গান যদি মই নিলিখোঁ সখি
গান যদি মই নিলিখোঁ সখি
তই জানো মোৰ থাকিবি কাষত
তোৰ, চম্পা আঙুলি লেখি ?
গান যদি মই নিলিখোঁ সখি !
সুৰৰ চানেকি নেবাছিলে মই
থাকিবিনে ৰৈ
থাকিবিনে ৰৈ
মোকে নিৰিখি
মই যদি মাথোঁ নাগাওঁ গান
নিলিখোঁ কবিতা
কৰি অভিমান
তেতিয়াও জানো, তেতিয়াও, ওচৰতে
হাঁহি থাকিবি ?
গান যদি মই নিলিখোঁ সখি ৷৷
গান লিখোঁ মই
গান লিখোঁ মই
প্ৰাণ জগাবলৈ
প্ৰাণ ঢালোঁ মই
কণ্ঠে কণ্ঠে গান জগাবলৈ ৷
সেই কোটি কণ্ঠৰ গানে
যদি পৃথিৱীৰ নতুন জীৱন আনে
সেই জীৱনৰ নুপূৰা আশাৰে
গান লিখি যাম
বাৰে বাৰে
অগ্নি ভাষাৰে
মোৰ শেষৰ অগ্নিবাণে
আৰু নতুনৰ
নতুন তানে তানে
ভৱিস্যলৈ যাব
কোন কৰবাৰ নতুন জীৱনত
তাৰ, সেই জীৱনৰ সুৰ বিচাৰি পাব ৷৷
গানটি যদি নিলিখোঁতেই
গানটি যদি নিলিখোঁতেই
তাৰ সুৰটি বাজি উঠে
পুৱা পোহৰে
চকুপাহিত
ঢৌ তোলোতেও
সাৰ পায়ো নুঠে,
তাক গান নথকা
সুৰটিৰেই
জগাম আথেবেথে ৷৷
গানে যদি মোৰ নলৰাই তোক
গানে যদি মোৰ
নলৰাই তোক
আধামুদা চকুপাহি
মিছাকৈয়ে তেনে
মোৰ ফালে চাই
নাথাকিবি হাঁহি হাঁহি ৷
মোৰ যদি গানে
তোলৈ নানে
নুফুলা কলিৰ ব্যথা
মোৰ যদি গানে
তোক মনে মনে
নাই কোৱা একো কথা
মোৰ সপোনৰ
মোৰ গোপনৰ
আৰু, শুনা নাই যদি তই
মোৰ জীৱনৰ
তোৰে সুৰৰে বাঁহী ৷
মিছাকৈয়ে তেনে
মোৰ ফালে চাই
নাথাকিবি হাঁহি হাঁহি ৷৷
গুমৰি উঠিছে হিয়া
গুমৰি উঠিছে হিয়া অভিনৱ তানে ৷
যৌৱনৰ প্ৰথম পুৱাত আজি
ক’ত আছে প্ৰাণৰ আলহী
কোনে কৈয়ে দিব
কোনে জানে ৷৷
চিৰসুন্দৰ ! হে চিৰসুন্দৰ
চিৰসুন্দৰ ! হে চিৰসুন্দৰ
মোৰ ৰাগ ৰুৰবীৰে পতা
লবি পূজা,
তোৰে সুৰেৰে মই
ৰচিলোঁ কতনা গান
বুজা-নুবুজা
লবি পূজা।
মোৰ যত অভিনৱ গান
বিকশিত কমলৰ গন্ধ সমান
মনে মনে
সোণোৱালী সপোন-বিভোৰ
সপোনৰো সপোনত
