁতেই
দেখিলোঁ দেখোন পুৱা বেলিটো
আকউ আহিল ঘুৰি ৷
বেলিটো আহিল
আমাৰ ঘৰৰ
খিলিকিমুখলৈ,
তাক দেখি মই
একে লৰেই
গলোঁ আঁতৰলৈ ৷
বেলিটো সোমাল খিলিকিয়েদি
দেউতা বহা
চকীখনত বহি,
দেউতাৰ সৌ কবিতা-বহীত,
খচ্খচ্কৈ
বহুত কৰিলে চহী ৷
দেউতাৰ সৌ কবিতাবিলাক
মেলি মেলি চালে,
তাৰে এটা গান উলিয়াই
গুণগুণকৈ
আপুনিয়েই গালে ৷
মা ! তাৰ পিছত মোলৈ চাই
মোক মাতিলে মূৰ দুপিয়াই
মই কলোঁ …নাযাওঁ,
কিয় বুলি মোক সুধিলত মই কলোঁ-
মই তোক যে চিনি নাপাওঁ ৷
আৰি ক’লোঁ
দেউতাৰ আগত
কৈ দিম ৰবি
দেউতাৰ বহীত অঁকা বুলি…
তেতিয়া মজা পাবি ৷
মা ! তেতিয়া সি হাঁহিলে…
মিচিকিয়াই,
হাঁহি মাৰোঁতে ধুনীয়া ধুনীয়া
ফুলজাৰী ওলায় ৷
ক’ৰবাৰপৰা সোণৰ থালত
আৰু ৰূপৰ এখন পদুম পাতত
সাত বৰণৰ বহুত মিঠাই
দিলে উলিয়াই ৷
ৰঙা মিঠাই, নীলা মিঠাই
সন্দেশ হালধীয়া ৷
মিঠাই দেখি গ’লো্ৰ কাষলৈ
সি চুমা খাই মোৰ কপালত
তুলি ললে মা
তাৰ কোলালৈ ৷
তেতিয়া মিঠাই খালোঁ
তাক খুপ্ ভাল পালোঁ ৷
সি ক’লে মোক…
দেউতাক কবি
কেলে আহিছিল ৰবি…
আৰু তয়ো সোণ
ভালকৈ পঢ়ি
মহাবিজ্ঞানী হবি ৷
এনেতে কুকুৰাই মাতিলে
যেতিয়া….
সি ঘপৰাই উঠিলে তেতিয়া
.
.. মোক মা নমাই থৈ
চুমা এটা খাই
উৰা মাৰি গ’ল
পূবৰ পিনেদি
ওলাবলৈ ৷
হয়নে নহয় মা !
সেইটো আকাশত
ওলাই আছেহি
সেইটো চা ৷
মাক আৰু সোণ
মা, সোণৰ সাধু আৰু মোক নক’বি
মা, ৰূপৰ সাধু আৰু মোক নক’বি
মা, হীৰা-মণি-মুকুতাৰ সাধু নক’বি
মাটিৰ সাধুকথা ক,
কোলাতে বহুৱাই ল ৷
মা বোলে…
সোণ ! ৰূপ, সোণ,
হীৰা আৰু মুকুতা-মণিৰ
যি সাধু কওঁ তোক
সি সাধুও
ধূলিৰ মাটিৰ ৷
মাটিৰ পেটতে
সেইবোৰ উপজিলে,
মাটিয়েই সপোনত
হীৰা-মণি মৰকত
সোণ-ৰূপ মুকুতা দেখিলে ৷
মাটিয়েই নিজকেই
আপুনি সলাই
সোণ ৰূপ হীৰা হৈ
আহিলে ওলাই
জিক্মিক্ পোহৰেৰে মানুহ ভুলাই ৷
মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
আমাৰ মুক্তি কিমান দূৰ
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
মুক্তি তোমাৰ নহয় দূৰত
জগোৱা তোমাৰ প্ৰাণৰ মাজত
সুপ্ত বীণাৰ সুৰ…..
তোমাৰ মুক্তি নহয় দূৰ,
পথিক ! মুক্তি নহয় দূৰ ৷
ঝঙ্কাৰ দিলাতো তোমাৰ বীণত
বজা নাই যে আমাৰ প্ৰাণত
তোমাৰ বীণৰ সুৰ ;
আমাৰ মুক্তি কিমান দূৰ…..
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
হিংসা-দ্বেষ কপটে তোমাৰ
ৰুদ্ধ কৰিছে প্ৰাণৰ দুৱাৰ
(তুমি) স্বাৰ্থেৰে ভৰপুৰ ;
বজা নাই তাত ; শুনা নাই তুমি
বিশ্ববিয়পা সুৰ……
তোমাৰ মুক্তি নহয় দূৰ
পথিক ! মুক্তি নহয় দূৰ ৷
শক্তি যে মোৰ তেনেই ক্ষীণ
দুৰ্ব্বল হিয়া মায়াতে লীন
নিৰাশাৰে ভৰপুৰ ৷
উষ্ণ শোণিত শীতল কৰিছে
বীণো যে নেবাজে মোৰ,
আমাৰ মুক্তি কিমান দূৰ ….
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
শক্তি তোমাৰ নহয় ক্ষীণ
নেবাজিব কিয় তোমাৰ বীণ
কৰাচোঁ কলুষ দূৰ…
লুপ্ত নহয়, সুপ্ত নহয়,
মোহ-মায়া কৰা চূৰ ;
তোমাৰ মুক্তি নহয় দূৰ,
পথিক ! মুক্তি নহয় দূৰ ৷
সুপ্ত বীণা মোৰ পৰাণে ধৰিব
মুক্তিৰ অমিয়া গান….
আপোন পাহৰা শক্তি উথালি
কৰিব কলুষ ম্লান ?
লাঞ্ছনা-ক্লেশ শত নিপীড়ন
উপেঞ্চি উঠিব, কৰিব জীৱন
আত্মবলেৰে পূৰ ;
মুক্তি কিমান দূৰ ….
