জোনৰ জোনাক চোতালে চোতালে
জোনৰ জোনাক
চোতালে চোতালে ফুৰে
বেলিৰ পোহৰ
বনে উপবনে ঘূৰে
মোৰ গানে নৈ
তেজৰ সোঁতত
বিজুলি সঞ্চাৰে
আঘাত কৰি বাৰে বাৰে৷
মোৰ গানৰ লগত
ভাবৰ আগ্নি যায়
সেই অগ্নিয়ে
নিৰাশা পুৰি
ছাখাৰ কৰি
আশাৰ প্ৰদীপ জ্বলায়৷৷
জোনৰ জোনাক ভাল পোৱা
জোনৰ জোনাক ভাল পোৱা
পখিলা এটা আছে
জোন দেখিলে
উৰি উৰি
ফুৰ্ফুৰ্কৈ নাচে৷
বেলি দেখিলে
পাতৰ আঁৰত
জোন দেখিলে
আপোন সুৰত
নিশা ফুলা শেৱালি ফুলক
চুবকে’ মৰম যাচে
গোটেই ৰাতিটো মৌ বিচাৰি
পুৱতিলৈ সাঁচে৷
সি হিমৰ টোপাল পিন্ধিবলে’, বৰ ভাল পাই
সেইহে নিশা ফুৰিবলৈ যায়৷৷
জ্ঞানৰ চকুৰে
জ্ঞানৰ চকুৰে
যেয়ে পৃথিৱী চাবি
স্বৰ্গ বিচাৰি পাবি৷
নজনাৰপৰা অহা তই কোন
এই পৃথিৱীতে
এই ফুলনিতে
তই বন-ভাত খাবি৷
মহা শিল্পীয়ে ৰচিলে পৃথিৱী
ফুলনি—
তই যে মানুহ
আহিলি শিল্পী
পৃথিৱী ধুনীয়া কৰা
আজি জান অন্তৰে অন্তৰে
মানুহৰ সত্তা সুন্দৰ
মানুহ কল্পী, মানুহ শিল্পী
মানুহ খনিকৰ৷৷
ডিবৰুগড়ৰে ডিবৰু নৈ
ডিবৰুগড়ৰে ডিবৰু নৈ
কেনি বৈয়ে যাৱ লুইতলৈ
নীল পৰ্ব্বতৰ
অঁকা আবৰৰ
বন মৰমৰ
আনিছনে কিবা বতৰা ঐ
ভৈয়ামলৈ৷
তাৰ কত নিজৰাই
তোক চুমা খাই
অঁকা আবৰৰ সোণ মইনাই
শিলনি ডবাৰ গোন্ধ বিৰিঙাই
পঠালেনে কিবা সাগৰলৈ
তই বৈ যাঁওতে
কলেনে কিবা মোক কবলৈ
পৰ্ব্বতে ভৈয়ামে সখি পতোৱা
সোণৰ সাধুটো
মোৰ গানত লিখিবলৈ
কেনি বৈয়ে যাৱ লুইতলৈ?
ডিবৰুপাৰৰে ডিবৰুগড়
ডিবৰুপাৰৰে ডিবৰুগড়
বিজুলি চাকিৰে
পোহৰে ঘৰ
লুইত উজনিৰ বৰেচহৰ
তোৰ আগতে
তোৰ মাজতে
মোৰ গানৰ
সুৰৰ শৰাইখনি পাতিলোঁ
মোৰ পূজালৈ মাতিলোঁ৷
তোৰ বুকুতে জ্বলে কত আশা
মোৰ লেখনীত নতুন ভাষা
সেই আশাৰে
সেই ভাষাৰে নতুন পূজা কৰ
ডিবৰুপাৰৰে ডিবৰুগড়
লুইত উজনিৰে বৰেচহৰ৷৷
তিৰঙ্গা নিচান বিজয়ী নিচান
তিৰঙ্গা নিচান
বিজয়ী নিচান
সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই
আলোকিছ ভাৰত বিমান৷
সমৰৰ শক্তি
দলিতৰ মুক্তি
ক্ষুধিতৰ ত্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান
কোটি কোটি কণ্ঠে
হব তোৰ জয় গাণ
কোটি কোটি হব বলিয়ান৷
বিশ্ব বিমুগ্ধ
সত্যৰ যুদ্ধ
দীপ্ত কৰিছে হিন্দুস্থান
মুক্তিকামীৰ আজি
সাম্য শান্তিৰ
ক্ৰান্তিৰ অভিযান৷
নমো নমো নমো
নৱ মানৱৰ
নৱ ভাৰত প্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান৷৷
তোক মই দেখা নাই
তোক মই দেখা নাই
বিয়াকুল হৈ বিচাৰি ফুলিলে
তোক জানো লগ পাই?
