টুইটাৰ এতিয়া মাস্কৰ
২৫ এপ্ৰিল, ২০২২ তাৰিখে ৩,৩৬,৯৪১ কোটি ২২ লাখ টকা( ৪৪০০ কোটি ডলাৰ) নগদ দি মাইক্ৰোব্লগিং চাইট ‘টুইটাৰ’ সম্পূৰ্ণভাৱে কিনি লয় আমেৰিকাৰ ইলন মাস্কে। ইয়াৰ লগে লগে বহু মালিকৰ অধীনস্থ হৈ থকা ‘টুইটাৰ’ হৈ পৰিল একক মালিকানাধীন।
টুইটাৰ সম্পূৰ্ণৰূপে কিনি লোৱাৰ পিছত ইলন মাস্কে নিজৰ টুইটাৰ হেন্ডেলৰ জৰিয়তে কয়,’ বাকস্বাধীনতা গণতন্ত্ৰৰ ভিত্তিপ্ৰস্থৰ। আৰু টুইটাৰ এনে এক ডিজিটেল ক্ষেত্ৰ, য’ত ভৱিষ্যতক লৈ প্ৰতি পলে তৰ্ক- বিতৰ্ক হয়। মই টুইটাৰক আগতকৈ ভাল আৰু যুগোপযোগী কৰি তুলিবলৈ ইচ্ছুক, য’ত এতিয়া বহুত নতুন নতুন সুবিধা সংলগ্ন কৰা হ’ব। ইয়াৰ ফলত মানুহ উপকৃত হ’ব। টুইটাৰ অতি সম্ভাৱনাময়। মই টুইটাৰৰ সৈতে কাম কৰিবলৈ উন্মুখ হৈ আছো।’
উল্লেখযোগ্য যে টুইটাৰ সম্পূৰ্ণৰূপে কিনি লোৱাৰ আগতে মাস্কে কৈছিল যে টুইটাৰৰ ব্যৱস্থাপনাত তেওঁৰ আস্থা নাই।
কিছুদিন আগতে ২২ হাজাৰ কোটি টকাৰ বিনিময়ত টুইটাৰৰ ৯.২% মালিকানা ইলন মাস্কে ক্ৰয় কৰিছিল। এতিয়া সম্পূৰ্ণ মালিক তেৱেঁই হৈ পৰিল। মাস্কে কৈছে যে তেওঁ টুইটাৰৰ অংশীদাৰ হোৱাৰ সময়ত ভাবিছিল যে টুইটাৰ বিশ্ব জুৰি বাক- স্বাধীনতাৰ মূল মাধ্যম হৈ পৰিব, কিন্তু বিনিয়োগ কৰাৰ পিছত উপলব্ধি হ’ল – বৰ্তমানৰ ব্যৱস্থাপনাত সেয়া কোনোমতে সম্ভৱ নহয়। সেইবাবে টুইটাৰ সম্পূৰ্ণৰূপে কিনি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.