ছয়াময়া ৰূপ জ্বলে তোৰ
সুৰৰ শতেক ফুলে
চকুৰ লোতক জ্বলে
নবজোৱা সুৰেৰে বাঁহীটি বজা৷৷
চিৰসুন্দৰক দেখিছিলোঁ
চিৰসুন্দৰক দেখিছিলোঁ
এদিন সপোন-পুৱা
মহাজ্ঞানৰ মুকুট পিন্ধি
পোহৰেদি যোৱা৷
মৌ মুগ্ধ মুকুতাৰে মোৰ
যাচি দিলোঁ সুদা কৰি
শত জীৱনৰ
সকলো ভালপোৱা৷
দেখিছিলোঁ পোহৰেদি যৌৱা৷
মাথো হাঁহিলে এবাৰ মোৰ ফালে চাই
বিশ্ববিজয়ী হাঁহি
সেই, হাঁহিৰ অৰ্থ
বুজো বুজো কৰি
বজাওঁ জীৱন বাঁহী৷৷
চিৰসুন্দৰে ধৰিব খুজিছে
চিৰসুন্দৰে ধৰিব খুজিছে
বিশ্বজনতা ৰূপ৷
নবীন গন্ধে নবীন বৰ্ণে
জনজীৱনৰ মন্ত্ৰ জাগিছে
তন্ত্ৰ জাগিছে
আকাশে আকাশে বিয়পি পৰিছে
নৱজীৱনৰ ধূপ৷
আজি জনতাৰ জোনাকী চকুত
স্বৰ্ণজ্যোতি জ্বলে
আজি জনতাৰ মন ফুলনি
সুশোভিত ফুলে ফলে
আজি জনতাই
পৰাশ পালে
হৰষ পালে,
নৱকিৰণৰ গান গালে৷
মনেৰে প্ৰাণেৰে চিনি স্বৰূপ
নতুন পৃথিৱী গঢ়িবলে’ আজি
ধৰিছে শিল্পীৰূপ৷৷
চৰণীয়া পথাৰৰ গৰখীয়া গীত
চৰণীয়া পথাৰৰ গৰখীয়া গীত
দূৰণিবটীয়া হৰিলি চিত
চৰণী্য়াপথাৰৰ গৰখীয়া গীত৷
পিজলী কাজলী গাখীৰতী গাই
তোৰ মান ধুনীয়া নাই
দামুৰি পোৱালিয়ে
সেউজীয়া ঘাঁহনিত
উমলি ধপলিয়াই৷
হালৰে এহালি
হালৰে দুহালি
হালৰ তিনিহালি
গৰু চাৰিহালি— গৰু যে গাঁৰে হিত
দুখীয়া নিচলাৰ জীৱলগা বিত৷
চৰণীয়া পথাৰৰ গৰখীয়া গীত
দূৰণিবটিয়াৰ হৰিলি চিত৷৷
চৰাই বনৰীয়া মুকলিমুৰীয়া
চৰাই বনৰীয়া
মুকলিমুৰীয়া
গাৱ বনৰীয়া গীত৷
মনে উৰো উৰো
কৰে তোৰ লগতে
মোৰে উৰণীয়া চিত৷
ঊষা জিৰণীয়া
পাই লগৰীয়া,
সন্ধিয়াৰ দেশলৈ যায়;
অকলনোশৰীয়া
কৰি মোক সখিয়া,
গলা মিলনৰে নিশাটি পাই৷৷
জনতা তোৰ পোহৰ পৰা মনত
জনতা তোৰ পোহৰ পৰা মনত
আজি আগবাঢ়িবৰ অগ্নিক্ষণত
জাগিলে মোৰ গান
তই পাতিলি কাণ৷
সুন্দৰে তোৰ আগে আগে যায়
দেখিছনে নাই ?