মোৰ চকুৰ মণিত তোৰ, ছবি জ্বলা নাই,
মনে তোৰ কথা বুজা নাই,
তথাপি মই তোক ভাল পাওঁ
নেদেখিও তোক
নিবুজিও তোক
তোৰে গানকে গাওঁ
নেদেখা নমনা ছবিকে বিচাৰি
জীৱনে জীৱনে যাওঁ৷৷
তোমাৰ কন্ঠৰে কন্ঠৱতী
তোমাৰ কন্ঠৰে
কন্ঠৱতী
কোনে মতা নাই?
কোনে মতা নাই?
তোলে’ দিয়া শৰাইখনত
তোলে’ দিয়া শৰাইখনত
দিলোঁ তামোল-পাণ
ফুল দুটামান ছিঙি দিলোঁ
আৰু দিলোঁ
তাৰ লগতে
মোৰ কেইটিমান গান৷
তামোল- পাণৰ শৰাই
নিলোঁ সজাই পৰাই
তই আছিলি তাঁতৰ শালত
মহুৰা যে ফুৰাই
তই শৰাই ঢকা চালি উদঙাই
মোলে’ ক’লি চাই
তামোল দিয়া
পাণ দিয়া
ফুলো ওপচায়েই দিলা
কেটিমানো গান,
ক’তা দেখোন প্ৰাণ?
মই ক’লোঁ মোৰ প্ৰাণটো দেখোন
তোৰেই আঁচলত
তই হাঁহি মাৰি চুই দিলি মোৰ
ঘামি জামি থকা কপালত৷৷
তোলে’কে চায়ে আছে
তোলে’কে চায়ে আছে
অকণি, তোল’কে চায়ে আছে৷
আজি শিকলি মুকলি
ভাৰতী আয়ে
চকুপানী মছি
তোলে’ অকণি
তোল’কে চায়ে আছে৷
গাঁৱৰ গাঁৱলীয়াই
অজলাই দুখীয়াই
বাগিছাৰ বনুৱাই
খনি কাৰেখানাৰ
কতনো কাজুৱাই
তোল’কে চায়ে আছে৷
তোল’কে চায়ে আছে৷
তয়ে দেশ তৰিবি
তয়ে দেশ ৰখাবি
জনতাৰ চোতালত পোহৰ নিজৰাবি
সৰগ নমাবি
পৃথিৱীলৈ
দুখীয়া নিছলাই
তোলে’ চাই বাটলৈ
তোলে’ অকণি
তোল’কে চায়ে আছে৷৷
তোৰ গান গোৱাৰেই, আনন্দতে
তোৰ গান গোৱাৰেই, আনন্দতে গাওঁ
তোৰ সুৰ ৰচনাৰ আনন্দতেই
প্ৰাণৰ শান্তি পাওঁ
নিমন্ত্ৰণত তোৰ—
ঝঙ্কৃত ছন্দৰে মই
অলঙ্কৃত হৈ
তয়ে পতা সভালৈকে যাওঁ৷
বাটে বাটে
ঘাটে ঘাটে
তোৰ বাতৰি পাওঁ
সেই বাতৰিৰ সুৰ লহৰী
বীণত ধৰি
দিওঁ জোঁকাৰি
সেই জোঁকাৰে কঁপাই হিয়া বিশ্বজনতাৰ
জগাই জগাই
কোমল হাহাকাৰ৷৷
তোৰ গানতে মোৰ সুৰৰে ঢৌ
তোৰ গানতে
মোৰ সুৰৰে ঢৌ
মাণিকী মধুৰী মৌ
মাণিকী মধুৰী মৌ
তোৰ গানতে
মোৰ সুৰৰ ঢৌ৷
ছন্দটি মোৰ
জাগিলে নে নৌ
তোৰ, বুকত তুলি
হেন্দোলনি
থউকিবাথৌ
জাগিলে নে নৌ
মাণিকী মদুৰী মৌ
মাণিকী মধুৰী মৌ
তোৰ গানতে
মোৰ সুৰৰ ঢৌ৷৷
