ইমান চনকা
ইমান
চনকা
ঠুনুকা
জুনুকা পিন্ধি চৰণত
ৰুণুক জুনুককৈ
নিজৰাৰ দৰে
জুৰজুৰণিৰে
জিৰজিৰণিৰে
কুলকুলনিৰে
ক’লৈ গৈছ বৈ
মৌ মাখিটোৰ
গুণগুণনিৰে
কি গান গাইছ ঐ !
মনত জ্বলা মণিকা
ক্ষণত জ্বলা ক্ষণিকা
মৌ চাওঁতেই নোহোৱা হ’লি
বিজুলি বেগেৰে গ’লি
খন্তেক’লে জ্বলি ৷৷
ইমান ছবি অকলৈয়ে তই
ইমান ছবি অকলৈয়ে তই
কেনেকে’ আঁকিলি
ইমান তৰা আকাশে আকাশে
কেনেকে’ লিখিলি ?
ইমান প্ৰাণৰ বিৰাট মেলা
কেনেকে’ পাতিলি
শেষ নোহোৱা ধেমালিলে’
মোকো মাতিলি
ৰূপে ৰূপে যাওঁ, মই জ্বলি জ্বলি
অৰূপত তই জ্বলিছ উজলি
ৰূপ অৰূপ বিজুলি খেলা
বিনন্দীয় বিশ্বমেলা ৷৷
উৰ উৰ উৰ অভ্ৰ ভেদি উৰ
উৰ উৰ উৰ
অভ্ৰ ভেদি উৰ
নীল আকাশত উৰ,
তৰাৰ মাজত উৰ
সবাৰে উপৰে উৰ
অ’ মোৰ
তিনি বৰণীয়া ভাৰতৰে বিজয় নিচান ৷
আলোকি বিমান
‘উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান ৷৷
এই যে অসীম নীলা ৰভা তৰি
এই যে অসীম নীলা ৰভা তৰি
কোটি বেলিৰে
জোন তৰাৰে থৈছ জোনাক কৰি
তাত কত জ্যোতি জ্বলি উঠিছে
কতবাৰ মৰি মৰি
এই যে অসীম ৰভা
তোৰ মহাজ্ঞানৰ আভা পৰি
ধৰে অভিনৱ শোভা ,
অনন্ত প্ৰকাশে তাৰ
অশেষ জ্বলি জ্বলি
বিলাই পূৰ্ণ বিভা ৷
এই লক্ষ ভুবন, বিয়পা গ্ৰন্থাগাৰ
এই মহা তই বৈজ্ঞানিকৰ
সঁজুলি অপাৰ
মহাশিল্পজ্ঞানৰ, মহাকাব্যজ্ঞানৰ সৃষ্টি কৰাৰ
ৰূপ-অৰূপৰ অনন্ত-বিজ্ঞানৰ
বিশ্বসৃষ্টি… অৰ্থনীতিৰ
সমাজনীতিৰ
ৰাজনীতিৰ
চৰাচৰ এই বিশ্বখনৰ, অনন্ত জীৱনৰ নীতিৰ
প্ৰকাশ নীতিৰ
বিকাশ নীতিৰ
সৃষ্টি-স্থিতি-প্ৰলয় নীতিৰ
অনন্ত ৰাষ্ট্ৰীয় নীতিৰ নানা নানা
বিষয় থকা
সকলোৰে কলাজ্ঞানৰ আৰু বিজ্ঞানৰ, জ্ঞান
বিতৰণ পাতিলি অসীম
বিশ্বজনা বিশ্ববিদ্যালয় ৷
তয়ে অকলৈ
মোৰ টোকোনাৰ বিত নোহোৱাৰ
মহা মুৰুখৰ গুণ নথকাৰ
অকণমানো বোধ নাইকীয়া তাত
পঢ়িবলৈ ৷
তথাপিও প্ৰাণত মোৰ অগ্নি-হেঁপাহ জ্বলে
কিজানিবা কিবা বুজো দুৱাৰ-ডলিত
ৰ’লে ৷
তাৰ মহাসৌধৰ সোপান- তলত, বহি থাকোঁ
পুৱা সন্ধিয়া
বাটৰুৱা মানুহে মোক বোলে বলিয়া ৷
এই শতিকাত জ্বল জ্যোতিকা
এই শতিকাত
জ্বল জ্যোতিকা
জন কল্যানৰ
মহা স্বস্তিকা হৈ
নৱ কিৰণৰ
জ্বল জনিকা
জনতাক দি
জ্যোতি কণিকা
যা সোনকালে
দেশান্তৰলে’ বৈ
মোৰ গোপনৰ
মোৰ সপোনৰ
জ্ঞান যত কথা
জগতকে কৰি গৈ
যত চিনাকি অচিনাকিৰ, পদূলি মূৰত তই
নুশুধিলেও, নামাতিলেও
হাঁহি থাকিবি বই ৷৷
ওলাই আহ অ’ ওলাই আহ অ’
ওলাই আহ অ’ ওলাই আহ অ’
অসম দেশৰ শক্তিমান
তয়ে অসমৰ, তয়ে ভাৰতৰ
তয়ে জগতৰ নৱজোৱান !
