–কাবেৰী গোস্বামী |
আমি চলচ্চিত্ৰ, গল্প- উপন্যাসৰ মাজত অনেক মৰমীয়াল চৰিত্ৰ বিচাৰি পাওঁ৷ যি আমাক কিছুসময়ৰ বাবে সন্মোহিত কৰি ৰাখিব পাৰে৷ কিন্তু বাস্তৱত দেখা পোৱা বা সান্নিধ্য লাভ কৰা কিছুমান লোক চিৰদিনৰ বাবে মনত ৰৈ যায়৷ সহপাঠী পংকজে এদিন কথা প্ৰসংগত সিহঁতৰ অঞ্চলৰ এহাল দম্পতীৰ কথা কৈছিল৷ সত্তৰোৰ্ধৰ নিঃসন্তান মানুহহালৰ ঘৰখনলৈ গৈ মাজে মাজে পংকজে তেওঁলোকৰ খবৰ এটা কৰি আহেগৈ আৰু যেতিয়াই যায় প্ৰতিবাৰেই তেওঁলোকৰ চেনেহে তাক মুক কৰি তোলে আৰু এদিন তেওঁলোকে গম নোপোৱাকৈয়ে তাৰ মোবাইল ফোনটোত সৰুকৈ এটা দৃশ্যৰ ভিডিঅ’ কৰে৷ যেতিয়া সি সেয়া আমাক দেখুৱাইছিল, মানুহহালৰ চেনেহৰে চপচপীয়া আতিথ্য দেখি আৱেগিক হৈ পৰিছিলো৷ শীতৰ দিনৰ পুৱা এটিত ৰ’দ লৈ পংকজ তেওঁলোকৰ ঘৰৰ পাছ চোতালতে চকী এখনত বহিছে৷ বাঁহৰ খুটাৰ চাপৰ চালিৰ ঘৰখনৰ মজিয়াত বহি বৃদ্ধজনে চিৰা ধুই কাঁহৰ বাতি এটাত জলপান বাঢ়িছে৷ মুকলি জুহালত ৰঙা চাহ বাকি থকাৰ মাজতে বৃদ্ধা গৰাকীয়ে জলপানত চেনি আৰু গৰম গাখীৰ দি বাৰে বাৰে আঁচলৰে বাতিটো মচি ষ্টিলৰ প্লেট এখনত তুলি কাষতে পানীৰ গিলাচ এটাও থৈছে৷ বৃদ্ধজনে আতৌ-পুতৌকৈ সেইখিনি আনি পংকজৰ কাষৰ টেবুলখনত থৈ পানীৰ গিলাচটো চাই বাৰে বাৰে মচি দিছে৷ অনুৰূপকৈ চাহৰ গিলাচটোও আনি কাষতে থৈছে৷ এই দৃশ্য আনৰ বাবে হয়তো সাধাৰণ হ’ব পাৰে, কিন্তু আন্তৰিকতাৰ এনে মহঙা দিনত ইমান সযতন আদৰ আৰু মিলাপ্ৰীতিৰে আলহী সোধাৰ লগতে দাম্পত্য প্ৰেম প্ৰকাশ হোৱা আপুৰুগীয়া দৃশ্যটো মোৰ বাবে পাহৰিব নোৱাৰাকৈ মনত ৰৈ গ’ল৷ বুলন দা (বুলন শইকীয়া)য়ে কৈছিল, কেম্যুৰ ‘হেপ্পী ডেথ’ নামৰ এখন উপন্যাস আছে৷ য’ত প্ৰেমিকা গৰাকীয়ে প্ৰেমিকক সোধে, “তুমি মোক সঁচাই ভাল পোৱানে?” তেতিয়া প্ৰেমিকজনে উত্তৰ দিয়ে, আমি কোনেও কাকো ভাল নাপাওঁ৷ এইযে আমি এতিয়া fertile হৈ আছো, আমি ইজনে সিজনক কেৱল আকৰ্ষণ কৰোঁ মাথোঁ৷ যেতিয়া আমি বৃদ্ধ হ’ম আৰু আমাৰ সেই শক্তি (যৌন আকাংক্ষা?) নাথাকিব, তেতিয়াহে আমি ইজনে সিজনক ভাল পাম৷ এইটো বৰ্ষতে মুক্তিপ্ৰাপ্ত মালায়লম ছবি ‘দ্যা গ্ৰেট ইণ্ডিয়ান কিচ্চেন’ৰ নামটোতে একধৰণৰ sarcasm নিহিত আছে৷ সুস্বাদু খাদ্য ৰন্ধনৰে পৰিয়ালৰ লোকসকলৰ সন্তুষ্টি যোগাই থকা পত্নী নামৰ ৰান্ধনীগৰাকী যে ঘৰখনৰ কোনো অবৈতনিক সহায়কাৰী বা পৰিচাৰিকা নহয়, পৰিয়ালৰ সদস্যাহে এইকথা এঘণ্টা চল্লিশ মিনিটৰ ছবিখনত দৰ্শকক একেটা পাকঘৰৰে বিভিন্ন পৰিস্থিতিৰ দৃশ্যৰ মাজেৰে অনুভৱ কৰাবলৈ প্ৰয়াস কৰা হৈছে৷ জেয় বেবী পৰিচালিত ছবিখন এক বিবাহোত্তৰ কাহিনী আধাৰিত, য’ত সদ্যবিবাহিতা শিক্ষিতা এগৰাকী নাৰীয়ে (ছবিখনৰ প্ৰটাগণিষ্ট হিচাপে নিমিশা ছাজায়নে ৰূপায়ণ কৰা পত্নীৰ চৰিত্ৰটো ) নিজকে সমাজ নিৰ্ধাৰিত আৰু অৱদমিত এক পৰম্পৰাগত সাঁচত গঢ় দিবলৈ অনেক চেষ্টা কৰিও অৱশেষত সেয়া তেওঁৰ আকাংক্ষিত জীৱন নহয় বুলি বুজি উঠি এক প্ৰতিবাদী সত্ত্বালৈ নিজক ৰূপান্তৰ ঘটাবলৈ সক্ষম হয়৷ বিভিন্ন অঞ্চলৰ বিভিন্ন সমাজৰ মাজতো অনেক ইতিবাচক সাদৃশ্যতা থকাৰ দৰেই নেতিবাচক সাদৃশ্যতাও থাকিব পাৰে, ছবিখনতো এয়াই পৰিষ্ফুট হৈছে৷ লিংগবৈষম্য তথা পুৰুষতান্ত্ৰিকতাক প্ৰশ্ৰয় দিয়া কোনো কোনো পৰিয়ালৰ পৰাই সমাজলৈ এই ধাৰণা শিপায়, যিহেতু family is a miniature society. চাহ খাই পিয়লাটো এৰি যোৱাতকৈ ধুই থৈ যোৱা , বা পাকঘৰত তেওঁৰ কামত সহযোগ কৰা, তেওঁৰ সুবিধা- অসুবিধাৰ প্ৰতি লক্ষ্য ৰখা, অথবা পৰিয়ালৰ নাৰী গৰাকীয়ে পাকঘৰ সামৰিও নিজৰ শৈক্ষিক অৰ্হতা অনুযায়ী কোনো বৃত্তি নিৰ্বাচন কৰি আৰ্থিক স্বাৱলম্বী হোৱাটোৱে কোনো পুৰুষক তললৈ নিনিয়ে, কিন্তু পৰিয়ালটোৰ গৃহকৰ্তা হিচাপে নিজৰ স্থিতি আৰু প্ৰতিপত্তি বজাই ৰাখিব খোজা, শোৱা-পাটীত যৌন প্ৰভুত্ব খটুওৱা পুৰুষতান্ত্ৰিক মানসিকতাৰ সকলে এইধৰণৰ কামক প্ৰশ্ৰয় দিব নোখোজে৷ একেসময়তে আকৌ প্ৰটাগনিষ্টৰ শাহুৱেকৰ চৰিত্ৰটোৱে তেওঁৰ বোৱাৰীক তেওঁৰ দৰে কেৱল পাকঘৰকেন্দ্ৰিক জীৱন এটা নকটাই বাহিৰৰ পৃথিৱীখনৰে সংযোগ ঘটাই কোনো বৃত্তি গ্ৰহণৰ বাবে উৎসাহিত কৰে৷ ‘দ্যা গ্ৰেট ইণ্ডিয়ান কিচ্চেন’ নামৰ এই ছবিখনত আমাৰ অনেকেই হয়তো আমাৰ কোনোবা পৰিচিত- অল্পপৰিচিত লোকক বিচাৰি পাম৷ ভৌতিক নৃতত্ত্ববিজ্ঞানৰ ছাত্ৰ বন্ধু উৎপলেও এদিন কৈছিল, নাৰীবাদ কোনো প্ৰতিযোগিতা নহয়, য’ত কোনোৱে কাৰোবাতকৈ আগবাঢ়ি যোৱাৰ বা পিছ পেলাই যোৱাৰ কচৰৎ কৰিব৷ ই এক সুস্থ যাত্ৰা, য’ত সকলো সমানে গৈ থকাতোৱেই জৰুৰী৷ প্ৰকৃততেই যি