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
(যেতিয়া) পাহৰি পেলাব দুৰ্দ্ধৰ্ষ শক্তি
অনন্ত বিয়পি উথলা ভক্তি
সুঁৱৰি ধৰিবা তান,
(তেতিয়া) গহীন বননি কঁপাই বাজিব
নীৰৱ বীণৰ তান ৷৷
যেতিয়া হিংসা-দ্বেষ এৰি আপোন পাহৰি
পৰক আনিবা আপোনাৰ কৰি
এৰি মা-অভিমান,
এৰি হীণতা, নীচতা, ক্ষুদ্ৰ স্বাৰ্থ
লভিবা যেতিয়া জ্ঞান-পৰমাৰ্থ
পবিত্ৰ কৰিবা প্ৰাণ ;
আত্মবলেৰে হই বলীয়ান
সেৱা-ধৰ্ম্ম লবা সত্য মহান
শুনিবা তেতিয়া মোৰ
মুক্তি বিচাৰি ওলোৱা পথিক
ধৰিবা তেতিয়া সুৰ ৷
জাগিবা তেতিয়া জাগিব তেতিয়া
মোহ, সপোনৰ ঘোৰ
সুপ্ত বীণৰ বাজি উথা সুৰে
জগাব মৰ্ত্ত্যপুৰ :
তোমাৰ মুক্তি নহয় দূৰ
পথিক ! মুক্তি নহয় দূৰ ৷
মোৰ অন্তৰ যায় জ্বলি
মোৰ
অন্তৰ
যায় জ্বলি
বন্ধন যায় খুলি !
কোনে প্ৰতিভা মোৰ কৰিলি মুকলি
প্ৰাণ কৰে
আকুলি বিকুলি ৷
কোন তই
নৱ ৰবি
প্ৰাগজ্যোতিষৰ কৱি ৷
শ্বেত বীণা ঝঙ্কাৰি
গায়ত্ৰী ওঙ্কাৰি
আনি দিলি প্ৰাণলৈ মহাজগৰণ
গৰ্ভ ভেদি মোৰ
ইকি শিহৰণ্ !
জাগিলো ভাঙি-ছিঙি
ভোঁহাৰি-বিদাৰি মই
শতাব্দী শুপ্তিৰ
শিলা-আৱৰণ ৷
মোৰেই লগতে জাগ
অযুত নিযুত যত
আজিও যি শুপ্তি মগন
তিনি ভুৱনৰ
হৃদয়ে হৃদয়ে
মন্দিৰে মছজিদে
মই
জ্বলাম অগ্নিবাতি
মহামনীষাৰ
জ্যোতিসম্ভূতা
ময়েই স্বৰ্গজ্যোতি
মই ভ্ৰান্তিৰ ধ্ৰুবজ্যোতি ৷
নৱ জীৱনৰ
নৱ আলোকৰ
অগ্নি অমৃত জ্বালি
মোৰ গৰ্ভতেই
আহি থিত দিয়ে
মহাপ্ৰতিভাৰ
প্ৰচণ্ড অংশুমালী ৷
কক্ষত মোৰ
শোভিছে ইন্দ্ৰ, মহা জ্ঞানেন্দ্ৰ
তাৰকা চন্দ্ৰ জ্যোতষ্ক অৰ্কমালা
প্ৰভাত কিৰণ কৰ সুৰধুনী
অগ্ৰগানিনী ৷
মইয়েই অগ্ৰৱালা ৷
মোৰ অহংকাৰৰ সংজ্ঞা
মোৰ অহংকাৰক সুধিলোঁ মই –
“সাহিত্যৰ সংজ্ঞা কি ?”
সি ক’লে মোক মূৰ থিয়কই
“মই যি লিখোঁ সাহিত্য সেয়েই ৷“
মোৰ অহংকাৰক সুধিলোঁ মই –
“গান বোলে কাক ?”
সি ক’লে মোক –
“ছন্দ-সুৰ-তাল-মানেৰে
মই ৰচিলোঁ যাক
গান বোলে তাক ৷”
মোৰ অহংকাৰক সুধিলোঁ মই –
“কাক বোলেনো সুকুমাৰ কলা ?”
সি ক’লে মোক হাঁহি মাৰি –
“মই যি আঁকোঁ, মই যি লিখোঁ,
মই যি গঢ়োঁ, মই যি সাজোঁ,
মই যি গাওঁ, বজাওঁ
জগত ৰজনজনাওঁ
সিয়েই হৈছে কলা সুকুমাৰ
নেজান কিয় ?”
মই যে বুজি নাপাও ৷
মোৰ অহংকাৰক সুধিলোঁ আকৌ –
“বাৰু পিছে তোমাৰ তেনে
নিজৰে সংজ্ঞা কি ?
দিয়াচোঁ মোক কৈ ৷”
সি ক’লে মোৰ চকুলে’ চাই –
‘কোন নেজান মই ?
সংজ্ঞা মোৰ তই ৷”
মোৰ সুৰৰ চুমাত
মোৰ সুৰৰ চুমাত
কোনে সাৰ পাব
মোৰ গান শুনি
কোনে ভোল যাব
বুকৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি
চকুৰ পানীৰে লিখা গানবোৰ…
আলৈ-আথানি নকৰিবি
মই কোৱা নেই (সেই ?) জোনাকী সাধু
নাপাহৰিবি ৷
মৰ্ম্মে মৰ্ম্মে মোৰ
মৰ্ম্মে মৰ্ম্মে মোৰ
যত দু:খৰাশি তোৰ
জাগে ক্ষণে ক্ষণে অনুভুতিত
মোৰ যে কবিৰ বিৰাট হিয়াত
পৃথিবীখনেই প্ৰতিফলিত ৷
যতীন্দ্ৰ-কবিতা
হে কবি ! অকলশৰীয়া নাৱৰীয়া
লুইতৰ সোণোৱালী পানী
শুকুলা শুৱনি পালখনি
উজুৱাই-ভটিয়াই যোৱা
তুমি জানোঁ সঁচাকৈয়ে
অকলশৰীয়া ?
অতীন্দ্ৰিয় মৰমৰ
ধূনি জ্বালি
তুমি জানো
যতীন্দ্ৰ নোহোৱা ?
তুমি যেন
মৃগালৰ পৰা ছিগা বিকশ পদুম,
লুইতৰ দুয়োপাৰ
মৰমৰ সুৰভিৰে
স্নিগ্ধ কৰি তুমি উটি যোৱা
মৰমৰ সূৰুয ধিয়োৱা ৷
কেনেকৈ বাৰু তুমি
অকলশৰীয়া
অ’ নাৱৰীয়া !