শান্তি সেনা, শক্তি সেনা
তোৰ, জয়ৰ অভিযান
হাতত আছে বিজয় নিচান
তই অৰ্জ্জুন সমান ৷
অগ্নিৰ মুকুট পিন্ধি
মৰণ ৰথত উঠি
স্বাধীন দেশৰ হবি দুৰ্জ্জয় সন্তান
ভাৰত মাতৃৰ জীয়ৰী বোৱাৰীৰ
প্ৰাণ দিও তই ৰাখিবি মান
ৰণৰ শঙ্খ বাজে দেশে দেশে
বিপ্লৱ আহিছে উলঙ্গ বেশে
বিজয় লক্ষ্মী তোৰ দুৱাৰত
আজি জ্যোতিষমান
ওলাই আহ অ’
ওলাই আহ অ’
অসম দেশৰ শক্তিমান ৷
কবিতাৰে ছবি আঁক তই
কবিতাৰে ছবি আঁক তই
কোন ভুবনৰ কবি
ছবিৰে মই কবিতা লিখোঁ
তই জানো মোৰ
লগৰীয়া হবি ?
আমি দুয়ো লগলাগি আহ,
হওঁ পৃথিৱীত
অকলশৰীয়া
আপোন মনে
দুয়ো ৰচোঁ
জীবন ধুনীয়া ৷
হওঁ পৃথিৱীত তয়ে ময়ে অকলশৰীয়া !!
কাঁইট জোঙৰ মাজতেই মোৰ
কাঁইট জোঙৰ মাজতেই মোৰ
গানৰ সুৰৰ মেলা
এই ধুমুহাৰ বা-মৰালীৰ
চাকনৈয়াতেই
মোৰ যে ফুলাৰ বেলা
এই প্ৰলয়ৰ মাজে মাজেই
সৃষ্টিৰ মোৰ
পাতি ধুনীয়া মেলা
মই জ্বলাম চাকি বিশ্বমোহন
শোণিতৰাজি…. মোৰ কলিজাৰ
তিনিও ভুবন
উজ্জ্বল কৰি জ্বলা ৷৷
কাঁইটীয়া বনলৈ নাযাবি নাযাবি
কাঁইটীয়া বনলৈ নাযাবি নাযাবি
কাঁইটে বিন্ধিব তোক
দুবৰি বনতে তয়ে নুফুৰিবি
ভৰিতে লাগিব জোক ৷
কেতেকীৰ আঁৰতে
ফেটিৰ মূৰত জ্বলে
মানুহে নোপোৱা মণি
অতলৰ তলতে
প্ৰবালৰ খনি ৷
তোক বিচাৰি মোৰ গান
তালৈকো যাব
বিপদ চুমা খাব ৷৷
কাঁইটীয়া সংসাৰতেই
কাঁইটীয়া সংসাৰতেই
গোলাপ হৈ ফুলিম
গেলা বোকাৰ
সঁচা মিছাৰ
বুকু ফালি
পদুম কলি
পোহৰলৈ উঠিম
মেলিম পাহি
হাঁহি হাঁহি সমীৰণত উটিম
গোন্ধতে মোৰ
অন্ধ হৈ
নীলা আকাশত ঘূৰিম
তোক বিচাৰি ফুৰিম ৷৷
কালৰ কোলাত জিলিকিছে জয়
