-মৃণাল কুমাৰ মিশ্ৰ |
এই ছবিখন অসমৰ ঐতিহ্য মণ্ডিত কটন কলেজৰ পশ্চিম ফালৰ সীমাৰ ছবি। সম্মুখত ভাৰত সঞ্চাৰ নিগমৰ অসমৰ মুখ্য কাৰ্য্যালয়। উত্তৰফালে অকণমান আগত অসম চৰকাৰৰ নামনি অসমৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ লগতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয় আৰু গুৱাহাটী পৌৰ নিগমৰ মুখ্য প্ৰশাসকৰ কাৰ্য্যালয় অৱস্থিত। ছবিখনৰ বিষয়বস্তুৰ বিষয়ে বহলাই কোৱাৰ আগতে ঠাইখিনিৰ গুৰুত্বপূৰ্ণ অৱস্থিতিৰ বিষয়ে এইকাৰণেই উনুকিয়ালোঁ যে মই ক’ব খোজা কথাখিনিৰ লগত এই ঠাইখিনিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। এতিয়া আহো মোৰ মূল বক্তব্যলৈ ।
এই ঠাই খিনি গুৱাহাটী পৌৰ নিগমে জাবৰ পেলোৱাৰ বাবে ম্যাদী পট্টা দি থৈছে। কাষত সেইয়া ঐতিহ্য মণ্ডিত কটন কলেজৰ শ্ৰেণী কোঠাৰ লগতে ছাত্ৰাবাস আৰু সম্মুখত বি এচ এন এলৰ কাৰ্য্যালয় আৰু চৰকাৰী আবাসগৃহ সমূহ। এনে এক স্থানত স্থায়ী ভাবে জাবৰ পেলোৱাৰ ব্যৱস্থা কেনেদৰে গঢ় লৈ উঠিল কোনোৱেই কব নোৱাৰে। এই ঠাই খিনিৰ ওপৰেৰে পাৰ হৈ গৈছে বিদ্যুতৰ পৰিবাহী তাৰ, উচ্চ আৰু নিম্ন ক্ষমতাৰ। কাষতেই ৰাস্তাৰ দুয়োপাৰে আছে কেইজোপামান পুৰণি বৃহৎ গছ, হয়তো বৃটিছৰ দিনৰ সাক্ষী ৰূপে নিজৰ সবল অস্তিত্ব প্ৰতিপন্ন কৰি। দূৰদৃষ্টি সম্পন্ন বৃটিছ সকলে সেই তাহানিতেই এই ঠাইডোখৰ আহল বহল সুন্দৰ পথৰ ব্যৱস্থাৰে সংৰক্ষণ কৰি থৈ গৈছিল, কটন কলেজ আৰু বিভিন্ন চৰকাৰী কাৰ্য্যালয় আবাসগৃহ আদিৰ বাবে। কাষতেই গুৱাহাটীৰ বৌদ্ধিক জগতৰূপে পৰিচিত পাণবজাৰ।
এনেকুৱা এটুকুৰা সুন্দৰ আৰু গুৰুত্বপূৰ্ণ ঠাইত কি যুক্তিৰে কেনেদৰে গঢ়ি উঠিল নিত্ত-নৈমিত্তিক জাবৰ পেলোৱা স্থলৰূপে, কোনে দিলে ইয়াৰ বাবে অনুমতি ?
সদায় ভাবোঁ, এয়া সাময়িক ব্যৱস্থা, দুই এদিনৰ পিছত এয়া নোহোৱা হ’ব। কিন্তু হায়, সেই দুই এদিন গৈ গৈ বছৰ বাগৰি এতিয়া স্থায়ীভাৱে জাবৰ পেলোৱা ঠাই ৰূপে প্ৰতিস্থিত হৈ পৰিল। প্ৰতিদিনে ১০বজাৰ পিছত(ৰাতিপুৱা তেওঁলোকৰ সময় নহয়, হ’লেও কিয় কৰিব, অফিচ টাইম বুলি কথা এটা নাই জানোঁ) ছবিত দেখাৰ দৰে প্ৰকাণ্ড জাবৰ কঢ়িওৱা গাড়ী কেইখনে আৰম্ভ কৰে তেওঁলোকৰ নিত্য কৰ্ম। কটন কলেজৰ ছাত্র ছাত্ৰী, বিভিন্ন কাৰ্য্যালয়ৰ কৰ্মচাৰী, ওচৰতেই অৱস্থিত ডনবস্কো স্কুলৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ অতি ব্যস্ততাপূৰ্ণ সময়খিনিত তেওঁলোকৰ জাবৰ কঢ়িওৱা কামৰো গতি ত্বৰাণ্বিত হয়। আৰু ফলশ্ৰুতিত এক নিত্বনৈমিত্তিক যানজোটে আগুৰি ৰাখে এই পথছোৱা প্ৰায় প্ৰতিদিনেই। জাবৰৰ দমৰ পৰা ওলোৱা সুগন্ধৰ কথা নকলোৱেইবা। গুৱাহাটীৰ দৰে প্ৰথম শ্ৰেণীৰ মহানগৰীৰ, প্ৰশাসনৰ সকলো বৰমূৰীয়াৰ কাৰ্য্যালয়ৰ সমীপতে এনে এটুকুৰা চাৰিওপিনৰ পৰা গুৰুত্বপূৰ্ণ ঠাইত এনে এক অৰাজক বাতাবৰণেৰে পৌৰ নিগমে কি সাহসেৰে এইধৰণৰ দুস্কাৰ্য্য দিনৰ পিছত দিন কৰি যাবলৈ সাহস পাইছে, আমাৰ দৰে সাধাৰণ নৰমনিচৰ বোধগম্য নহয়।