তোৰ চকুৰ মণিত মোৰ ছবিটো
তোৰ চকুৰ মণিত মোৰ ছবিটো
মই যে আঁকিছো
সেইহে মই
তোৰ ছবিটো
গানৰে আঁকিছো৷
তোৰ প্ৰাণৰ আখৰ
মোৰ, মনৰ পুথিৰ বাখৰ
তাৰেই মই
মোৰ জীভনৰ সাধু লিখিছোঁ৷
সেই, আখৰকেইটাও
তোৰেই পৰাই
মই যে চিনিছোঁ৷
তোৰ ছবিটো গানৰে আকিছোঁ৷৷
তোৰ থাপনাত চকুলো এটুপি থলোঁ
তোৰ থাপনাত চকুলো এটুপি থলোঁ
তই আহিবি বুলি, বাটচায়ে ৰ’লোঁ৷
চকুপানীটুপি, বিয়পি মিলি গ’ল
ধূপৰ গোন্ধৰ সতেই উৰি
সি ক’ৰবালে’ গ’ল
সেই থাপনাত আছিল জ্বলি চাকি
তাৰ পোহৰে কোঠাত দিছিল
জিক্মিক্বোৰ আঁকি
আছিল জ্বলি চাকি৷
সেই দিঠকে সপোনৰ মোৰ ধৰে
এই পৃথিৱীৰ ঘোৰ দিঠকো
সপোন হৈয়েই
মোৰ গানে কবিতাই ফুৰে৷
তোৰ থাপনাত মোৰ চাকিটো
তোৰ থাপনাত মোৰ চাকিটো
অকলে অকলে জ্বলে
তোক বিচাৰি অকলে আন্ধাৰে
প্ৰাণৰ জুৰিটি বলে৷
অকলে জোনায়ে নিজম আকাশতে
তোৰেই জোনাক চালে
মই যে নহয় অকলশৰীয়া
বেৰি আছে মোক
তোৰে মৰমৰে, তোৰেই জোনাকী জ্বলে৷৷
তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
মোৰ কণ্ঠত যদি গান জাগে
মোৰ বুজাৰ যদি ভুলটো ভাগি
মোৰ প্ৰাণে তোৰ পৰশ মাগে
মোৰ কল্পনা যদি নৱবিকাশৰ মুঞ্জৰণত
উঠে জাগি বসন্ত বাগে
মোৰ ভাল পোৱা ফুল
তই চোওঁতেই
তোৰ হাততেই ভাগে
তোৰ জানো মোৰ
এই কথাবোৰ
ভাল লাগে?
তোৰ ভাৱনাৰ গানৰ কত তৰা
তোৰ ভাৱনাৰ
গানৰ কত তৰা
মোৰ মন আকাশত ভৰা৷
মোৰ মনীষা পৰ্ব্বতৰ
তোৰ মৰমৰ
উচ্ছল নিজৰা
মোৰ প্ৰতিভাৰ
সোণ পথাৰত নামে
কবিতাৰ ধান ফুলাই
ধন ফুলাই
কতনা চামে চামে
বৈ বৈ যায়
জান হৈ জুৰি হৈ
অকণমানি নৈ হৈ
মোৰ প্ৰাণৰ তোৰ মৰমত
দুকোল দাকাল
ভৰ বাৰিষাৰ ফেনে ফোটোকাৰ
বৰ লুইতত পৰে
তোলৈ মোৰ ভালপোৱাৰ
পাৰ নথকা সাগৰলৈ
সুন্দৰ যাত্ৰা কৰে৷৷
তোৰ মনত যদি নপৰে মোৰ
তোৰ মনত যদি নপৰে মোৰ মৰমসনা কথা
তোৰ প্ৰাণত যদি উচুপি নুঠে
মোৰ কৰুণ গানৰ ব্যথা
মোৰ মৰম সনা কথা৷
তেনে মোৰ ফুলনিৰ ৰঙা গোলাপ
কিয় চিঙিলি
তোৰ কেণিত মোৰ শেৱালি কিয় তুলিলি?
