তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ
অৰবিন্দ ৰাভা
কৰ্মক্ষেত্ৰৰ সহকৰ্মীৰ হয়তো মূৰত চুলি নাই। আপুনি স্ফূৰ্তি কৰি হয়তো তেওঁক ‘তপা’ বা ‘টকলা’ বুলি সম্বোধন কৰিছে। কিন্তু এতিয়া সাৱধান হওঁক। কাৰণ গ্ৰেট ব্ৰিটেইনৰ এখন আদালতে ঘোষণা কৰিছে যে কাৰোবাক ‘তপা’ বা ‘টকলা’ বুলি সম্বোধন কৰাটো হ’ল অপৰাধ। ই যৌন আতিশায্যৰ সমতুল্য। আৰু এনে অপৰাধ কৰিলে শাস্তি পাব লাগিব। এই খবৰ সদৰি কৰিছে বিখ্যাত ‘দ্যা গাৰ্ডিয়ান’-এ।
অলপতে টনি ফিন নামৰ এগৰাকী বৈদ্যুতিক কুশলীয়ে তৰা অভিযোগৰ ভিত্তিত বৃটেইনৰ এখন কৰ্মচাৰী নিয়োগ ট্ৰিব্যুনেল-এ এনে ৰায় প্ৰদান কৰিছে। পশ্চিম ইয়ৰ্কশ্বায়াৰৰ বৃটিছ বুং কোম্পানীত একেৰাহে ২৪ বছৰ ধৰি কাম কৰি থকা টনিক ২০২১ চনৰ মে’মাহত কামৰ পৰা বিদায় দিয়া হয়। তাৰপিছতেই তেওঁ ন্যায় বিচাৰি আদালতৰ কাষ চাপে।
টনিয়ে অভিযোগ কৰিছিল, ২০১৯ চনত কৰ্মক্ষেত্ৰত তৰ্কাতৰ্কি কৰাৰ সময়ত একাধিকবাৰ তেওঁক ‘তপা’ বুলি সম্বোধন কৰিছিল কাৰখানাৰ চুপাৰভাইজাৰ জেমি কিং-এ। টনিতকৈ বয়সত ৩০ বছৰৰ কনিষ্ঠ জেমিৰ এনে সম্বোধনে তেওঁক বিতত কৰে, অপমানিত কৰে, মান হানি কৰে। গতিকে ন্যায় বিচাৰি তেওঁ আদালতলৈ আহে।
বিচাৰক জোনাথন ব্ৰেইনৰ নেতৃত্বত তিনিজনীয়া সদস্যৰ ট্ৰিব্যুনেল-এ ৰায় ঘোষণা কৰাৰ সময়ত জনায় যে সহকৰ্মীৰ মূৰত চুলি নাথাকিল বাবেই তেওঁক ‘তপা’ বুলি কৰা মন্তব্যও যৌন আতিশয্যৰ অন্তৰ্ভুক্ত। এনে ‘তপা’ সম্বোধন এগৰাকী নাৰীৰ স্তনৰ আকাৰ সম্পৰ্কে কৰা মন্তব্যৰ সৈতে তুলনীয়। আদালতে পুনৰ কয় যে যিহেতু চুলি নাইকিয়া হৈ তপা হৈ পৰাটো নাৰীতকৈ পুৰুষৰ মাজত অধিক, গতিকে কোনোবাৰ চুলিহীন মূৰটোক লৈ কটুক্তি কৰাৰ মাজত নিহিত হৈ থাকে লিঙ্গ বৈষম্য।
আদালতৰ মতে টনিক আঘাত কৰিবলৈ ‘তপা’ বুলি কোৱা হৈছিল। গতিকে টনিৰ সন্মান হানি হৈছে। এয়া অপৰাধ। আদালতে নিজৰ সিদ্ধান্ত জনালেও আপাতত শাস্তিৰ ঘোষণা কৰা নাই। কিছুদিন পিছত শাস্তিৰ ঘোষণা কৰা হ’ব বুলি আদালতে জনাইছে।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.