-মহাবাহু |
(এক) আয়লা (২৬-০৫-২০০৯)
……..…..…………………………..
ভাৰত মহাসাগৰত উদ্ভৱ হোৱা দ্বিতীয় সৰ্বাধিক শক্তিশালী ঘূৰ্ণিটোৰ নামাকৰণ কৰিছিল মালদ্বীপৰ পৰিৱেশবিদসকলে। ‘আয়লা’, অৰ্থাৎ ডলফিন, ২১ মে’ ২০০৯ চনত ভাৰত মহাসাগৰৰ উত্তৰ দিশত, বাংলাদেশৰ দক্ষিণ-পশ্চিমত আৰু ভাৰতৰ দক্ষিণ-পূৱত উদ্ভৱ হ’বলৈ আৰম্ভ কৰে। মাত্ৰ ৫ দিনৰ ভিতৰতে ঘন্টাত ৯৫০ কিলোমিটাৰ শক্তিৰে আয়লা আছাৰ খাই পৰে বঙ্গোপসাগৰৰ উপকূলত। আয়লা ঘূৰ্ণিবায়ুৰ শক্তিয়ে ১০০ টা নদীবান্ধ ক্ষতিগ্ৰস্ত কৰে। কেৱল ভাৰথতে ১৫০০০০ মানুহ গৃহহীন হয়। ভাৰতৰ লগতে বাংলাদেশতো প্ৰায় ৩৫০০০০ মানুহ ক্ষতিগ্ৰস্ত হয়। ৰাষ্ট্ৰসংঘৰ হিচাপমতে ক্ষতিৰ পৰিমাণ ১২৫ কোটি টকা। লায়লাই ২ লাখ একৰ কৃষিভূমিও বিনষ্ট কৰিছিল, কাৰণ সমুদ্ৰগৰ্ভৰ পৰা ঘূৰ্ণিয়ে নিমখীয়া পানী কৃষিভূমিলৈ লৈ আহিছিল।
(দুই) পাইলিন (১৪-১০-২০১৩)
…………………………………….
পাইলিন, অৰ্থাৎ থাইলেণ্ডৰ ভাষাত নীলকান্ত মণি। ২০১৩ চনৰ ৫ অক্টোবৰত উৰিষ্যাৰ উপকূলত এই ঘূৰ্ণি যেতিয়া আছাৰ খাই পৰে, তেতিয়া তাৰ গতিবেগ আছিল প্ৰতিঘন্টাত ২১০ কিলোমিটাৰ। শনিবাৰৰ নিশা ৯-১৫ বজাত উৰিষ্যাৰ গোপালপুৰত প্ৰথমে আঘাত হনাৰ পিছত উৰিষ্যাৰ সকলোতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে। থাইলেণ্ড, ম্যানমাৰ, ভাৰতত মুঠ ৪৫ জনৰ মৃত্যু হয়। ক্ষতিৰ পৰিমাণ প্ৰায় ৬৬ কোটি আমেৰিকাৰ ডলাৰ।
(তিনি) হুদহুদ (০৮-১০-২০১৪)
….………………………………….
হুদহুদ নামৰ ঘূৰ্ণি ৭ অক্টোবৰত বঙ্গোপসাগৰত আন্দামানৰ সমীপত উদ্ভৱ হ’বলৈ আৰম্ভ কৰিছিল। মাত্ৰ ১৮০ কিলোমিটাৰ বেগেৰে ঘূৰ্ণিটোৱে আছাৰ খাই পৰিলেও যোৱা এটা দশকত স্থায়িত্ব অনুসাৰে ইমান দীৰ্ঘ সময় ধৰি কোনো ঘূৰ্ণিয়ে টিকি থাকিব পৰা নাছিল। প্ৰায় ৮ দিন ধৰি অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত ধ্বংসলীলা চলাই উত্তৰপ্ৰদেশ, নেপাল অভিমুখে হুদহুদ আগবাঢ়িছিল। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম আৰু বিজয়নগৰত ১২৪ জনৰ মৃত্যু হৈছিল। প্ৰায় ২২০০০ কোটি টকাৰ সম্পত্তিৰ ক্ষতি হৈছিল। ১৪ অক্টোবৰৰ পিছতহে ঘচৰ্ণিটোৰ শক্তি হ্ৰাস পাবলৈ ধৰে।
(চাৰি) চপলা (০১-১১-২০১৫)
……………………………………
উত্তৰ ভাৰত মহাসাগৰত সৃষ্টি হোৱা ঘূৰ্ণি চপলাই নিজৰ শক্তি বৃদ্ধি কৰিবলৈ সময় লৈছিল প্ৰায় ৩ দিন। ২০০৭ চনৰ ঘূৰ্ণি ‘গণু’ৰ পিছত আৰৱ সাগৰৰ বক্ষত সবাত’কৈ শক্তিশালী হিচাপে পৰিগণিত ‘চপলা’ই প্ৰথমে আঘাত হানে ইয়েমেন দ্বীপত। বাংলাদেশৰ পৰিৱেশবিদসকলে ঘূৰ্ণিটোৰ নামাকৰণ কৰিছিল ‘চপলা’। চপলাই উত্তৰ চোমালিয়া পাৰ হৈ স্থলভাগত প্ৰৱেশৰ পিছত ক্ৰমে শান্ত হ’বলৈ ধৰে। চপলাই ইয়েমেন, ওমান, চোমালিয়াৰ প্ৰায় ১০০ কোটি আমেৰিকান ডলাৰ মূল্যৰ ক্ষতি কৰে।
(পাচঁ) ফণী (০৩-০৫-২০১৯)
………………………………….
ভাৰত মহাসাগৰৰ দক্ষিণ-পশ্চিম অংশত ‘ফণী’ৰ উৎপত্তি। ফণীয়ে ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, পশ্চিমবঙ্গত প্ৰৱেশ কৰিছে বিশাখাপট্টনম উপকূলৰ মাজেৰে। ঘন্টাত ২০৫ কিলোমিটাৰ বেগেৰে অহা ফণীৰ বাবে উৰিষ্যাৰ লাখ লাখ মানুহক স্থানান্তৰ কৰা হৈছে। বাতিল কৰা হৈছে শতাধিক ৰেল, আৰু উৰাজাহাজ। মুঠ ক্ষতিৰ পৰিমাণ পিছলৈ গম পোৱা যাব। [ ফণীৰ নামাকৰণ: এই ঘূৰ্ণিবায়ুৰ নামাকৰণ কৰিছে বাংলাদেশে। এই নামটো(ফণী)ৰ সৈতে ৬৩ টা অইন নামো বিবেচনাৰ বাবে আহিছিল। ‘ফণী’ৰ অৰ্থ হ’ল সাপৰ ফণাৰ পৰা উৎপন্ন হোৱা। নামাকৰণ কৰা সমিতিৰ সদস্যসকলে ঘূৰ্ণিৰ গতি, প্ৰকৃতি, শক্তিক বিবেচনা কৰিহে নামটো চূড়ান্ত কৰে।]