তোৰ সোণবৰণৰ ৰিহাৰ আগত
কিয়, মোৰ নামটো লিখা
তোৰ মোক চাই থকা পদুম চকুত
জ্বলে,—- কিয় জ্যোতি শিখা?
তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
মোৰ যে হাতত নাছিল সোণৰ বীণা৷
মোৰ ৰূপতেই তোক দেখি
মোৰ ৰূপকেই চালো লেখি লেখি
তয়ে ময়ে মাথো একা ছবি৷
হাতত বীণা তুলি লৈ
সেইহে হলো
মোৰ গানকেই
তোৰ সুৰতেই
মিলাই গোৱা কৰি
তয়ে ময়ে একেখনি ছবি৷৷
তোৰ সিদিনাৰ পুৱাৰ গানে
তোৰ সিদিনাৰ পুৱাৰ গানে
কি নুবুজা গোপন কথা আনে
দূৰণিৰ ভাষা মই যে নুবুজোঁ
মাথোঁ, আকুলতা জাগে মনে প্ৰাণে৷
এই পৃথিৱীৰ
গন্ধ গানৰ বৰ্ণচয়ৰ
ছন্দ সুৰৰ কত নিজৰা বয়
মোৰ সপোনে তাৰ পাৰতো
উচুপিয়ে ৰয়৷
উচুপনিৰ নতুন ছন্দ জাগে
নতুন সুৰে সাৰ পাই তাতে
নেদেখা নুশুনা নুবুজা গানৰ
চিৰ পৰিচয় মাগে৷৷
তোৰে মোৰে আলোকৰে যাত্ৰা
তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ,
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ!
সেউজীয়া জীৱনলে’ জাগৃতি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
আলোক বসন্ত হাঁহে হাঁহে৷
প্ৰচাৰিত আলোকবাণী
আগবাঢ়ে যুগগ্ৰামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে
জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনি গান৷৷
দুখীয়াৰ চোতালেদি
পোহৰৰ বীণ বাই
ব’হাগী কোঁৱৰটি যায়
হজুৱাৰ বনুৱাৰ
দুসাজি নিমিলাৰ
বুকুত ন সপোনৰ
জুইয়ে জ্বলাই৷
বীণৰে কান্দোনত
ৰৈ ৰৈ উচুপে
অজলাৰ
নিচলাৰ শোক
জোঁকাৰত শিয়ঁৰে
যাউতী যুগৰে
পেটৰে মনৰে ভোক৷
মোক অতদিনে আভুৱাভাৰিলে
মিছাৰ মায়াজালে তৰি
মিছাক সঁচা বুলি
নিজক দিলোঁ পঘা জৰী৷
যুগৰ মিচিকিয়া হাঁহিত
ভোলে গৈ
মিছাক সঁচা বুলি মানি
অতদিনে ধৰি
ৰৈয়ে চাই থাকিলোঁ
কাঢ়ি খোৱা মোৰ
নিজে ৰন্ধা ভাতে-পানী৷
পোহৰৰ দেশৰে ব’ৰাগী কোঁৱৰ ঐ
বীণৰে ভূঁইকপ কৰ
ভাগি য’ক ভাগি য’ক, বুলি হৈ উৰি য’ক,
যতবোৰ মিছাৰে
ভুৱাৰে সজোৱা ছলাহীৰে বৰে ঘৰ৷৷
দেউতা, তই কি লিখিছ গান
দেউতা, তই
কি লিখিছ গান
মোলৈ এটা লিকিবি দেই
কুৰ অকণমান
