-অৰবিন্দ ৰাভা |
[ উচ্চতম ন্যায়ালয়ে কৈছে যে টি-আৰ-পি’ বঢ়োৱাৰ নামত যি ইচ্ছা তাকেই কৰিব নোৱাৰিব। ]
উচ্চতম ন্যায়ালয়ত মোডী চৰকাৰে হলফনামা দাখিল কৰি কৈছে যে ভাৰত চৰকাৰৰ মূৰৰ বিষৰ কাৰণ টেলিভিছন চেনেল নহয়, মূৰৰ বিষৰ কাৰণ হৈ পৰিছে ইউ-টিউব আদিৰ দৰে ডিজিটেল মাধ্যমসমূহ। হলফনামাত কোৱা হৈছে যে ভাৰতত টেলিভিছন সংবাদৰ মানদণ্ডৰ ওপৰত নজৰ ৰাখিবলৈ আৰু নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনিক তথা আইনী ব্যৱস্থা আছে। কিন্তু অনলাইন মাধ্যমবোৰ হৈ পৰিছে অধিক ভয়ানক আৰু বিপদজনক। কাৰণ হোৱাটচ্এপ, ফেচবুক, টুইটাৰ আদিৰ দৰে ‘চোছিয়েল চাইট’বোৰৰ মাধ্যমেৰে খবৰ-বাতৰি মুহুৰ্ততে বিয়পি পৰি সামাজিক সুস্থিতি আৰু আইন-শৃঙ্খলা বিঘ্নিত কৰে।
এটা সংবাদ মাধ্যমৰ এক বিশেষ অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধ কৰি দি উচ্চতম ন্যায়ালয়ে সম্প্ৰতি কৈছে যে বিশেষ এক সম্প্ৰদায়ৰ বিৰুদ্ধে পৰিকল্পনা কৰি বিদ্বেষ বিয়পাবলৈ যত্ন কৰা হৈছিল সেই বিশেষ অনুষ্ঠানৰ দ্বাৰা; কিন্তু ‘টি-আৰ-পি’ বঢ়োৱাৰ নামত যিহকে তিহকে বা নিজৰ ইচ্ছা, খেয়াল অনুসৰি – সংবাদ পৰিৱেশন কৰিব নোৱাৰিব। সংবাদ মাধ্যমৰ স্বাধীনতাৰ নামত দায়-দায়িত্বহীন সাংবাদিকতা সহ্য কৰা নহ’ব। টেলিভিছনৰ সংবাদত কিয় লেকাম লগোৱাৰ কথা ভবা নহব – সেইবিষয়ে চৰকাৰক বিবেচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। ইয়াৰ আগতে সুশান্ত সিং ৰাজপুত নামৰ এগৰাকী অভিনেতাৰ অপমৃত্যুক লৈ বিভিন্ন টেলিভিছন চেনেলৰ বিৰুদ্ধে, ‘আলোচনা'(talk show) কৰাৰ নামত কাৰ্যতঃ বিচাৰসভা বহুওৱাৰ বিষয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে প্ৰেছ কাউন্সিলক কৈছিল- কিদৰে টেলিভিছন সংবাদৰ মানদণ্ডৰ নিয়ন্ত্ৰণ অটুত ৰাখিব পাৰি, সেইসম্পৰ্কে ব্যৱস্থা লবলৈ কাৰ্যপন্হা প্ৰস্তুত কৰিবলৈ। ইয়াৰ উত্তৰত প্ৰেছ কাউন্সিলে কৈছিল যে টেলিভিছনৰ মান অটুত ৰাখিবলৈ এক ব্যৱস্থা ইতিমধ্যে কাৰ্যকৰ হৈয়েই আছে। ন্যায়াধীশ ডি – ওৱাই চন্দ্ৰচুড়ে সেই কথা শুনি আচৰিত হয় আৰু কয় যে, ” সচাকৈয়ে! ইমান কাৰ্যকৰ ব্যৱস্থা থকাৰ পিছতো আমি টেলিভিছনত সেইবোৰ চাই থাকিবলগীয়া হৈছে!”
এতিয়া মোডীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ন্যায়ালয়ক জনাইছে যে মুদ্ৰণ আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকতাৰ মান নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ হাতত প্ৰশাসনিক তথা আইনী ব্যৱস্থা আছে। কিন্তু ডিজিটেল মাধ্যমক কিদৰে দায়িত্বশীল কৰা যায়, ন্যায়ালয়ে সেই বিষয়টোক অগ্ৰাধিকাৰ দি বিবেচনা কৰিব লাগে। কাৰণ, প্ৰথাগত সংবাদ মাধ্যম( মুদ্ৰণ আৰু বৈদ্যুতিন)ৰ নিৰ্দিষ্ট পাঠক বা দৰ্শক থাকে; কিন্তু চোছিয়েল মাধ্যমৰ জৰিয়তে ডিজিটেল সংবাদ মুহুৰ্ততে ভাইৰেল হৈ পৰে। গতিকে সহজে অনুমান কৰিব পাৰি যে ডিজিটেল মাধ্যম মোডী চৰকাৰৰ বাবে মূৰৰ বিষ হৈ পৰিছে। দেখা যাওক, কি ব্যৱস্থা গ্ৰহণ কৰে!