অত যুগৰ
কত পিছত উঠিছ সাৰ পাই৷
তোৰ ত্ৰাণ আহিছে
মান আহিছে
বান আহিছে নবীন প্ৰাণৰ
অমোঘ মন্ত্ৰবাণ
আজি আগ বাঢ়িবৰ অগ্নিক্ষণত
জাগিলে মোৰ গান৷
জনতা তোৰ প্ৰাণৰো প্ৰাণত
জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত,
শিল্পী যে মই
লুকাই লুকাই আছোঁ,
তোৰ সপোনৰ কত ছবিত
কত যে ফুল বাছোঁ,
লুকাই লুকাই আছোঁ,
তই নাজন,
মই জানো তোৰ গোপনৰ আশা,
মইহে জানো তই নজনা
তোৰ নিজৰেই ভাষা৷
তোৰ সেই নিজানত
সেই গহনত
তোৰেই ময়েই
শিল্পীয়েই
তোৰ আন্ধাৰত নাশিবলৈ
তোৰ বুকুতেই
বিপ্লৱী হৈ জাগিম,
পোহৰলৈ তোক নিবলৈ
তোৰেই পূজা নিতৌ পাতি
তোৰেই আশিস মাগিম৷৷
জননী মোৰ পূজাৰে মন্দিৰ শুদা
জননী মোৰ পূজাৰে মন্দিৰ শুদা
জাগা জননী মোৰ মৰণমুগ্ধা৷
স্বৰ্ণঅনলদগ্ধা
জাগা— জাগা
চিৰপ্ৰেৰণাময়ী জননী মোৰ জাগা৷
স্তব্ধ প্ৰশান্ত নিৰৱতা ভেদি
জাগা— জাগা
অন্তৰবাসিনী জাগা
জননী গোঁসানী মোৰ জাগা জাগা৷৷
জননীৰ সন্তান অজেয় নৱজোৱান
জননীৰ সন্তান– অজেয় নৱজোৱান
আজি হ’ব তোৰ
সত্যৰ অভিযান
আজি জহি যওক
কত শতাব্দীৰ
গ্লানি অপমান৷
শক্তিহীনতা কাপুৰুষৰ
তেজৰে উটাই
আগবাঢ়ি আহি
শত্ৰু কৰহি কম্পমান৷
যুঁজিব লাগিব
জিনিব লাগিব
সত্যৰ মহা ৰণ
নহ’লে নহ’ব, পৰিত্ৰাণ
জাগ আজি তই সৰ্ব্বতিয়াগি
অজেয় নৱজোৱান৷৷
জননীৰ সন্তান জাগা
জননীৰ সন্তান জাগা
জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ৷
মৃত্যু গছকি আনা জয় জিনি
কৰি দুৰ্জ্জয় অভিযান৷
শক্তি গায়ত্ৰী মনত পেলোৱা
হ’বা দুৰ্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান
অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ
অজেয় নৱ-জোৱান৷৷
জনানুৰঞ্জন
জনানুৰঞ্জন—
কোন আজি কৰি জাগ
নতুন দিনত
কোনে জ্বলাব জুই
নতুন প্ৰাণত৷
তোৰ অভিনৱ গুঞ্জন
সঞ্জীৱনীৰে কোনে
বিকশিত কৰি যাৱ
জনজীৱনৰে ফুলদল
মন্দ্ৰিত কৰিছ কোনে
অগ্নিকমল?
কোনে বজাৱ বাঁহী জনতাৰ মনৰ বনত
কোন তই উঠ জ্বলি
আজি এই অগ্নিক্ষণত?
জনানুৰঞ্জন—-
আজি চকুৱে চকুৱে পিন্ধা নতুনৰ
জ্যোতিৰূপা অঞ্জন৷৷
জয় আলোকময়
জয় আলোকময়
অনাদি অনন্ত প্ৰসাৰি
বিশ্ব জীৱন জ্যোতি ।
জয় জয় সুন্দৰ
সত্য সনাতন
চিৰ প্ৰশান্ত বিশ্বপতি ।
কোটি বিশ্বব্যাপক
হে মহামনাধীপ
বিশ্ব জীৱন জ্যোতি
প্ৰণতি
প্ৰণতি
প্ৰণতি
জয় জয় দানৱ সেৱিত মহাদেৱ
জয় জয় দানৱ সেৱিত মহাদেৱ
জয় জয় ত্ৰিশূলধাৰী
জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ
জয় ভীম বিভোল ভয়হাৰী৷৷
জয় জ্যোতিৰূপা জয় অজেয়া
জয় জ্যোতিৰূপা
জয় অজেয়া
জয় জয় ভাৰত
জয় জননী ৷
তোৰে কিৰীটিতে সবিতা-সম-প্ৰভ
জ্ঞানৰ মুকুট মণি ৷
আহাঁ … আহাঁ….. আহাঁ সন্তান
উৰোৱা ত্ৰিবৰ্ণ নিচান ….
বজোৱা বিপ্লৱ শঙ্খ ধ্বনি
জয় জয় ভাৰত
জয় জননী ৷
অহিংসা- সত্য- সেৱাৰ জ্যোতিৰে
কৰিম উজ্জ্বল আমি তোৰে বয়ান
আমি তোৰ সন্তান অকতিবানদুৰ্জ্জয়..