এটা কুৰ পোৱালি গান৷
দেউতা,
মোৰ গানত, লিকিবি এটা
সৰু ৰঙা চৰাই
সোণৰ ৰূপৰ পাখি লগাই
দিবি উৰাই উৰাই
আৰু লিকিবি পকিলা এটা
ফুৰ্-ফুৰ্ কৈ উৰা
আৰু এটা ডাঙৰ লাটুম
ঘুৰ্ ঘুৰ্ কৈ ঘূৰা৷
আৰু লিকিবি কমলা টেঙা
আৰু পকা আম
মই আবেলি খাম৷৷
দেউতা মই আজি সপোনত
দেউতা মই আজি সপোনত
দেখিলোঁ এটা গান
তুমি যে লিখা সৰু গান
তাতোকে’ অকণমান৷
মোৰ দৰেই তাৰো গাতো
কাপোৰ কানি নাই
চোলা পিন্ধিলে সিও হেনো বৰ বেয়া পায়৷
তুমি যে দিছা মাজ কোঠালিত তানপুৰাটো থৈ
তাৰ তলতে
জুনুকা পিন্ধি নাচি আছিল
ঠুমুক্ ঠুমুক্ কৈ৷
মোক দেখি সি খং কৰি গৈ
হামণিটোত সোমাল
নিগনি খোচাদি খুচি আছিলোঁ,
তেওঁ গানটো নোলাল৷৷
দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
ধনে-ধানে পূৰে
নিমাত মৰিশালি হলে,
আৱৰী মানে পাই
ধনে-সোণে চুহি
পুৰি ছায়ে কৰি গ’ল৷
দেহি ঐ ! তাতে কোন গাভৰুৱে
ৰূপৰ ফুল পিন্ধিছিল
কপৌফুল পিন্ধিছিল কোনে ?
কোন ডেকাদেৱে
হাঁহি কাষ চাপিছিল—
ওপৰে তিৰেবিৰায় জোনে৷
দেহি ঐ ! তাতে ক’ৰে সখিয়তী
পৰি ডালে-পাতে
মাতিছিল সখী ঐ বুলি,
তাতে কোন ৰূপহীয়ে
নৈৰে ঘাটতে
বহি মেলাইছিলে চুলি?
দেহি ঐ ! দূৰৈৰ গাঁৱেখনি
আছিল জকেমকি
চিন-চাব এটিকে নাই,
হলে গহীন হাবি
বাঘে-ঘোঙে ভৰি
হিয়া ছাঁতে কৰি যায়৷৷
ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
পিছে পিছে, কোন যাবি
লগে লগে কোন যাবি?
চকুপানীৰ গাঁও পাবি৷
যন্ত্ৰণা-বেদনা ব্যথাৰ
মুকুতা ধুনীয়া ৰূপ চাবি
চকুপানীৰ গাঁও পাবি৷
তাত দীপ্তা আশাই
নিৰাশাৰে যুঁজে
তাত নতুন গানৰ
আচল অৰ্থ বুজে
তাত গাভৰুৰ খোজে খোজে
পোহৰ পদুম ফুলে,
তাত, ফালি চিৰি
প্ৰকাশ পাবলৈ
বিকাশ লবলৈ—-
গাঁৱৰ ডেকাৰ
চকু দুটাত
জুই আঙনি জ্বলে৷
সুন্দৰে তাত বাহৰ পাতি আছে
গাঁৱৰ ডেকা-ডেকেৰীয়ে
আগচোতালত
পাছ চোতালত
নতুন দিনৰ
নতুন বিহু নাচে৷
সুন্দৰে চাই আপোন মনে
হাঁহি হাঁহি
অময়া মৰম যাচে৷৷
ন জোনাকী ন জোনাকী
ন জোনাকী
ন জোনাকী
তোৰ পোহৰ ৰঙা কিয়?
বগা পোহৰক
ৰঙা তেজৰে
কিয় বোলায় দিয়?