জীৱনৰ সেউজী বনত
লগৰীয়াৰ লগত
মৰম-ভাৱনা পাতি
গাইছিলা মৰমৰ
যাউতিযুগীয়া গীত
তুমি নাৱৰীয়া !
হায় ! হায় ! হায় !
সোণৰ হৰিণা দেখি
লগৰীয়াবোৰে
অকলে এৰি থৈ যায়
উনমত্ বলিয়াবটিয়া !
লগৰীয়া নাই
সেইহে আহিলা ওলাই
লুইতৰ ঘাটলৈ
মৰমৰ বাঁহীটি বজাই ৷
গইছিল ভটিয়াই ক’ৰবাৰ নাও
শুকুলা পালত লাগে
মৰমৰ বাও
পাৰলৈ মাতি তাতে উঠি যোৱা
পোহৰলৈ নেকি ?
বহু দূৰণীয়া ?
সোণৰ ৰূপৰ জুয়ে
লুইতৰ দুয়োপাৰে
পুৰি নিয়ে বন সেউজীয়া
অ’ নাৱৰীয়া !
মৰমৰ নাই যে বিনাশ
সোণ-ৰূপ-হীৰা জিনি
মৰমৰ জ্বলন্ত প্ৰকাশ ৷
হ’ব হ’ব হ’ব বুলি তুমি গীত গোৱা,
মৰমহে যাউতীযুগীয়া
মৰমহে আকাশী অমিয়া
মৰমেহে জীৱনত
ফুলাই সৰগী ফুল
কেনে বিনন্দীয়া ৷
মৰম-বাতৰি জগতৰ
প্ৰচাৰি তুমি যে সুন্দৰ
মৰমৰ ইন্দ্ৰধনু পিন্ধি কপালত
জয় কৰা সকলোৱে হিয়া,
কবি তুমি যতীন্দ্ৰ দুৱৰা !
নোহোৱা, নোহোৱা
তুমি অখলশৰীয়া
জোনালী নিশাৰ দিনা
ৰূপালী সুঁতিত
মৰমৰ ঢৌ তুলি যোৱা,
জানো গম পোৱা ?
জানো গম পোৱা ?
সোণৰ জাপি পিন্ধি
ফুলাম ছৈৰ নাৱতে
আহি ৰূপকোঁৱৰে
বীণখনি বোৱা ?
তোমাৰে আশেপাশে
আলেঙে-আলেঙে
শুকুলা পালৰ মাজে মাজে
জুমি চোৱা ?
হি: হি: হি: হি:
হি: হি: হি: হি:
দেখিলোঁ. দেখিলোঁ মই
কাৰে স’তে যোৱা !
কাৰে স’তে যোৱা !
কিয় বাৰু আমালে’ নোচোৱা
জিল্মিল্ গাৰে দেখোঁ
সেই সোণপাহী,
কুল্ কুল্ টুল্বুল্
বাই নাওখনি,
লীলায়িত লয়লাসে
লাচে লাচে নাচে তাই হাঁহি ৷
তুমি যোৱা গুৰি ধৰি
তাই যায় ব’ঠা মাৰি
লৈ যায় যত আছে
জীৱনৰ সোণালী সন্ধিয়া
কবিতাকুঁৱৰী তাই
জীৱনৰ চিৰলগৰীয়া ৷
মিছাকৈয়ে গোৱা গান
অকলশৰীয়া বুলি
অকলশৰীয়া বুলি
অ’ নাৱৰীয়া !
অ’ এই কথা
নকবা, নকবা আৰু
ইকথা সিকথা
মানুহক কম কাণে কাণে
লিখি যাম মই গানে গানে
তোমাৰ এই মৰমৰ
সাধুটি অমিয়া,
সোণৰ ফাঁকিটি আৰু
নিদিবা , নিদিবা অ’ নাৱৰীয়া !
ৰসগ্ৰাহী হে’ৰা পণ্ডিত !
নিৰলাৰ গান বুলি
কিয় হাহাকাৰ
নিৰলা নহয় ই যে
মৰমৰ বেজাৰৰ
জয়জয়কাৰ ৷
মৰম নহয় জানো
কোমলৰো অতি কুমলীয়া
সেই বাৰ্ত্তাবাহী সুৰ
অৱশ্যে নিশ্চয় হ’ব
সুৰৰো কোমল সুৰ, কৰুণসুৰীয়া
কবিতাৰ সেইটিহে আটকধুনীয়া ৷
লাচিতৰ আহ্বান
সৌৱা—
শৰাইঘাট ;
প্ৰশস্ত
নিমাত ।
ৰামসিংহ বীৰ
বিজয়ৰ গৰৱেৰে উন্নত শিৰ,
পিন্ধি জয়োজ্জ্বল শিৰস্ত্ৰাণ
লৈ আহে
দম্ভালি দম্ভালি
ভাৰতবিজয়ী অভিযান ।
অলৰ-অচৰ মোৰ
বজ্ৰপাথৰ
অস্থিত আহি আহি হানিছে আঘাত
প্ৰতিঘাত পাই
হতবীৰ্য্য সিংহ সম
যায়
শতমুখে অসমীয়া যুঁজাৰুৰ
গৌৰৱ গায় ।
সৌৱা—
মোৰ নীলাচল সম
বুকুৰ পটাত
অস্ত্ৰাঘাত ব্যৰ্থ হ’ল,
সাম্ৰাজ্যৰ দম্ভ ধূলিসাৎ
বিজয়ীবাহিনী উৎখাৎ ।
সৌৱা—
শৰাইঘাট,
প্ৰশস্ত
নিমাত ।
নিমাত ? নিমাত ? নহয় নিমাত,
দেশ ৰাখ, দেশ ৰাখ বুলি
