-মনোজ বৰুৱা |
প্ৰথমেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ৰ এক স্মৰ্তব্য ইতিহাস। গৱৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ১৯৩৫। ১৯৩৫ চনত এই আইনখন প্ৰৱৰ্তন কৰা হয় ব্ৰিটিছৰ দ্বাৰা। ১৯৩৪ চনৰ ১৯ ডিচেম্বৰত প্ৰস্তুতৰ বাবে তৈয়াৰ কৰি তোলা এই আইনখনক ভাৰতৰ সকলো প্ৰকাৰৰ সচেতনমহলে বিৰোধিতা কৰিলে। কিয়নো এই আইনখনে গৱৰ্ণৰ জেনেৰেলৰ হাতত সৰ্বোচ্চ ক্ষমতা প্ৰদানৰ কথা ক’লে। এনেধৰণৰ সৰ্বোচ্চ ক্ষমতা প্ৰদানে ভাৰতবৰ্ষত গণতন্ত্ৰ প্ৰতিষ্ঠাত বাধা দিব বুলি অনুভৱ কৰিয়ে ভাৰতবৰ্ষত আইনখনৰ তুমূল বিৰোধিতা হ’ল। অনুৰূপধৰণে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰেও দিল্লীৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰ উপৰাজ্যপালৰ হাতত অৰ্পণ কৰি এখন আইন প্ৰণয়ন কৰিছে। আমাৰ সংবিধানৰ এক বিশেষ লক্ষ্য হৈছে কাৰো হাততে সৰ্বোচ্চ ক্ষমতা প্ৰদান নকৰা। এনেক্ষেত্ৰত সংবিধানৰ অৱমাননাৰে ব্ৰিটিছৰ মানসিকতাৰে প্ৰৱৰ্তন কৰা এই আইনৰ প্ৰেক্ষাপটেই হৈছে দিল্লী বনাম দিল্লী।
“এজন ল’ৰাই সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ আহিল। বেট-বল ল’ৰাজনৰ নিজৰ হোৱা বাবে তেওঁ আউট হোৱাৰ পাছত বেট-বল সকলো লগত লৈ নিজৰ ঘৰলৈ গুচি গ’ল।” এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ জন্তৰ-মন্তৰৰ পৰা প্ৰদান কৰিছে। উদ্দেশ্য হৈছে ভাৰতৰ অতি কেন্দ্ৰিয়তাবাদী কেন্দ্ৰীয় চৰকাৰ, যি চৰকাৰে দিল্লীৰ সু পৰিচালিত চৰকাৰখনৰ অৰ্থৰূপে প্ৰকাশ কৰিছে দিল্লীৰ উপৰাজ্যপালক। আমাৰ দেশৰ যি অৰ্ধযুক্তৰাষ্ট্ৰীয় ব্যৱস্থা- সেই ব্যৱস্থাক সম্পূৰ্ণৰূপে কুঠাৰাঘাত কৰি এনেধৰণৰ আইন প্ৰণয়নে অথবা সংশোধনে দেশৰ গণতান্ত্ৰিক পৰিকাঠামোৰ প্ৰতি প্ৰতিৱন্ধকতাৰ সৃষ্টি কৰে। জনতাই লাভ কৰা যি ভোটদানৰ অধিকাৰ সেই অধিকাৰৰ জৰিয়তে নিৰ্বাচিত হোৱা যিসকল বিধানসভা বা মন্ত্ৰীমণ্ডলৰ সদস্য সেই সমূহৰ সমৰ্থক হিচাপে ‛চৰকাৰ’ শব্দটোক ব্যৱহাৰ কৰাৰ সলনি কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগত বাচনি কৰা উপৰাজ্যপালকহে চৰকাৰ হিচাপে বিবেচনা কৰা হ’ব। বৰ্তমান সময়লৈকে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে। খুবসম্ভৱ সংশোধিত আইনখনক সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব যদিও দেশে এনেধৰণে ভাৰতৰ গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰীয় গঠনক কেনেকৈ ভাঙি পেলোৱাৰ চেষ্টা কৰা হৈছিল সেয়া সহজেই পাহৰি যাব!