কালৰ কোলাত জিলিকিছে জয়
ত্যাগৰ আজলি লৈ আহ অ’ আহ অ’
জননীৰে পূজাৰ সৌণালী সময় ৷
আজি অৰুণালোক পুৱতি
দেশে দেশে জ্বলি গ’ল অগ্নিবাতি ৷
জাগ আজি অন্ধ অলস মুক্ ভাতৃ
জাগ ভাৰতৰ জয় যাত্ৰী
জিঞ্জিৰী যাব বুলি
বিঘিনি হ’ব ধূলি
শত্ৰু বিলয়
কালৰ কোলাত জিলিকিছে জয় ৷৷
কাৰ অন্ধ চকুত
কাৰ অন্ধ চকুত
জ্বলিছে দিব্যমণি
গন্ধবিভোৰ কোন বলিয়াই
আঁউসী নিশা
লেখ লেখিছে
তৰা গণি গণি
জ্বলিছে দিব্যমণি ৷
কোন নোপোৱাই ওআইছে সোণৰ খনি
খুদ বিচৰা কোন ভিকহুৰ
স্বপ্নত মিলে ননী ৷
আজি, মৰুভূমিৰ শুকান বালিত
ফুলিছে গোলাপ পাহি
চিৰ বেজাৰৰ
ওঁঠত জিলিকে
আগেয়ে নোপোৱা হাঁহি
সুৰৰ গানৰ
মোল নুবুজাই
বজাই মোহন বাঁহী
জগত উঠে হাঁহি ৷৷
কাৰ তেজ আজি
কাৰ তেজ আজি
নৱজীৱনৰ ছন্দৰূপেৰে বয়
কাৰ চকুপানী
নৌ মচোতেই
মুকুতা মণিটি হয় ?
কাৰ জীৱনৰ
জ্বলিছে চাকিটি
মৃত্যুৰ থাপনাত
কাৰ তিয়াগৰ
অগ্নিৰে আজি
স্বাধীনতা প্ৰতিভাত ?
আন্ধাৰ বিদাৰি
আনি দিলে কোনে
জন জীৱনৰ নৱপ্ৰভাত
সেই সিহঁতক, মোৰ গানেৰে কৰিলোঁ
প্ৰণিপাত ৷৷
কাৰ সোঁৱৰণি
কাৰ সোঁৱৰণি
তোৰ চকুপানী
ভোৰ, দৃষ্টি কৰিলে বন্ধ
অ’ মোৰ ব’ৰাগী অন্ধ !
কাৰ বিৰহত
তোৰে চৌপাষে
উৰিছে আকুল ব্যাকুল বনগন্ধ ৷
অ’ মোৰ ব’ৰাগী অন্ধ !
উমানে উমানে
বাটে বাটে যাৱ
ঘৰ কেনেকৈ চিনি পাৱ ?
তই, গুণ গুণকৈ
কি গান বিনাৱ
আকাশৰ পিনে
মুদা চকুৰে
কিহৰ ছবিটো চাৱ ?
তোৰেই দৰেই সসীম চকুৰে অসীমৰ ছবি
চাওঁ
তোৰেই দৰেই উমানে উমানে মোৰ বাটে
বাটে যাওঁ ৷
উৰিছে আকুল ব্যাকুল বনগন্ধ
অ’ মোৰ ব’ৰাগী অন্ধ !!
কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ
কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ
ফুলে পাতে ৰূপ লয়
কাৰ হাঁহিটিয়ে নিফুট গানেৰে
ঘোষে নতুনৰ জয় ৷
কাৰ হাঁহি লাগি সাৰ পাই উঠে
বৰ্ণ গন্ধ গান
সঞ্জীৱনীৰে কাৰনো হাঁসিৰ
শিয়ঁৰাই তোলে
দলিত, পীড়িত, মহাজনতাৰ, সঞ্চিত অভিযান ৷
কাৰখানাৰ বনুৱা
কাৰখানাৰ বনুৱা
নতুন দিনৰ ৰণুৱা
নতুন মনৰ মনুৱা মই
জয় হাতুৰিৰ জয়, জয় বটালিৰ জয়
কোৰ কটাৰিৰ জয়
জয় ভাগৰৰ
ভোক পিয়াহৰ জয়
কপালৰ পৰা ভৰিত পৰা
ঘাম টোপালৰ জয় ৷
কাৰখানাৰ বনুৱা
নতুন দিনৰ ৰণুৱা
নতুন মনৰ মনুৱা মই ৷
মই চলোৱা
ৰেলগাড়ীৰ
মই বনোৱা ট্ৰাক লৰীৰ
জয় বকুৱাৰ হাত-ভৰিৰ
দিনটো খটা আধাপেটিৰ জয় ৷
নতুন গানৰ
নতুন প্ৰাণৰ
নতুন হাঁহিৰ সুন্দৰৰেই, জয়……
হাতুৰিৰে
বটালিৰে
কোৰেৰে, কটাৰিৰে, বিশ্বজিনা আমাৰ মৰমৰে
পাৰমাণবিক, বৈজ্ঞানিকৰ আৱিষ্কাৰৰে
শিল্পী কবিৰ গান ছবিৰে শুদ্ধ জ্ঞানৰে নতুন
যন্ত্ৰ-তন্ত্ৰ-মন্ত্ৰৰে
কৰিম আমি
পৃথিৱী মনোময়
নতুন হাঁহিৰ সুন্দৰৰেই জয় ৷
কাৰখানাৰ বনুৱা
নতুন দিনৰ ৰণুৱা
নতুন মনৰ মনুৱা মই ৷৷
কুক্ কুক্ কুক্
কুক্ কুক্
কুক্ কুক্
মাতে বন-ম’ৰা
জিৰ্ জিৰ্ জিৰ্ জিৰ্ নিজৰা
ৰৈ যা
ৰৈ যা
ফেনে-ফোটোকাৰে
লগতে লৈ যা
লৈ যা
মোৰে বনৰীয়া
বনৰে চিলনী
মৰমেৰে ভৰা ৷
কেং কুৰু কেং কুৰু
(বাওনাৰ গীত)
কেং কুৰু কেং কুৰু
ঘেং কুৰু কুৰু কুৰু
বনে বনে মনে মনে
ফুৰোঁ ফুৰোঁ ফুৰোঁ ফুৰোঁ ৷
ডেং কটা ডিং কটা
শিং কটা টিং
কিটিটিং ঘিটিটিং
ডিডিং ডিডিং ৷
বাওনা ৰজা …. কোঁটো লোক্
কোঁটো লোক্
বাওনাবোৰ….. ঘোটোলোক্
ঘোটোলোক্
বাওনা ৰজা….. ঠেং ঠেং ঠেং
বাওনাবোৰ…. চেচেং চেচেং
বাওনা ৰজা… দহ ডিঙা
ডিঙা ডিঙা
ডিং ডিডিং ডিং
বাওনাবোৰ…. ধিনতা খিতা
পিঠা পিঠা
ধিতিং টিঙা টিং ৷৷
কেতেকী সোলকা পুৰণি গঢ়ৰ
কেতেকী সোলকা
পুৰণি গঢ়ৰ
সোণ- খাৰু
তাহানি দিনৰ জোন-কেৰু !
নকৈ গঢ়োৱা
সুৰৰ সঁচৰুৱা
নতুন বাখৰুৱা
পিন্ধি তই কেতেকী… বাৰু
নতুনৰ চানেকি, নকৈ নাবাছি,
কিনো ভাবিছ আৰু
তয়ে নতুনৰ কাৰু
তোৰ মনত জ্বলক চিৰসুন্দৰৰ
চিৰউজ্জ্বল, চিৰচাৰু ৷
তয়ে নতুনৰ কাৰু ৷৷
কেতেকীৰ গোন্ধ যদি
কেতেকীৰ গোন্ধ যদি
ভালকে নাপাৱ
পদুমৰ গোন্ধ জানো পাবি ….
ৰঙা জবাব যদি
মৌ ভাল নাপাৱ
বগা জবাব মৌ খাবি ৷
পুৱতিৰ তৰা যদি
চালে চকু নুজুৰাই
সন্ধিয়াৰ তৰাটো চাবি
সোঁ বাটে গলে যদি
মোক লগ নাপাৱ
বাওঁ বাটেদিয়েই যাবি ৷৷
কোন কোন আহিছা আইক পূজিবলৈ
কোন কোন আহিছা আইক পূজিবলৈ
আইৰ পূজাৰ বেলি হ’ল ! (সমনীয়া অ’)
সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল
সাজু হ’বৰে হ’ল অ’, সাজু হ’বৰে হ’ল ৷
পৰ- পদানত কিয় বাৰু তোৰ শিৰ অৱনত
কিয় বাৰু ?