উঠে শুন অৰ্ব্বুদ মাত ।
প্ৰতিধ্বনি
উঠে তাৰ
অসমীয়া নবীনৰ
তপত হিয়াত,
সিৰাই সিৰাই
অগ্নিপাত ।
আসুৰীয়
বিজ্ঞানৰ
ঘৰ্ষন-গৰ্জ্জন
ভেদি আহে
শুন সৌ
শৰাইঘাটৰ
বজ্ৰভাষী সিংহনাদ,
শতাব্দী সুপ্তিৰ ছিঙ্ ভাঙ্
লোহাৰ শৃঙ্খল
এদিনলে’ হ’ উশৃঙ্খল
লুইততে
জহি যাওক
জড়-অৱসাদ,
সিংহৰ পোৱালি তই
নবীন অসমীয়া
সুঘোষিত কৰ তোৰ
অধিকাৰবাদ,
বিপ্লৱী তূৰ্য্য-নিনাদ ।
সৌৱা—
শৰাইঘাট,
প্ৰশান্ত
নিমাত
লক্ষ লক্ষ অসমীয়া
নবীনৰ
বক্ষ ঝৰি ঝৰি
ৰঙা তেজ কলিজাৰ
নিজৰি নিজৰি
অসমীৰ চৰণ ধুৱাই
শৰাইঘাটৰ সৌ
বালি-মাটিয়ে
আছে মিল খাই ।
নবীনৰ তেজ-পানী পাই
গজালি সঁজালি আহে
ন-যুঁজাৰুৱে হাঁহে
জীৱন-যুঁজৰ বাৰ্ত্তা পাই
শকতিৰ শঙ্খ বজায় ।
বুৰঞ্জী বিদাৰি তই
মোক চা, নিজকে চা
বান্ধি লৈ সাহ,
যন্ত্ৰযুগৰ নৱ
মন্ত্ৰ ফুকাৰি তই
শঙ্কা পেলাই দি
আগবাঢ়ি আহ ।
নতুন দিনৰ অসমীয়া
যুগে যুগে হবি তই
শৰাইঘটীয়া,
তোৰ দেশ ৰাখিবলে’
গঢ়ি গঢ়ি লবি তই
নতুন হিলৈ
চিৰজয়ী হবি তই
মাভৈ মাভৈ ।
মোমাই দুখণ্ড কৰা
তৰোৱাল এতিয়াও লই
তহঁতৰ কাষে কাষে
ঘূৰি ফুৰি
বিৰাজিছোঁ
শকতিৰ সূৰ্য্য সম মই
নাই ভয়, হ’ব তোৰ জয় ।
কোন তই ?
কোন তই
দাসত্ব পিন্ধি
স্বৰ্ণময়
মোহমণিবন্ধ
অৱসাদক্লিষ্ট
নিৰাশাৰে বুকু ধুনি
কুতৰ্কমুগ্ধ,
দেখিও নেদেখি একো
হই আছ অন্ধ ?
দৈন্য-বিপদ পৰান্মুখ
কৰ্ম্মবিমুখ
কোন তই কাপুৰুষ মূৰ্খ দুৰ্ম্মুখ ?
শৰাইঘটীয়া সৈন্যদল !
নাই তেন্তে কি তোৰ
আপোনাৰ বিশ্বাস অটল ?
সাৰ কৰি
মাথোঁ
ভোগ-সুখ
কৰ্ত্তব্যৰ নহলি সন্মুখ,
মোমাইতামুলী গড়ে
প্ৰত্যক্ষ কৰিলে যি
জননী ৰক্ষাৰ বাবে ভৈৰৱ শক্তি,
জনা নাই তই জানো
আকৌ তাৰেই হ’ব পুনৰাবৃত্তি ?
তেজপিয়া তৰোৱালে
ৰাম তৰোৱালে
একেই তেজকে পিব
ঝলসি শক্তি দিব
যুগে কাল-কালে ।
সন্মুখ থিয় দিব আহি হাঁহি
ভালে ভালে ।
কোনে ক’লে নাই ?
কোনে ক’লে নাই
গদাপাণি নাই ?
সৌৱা তোৰ গদাপাণি
ঘোষিছে বজ্ৰবাণী
ভৈয়ামে ভৈয়ামে ফুৰি অনাই বনাই—
কৰ্ত্তব্যৰ যজ্ঞ জ্বালি
ত্যাগৰ মহাযোগী
ল’ৰা-তিৰোতা সঁপি
শক্তিমন্ত্ৰ জপি,
আছে বাট চাই
পৰ্ব্বতৰ গুহাত সোমাই,
দেশৰ কল্যাণৰূপী
আশা-কল্পনাই
মনৰ ডালিমী হৈ
নিৰাশাৰ বন ভেদি
ভৈয়ামলে’ বৈ অহা
মন-জুৰিটিৰ
পাৰে পাৰে
নাচি নাচি
সঞ্জীৱনী গায়ত্ৰী
শুনায় ।
ৰুদ্ধ বীৰ্য্য গদাপাণি হ’ব উদ্বুদ্ধ
অত্যাচাৰী লালুকৰ
সপোন চূৰ্ণ কৰি
উজ্বলিব অসমত
ৰুদ্ৰসিংহৰূপে
নিৰ্ম্মল শুদ্ধ
পূৰ্ব্বভাৰত জ্ঞানবৃদ্ধ ।
লুইতৰ পাৰৰ বৰেচহৰ
লুইতৰ পাৰৰে বৰেচহৰ !
গুণাৰে বনে কৰা বৰেপাগে পিন্ধি
তাহানি ধৰিলা ব’গা ডাৱৰ ৷
ডাৱৰে বুলিলে বেলিক লাজ দিয়ে,
কি গুণা পিন্ধিছা,
বগী ডাৱৰো বৰণ আমোলাই
পিন্ধিলা পাগুৰি কিনো পাটৰ
পাগুৰিত পিন্ধিলা হীৰা-পাথৰ
লুইতৰ পাৰৰে বৰেচহৰ !