ভাৰতবৰ্ষৰ সংবিধানৰ ৬৯ ত্বম সংবিধান সংশোধনী আইন, ১৯৯১ ৰ অনুসৰি NCT আইন গৃহীত কৰা হৈছিল। যিখন আইনে স্পষ্টকৈ দিল্লীৰ উপৰাজ্যপালজনক সংবিধানৰ ৰক্ষক হিচাপে অধিষ্ঠিত কৰিছিল। আমাৰ দেশৰ ৰাষ্ট্ৰপতিৰ দৰেই এই উপৰাজ্যপালজনেও বিভিন্ন সিদ্ধান্ত লোৱাৰ সময়ত দিল্লীৰ মন্ত্ৰীসভাৰ পৰা বিভিন্ন দিশত পৰামৰ্শ ল’ব লাগে। তাৰ জৰিয়তে জনসাধাৰণে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিজে নিৰ্বাচন কৰা চৰকাৰখনক নিজৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে জবাবদিহি কৰাৰ পূৰ্ণ সুবিধা পায়। ঠিক তেনেদৰেই জনসাধাৰণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত জন প্ৰতিনিধিয়ে জনসাধাৰণৰ ওচৰত তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিম বুলি দায়বদ্ধ হয়। ভাৰতৰ কেন্দ্ৰীয় শাসিত প্ৰদেশ সমূহৰ ভিতৰত দিল্লী বিশেষ এইবাবেই যে ইয়াক গঢ় দিয়াৰ মূল লক্ষ্য আছিল ৰাষ্ট্ৰীয় গুৰুত্ব। বিশেষ তিনিটা ক্ষেত্ৰৰ ( পুলিচ, ভূমি, পাব্লিক অৰ্ডাৰ) বাদে বাকীসমূহ বিষয়ৰ ওপৰত দিল্লীৰ বিধানসভাই আইন প্ৰণয়ন কৰে। কিন্তু ২০১৫ চনৰ মাজভাগৰ পৰা ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ শেনচকু দিল্লীৰ এই শাসন ব্যৱস্থাৰ ওপৰত পৰে। ক্ৰমান্বয়ে দুটা বিধানসভা নিৰ্বাচনত ৭০ খন আসনৰ ভিতৰত ৬০+ খন আসন দখলেৰে জনতাৰ অভূতপূৰ্ব সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা অৰবিন্দ কেজৰিৱালৰ কাৰ্যপন্থা অৱলম্বন কৰাত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। প্ৰথমে সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে, কাৰ্যপালিকা অথবা অসামৰিক সেৱাৰ কৰ্মচাৰীসকলে চৰকাৰৰ সলনি উপৰাজ্যপালৰ ওচৰতহে দায়বদ্ধ হ’ব, যিজন উপৰাজ্যপালৰ বাচনি প্ৰক্ৰিয়াত কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ জনসাধাৰণৰ কোনো পোনপটীয়া সম্বন্ধ নাই। তাৰপিছতে ক্ৰমান্বয়ে বাঢ়ি অহা উপৰাজ্যপালৰ হস্তক্ষেপক অৰবিন্দ কেজৰিৱাল চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কৰে। উচ্চতম ন্যায়ালয়ৰ পাঁচজন বিচাৰকৰ বিচাৰপীঠে প্ৰদান কৰা বিচাৰত তেওঁলোকে স্পষ্ট কৰি দিয়ে যে, যিহেতু গণতন্ত্ৰত নিৰ্বাচিত হোৱা চৰকাৰৰ গুৰুত্ব আছে সেয়েহে মন্ত্ৰীমণ্ডলৰ দ্বাৰা সিদ্ধান্ত সমূহ গ্ৰহণ কৰাৰ পূৰ্ণ অধিকাৰ আছে; দিল্লীৰ উপৰাজ্যপাল এগৰাকী প্ৰশাসকহে ৰাজ্যপাল নহয়, সেয়েহে তেওঁৰ ওচৰত নিজা সিদ্ধান্ত গ্ৰহণ কৰাৰ কোনো অধিকাৰ নাই; উপৰাজ্যপালে মন্ত্ৰীমণ্ডলৰ সিদ্ধান্ত গ্ৰহণৰ অধিকাৰক খৰ্ব কৰিব নোৱাৰে; লগতে বিচাৰপীঠে এইবুলিও স্পষ্ট কৰি দিয়ে যে উপৰাজ্যপালে সেই সমূহ অধিকাৰৰ কোনো সুবিধা নাপায়, যি অধিকাৰ সংবিধানে প্ৰদান কৰা নাই। এই গুৰুত্বপূৰ্ণ গোচৰটো ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ চৰকাৰ বনাম ভাৰতৰাষ্ট্রৰূপে প্ৰখ্যাত। কিন্তু ইয়াৰ তুলনামূলকভাৱে দিল্লীৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সম্পূৰ্ণ বিপৰীত।