কিয় পাহৰিলি বিজয়ী বাহুৰ বল,
তোৰ অস্ত্ৰ কেনিনো গ’ল ?
অস্ত্ৰ বিচাৰি ল’ তই অস্ত্ৰ বিচাৰি ল’ ৷
এন্ধাৰত তই থাকিবি কিয়নো
জগত পোহৰ হ’ল ৷
জগতত সৌৱা জ্ঞান বিয়পিছে
তোৰ দুৱাৰ বন্ধ ৰ’ল …
দুৱাৰ মুকলি কৰ অসমীয়া
তোৰ জ্যোতিস্নান কৰিবৰ হ’ল
নাহিবি নুচুবি বুলি কিয় তই
আপোনাক কৰিবি পৰ অ’
আলাই-আথানি হোৱা ভায়েকক
সাৱতি লবৰে হ’ল
দেখিছনে সৌ মাতৃ জননী, তেনেয়ে নিছলা হ’ল
অ’ অসমীয়া ! অ’ অসমীয়া !
অ’ অসমীয়া ! অ’ অসমীয়া অ’ !!
তোৰ তপ্ত ৰুধিৰ ঢালি আয়েৰক
শক্তি দিবৰে হ’ল
আইৰ পূজাৰ বেলি হ’ল (সমনীয়া অ’) ৷৷
কোন ক’ত আছ আহ্ অ’
কোন ক’ত আছ
আহ্ অ’ ডেকা ল’ৰা
তই সমুখত হ থিয়
মাতৃ পূজাৰ ভাগ লবলৈ
বেলি কৰ কিয়?
দেশজুৰি সৌৱা
জ্বলিলে অগনি শিখা
ডেকা অসমীয়া
টোপনি নেৰিলি
কিনু ভাগ্য লিখা
তই সমুখত হ কিয় …
হুঙ্কাৰত তোৰ
জড় দেশে পাব জীৱ
তই সমুখত হ থিয়
মাতৃ পূজাৰ ভাগ লবলৈ
বেলি কৰ কিয়?
কোন জীৱনৰ মহাশিল্পীয়ে
কোন জীৱনৰ মহাশিল্পীয়ে
বুকুৰ তেজৰে আঁকে
মুক্ত কৰি মহাজনতাক
ৰিক্ত কৰি ঢালে আপোনাক
সেউজী আশাৰে
জীৱন সিক্ত কৰি
মৃত্যু মুখ উজ্জ্বলাই যায়
আলোক বন্তি ধৰি
আঁউসী ৰাতি
জ্বলাই বাতি
প্ৰগতি বাটত
দিব্য পোহৰ বাকে
কোন জীৱনৰ মহাশিল্পীয়ে বুকুৰ তেজৰে
আঁকে ৷৷
কোনে ক’লে তোক মোৰ জীৱনত
কোনে ক’লে তোক
মোৰ জীৱনত
দুখৰ আলোক
নায়েই জ্বলা বুলি ?
কোনে ক’লে তোক
এবাৰো লেখনী
বুকুৰ তেজৰে
ছবি আঁকিবলে’
মই লোৱা নাই তুলি ?
কোনে ক’লে তোক
মোৰ কপালত
নাই সনা বুলি
জন চৰণৰ ধূলি ?
কোনে ক’লে তোক
নৱ জীৱনৰ
গান গাওঁতে
প্ৰাণ দিয়া নাই বুলি ?
মই যে মোকেই বিলাই দিয়া মই
মই ধূলি হৈ উৰি গলেও
সেই ধূলিয়েই
পৃথিৱীক কৰে জয় ৷৷
কোনে ক’লে তোক শকতিবিহীনা বুলি
কোনে ক’লে তোক শকতিবিহীনা বুলি
আই তোৰ পুত্ৰ শকতিবন্ত
আই অ’ মোৰ চেনেহী সাদৰী আই অ’
অ’ মোৰ আই অ’
শকতিৰূপিনী তই
ভাৰতী আই মোৰ ভাৰতী আই অ’
অগ্নীমন্ত্ৰেৰে মই আবাধি শকতিদেৱী
ভেদি আই অজেয় ৰঙা জবা আনি
ওপচাম চৰণৰে প্ৰান্ত ৷
সেই দিনা আই অ’
তোৰ ৰিহাৰ আঁচলেৰে
অৱসন্ন মুখ মোৰ নীমচোতেই
আই তোৰ চৰণ পৰশ কৰি
হয় যেন জীৱন দিনান্ত ৷৷
কোনে গীত গালি লুইতৰ শিলনিত
কোনে গীত গালি
লুইতৰ শিলনিত
বিননিত পানী উজাই
কোনে হেৰুৱালি
বুকুৰ সোণৰ মণি
বিচাৰি পাবলৈ নাই ৷
কোনে চুমা খালি
সপোনৰ কোঁৱৰক
দিঠকত কান্দ বিনাই
নোপোৱাক পাবলৈ
কোনে বাটে চাৱ
মোৰ গানৰে সুৰৰে
সখী পতাই ?
কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি
কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি
সোণৰ কাঁহীত খাৱ
কোনে দুখিতৰ চকু-টোপালেৰে
মুকুতাৰ মালা শিয় ?
ৰূপৰ বানবাটিটোত
কোনে তেজ ভৰালি
নিশকতীয়াৰ বুকু ফালি
মানুহৰ তেজেৰে ফটিকা খালি তই
আপুনি বলিয়া হলি ৷
তোৰ বলিয়া মনেৰে
তয়ে কেতিয়াবা
নিজকে কৰিবি লয়
আপুনিয়ে শেষ কৰিবি নিজেই
বলিয়াৰ অভিনয় ৷৷
কোনে পাতিব খুজিছ সোণৰ দেশ
কোনে পাতিব খুজিছ সোণৰ দেশ
আই অসমীক পিন্ধব খুজিছ
পোহৰ ধুনীয়া বেশ
কোনে পাতিব খুজিছ সোণৰ দেশ ?
মোৰ ই দেশত, পথাৰত সোণ
আপুনি আপুনি ফুলে
সোণ পুৱতিৰ সোণহাঁহিয়ে
মোৰ চোতালত খেলে
সন্ধিয়া লুইতৰ বুকু জিলিকাই
সোণ বৰণৰ তলে ৷
সোণ বৰণীয়া, মুগাৰ কাপোৰে
গাভৰু ধুনীয়া কৰে
ৰূপৰ বালিত, সোণৰ ধূলিয়ে
জিলমিল ৰূপ ধৰে
সোণ কেতেকীৰ, সোণৰ ৰেণু উৰে
শিল্পী দলৰ সোণ সপোনে, সেউজী
বনত ফুৰে ৷
সোণৰ দেশৰ
মহাপুৰুষৰ
শঙ্কৰ মাধৱৰ
সোণমূলীয়া সংস্কৃতিয়ে
পোহৰ দিয়ে
এই পৃথিৱীত
সোণৰ জীৱনৰ
মহা মনীষাৰ
মহা প্ৰতিভাৰ জনজীৱনৰ,
সোণৰ সপোনৰ ৷
এই দেশৰেই সোণ ভৱিস্যৰ
সোণৰ জ্যোতি জ্বলক
এই দেশতেই শিল্পী মনৰ
মহাসপোনৰ
এই পৃথিৱীৰ, সোণ দিঠকৰ, সোণ চানেকি
সোণ ছবিৰে তোলক ৷
বোধন কৰি বিশ্বশিল্পী মনক
এই দেশতেই, জনজীৱনত,
সোণহাঁহিৰে ফুলক ৷৷
(বি: দ্ৰ: ইয়াৰ প্ৰথম অংশ ‘আমাৰ গাঁও’ উপন্যাসত অন্তৰ্ভুক্ত)
কোনে প্ৰাণ নোহোৱাক
কোনে প্ৰাণ নোহোৱাক
প্ৰাণ দিলি
কোনে গান নোগোৱাক
গান দিলি,
তেল শলিতা নথকাটোৰ
চাকি জ্বলালি ?