নিৰ্ভীক মৰণ বিজয়ী
বিশ্ব শান্তিৰ বাহিনী ৷৷
জয় হিন্দ্ জয় জয়
জয় হিন্দ্
জয় জয়
জয় হিন্দ্ জয় জয়
নৱভাৰতৰ নবীন আৰুণোদয়
জয় হিন্দ্ জয় জয়৷
যুগান্তৰৰ আন্ধাৰ জিনি
আগবাঢ়ি যা ন’ যোৱান!
তোৰ হাতত উৰে বিজয়ী নিচান৷
ইন্কিলাব জিন্দাবাদ্
হিন্দ্ আজাদ হিন্দ্ আজাদ৷৷
জয় ৰূপমুগ্ধ
জয় ৰূপমুগ্ধ
জয় সুৰমুগ্ধ
জয় জয় অৰূপজ ৰূপকুমাৰ
ৰূপে ৰূপে
গন্ধে বৰ্ণে গানে
সুৰ লয় তানে মানে
লোৱা লোৱা
প্ৰাণৰে পূজাৰ
ষোড়শোপচাৰ
জয় জয় অৰূপজ ৰূপকুমাৰ৷৷
জাগ ভাৰতৰ নৱ জোৱান
জাগ ভাৰতৰ নৱ জোৱান
বিশ্ব বিজয়ী নৱজোৱান!
কিহৰ শঙ্কা কিহৰ ভয়
কপালত তোৰ জিলিকে জয়৷
জাগা– জাগা–
জাগা দুৰ্ম্মদ নৱজোৱান
জাগা অৰ্জ্জুন সম হৈ
ক্লৈবতা (?) এৰি থৈ
তোৰ যুঁহৰ সাৰথি ভগৱান
জাগা দুৰ্ম্মদ নৱজোৱান৷৷
জাগা জননীৰ সন্তান
জাগা জননীৰ সন্তান
জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ৷
মৃত্যু গছকি আনা জয়জিনি
কৰি দুৰ্জ্জয় অভিযান৷
কৰ্ম্মহীনতা কাপুৰুষতাই
তোমাক কৰিলে জয়
তুমি দুৰ্ব্বল ম্ৰিয়মান
তথাপিও নাই ভয়–
জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷
শক্তিগায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান৷
অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ
অজেয় নৱ-জোৱান
জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷৷
জাগা জাগা নক্ষত্ৰৰ
জাগা— জাগা
নক্ষত্ৰৰ প্ৰভাতে প্ৰভাতে
হাঁহা — সকলো সন্ধিয়াৰে
ভুৱনে ভুৱনে বিয়পি
তোমাৰ হাঁহিয়ে
কোটি জগতৰ
আকাশ কৰিছে ময়াপী৷
তোমাৰ স্বৰৰ লহৰে
অনন্তৰ অন্ত বিচাৰি
তোমাতেই অন্ত পায়৷
তোমাৰ কণ্ঠেৰে
কণ্ঠৱতী
কোনে মতা নাই?
কোনে মতা নাই?
জাগে জাগে জাগে জনগণমন জ্যোতি
জাগে জাগে জাগে
জনগণমন জ্যোতি
গগনে গগনে জ্বলে
বালাৰ্ক দ্যুতি
জাগে গণমন জ্যোতি৷
আজি মুকুলিত জনসাধনা
আজি সুফুলিত জনকামনা
অনুপশমিত আজি সঞ্চিত যাতনা৷
আজি কুসুমিত জন চেতনা
প্ৰশমিত হওক বেদনা৷
জীভনৰ জয় গান
ধ্বনিত সনস্বৰে
পিপূৰণ অন্নৰে বসন্ত জাগক ঘৰে ঘৰে
নবীন আলোক জাগ
বাহিৰে ভিতৰে
নিজৰা ধাৰে৷
আজি যত আন্ধাৰত
জনমা মানৱ
আলোকত জ্বলি উঠ
হৈ অভিনৱ৷৷
জানো জানো জানো বন্ধু
জানো জানো জানো বন্ধু
মোৰ, সকলো গানৰ আলাপন
মোৰ, সকলো সুৰৰ সকলো বিলাপন
নবাভিনৱ গুঞ্জন
কুঞ্জন
ছন্দৰ মোৰ
বিৰহ নিশাৰ
আকুল উদ্যাপন
সকলো এদিন সকলো হব
তোতেই সমাপন৷
তোতেই সমাপন৷
চিৰ আন্ধাৰ আঁতৰি যোৱা
কোনোবা অৰুণ পুৱা
ফেনে ফোটোকাৰে
উতলি উঠিব
জিনিব আলোক-ছাঁয়া
মোৰ চিৰজীৱনৰ সকলো ভালপোৱা৷
বিশ্ববিয়পা ৰামধেনু হৈ
ফুলিব মোৰ
জ্বলিব মোৰ মন
মোৰ, সকলো গন্ধৰ
অন্ধ দৰ্শনৰ
ব্যাকুলতাই
আকুলতাই
বিচাৰি ফুৰে
তোৰেই পৰশন
তোৰেই দৰশন
সকলো এদিন, সকলো এদিন
তোতেই সমাপন৷
জানো জানো জানো বন্ধু!