কোনো ‘বাদ’ক লৈ হোৱা বিবাদতকৈ ৰেল লাইনৰ ৰেল দুডালৰ দৰে সংসাৰ এখনৰ দায়িত্ব পুৰুষ- নাৰী উভয়েই ভগাই ল’লেই সমাজ এখনৰো ভাৰসাম্য হয়তো ৰক্ষা পৰে, আৰু এনে হ’লেই ‘বাদ’ক লৈ হোৱা বিবাদৰ প্ৰশ্নও আহি নপৰে৷ বহুসময়ত পুৰুষ আৰু নাৰী অনেকেই অকলশৰেও ঘৰ এখন চলাব লগাত পৰে, আৰু সেয়াও স্বাভাৱিক৷ মহাকাশ অভিযানৰ নেতৃত্ব দিব পৰা নাৰীয়েই হওক, বা ইনফচিছৰ একালৰ মুৰব্বী সুধামুৰ্তিয়েই হওক অথবা বজাৰত পাচলি বেচা নাৰীগৰাকীয়েই হওঁক, এওঁলোক সকলোৱেই সবলতাৰ উদাহৰণ৷ তেনেহ’লে নিজক বা আনৰ দুৰ্বলতাত ভিক্তিম বুলি সান্তনা লভা বা দিয়াতকৈ পৰাখিনিলৈ নিজক তুলি বা আনৰো সাহস হ’ব পৰাতহে সাৰ্থকতা৷ অৱশ্যে পৰিস্থিতিৰ প্ৰতিকূলতাও লক্ষ্যণীয়৷ ব্যক্তিগতভাৱে আমাৰ দৰে সৰ্বসাধাৰণ মানুহেও আজিলৈ নিজৰ আৰু পৰিয়ালৰ প্ৰাত্যহিক জীৱনৰ কৰ্তব্য যিমানখিনি পাৰোঁ চম্ভালি আহিছো আৰু ইয়াত কোনো বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাত একধৰণৰ আত্মবিশ্বাসো আহি পৰিছে৷ কোনোসময়ত ক্লান্তি আহিলেও সেয়া সাময়িক আৰু নিজৰ প্ৰতি আহি পৰা কোনো দায়িত্বই তাৰ সফল সমাপ্তিৰ বাবে একধৰণৰ উদ্যম যোগায় বুলিও ভাৱ হয়৷ নিজেই শাৰিৰীক আৰু মানসিকভাৱে কৰিব পৰা কামখিনিৰ বাবে অনাহক (পৰ)নিৰ্ভৰশীলতা হয়তো জৰুৰীও নহয়৷ ইয়াৰ বাহিৰে যিখিনি কামত নিৰ্ভৰশীল হ’ব লগা হয়, তাৰ বাবে যাৰ ওচৰত নিৰ্ভৰ কৰিব তেওঁৰ ওচৰত আপুনি কৃতজ্ঞ হোৱাতো আৰু সেই দায়িত্ব পূৰণত তেওঁ দায়িত্বশীল হোৱাতো তথা পাৰস্পৰিক নিৰ্ভৰশীলতাৰে দায়বদ্ধ থকাটোৱেই একধৰণৰ সাংসাৰিক আৰু সামাজিক সমতুলতা বুলি ভাবোঁ৷ এগৰাকী প্ৰিয় বান্ধৱীক দেখো তেওঁ জড়িত থকা সংগঠনটোৰ বাবে বহু দূৰৰ আৰু ভিতৰুৱা অঞ্চলত গৈ কাম কৰি আছে, তাৰ মাজতে তেওঁৰ অনাতাঁৰ কেন্দ্ৰৰ নিৰ্ধাৰিত দায়িত্ব পালন আৰু কেতবোৰ স্বেচ্ছামূলক জনহিতকৰ কামো নিৰৱে কৰি গৈছে৷ সীমিত উপাৰ্জন সত্বেও স্বআৰ্জনৰে নিজৰ সম্ভাৱনাখিনিক সামৰ্থ্যলৈ পৰিণত কৰি ব্যস্ততাৰ সন্তুষ্টিৰে নিজক সবল হিচাপে প্ৰতিষ্ঠা কৰা তেওঁক দেখাৰ বিপৰীতে সামাজিক মাধ্যমত স্বনিৰ্ভৰশীলতা আৰু নাৰীসবলীকৰণৰ কথা কৈ ঘৰত গৃহস্থৰ উপাৰ্জনৰে নিজৰ চখ পূৰণ আৰু বিলাসিতা কৰা নাৰীও দেখিছো৷ মই