ওজা খনিকৰে, ওজা কাৰিকৰে
দিলে শিলৰ ঘৰে সাজি,
তাতে লেখি লেখি,
জোনবাইৰ সতে কিবা মেলে পাতি,
অ’ বৰেচহৰ ! ভাগৰি-জুগৰি
কত ডাৱৰীয়া ৰাতি—
এটি তৰাৰে দুটি ওলাব বুলি
ওৰে নিশাটি দিছিলা পৰ
লুইতৰ পাৰৰে বৰেচহৰ ৷
শিল্পী মই
সৃষ্টিৰ পুৱাতে ৰূপ পাই
বন্দনা কৰিলোঁ বিশ্বব্যাপী সৌন্দৰ্য্যক ।
আঁকিলো অৰুণ ৰঙা বেলি ।
আঁকিলো সন্ধিয়াৰ, বৰ্ণ খেলিমেলি
আঁকিলো আকাশৰ তৰাৱলী ।
পূৰ্ণিমাৰ জোন আৰু নৱেন্দু সুন্দৰ
আৰু নীলোধি মালাৰে সাগৰ,
লিখিলোঁ পটত মোৰ
ধুনীয়া নিজৰা— ফেনে-ফোটোকাৰ,
জান-জুৰি কত নৈ,
মহানদ-নদী
খৰস্ৰোতা দুৰ্ব্বাৰ ।
শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
শিল্পী মই
ময়ে শিল্পী
আন্ধাৰৰ সতে যুঁজি পোহৰলৈ যাওঁ,
মানুহৰ জীৱনৰ খোঁটালিয়ে খোঁটালিয়ে
ৰঙা-নীলা-হালধীয়া
সাতো বৰণীয়া
নুনুমুৱা আলোকৰ
চাকি জ্বলাওঁ ।
চিৰসুন্দৰৰ কবি চিৰআৰাধনা
মানুহৰ বুকুলৈ
মানুহৰ মনলৈ
মানুহৰ সৃষ্টিলৈ
চিৰসুন্দৰ নমাওঁ ।
ওপজা গাঁৱৰ মোৰ বকুলতলৰ পৰা
জুৰিটিৰ পাৰে পাৰে
বনঘোষা বিহুনাম গাই
লুইতৰ দুপাৰৰ কহুঁৱা-বনত
বনগীত গাওঁ ।
লুইতৰ পাৰে পাৰে বীণ বাই যাওঁ
গাঁৱে-ভূঁঞে চহৰে-নগৰে
মানুহৰ ঘৰে ঘৰে
জ্বলাই নতুন চাকি ,
শিল্পী-মনৰ কথা
শিল্পী-প্ৰাণৰ ব্যথা
শিল্পী সপোনৰ
নৱতম মানৱৰ
জন-জীৱনৰ
শিল্পীৰ যত গুণাগঁথা,
দুখীয়াক-সুখীয়াক
নগৰীয়া, চহৰীয়া, গাঁৱলীয়াক
ৰণুৱাক, বনুৱাক
হজুৱাক, চহুৱাক
মুনিহ আৰু তিৰোতাক
অভিনৱ ভাষাৰে শুনাওঁ ।
শিল্পী মই—পোহৰৰ বাটে বাটে যাওঁ
চিৰসুন্দৰৰ মই অনন্তধ্যানী হৈ
সৌন্দৰ্য্যৰ বৈচিত্ৰেৰে
নৱ নৱ ধেমালিৰে
আনন্দ বিলাওঁ
ঘৰে ঘৰে নতুনৰ চাকিটি জ্বলাওঁ ।
লুইতৰ পাৰে পাৰে
ভাৰত সাগৰলে’
মুকুতা বিচাৰি ভটিয়াওঁ ।
ওপজা গাঁৱৰ পৰা
নিজৰাৰ পাৰেদি
জান-জুৰি-নৈয়েদি
লুইতৰ ৰূপালী বালিৰে মই
জোনাকত বালি ভাত খাই
সোৱণশিৰীয়া সোণ দিনৌ কমাওঁ ।
মাৰ যোৱা বেলিটিৰ জিলিকনি লেখি মই
নতুন পুৱাৰ ছবি চাওঁ
মহাভাৰতৰ বাটে
পৃথিৱীৰ সবাহলে’ যাওঁ ।
মোৰ অন্তৰত জ্বলি থকা
প্ৰতিভা শিখাৰে
শুই থকা লাখো শিল্পীৰ
অন্তৰত থকা প্ৰতিভাৰ
তেল আৰু শলিতা থকাৰ
এতিয়াও যিটিৰ শিখা জ্বলা নাই,
সেইবোৰ শলিতাৰ
মোৰ চাকিটিৰে গৈ অগ্নি পৰশাই
সহস্ৰ প্ৰতিভা-চাকি তোলে উজ্বলাই ।
লক্ষ লক্ষ শিল্পী-প্ৰাণ
কৰি উদ্বোধিত
চিৰসুন্দৰক নমাবলে’ পৃথিৱীলে’
সমবায় পোহৰৰ দীপালী জ্বলাওঁ ।
জনতাৰ কপালৰ আন্ধাৰ ভাগ্যলেখা
পোহৰৰে ধুই মই
ভুবনবিজয়ী লেখনীৰে
মহাজীৱনৰ এক মহাভাগ্য লেখা
অঙ্কিত কৰি থৈ যাওঁ ।
ৰোধ কৰিবলে’ যত
আন্ধাৰৰ দৈত্য-দানৱ
জ্যোতি-মন্ত্ৰে
বিপ্লৱৰ শঙ্খ বজাওঁ ।
ব্যক্তি-স্বাৰ্থ জীৱনৰ লোহাৰ দুৱাৰ ভাঙি
সমূহীয়া স্বাৰ্থৰ মহান জীৱনলে’ মই ব্যাপি যাওঁ
তেতিয়াহে ব্যক্তিত্বৰ সত্যমূল্যে স্বাধীনতা পাওঁ,
ব্যক্তিত্বৰ পূৰ্ণ প্ৰকাশ
ব্যক্তিত্বৰ মহান বিকাশ
জনতাৰ ৰাইজৰ অন্তৰত পাওঁ ।
মই শিল্পী পোহৰলে’ যাওঁ—
প্ৰসান্ত
অশান্ত
অপৰিশ্ৰান্ত মহাসাগৰৰ পাৰে পাৰে
বিচিত্ৰ সংস্কৃতিৰ দুৱাৰে দুৱাৰে
ঘূৰি ঘূৰি
শিল্পী মনৰ কথা কওঁ,