তইতো নহয়
কত পীড়িতৰ
ত্যাগৰ তেজৰ
টোপালবোৰৰ
মোৰ বেজাৰত
জ্বলাই ফুৰা
পাখি লগা শোক৷
মোৰ অৰুণ গানৰ
কৰুণ মৰমত
জ্বলাই ৰখা বাখৰ
তই অৰ্থ থকা উৰি ফুৰা
নতুন দিনৰ আখৰ৷৷
ন পোহৰৰ ৰ’দ কাঁচলিত
ন পোহৰৰ ৰ’দ কাঁচলিত
তাঁতৰ পাটত বহি
ন সূৰুযৰ জিকমিকনি সহি
তই
ন চানেকিৰ নতুন ফুলটো বাছ
সেই পুৱাতেই
মোৰ গানটো শুনি
যদিহে তই
থমক্ খাই আছ
তেন্তে মোৰ গানতেই তই
প্ৰথম শাৰী গুণগুণকৈ গাবি
তোৰ নিজৰ মনৰ
আউলী কথাৰ
আপুনি অৰ্থ পাবি৷
মোৰ গানৰ শেষ শাৰীটো
তোৰ চোতালত গালে
এখুজি দুখুজিকৈ
মই গৈয়েকি
তোৰেই ওচৰ পালে
মোৰ মুখলৈ চাবি
তই বিচৰা ন চানেকি
মোৰ কপালত
জিলিকি থকা পাবি৷৷
নতুন এই সমাজনীতিৰ
নতুন এই সমাজনীতিৰ
কিতাপখনত গঁথা
কাৰনো মনৰ
সোণ সেৰীয়া
ৰূপ সেৰীয়া কথা
কিতাপখনত গঁথা ৷
কোন মনীষাত
জনগণৰ তীব্ৰ বেদনাই
সপোন দেখি ন জীভনৰ
উচুপি উচুপি, উঠিলে সাৰ পাই
সেইহে মনীষাই
দিব্যপ্ৰভা দৰ্শনেৰে চাই
জনসমাজৰ অপূৰ্ব্ব গান গায় ৷৷
নতুন দিনলে’ যাত্ৰা কৰিলি
নতুন দিনলে’ যাত্ৰা কৰিলি
কোনে কোনে
কোনে কোনে?
ভাগ্য পঢ়িলি মনে মনে
মনে মনে৷
সেইটি বাটত
দুখৰ জ্বলে জ্বলন্ত এঙাৰ
মৃত্যুয়ে তাত বাটে বাটে ধৰিছে হেঙাৰ
মৃত্যু বিজয়ী ন জোৱানৰ
যাত্ৰা ৰুধিবি কোনে?
যাত্ৰা ৰুধিবি কোনে?
সমদলৰ সংঘাত লাগি
পৰ্ব্বত খহি যাব
জীৱনৰ তেজ জ্বলি উঠা দেখি
মৃত্যুও কোঁচ খাব
সিহঁত যাব, সিহঁত যাব, বিস্ফোৰি বিদাৰি
যাব— মহালোকৰ পিনে
মৃত্যুবিজয়ী ন জোৱানৰ যাত্ৰা ৰুধিবি কোনে?
