‘দ্য ব্ৰিজ’: গুৱাহাটীত ইণ্ডো-বাংলা শিল্পকলা প্ৰদৰ্শনী
প্ৰবীন কুমাৰ নাথ, মনিকা দেৱী, অদিতি চক্ৰৱৰ্তী
গুৱাহাটী, ২ মে’ : ৰাজ্যৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলি একাডেমীৰ উদ্যোগত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ আৰু বাংলাদেশ আৰ্টিষ্ট গ্ৰুপৰ সহযোগত ২ মে’ৰ পৰা ৬ মে’ লৈ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনৰ কলা বীথিকাত ‘দ্য ব্ৰিজ : ইণ্ডো-বাংলাা শিল্পকলা প্ৰদৰ্শনী‘ অনুষ্ঠিত হৈছে।
প্ৰদৰ্শনীখনৰ পৰিকল্পনা, সমন্বয়ক আৰু কিউৰেটৰ প্ৰবীন কুমাৰ নাথ, মনিকা দেৱী আৰু অদিতি চক্ৰৱৰ্তীয়ে জনোৱা মতে ‘দ্য ব্ৰিজ‘ৰ জৰিয়তে এলানি আন্তৰ্জাতিক শিল্পকলা প্ৰদৰ্শনী ২০১৪ চনৰে পৰা অনুষ্ঠিত কৰি আহিছে।
বিশ্বৰ বিভিন্ন দেশৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক, সৃষ্টিমূলক প্ৰতিভা তথা ভাব-চিন্তাক একেখন মঞ্চত উপস্থাপন কৰাৰ উদ্দেশ্যেৰেই এনে অনুষ্ঠনৰ আয়োজন কৰি অহা হৈছে।
প্ৰদৰ্শনীখনত বাংলাদেশৰ উপৰি অসম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, দিল্লী আৰু পশ্চিম বংগৰ কেইবাগৰাকী গুণী শিল্পীয়ে যোগদান কৰিছে।
শিল্পী চম্পক বৰবৰা, দিলীপ তামুলী, অতুল চন্দ্ৰ বৰুৱা, চালেহা আহমেদ, বীৰেন সিংহ, বুদ্ধি থাপা, দীপিকা সাহাকে ধৰি বাংলাদেশৰ শিল্পী ছাইফুল ইছলাম, কে এম এ কায়ুম, মোহাম্মদ ৰফিক, চামিমা আক্তাৰ, জেছমিন আক্তাৰ, মোজাহিদুল ইছলাম প্ৰমুখ্যে সৰ্বমুঠ ৭৬গৰাকী শিল্পীৰ চিত্ৰ, ভাস্কৰ্য, ছপাচিত্ৰ প্ৰদৰ্শন হৈছে।
২ মে’ৰ আবেলি ৪ বজাত উদ্বোধন কৰা প্ৰদৰ্শনীখন দৰ্শকৰ বাবে ৩ মে’ৰ পৰা ৬ মে’লৈকে দিনৰ ১০ বজাৰ পৰা নিশা ৮ বজালৈকে মুকলি থাকিব।
আজিৰ উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ অগ্ৰজ শিল্পী কায়ুম চৌধুৰী, বাংলাদেশ আৰ্টিষ্ট গ্ৰুপৰ সভাপতি সাইফুল ইছলাম, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত তথা সাংস্কৃতিক কৰ্মী স্বপ্ননীল বৰুৱা, শিল্পী চালেহা আহমেদ, শিল্পী দিলীপ তামুলী উপস্হিত আছিল।
03-05-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)