বিশ্বমানৱৰ মই প্ৰাণৰ বেদনা-ব্যথা
আপোনাৰ দুখ কৰি লওঁ,
মই, মই, পৃথিৱীৰে জনতাক
মইৰূপে দেখি
মই হৈও, মই আমি হওঁ ।
আমিৰূপী মোতে
জনতাৰ জীৱনৰ নৱতম ছন্দ জাগৰিত
মোৰ এই শিল্পীৰ মনত, প্ৰাণত,
পৃথিৱীখনেই হয় প্ৰতিফলিত ।
আন যত জীৱনৰ নানা বিভাগৰ
বিদ্বান পণ্ডিত
কৰি আজীৱন
অনুশীলন সংস্কৃতিৰ
শিক্ষা-দিক্ষাৰে থৈ
সাৱটিব পৰা হয় বিশ্ববাসীক,
মই কিন্তু শিল্পী-প্ৰাণে
গাঁৱৰ গণ্ডীতো থাকি
উপজিয়ে পৰা হয় বিশ্ববাসীক,
লভি জন্ম মানুহৰ
দেখি এই বিশ্বমনোহৰ
ভাৱোঁ মোৰ ঘৰ
যাকে দেখোঁ তাকে ভাবোঁ আপোনাৰ জন বুলি
কেও নোহে পৰ ।
মই শিল্পী, ময়ে ব্যক্তি
সমষ্টিত মই—
ব্যক্তিত্বৰ সীমান্ত ভাঙি
ব্যাপি বহু ব্যক্তিত্বক সমন্বিত
সমষ্টিৰে প্ৰগতিৰ সুতীক্ষ্ণ বৰছামুখ হৈ
আন্ধাৰৰ বক্ষ ভেদি
লৈ যাওঁ জনতাক পোহৰলৈ ।
ভৱিষ্যৰ বাটে ফালি যাওঁ
ব্যক্তি আৰু সমষ্টিৰ বিভ্ৰন্তি আঁতৰাই
মই মোৰ ব্যক্তিত্বকো নেহেৰুৱাওঁ—
ব্যক্তিত্বৰ মহাপ্ৰকাশ
ব্যক্তিত্বৰ চৰম বিকাশ
মহাসমষ্টিৰ মহাতীৰ্থত পাওঁ ।
অতীতৰ ভ্ৰান্তিযুক্ত ভৱিষ্য মানৱৰ
অভূতপূৰ্ব্ব এক বাস্তৱৰ সপোন দেখোঁতা
শিল্পী মই
অভিনৱ সমষ্টিক— ব্যক্তিত্বৰ
পাতনি পেলাওঁ ।
ষ্ট্ৰিম লাইনড্ কাৰ
ষ্ট্ৰিম লাইনড্ সৌ ধুনীয়া আলিত
এফ্ছলট্ দিয়া নিমজ আলিত
বৰ বেগেৰে যাব পৰা
আঁক-বাক অজগৰ সাপটোৰ দৰে
পিছলি যোৱাদি যায় ।
দেখিবলৈ ধুনীয়াও
চেপে বুলি ভয়ো লাগে ।
তাৰ কোলাত উঠি যি যায়
সিহঁতে ছফুটিয়া স্প্ৰিঙৰ গাদীত
খুউব আৰাম পায় ।
সিহঁতে তাত উঠিলে নিজকে দেৱতা যেন ভাৱে,
বাটৰুৱা যোজ কাঢ়ি যোৱা মানুহৰ গাত
সিহঁতৰ মটৰৰ চকাই চেৰেক্কৈ
বোকা-পানী মাৰি গ’লে সিহঁতে আমোদ পায় ।
সেই মটৰখনে সাপে মতাদি কেঁট্কৈ মাতি
বাটৰ জনতাৰ মাজেদি বাট বিচাৰিলে
জনতা ছিটিকি উফৰি আঁতৰি যায় ।
ধুনীয়া মটৰখন দেখি ভালো পায়,
সিঁহতে খঙো খায় ।
চিক্মিক্ চাক্মাক্কৈ মটৰখন আহিল,
তেনেই লেটেষ্ট্ মডেলৰ
চৌধ চিলিণ্ডাৰৰ মটৰখন…
হঠাৎ দেখোন মটৰখন ৰৈ যায় ;
আৰোহীবোৰ জোকাৰ খাই উঠিল,
ওচৰৰ এজুম জনতা লৰি আহিল,
মটৰখন চাবলৈ
কেনেকুৱা নতুন গাড়ী
মটৰখন চাৰিওফালৰ পৰা বেঢ়ি
কিছুমানে আহি ভিতৰলৈ জুমাজুমি কৰিলে ।
গাড়ীত উঠি অহা শকত মানুহজনৰ উঠিল খং
চকু টেলেকাকৈ লেতেৰা সুদা গাৰে থকা
মানুহবোৰক হুকি মাৰি ক’লে—
“এই ভূত বুৰ্ব্বকচব ! মটৰ-গাড়ী দেখা নাই ?
কি চাবলৈ আহিছ ? ভাগ, ভাগ, ভাগ !
হেই হেই ল’ৰা, কেলেই গাড়ীখন ছুইছ ?
কটা বোকাই-ছোকাই আহি গাড়ীখনত
হাত দিছেহি ?”
মানুহবোৰ সেমেনাসেমেনি কৰি
আঁতৰি দূৰলৈ গ’লগৈ ।
সৰু সৰু ল’ৰা দুটাই সিহঁতৰ
গোটেই গাটো মটৰৰ চিক্মিকীয়া বডি দেখি
ৰং পাই হুকিলৈ মন নকৰি আছিল ধেমালিকৈ,
হেণ্ডিমেনটো নামি দুয়োটাকে ঠলামুৰি মাৰি
পঠিয়ালে দূৰলৈ ।
সিহঁতেও আমনজিমনকৈ
দূৰৈৰ খাৱৈৰ পাৰত ৰৈ থাকিলগৈ ।
কিছুপৰ ড্ৰাইভাৰটোৱে
মটৰখনৰ ইঞ্জিনটো চাই
বস্তা এখন পাৰি তলত লেধাই সোমাই
পিছত ওলাই আহিল ।
ষ্ট্ৰেয়াৰিঙত বহি ছেলফ্ষ্টাৰ্টাৰ চলাই
গাড়ী চলাব নোৱৰা হ’ল ।
গাড়ীত উঠি অহা শকতজনৰ মুখত বিৰক্তি
কপালত ঘাম আৰু চকুত খং !