নতুন দিনৰ ন-ছোৱালী
মোৰ গানটো যদি গাৱ
মোৰ সুৰত যদি উটি বুৰি যাৱ
মোৰ কপালৰ নতুন জ্যোতি যদি ভাল পাৱ
মোৰ গানটো যদি গাৱ৷
মোৰ গানটো যদি গাই থাকোতে জ্বলে বুকুত জুই
সপোন দেখি নাথাকিবি
অ’ ছোৱালী শুই
যদি, জ্বলে বুকুত জুই৷
মোৰ গানত আছে ন বিজুলি
ন জীৱনৰ ন সজুলি
নতুন মানুহ সাজিবলৈ নতুন বটালি
মোৰ গানে তোক বাট দেখুৱায়
পোহৰ কৰি
ন ভৱিস্যৰ নতুন ৰাজ আলি৷৷
নতুন ভাৰত নতুন ভাৰত
নতুন ভাৰত
নতুন ভাৰত
নতুন ভাৰত
মোৰ নতুন ভাৰতৰে নতুন ছবিখনি
জাগিলে অ’
জাগিলে অ’
মোৰ গানে গানে
মোৰ নতুন ভাৰতৰ
নতুন ছবিখনি
জাগিল ৰে
জাগিল ৰে
মোৰ গানে গানে
মেৰী নয়া ভাৰতকী
নয়া ছবি
জাগা ৰে
জাগা ৰে
মেৰী গানা মেঁ গানা মেঁ
মোৰ প্ৰাণে প্ৰাণে
মোৰ প্ৰাণে প্ৰাণে
মেৰা কলিজা মেঁ
নৱজীৱনময় অভিনৱ ছন্দ
নৱ নৱ ৰূপৰ সবৰ্ণ গন্ধ
খোল খোল খোল
দুষ্কৃত মণিবন্ধ
জাগে ভৱিস্য
জাগে নৱ সংস্কৃতি হুঙ্কাৰ
বিশ্বজীৱন ওঙ্কাৰ৷
নতুন ভাৰতৰ নতুন মন্ত্ৰ
নতুন ভাৰতৰ নৱতম জনগণতন্ত্ৰ
আজ নিৰ্ম্মিত হোগা নৱজীৱন যন্ত্ৰ
আজ নৱভাৰতকে ঝঙ্কৃত নৱ তালপ্ৰমুক্ত মাত্ৰা
আজ অজেয় বিজয়ী সুৰ লয় মানোসে
ভাৰত জনতাকি
ভাৰত জনতাকি
আলোক যাত্ৰা৷৷
নামঘৰলৈ সোণৰ শৰাই নিয়
নামঘৰলৈ সোণৰ শৰাই নিয়
ফুলৰ পাতৰ কি অৰিহণা দিয়?
নামঘৰলৈ সোণৰ শৰাই নিয়?
তাত আছে নে
তেজৰে বোলোৱা ফুল
তাত আছে নে কবিতা গানৰ ফুল
তাত আছে নে নতুন পুৱাৰ চুমাত আমোলমোল
তলসৰা বকুল?
ইমান পুৱাই ইমান বেগাই তইনো
যাৱ কিয়?
নামঘৰলৈ সোণৰ শৰাই নিয়৷৷
নিমাতী কইনা নাহাঁহি মইনা!
নিমাতী কইনা
নাহাঁহি মইনা!
ক’ত থৈ আহিলা
চেনেহৰ মইনা মাত?
চেনেহৰ মইনা নুবুলি কইনা
চেনেহৰ মইনা মইনা মাত৷
দীপ্লিপ্ কুঁৱৰী
কাকে আছা সুঁৱৰি
মাতোঁ মাতোঁ চকুযোৰে
কাকেইবা চায়!
সোণৰ জাপি পিন্ধি
ফুলাম ছৈৰ নাৱতে
আহি ৰূপকোঁৱৰে
হাঁহিটি মাৰিবহি
বীণখনি বাই!
ৰূপৰে কুঁৱৰীৰ
মাত ফুটা নাই
আহা ৰূপকোঁৱৰ অ’
আহা বেগাই৷৷
নীল আকাশৰ এটা তৰা
নীল আকাশৰ এটা তৰা
এটা তৰা অ’
তাৰ পোহৰে—- তাৰ পোহৰে
বাটটি চিনি ল’
অ’ পথিক তই
ভাৱি শুনি তই
কি লেখ লেখ৷
আকাশৰ সৌ দূৰ নীলিমাৰ
পোহৰে তোক
মাতিছে অ’
মাতিছে অ’৷৷
নীল সাগৰৰ সমীৰণে
নীল সাগৰৰ সমীৰণে
বাট হেৰুৱাই আহি
মোৰ পদূলিৰ বকুল তলত
আছিল হাঁসি হাঁহি ৷
মোৰ পুৱাৰ সুৰে
নুফুলা ফুলক সাৰ পোৱালে
পাৰে পাৰে ফুৰে৷
অচিনাকি সমীৰণক দেখি
আলেখ লেখ লেখি
থাকিলে লাগি থৰ
সমীৰণে সুধিলে বোলে
হয়নে বাৰু এইখনিয়েই
ফুলকোঁৱৰৰ ঘৰ
মই আনিছোঁ কোঁৱৰলৈ
সাতো সাগৰৰ
বাতৰি মৰমৰ৷৷
নূপুৰে মাতে ৰুণজুণ্
নূপুৰে মাতে ৰুণজুণ্
নূপুৰে মাতে
নূপুৰে মাতে ৰুণ জুন
নূপুৰে মাতে৷
সখী যাবৰ বেলি
আমাৰ হিয়াখনি বিষাদে ছাটে
সখী বিষাদে ছাটে৷
বিদায়ৰ পৰতে
চলে চলি চকুতে
চকুপানী নাটে
সখী চকুপানী নাটে৷
যোৱা সখী দিছো বিদায়
মনতে ৰাখিবা সদায়
এৰোনো কি সতে৷
সখী এৰোনো কি সতে।
নৰকঙ্কালৰ নৃত্য দেখিলি কোনে?