কোনে ৰ’দালিৰে মোৰ কোঠালি
কোনে সোণালীৰে মোৰ কোঠালি
বোলালি অ’
বোলালি ৷
সেই গুণেহে
মোৰ কোঠালিত
সুৰে নাচে
গানে নাচে
ছন্দিতাই ন কাচোন কাছে
নিতৌ নতুন চানেকিৰে
নতুন তৰা বাচে ৷
গছে গছে পাতি দিলে
(কোনে) গছে গছে পাতি দিলে
ফুলৰে শৰাই
(ৰাম ৰাম )
কলিয়া ভোমোৰা
গুঞ্জৰি আহে
গোন্ধকে ধিয়াই
(ৰাম ৰাম )
কোনে গোলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰাঙে চৰাই…
ওৰণি তলতে
পৰিমল ৰেণু
উৰুৱাই পৱনে
দিলে বিলাই ৷৷
গাঁওখনি মোৰ ধুনীয়া
গাঁওখনি মোৰ ধুনীয়া
গাঁওখনি মোৰ গুণীয়া
মৰমতে মৰোঁ
সেউজী আঁচল ধৰো ৷
গাঁওখনিকেই ভাবি ভাবি
কত সপোন ৰচোঁ… দুখ বেজাৰত
গাঁওখনিৰেই
মু’খনি চাই
চকুৰ পানী মচোঁ ৷
মোৰ গাঁওখনি অ’, মোৰ মাওজনী অ’
তৰাতকৈও
জোনতকৈও
আকাশী চৰগতকৈও ভাল
ৰাতিপুৱাই বকুল সৰে, কপৌটিয়ে
নাচোন ধৰে ৷
দুৱৰিত শেৱালি পৰে
আমোল মোলাই
সোণসন্ধিয়া গধূলি গোপাল ৷৷
গাঁৱৰ ঘৰৰ মোৰ চোতালত
গাঁৱৰ ঘৰৰ
মোৰ চোতালত
ৰূপৰ জোনাক পৰে
ছঁয়াময়া সোণ সপোনৰ
অময়া ৰূপ ধৰে ৷
সোণ সূৰুযৰ
সোণৰ লিখাই
গাঁৱৰ চোতালত
সোণৰ সাধু
আঁকে বাঁকে
সোণ শইচৰ
সোণালী কপালত
সাধুত লিখিলে সৃষ্টিৰ মহামন্ত্ৰ
সোণৰ হাঁহিৰে
জনতা জাগিলে
জাগিলে জনতন্ত্ৰ ৷৷
গাঁৱৰ ছোৱালী ! গাঁৱৰ ছোৱালী !
গাঁৱৰ ছোৱালী ! গাঁৱৰ ছোৱালী !
শেৱালি তই নেৱালি তই
নতুন গানৰ
নতুন সুৰৰ
নতুন তেজৰ
সোঁত বোৱালি
গাঁৱৰ ছোৱালী ৷
অশ্ৰু তোৰ
দেশ জননীৰ
চৰণ ধুৱালি
সোণালী তই, ৰূপালী তই ন জীৱনৰ
জোনালীৰে
গাঁও নোৱালি
গাঁৱৰ ছোৱালী !!
গাঁৱৰ বাঁহনি ডৰা
গাঁৱৰ বাঁহনি ডৰা
বনৰীয়া পখিলাৰে ভৰা ৷
চকৰী-ফেটীয়া ফেট
তুলি তুলি নাচে
যখিনী ছোৱালী
ছাঁতে লুকাই আছে ৷
আউসীৰ দিনা
কেঁট-কেঁটকৈ
তাত কোনোবাই মাতে
ফুচ্-ফুচ্কৈ তাত কোনোবাই
আন্ধাৰৰে কথা পাতে ৷৷
গাঁৱৰ বুকুত এই জগতৰ
গাঁৱৰ বুকুত
এই জগতৰ
এই ভাৰতে
মুক্তি যুঁজৰ
মহা ত্যাগৰ
জ্বলিল হীৰা মাণিক ৷
মুক্তি দিয়ে
ভক্তি দিয়ে
জনজীৱনৰ শক্তি দিয়ে
কোটি কোটি
পেট নভৰা প্ৰাণীক ৷
গাঁৱৰ বুকুত জ্বলিল হীৰা মাণিক
গাঁৱৰ ল’ৰাই মুক্তি যুঁজৰ অগ্নি জ্বলালি
গাঁও-জীয়ৰীয়ে…..