কি গাড়ীবোৰ উলিয়াইছে আজিকালি
আমেৰিকানবোৰ ঠগ্ হ’ল !
ওঠৰ হেজাৰকৈ দাম লৈ দুদিনতে
বেয়া হোৱা গাড়ীবোৰ দি ঠগিছে,
“ড্ৰাইভাৰ ! কি হ’ল, কি হ’ল ?”
ড্ৰাইভাৰে মূৰ খজুৱাই ক’লে –
“দেউতা ! একো হোৱা নাই,
অলপ বেটাৰীটো কমি গৈছে…
ছেলফ্টো নচলে ।”
শকতজনে খঙত ক’লে —“হেণ্ডেল মাৰা”
ড্ৰাইভাৰ উঠি গৈ হেণ্ডেল মাৰিবলৈ লাগিল,
হেণ্ডেল মাৰি ড্ৰাইভাৰ ভাগৰি পৰিল
আৰু হাত নচলে ।
ড্ৰাইভাৰে ছিটত বহি ক’লেহি—
“দেউতা ! গাড়ীখন ঠেলিলেহে ষ্টাৰ্ট হ’ব ।”
শকতজনে সদৰ্পে দূৰত ৰৈ থকা জনতালৈ
চাই ক’লে – “হেই মানুহবোৰ ! আহাঁচোন আহাঁ
গাড়ীখন অলপ ঠেলি দিয়াঁহি ।”
মানুহবোৰ একো নমতাকৈ ৰৈ থাকিল ।
শকতজনে মানুহবোৰক আকৌ মাতিলে—
“হেৰা আহাঁচোন
হেঁচা এটা মাৰি দিয়াহি ।”
এইবাৰ মানুহবোৰ হঠাতে আলিৰ পৰা নামি
গাঁৱলৈ সোমাই গ’ল ।
শকতজনে চিঞৰিলে—
“হে’ৰা, হে’ৰা মানুহবোৰ ! আহাঁ
টকা দহটা দিম, আহাঁ, আহাঁ…
দিম আহাঁ… আহাঁ…।”
… মানহবোৰ আঁৰ হৈ নেদেখা হৈ গ’ল
কোনো উভতি নাহিল ।
সাৱধান, সাৱধান
সুবিধাবাদীৰ দল !
তোৰ মিছা হ’ব কৌশল,
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল ।
শিল্পীৰ তই সৰল মনৰ
শিল্পীৰ তই অমল প্ৰাণৰ
বিমল গানৰ
কি বুজিবি, কিয় ওলায়
নিৰ্ম্মল অশ্ৰুজল ?
জনতাক ভৰা ছল-চাতুৰীৰ
আলাসতে গজা কোৱাভাতুৰীৰ
স্বৰূপ ওলাই গ’ল,
তই হাতে হাতে পাবি ফল
হেৰ’ খকুৱাৰ দল ।
তই জনা নাই—
তই যাক ভাব
মুৰ্খ জনতা
মুঢ় জনতা
ৰূঢ় জনতা বুলি
যাৰ হ’ব খোজ স্বয়ংসিদ্ধ নেতা
সেই জনতা আজি প্ৰবুদ্ধ হ’ল ।
কৌপিনধাৰী মহাফকীৰৰ
সঞ্জীৱনৰ
উদ্ধোধনৰ
বোধন মন্ত্ৰ
নাই যোৱা অ’
নাই যোৱা অ’
এনেয়ে বিফল ।
ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বভিমান ।
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান ।
শত শতাব্দীৰ
আন্ধাৰ আঁতৰি যায়,
আজি জনতাই
অৰুণ আলোক পাই
অগ্ৰগতিৰে মষিমূৰ কৰি
অত্যাচাৰীৰ দল
নিজৰ মনৰ নিজেই গৰাকী হ’ল ।
মহাজনতাই
মহাশক্তিৰ মহাসন্ধান পাই
বুকুত বান্ধিলে
চক্ৰবৰ্ত্তী শত সম্ৰাটৰ
বিশ্ববিয়পা নৱ অৰ্জ্জুনৰ
পৃথিৱীৰ এই প্ৰদক্ষিণৰ
স্বপ্ৰণোদিত
আত্মনিহিত বল ।
হেৰ’ স্বৰ্থ-ক্ষমতা-অৰ্থলুভীয়া অন্ধ !
মই জানো তই জনসেৱকৰ মুখা পিন্ধ,
যি ত্যাগ কৰিলে তিনিগুণ লাভ পাৱ
আগ দুৱাৰেদি তাকে তই
পাছ দুৱাৰেদি গৈ
মদে-ভাতে ভোজ খাৱ ।
ৰাষ্ট্ৰনীতিৰ
সমাজনীতিৰ
ৰাজনীতিৰ
অৰ্থনীতিৰ তোৰ
থৈ দে ফোপোলা জ্ঞান,
জনতা-পূজাৰ ভাও দি, চাও দি
নেদেখুৱাবি
ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বাভিমান,
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান ।
সৌৱা সুৱাগী সৰোজ নলিনী
সৌৱা সুৱাগী সৰোজ নলিনী
শুভ্ৰ ৰূপৰ পাহিটি মেলি
নিশা জোনাকৰ চন্দন সানি
নিশাৰাজৰে কৰিছে কেলি
আমোলাই সুৰভি সুবাসে নাচে
লীলায়িত লয়লাসে
সৰি-জহি যাব দুদিনতে?
কোনো ক্ষতি তাত
দুদিনতে খেলি লোৱা খেলা অনন্তৰ
দুদিনীয়া পদুমৰ চকাত
উজলি উঠে
মুখখনি চিৰসুন্দৰৰ|
হে মৃত্যু নমস্কাৰ!
হে মৃত্যু নমস্কাৰ!
চকুপানীৰে–
তোৰ পূজাৰ শৰাই
ইমান জাতিস্কাৰ|
অন্ধকাৰৰ সিপাৰে জ্বলিছে
তোৰ পোহৰৰ দেশ,
তোৰ দেশলৈ যাবলৈ কোনে
পিন্ধিলে নতুন বেশ?