বৰ্তমান দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে অৰবিন্দ কেজৰিৱালৰ যি সফলতা সেই সফলতাই দিল্লীৰ লগতে সমগ্ৰ দেশতে কেজৰিৱালক বিৰোধীৰ এখন চিনাকী মুখলৈ পৰিৱৰ্তিত কৰিছে। কেজৰিৱালৰ জনকল্যাণমূলক নীতিসমূহেও দেশত সৰ্বত্ৰে প্ৰশংসিত হৈছে। কিন্তু ইমানৰ পাছতো কেজৰিৱাল সমালোচনাৰ উৰ্দ্ধত নহয়। দিল্লীৰ কা বিৰোধী শতাধিক দিন ধৰি চলা গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি প্ৰকাশ্যে কেজৰিৱালৰ সমৰ্থন কিমান আছিল, কৃষক বিদ্রোহত অংশ লোৱাৰ অন্তৰালত কেজৰিৱালৰ কিবা ৰাজনৈতিক ইপ্সিত লক্ষ্য আছিল নেকি আদি কথাবোৰ সুধী সমাজে বিচাৰ বিশ্লেষণ কৰি চাব। কিন্তু বৰ্তমান সময়ত NCT(সংশোধনী) বিধেয়কখনে কেৱল কেজৰিৱালৰ ব্যক্তিত্বৰহে বিৰোধিতা কৰিছে তেনে নহয়। কেন্দ্ৰৰ এনেসমূহ বিধেয়কৰ সৃষ্টিয়ে দেশৰ ধাৰণাসমূহক বিৰোধিতা কৰে। অকল ‛আম আদমী পাৰ্টি’ বুলিয়েই নহয় কাইলৈ কংগ্ৰেছেও যদি গণতান্ত্ৰিক পদ্ধতিৰে দিল্লীৰ নিৰ্বাচনত জয়ী হয় তেন্তে সেই চৰকাৰখনতকৈও উপৰাজ্যপাল জনৰহে ৰাজ্যপৰিচালনাত অধিক হস্তক্ষেপ থাকিব। ইয়াৰ আগতে দিল্লীৰ চৰকাৰে অনা দুৰ্নীতি বিৰোধী আইনকে ধৰি বহুতো জনকল্যাণমুখী বিধেয়কক উপৰাজ্যপালৰ হস্তক্ষেপৰ বাবে কাৰ্যকৰী কৰাত পলম কৰি হোৱাৰ ইতিহাস আছে। মহল্লা ক্লিনিক হিচাপে বিশ্বতে খ্যাতি লাভ কৰা আইনখনৰ অনুমোদন কৰিবলৈও আনকি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে উপৰাজ্যপালৰ সমুখত ৯ দিন ধৰি প্ৰতিবাদ কৰিবলগীয়া হৈছিল। গতিকে বৰ্তমানৰ সংশোধনীৰ আঁৰৰ লক্ষ্য আৰু উদ্দেশ্য কি সেয়া সহজেই অনুমেয়।
বৰ্তমান সময়ত উত্থাপন কৰা এই বিধেয়কখনৰ সমাজত প্ৰভাৱ কেৱল দিল্লী বনাম দিল্লীৰ সংঘৰ্ষই নহয়। কেন্দ্ৰত শাসনাধিষ্ঠিত দলটোৰ যেনেকৈ ৰাজনীতিৰ লালসা আছে, ঠিক তেনেদৰে দিল্লীৰ বিধানসভাত শাসনাধিষ্ঠিত দলটোৰো আছে। কিন্তু ৰাজনৈতিক লালসাই জানো শেষ? এইখন দিল্লীৰ বিধানসভাৰ কংগ্ৰেছ আৰু বিজেপি দুয়োদলেই নেতৃত্ব লৈছে। কিন্তু ক্ষমতাৰ প্ৰতি এই অঘোষিত প্ৰতিযোগিতাৰ বাবে গণতন্ত্ৰৰ হত্যা কিয়? এই লক্ষণবোৰে লাহে লাহে এখন সাধাৰণ গণতান্ত্ৰিক দেশে ইয়াৰ গণতান্ত্ৰিক চৰিত্ৰ হেৰুওৱাৰ ইংগিত দিয়ে। সমাজবাদ-যুক্তৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী এখন দেশৰ চৰকাৰে ৰাইজে নিৰ্বাচন কৰা প্ৰতিনিধিতকৈ নিজে বাচনি কৰি দিয়া প্ৰতিনিধিৰ হাততহে ক্ষমতা অৰ্পণ কৰে। গণতান্ত্ৰিক চৰকাৰ এখন কৰ্তৃত্বশীল একনায়কত্ববাদী চৰকাৰলৈ পৰিৱৰ্তন হোৱাৰ বাবে বহুতো সামাজিক প্ৰক্ৰিয়াৰ মাজেৰে গতিশীল হয়। এনে সমূহ সিদ্ধান্তই যে সেই গতিশীল প্ৰক্ৰিয়াত এখোজ নিদিব তাৰ স্পষ্টীকৰণো বৰ্তমান সময়লৈকে অভাৱ।