নিশ্চিত যে comfort zone ৰ পৰা ওলাই আহি তেনেগৰাকী নাৰীয়ে কেতিয়াও এজন jobless হৈ পৰা পুৰুষক সংগী কৰাৰ সাহস অথবা মানসিক support দিব পৰাকৈ সক্ষম নহয়৷ দেখিছো নিজৰ সন্তানক নিজৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পাঠ দিয়াৰ সলনি spoon feeding কৰিব পৰাকৈ কোনো আৰ্থিক নিৰাপত্তা দিব পৰা পাত্ৰৰ হাতত গতাবলৈ তৎপৰ অভিভাৱক, দেখিছো নিজক সক্ষম কৰি তোলাৰ সলনি আন এজন সমৰ্থনবানৰ ওপৰত ভেঁজা দি নিজৰ সপোন পূৰণ কৰাব পৰা would be husband ৰ সন্ধানত থকা যুৱতীও৷ আত্মনিৰ্ভৰশীলতাই আত্মবিশ্বাস আনি দিয়ে, আৰু এই আত্মবিশ্বাসেই কাৰোবাৰ অন্যায়ৰ প্ৰতিবাদ কৰিব পৰাকৈ সাহসী কৰি তোলে৷ সাংসাৰিক দৰিদ্ৰতা কাৰো কাম্য নহয়, কিন্তু আৰ্থিক সকাহৰ বাবে কেৱল পুৰুষজনেই উপাৰ্জন কৰিব লাগিব বুলি বাট চোৱাতো নিশ্চয়েই উচিত নহয়৷ অলপতে কথা এষাৰ পঢ়িছিলো, Bees don’t waste their time explaining to flies that honey is better than shit… বাস্তৱত কিন্তু আমি অনেকেই জীৱনৰ অনেক সময় আত্মপক্ষৰ চাফাই দিয়াতেই হয়তো কটাই দিওঁ, যাৰ বাবে মৌ গোটোৱাৰ অৰ্থাৎ কৰণীয় কৰাৰ বাবে সময় নহয় অথবা সময়খিনিক সঠিক মূল্য দিয়া নহয়গৈ৷ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰা বা অনাহক প্ৰতিপত্তিৰ প্ৰদৰ্শনে যিকোনো ধৰণৰ সামাজিক-মানসিক বান্ধোনলৈ শিথিলতা আনি দিব আৰু সংসাৰ কোনো দাসত্বৰ বন্ধন নহয়৷ উত্তৰ আধুনিক মানুহৰ জটিল মনস্তত্ত্বই যি দৰে সম্পৰ্কলৈ অনেক জটিলতা আনিছে, একেদৰে অনেক কথা আৰু সিদ্ধান্তৰ দৃঢ়তা আৰু স্পষ্টতাও আনি দিছে৷ আনহাতে সমকামী দম্পতীও এতিয়া সহজ হৈ পৰিছে৷ সম্প্ৰতি ঘৰুৱা কাম কেৱল মহিলাই কৰাটোৱেই সকলোতে taken for granted হৈ থকা নাই, আৰু পৰিয়ালৰ গাঁথনিও লাহে লাহে সলনি হ’বলৈ ধৰিছে৷ এতিয়া কেম্যুৱে কোৱাৰ দৰেই হয়তো সেই আকৰ্ষণক স্বীকাৰ কৰিও আমি বৃদ্ধ বয়সত ভাল পাবলৈ ৰৈ দিব পাৰোঁ, অথবা পংকজে আত্মীয় বুলি ভবা সেই অতিথিপৰায়ণ দম্পতীহালৰ দৰে পাৰস্পৰিক সহযোগিতাৰে প্ৰতিদিনেই প্ৰেমত বুৰি থাকিব পাৰোঁ৷ ঠিক মৌমাখিৰ দৰেই মাখিক চাফাই দিয়াৰ সলনি নিজৰ কৰণীয়খিনি কৰি গ’লেহে কিজানি জীৱনত আক্ষেপৰ সম্ভাৱনা কম থাকেগৈ!