বুকুৰ তেজেৰে
স্বাধীনতাৰ চৰণ ধুৱালি
সেই স্বাধীনতা তোৰ
সেই স্বাধীনতা মোৰ
কোনোবাই কৰে চুৰ
নতুন তেজৰ
লোহিত বোৱাই
লৈ যা লৈ যা
ধুই উটুৱাই
তাক কৰি দে দূৰ
তাক কৰি দে চূড় ৷৷
গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম
গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম
গাঁৱৰ ল’ৰা চাবি গাঁৱৰ ধান
ৰাখি গাঁৱৰ মান
গাঁৱত থাকিও
বিশ্বজগত চাবি
মনৰ হাবি
ভাঙি-চহাই
সোণৰ শইচ খাবি
বন গীতটো পেঁপাত বজাই
পথাৰ বাটে যাবি
বাৰে চহৰৰ বৰ সবাহত
বৰ গীতটো গাবি ৷৷
গাঁৱৰে জুপুৰি ইকৰাৰে সজা
গাঁৱৰে জুপুৰি ইকৰাৰে সজা
তাতে থাক ভৱিস্যৰ
আধাপেটী ৰজা
আজি সুন্দৰে তাতে বহি
শাক ভাত খায়
তোৰ আধাভগা গছাটোত
নুনুমুৱা চাকি জ্বলায়
তাৰ পোহৰতে বহি
নতুন অস্ত্ৰ সাজে
জিনিবলৈ নৱ ভৱিস্যত
আঁকে জয়লেখা মহোজ্জ্বল
তোৰ কপালত ৷
তাতে থাক ভৱিস্যৰ
ভিকহু কঙাল মহাৰাজ
সুন্দৰে উজ্জ্বল কৰে তোৰে ভগা পঁজা ৷৷
গাঁৱৰে ডেকা মই
গাঁৱৰে ডেকা মই
গাঁৱৰে ডেকা
নুশুনো ছলাহীৰ
কথা একা বেঁকা
মই ন পোহৰৰ ডেকা ৷
কৌটিকলীয়া
চকুৰে চামনি
এৰুৱাই পৃথিৱী চাওঁ
নাঙলৰ শিৰলুত
লিখা কথাখিনি
এতিয়াহে বুজি পাওঁ ৷
মাটি মোৰ আপোন ঐ
মাটি মোৰ সপোন ঐ
মাটি মোৰ নিজাপী ঘৰ
নাঙলৰ ফালেৰে
মাটিত ভাইগ’ আঁকো
মাটিকে মাগিছোঁ বৰ ৷
মাটিয়ে পোহৰে
গুণাগঁথা কৰি
মানুহকৈ স্ৰজিলে মোক
পেটৰে পোৰণি
মাটিয়ে গুচাই ঐ
পোহৰে মনৰে ভোক ৷
গাঁৱৰে ডেকা মই
যাৱে আগেবাঢ়ি
আঁতৰাই জেঙনি
চাই কি পোহৰৰ হেঙুলি ৰেঙণি
মচি যাম মচি যাম আমাৰে মুখৰে
যাউতীযুগীয়া চেকা
গছকি খচকি বোকা আগেবাঢ়ো
মই গজলীয়া, মই গাঁৱলীয়া
ন পোহৰৰে ডেকা ৷৷
গাঁৱৰে সোণ অ’
গাঁৱৰে সোণ অ’
গাঁৱৰে সোণ
তয়ে হবি দেশৰে জিলিকা জোন
গাঁৱৰে সোণ অ’ গাঁৱৰে সোণ ৷
গাঁৱৰ নামেঘৰত
কোনে খোল বজাৱ
ভোৰতাল ৰজনে জন
চৰণীয়া পথাৰত
কোনে বাঁহী বালি
কোৰে উৰণিয়া মন
গাঁৱলীয়া বাটেৰে
লুইতৰ ঘাটেৰে
পৃথিৱী চাবলৈ ওলালি কোন ?
গাঁৱৰে সোণ
তয়ে হবি দেশৰে জিলিকা জোন ৷
গান বিচাৰি যাওঁতে মোক
গান বিচাৰি যাওঁতে মোক
তই দিলি প্ৰাণ
প্ৰাণ বিচাৰি যাওঁতে মোক
তই দিলি গান ৷
মোৰ অভিমানৰ মানটো ৰাখিবলৈ
তোক বিচাৰি নাই যে পাবলৈ
মোৰ গানক যদি সুৰ দিলি
সুৰক যদি ছন্দ দিলি
ছন্দক যদি মন্দকিনীৰ তাল
তোক, ভালপোৱাৰ
অভিমানৰ, ইন্দ্ৰধনুৰে
মোৰ উজলো
শুভ্ৰ ভাল ৷
নিবিচাৰো আন
তই তাকেই দিবি দান ৷৷