নৰকঙ্কালৰ নৃত্য দেখিলি কোনে?
ত্ৰাসত নাথাক মনে মনে৷
ভয়ঙ্কৰী ছন্দ জাগি
উল্কাবেগে যায়
আকাশে
বতাহে
পৃথিৱীয়ে
প্ৰলয়ঙ্কৰী জুই জ্বলায়৷
সেই অগনিয়ে
লোহাৰ মানুহ
সোণৰ কৰি যাব
ভ্ৰান্তৰ দলে
মানৱ প্ৰাণৰ
মহাজীৱনৰ, মহা সৌন্দৰ্য্যৰ
সত্য বিচাৰি পাব
আনন্দ গান গাব৷৷
ত্ৰাসত নাথাক মনে মনে৷
ভয়ঙ্কৰী ছন্দ জাগি
উল্কাবেগে যায়
আকাশে
বতাহে
পৃথিৱীয়ে
প্ৰলয়ঙ্কৰী জুই জ্বলায়৷
সেই অগনিয়ে
লোহাৰ মানুহ
সোণৰ কৰি যাব
ভ্ৰান্তৰ দলে
মানৱ প্ৰাণৰ
মহাজীৱনৰ, মহা সৌন্দৰ্য্যৰ
সত্য বিচাৰি পাব
আনন্দ গান গাব৷৷
নৰকত যি জুই জ্বলে
নৰকত যি জুই জ্বলে
ৰাতিয়ে দিনে
জ্বলাই মাৰে
তাৰো আছে গুণ
মোক, পুৰি পুৰি কৰি দিয়ে
উজ্জ্বল সুজ্জ্বল সোণ ৷
জ্বলা পোৰাই যদি নৰক হয়
সি পাপ কৰে ক্ষয়
সেই ক্ষয়ৰ পিছত যিটি থাকো মই
জাগো পুণ্য হৈ
মোৰ জুয়ে মোকেই পুৰি পুৰি
মই থাকোতে ঘূৰি ঘূৰি
মোক উজলাই কৰে তৰা জোন
পোহৰ দিয়া সোণ৷৷
নৱ জন-জীৱনৰ শিল্পী জাগ অ’
নৱ জন-জীৱনৰ শিল্পী জাগ অ’
নৱ মন কিৰণৰ শিল্পী জাগ অ’
মোৰ মনে
মোৰ প্ৰাণে জাগ অ’
মনীষাত প্ৰতিভাত
জাগ জাগ অ’
তয়ে পৃথিৱীৰ আধাবুজা
মোৰে মন সিজা ৷
তয়ে জনবৃদ্ধ
তয়ে গণবৃদ্ধ
অভিনৱ জ্ঞানৰে জনতাপ্ৰবুদ্ধ
সাৰ্থক কৰ আজি
জাগ্ৰত জনতাৰ
মুক্তিকামী জয়যুদ্ধ ৷
এহাতেৰে গাণ্ডীৱ
সংহাৰ অস্ত্ৰ
হবি সশস্ত্ৰ
পিন্ধি নৱ নৱ বস্ত্ৰ
এহাতৰে কৰি যাবি
বিকাশ কমলৰে
চিৰসুন্দৰৰ পূজা
তয়ে পৃথিৱীৰ আধাবুজা ৷৷