এইবাৰ উনুকিয়াব বিচাৰিছো, এই কাৰ্য্যৰ দ্বাৰা ঘটিব পৰা সম্ভৱপৰ দূৰ্ঘটনা সমূহৰ বিষয়ে। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা জাবৰৰ দমে যি কোনো মূহুৰ্ততে সৃষ্টি কৰিব পাৰে মহামাৰি সদৃশ ৰোগৰ, আৱৰ্জনাৰ মাজত দুস্কৃতিকাৰীয়ে বিচাৰি পাব পাৰে সুযোগৰ সন্ধান- যিকোনো কুটাঘাতমূলক কামৰ বাবে ইত্যাদি ইত্যাদি। স্কুল কলেজৰ ল’ৰা ছোৱালীৰ সঘন আহযাহেৰে সদাব্যস্ত এই পথছোৱা বিপদসংকুল হৈ পৰে জাবৰ কঢ়িওৱা ডাঙৰ গাড়িবোৰৰ সঘন অহাযোৱাৰ বাবে। ভূতৰ ওপৰত দানৱ পৰাৰ দৰে পৰিস্থিতি অসহনীয় হৈ পৰে যেতিয়া পৌৰ নিগমৰ ডাঙৰ পানী কঢ়িওৱা টেংকাৰ কেইখনমানেও এইঠাইটুকুৰাতেই জিৰণি ল’বলৈ মন কৰে।
এইবাৰ আহোঁ আন এটা কাণ্ডজ্ঞানশুন্য বিভাগৰ কথালৈ। বিদ্যুৎ বিভাগৰ কথা কৈ শেষ কৰিব নোৱাৰি। এই জাবৰ পেলোৱা ঠাই টুকুৰাৰ ওপৰেৰে লৈ যোৱা হৈছে ১১০০০ ভল্টৰ পৰিবাহী তাৰ, কিছুমান ধাতুৰে নিৰ্মিত খুটাৰ ওপৰেৰে, কোনোধৰণৰ সুৰক্ষামূলক ব্যৱস্থাৰ অবিহনেই। একেই খুটাকেই ব্যৱহাৰ কৰা হৈছে কম ক্ষমতাসম্পণ্ণ ঘৰুৱা বিদ্যুৎ সংযোগী তাৰ লৈ যোৱাৰ বাবেও। দুটা খুটাৰ মাজত ওলমি থকা বিদ্যুৎবাহী তাৰে কেনেবাকৈ বতাহ বা আন আনুসঙ্গিক কাৰণত দুলিব আৰম্ভ কৰে তেন্তে সেই তাৰে যি কোনো মূহুৰ্ততে ধাতুৰ খুটাত স্পৰ্শ কৰাৰ বাবে মাৰাত্মক দূৰ্ঘটনাও সংঘটিত হ’ব পাৰে।
এতিয়া আহিছোঁ, মোৰ এই কাহিনীৰ আতাইতকৈ কৰুণ দৃশ্যটোলৈ । আজি এক মে। বিশ্ব শ্ৰমিক দিৱস।
শ্ৰমিক সকলৰ নিজৰ বাবে ভবা এটা দিন। আৰু এই দিনটোতেই সংঘটিত হ’ল আশংকা কৰাৰ দৰেই এটি অনাকাঙ্খিত দূৰ্ঘটনা। ছবিত দেখা জাবৰ কঢ়িওৱা গাড়ী এখনৰ চালকজনৰ অসাৱধানতাৰ বাবে গাড়ীখন পিছুয়াই আহি বিদ্যুতৰ খুটাটোত খুন্দা মাৰি খুটাটো অকণমান হলাই দিয়ে। ফলত খুটাটোৰ ওপৰৰ অংশই ১১ কে ভি লাইন সহজেই চুব পৰা হৈ গ’ল। এইবাৰ চালকজনে নামি আহি জাবৰ আতৰোৱাৰ কাম কৰি থাকোতেই কোনোবা মূহুৰ্তত বতাহৰ দোলনিত বিদ্যুতৰ তাৰে খুটাটো স্পৰ্শ কৰে আৰু মানুহজন বিদ্যুৎপৃ্ষ্ট হৈ নিমিষতে তাৰপৰা দূৰৈত চিটিকি পৰে। কাষতেই থকা আন শ্ৰমিক সকলে লগে লগেই চালকজনক চিকিৎসাৰ বাবে লৈ যায় যদিও, ডাক্টৰে চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰে। এনেদৰেই কাম কৰি থাকোতেই এই পৃথিৱীৰ পৰা বিদায় ল’ব লগা হ’ল এজন শ্ৰমিকে, এই মে দিৱসৰ দিনটোতেই। কাৰ ভুলৰ বাবে সংঘটিত হ’ল এই দূৰ্ঘটনা, কোনে লব দায়িত্ব সেই মৃত শ্ৰমিক জনৰ পৰিয়ালটোৰ যাৰ হয়তো এই মানুহজনেই আছিল একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি।
কোনো উত্তৰ নাই আমাৰ হাতত। মৌন মুক হৈ চাই ৰোৱাৰ বাহিৰে একোয়েই কৰিব নোৱাৰো আমি। দায় সৰা একোটা মন্তব্য দি সংশ্লিষ্ট সকলো পক্ষই গা এৰা দিবলৈ চেষ্টা কৰিব, আৰু আমি গতানুগতিক অভ্যস্ততাৰে সাজু হ’ম আৰু এটা গতানুগতিক নতুন দিনৰ বাবে, প্ৰতিবাদহীন ভাবে, নীৰৱে- নিটালে।
অ’ কৰিব পৰা এটাই কাম আছে, মৃতজনৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা।
হে অনামী শ্ৰমিক, তোমাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাৰ বাবে প্ৰাৰ্থনা জনালোঁ।