জানো জানো জানো
জানো জানো জানো
বিফলে নাযায় মোৰো গানো৷
মোৰ য’ত অশ্ৰুজল
তীৰ্থ জলেৰে মিলি
উজলিব পৃথিৱীৰ
কোষায় কোষায়
জানো জানো জানো৷
মোৰ যত অভিনৱ গান
বিকশিত কমলৰ গন্ধ সমান
জানো জানো
জগাব সি বিশ্বৰ প্ৰাণো৷
অকলশৰীয়া সেই পুৱতিৰ তৰা
আপোনাৰ গানতেই আপুনি বিভোৰা
ঊষাৰ কোলাতৰ মাৰ যায়
পোহৰত হাঁহিটি মিলাই
জানো জানো জানো
বিফলে নাযায় তাৰো গানো৷
জাগা অভিনৱ ছন্দে
মৌন মুগ্ধ যত শব্দ কমল দল
কণ্ঠে কণ্ঠে অৰ্ব্বুদ বৃন্দে
জাগা অমৃত সুৰবাণী পৰমানন্দে৷৷
জানো জানো সুন্দৰ
জানো জানো সুন্দৰ
পৃথিৱীয়ে তোক চিনি নাপায়
নিজৰ মুখনি যি
দাপোনত কোন কালে নিজে দেখা নাই—-
তাৰে ছবি আঁকি মই তাৰে আগতে দিলে
সিনো কেনেকৈ চিনি পায়?
মই মোক চিনি পালে
তোকে চিনি পাম
তোকো চিনি পালে মই
মোকে বিচাৰি আক’
তোৰ মাজলে’কে লৰি যাম৷৷
জিলিকা পাখিৰে অ’
জিলিকা পাখিৰে
অ’ সোণ ম’ৰা চৰাই
ৰঙা সেউজীয়া তৰা ফুটুকীয়া
তোৰ গোট গাৱতে
অ’ সোণ ম’ৰা চৰাই!
জুৰিটিৰ পাৰতে ঠেও ধৰি
তোৰ মৰমতে মৰো
অ’ সোণ ম’ৰা চৰাই!!
জিৰ জিৰকৈ বোৱা নিজৰা –
জিৰ জিৰকৈ বোৱা নিজৰা –
আন কৰে বতৰা?
তোৰ বগা ফেনৰ
উদবাউলী হিয়া
তোৰ কুল – কুলনিৰ সুৰটো মোৰ
মনটো হৰি নিয়া
তোৰ কঁপা পানীত পৰি
নাচে বনফুলৰ ছাঁ
তোৰ পাৰতে মন জুৰুৱা বা
মোৰ মনত থকা কত কথাই
ভাষা নিজৰাত প্ৰকাশ নাপাই
তোৰ লগতে উমলি
সাগৰলৈ যায়
নুফুটা মোৰ মনৰ বেজাৰ
মোৰ বুকুতে উপজিয়ে
ওলাবলৈ বাট বিচাৰি
তোৰেই দৰেই ইনায় বিনায়;
ফেনে ফোটোকাৰে ওফন্দি
বনৰ শিলৰ বুকু ফালি
সাগৰলৈ যায়৷৷
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ তাতে নিজৰি জিৰ জিৰ নিজৰি অ’!
টুলবুল টুলবুল
কৈ
হালধীয়া
সৰাপাতৰ
নাও
খনি
গৈ
গৈ
গৈ
আমাৰ মৰম এ ভৰা
লৈ৷
ভৈয়ামৰ ধাননি
বোলালে ঐ
সোণালী
কৈ
জিৰ জিৰ নিজৰি ঐ !