পৃথিৱী জুৰি অহোৰাত্ৰি
তোৰ দেশলৈ যাব যে যাত্ৰী
চিৰমৌন বিশ্বমাতৃ
মুক্তিদাত্ৰী!
বিশ্ব জুৰি চকুৰ পানীৰে
লৱ অনন্ত পূজা
হে চিৰনুবুজা
ৰবীন্দ্ৰনাথ
হে কবি !
হে ৰবি !
যুগৰ যুগৰ
এই ভাৰতৰ
জীৱন ৰহস্যান্বেষী-চিন্তা নিৰত—
অৱসাদক্লিষ্ট মহামন
তোমাৰে কণ্ঠত পুনু লভিলে চেতন
অনন্তৰ অন্ত বিচৰা
মুক্তিপিয়াসী—
মহাভাৰতৰ প্ৰাণ,
উন্মেষি উঠি
তব কবিতাৰ
ছত্ৰে ছত্ৰে ছন্দে ছন্দে—
গুজৰি ধৰিলে গান ৷
মন্দ্ৰিলা তাৰে ৰাণী
সুৰাৱলীৰে অভিনৱ,
মুগ্ধ উদ্বুদ্ধ কৰি
অৱনত ভাৰতৰ ভ্ৰষ্ট মানৱ ৷
বন্ধুৰ সাধনা-পথ যাত্ৰী তপস্যা ধ্যানমগ্ন
মহাভাৰতৰ মহামন,
ধ্বনিত ৰণিত হ’ল,
সহস্ৰ যুগান্তে,
প্ৰসান্ত সমাধি
ভাঙি
বাল্মীকি-কণ্ঠত
গায়ত্ৰী ছন্দত;
সেই মহামনে এই বৰ্ত্তমানত—
তোমাৰেই
ছন্দায়িত কবিতাত
থিত লৈ
উচ্চাৰে বচন ;
কৰিবলে’ মানৱৰ কল্যাণ সাধন ৷
আজি সেই মহামন—
তোমাৰ
মৰণ-পাৰৰ চিৰজীৱন আদৰা
গন্ধাৱলীৰে দিয়া বন্তিৰূপী চিতাগ্নিৰ
পোহৰত দীপ্ত হৈ—
মানৱাদৰ্শ বিস্মৃতিৰ আন্ধাৰত,
সনাতন সভ্যতাৰ পথ-প্ৰদৰ্শক
জ্যোতি হৈ জ্বলক বিশ্বত ৷
ৰেডিঅ’
ৰেডিঅ’
“লণ্ডন কলিং”
বাৰ্লিন্ লিছ্বন
ব্রডকাষ্ট কৰ্পৰেশ্যন অব্ ট’কিও
ক্রে ৰ্ ৰ্ ৰ্ ৰ্ কটক্
টক্ টক্
ঠক্ বা তা তা
বা জ তা
ৰাম্ না ৰাম্ না……
খৰ্ ৰ্ ৰ্ ৰ্ ঘ ৰ্ ৰ্ ৰ্ ক
ক্রেট্ ট্ কেৰেট্
ডিচ্ল্যাণ্ড ডিইচ্ল্যাণ্ড উবাৰ আলিছ্
উবাৰ আলিছ্ ইন্ভাৰ ৱেল্ট্
কট্ কট্ হুম্ ম্ ম্ কেক্
ওৱাওঁ-ওৱাওঁ—
ট ৰ্’ৰ্ ৰ্ খৰ্ ৰ্ ৰ্ ৰ্ খৰক্
টক্ টক্ টক্
কোঁ × × কোঁ কক্ কক্ পিঁ পিঁ-পিঁ-চূং
কিং কলিং
চু চিন্ য়ু মি চু চিং চাওঁ × × ×
“দিছ্ ইজ্ বি বি চি—
হিয়াৰ ইজ্ দি নিউজ্
এ হিউজ্—
আৰ্টিলেৰী বেটন ইজ্ বেইজিং—× ×
খেৰেক্ টেক্ টেক্ —
মেজৰ কেন্টনী স্পিকিং × × ×
কেৰেট্ × × × কেৰেট্ জ ৰ্ ৰ্ ৰ্
ওঁ ওৱাও কেট্ অ অ অ অই বননিঝৰ্ৰ
অই বন-নিৰ্ঝৰ
খৰ্ ৰ্ ৰ্ ৰ্ ৰ্ ৰ্ অৰ্……
বয়ে যায়
ঝৰ ঝৰ
(খ ৰ্ ৰ্ কট্ ক ৰ্ ৰ্ ৰ্ ক ৰ্)
ঐ বন-নিৰ্ঝৰ
ঐ বন-নিৰ্ঝৰ × × ×
ওঁক্ ওঁক্ ওঁক্ ওঁক্—
কুটুক্ কুটুক্—–
এ— এই যে গান গেলেন
উনি হয়েছেন কুমাৰী হেলেন ৷
তাৰপৰ শুনুন—
খ্ৰেক্— কৰ্ হুঁ-উ-উ-উ-উ-ইয়ঁ-ইয়ঁ
কেটেক— এজলী ৷ উই উই মুঁছিয় × × ×
কেটেক্ — কট্ কট্ ঠক্ ঠক্ ঠা ঠা থ্ৰান —
“কলিকতাৰ পৰা কৈছোঁ”
অসমীয়াৰ বেতাৰ অনুষ্ঠান ৷
অলপ পৰ পিছতে
অসমীয়াত সংবাদ শুনিবলৈ পাব —-
কেৰেক্—-
আৰু তাৰ আগতে গাব
খেৰেক্—
এটি গান
শ্ৰীমতী মৰমলগা বৰুৱাই
গানটো হৈছে
“মোৰ চেনেহৰ অভিমান ৷”
ঠেৰ্ এৰ্ ৰ্ ৰ্ ঠেৰেক্…..
খৰ্ খৰ্ খৰ্ খৰ্ খৰ্
খৰ্ খৰ্ খৰ্ খৰ্ খৰ্
টেক্ টেক্ ঠেক্— অঁ অঁ অঁ ঝ্ৰিং ঝিং ঝং
টাং টিং টুং টিং
ঠুং ঠাং ঠি ঠং
ঠি ঠুং ঠি ঠং
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্……………..