মৰমৰ বতৰা
লৈ
বৈ থাক
বৈ থাক
ৰৈ
ৰৈ
ৰৈ ৷৷
জীৱনত যত গান গালোঁ
জীৱনত যত গান গালোঁ
সেই গানবোৰে মোক
ঘূৰি আহি সুধিলে
নতুন দিনৰ বাবে
মোৰ কবিটিয়ে বাৰু কাক লিখিলে?
হুমুনিয়াহ পেলাই
মই কাকো লিখা নাই বুলি ক’লে কবিটিয়ে
কাকো লিখা নাই
তহঁতেই ঘুৰি আহি
নতুন দিনৰ বাবে
লিখিছ সদায়৷
মই আৰু গানো গোৱা নাই
গানো লিখা নাই৷৷
জীৱনত যদি জ্বলা নাই তোৰ
জীৱনত যদি জ্বলা নাই তোৰ
নবীন অগ্নি শিখা
জনতাৰ যদি কপালত তই
এতিয়া দেখা নাই
অৰুণৰ সেই জ্বলন্ত হাঁহিৰে
প্ৰদিপ্ত ভাগ্যলিখা ৷
প্ৰগতি বাটৰ বাটৰুৱা বুলি
কৈ নুফুৰিবি তই
পোহৰে মাটিক নতুন মন্ত্ৰ
শুনোৱা শুনিছোঁ মই ৷
হেৰ, আত্মপ্ৰবঞ্চক
হেৰ, নিজৰ মনত প্ৰতিভাত হোৱা
মহা মহত্বৰ
তই নিজেই নিৰ্য্যাতক ৷
তোক মই চিনি পাওঁ
মুখা পিন্ধা তোৰ ছলাহী কথাত
আৰুতো ভোল নাযাওঁ ৷
মই বীণ বাই জনতাক গৈ ক’ম
পদূলিত গৈ গধূলি বেলিকা ৰ’ম ৷৷
জীৱনে জীৱনে মই
জীৱনে জীৱনে মই
পাতিলোঁ পূজা
কোনেও নুবুজা, মই মন্ত্ৰ মাতিলোঁ মাথোঁ
তয়ে ময়ে বুজা৷
আজি সেই মন্ত্ৰ
ভাঙি পাতি ক’ম
জনতাৰ আশাৰ ফুলসৰা
তয়ে ময়ে পাতো যিটি অভিনৱ কথা
সিয়ে হ’ক জনতাৰ
প্ৰাণৰে ব্যথা
তোৰে মোৰে কথাটিৰ অৰ্থ
হব জানো
হব জানো এনেয়ে ব্যৰ্থ
তোৰে মোৰে তাহানিৰে সোণৰ সপোন
সিয়ে হ’ক মানুহৰ, জীৱনৰ, আপোন৷৷
জুইৰে আঁকিলি তৰা আকাশত
জুইৰে আঁকিলি তৰা আকাশত
জুইৰে আঁকিলি তৰা
কোন কাহানিৰে পৰা ?
কোন কাহানিৰে পৰা
আকাশত আঁকিলি তৰা— আন্ধাৰ পোহৰ কৰা?
পৃথিৱী আঁকিলি
ইমান ফুলৰে
শেৱালি নেৱালি পলাশেৰে
চম্পা কেতেকী পদুমৰে
ৰূপৰে
ৰসৰে
বৰণেৰে
গন্ধ গানৰে ভৰা
কোন কাহানিৰে পৰা?
অনাদিকালৰ প্ৰথম শিল্পী তই
অশেষ সপোন
আঁকিছ বিশেষকৈ
এক নিমিষৰ মানৱ শিল্পী হৈ
আহিলোঁ পৃথিৱীলৈ
তয়ে অঁকা ছবি
সজাই পৰাই
শুৱনি কৰিবলৈ৷৷
জুইৰে কি সুৰ লিখি যাৱ
জুইৰে কি সুৰ লিখি যাৱ
তোৰ বিজুলী বহ্নি বৰষা গান
কিয় গাৱ, কিয়া গাৱ?
অ’ মোৰ মনৰ বলিয়া
কোন, জুই কুঁৱৰীৰ
অগ্নি বীনৰ সুৰ
তোৰ সপোনে সপোনে পুৰ
সেইহে আজি মনৰ বনত
অগ্নি বসন্ত
নৱ জাগৰণে জাগে
আলোকমুখী যত ফুল দলে
অনল চুমাৰ
তপ্ত দহন মাগে৷
অ’ মোৰ মনৰ বলিয়া।।
বগী ছোৱালী তই গাঁৱৰ শেৱালি
বগী ছোৱালী
তই গাঁৱৰ শেৱালি
ৰূপহী তই ফুলৰ চুপহি
ফটা ৰিহা মেখেলাই
তোক নুশুভাই
গালৰ মুখৰ হাড় ওলোৱা
কেবাদিনো জানো তই ভাত খোৱা নাই?
ঘৰত গৰু নাই
নীলাম কৰা তোৰ পথাৰত
লোকে হাল বায়৷
কণ্ঠত তোৰ গান থাকোতেও
শিকাব যে তোৰ সুবিধাকেই নাই৷
পঢ়িবলৈ মন থাকোতেও
পঢ়াওঁতা নাই
দেশজিলিকা গুণ থাকোতেও
ফুল বাছি তই তাঁত ব’বলৈ
সূতা-গুণা নাই৷
সেই কাৰণেই দাঁত কামুৰি
আকাশলৈ চাৱ
নেদেখা সেই গোসাঁইজনক
কণা বুলি কৱ৷
আছে যদিও গোসাঁইজনা…. নাই
থকা হ’লে তোৰনো কিয় এনুৱা বিলাই!
দেশ চলোৱা, সমাজ পতাত
আছে কিবা ভুল
সেইহে তই বজাই যাৱ
বিদ্ৰোহী বিকুল৷৷
জোনাকী কাৰেঙত কোনে বীণ বায়?
জোনাকী কাৰেঙত কোনে বীণ বায়?
জোনাকী কাৰেঙত কোনে বীণ বায়?
পোহৰে পোহৰে হাঁহি বিলায়!
আমাৰ নিমাতীৰ কোনে মাত ফুটাব
ওঁঠতে হাঁহিটি দিব ফুলাই?
আমাৰ নিমাতীজনী
নীলা সাগৰৰ হীৰা মণি
আৰুণৰ হাঁহিৰে মুখনি বোলোৱা
আলাসৰ প্ৰতিমাখনি৷
হাঁহো হাঁহোকৈ
চকু দুপাহিয়ে
হঁহা নাই অতদিনে
মাতো মাতোকৈ
ওঁঠ দুখনিয়ে
অমাতেৰে মন জিনে৷
ধিয়ানে- গিয়ানে সচিতে- সপোনে
কাকনো বিচাৰে কাকনো চায়?
বীণখনি বায়
কোনেনো দিবহি হাঁহি ফুলাই?
নিমাতী কইনাৰ মাত ফুটা নাই
অ’ মাত ফুটা নাই
জোনাকী কাৰেঙৰ কোনে বীণ বায়?
জোনোৱালী নিশাৰ ৰূপোৱালী
জোনোৱালী নিশাৰ
ৰূপোৱালী পোহৰে
চকুৰ পাহিত
কাৰ ছবি আঁকি যায়!
জিক্মিক্ জিক্মিক্
কাৰ সোণ পখিলাই
নাচি নাচি
আহি
ৰুণকজুণুককৈ
নূপুৰ বজায়৷
পাখি কৰে ৰুণ্ ৰুণ্
গান গায় গুণ্ গুণ্
হাঁহি হাঁহি
দেখুৱাই
অঁকাবকা চকামকা
ৰঙা সপোন৷৷
জোনৰ জেউতি ফুলনিত পৰি
জোনৰ জেউতি
ফুলনিত পৰি
পাতৰ আঁৰত লুকাই
পুৱাৰ নিয়ঁৰে
চকুপানী টুকি
দুবৰি বনতে শুকাই৷
আন্ধাৰৰ বুকুতে
তৰা জকেমকাই
পুৱা পোহৰতে নুমাই
কোনে ডাৱৰৰে
বুকুত জিকেমিকাই
আকাশত বিজুলীয়াই?
কোনে গধূলি বেলিকা
বেলিটো নুমালে
জোনৰে চাকি জ্বলায়?